পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মনত পৰিল। তেওঁৰ নামো আছিল আনোৱাৰা তাইমূৰ। নিশ্চিত হ'বলৈ দুই-এজনক মই সুধিছিলো মুখ্যমন্ত্ৰী ডাঙৰীয়ানীৰ ঘৰত মতা নাম মাণিকজান নেকি বাৰু? তেওঁলোক কোনেও নাজানে। কথাষাৰ আজিলৈ মোৰ মনত ৰহস্য হৈয়ে থাকিল। মোক এজনে কৈছিল— ‘তুমি নোসোধা কিয়?’ হ’ব পাৰে তেঁৱেই মাণিকজান, কিন্তু মই ষাঠি বছৰ অদৰ্শনৰ পিছততো মন্ত্ৰী এগৰাকীক সুধিব নোৱাৰো— ‘হেৰি, আপুনি বাৰু ‘ইয়ে চাঁদ ছুপ না জা না’ গীতটো গোৱা মাণিকজান নেকি?’ অৱশ্যে ঘনিষ্ঠভাৱে কোনো মেল-মিটিঙত পালে সুধিম।

 কোকৰাঝাৰৰ পৰা যোৰহাটলৈ যাওতে দেউতাই তেওঁৰ পিয়ন ফুল্‌তা নামৰ ডেকাজনকো লগত পঠাইছিল বাটে-পথে খুৰাক সহায় কৰিবলৈ। গৈ পোৱাৰ দিনাই ফুল্‌তাই যোৰহাট চহৰখনত পাক এটা মাৰিবলৈ ওলাই গৈছিল। গধুলি উভতি অহাৰ পিছত সুধিছিলো—চহৰখন কেনে পালে। ফুল্‌তা পশ্চিম অসমৰ ল’ৰা। নিজৰ সমাজখনৰ বাহিৰে একো দেখা নাই। পশ্চিম অসমৰ মানুহ উজনিৰ তুলনাত ৰক্ষণশীল আজিও। তেতিয়া বোধকৰো আমাৰ ফালৰ মহিলাসকল আছিল অসূৰ্যস্পৰ্শা। ফুল্‌তাই আমাৰ প্ৰশ্নৰ উত্তৰ টপৰাই দিছিল—

 — ঠাইখান বেয়া নাহয়, কিন্তু মান্‌সীগুলাৰ (মানুহবোৰৰ) চৰিত্ৰ ভাল নাহয়।

 আমি কোনোমতে হাঁহি কণ্ট্ৰল কৰি সুধিলো—

 —কাৰ চৰিত্ৰ বেয়া দেখিলা?

 —হেই, কাৰো ভাল নাহয়, কি আপায় কয়েন কি আপীয়ে কয়েন। (ছোৱালীয়ে কওক বা ল’ৰাই কওক কাৰো ভাল নহয়)।

 দুঘণ্টামান যোৰহাট দৰ্শন কৰিয়ে ফুল্‌তাই যোৰহাটবাসীৰ চৰিত্ৰ বিশ্লেষণ কৰিব পৰাৰ আঁৰত বোধকৰো এটা কাৰক আছিল। যোৰহাট বহু আগৰ পৰাই প্ৰগতিশীল। বোধকৰো ঠাইখনৰ মহিলাসকলক মুকলিমূৰীয়া হৈ বাটেৰে অহা-যোৱা কৰা দেখা পাই আৰু চিনাকি পুৰুষৰ লগত কথা কোৱা দেখি পোনচাটে চৰিত্ৰত আঘাত কৰিছিল ৰক্ষণশীল পৰিবেশৰ পৰা অহা ফুল্‌তাই। ফুল্‌তাকনো দোষ দিও কিয়? এসময়ত অধিকাংশ মানুহে পুৰুষ আৰু নাৰীৰ মাজত এটা সম্পৰ্কৰ বিষয়েহে জানিছিল। কাৰোবাৰ সৈতে কথা কোৱা দেখিলেই গাভৰু ছোৱালীৰ চৰিত্ৰ হনন কৰিবলৈ নেৰিছিল। আজিৰ মানুহৰ দৃষ্টিভংগী বহু উন্নত হ’ল।

 যোৰহাট বালিকা হাইস্কুলত নাম লগোৱাটো মোৰ বাবে আছিল এক অভিনৱ অভিজ্ঞতা। কোকৰাঝাৰত ছোৱালীৰ স্কুল নথকা বাবে প্ৰথমতে পঢ়িলো ঘৰত। তাৰপিছত দেউতাৰ প্ৰচেষ্টাত স্থাপিত হোৱা কণমাণি এল পি আৰু পিছত এম ইলৈ উন্নীত হোৱা স্কুলত, য’ত ছাত্ৰীসংখ্যা আৰু শিক্ষয়িত্ৰীৰ সংখ্যা আছিল হাতৰ আঙুলিত গণিব পৰা। সপ্তম আৰু অষ্টম শ্ৰেণী পঢ়িলো কোকৰাঝাৰ ল’ৰা হাইস্কুলত। ছাত্ৰী প্ৰথমতে আছিলো দুজনী। এনে এটা পৰিবেশৰ পৰা আহি যোৰহাটত প্ৰকৃত স্কুলৰ সোৱাদ পালো। বিৰাট আকাৰৰ স্কুলখনত অসংখ্য ছোৱালী, শিক্ষয়িত্ৰী বাইদেউ অনেক। তেওঁলোকৰ মাজত সংস্কৃতৰ শিক্ষক আৰু বিজ্ঞানৰ শিক্ষক হৰেণ শৰ্মা ছাৰ এই দুগৰাকীয়ে আছিল পুৰুষ। সংস্কৃত ছাৰে আমাক লাই

দিয়া বাবে তেওঁৰ ক্লাছত আমি বৰ দুষ্টামি কৰিছিলো। বাইদেউসকলকতো ভয় কৰিছিলোৱে,

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৯৩