পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আছিল বিবাহ বহিৰ্ভূত প্ৰেম। যোৱা শতিকাৰ পঞ্চাশৰ দশকৰ শেষৰ ফালে ইটালীয়ান চিত্ৰ নিৰ্মাতা ৰবাৰ্টো ৰোছেলিনী ভাৰতলৈ আহিছিল চিত্ৰ নিৰ্মাণৰ কামত। বোধকৰো পশ্চিমবংগৰ খ্যাতনামা চিত্ৰ নিৰ্মাতা হৰিসাধন দাশগুপ্তৰ সহযোগত কৰিবলগীয়া আছিল কামটো। হলিউডৰ চিত্ৰতাৰকা ইনগ্ৰিড বাৰ্গমেনৰ স্বামী ৰোছেলিনীয়ে প্ৰথম দৰ্শনতে হৰিসাধনৰ মোহময়ী পত্নী সোণালীৰ প্ৰেমত হাবুডুবু খাবলৈ ধৰিলে। মানুহজনৰ বোধকৰো কিবা চৌম্বিক শক্তি আছিল। সাতাইশ বছৰীয়া সোণালী এক অভিজাত পৰিয়ালৰ জীয়ৰী। তেওঁ নিজৰ স্বামী, ছবছৰীয়া পুত্ৰ ৰাজা, এঘাৰমহীয়া পুত্ৰ অৰ্জুন আৰু পিতৃ পৰিয়ালৰ মান-সন্মান ভূলুণ্ঠিত কৰি ৰোজেলিনীৰ লগত ইউৰোপলৈ যাবলৈ প্ৰস্তুত হ’বলৈ ধৰিলে। পিছে বিদেশলৈ যাওঁ বুলিলেইতো যাব নোৱাৰি। প্ৰথমতে লাগিব পাছপ’ৰ্ট। সোণালী নিশ্চিত আছিল যে মিডিয়া আৰু তেওঁৰ পৰিয়ালে পাছপ’ৰ্ট পোৱাত বাধা দিব। শান্তি নিকেতনত অধ্যয়ন কৰাৰ সময়ৰে পৰা সোণালীয়ে জৱাহৰলাল নেহৰুক জানিছিল। অলপো কাল বিলম্ব নকৰি সোণালীয়ে নেহৰুক পাছপ’ৰ্ট আহৰণ কৰাত বাধা নিদিবলৈ অনুৰোধ কৰিছিল। ঠিকেই আছিল মহিলাগৰাকীৰ সন্দেহ। তেওঁৰ মোমায়েক প্ৰখ্যাত চিত্ৰনিৰ্মাতা বিমল ৰয়ে নেহৰুক অনুৰোধ কৰিছিল সোণালীৰ পাছপ’ৰ্ট পোৱাত বাধা দিবলৈ। ব্যক্তি স্বাধীনতাত বিশ্বাসী জৱাহৰলালে পিছে বাধা দিয়া নাছিল।

 পাছপ’ৰ্ট পোৱাৰ পিছত ৰোছেলিনীৰ কথামতে সৰুটো পুতেকক লগত লৈ ৰোছেলিনীৰ এজন বন্ধুপত্নীৰ সৈতে সোণালী ইউৰোপলৈ পলাই যায়। চিত্ৰশিল্পী মকবুল ফিদা হোছেইন আছিল ৰোছেলিনীৰ বন্ধু। দিল্লী বিমান বন্দৰলৈ সোণালী মিছেছ হোছেইন সাজি গৈছিল। ৰোছেলিনীয়ে হেনো হোছেইনক কৈছিল প্ৰতিখন চিনেমা নিৰ্মাণ কৰাৰ আগতে তেওঁ এগৰাকী নতুন নাৰীৰ সংগ বিচাৰে। নাৰীসকলেও তেওঁৰ আহ্বানত সঁহাৰি দিয়ে। ইনগ্ৰিড বাৰ্গমেনো সেইদৰেই আকৰ্ষিত হৈ আহিছিল। মকবুল ফিদা হোছেইনৰ ৰবাৰ্টো ৰোছেলিনীৰে বন্ধুত্ব হোৱাটোও এটা আচৰিত ঘটনা। কাৰণ হোছেইনে নাজানে ইংৰাজী আৰু ৰোছেলিনীয়ে ইংৰাজী কয় থমকি থমকি। সোণালীৰ সৰুটো পুতেক পৰৱৰ্তী কালত জিল ৰোছেলিনী নামেৰে জনাজাত হয়। ফুলে ফুলে মৌ চুহি ফুৰা মানুহক বিশ্বাস কৰে অতি ৰোমাণ্টিকসকলে, ভূত-ভৱিষ্যতলৈ নাচাই। সোণালী আছিল সেই দলভুক্ত। কিছুদিন পিছত সোণালী-ৰোছেলিনী সম্পৰ্কত ফাট মেলা বুলি শুনিছিলো।

 মোৰ বিয়াৰ পাছত সোণালীৰ বায়েক হাসিদিক (প্ৰতিমা) ঘনিষ্ঠভাৱে পাইছিলো। হাসিদি আমাৰ গৃহস্থৰ বন্ধু ইতিহাসবিদ তপন ৰায়চৌধুৰীৰ পত্নী। ৰোছেলিনীৰ ফালৰ পৰা সোণালীৰ ৰাধা নামৰ ছোৱালী এজনী হৈছিল। হাসিদিহঁতৰ দিল্লীৰ ঘৰত ৰোছেলিনী-সোণালী পৰিয়ালৰ অনেক ছবি দেখিছিলো। সোণালীয়ে ৰোমত ভাৰতীয় হস্তশিল্পৰ নানা বয়-বস্তুৰ এখন বুটিক খুলিছে। তাত সমাগত হয় অভিজাত ব্যক্তি, চেলিব্ৰিটি আৰু চিত্ৰতাৰকাসকলৰ।

 পৃথিৱীখন সঁচাই বেছি ডাঙৰ নহয়। ১৯৫৭-৫৮ চনত Blitz কাকতত ৰাজা নামৰ সোণালীৰ ছবছৰীয়া যিটো ল’ৰাৰ নাম পঢ়িছিলো, তেওঁক কলেজৰ ছাত্ৰ হিচাপে দিল্লীত

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৩৩