পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আছিল মানসিকভাৱে প্ৰতিবন্ধী। ৰাজ্য চলোৱাত অসমৰ্থ হোৱা হেতুকে তেওঁৰ হৈ অসম চৰকাৰে ৰাজ্যখন চলাইছিল। যোগেন্দ্ৰ নাৰায়ণৰ সময়তে দেউতাই খুটাঘাট পৰগণাত কামত যোগ দিছিল। তেওঁৰ হেডকোৱাৰ্টাৰ আছিল কোকৰাঝাৰত।

 অপুত্ৰক যোগেন্দ্ৰ নাৰায়ণৰ মৃত্যুৰ পিছত তেওঁলোকৰ বংশৰে ভৈৰবেন্দ্ৰ নামৰ যুৱক এজনক সিংহাসনত উপবিষ্ট কৰোৱা হয়। ৰজা হোৱাৰ পিছত তেওঁ ভৈৰবেন্দ্ৰ নাৰায়ণ ভূপবাহাদুৰ নামেৰে জনাজাত হয়। পিছত অসম চৰকাৰে এস্টেটৰ শাসনভাৰ ৰজা বাহাদুৰৰ ওপৰত ন্যস্ত কৰে।আমি যেতিয়া সাত-আঠ বছৰীয়া বালিকা, মোৰ মনত পৰে ৰজাগৰাকী আহিছিল কোকৰাঝাৰ অঞ্চল পৰিদৰ্শন কৰিবলৈ। আমাৰ নিস্তৰংগ জীৱনত এই ঘটনাই উন্মাদনাৰ সৃষ্টি কৰিছিল। ৰজাক আদৰিবলৈ প্ৰতিদিনে আমাক আমাৰ সৰু মাহী কোহিনুৰে নাচ-গানৰ প্ৰশিক্ষণ দিব ধৰিলে। বাইদেউৰ তেতিয়া এঘাৰ বছৰমান বয়স। ‘ডাঙৰ’ ছোৱালী হোৱা হেতুকে তাই ৰাজহুৱা ঠাইত নচাৰ অনুপযুক্ত, গান গোৱা ‘এলাউদ’। আৰু ওঠৰ বছৰীয়া কোহিনুৰ মাহী নেপথ্যতো থাকিব নোৱাৰে। যি কি নহওঁক নচাৰ উপযুক্ত বদৰুণ, ম‍ইনা, ফতিমা, ৰেখা, তাৰা, আছিয়া, লীলা আৰু মই সেইকেইদিন হাতত মালা লৈ কেনেকৈ ৰজা বাহাদুৰক আদৰিম তাৰ ৰিহাৰ্ছেল দি দি ভাগৰি পৰিছিলো। ইফালে মায়ে আমালৈ নতুন চোলা চিলোৱাত ব্যস্ত আছিল।

 এটা কথা উল্লেখযোগ্য যে আগৰদিনীয়া মহিলাসকল কিন্তু এমব্ৰয়দাৰি কৰাত, উল গোঁঠাত, ক্ৰুছৰ কামত আছিল অতি পাকৈত। ইমান সূক্ষ্ম কাম কৰিব পাৰিছিল যে আজিৰ মানুহ তবধ লাগিব। অতি সুন্দৰ ডিজাইনৰ ফ্ৰক, ব্লাউজ আদি মাহঁতে চিলাই আমাক পিন্ধাইছিল।

 নিৰ্দিষ্ট দিনত নানাৰঙী ফুলৰ মালা হাতত লৈ আমি ৰজা বাহাদুৰক আদৰিছিলো— ‘আহা আহা গুৰু দিয়াহে শকতি, ভকতিৰ মালাধাৰি লৈ...’ গীতটোৰ সৈতে হালি-জালি নাচি নাচি।


পূৰ্ব পুৰুষসকলৰ বিষয়ে

ৰজা-মহাৰজাসকলৰ বংশৰ লিখিত ইতিহাস থাকে। সাধাৰণৰো থাকে পূৰ্বপুৰুষৰ কাহিনী, অধিকাংশৰে মুখে মুখে। তাৰে কিছু সত্য, কিছু তিলক তাল কৰা আৰু কিছু তালক তিল কৰা। যিসকল পূৰ্বপুৰুষৰ জিন ক্ৰম’জমেৰে মোৰ প্ৰতিটো দেহকোষ গঠিত, ঘৰুৱা ইতিহাসৰ পাত লুটিয়াই সেইসকলক এবাৰ স্মৰণ কৰো। পিছে আমাৰ সেইখন ইতিহাস তেনেই চুটি। যিসকলৰ মুখৰ পৰা অতীতৰ কাহিনী, ঘৰুৱা কাহিনী আদি জানিব পাৰিলোহেঁতেন তেওঁলোকৰ জীৱন আছিল চুটি। আমাৰ আতা, অৰ্থাৎ দেউতাৰ দেউতাকৰ মৃত্যু হৈছিল যেতিয়া তেওঁৰ বৰপুত্ৰৰ বয়স মুঠে দহ। কেনেকৈ তেওঁ ইমান কম বয়সত পৰিয়ালটোক নিঠৰুৱা কৰি যাবলগীয়া হ'ল সেই কথালৈ পিছত আহো। আমাৰ দেউতাই তেওঁৰ আত্মীয়-স্বজনৰ পৰা যিখিনি জানিব পাৰিছিল সেইখিনিও সম্পূৰ্ণৰূপে আমাক ক’বলৈ সময় নাপালে।

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১১