প্ৰচণ্ড

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ বেটুপাত ]
প্ৰচণ্ড (page 1 crop).jpg

প্ৰচণ্ড
মাওবাদী বিদ্ৰোহৰ অন্য নাম

মূল: অনিৰ্বাণ ৰয়
অনুবাদ: মহেশ ডেকা

[ প্ৰথম পৃষ্ঠা ]

প্ৰচণ্ড
মাওবাদী বিদ্ৰোহৰ
অন্য নাম

 

মূলঃ অনিবাৰ্ণ ৰয়

অনুবাদঃ মহেশ ডেকা

 

আঁক-বাক

[ প্ৰকাশন ] prachanda : : máobadi bidrohor anya nām

A translation of the biography, Prachanda: An Unknown Revolutionary, orginaly written in English by Anirban Roy & transleted in to Assamese by Mahesh Deka, published by AANK-BAAK, 3/Bylane No. 5, Natun Saraniya, Gandhibasti, Guwahati- 781003, Assam, India, e-mail : aankbaak@gmail.com

আঁক-বাকৰ বিক্ৰী কেন্দ্ৰ : সবস্বতী মাৰ্কেট, যশোৱন্ত ৰোড, পাণবজাৰ, গুৱাহাটী-১

প্ৰথম প্ৰকাশ : আগষ্ট, ২০১৫

অসমীয়া অনুবাদৰ স্বত্ব মহেশ ডেকাৰ

প্ৰকাশক অথবা স্বত্বাধিকাৰীৰ লিখিত অনুমতি অবিহনে এই গ্ৰন্থৰ কোনো অংশৰে কোনো ৰূপত ব্যৱহাৰ বা প্ৰতিলিপি কৰিব নোৱাৰিব, কোনো যান্ত্ৰিক উপায়েৰে (গ্ৰাফিক, বৈদ্যুতিন অথবা অন্য কোনো মাধ্যম, যেনে— ফটোষ্টেট, টেপ বা পুনৰুদ্ধাৰৰ সুযোগ সম্বলিত তথ্য সঞ্চয় কৰি ৰখাৰ কোনো পদ্ধতি) প্ৰতিলিপি কৰিব নোৱাৰিব, অথবা যিকোনো ডিস্ক, টেপ, পাৰ্ফোৰেটেড মেডিয়া বা কোনো তথ্য সংৰক্ষণৰ যান্ত্ৰিক পদ্ধতিৰে ব্যৱহাৰ কৰিব নোৱাৰিব। এই চৰ্ত উলংঘন কৰিলে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

ISBN : 978-93-82726-87-6
দাম : এশ আশী টকা
অংগসজ্জা : উপমা বৰদলৈ

আঁক-বাক, ৩/উপ-পথ নং ৫, নতুন শৰণীয়া, গান্ধীবস্তি, গুৱাহাটী-৩ৰ হৈ সৌমিত্ৰ যোগীৰ দ্বাৰা প্ৰকাশিত আৰু জেনেচিছ প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিচাৰ্ছ প্ৰাইভেট লিমিটেড, গুৱাহাটী-৩৬ত মুদ্ৰিত।

[ ভূমিকা ]

অনুবাদকৰ কথা

 লেখা-মেলা, অনুবাদ⸺ এইবোৰক মই ছিৰিয়াছলি লোৱা নাই কেতিয়াও। এখন হাতৰ আঙুলিৰ মূৰত গণি শেষ কৰিব পৰাকৈ যিকেইটা লেখা লিখিছোঁ বা অনুবাদ কৰিছোঁ সেয়া খং, ভাবুকি, এৰাব নোৱৰা অনুৰোধ বা হেঁচাত কৰিছোঁ। ছিৰিয়াছ লেখকসকলৰ দৰে পঢ়া-শুনাও মোৰ প্ৰণালীবদ্ধ নহয়। য’ত যি ভাল লাগে তাকে পঢ়িছোঁ, কোনো নিৰ্দিষ্ট বিষয়বস্তু নাই। এনেকুৱা কিছুমান লেখা আছে যিবোৰ ১৫-২০ বাৰতকৈ বেছি পঢ়িছোঁ। যেনে মনোজ কুমাৰ গোস্বামীৰ এখন উপন্যাস মই কমেও ১০ বাৰ পঢ়িছোঁ (এতিয়া অৱশ্যে উপন্যাসখনে মোক আকৰ্ষণ নকৰে)। সৌৰভ চলিহাৰ কেইটামান গল্প, হীৰেন গোহাঁই ছাৰৰ কিছু আত্মজীৱনীমূলক ৰচনা কিমানবাৰ পঢ়িছোঁ সীমা-সংখ্যা নাই। ঠিকনা নাই কুণ্ডেৰাৰ তিনিখনমান উপন্যাসৰ নিৰ্বাচিত কেতবোৰ অধ্যায় কিমানবাৰ পঢ়িছোঁ।

 সি যি নহওক, এই কিতাপখনো কিবা বিশেষ পৰিকল্পনা লৈ অনুবাদ কৰা হোৱা নাই। সেই সময়ত মই এটা প্ৰকাশন প্ৰতিষ্ঠানৰ লগত জড়িত। হঠাৎ এদিন ভাস্কৰদাৰ (বৰ্তমান আছাম টক্‌ছৰ সাংবাদিক ভাস্কৰজ্যোতি বৰা)ৰ পৰা ফোন পালোঁ। তেওঁ প্ৰস্তাৱ দিলে— অনিৰ্বাণ ৰয়ে লিখা মাওবাদী নেতা প্ৰচণ্ড (পৰৱৰ্তী সময়ত নেপালৰ প্ৰধান মন্ত্ৰী)ৰ জীৱনীখন অসমীয়ালৈ অনুবাদ কৰিব লাগে। মই আগ-পিছ নাভাবি লগে লগে কৈ দিলোঁ— হ’ব, কৰি দিম— কথা মতেই এদিন সন্ধিয়া অনিৰ্বাণদাৰ লগত মোৰ সাক্ষাৎ হ’ল, তেওঁ কিতাপখন দিলে। কিতাপখন আনি দুদিনতে পঢ়ি শেষ কৰিলোঁ। পঢ়ি উঠি ভাবিলোঁ— এইখন অনুবাদ কৰাটো বিশেষ একো অসুবিধা নহ’ব। খুব বেছি দহ দিনমান লাগিব — অনুবাদ কৰাত লাগি গ’লোঁ। তাৰ পাছত কি যন্ত্ৰণা। অনুবাদৰ কাম আগ নাবাঢ়েহে নাবাঢ়ে। ১৮০ পৃষ্ঠাৰ কিতাপখন অনুবাদ কৰি শেষ [ ভূমিকা ] কৰিবলৈ মোক সময় লাগিল দুবছৰতকৈ বেছি।

 কিতাপখন অনুবাদ কৰোঁতে যিমান পাৰি মূলৰ পৰা ফালৰি কাটি নাযাবলৈ চেষ্টা কৰিছোঁ। কিতাপখনত থকা ৰাজনৈতিক দলবিলাকৰ নামবোৰ ইংৰাজীতে ৰখা হৈছে। ‘পিপুলছ ৱ’ৰ’ শব্দ দুটা ‘জনযুদ্ধ’ বুলি অনুবাদ কৰা হৈছে। কাৰণ মাওবাদীসকলে ইয়াক জনযুদ্ধ নাম দিছিল। কিতাপখন অনুবাদ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰামৰ্শ দি সহায় কৰা মনোজদা (সুখ্যাত লেখক-সমালোচক মনোজ শৰ্মা)ৰ লগতে অনুবাদৰ সময়ত অন্যধৰণে সহায় আগবঢ়োৱা অপ্সৰা (অপ্সৰা বৰুৱা)ক ধন্যবাদ জনালোঁ।

 শেষত কিতাপখন প্ৰকাশৰ দায়িত্ব লোৱাৰ বাবে ‘আঁক-বাক’ৰ সৌমিত্ৰ যোগী, মোৰ ওপৰত আস্থা প্ৰকাশ কৰাৰ বাবে ভাস্কৰদা আৰু অনিৰ্বাণদালৈ বিশেষ কৃতজ্ঞতা যাচিলোঁ।

মহেশ ডেকা
গুৱাহাটী

[ সূচীপত্ৰ ]

সূচীপত্ৰ


পাতনি/ ৯
১. প্ৰাক্‌কথন/ ১৩
২. ছবিলালৰ পৰা পুষ্প কমললৈ/ ১৬
৩. এজন যুৱ সমাজবাদী নেতাৰ অভ্যুত্থান/ ২৬
৪. প্ৰচণ্ড : সাহসী যোদ্ধা/ ৩৬
৫. বিদ্ৰোহী নেতাজন তথা পৰিয়ালৰ এজন সদস্য/ ৪১
৬. জনযুদ্ধৰ প্ৰথম পদক্ষেপ/ ৪৯
৭. অপাৰেশ্যন কিল’ চিৰা-২/ ৫৫
৮. ৰঙা পতাকা/ ৬১
৯. প্ৰচণ্ড পথ/ ৬৭
১০. বিদ্ৰোহী আক্ৰমণ আৰম্ভ/ ৭৩
১১. ৰজাৰ প্ৰতিনিধিৰ সৈতে মত বিনিময়/ ৮৫

[ সূচীপত্ৰ ]

১২. সমভাবাপন্ন দলৰ সৈতে যোগাযোগ বৃদ্ধি/ ৯৩
১৩. সংবাদ মাধ্যমক পূৰ্ণ ৰূপত ব্যৱহাৰ/ ৯৭
১৪. কৌশলগত অৱস্থান/ ১০৫
১৫. আলোচনাৰ মেজলৈ আহিবলৈ প্ৰচণ্ডৰ অস্বীকাৰ/ ১১৪
১৬. বাৰ দফীয়া চুক্তি/ ১১৮
১৭. গণ আন্দোলন/ ১২৮
১৮. ৰাজহুৱা প্ৰেক্ষাপটত প্ৰচণ্ডৰ প্ৰথম আত্মপ্ৰকাশ/ ১৩৩
১৯. এখন সামগ্ৰিক শান্তি চুক্তি/ ১৪০
২০. কণ্টকময় পথেৰে সংবিধান সভাৰ নিৰ্বাচনলৈ/ ১৪৫
২১. সংবিধান সভাৰ নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত/ ১৫১
২২. প্ৰজাতন্ত্ৰৰ ঘোষণা/ ১৫৯
২৩. দলৰ ভাবমূৰ্তি বজাই ৰাখিবলৈ প্ৰচণ্ডৰ পদক্ষেপ/ ১৬৮
২৪. বিদায় সামন্তবাদ/ ১৭৪
২৫. সহযোগী আৰু সহযোদ্ধাসকলৰ দৃষ্টিত ‘প্ৰচণ্ড’/ ১৭৯
২৬. উপসংহাৰ/ ১৮৭

[ পাতনি ]

পাতনি

 ২০০১ চনৰ পৰা ২০০৬ চনৰ ভিতৰত মই পাঁচবাৰ কাঠমাণ্ডুলৈ গৈছিলোঁ। অইন যিকোনো পৰ্যটকৰ দৰে ময়ো নেপাল ভ্ৰমণলৈ গৈছিলোঁ। নেপালত চলি থকা ৰাজনৈতিক সংকটৰ প্ৰতি মোৰ বিশেষ আগ্ৰহ নাছিল। তদুপৰি মই এই কথা ভালকৈয়ে উপলব্ধি কৰিছিলোঁ যে নেপালৰ ৰাজনৈতিক সংঘাত উন্মোচন কৰিবলৈ যোৱাটো এটা অতিশয় দুৰূহ কাম হ’ব।

 কিন্তু ২০০৬ চনৰ এপ্ৰিলত মই কাম কৰা কাগজখনৰ সম্পাদকে মোক নেপালৰ জনযুদ্ধৰ বাতৰি সংগ্ৰহ কৰিবলৈ দায়িত্ব দিয়াত মোৰ হঠাৎ নেপালৰ প্ৰতি আগ্ৰহ জন্মিছিল। ইয়াৰ পাছতে ২০০৬ চনৰ ছেপ্টেম্বৰ মাহত মই কাঠমাণ্ডুলৈ বদলি হ’লোঁ। মোক যি কামৰ দায়িত্ব দিয়া হৈছিল তাৰ বাবে মই সেউজ প্ৰকৃতিৰ বিনন্দীয়া দেশখনৰ ৰাজনীতি বুজি পোৱাটো জৰুৰী হৈ পৰিছিল। তাৰ মাজতে মাওবাদী প্ৰধান প্ৰচণ্ড আত্মগোপনৰ পৰা জনতাৰ মাজলৈ ওলাই আহিছিল। তেতিয়া আপুনি য’লৈকে যায় তাতে কেৱল কট্টৰ কমিউনিষ্ট নেতাগৰাকীৰ কথাই শুনিব।

 কিছুমানৰ মতে প্ৰচণ্ড এজন অতিশয় নিৰ্দয়-নিষ্ঠুৰ ব্যক্তি। যিজনে এক দশকতকৈও অধিক কাল ৰক্তাক্ত জনযুদ্ধৰ নেতৃত্ব দি তেৰ হেজাৰতকৈও অধিক লোকৰ প্ৰাণ কাঢ়ি নিছে। আন বহুতৰ কাৰণে মাওবাদী প্ৰধানজন ‘নায়ক’, এজন প্ৰকৃত সৰ্বহাৰাৰ নেতা। যি বিশ্বৰ এখন অতি দৰিদ্ৰ দেশৰ হেজাৰ হেজাৰ দুখীয়া তথা নিষ্পেষিত জনতাৰ কণ্ঠক বিশ্ববাসীৰ আগত তুলি ধৰিছিল।

 অতি সোনকালে মই এই কথা বুজি উঠিছিলোঁ যে নেপালৰ ৰাজনীতিৰ নতুন অভিকেন্দ্ৰ প্ৰচণ্ড। তেতিয়ালৈকে ধীৰেন্দ্ৰ প্ৰসাদ কৈৰালা আৰু তেওঁৰ কনিষ্ঠ ভাতৃ গিৰিজা প্ৰসাদ কৈৰালা নেপালৰ সৰ্বোচ্চ ৰাজনৈতিক নেতা আছিল। মই নেপালত থাকিবলৈ লোৱাৰ কেইমাহমানৰ পাছতে মোৰ বন্ধু আৰু সতীৰ্থ সাংবাদিকসকলে মোক সুধিছিল যে মই প্ৰচণ্ডক লগ পাইছোঁ নেকি বা তেওঁৰ সাক্ষাৎকাৰ ল’ব পাৰিছোঁ নে নাই? মানুহজনৰ ভাবমূৰ্তিৰ বিষয়ে উপলব্ধি কৰি তেওঁৰ প্ৰতি মোৰ [ পাতনি ] উৎসুকতা বৃদ্ধি পাবলৈ ধৰিলে। প্ৰচণ্ড, নামটোতে এটা সন্মোহনী আছিল— মই লাহে লাহে বুজি পাইছিলোঁ কিয় প্ৰচণ্ডৰ প্ৰতি মানুহ ইমান আগ্ৰহী।

 ৰাজহুৱা অনুষ্ঠানত কাঠমাণ্ডুত তেওঁক কেইবাবাৰো লগ পোৱাৰ পাছত তেওঁক লৈ মোৰ মনৰ আইনাত থকা ‘বিনাশকাৰী’ৰ প্ৰতিচ্ছবিখন লাহে লাহে আঁতৰি গৈছিল। প্ৰচণ্ডক প্ৰথম দেখাৰ সময়ত তেওঁক বিশ্বব্যাপী পৰিচিত এজন গেৰিলা নেতা বা বছৰৰ পাছত বছৰ ধৰি নেপালৰ সেনাবাহিনীয়ে বিচাৰি থকা দুৰ্ধৰ্ষ বিদ্ৰোহী সংগঠন এটাৰ মুৰব্বী যেন লগা নাছিল।

 মই বিশ্বাস কৰিবলৈ টান পাইছিলোঁ যে প্ৰচণ্ডৰ দৰে ইমান নম্ৰ মানুহ এজনে কেনেকৈ যোৱা এটা দশক ধৰি নেপালত নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে ধাৰাবাহিক আক্ৰমণ অব্যাহত ৰখা মাওবাদীৰ ‘পিপুলছ্ লিবাৰেশ্যন আৰ্মি'ৰ মুৰব্বী হ’ব পাৰে। বিদ্ৰোহী নেতা যেন লগাৰ সলনি তেওঁক ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাবলৈ উন্মুখ হৈ থকা এজন সহজ-সৰল শিক্ষক যেনহে লাগিছিল। আচলতে বিভিন্ন বিষয়ৰ ওপৰত ঘণ্টাৰ পাছত ঘণ্টা ধৰি কথা ক’ব পৰাটো শিক্ষাবিদৰেই এটা লক্ষণ।

 মই সোনকালে বুজি উঠিছিলোঁ যে প্ৰচণ্ডৰ চিন্তা-ভাবনা আৰু বিদ্ৰোহী প্ৰবৃত্তিত থকা ‘দুৰ্ধৰ্ষতা’ তেওঁৰ ব্যক্তিত্ব তথা শাৰিৰীক অৱয়ৱত নাই।

 প্ৰচণ্ডৰ নব্য আদৰ্শহে মাওবাদী সংগঠনটো চলোৱাৰ বাবে বেছি গুৰুত্বপূৰ্ণ আছিল। সামৰিক অভিযান চলোৱাৰ বাবে তেওঁৰ শাৰীৰিক উপস্থিতি সিমান গুৰুত্বপূৰ্ণ নাছিল।

 দুখৰ বিষয়, প্ৰচণ্ডৰ ব্যক্তিগত জীৱন আৱৰি ৰখা কথাবোৰৰ বেছিখিনিয়েই মানুহৰ বাবে অজানা আছিল। নেপালৰ জনসাধাৰণে বিদ্ৰোহী নেতাজনৰ বিষয়ে বিশেষ একো জনা নাছিল। সেয়ে মই ভাবিলোঁ তেওঁৰ বিষয়ে এখন কিতাপ লিখা খুবেই প্ৰয়োজন।

 প্ৰচণ্ডৰ এখন জীৱনী লিখাৰ কথা মই যেতিয়া মোৰ কেইগৰাকীমান বন্ধু-বান্ধৱ তথা সহকৰ্মী সাংবাদিকক ক'লোঁ, মানুহবোৰে মই এজন কট্টৰ কমিউনিষ্ট নেকি বুলি সুধিবলৈ ল’লে। আচলতে মই উত্তৰ-পূব ভাৰতৰ ৰাজ্য অসমৰ পৰা যোৱাৰ কাৰণে বোধহয় তেওঁলোকে মোক তেনেকৈ ভাবিছিল। উত্তৰ-পূবৰ মানুহক সন্দেহৰ দৃষ্টিৰে চোৱাটো তেনেই স্বাভাৱিক কাৰণ, যিহেতু যোৱা প্ৰায় ৬টা দশক ধৰি এই সাতখন ৰাজ্য বিচ্ছিন্নতাবাদী বিদ্ৰোহৰ সাৰুৱা ভূমি হৈ আছে।

 প্ৰচণ্ডৰ আত্মীয়, বন্ধুবৰ্গ তথা সতীৰ্থসকলক লগ ধৰা আৰু তেওঁলোকৰ সাক্ষাৎকাৰ ল’বলৈ আৰম্ভ কৰি মই বুজি উঠিছিলোঁ আচলতে এখন জীৱনী লিখা কিমান টান কাম। মই চিটৱান জিলাৰ তেওঁৰ গাঁৱলৈ গৈছিলোঁ, তেওঁৰ নিকট আত্মীয়সকলক লগ ধৰিছিলোঁ লগতে কাঠমাণ্ডুৰ বিভিন্ন লাইব্ৰেৰীত তেওঁৰ বিষয়ে থকা বিভিন্ন কিতাপ আৰু প্ৰবন্ধ-পাতি চাইছিলোঁ। কামটো সচাকৈয়ে অত্যন্ত দুৰূহ আছিল।

[ পাতনি ]  মাওবাদী মুৰব্বীজনে ২৫ বছৰতকৈও অধিক কাল আত্মগোপন কৰি আছিল। তেওঁৰ জীৱনৰ সেই কাহিনীবোৰ বাছি উলিওৱা আৰু তাৰ সত্যাসত্য নিৰূপণ কৰাটো বৰ কষ্টকৰ কাম আছিল। প্ৰচণ্ড যিহেতু বেছিভাগ সময় ৰাজনৈতিক কাম-কাজতেই ব্যস্ত আছিল, সেয়ে আনকি তেওঁৰ নিকট আত্মীয় আৰু ঘনিষ্ঠ সহযোগীসকলো তেওঁৰ জীৱনৰ কিছুমান ঘটনাক লৈ নিশ্চিত নাছিল। কিতাপখনৰ কাম কৰিবলৈ লওঁতেই আৰম্ভণিতেই মোক জ্যেষ্ঠ মাওবাদী নেতা, প্ৰচণ্ডৰ ঘনিষ্ঠ সহযোগী বাবুৰাম ভট্টৰায়ে যথেষ্ট উৎসাহ দিছিল। মাওবাদী নেতাজনৰ বিষয়ে কিতাপ লিখাৰ পৰিকল্পনাটোত তেওঁ ৰোমাঞ্চিত হৈছিল। তেওঁ মোক সকলো ধৰণৰ সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

 মোৰ ঘনিষ্ঠ বন্ধু বিজয়লাল শ্ৰেষ্ঠাৰ কঠোৰ পৰিশ্ৰম আৰু ঐকান্তিক চেষ্টাতহে কিতাপখনে চূড়ান্ত ৰূপ পাইছিল। প্ৰতিটো পদক্ষেপতে তেওঁ মোৰ ভুলবোৰ শুধৰাই দি কিতাপখন অধিক সজীৱ কৰি তুলিছিল। তেওঁৰ চেষ্টা অবিহনে নেপালৰ সৰ্বোচ্চ ৰাজনৈতিক ব্যক্তিগৰাকীৰ বিষয়ে লিখা এই কিতাপখন কেতিয়াও সম্পূৰ্ণ নহ’লহেঁতেন।

 মই প্ৰথমে পৰিকল্পনা কৰাতকৈ কিতাপখনৰ আকাৰ ভালেখিনি বাঢ়িল। মই পোন্ধৰটামান অধ্যায়ত কিতাপখন সম্পূৰ্ণ কৰিব পাৰিম বুলি ভাবিছিলোঁ, কিন্তু ঘটনাবোৰ বৰ্ণনা কৰি যাওঁতে ভালেমান কথা যোগ দিবলগা হ’ল। সাধাৰণ পাঠকৰ কথা মনত ৰাখি (যাতে বেছি পাঠকে কিতাপখন পঢ়িব পাৰে) কিতাপখন খুব সহজ-সৰল ভাষাত লিখা হৈছে। তদুপৰি ঘটনাৰ বিশ্লেষণ কৰাতকৈ তেওঁৰ জীৱন কাহিনী বৰ্ণনা কৰাতহে গুৰুত্ব দিয়া হৈছে।

অনিৰ্বাণ ৰয়
কলকাতা

[ কৃতজ্ঞতা ]

কৃতজ্ঞতা

 নেপালৰ বিভিন্ন ব্যক্তিৰ সহায়-সমৰ্থন নাপালে এই কিতাপখন লিখাটো কেতিয়াও সম্ভৱ নহ’লহেঁতেন। কিতাপখন লিখিবলৈ আৰম্ভ কৰাৰ পৰা প্ৰতিটো পদক্ষেপতে সাংবাদিক শেখৰ খাৰেলে মোক সহায় কৰিছে। আনহাতে ত্ৰিভূৱন বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ তৰুণ ছাত্ৰ জগদীশ খানালে বিভিন্ন তথ্য-পাতি তথা সংবাদপত্ৰত প্ৰকাশিত বাতৰি নেপালীৰ পৰা ইংৰাজীলৈ অনুবাদ কৰি মোক সহায় কৰিছে। তেওঁক মই আন্তৰিক কৃতজ্ঞতা যাচিলোঁ।

 অধ্যক্ষ প্ৰচণ্ডৰ আত্মীয় তথা বন্ধু-বান্ধৱৰ সহায়-সহযোগিতা অবিহনে বিদ্ৰোহী নেতাজনৰ জীৱনৰ আগছোৱাৰ তথ্যবোৰ সংগ্ৰহ কৰা সম্ভৱ নহ'লহেঁতেন। তেওঁলোক আটাইকে মই ছেগতে ধন্যবাদ জনাইছোঁ।

 ‘সাপ্তাহিক জনাদেশ’ৰ সাংবাদিকসকল, বিশেষকৈ মানোঋষি ধিতালে মোক বিশেষভাৱে সহায় কৰিছে। নেপালী সাপ্তাহিকখনৰ বিপ্লৱী সাংবাদিকসকলে মাওবাদী অধ্যক্ষজনৰ কিছুমান বিৰল আলোকচিত্ৰ সংগ্ৰহ কৰাত সহায় কৰিছে।

 ডেকা সমাজকৰ্মী প্ৰদীপ খানালে মোক কাঠমাণ্ডু আৰু চিটৱান জিলাৰ বিভিন্ন মানুহৰ লগত সাক্ষাৎ কৰাই দিছিল, যিসকলে মোক নেপালৰ কট্টৰ কমিউনিষ্ট নেতাগৰাকীৰ বিষয়ে ভালেমান অকথিত কাহিনী কৈছিল। ইয়াৰ বাহিৰেও চিটৱান জিলাত প্ৰচণ্ডৰ বিষয়ে তথ্য সংগ্ৰহ কৰাত মোক নাৰায়ণগড় ডেকা ছাত্ৰ জগত শ্ৰেষ্ঠ আৰু বাবুৰাম গিৰিয়ে ভালেখিনি সহায় কৰিছে। দুয়োজনকে মই আন্তৰিক ধন্যবাদ যাচিছোঁ। আনহাতে কিতাপখনৰ প্ৰাৰম্ভিক গৱেষণাৰ কামখিনি কৰাৰ বাবে অনুমতি দিয়াৰ বাবে কেশৰ লাইব্ৰেৰী আৰু কান্তিপুৰ পাব্লিকেশ্যনৰ বিষয়ববীয়াসকলক কৃতজ্ঞতা যাচিলোঁ। শেষত কিতাপখন অসমীয়ালৈ অনুবাদ কৰাৰ বাবে মহেশ ডেকা আৰু প্ৰকাশ কৰাৰ বাবে ‘আঁক-বাক’ৰ সৌমিত্ৰ যোগীৰ বিশেষভাৱে শলাগ ল'লোঁ।

[ ১৩ ]

প্ৰাক্‌কথন

 প্ৰচণ্ড এতিয়া কেৱল নেপালতে নহয়, সমগ্ৰ বিশ্বতেই এটা সুপৰিচিত নাম। এটা সাধাৰণ ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰা নেপালৰ এই মাওবাদী প্ৰধানজনে বিশ্ববাসীক দেখুৱাই দিলে যে অধ্যৱসায়, কৌশল আৰু কোনো এটা উদ্দেশ্যৰ প্ৰতি উৎসাহী মনোভাব থাকিলে সাম্যবাদী আন্দোলন এটাৰ আজি একবিংশ শতিকাতো প্ৰাসংগিকতা স্থাপন কৰিব পৰা যায়।

 কম্বোদিয়াত খেমে ৰুজৰ মৃত্যু আৰু ফিলিপাইন্‌ছ নিউ পিপুলছ্ আৰ্মিৰ কাৰ্যতঃ বিভাজনৰ পাছত এছিয়াৰ ৰাজনৈতিক পৰ্যবেক্ষকসকলে মাওবাদী বিদ্ৰোহৰ দিন উকলা বুলি মন্তব্য কৰিছিল। কিন্তু নেপালত প্ৰচণ্ডৰ সবল নেতৃত্বত দেশখনৰ মাওবাদীয়ে পৰ্যবেক্ষক মহলৰ এই মত ভুল বুলি প্ৰমাণ কৰি দিলে।

 কাস্কি জিলাৰ লিৱাদিৰ এখন শ্ৰেণী বৈষম্যহীন গাঁৱত জন্মগ্ৰহণ কৰা প্ৰচণ্ড ওৰফে পুষ্প কুমাৰ দাহাল এছিয়াৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এজন সফল বিদ্ৰোহী। দৃঢ়তা আৰু যুক্তিপূৰ্ণ বিচাৰেৰে প্ৰচণ্ডই নেপালৰ সামাজিক আৰু ৰাজনৈতিক গাঁথনিৰ নতুন ৰূপ দিয়াত সবাতোকৈ বেছি গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। নিঃসন্দেহে তেওঁ নেপালৰ ৰাজনীতিৰ [ ১৪ ] মূল হোতা আৰু এজন অতি গুৰুত্বপূৰ্ণ ৰাজনৈতিক সংস্কাৰক।

 সাম্যবাদী বিদ্ৰোহী হিচাপে প্ৰচণ্ডৰ স্থান তেওঁৰ গুৰু মাও জে ডঙৰ কাষতে। মাওৰ দৰে তেওঁ মাৰ্ক্সৰ শ্ৰেণী সংগ্ৰাম আৰু লেনিনৰ সাম্ৰাজ্যবাদবিৰোধী নীতি তথা দৰ্শনৰ দ্বাৰা অনুপ্ৰাণিত হৈয়ে সাম্যবাদত দীক্ষিত হ’ব বিচাৰিছিল আৰু হিমালয়ৰ পাদদেশৰ দেশখনৰ অন্যায় আৰু অসমতাৰ বিৰুদ্ধে আৰম্ভ কৰা বিৰামহীন সংগ্ৰামত নিজকে উৎসৰ্গিত কৰিছিল। মাওবাদী বিদ্ৰোহৰ মূল কাৰণ হ’ল প্ৰশাসনিক অদক্ষতা, সামন্তবাদ আৰু অনগ্ৰসৰতা। দশকজোৰা এই গণযুদ্ধত ১৩,০০০ৰো অধিক লোকৰ মৃত্যু হৈছিল। এই গেৰিলা যুদ্ধ আৰম্ভ হৈছিল মাথোঁ দুটা বন্দুক আৰু এক ডজন সশস্ত্ৰ বিদ্ৰোহীৰে, কিন্তু কেইবছৰমানৰ ভিতৰতে এই বিদ্ৰোহ পাহাৰীয়া দেশখনৰ চৌপাশে বিয়পি পৰিছিল। দেশখনৰ ৮০ শতাংশ অঞ্চলেই নিজৰ নিয়ন্ত্ৰণলৈ নিবলৈ মাওবাদী বিদ্ৰোহীসকল সক্ষম হৈছিল।

 ইমান কম সময়ৰ ভিতৰতে উদং ভৰিৰে নেপালৰ আওপুৰণি সাম্যবাদীসকলে এনে বৃহৎ সফলতা লাভ কৰা কথাটো বিশ্ববাসীয়ে বিশ্বাস কৰিবলৈ টান পাইছিল। জনযুদ্ধৰ সময়ত প্ৰচণ্ডৰ মূৰৰ দাম ঘোষণা কৰা হৈছিল। ইণ্টাৰপ’লে তেওঁক বন্দী কৰিবলৈ পাঁচ বছৰজুৰি বিচাৰি ফুৰিছিল। নেপাল চৰকাৰে তেওঁক জীৱন্তে বা মৃত অৱস্থাত ধৰি দিয়াৰ বাবদ পাঁচ নিযুত টকা পুৰস্কাৰ ঘোষণা কৰিছিল। কিন্তু মাওবাদী প্ৰধানজনে তেওঁক বিচাৰি ফুৰা নিৰাপত্তাৰক্ষী তথা চোৰাংচোৱাসকলক বিভ্ৰান্ত কৰিছিল। প্ৰচণ্ডক ধৰাৰ বাবে নিৰাপত্তা সংস্থাসমূহৰ নেপালত অভিযান চলোৱাটো একপ্ৰকাৰ অসম্ভৱ হৈ পৰিছিল। কাৰণ তেওঁ আচলতে দেখিবলৈ কেনেকুৱা সেই সম্পৰ্কে কাৰো অকণো ধাৰণা নাছিল। আৰক্ষীৰ ফাইলত প্ৰচণ্ডৰ একমাত্ৰ যিখন ফটো আছিল সেইখন ইতিমধ্যে যথেষ্ট পুৰণি হৈছিল।

 কিত্ত মাওবাদী প্ৰধানজনৰ অৰণ্যৰ পৰা ক্ষমতাৰ দোঘৰালৈ অহাৰ এই দীঘলীয়া পৰিক্ৰমা একেবাৰে মসৃণ নাছিল। বৰং প্ৰতিটো পদক্ষেপতেই আছিল হেঙাৰ। প্ৰচণ্ডৰ বিস্ময়কৰ আত্মগোপনৰ ২৫ বছৰৰ গোটেই সময়ছোৱাই হৈছে সাহস, ত্যাগ আৰু ধৈৰ্যৰ এক অকথিত কাহিনী।

 ৰাজনৈতিক ভাষ্যকাৰসকলে প্ৰচণ্ডই সাতদলীয় ৰাজনৈতিক দলৰ লগত হাত মিলোৱা কথাটো সদায় সন্দেহৰ দৃষ্টিৰে চাই আহিছে (বিশেষকৈ ২০০৫ চনৰ ২২ নৱেম্বৰত ১২ দফীয়া ঐতিহাসিক চুক্তিত স্বাক্ষৰ কৰাৰ পাছত), কিয়নো নেপালৰ বহুদলীয় গণতান্ত্ৰিক গাঁথনিটোৰ লগত কট্টৰ মাওবাদী আদৰ্শৰ মিল নাই। কিন্তু তাৰ পাছতো, আনকি লেনিন তেওঁৰ আদৰ্শ ব্যক্তি হোৱা সত্ত্বেও তেওঁ নেপালৰ প্ৰথম নিৰ্বাচিত প্ৰধান মন্ত্ৰী বিশ্বেশ্বৰ প্ৰসাদ কৈৰালাক প্ৰশংসা কৰে। অকল সেয়াই নহয়, মহাত্মা গান্ধী আৰু [ ১৫ ] জৱাহৰলাল নেহৰুৰ প্ৰতিও তেওঁৰ উচ্চ ধাৰণা আছে।

 আনহাতে ২০০৫ চনৰ ১ ফেব্ৰুৱাৰীতে ৰজা জ্ঞানেন্দ্ৰই দেশখনৰ সমস্ত ৰাজনৈতিক ক্ষমতা নিজৰ হাতলৈ নিয়াৰ পাছতেই মাওবাদী আৰু আন আন ৰাজনৈতিক দলবোৰে গণতন্ত্ৰ প্ৰতিষ্ঠাৰ হকে যুঁজ কৰিবলৈ আগবাঢ়ি আহে। সাতদলীয় মৰ্চাৰ (এছ পি এ) লগত বাৰ দফীয়া চুক্তিত স্বাক্ষৰ কৰাৰ সময়ত মাওবাদীসকলে আনকি বিদ্ৰোহী কাৰ্যসূচীৰ পৰা তেওঁলোকৰ কৌশল গণতান্ত্ৰিক কাৰ্যসূচীলৈ সলনি কৰে। আচলতে সম্পূৰ্ণ কৌশলগত কাৰণত মাওবাদীয়ে তেওঁলোকৰ ধ্ৰুপদী প্ৰতিৰোধী আৰ্হিক বিদায় দি আলোচনাৰ পথ লোৱাৰ কাৰণ হৈছে তেওঁলোকৰ মূল লক্ষ্যৰ সমুখত থকা বাধাসমূহ অতিক্ৰম কৰাটো।

 ৰাজতন্ত্ৰৰ পতনৰ পাছত নেপাল বৰ্তমান পূৰ্বৰ হিন্দু ৰাষ্ট্ৰৰ পৰা সলনি হৈ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত পৰিণত হৈছে। নেপালত এক নতুন ৰাজনৈতিক গাঁথনিৰ প্ৰৱৰ্তন কৰাৰ লগতে দেশখনৰ এটা নতুন ৰূপ দিয়াৰ বাবে প্ৰতিজন নাগৰিকেই প্ৰচণ্ডৰ প্ৰশংসাত পঞ্চমুখ।

 আশ্চৰ্যজনকভাৱে বিদ্ৰোহী তথা ৰাজনৈতিক সংস্কাৰক হিচাপে অধ্যক্ষ প্ৰচণ্ডৰ জীৱন ৰহস্যাবৃত হৈ আছিল। স্বাভাৱিকতে পুষ্প কমল দাহাল কেনেকৈনো অত্যুগ্ৰ সাহসী ‘প্ৰচণ্ড’ত পৰিণত হ’ল তাক লৈ মানুহৰ মাজত খুদুৱনিৰ সৃষ্টি নোহোৱাকৈ থকা নাই। নিঃসন্দেহে প্ৰচণ্ডৰ স্থান পানচো ভিলা, হো চি মিন বা চে’ গুৱেভাৰাৰ শাৰীত। কিন্তু এতিয়াও তেওঁৰ ব্যক্তিগত জীৱনৰ তথা আত্মগোপনৰ সময়ছোৱাৰ ভালেমান কাহিনী অকথিত হৈ আছে। দেশৰ অন্য মানুহৰ কথা বাদেই আনকি নেপালৰো খুব কমসংখ্যক মানুহেহে সেইবোৰ জানে। লাগিলে সেয়া পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আয়ে বিদ্ৰোহীসকলক সমৰ্থন দিবলৈ প্ৰস্তাৱ দিয়াই হওক বা ৰজা বীৰেন্দ্ৰই প্ৰেৰণ কৰা বাৰ্তাবাহক ধীৰেন্দ্ৰৰ লগত হোৱা তেওঁৰ দলৰ গোপন বৈঠকৰ কথাই হওক।

 এক দশকতকৈও অধিক কাল অৰণ্যৰ জীৱনৰ অন্তত মাওবাদী বিদ্ৰোহীসকলে নেপালৰ সংসদত নেতৃত্ব দিবলৈ আগবাঢ়ি আহিছিল আৰু মাওবাদীয়ে বিধানসভাৰ নিৰ্বাচনত দেখুওৱা অপ্ৰত্যাশিত ভাল ফলাফলে সমগ্ৰ বিশ্ববাসীক হতচকিত কৰি তুলিছিল। আৰু আজি এই দুৰ্ধৰ্ষ মাওবাদী প্ৰধানজন দেশখনৰ প্ৰধান মন্ত্ৰী হিচাপে ক্ষমতাৰ দোঘৰাত থিয় হৈছেহি।

[ ১৬ ]

ছবিলালৰ পৰা পুষ্প কমললৈ

 কাস্কি পাহাৰে আৱৰি ৰখা পশ্চিম নেপালৰ লিৱাদি নামৰ গাঁওখন পাহাৰীয়া অঞ্চলটোৰ আন গাঁওবোৰৰ দৰেই এখন সাধাৰণ গাঁও। নৈসৰ্গিক শোভাৰে ভৰা ব্যস্ত নগৰ পোখাৰাৰ পৰা ১৮ কিলোমিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত এই গাঁওখনলৈ সময়ৰ সোঁতত সামান্য পৰিৱৰ্তন আহিছে। গাঁওখনৰ ভালেমান মানুহ সেউজীয়া পথাৰৰ সন্ধানত অইন ঠাইলৈ যাবলৈ বাধ্য হৈছে। আচৰিত যেন লাগিলেও আনকি আজিও গাঁওখনৰ মানুহবোৰৰ জীৱন-নিৰ্বাহৰ একমাত্ৰ পথ হ’ল এঢলীয়া মাটিত খেতি কৰা আৰু ম’হ পোহা। এই গাঁওখনৰ তেনেকুৱা এখন খেতিপথাৰতেই ১৯৫৪ চনৰ ১১ ডিচেম্বৰৰ দিনা মুক্তিৰাম দাহালৰ এটি পুত্ৰ সন্তানৰ জন্ম হৈছিল।

 ল’ৰা সন্তানটো জন্মৰ সেই সময়ছোৱা আছিল গোটেই পৰিয়ালটোৰ বাবে ভয়, উৎকণ্ঠা-উত্তেজনাৰে ভৰা এক শ্বাসৰুদ্ধকৰ মুহূৰ্ত। সময়তকৈ বহুত আগেয়ে জন্ম পোৱা ল'ৰাটোৰ জন্মৰ পূৰ্বে প্ৰায় ৭২ ঘণ্টাজুৰি মাকৰ অসহ্যকৰ প্ৰসৱ বেদনা হৈছিল। গাঁৱৰ বয়োজ্যেষ্ঠ মানুহবোৰে মুক্তিৰামক কবিৰাজ আৰু ৰাজ্যিক চিকিৎসালয়ৰ পৰা চিকিৎসক মাতিবলৈ পৰামৰ্শ দিছিল, যাতে তেওঁ সেই সহ্যাতীত যন্ত্ৰণাৰ পৰা উপশম [ ১৭ ] পায়। সেই দিনবোৰত পাহাৰীয়া গাঁওবোৰত কোনো চিকিৎসালয় নাছিল, ডাক্তৰ নাছিল, আনকি নাছিল প্ৰশিক্ষণপ্ৰাপ্ত ধায়ো। গাঁৱৰ বয়সীয়া মহিলাবোৰ আৰু পৰম্পৰাগত জন্ম পৰিচৰ্যা কৰা মহিলাসকলে সন্তান জন্মৰ সময়ত ধাত্ৰীৰ কামো কৰিছিল। গতিকে উদ্বিগ্ন পিতৃয়ে ঘৰৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ নাওদান্দা নামৰ গাঁওখনলৈ জৰা পানী আনিবলৈ ঢাপলি মেলিছিল। মুক্তিৰামৰ ভাষাত—

‘সেই দিনটো মোৰ এতিয়াও মনত আছে। কবিৰাজৰ ঘৰলৈ গোটেই
বাটছোৱা মই দৌৰি দৌৰি গৈছিলোঁ। কাৰণ মোৰ পত্নীৰ তীব্ৰ পেটৰ
বিষ। যথা সময়ত মই ঔষধ এপালিৰ সৈতে আমাৰ গাঁৱলৈ ঘূৰি
আহিছিলোঁ। ইতিমধ্যে মোৰ পত্নীয়ে ম’হ চৰণীয়া পথাৰখনতে সন্তান
এটি জন্ম দিছিল। গাঁৱৰ কেইগৰাকীমান বয়সীয়া মহিলাই সন্তানটো
জন্ম দিয়াত তেওঁক সহায় কৰিছিল। মই শিহৰিত হৈছিলোঁ, কাৰণ
সেয়া আছিল মোৰ প্ৰথম সন্তান, তাতে আকৌ ল’ৰা।’

 জন্মৰ এসপ্তাহৰ ভিতৰতে শিশুটিৰ এটা জটিল স্বাস্থ্যজনিত সমস্যাই দেখা দিলে। জন্মৰ সময়ত সংক্ৰমণ হোৱা বাবে স্তনত এটা ডাঙৰ ফোঁহা উঠিছিল। পূঁজ ভৰ্তি ফোঁহাটো ফুলি উঠিছিল। কণমানিটোৰ বিষত ৰ’ব নোৱৰা অৱস্থা। সেই সময়ত প্ৰচণ্ড শীতৰ মাহ, শিশুটিৰ তীৰকঁপে জ্বৰো উঠিল।

 নাওদান্দাৰ কবিৰাজজনেও কণমানিটোক উপযুক্ত চিকিৎসা কৰিব পৰা নাছিল। আনহাতে বেমাৰী শিশুটিক চিকিৎসাৰ বাবে ওচৰৰ নগৰলৈ বা ভাৰত কিম্বা নেপালৰ চহৰলৈ নিব পৰাকৈ পৰিয়ালটোৰ আৰ্থিক অৱস্থাও স্বচ্ছল নাছিল। গাঁৱৰ কেইজনমান বুঢ়া মানুহে বিভ্ৰান্ত মুক্তিৰামক মাত্ৰ সাতদিনীয়া শিশুটিক এজন কমাৰৰ ওচৰলৈ নি গৰম কৰি ৰঙা কৰা গঁজালেৰে ফোঁহাটো ফুটাই দিবলৈ পৰামৰ্শ দিছিল। মুক্তিৰামৰ ভাষাত—

‘আমি আটাইবোৰ ভয়ত বিতত হৈছিলোঁ। কি কৰিম ভাবি পোৱা
নাছিলোঁ। কমাৰজনে বৰ অস্বস্তি পাইছিল, কাৰণ তেনে এটা কাম
কৰিলে কণমানি শিশুটোৱে সহ্যাতীত কষ্ট পাব। পাছত অইন এখন
গাঁৱৰ শ্বেৰ বাহাদুৰ ছেত্ৰী নামৰ মানুহজনে কিছুমান বনৌষধি দিছিল।
দুমাহ ধৰি ফোঁহাটোত সেই বনৌষধিবোৰ লগালোঁ, শেষত ভাল হৈ
উঠিল।’

 গাঁৱৰ বাকী মানুহবোৰৰ দৰে মুক্তিৰাম আছিল এজন সহজ-সৰল, অতি দুখীয়া ব্ৰাহ্মণ। অৱস্থা ইমানেই বেয়া আছিল যে পৰিয়ালটোৰ বাবে দুবেলা দুমুঠি যোগাৰ কৰিবলৈ তেওঁৰ দিগদাৰ হৈছিল।

[ ১৮ ]  শিশুটিৰ জন্মৰ ১১ দিনৰ দিনা মুক্তিৰাম আৰু তেওঁৰ পত্নী ভৱানীয়ে ভৱানীয়ে তেওঁলোকৰ প্ৰথম সন্তানটিৰ নাম ৰাখিলে ছবিলাল।

 মাক-দেউতাক দুয়ো ল’ৰাটো ডাঙৰ হৈ তেওঁলোকৰ দুখ-দৰিদ্ৰতা মোচন কৰিব বুলি আশা কৰিছিল।

 মাকৰ সঘনে গা বেয়া হৈ থকাৰ বাবে তাৰ খুৰীয়েক দেৱচকী দাহালে তাক ডাঙৰ-দীঘল কৰাৰ দায়িত্ব লৈছিল। সময়তকৈ বহুত আগতে জন্ম হোৱা বাবে ছবিলাল একেবাৰে খীণ-মীন আৰু দুৰ্বল আছিল৷ প্ৰতিদিনে পুৱা খুৰীয়েকে সৰিয়হৰ তেলেৰে দুৰ্বল শিশুটিৰ গা মালিচ কৰি দিছিল।

 গাঁৱত থাকি পৰিয়াল চলোৱা কষ্টকৰ হৈ অহাত মুক্তিৰামৰ বন্ধুসকলে তেওঁক ভাৰতলৈ গৈ তাত কাম কৰিবলৈ পৰামৰ্শ দিছিল। সেইমৰ্মে তেওঁ ১৯৫৮ চনত কামৰ সন্ধানত উত্তৰ-পূব ভাৰতৰ ৰাজ্য অসমৰ গুৱাহাটীলৈ আহে। কিন্তু তাত তেওঁ কাম বিচাৰি নাপালে। উপায় নাপাই তেওঁ জীৱিকা-নিৰ্বাহৰ বাবে গুৱাহাটীৰ সমীপৰ জংঘলৰ পৰা খৰি আনি উজান বজাৰৰ হাটত বিক্ৰী কৰিছিল।

 এই কামটোত এবছৰতকৈও বেছিদিন লাগি থকাৰ পাছত গুৱাহাটীৰ খ্ৰীষ্টানবস্তিত ৱালফ’ৰ্ড নামৰ ব্ৰিটিছৰ দিনৰ কোম্পানী এটাত চাকৰি পালে। সেই সময়ত ৱালফ'ৰ্ড ইটালীত নিৰ্মিত ফিয়েট গাড়ীৰ উত্তৰ-পূবৰ একমাত্ৰ পৰিৱেশক আছিল। তেওঁৰ ভাষাত—

‘গুৱাহাটীত কাম কৰি খুব স্ফূৰ্তি পাইছিলোঁ। কাৰণ তাত পোখৰা আৰু
তাৰ ওচৰ-পাঁজৰৰ ভালেমান নেপালী মানুহে কাম কৰিছিল। মই
অসমীয়া ভাষা ক’বলৈ শিকিছিলোঁ। কোম্পানীটোৰ বিষয়াকেইগৰাকী
সঁচাকৈ বৰ ভাল মানুহ আছিল। এবাৰ মই নৈসৰ্গিক শোভাৰে ভৰা
চহৰ শ্বিলঙলৈও গৈছিলোঁ।'

 ১৯৬১ চনত তেওঁ তেওঁৰ জন্ম গাঁও লিৱাদিলৈ উভতি আহে। কাৰণ তেওঁক উজনি অসমৰ ডিব্ৰুগড়লৈ বদলি কৰা হৈছিল, কিন্তু তেওঁ তাত কাম কৰিবলৈ যাবলৈ বৰ আগ্ৰহী নাছিল। তাৰ বিপৰীতে তেওঁ গাঁৱলৈ উভতি গৈ পৰিয়ালৰ লগত থকাৰ কথাহে ভাবিলে। পাছত তেওঁৰ ককায়েকে ৱালফ'ৰ্ডত তেওঁৰ চাকৰিটো লৈছিল আৰু গুৱাহাটীৰ পৰা প্ৰায় ৫০০ কিলোমিটাৰ নিলগৰ ডিব্ৰুগড়ত ভালেমান বছৰ চাকৰি কৰিছিল।

 ১৯৬২ চনত দৰিদ্ৰতাই মুক্তিৰামক পুনৰবাৰ লিৱাদি এৰিবলৈ বাধ্য কৰালে। তেওঁ ভাগত পোৱা মাটিখিনিৰে ঘৰ চলাব নোৱৰা হোৱাত এইবাৰ তেওঁ জেঠায়েকৰ ল’ৰা কুলপ্ৰসাদ দাহালৰ স’তে চিৰদিনৰ বাবে লিৱাদি এৰি গুচি আহে। কিন্তু ঘৰৰ পৰা বহু [ ১৯ ] আঁতৰৰ নতুন ঠাই এখনলৈ যোৱা কথাটো মুখেৰে কোৱা যিমান সহজ, কৰাটো সিমান সহজ নহয়। প্ৰায় এশ বছৰ ধৰি তেওঁলোকৰ পূৰ্বপুৰুষে বাস কৰা এই সৰু গাঁওখনৰ লগত গভীৰ আৱেগ বিজড়িত হৈ আছিল। কিন্তু তেওঁলোকৰ হাতত কোনো বিকল্প পথ খোলা নাছিল। সেয়ে তেওঁলোকে কাস্কিৰ দক্ষিণ-পূবৰ চিটৱান জিলাৰ ভীমসেন নগৰলৈ যাবলৈ ঠিক কৰিলে। গাঁওখন (শিৱনগৰ অঞ্চলৰ) নাৰায়ণগড়-ভাৰতপুৰৰ পৰা ১৪ কিলোমিটাৰ দক্ষিণে অৱস্থিত।

 চিটৱান গৈ পাওঁতে পৰিয়ালটোৰ ১১ দিন লাগিছিল। কাৰণ যাওঁতে তেওঁলোকে লগত গৰু-ম’হবোৰ লৈ গৈছিল। কণ কণ ল’ৰা-ছোৱালী লগত লৈ খোজকাঢ়ি অহা গোটেই যাত্ৰাটো আছিল ভীষণ কষ্টকৰ। পাহাৰীয়া ৰাস্তাৰে আহি থাকোঁতে তেওঁলোক বিভিন্ন ঠাইত ৰ’বলগীয়া হৈছিল। এই সন্দৰ্ভত কুলপ্ৰসাদে কয়—

‘আমি ভীমসেন নগৰলৈ গুচি আহিছিলোঁ, কাৰণ তাত কম দামত মাটি
পাইছিলোঁ। তদুপৰি চিটৱানৰ যোগাযোগ ব্যৱস্থা তুলনামূলকভাৱে ভাল
আছিল। কাস্কিৰ বিভিন্ন গাঁৱৰ পৰা ভালেমান মানুহ অঞ্চলটোলৈ
আহিছিল। কিন্তু আমি যিখন গাঁৱলৈ আহিছিলোঁ তালৈ খুব কম মানুহ
আহিছিল কাৰণ গাঁওখনলৈ যাবলৈ কোনো ৰাস্তা নাছিল, চৌপাশ
আছিল ঘন অৰণ্যৰে৷ আৱৰা।

 তালৈ অহাৰ প্ৰথম তিনি বছৰ মুক্তিৰাম আৰু কুলপ্ৰসাদৰ পৰিয়ালটো এটা অস্থায়ীকে সজা সৰু ঘৰত আছিল। স্থায়ীকৈ ভাল ঘৰ সাজিবলৈ তেওঁলোকৰ সেই সময়ত টকা নাছিল। দুয়োটা পৰিয়ালে বেলেগে বেলেগে খোৱা-বোৱা কৰিছিল যদিও পৰিয়াল দুটাৰ সম্পৰ্ক কিন্তু অতি ঘনিষ্ঠ আছিল। বিশেষকৈ কুলপ্ৰসাদৰ পত্নী দেউৰূপাৰ লগত ভৱানীৰ খুব ঘনিষ্ঠতা আছিল।

 এজন ভায়েক আৰু তিনিজনী ভনীয়েকৰ সৈতে চিটৱানলৈ অহাৰ সময়ত ছবিলালৰ বয়স আছিল আঠ বছৰ। তাতেই গাঁৱৰ এখন স্কুলত তেওঁৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ হয়। এটি দুখীয়া ব্ৰাহ্মণ পৰিয়ালৰ ডাঙৰ ল’ৰা হিচাপে ছবিলাল বেছ পৰিশ্ৰমী আৰু মিতব্যয়ী আছিল। লগতে তেওঁ অতি বুজন আৰু নম্ৰ-ভদ্ৰ আছিল। মাক-দেউতাকক তেওঁ কেতিয়াও দিগদাৰ দিয়া নাছিল।

 লিৱাদিৰ দৰে ভীমসেন সেই সময়ত ডাঙৰ গাঁও নাছিল। খোৱাপানী যোগান, চিকিৎসা ব্যৱস্থাৰ দৰে ন্যূনতম সেৱাবোৰৰো গাঁওখনত অভাৱ আছিল। আনকি আজিও ভৰতপুৰ পৌৰসভাৰ পৰা গাঁওখনলৈ আধা ৰাস্তা কেঁচা। গাঁৱৰ বেছিখিনি মানুহেই দুখীয়া আৰু তেওঁলোক খেৰৰ ঘৰত থাকে। জীৱিকা-নিৰ্বাহৰ বাবে তেওঁলোকে পথাৰত ঘেঁহু, গোমধান আৰু ধানখেতি কৰে। দাহাল পৰিয়ালৰ ল’ৰা-ছোৱালীৰ [ ২০ ] ভিতৰত ডাঙৰ ল’ৰা হিচাপে ছবিলাল ভায়েক গংগাৰাম আৰু ভনীয়েক ছজনীৰ অভিভাৱক আছিল। ছবিলালৰ ভনীয়েক ছজনী ক্ৰমে— অপ্সৰা ভাণ্ডাৰী, তাৰা দাহাল, সীতা অধিকাৰী, কমলা পৌড়েল, বিষ্ণু মায়া ভাণ্ডাৰী আৰু সৰস্বতী পাঠক— আটাইকেইগৰাকীয়ে তেওঁৰ দিহা-পৰামৰ্শ বিচাৰিছিল। একেবাৰে সৰু তিনিজনী ভনীয়েকৰ ভীমসেন নগৰত জন্ম হৈছিল।)

 ঘৰত ডাঙৰ ভনীয়েক অপ্সৰাৰ লগত ছবিলালৰ আটাইতকৈ বেছি ভাল সম্পৰ্ক আছিল। ককায়েকতকৈ তেওঁ তিনি বছৰৰ সৰু আছিল। তেওঁৰ ইতিমধ্যে বিয়া হৈছে। পৰিয়ালৰ স’তে এতিয়া নাৰায়ণ নগৰত থাকে। ককায়েকৰ বিষয়ে তেওঁ কৈছিল—

‘দাই পৃথিৱীৰ ভিতৰতে এজন ভাল ভাতৃ, এজন অতি পৰিশ্ৰমী ব্যক্তি।
স্কুলৰ পৰা আহি তেওঁ সদায় আমাৰ সকলোৰে কাৰণে ভাত ৰান্ধিছিল—
কাৰণ অসুখৰ কাৰণে মা বেছিভাগ সময় বিছনাতে পৰি থাকিছিল।
কোনো কথাতে তেওঁ ওজৰ-আপত্তি নকৰিছিল। ঘৰৰ কাম কৰি উঠি
যিখিনি আজৰি সময় পাইছিল সেই সময়খিনি তেওঁ কিতাপ পঢ়িয়েই
কটাইছিল।’

 অপ্সৰাই লগতে ৰোমন্থন কৰে কিদৰে ককায়েকে ভীমসেন নগৰত তেওঁলোকৰ ঘৰৰ ম’হবোৰ চোৱা-চিতা কৰিছিল। ককায়েকে ম’হবোৰ চোৱা-চিতা কৰিবলগীয়া হৈছিল কাৰণ দেউতাকে সাধাৰণতে ফাৰ্মত নতুবা অন্যান্য ঘৰুৱা কামত ব্যস্ত থাকিছিল। ছবিলালে ম’হকেইটাৰ কাৰণে ঘাঁহ যোগাৰ কৰিবলৈ গাঁৱত ঘূৰি ফুৰিছিল। তেওঁৰ ঘি- দৈৰ প্ৰতি থকা আগ্ৰহৰ কথা গাঁওবাসীয়ে আজিও মনত পেলায়।

 মুক্তিৰাম আৰু তেওঁৰ ককায়েকৰ ল’ৰা কুলপ্ৰসাদে পাঁচ বিঘা মাটিত (এক হেক্টৰ = ১.৬ বিঘা) ঘেঁহু, গোম আৰু ধানখেতি কৰিছিল। চিটৱানৰ সেই গাঁওখনৰ মাটিবোৰ বৰ সাৰুৱা আছিল কাৰণ মাটিখিনিত নতুনকৈ খেতি কৰিবলৈ লোৱা হৈছিল। কাস্কিৰ লিৱাদি গাঁৱতকৈ এই মাটিডোখৰত যথেষ্ট ভাল খেতি হৈছিল। ভনীয়েককেইজনী ডাঙৰ হৈ অহাৰ লগে লগে বোকাৰে বেৰ লিপা তিনিটা কোঠাৰ ঘৰটো চোৱা-চিতা কৰাৰ দায়িত্ব ছবিলালৰ ওপৰত পৰিল আৰু তেওঁ কামটো সুচাৰুৰূপে পালন কৰিছিল।

 ঘৰৰ বাহিৰত কুলপ্ৰসাদৰ ডাঙৰ ল’ৰা নাৰায়ণ ছবিলালৰ বন্ধু আছিল। নাৰায়ণ ছবিলালতকৈ দুবছৰৰ ডাঙৰ আছিল। দুয়ো একেখন স্কুলতে পঢ়িছিল আৰু বেছিভাগ সময় দুয়ো একেলগে কটাইছিল। নাৰায়ণৰ সৰু ভায়েক ৰামচন্দ্ৰ দাহালে এই সন্দৰ্ভত কয়—

‘পৰিয়ালৰ ডাঙৰ ল’ৰা হিচাপে সৰু ভায়েক আৰু ভনীয়েকহঁতৰ মাজত
খুট-খাট কাজিয়া লাগিলে তেওঁ (ছবিলালে) বিচাৰকৰ ভূমিকা লৈছিল।

[ ২১ ]

তেওঁ খুব ভালদৰে কাজিয়াৰ বিচাৰ কৰিছিল। আমি সকলোৱে তেওঁক
সন্মান কৰিছিলোঁ।’

 ল’ৰা হিচাপে ছবিলাল খুব সহজ-সৰল আৰু স্ফূৰ্তিবাজ আছিল। তেওঁ নচা, গান গোৱাৰ উপৰি ফুটবল, ভলীবল আৰু কাবাডী খেলিছিল। গাঁৱৰ অন্যান্য অযত্নপালিত ল’ৰা-ছোৱালীৰ দৰে ছবিলালৰো পঢ়া-শুনাত বৰ ৰাপ নাছিল। তিনি আৰু ছয় সংখ্যা দুটা তেওঁ সদায় ভুল কৰিছিল। দেৱনাগৰী লিপিত লিখা নেপালী তিনি আৰু ছয় দুয়োটা একে বুলি ধৰি লৈছিল। গাঁওবাসীৰ মতে ছবিলালে তৃতীয় শ্ৰেণীত ফেইল কৰিছিল। সেই সময়ত তেওঁক পঢ়া-শুনা দেখুৱাই দিবলৈ কোনো নাছিল। মুক্তিৰামৰ ভাষাত—

‘এদিন সি কান্দি কান্দি ঘৰলৈ আহি ক’লে যে সি শ্ৰেণীত ফেইল
কৰিছে। মই তাক ক'লোঁ যে মই বৰ আঘাত পাইছোঁ আৰু এইদৰে
ফেইল কৰি থাকিলে মই তাক পঢ়ুৱাব নোৱাৰিম। সি গোটেই দিনটো
কান্দি থাকিল আৰু মোক কথা দিলে যে ভৱিষ্যতে সি আৰু কেতিয়াও
পৰীক্ষাত বেয়া নকৰে।’

