পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেৱোঁ আমাক নিঠৰুৱা কৰি দেউতাকৰ ওচৰলৈ গ'লগৈ। বংশ-পৰিয়ালৰ অন্যান্য আত্মীয়-স্বজন নিজ নিজ গাঁৱত বা কৰ্মসূত্ৰে বিভিন্ন ঠাইত সিঁচৰতি হৈ পৰিল। ফলত নজনাকৈ থাকিলো বহু কথা। বহু তথ্য-পাতি। বহু ইতিহাস।

 অহুকাণে-পহুকাণে শুনিছো আমাৰ, অৰ্থাৎ দেউতাহঁতৰ পূৰ্বপুৰুষসকল হেনো মানৰ আক্ৰমণৰ সময়ত নগাঁৱৰ ফালৰ পৰা আন অনেকৰ সৈতে ব্ৰহ্মপুত্ৰইদি ভটিয়াই নামনিলৈ আহিছিল। তাৰে এটা দলে নৈখনৰ দক্ষিণপাৰত গোৱালপাৰা চহৰৰ সমীপৱৰ্তী বৰভিটা নামৰ গাঁও এখনত বসতি স্থাপন কৰে। গাঁওখনৰ প্ৰাকৃতিক দৃশ্য অতি চিত্তাকৰ্ষক। দীঘলীয়া আকাৰৰ বৰভিটাৰ উত্তৰফালেদি বৈ গৈছিল মহাবাহু ব্ৰহ্মপুত্ৰ আৰু দক্ষিণে এশাৰী অনুচ্চ পাহাৰ। গাঁওখনৰ দুৱাৰমুখত প্ৰসিদ্ধ পাগলাটেক মন্দিৰ। বৰ্তমানে গৰাখহনীয়া হৈ থকাৰ ফলত বৰভিটা বিপদৰ সন্মুখীন হৈছে।

 কথিত আছে এইটো পৰিয়ালৰে কোনোবা এজন উত্তৰ পুৰুষৰ হীৰা আৰু জীৰা নামৰ দুটা পাহুৱাল পুতেক আছিল। জীয়েকজনী আছিল অতি ৰূপৱতী। ৰূপৱতীসকলৰ ৰূপেই হয় কাল। পুৰুষৰূপী ভোমোৰাসকল সেই পুষ্পটিৰ চাৰিওফালে গুণগুণাই ফুৰে। আৰু এই ভোমোৰাসকলৰ মাজত এজন যদি হয় ৰজা-জমিদাৰ, তেনেহ'লে বাকীবোৰ ভোমোৰা আন ফুলৰ সন্ধানত যাবলৈ বাধ্য হয়।

 আমি শুনি অহা কাহিনীটোৰ সত্যতা কিমান দ নেজানো। কিছু ৰহনসনাতো হয়েই। কিন্তু কিমান পাৰছেণ্ট? যিয়েই নহওক, ওচৰৰে মেছপাৰা জমিদাৰকুলৰ মৌ-লোভী নন্দন এজনৰ চকু পৰিল সেই ৰূপেশ্বৰীৰ ওপৰত। বৰলোকৰ পছন্দ হোৱা মানে তাইক নিজৰ হাৰেমভুক্ত কৰা। ই অৱশ্যে কোনো অস্বাভাৱিক আকাংক্ষা নহয়। কিন্তু কিছুমানে সমাজৰ নীতি-নিয়ম অনুযায়ী ছোৱালীৰ অভিভাৱকৰ ওচৰলৈ প্ৰস্তাৱ আগবঢ়ায়, কিছুমানৰ ধৈৰ্য নাই, কিডনেপ কৰে। সাধাৰণতে চিকাৰ কৰিবলৈ যাওঁতে নৈ বা পুখুৰীলৈ পানী আনিবলৈ যোৱা সুন্দৰীসকল জমিদাৰ বা জমিদাৰ-পুত্ৰসকলৰ চকুত পৰে। আমাৰ পূৰ্বপুৰুষৰ ৰূপৱতী জীয়েকগৰাকীক এইখিনিতে অলপ সময়ৰ বাবে এৰি বিজনী এষ্টেটৰ ৰজা বাহাদুৰ কুমুদ নাৰায়ণৰ ওচৰলৈ যাওঁ। কুমুদ নাৰায়ণে চিকাৰ কৰিবলৈ যাওঁতে অভয়াপুৰী অঞ্চলৰ গাঁও এখনত দেখা পাইছিল কিশোৰী অভয়েশ্বৰীক। সুন্দৰীক দেখি ৰজাৰ চিত্তচাঞ্চল্য ঘটিল। পাহৰি গ'ল কাৰেঙত তেওঁলৈ সতৃষ্ণ নয়নেৰে বাট চাই থকা সুস্থদেহী পতিব্ৰতা পত্নী সিদ্ধেশ্বৰীক। তদুপৰি, ‘হু কেয়াৰ্ছ হাৰ’। কুমুদ পুৰুষ, তাতে প্ৰতাপশালী ৰজা, স্বয়ং চিলাৰায়- ৰঘুদেৱৰ বংশধৰ। সিদ্ধেশ্বৰীৰ অন্তৰৰ হাহাকাৰৰ কথা জানিবলৈ তেওঁৰ গৰজ পৰা নাই!ৰজাৰ মতি-গতিৰ বাতৰি পাই বেচেৰীয়ে কিজানি অন্ন-জল ত্যাগ কৰিছিল বাউলী হৈ। নাৰীৰ মনৰ কথা আজিও শুনেনো কেইজন পুৰুষে? একেজনী পত্নীক দেখি দেখি ৰজাৰ আমুৱাইছিল হ’বলা। গতিকে হঠাতে দেখা অনাঘ্ৰাতা অসূৰ্যস্পৰ্শা কিশোৰীয়ে তেওঁৰ মন-প্ৰাণ হৰি নিছিল। পিছে কুমুদ নাৰায়ণ শিক্ষিত, সংস্কৃতিবান। সভ্যতাবৰ্জিত আদিম পুৰুষ তেওঁ নহয়। নিম্নৰুচিৰ কাম কেতিয়াও নকৰে। প্ৰপাৰ চেনেলেৰে প্ৰস্তাৱ আগবঢ়াবলৈ প্ৰস্তুত হ'ল।

১২/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি