পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 মেজিষ্ট্ৰেট হৈ অৱসৰ গ্ৰহণ কৰা মামাই ডিব্ৰুগড় এৰি গুৱাহাটীৰ উলুবাৰীত আমাৰ ঘৰৰ সমীপতে স্থায়ীভাৱে বাস কৰা বাবে মোৰ লগত শেষলৈকে যোগাযোগ আছিল। মামীও আছিল অত্যন্ত সাদৰী। তেওঁলোকৰ ছোৱালী চাৰিজনীক ৰত্ন বুলিলে বেছি কোৱা নহয়। মামীক সেয়েহে আমি ৰত্ন গৰ্ভা বুলি কৈছিলো। মামাৰ মৃত্যুৰ কিছুদিনৰ আগতে এদিন মোক আহি ক’লে যে তেওঁক হেনো উলুবাৰী চাৰিআলিত কৰ্মৰত ট্ৰেফিক পুলিচ এজনে চিঞৰি চিঞৰি কৈছিল— ‘মামা, আপুনি বুঢ়া হৈছে ভিৰ বাটটো পাৰ নহ'ব। অলপ ৰ’ব, মই ট্ৰেফিক বন্ধ কৰি দি আছো।’ মামাই নতুন ভাগিনটোৰ মুখলৈ ৰ’ লাগি চাই থকা দেখি তেওঁ কৈছিল, ‘মোক চিনি নেপাব, আপুনি মোৰ দেউতাৰ সহপাঠী।’ মামাই টপৰাই উত্তৰ দিছিল— ‘তোৰ বাপেৰৰ মামা হ’লে মই তোৰ ককাহে।’ দুয়ো হাঁহিবলৈ ধৰিলে।

 পুৰণি যুগৰ মামাই আধুনিক যুগৰ আমাৰ সম্পৰ্কীয় জোঁৱাই এজনৰ মানসিকতাক কেনেকৈ বিদ্ৰূপ কৰিছিল তাকে কৈ মামাক বিদায় দিম। প্ৰগতিশীল যেন লগা জোঁৱায়ে তেওঁৰ উচ্চ পদস্থ চাকৰিয়াল পত্নীয়ে জন্মগত উপাধিৰ সৈতে তেওঁৰটোও নিলিখা বাবে, চালোৱাৰ-কামিজ পিন্ধা বাবে আৰু অফিচৰ পৰা আহি ঘৰত ওৰণি নোলোৱা বাবে মামাৰ আগত অভিযোগ কৰিছিল। সৰুৰে পৰা অসমৰ বাহিৰত প্ৰাইভেট স্কুল-কলেজত পঢ়া জোঁৱাইক তেওঁ কৈছিল— ‘তোমাৰ চহকী দেউতাৰাই বাহিৰত নপঢ়ুৱাই গুৱাহাটীতে অসমীয়া মিডিয়ামৰ স্কুলত পঢ়োৱা হ’লে তুমি হয়তো নাৰী জাতিটোক শ্ৰদ্ধা কৰিবলৈ শিকিলাহেঁতেন।’ মানুহজনৰ অৱস্থা জোকৰ মুখত চূণ পৰা যেন হৈছিল সিদিনা।


চিনেমা আৰু ক্ৰীড়াৰ জগতত

আজিকালি সৰু ল’ৰা-ছোৱালীও চিনেমা চোৱাত অভ্যস্ত। আমাৰ সময়ত স্কুলীয়া ল’ৰা-ছোৱালীৰ বাবে চিনেমা আছিল এক নিষিদ্ধ জগত। আমাৰ সৰু খুৰীদেউহঁতৰ তেতিয়া গাভৰুকাল। তেওঁলোকে অশোক কুমাৰ, দেৱীকা ৰাণী, কাননবালা, প্ৰমথেশ বৰুৱা, লীলা চিটনিছ আদি চিনেমাৰ হিৰো-হিৰোইনসকলৰ বিষয়ে আলোচনা কৰা শুনিছিলো। তেওঁলোকে অভিনয় কৰা ‘অচ্যুত কন্যা’, ‘বন্ধন’, ‘দেৱদাস’, ‘মুক্তি’ আদি কথাছবিবোৰ চাই আহি উৎফুল্লিত হৈছিল। খুৰী-মাহীহঁতে গুণগুনাই গাইছিল— ‘ম্যায় বন কি চিড়িয়া বন বন ঘুমুৰে, ম্যায় ডালে ডালে উৰে যাউ...’, ‘তুফান মেল তুফান মেল যা আ আ... য় তুফান মেল- তেপান্তৰেৰ মাঠ পেড়িয়ে ময়নামতীৰ গাঁ ছাড়িয়ে... কাসেৰ বনেৰ ঢেউ খেলিয়ে...’, ‘ঘৰ ঘৰ মে দেৱালী হোয় মেৰা ঘৰমে আন্ধেৰা...’ ইত্যাদি। গ্ৰামোফোন ৰেকৰ্ডবোৰ কিনিও শুনিছিল। তেতিয়া ভাবিছিলো কেতিয়া যে ডাঙৰ হ’ম!

 যিমানদূৰ মনত পৰে চিনেমা হলত নহয়, কোকৰাঝাৰৰ কালী পূজাস্থলীত নিৰ্মাণ কৰা অস্থায়ী পৰ্দাত সাধনা বোস অভিনীত কিবা এখন চিনেমা প্ৰথম চাইছিলো। চিনেমা হলত চোৱা প্ৰথমখন চিনেমা আছিল ‘উদয়েৰ পথে’। এইখন বৰ নাম কৰা চিনেমা হোৱা হেতুকে স্কুলৰ ওপৰ ক্লাছত চাবলৈ অনুমতি পাইছিলো। পিছে তাৰ আগগুৰি একো বুজিয়ে নাপালো।

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১২১