 ছবিলালে অতি সোনকালে পৰীক্ষা বেয়া কৰাৰ কাৰণ বুজি পালে। পাছৰ বছৰত তেওঁ কঠোৰ পৰিশ্ৰম কৰি পঢ়িলে আৰু দ্বিতীয় স্থান পাই চতুৰ্থ শ্ৰেণীলৈ উত্তীৰ্ণ হ’ল। তাৰ পাছত আৰু তেওঁ উভতি চোৱা নাই ৷ পঞ্চম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত তেওঁ প্ৰথম হয়। আৰু তেওঁৰ উল্লেখনীয় ফলাফলৰ বাবে পঞ্চম শ্ৰেণীৰ পৰা পোনে পোনে সপ্তম শ্ৰেণীলৈ উত্তীৰ্ণ কৰোৱাই দিয়া হয়। তেওঁৰ খুৰাক ৮৩ বছৰীয়া কুলপ্ৰসাদে ছাত্ৰ হিচাপে ছবিলালৰ নিয়মানুৱৰ্তিতা আৰু কৰ্তব্যনিষ্ঠাক আজিও মনত পেলায়। গাঁওবাসীয়ে তেওঁক যথেষ্ট মৰম কৰিছিল কাৰণে তেওঁ শিক্ষকসকলৰ লগতে জ্যেষ্ঠসকলক শ্ৰদ্ধা- সন্মান কৰিছিল। প্ৰতি সপ্তাহতে তেওঁ ভাৰতপুৰ আৰু নাৰায়ণগড়লৈ খোজকাঢ়ি কেৰাচিন কিনিবলৈ গৈছিল যাতে ৰাতি চাকি-লেম্প জ্বলাই কিতাপ পঢ়িব পাৰে। কাৰণ সেই সময়ত তেওঁলোকৰ ঘৰত বিজুলী যোগান নাছিল। কুলপ্ৰসাদৰ ভাষাত—

‘নিচেই সৰুৰে পৰা সি বৰ আৱেগিক আছিল। সততা, ঐকান্তিকতা
আৰু উৎসৰ্গীকৃত মনোভাব তেওঁৰ ডাঙৰ গুণ আছিল। আৰু মই
ভাবোঁ তেওঁ আজিও তেওঁৰ কাম-কাজত যথেষ্ট পৰিপাটি।’

 নাৰায়ণী বিদ্যা মন্দিৰ মাধ্যমিক বিদ্যালয়ত ৰাজকৃষ্ণ কান্দেল নামৰ ইংৰাজী শিক্ষকজন ছবিলালৰ প্ৰিয় শিক্ষক আছিল। তেওঁ ছবিলালৰ এজন সুপৰামৰ্শদাতাও আছিল। এই বৃদ্ধ শিক্ষকজনে এতিয়া অৱসৰ লৈছে আৰু তেওঁ ভাৰতপুৰৰ ওচৰৰ কৃষ্ণপুৰ গাঁৱত থাকে।

[ ২২ ] ছবিলাল অত্যন্ত অধ্যয়নশীল ছাত্ৰ আছিল আৰু তেওঁৰ সাংঘাতিক স্মৃতিশক্তি আছিল। ইংৰাজী শিক্ষক কান্দেলে তেওঁৰ সততা, নিষ্ঠা আৰু কঠোৰ শ্ৰম কৰিব পৰা স্বভাৱক বৰ ভাল পাইছিল। তেওঁ নৱম শ্ৰেণীত পঢ়ি থাকোঁতে শিক্ষকজনে ভাবিছিল ছবিলালৰ এটা অধিক উপযুক্ত নাম দিব লাগে— নামটো হৈছে পুষ্প কমল— অৰ্থাৎ পদুম ফুল। শিক্ষকজনৰ কথাত ছবিলাল ইমানেই শিহৰিত হৈছিল যে স্কুলত নতুন নামটো পঞ্জীয়ন কৰাই লৈছিল। আৰু এইদৰেই তেওঁ পুষ্প কমল দাহাল হৈ পৰিছিল।

 পুষ্প কমলৰ জীৱনৰ এটা সম্পূৰ্ণ নতুন অধ্যায় আৰম্ভ হৈছিল যেতিয়া তেওঁৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ জ্যেষ্ঠ পুত্ৰৰ বাবে এজনী কইনা বিচাৰি উলিয়ালে। ১৯৬৯ চনৰ এপ্ৰিল মাহত মাথোঁ ১৫ বছৰ বয়সতে ভীমসেন নগৰৰ পৰা দুই কিলোমিটাৰ আঁতৰৰ গাঁৱৰ সীতা পৌড়েল নামৰ যুৱতীগৰাকীৰ লগত তেওঁৰ বিয়া হয়।

 সুন্দৰবস্তিৰ পৌড়েল সম্প্ৰদায়ৰ মানুহখিনিৰ দাহালসকলতকৈ আৰ্থিক অৱস্থা বেছি ভাল আছিল। কিন্তু ইয়ে তেওঁলোকৰ বিয়াৰ ক্ষেত্ৰত কোনো বাধাৰ সৃষ্টি কৰা নাছিল। পুষ্প কমলৰ শাহুৱেক হৰি কালা পৌড়েলে এই বিষয়ে এনেদৰে কয়—

‘আমাৰ পৰিয়ালৰ পুৰণি বন্ধু মুক্তিৰাম দাহাল আৰু কুল প্ৰসাদ দাহালে
যেতিয়া তেওঁলোকৰ ল’ৰাৰ বাবে বিয়াৰ প্ৰস্তাৱ লৈ আমাৰ ঘৰলৈ
আহিছিল, আমি সকলোৱে খুবেই আনন্দিত হৈছিলোঁ।’

 পুষ্প কমলতকৈ ন-বছৰ সৰু খুৰাকৰ ল’ৰা ৰামচন্দ্ৰৰ ঘৰৰ ওচৰৰ সুন্দৰবস্তিলৈ ঢোলে-ডগৰে বৰযাত্ৰী হৈ যোৱা দিনটো এতিয়াও মনত আছে। তেওঁৰ ভাষাত—

‘পৰিয়ালৰ প্ৰথম বিবাহ হিচাপে আমি আটায়ে যথেষ্ট আনন্দিত হৈছিলোঁ।
আমাৰ পৈতৃক গাঁৱৰ পৰাও আলহীবোৰ ভীমসেন নগৰৰ বিয়ালৈ
আহিছিল। আমাৰ দাদা বৰ লাজকুৰীয়া আছিল, তেওঁ আনকি কইনাৰ
চকুলৈ এবাৰো চোৱা নাছিল।’

 গাঁৱৰ খুব কমসংখ্যক মানুহেহে জানিছিল কইনা সীতা পৌড়েল দৰাতকৈ ছমাহ ডাঙৰ। কইনা কেতিয়াও স্কুললৈ যোৱা নাছিল যদিও শিক্ষিত আছিল। দাহালসকলৰ দৰে পৌড়েলসকলেও কাস্কি জিলাৰ হেমৰাজ গাঁৱৰ পৰা চিটৱানলৈ আহিছিল। পৈতৃক ভেটিৰ পৰা আঁতৰলৈ অহা দুয়োটা পৰিয়ালেই বিবাহৰ জৰিয়তে তেওঁলোকৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে আগ্ৰহী হৈছিল। সেইবাবে কইনাৰ বয়সে বিয়াখনত কোনো সমস্যাৰ সৃষ্টি কৰা নাছিল। বিয়াখন সুকলমেই হৈ গৈছিল। ঘৰৰ প্ৰতিগৰাকী মানুহেই সুখী হৈছিল। এই বিষয়ে চাৰি পুত্ৰ আৰু দুই কন্যা সন্তানৰ মাতৃ হৰি কালাই কয়—

‘আমাৰ গোটেই পৰিয়ালটোৱে বিয়াখনক লৈ আনন্দত আত্মহাৰা

[ ২৩ ]

পিতৃ মুক্তিৰাম দাহাল আৰু জ্যেষ্ঠ ভাতৃ গংগাৰামৰ সৈতে কণমানি পুষ্প কমল

[ ২৪ ]

হৈছিলোঁ। কাৰণ দৰাজন আছিল অতি সহজ-সৰল আৰু কঠোৰ
পৰিশ্ৰমী। আমি আশা কৰিছিলোঁ যে এদিন তেওঁৰ ভাগ্য সুপ্ৰসন্ন হ’ব
আৰু নেপালৰ ক'ৰবাত শিক্ষকৰ চাকৰি পাব। আৰু আমাৰ ডাঙৰ
ছোৱালীজনীক সুখত ৰাখিব।’

 শাহুৱেকৰ একান্ত ইচ্ছা সত্ত্বেও পুষ্প কমলে কিন্তু কেতিয়াও শিক্ষক হ’ব বিচৰা নাছিল। আৰু সেইকাৰণে শাহুৱেকে শিক্ষক হ’বলৈ আশীৰ্বাদ দিলেও তেওঁ প্ৰায়ে তাত অসন্মতি প্ৰকাশ কৰিছিল। কাৰণ পুষ্প কমলৰ শিক্ষক হোৱাতকৈ বহুত ডাঙৰ সপোন আছিল।

 কিশোৰ অৱস্থাতে সীতাৰ সৈতে হোৱা বিবাহে পুষ্প কমলক স্কুলত পঢ়াৰ পৰা আঁতৰাই আনিব নোৱাৰিলে। বিয়াৰ পাছতেই বোৱাৰীয়েকজনীক ৰন্ধা-বঢ়াৰ লগতে অন্যান্য ঘৰুৱা কাম-কাজ চলোৱাৰ দায়িত্ব দিয়া হৈছিল। ফলস্বৰূপে পুষ্প কমলে দশম শ্ৰেণীৰ শেষত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ সময় পাইছিল। অৱশ্যে দেউতাকে পুষ্প কমলৰ ভনীয়েক ছয়গৰাকীক আৰ্থিক অৱস্থাৰ বাবে পঢ়ুৱাব নোৱাৰিলে। উদাহৰণস্বৰূপে, ডাঙৰ ভনীয়েক অপ্সৰাই একেবাৰে স্কুললৈ যোৱা নাছিল। বাকী পাঁচজনী ভনীয়েকৰো স্কুললৈ যোৱা নহ’ল। এই সম্পৰ্কে অপ্সৰাই কয়—

‘মোৰ দুয়োগৰাকী ককাইদেৱে স্কুলৰ পঢ়া-শুনাৰ ক্ষেত্ৰত কঠোৰ শ্ৰম
কৰিছিল। সেইবাবে তেওঁলোক দুয়ো পঢ়া-শুনাত আগবাঢ়িব পাৰিছিল।
কিন্তু মোৰ পঢ়া-শুনাত মুঠেও ৰাপ নাছিল ৷ আৰু সেই কাৰণে মই
কেতিয়াও স্কুললৈ যোৱা নাছিলোঁ।’

 পৰিয়ালৰ দুৰ্বল আৰ্থিক অৱস্থাৰ কাৰণেই মূলতঃ ভনীয়েককেইজনীয়ে স্কুললৈ যোৱা নাছিল৷ তদুপৰি সেই সময়ত নেপালৰ গাঁওবোৰত ছোৱালীৰ শিক্ষাক বিশেষ অগ্ৰাধিকাৰ দিয়া হোৱা নাছিল ৷ সেইবাবে খুব কম বয়সতে আটাইকেইজনী ভনীয়েকে এজনী এজনীকৈ বিয়া হৈ গৈছিল। দুখৰ বিষয়, দ্বিতীয়জনী ভনীয়েক তাৰাৰ মাত্ৰ ৩৫ বছৰ বয়সতে মৃত্যু হৈছিল।

 পুষ্প কমলৰ সৰু ভায়েক গংগাৰামেও গভীৰ মনোযোগেৰে পঢ়া-শুনা কৰাত মনোনিৱেশ কৰিছিল। তেওঁ বনপালন বিদ্যাক জীৱিকা হিচাপে বাছি ল’বলৈ সিদ্ধান্ত লৈছিল। চিটৱানৰ ৰামপুৰৰ ইনষ্টিটিউট অৱ এগ্ৰিকালচাৰ এণ্ড এনিমেল ছায়েন্স (আই এন এছ)ৰ পৰা স্নাতক ডিগ্ৰী লোৱাৰ পাছত গংগাৰামে বনপালন বিদ্যাৰ কেইবাটাও আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পত কাম কৰিছিল। ভাৰতৰ পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লৈছিল আৰু অধিক অধ্যয়নৰ অৰ্থে ইংলেণ্ডলৈ গৈছিল। ইংলেণ্ডৰ ৰিডিং বিশ্ববিদ্যালয়ে তেওঁক ‘ফৰেষ্ট গভাৰনেন্স এণ্ড ইনষ্টিটিউশ্যনেল ষ্ট্ৰাইকাৰ ইন দি কনটেক্ট অৱ [ ২৫ ] ৰিভলিউশ্যন’ শীৰ্ষক গৱেষণাপত্ৰৰ বাবে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল। ২০০৫ চনৰ ছেপ্টেম্বৰত গংগাৰামে ইণ্ডোনেছিয়াৰ চেণ্টাৰ ফৰ ইণ্টাৰনেশ্যনেল ফৰেষ্ট্ৰি বিচাৰ্ছৰ বন আৰু প্ৰশাসন কাৰ্যসূচীত (ফৰেষ্ট এণ্ড গভাৰনেন্স প্ৰগ্ৰাম)ত পোষ্ট-ডক্টৰেল ফেলো হিচাপে যোগদান কৰে।

 সম্প্ৰতি গংগাৰামে সমগ্ৰ এছিয়াৰ ভিতৰত বনপালন বিদ্যাৰ এজন আগশাৰীৰ গৱেষক হিচাপে স্বীকৃতি লাভ কৰিছে। গংগাৰামৰ এই সফলতাত গোটেই দাহাল পৰিয়ালে গৌৰৱবোধ কৰে। নেপালৰ বুজনসংখ্যক কৃতী ছাত্ৰ-ছাত্ৰীয়ে এতিয়া চিকিৎসা, ইঞ্জিনিয়াৰিং, কৃষি আৰু বনপালনৰ দৰে বিষয় অধ্যয়নৰ বাবে বাছি লৈছে। পুষ্প কমলেও সৰু ভায়েকৰ দৰে মনে-প্ৰাণে বিজ্ঞান পঢ়াৰ কথাই ভাবিছিল, কিন্তু এটা ঘটনাই তেওঁৰ চিন্তাধাৰা তথা জীৱনৰ গতি সলাই পেলাইছিল। পুষ্প কমলৰ ভাষাত—

‘এদিন মই দেখিছিলোঁ এজন টকা ধাৰলৈ দিয়া মানুহে মোৰ দেউতাক
বৰ বেয়াকৈ অপমান কৰিছিল। মোৰ দেউতাই মানুহজনৰ ভৰিত
উবুৰি হৈ পৰিছিল, কিন্তু টকা ধাৰলৈ দিয়া মানুহজনে তেওঁক লথিয়াই
দিছিল। ঘটনাটো দেখি মোৰ মনৰ ভিতৰত জুই জ্বলি উঠিছিল। এই
ঘটনাটো মই কেতিয়াও পাহৰিব নোৱৰা এটা ৰাজনৈতিক পাঠ আছিল।
ঘটনাটোৱে মোৰ জীৱনৰ গতিপথেই সলনি কৰি দিছিল।’

 ঘটনাটোৰ পাছত তেওঁৰ বিপ্লৱ সম্পৰ্কীয় কিতাপৰ প্ৰতি প্ৰবল আগ্ৰহ জন্মিছিল। মাও জে ডং, কিউবাৰ ফিডেল কাষ্ট্ৰো আৰু কোৰিয়াৰ বিদ্ৰোহী নেতাসকলৰ কিতাপবোৰ তেওঁ আগ্ৰহেৰে পঢ়িছিল। তেওঁ পঢ়া ভালেমান কিতাপ আছিল হিন্দী নতুবা ইংৰাজী ভাষাৰ। কিতাপবোৰ তেওঁ তেওঁৰ বন্ধুবোৰৰ লগতে শিক্ষকসকলৰ পৰা ধাৰ কৰি আনি পঢ়িছিল।

 তেওঁ স্কুলত পঢ়ি থকা দিনত চিটৱানৰ পুথিভঁৰালবোৰত মাৰ্ক্সবাদ-লেনিনবাদৰ খুব কমসংখ্যক কিতাপ আছিল। যিখিনি কিতাপ আছিল সেইবোৰ ভাৰতৰ পৰা অনা হৈছিল ৷ ভাৰতত তেতিয়া সাম্যবাদী আন্দোলনে শিপা মেলিছিল। প্ৰগতিশীল চিন্তাৰ কিতাপবোৰে তেওঁক সমাজবাদ আৰু বিপ্লৱৰ বিষয়ে শিকাইছিল। সেইদৰে কিশোৰ অৱস্থাতে তেওঁ সাম্যবাদী আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈছিল। বয়স হোৱাৰ লগে লগে পুঁজিবাদ তথা সামন্তবাদৰ প্ৰতি তেওঁৰ ঘৃণা বাঢ়ি আহিছিল। [ ২৬ ]

এজন যুৱ সমাজবাদী নেতাৰ অভ্যুত্থান

 সমাজবাদী আদৰ্শৰ প্ৰতি মন ঢাল খোৱাৰ সময়তেই পুষ্প কমল দাহাল চন্দ্ৰৰাজ ভূৰটেল নামৰ নাৰায়ণী বিদ্যা মন্দিৰৰ এগৰাকী প্ৰসিদ্ধ শিক্ষক তথা পণ্ডিতৰ সান্নিধ্যলৈ আহে। তেওঁৰ সান্নিধ্য আৰু তত্ত্বাৱধানত সাম্যবাদৰ চৰম অনুৰাগী যুৱকজনৰ সাম্যবাদী চিন্তাধাৰাই আৰু অধিক পৰিপক্কতা লাভ কৰে।

 সেই সময়ত নেপালত দলহীন পঞ্চায়তৰ শাসন চলিছিল আৰু এই পঞ্চায়তী শাসনে ৰাজনৈতিক দল, বিশেষকৈ বাঁওপন্থাৰ প্ৰতি সহানুভূতিশীল দল আৰু বামপন্থাৰ প্ৰতি সমৰ্থন থকা দলসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লৈছিল। এনে অৱস্থাত নেপালৰ কোনো যুৱকেই ৰাজনৈতিক কাম-কাজত অংশগ্ৰহণ কৰাৰ প্ৰতি আগ্ৰহী নাছিল। কিন্তু এই দিশত পুষ্প কমল পিছপৰি নাথাকিল। আনকি তেওঁ স্কুলীয়া জীৱনৰ পৰাই বাঁওপন্থী কাম-কাজত নিজকে নিয়োজিত কৰিছিল।

 ১৯৪৯ চনত পুষ্পলাল শ্ৰেষ্ঠাৰ নেতৃত্বত এক সমাজবাদী দল গঠন হোৱাৰ লগে লগে নেপালত সমাজবাদী বিপ্লৱৰ সূচনা হয়। প্ৰথম অৱস্থাত এই দলে নেপালৰ সংসদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। কিন্তু ১৯৫৮ চনৰ নেপালী কংগ্ৰেছৰ [ ২৭ ] প্ৰথম সংসদীয় নিৰ্বাচনত এই দলে মাত্ৰ কেইখনমান আসনহে লাভ কৰিবলৈ সক্ষম হৈছিল।

 ১৯৬০ চনত নেপালত বহুদলীয় প্ৰথা তথা গণতন্ত্ৰৰ অপমৃত্যু ঘটে। ৰজা মহেন্দ্ৰই গণতান্ত্ৰিক চৰকাৰ ভাঙি দি নিজৰ হাতলৈ ক্ষমতা কাঢ়ি আনে। নেপালৰ প্ৰথমখন গণতান্ত্ৰিক চৰকাৰৰ নিৰ্বাচনৰ মাত্ৰ সোতৰ মাহ পাছতেই ৰজা মহেন্দ্ৰই সংসদ ভাঙি দি বহুদলীয় প্ৰথাকে ধৰি সকলো ৰাজনৈতিক দলৰ বিৰুদ্ধে প্ৰতিবন্ধকতা আৰোপ কৰে।

 ৰজা মহেন্দ্ৰৰ ৰাজতান্ত্ৰিক শাসনৰ পাছতো কিন্তু নেপালত সমাজবাদীসকলৰ কাম- কাজ চলিয়েই থাকিল। তথাপি এই আদৰ্শই শিক্ষিত-সুধী সমাজৰ মাজত ইমান এটা আদৰ পাবলৈ সক্ষম হোৱা নাছিল। কিয়নো এই লোকসকলে ৰাজতন্ত্ৰৰ প্ৰতিয়েই নিজৰ আনুগত্য প্ৰকাশ কৰিছিল।

 ১৯৭০ চনত পুষ্প কমলে প্ৰৱেশিকা পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। প্ৰৱেশিকা পৰীক্ষাৰ ফলাফল আশানুৰূপ নোহোৱাত ল’ৰাজন হতাশ হৈ পৰিছিল। তেওঁ যথেষ্ট ভাল ফলাফল আশা কৰিছিল। হতাশাজনক পৰীক্ষাৰ ফলাফলে তথাপি তেওঁৰ বিজ্ঞান শাখাত নামভৰ্তি কৰাৰ হেঁপাহ প্ৰশমিত কৰিব পৰা নাছিল।

 হাইস্কুলীয়া জীৱনৰ পৰাই পুষ্প কমলে এগৰাকী পাইলট হোৱাৰ সপোন পুহি ৰাখিছিল। কিন্তু এইচ এছ এল চি পৰীক্ষাৰ ফলাফলে তেওঁৰ সেই সপোনক বাস্তৱায়িত হ’বলৈ নিদিলে। দ্বিতীয় বিকল্প হিচাপে তেওঁ ট্ৰাই চন্দ্ৰ নাইবা অমৃত ছায়েঞ্চ কলেজত বিজ্ঞান শাখাত নামভৰ্তি কৰিবলৈ বিচাৰিছিল। কিন্তু সময়ত কেইশমান টকা যোগাৰ কৰিব নোৱৰাত তেওঁ সময়মতে কাঠমাণ্ডুত উপস্থিত হ’ব নোৱাৰিলে। তদুপৰি ৰাজধানী চহৰখনৰ হোষ্টেলত থাকি পঢ়াৰ খৰচ যোগাৰ কৰাটোও তেওঁৰ পক্ষে সম্ভৱ নাছিল। ইতিমধ্যে ৰাজধানী চহৰৰ দুয়োখন প্ৰসিদ্ধ কলেজতে নামভৰ্তিৰ সময়সীমা উকলি গৈছিল। উপায়ান্তৰ হৈ পুষ্প কমলে পটান মাল্টি পাৰপাজ কেম্পাছত শিক্ষাগ্ৰহণ কৰাৰ সিদ্ধান্ত লয়।

 পটান মাল্টি পাৰপাজ কেম্পাছত হোষ্টেলৰ সুবিধা নথকা বাবে কমলে পটান ঢোকাৰ ওচৰত এটা ভাড়াঘৰত থাকি পঢ়িছিল। কলেজ চৌহদৰ বাহিৰত থকাৰ বাবে তেওঁ মুকলি মনেৰে ফুৰা-চকা কৰিবলৈ সুবিধা পাইছিল আৰু সমাজবাদী আদৰ্শৰ অনুৰাগী বহু ব্যক্তিৰ সান্নিধ্যলৈ অহাৰ সুযোগ পাইছিল। পাছলৈ তেওঁ পটান ঢোকাৰ পৰা কিছু দূৰৈত ডাউন-টাউন মংগল বজাৰৰ সমীপৰ এটা ঘৰত বাস কৰিবলৈ লৈছিল। তেওঁ কলেজত পঢ়ি থকা সময়ছোৱাত দেউতাক মুক্তিৰামে প্ৰায়ে ভীমসেন নগৰৰ পৰা কাঠমাণ্ডুলৈ পুতেকক চাউল-পাত নাইবা অন্যান্য প্ৰয়োজনীয় সামগ্ৰী [ ২৮ ] যোগান দিবলৈ ঘনাই অহা-যোৱা কৰিছিল। এই সন্দৰ্ভত দেউতাক মুক্তিৰাম দাহালে কয়—

‘তেওঁ (পুষ্প কমল) কাস্কিৰ এজন গুৰুং ল’ৰাৰ লগত এটা ভাড়াঘৰত
বাস কৰিছিল। আমি সকলোৱে তেওঁ ভালদৰে পঢ়া-শুনা কৰি ডাঙৰ
মানুহ হোৱাটো কামনা কৰিছিলোঁ। মই প্ৰতিমাহেই তেওঁৰ ওচৰলৈ
গৈছিলোঁ৷ তেওঁৰ ঘৰতে উৎপাদন হোৱা চাউলৰ ভাত খোৱাৰ সৌভাগ্য
হৈছিল।’

 পুষ্প কমলে তেওঁৰ বিপ্লৱী চিন্তাধাৰাৰ বিকাশ ঘটোৱাৰ সুযোগ কাঠমাণ্ডুতেই পাইছিল। তেওঁ শিক্ষক তথা সমনীয়া ছাত্ৰসকলৰ লগতে সমাজবাদী ৰাজ্যবোৰৰ অধীনত পৰিচালিত হোৱা পুথিভঁৰালৰ পৰা কিতাপ ধাৰ কৰি আনি পঢ়িছিল। এই দৰ্শনত বিশ্বাসী বিখ্যাত বিপ্লৱীসকলৰ লেখা আৰু কাম-কাজে তেওঁক মুগ্ধ কৰি ৰাখিছিল। পুষ্প কমল যদিও বিজ্ঞানৰ ছাত্ৰ আছিল, তথাপি তেওঁৰ মন সমাজ বিজ্ঞানৰ বিভিন্ন শাখাৰ প্ৰতিহে আকৰ্ষিত হৈছিল। তেওঁ ৰাজনীতি বিজ্ঞান, অৰ্থনীতি, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, দৰ্শন আৰু সাহিত্য বিষয়ক বহু গ্ৰন্থ অধ্যয়নত মনোনিৱেশ কৰিছিল। মেক্সিম গৰ্কীৰ ‘মা’ নামৰ উপন্যাসখন তেওঁৰ প্ৰিয় গ্ৰন্থ বুলি উল্লেখ কৰিছে।

 নেপালত তেতিয়াও সমাজবাদী আন্দোলনে পৰিপক্কতা লাভ কৰা নাছিল। সেই সময়ত পুষ্প কমলে চীনৰ বাঁওপন্থী বিপ্লৱী নেতা মাও জে ডঙৰ নেতৃত্বত পৰিচালিত হোৱা কৃষকসকলৰ সাংস্কৃতিক বিপ্লৱৰ পৰা বহু পৰিমাণে অনুপ্ৰাণিত হৈছিল। চীনৰ বুৰ্জোৱা শাসনৰ বিৰুদ্ধে মাও জে ডঙৰ নেতৃত্বত পৰিচালিত এই শ্ৰেণী সংগ্ৰামে স্বাভাৱিকতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ যুৱ বিপ্লৱীসকলক আকৰ্ষিত আৰু অনুপ্ৰাণিত কৰিছিল।

 ভাৰতবৰ্ষৰ নক্সালবাদীসকলৰ অভ্যুত্থানেও তেওঁক যথেষ্ট উৎসাহিত কৰিছিল। তেওঁ নিজকে নক্সালবাদী নেতা কানু সান্যালৰ ছাত্ৰ বুলি ঘোষণা কৰিছিল। তেওঁ উল্লেখ কৰিছিল যে ভাৰতবৰ্ষত ‘নক্সালবাড়ী বিপ্লৱে’ নেপালৰ কমিউনিষ্ট বিপ্লৱীসকলৰ ওপৰত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছিল।

 তাৰ পাছতেই ১৯৭০ চনত, ঠিক নক্সালবাড়ী সীমাৰ সমীপত নেপালৰ দক্ষিণ- পূবত অৱস্থিত ঝাপা চহৰত অপ্ৰত্যাশিতভাৱে সশস্ত্ৰ বিদ্ৰোহে মূৰ দাঙি উঠে। এই বিদ্ৰোহত পুষ্প কমলে পৰম প্ৰত্যাশাৰ ৰেঙণি দেখা পাইছিল। তেওঁ বিশ্বাস কৰিছিল যে নেপালত এতিয়া এনে সশস্ত্ৰ বিদ্ৰোহৰ সম্ভাৱনা অতি উজ্জ্বল।

 পটানৰ মাল্টি পাৰপাজ কেম্পাছৰ ইংৰাজী বিভাগৰ অধ্যাপক অভি সুবেদীয়ে খীণ-মীন আৰু অত্যুৎসাহী যুৱক পুষ্প কমল সন্দৰ্ভত মন্তব্য কৰি কয়—

‘তেওঁ সদায় প্ৰথম বেঞ্চত বহিছিল আৰু কেতিয়াও ক্লাছ খতি নকৰিছিল।

[ ২৯ ]

তেওঁ স্ফূৰ্তিবাজ আৰু কৌতুক কৰি ভাল পোৱা যুৱক আছিল। কলেজত
তেওঁৰ আশে-পাশে বহু বন্ধু-বান্ধৱে ভিৰ কৰিছিল। কলেজৰ সকলো
ধৰণৰ কাম-কাজতে তেওঁ সক্ৰিয়ভাৱে অংশ লৈছিল। শিক্ষকসকলৰ
লগতো তেওঁৰ ব্যৱহাৰ বন্ধুত্বসুলভ আছিল।’

 অধ্যাপকজনৰ মতে— ‘বিজ্ঞানাগাৰত এদিন প্ৰয়োজনীয় সা-সুবিধাৰ অভাৱ অনুভৱ কৰি পুষ্প কমল হতাশ হৈ পৰিছিল। তৎক্ষণাৎ তেওঁ এদল ছাত্ৰক লগত লৈ শিক্ষামন্ত্ৰীৰ ওচৰলৈ ঢাপলি মেলিছিল আৰু প্ৰয়োজনীয় সা-সামগ্ৰীসমূহ যোগান ধৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছিল। সুবেদীয়ে এই সন্দৰ্ভত কয়— ‘পটান কেম্পাছত শিক্ষাদান কৰি থাকোঁতে অৱশ্যে তেওঁৰ কোনো কমিউনিষ্ট ভাবাদৰ্শৰ প্ৰকাশ চকুত পৰা মোৰ মনত নপৰে।’

 পটান কেম্পাছৰ পৰা আই এছ চি পাছ কৰাৰ পাছত পুষ্প কমলে চিটৱানৰ ৰামপুৰস্থিত ইনষ্টিটিউট অৱ এগ্ৰিকালচাৰ এণ্ড এনিমেল ৰিচাৰ্ছত নামভৰ্তি কৰিবলৈ ঘৰলৈ ৰাওনা হয়। এই অনুষ্ঠানত তেওঁ কৃষি বিভাগত বি এছ চি পঢ়ি আছিল। কাঠমাণ্ডুত কটোৱা দিনবোৰতকৈ ইয়াৰ দিনবোৰ তুলনামূলকভাৱে আৰামদায়ক আছিল। ইয়াত তেওঁ ঘৰতে থাকি অধ্যয়ন কৰিব পাৰিছিল আৰু শিক্ষানুষ্ঠানলৈ চাইকেলেৰে অহা-যোৱা কৰিবলৈ মাত্ৰ আধাঘণ্টা সময়হে লাগিছিল। তেওঁ বিশ্বাস কৰিছিল যে কৃষিৰ বিকাশ সাধন কৰি দেশৰ অৰ্থনৈতিক অৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰিব পাৰি। আৰু এই পৰিৱৰ্তনত কৃষিয়েই একমাত্ৰ ফলপ্ৰসূ উপায়। সেই উদ্দেশ্যে তেওঁৰ কৃষি বিষয়কে অধ্যয়নৰ ক্ষেত্ৰ হিচাপে বাছি ল’লে। তেওঁ কৈছে— তদুপৰি মই সাম্যবাদী ৰাজনীতিত বিশ্বাসী, অনুৰাগী আছিলোঁ, সেয়ে কৃষি বিজ্ঞানক প্ৰকৃত পথ হিচাপে বাছি ল’লোঁ।’

 ৰামপুৰত পঢ়ি থাকোতেই কমিউনিষ্ট নেতা হিচাপে পুষ্প কমলৰ অসামান্য প্ৰতিভাৰ বিকাশ সাধন হয়। সপ্তাহৰ শেষত, ছাত্ৰবিলাকে কমিউনিজিমৰ ওপৰত তত্ত্বগধুৰ ভাষণ শুনিবলৈ ভীমসেনলৈ আহি তেওঁৰ কাষত জুম বান্ধিছিল। পুষ্প কমলৰ এগৰাকী সম্পৰ্কীয় ভায়েক ৰামচন্দ্ৰ আৰু তেওঁৰ ডাঙৰ ককায়েক এজনো কমিউনিষ্ট দলৰ সদস্য আছিল। তেওঁ এই সন্দৰ্ভত কয়—

‘তেওঁৰ মানুহক পতিয়ন নিয়াব পৰা এক অসাধাৰণ শক্তি আছিল
আৰু তেওঁৰ প্ৰত্যয় উদ্দীপ্ত আলোচনাসমূহে আমাক সকলোকে
চৰমপন্থী কমিউনিষ্টলৈ সলনি কৰিছিল।’

 পুষ্প কমলে কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা স্নাতক ডিগ্ৰী লৈ ওলোৱাৰ পাছতেই তেওঁ যুৱ সমাজৰ লগতে আন আন শিক্ষিত ব্যক্তি আৰু সাম্যবাদী আদৰ্শত বিশ্বাসী যুৱক [ ৩০ ] সমাজৰ মাজত জনপ্ৰিয়তা লাভ কৰাৰ লগতে সন্মানীয় আসন দখল কৰিবলৈ সক্ষম হ’ল।

 তেওঁৰ শিক্ষাগুৰু চন্দ্ৰৰাজ ভূৰটেলে স্কুলীয়া জীৱনতেই পুষ্প কমলৰ মাজত লুকাই থকা ভৱিষ্যতৰ সাম্যবাদী নেতাজনৰ সম্ভাৱনাৰ উমান পাইছিল। ভীমসেন নগৰ নিবাসী পুষ্প কমলৰ এগৰাকী প্ৰতিৱেশী কমিউনিষ্ট নেতা ধন বাহাদুৰ বিশ্বকৰ্মাই পুষ্প কমলক ৰূপলাল বিশ্বকৰ্মা নামৰ এজন প্ৰবীণ কমিউনিষ্ট নেতাৰ সৈতে পৰিচয় কৰাই দিছিল। সেই সময়ত ৰূপলাল বিশ্বকৰ্মা চিটৱান জিলাৰ আটাইতকৈ প্ৰবীণ কমিউনিষ্ট নেতা আছিল। তেওঁ কৃষাণ সমিতি বিদ্ৰোহৰ নেতৃত্ব বহন কৰিছিল আৰু বিদ্ৰোহী জমিদাৰসকলৰ কৃষিভূমিৰ শস্য বাজেয়াপ্ত কৰিছিল। ধন বাহাদুৰৰ পুত্ৰ খেমলাল বিশ্বকৰ্মাই কয়—

‘আমি কথাটোতগৌৰৱ অনুভৱ কৰোঁ যে আমাৰ দেউতাই তেওঁক
(পুষ্প কমল) প্ৰাৰম্ভিক অৱস্থাত এগৰাকী সাম্যবাদী নেতা হিচাপে
ৰাজনৈতিক জীৱনৰ পাতনি মেলাত সহায় কৰিছিল।’

 নেপালৰ সামন্তবাদী সমাজখনলৈ এক আমূল পৰিৱৰ্তন অনাটোৱেই আছিল পুষ্প

চিটৱান জিলাৰ ভীমসেন নগৰত পৰিয়ালৰ সৈতে পুষ্প কমল

[ ৩১ ] কমলৰ জীৱনৰ অন্যতম উদ্দেশ্য। কিন্তু পিতৃ মুক্তিৰামে পুত্ৰৰ এই আদৰ্শক সহজভাৱে

গ্ৰহণ কৰিব পৰা নাছিল আৰু ডাঙৰ ল’ৰা পুষ্প কমলক বিদ্ৰোহী হোৱাটো কোনোপ্ৰকাৰেই সমৰ্থন কৰা নাছিল। তেওঁলোকৰ পৰিয়ালে কোনোধৰণৰ ৰাজনৈতিক আদৰ্শ অনুকৰণ কৰা নাছিল আৰু অন্যান্য কৃষকৰ দৰেই সাধাৰণ জীৱনযাপন কৰিছিল। সেয়ে তেওঁৰ পৰিয়ালৰ লোকসকলে পুষ্প কমলৰ বিদ্ৰোহী কাম-কাজ আৰু কমিউনিষ্ট বিদ্ৰোহৰ লগত জড়িত হৈ পৰা কথাটোত ভীতিগ্ৰস্ত হৈ পৰিছিল।

 দেউতাক পঞ্চায়ত শাসনৰ দমনমূলক নীতি সন্দৰ্ভত সচেতন আছিল আৰু ৰাজনীতি যে দুখীয়া মানুহৰ বাবে নহয় পাকে প্ৰকাৰন্তৰে পুতেকক বুজাবলৈ চেষ্টা কৰিছিল। পঞ্চায়তৰ স্বেচ্ছাচাৰী শাসনৰ সময়ছোৱাত পুলিচ প্ৰশাসনো কেৱল দলহীন পঞ্চায়ত আৰু শাসনত অধিষ্ঠিতসকলৰ স্বাৰ্থৰক্ষাৰ বিষয়তহে ব্যস্ত আছিল। তেওