পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গণিতৰ উত্তৰপত্ৰত নাম লিখা নাছিল। এওঁৰ মেধা উত্তৰাধিকাৰী সূত্ৰে বিয়পিছে পুতেক জীয়েক আৰু নাতি-নাতিনীসকলৰ মাজলৈ। এওঁলোকৰ মাজেৰে ভুৱন খুৰাৰ জিন-ক্ৰমজ’ম বাহিত হৈ প্ৰতিষ্ঠিত হৈছে দেশ-বিদেশত। খুৰাৰ জ্যেষ্ঠপুত্ৰ বৰ্তমানে গ্লাছগো নিবাসী ডাক্তৰ অনিমেষ দাসক জন্মৰ পাছতে আমাৰ বাইদেৱে বিছনাৰ পৰা বগৰাই দিব খুজিছিল ভণ্টী নহৈ ভাইটি হোৱা বাবে। অনিমেষ আৰু তেওঁৰ স্কটিছ পত্নী এ্যনৰ তিনিটা ল'ৰা-ছোৱালী তিনি মহাদেশত সুপ্ৰতিষ্ঠিত।

 ভুৱন খুৰাই অতি সুখ্যাতিৰে এন্ট্ৰেন্স পাছ কৰাৰ পিছত তেওঁৰ মন গ’ল ডিব্ৰুগড়ত ডাক্তৰী পঢ়িবলৈ। তেতিয়া সস্তাৰ দিন আছিল যদিও আৰ্থিক অৱস্থা ডাক্তৰী পঢ়াৰ অনুকুল নাছিল। আবুৰ সোণৰ ভঁৰালো ইতিমধ্যে উদং হৈ আহিছে। দুটা ল’ৰাক হোষ্টেলত ৰাখি গ্ৰেজুৱেট কৰিলে, সৰুটোৱে ডাক্তৰী পঢ়ি আছে, ছোৱালীজনীক বিয়া দিছে। এতিয়া ভতিজাকক পঢ়ায় কেনেকৈ? সেই বুলি তাকতো কলিতে মৰহি যাবলৈ দিব নোৱাৰি। তেওঁ ধৰ্মপিতৃ প্যাৰী মোহন দত্তৰ ওচৰলৈ গ’ল কথাষাৰ আলোচনা কৰিবলৈ। কন্যা আহিছে পিতৃৰ ওচৰলৈ সহায় বিচাৰি! তাইকতো নিৰাশ কৰিব নোৱাৰি। অৱশেষত তেওঁ ল’ৰাজনৰ বাবে এটা বৃত্তি যোগাৰ কৰি দিলে। মেডিকেল স্কুলৰ কৰ্তৃপক্ষয়ো ছাত্ৰজনৰ মাচুল ৰেহাই কৰি দিছিল। আমাৰ এইগৰাকী খুৰা চিকিৎসক হিচাপে যেনে সফল আছিল ব্যক্তি হিচাপেও আছিল সমানে উদাৰমনা। গ্ৰামাঞ্চলত ডাক্তৰী কৰা খুৰাই দুখীয়া ৰোগীৰ পৰা ভিজিট লোৱা দূৰৈৰ কথা পথ্য কিনিবলৈ নিজৰ জেপৰ পৰা পইচা উলিয়াইহে দিছিল।

 বৰ্তমান যুগত বেছিভাগ মানুহ হৈছে আত্মকেন্দ্ৰিক। কোনেও কাকো চিনি নাপায়, কাৰো বাবে কোনেও নাভাবে। আগৰ দিনত ভাই-ভতিজাহঁততো আপোনেই, অঙহী-বঙহীহঁতো আপোন। আমাৰ আবুৱে যেনেকৈ অভাৱ-অনাটনৰ সংসাৰত আত্মীয়-স্বজনক নানাভাৱে সহায় কৰিছে তেনেকৈ কৰিছে পুত্ৰসকলেও। বোধকৰো তেতিয়াৰ দিনত এই প্ৰৱণতা পৰম্পৰাগত ৰীতি আছিল। মোৰ মনত পৰিছে মোৰ ডাঙৰ জা প্ৰতিভা বাইদেউহঁতৰ পৰিয়াললৈ। তেওঁলোকৰ মোমায়েকৰ ঘৰত আশ্ৰিত হৈ থাকি এসময়ত কলেজত পঢ়িছিল বিশ্ববিখ্যাত যাদুকৰ পি চি সৰকাৰে (জ্যেষ্ঠজন)। ৰাতি ৰাতি তেওঁৰ কোঠাৰ পৰা হেনো ধুপ-ধাপ শব্দ নিস্তব্ধতা ভেদ কৰি বাইদেউহঁতৰ কাণত পৰিছিল। মোমায়েকহঁতে কোৱা-কুই কৰিছিল ল’ৰাটোৱে পঢ়া-শুনা নকৰি কি কৰি থাকে। বোধকৰো যাদুবিদ্যাত তেতিয়াই তেওঁৰ ‘হাতে খড়ি’ হৈছিল। সেইখন ঘৰত আশ্ৰিত হৈ থাকিলেও তাৰ বিনিময়ত তেওঁ পৰিয়ালটোৰ স্কুলীয়া ল’ৰাবোৰক পঢ়ুৱাইছিল।

 দেউতাহঁতে অনেক আত্মীয় আৰু দূৰ সম্পৰ্কৰো আত্মীয়ক পঢ়া-শুনা কৰি নিজৰ ভৰিত থিয় দিবলৈ সহায় কৰিছিল। আমি বাই-ভনীকেইজনীৰ জন্মৰ পিছতো দেউতাৰ দান-দক্ষিণা কৰা স্বভাৱটো বৰ্তি আছিল পূৰ্ণোদ্যমে। কেইগৰাকীমান শুভাকাংক্ষীয়ে মনত পেলাই দিছিল নিজৰ জীয়েককেইজনীৰ ভৱিষ্যতৰ কথা ভাবিবলৈ— ‘সিহঁতক ভিক্ষাৰী কৰিব খুজিছা নেকি?’ তেনে এটা পৰিস্থিতি জীয়েকহঁতৰ জীৱনলৈ নহা নহয়। পিছে সেই কথা আজি নুলিয়াওঁ।

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৩৩