পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰে'ল গাড়ীৰ সংখ্যা বাঢ়ি যোৱা সত্ত্বেও। আনকি বিমানৰ টিকটো আগধৰি কিনি থ’ব লাগে। জনসংখ্যা বৃদ্ধিৰ লগে লগে মানুহৰ মাজত যাতায়াতো বাঢ়িছে। ষাঠি-পয়ষষ্ঠি বছৰ আগতে আমাৰ ছোৱালীকালত মন গ'লেই টোপোলা-টুপলি বান্ধি ষ্টেচনলৈ যাব পাৰিছিলো। তেতিয়াৰ দিনত ৰে'লত প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ বাহিৰেও ইণ্টাৰ নামৰ এটা শ্ৰেণী আছিল। প্ৰথম শ্ৰেণীত ভাৰতীয়ৰ প্ৰৱেশ নিষিদ্ধ আছিল বুলিয়ে ক’ব পাৰি। দ্বিতীয় শ্ৰেণীত ভ্ৰমণ কৰিছিল অৱস্থাপন্ন ভাৰতীয়সকলে, ইণ্টাৰ শ্ৰেণী মধ্যবিত্তৰ আৰু তৃতীয় শ্ৰেণীৰ যাত্ৰী সৰ্বসাধাৰণ ৰাইজ। এবাৰ ছাৰ আশুতোষ মুখাৰ্জি নিজৰ পদমৰ্যাদাৰ জোৰতে হওক বা অৰ্থৰ জোৰতে হওক প্ৰথম শ্ৰেণীৰ ডবাত উঠি ক’ৰবালৈ গৈ আছিল। তেওঁৰ সহযাত্ৰীজন আছিল বগা চাহাব। ক’লা মানুহজনৰ স্পৰ্ধা দেখি চাহাবৰ তেজৰ চাপ উৰ্ধমুখী হ’ল। খঙত একো নাই হৈ ডবাতে হিংস্ৰ জন্তুৰ দৰে ইফালৰ পৰা সিফাললৈ পায়চাৰি কৰিবলৈ ধৰিলে— যেন সুযোগ পালেই ক'লাজনৰ ওপৰত জঁপিয়াই পৰিব। ছাৰ আশুতোষে চাহাবৰ মানসিক অৱস্থা ঠাৱৰ কৰিব পাৰি ঘটনাটো উপভোগ কৰি আছিল নিঃশব্দে। এটা সময়ত তেওঁ টোপনি গ'ল। সাৰ পাই দেখিলে তেওঁৰ জোতাযোৰ নাই। তৎক্ষণাতে বুজি পালে সেয়া যে চাহাবৰ কাণ্ড। তেওঁ কোনো প্ৰতিক্ৰিয়া প্ৰদৰ্শন নকৰি আকৌ শুই থাকিল। এটা সময়ত চাহাব টয়লেটলৈ যোৱাৰ সুযোগ লৈ ছাৰ আশুতোষে চাহাবৰ কোটটো খিৰিকীৰে দলিয়াই দি আকৌ চকু মুদি থাকিল। টয়লেটৰ পৰা ওলাই কোটটো নেদেখি চাহাব খঙতে অগ্নিশৰ্মা হৈ আশুতোষৰ গাত ঢকা মাৰি সুধিলে— ‘কোটটো ক’ত?’ অলপো উত্তেজিত নহৈ তেওঁ ক'লে— ‘তোমাৰ কোটটোৱে মোৰ জোতাযোৰ আনিবলৈ গৈছে।’

 আজিৰ দৰে ৰে'লৰ ডবাত তেতিয়া ভিৰ মুঠেই নাছিল। ৰিজাৰ্ভেশ্যন নোহোৱাকৈয়ে বহা-শোৱা এনেকি লগত লৈ যোৱা প্ৰাইমা ষ্টোভত ভাত-দাইল ৰান্ধিও খাব পৰা গৈছিল। কাঠ কয়লা সহিতে ইকমিক কুকাৰ, কেৰাহি, হেতা-খন্তি, চাউল-দাইল, আলু-পিঁয়াজ, তেল-হালধি-নিমখ লৈ বৰাক উপত্যকাত চাকৰি সূত্ৰে থকা আমাৰ ডাঙৰ খুৰাৰ ঘৰলৈ যোৱাৰ কথা মনত আছে। লগত গৈছিল ৰান্ধনি খগেনদা৷ তেতিয়াৰ দিনতো ষ্টেচনে ষ্টেচনে ‘চায়, গ্ৰম গ্ৰম চায়’, বুট ভাজি, মুৰি আদি পোৱা গৈছিল। পিছে য’ৰে ত’ৰে বস্তু খোৱা আমাৰ বাবে আছিল নিষিদ্ধ। ৰে’লত উঠি কু ঝিক ঝিক কৰি যাবলৈ সেই বাল্যকালত কিমান যে আনন্দ লভিছিলো। আনকি ৰে'লত ৰন্ধা দাইল-ভাত টিফিন কেৰিয়াৰৰ বাটিত খাই অমৃত খোৱা যেন লাগিছিল। তাতে খগেনদাই গান গাই গাই আমাৰ আনন্দ দুগুণে চৰাইছিল। গানটো আছিল এনেধৰণৰ — গাড়ী আমাৰ বাড়ী (ঘৰ), টিফিন কেৰিয়াৰ আমাৰ হাড়ী। তেওঁৰ লগত সুৰ মিলাই আমিও গাইছিলো। বৰাক উপত্যকালৈ ৰে’ল ভ্ৰমণ অতি উপভোগ্য, কেউফালৰ প্ৰাকৃতিক পৰিবেশ উপভোগ কৰাৰ উপৰি এইটো লাইনত ছয়ত্ৰিশটা (বোধকৰো) সুৰংগৰ মাজেৰে সোমাই যোৱাৰ অভিজ্ঞতা আৰু আনন্দ লাভ কৰিব পাৰি। বহু বছৰ পিছত বাছেৰে শ্ৰীনগৰলৈ যাওঁতে সুদীৰ্ঘ বানিহাল সুৰংগৰ মাজেৰে গৈছিলো, তাৰ পিছতো নিউয়ৰ্কৰ পৰা ৱাশ্বিংটনলৈ যাওঁতে পানীৰ তলেদি সুৰংগ পথেৰে গৈছিলো। কিন্তু প্ৰথমবাৰ

৮৬/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি