পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঢ়া-শুনা ধোঁৱা-চাঙত তুলি বলিয়াৰ দৰে কেৱল ঈশ্বৰৰ নাম জপ কৰাত মগ্ন হৈ থাকিলো। ছয়মাহিলী পৰীক্ষাৰ ফল দেখি মাষ্টাৰ বাবু আৰু মা-দেউতা আচৰিত। ভাবিলে ল’ৰাৰ স্কুলত নিজকে খাপ খুৱাব পৰা নাই। মই যে কিতাপ নপঢ়ো আৰু ক্লাছত ছাৰহঁতৰ কথা নুশুনি ঈশ্বৰ দৰ্শনৰ আশাত বাহিৰলৈ চাই থাকো এইবোৰ কথা কওঁ নো কেনেকৈ? ইতিমধ্যে আবু ঢুকাল। গতিকে তেওঁকো সুধিব নোৱাৰো মই কি কৰা উচিত। নানা চিন্তাই মোৰ মগজু তোলপাৰ কৰিবলৈ ধৰিলে। নিজৰ বিবেকৰ লগত দহ বছৰীয়া মইজনীয়ে যুঁজি থাকিলো। যুঁজোতে যুঁজোতে এটা সময়ত উপলব্ধি কৰিলো ভূত-প্ৰেতৰ কাহিনীবোৰৰ দৰে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীটোও সাধুকথাহে। সঁচা নহয়। পঢ়াশুনাত ফাকি দিয়া বাবে অনুতপ্ত হোৱাত দুগুণ উৎসাহেৰে পঢ়িবলৈ ধৰিলো। বছৰেকীয়াত ভাল ফল হোৱা দেখি দেউতাহঁতে স্বস্তিৰ নিঃশ্বাস কাঢ়িলে। আৰু মই ক'ব নোৱাৰাকৈ ঈশ্বৰভক্ত প্ৰহ্লাদৰ ঠাইত ঈশ্বৰ অবিশ্বাসী হিৰণ্যকশিপুলৈ ৰূপান্তৰিত হ’লো। কেইবা বছৰ জুৰি নাস্তিক হৈ থকাৰ পিছত ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কে কৌতুহলী হ’বলৈ ধৰিলো। কিয় আৰু কেনেকৈ সময়ত কম। আজিও ভাবিলে আমোদ পাওঁ যে নতুন স্কুলৰ নতুন পৰিবেশকে পঢ়া-শুনাত মোৰ সাময়িক অধঃপতনৰ কাৰণ বুলি দেউতা আৰু মাষ্টাৰবাবু নিশ্চিত হৈছিল। মোৰ গাত যে ঈশ্বৰ লম্ভিছিল সেই কথা তেওঁলোকে গমকে নাপালে।


যুদ্ধৰ প্ৰভাৱ

সেই সময়ত বিশ্বযুদ্ধই মানুহক আতংকিত কৰি তুলিছিল। আজিৰ দৰে তেতিয়া যোগাযোগ ব্যৱস্থা উন্নত নাছিল, গতিকে ডাঁৰৰ বাতৰি ডাঁৰে পোৱা আছিল অসম্ভৱ। এনে স্থলত উৰা বাতৰিয়ে মানুহক চিন্তিত কৰি তুলিছিল। পিছে কলকাতাৰ পৰা অহা বাতৰি কাকতবোৰ কোকৰাঝাৰত ৰেল ষ্টেচন থকা হেতুকে আৰু পূব বাংলাৰ মাজেদি ৰেলখন পোনে পোনে অহা বাবে পাওঁতে তেতিয়াৰ দিন হিচাপে বৰ বেছি সময় লগা নাছিল। জাপানী বোমাৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ সকলোৱে ঘৰে ঘৰে খান্দিছিল দীঘল গাঁত, যাক কোৱা হয় ট্ৰেঞ্চ।

 এদিন দেউতাহঁতে আলোচনা কৰি থকা শুনিলো, হাৱাই দ্বীপপুঞ্জৰ পাৰ্ল হাৰ্বাৰত সুপ্ৰতিষ্ঠিত আমেৰিকাৰ প্ৰধান নৌসেনা শিবিৰত জাপানীয়ে বিমানৰ পৰা বোমা পেলাই শিবিৰ চেদেলি-ভেদেলি কৰিলে। সিদিনা তাৰিখটো আছিল ৭ ডিচেম্বৰ ১৯৪১। মই তেতিয়া ছোৱালী স্কুলখনৰে পঞ্চম নাইবা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী। দেউতাৰ অভ্যাস আছিল মানচিত্ৰৰ যোগেদি পৃথিৱীৰ সকলো ঠাইৰ লগত চিনাকি কৰি দিয়া। বেৰত ওলোমাই ৰখা পৃথিৱীৰ মানচিত্ৰখনত পাৰ্ল হাৰ্বাৰ উলিয়াবলৈ বাইদেউকে মোকে মাতি পঠালে। আমিও বিশাল প্ৰশান্ত মহাসাগৰখন চলাথ কৰি হাৱাই দ্বীপপুঞ্জ বিচাৰি উলিয়ালো।

 এই ঘটনাৰ কিছুদিন পিছত আমাৰ ঘৰলৈ আহিছিল মাৰ জেঠাইৰ পুত্ৰ ডাঃ সুৰেন দাস আৰু মাৰ দুগৰাকী কাজিনৰ স্বামী গোৱালপাৰাৰ আইনজীৱী চাৰুমোহন দাস আৰু গুৱাহাটীৰ

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৬৩