পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চল্লিশ চোৰ’ নাটকখন চাবলৈ হলঘৰটো ভৰি পৰিছিল। নৃত্য-গীতত পাৰদৰ্শিনী বৰ্তমানৰ পদ্মশ্ৰী শীলা বৰঠাকুৰ মৰ্জিনাৰ ভাওত, কাছেমৰ ভাওত আজিৰ শিল্পী পেঞ্চনাৰ গীতা বৰা, দস্যু চৰ্দাৰৰ ভাওত ইৰাণী হাজৰিকা বাইদেউ আৰু আলিবাবাৰ ভাওত মই অভিনয় কৰিছিলো। এবাৰ কৰিছিলো আন এখন কমিক নাটক। নাটকৰ চৰিত্ৰ চাৰিটা— লোভৰাম, বুদ্ধিৰাম, ঠগীৰাম আৰু ফাকিৰাম। নিজ নিজ চৰিত্ৰদোষৰ ফলত তেওঁলোকৰ ব্যৱসায়ত লালবাতি জ্বলিছিল। লোভৰাম হৈছিল লাৱণ্য (কীৰ্তিকমল ভূঞাৰ শাহুয়েক), বাকী কেইজন মালতী, গীতা আৰু মই। ব্যৱসায় ফেল মৰাৰ পিছত চাৰিওজনে ‘আমি ঐ চাৰি ঐ ৰামে ঐ বান্ধৈ ঐ...’ বুলি মঞ্চ কঁপাই উদ্দাম নৃত্যত মতলীয়া হোৱাৰ দৃশ্যটোলৈ মনত পৰিলে ভাবো আজি খোজ কাঢ়িবলৈকে ভয় খোৱা আমিসকলে এসময়ত জঁপিয়াব পাৰিছিলো নে? হায় বয়স!


বাইদেউৰ বিয়া

আমি যোৰহাটলৈ অহাৰ বছৰত দেউতা কোকৰাঝাৰৰ পৰা বদলি হৈ কৃষ্ণাইলৈ গৈছিল। আমাৰ পিতৃকুলৰ সকলোৰে এটা প্ৰৱণতা আছিল ঘৰৰ অৱস্থা বেয়া হ’লেও বিদ্বান পাত্ৰৰ হাতত ছোৱালীক তুলি দিয়া। বাইদেউ অনিতা আছিল বংশৰ ডাঙৰ ছোৱালী। ব্ৰিটিছৰ যুগত ভাৰতীয়ৰ বাবে চাকৰিৰ সংখ্যাও আছিল কম। দৰা বিচাৰি পোৱা সঁচাকৈয়ে আছিল সমস্যা। সেই যুগত বিয়াৰ ক্ষেত্ৰখনো আছিল ঠেক। দূৰণিবটীয়া বিয়া নহৈছিলেই। তদুপৰি জাত-পাতৰ সমস্যা। দেউতাই মৰমৰ জীয়েকক পাৰিলে ঘৰৰ সমীপতে বিয়া দিয়ে যাতে চকুৰ সন্মুখতে থাকে, যাতে তাই শহুৰেকৰ ঘৰত বোৱাৰী খাটিব নালাগে। মায়ে দেউতাক ৱাৰ্নিং দি কৈ থৈছিল ঘৰৰ কাষতে থাকক নাইবা দূৰতে থাকক ল’ৰা যেন ধীৰ, স্থিৰ, শান্ত প্ৰকৃতিৰ হয়। ‘ছেকছেল্লু’ (চেলেপু) স্বভাৱৰ যেন নহয়। তাৰ মাজতে দেউতাৰ কাজিন ককায়েক যাক তেওঁলোকে জ্যেষ্ঠৰ সন্মান যাচে অৰ্থাৎ আমাৰ বাণেশ্বৰ জেঠাই কৈ গ’ল যে ল’ৰাজন যেন বৰকলিতা হয় (কলিতাৰো যে কিমান শ্ৰেণী বিভাগ)। তদুপৰি কন্যাৰ বিয়াত মাকৰ ইচ্ছাক প্ৰথমতে গুৰুত্ব দিব লাগে।

 দৰা এজন পোৱা গৈছে বুলি খুৰাক জনোৱা হ’ল। তেওঁৰ মতামত বিচাৰিলে। গোৱালপাৰা জিলাৰ পাঁচনীয়া গাঁও নিবাসী এম ই স্কুলৰ প্ৰধান শিক্ষক যোগেন্দ্ৰ নাৰায়ণ দাসৰ ছয়োটি পুতেকেই কৃতী। তেওঁৰ তৃতীয় পুত্ৰ ভূপেন্দ্ৰ নাৰায়ণ দাস সেই সময়ত গুৱাহাটীত আইনজীৱী। পঢ়া-শুনাত তেওঁ আছিল বৰ চোকা। বিভিন্ন পৰীক্ষাত একাধিক সোণ-ৰূপৰ মেডেল অৰ্জন কৰা পাত্ৰজন ধীৰ-স্থিৰ স্বভাৱৰো। মাৰ বৰ পছন্দ হৈছিল। বিভিন্ন উৎসৰ পৰা দেউতাই ভাবী জোঁৱাইৰ স্বভাৱ-চৰিত্ৰৰ অনুসন্ধান কৰিছিল। দৰাৰ ককায়েক নগেন্দ্ৰ নাৰায়ণ দাস দেউতাৰ চিনাকি। তেওঁ আছিল ব্ৰিটিছৰ যুগৰ মেজিষ্ট্ৰেট। দৰাজনো মেজিষ্ট্ৰেট হোৱা হ’লে দেউতাই কিজানি সপ্তম স্বৰ্গ হাতত পোৱা যেন পালেহেঁতেন। নগেনদাই আমাৰ দেউতাক দাদা বুলি সম্বোধন কৰিছিল। কৈছিল— ‘দাদা চিন্তা নকৰিব, আপোনাৰ

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৯৭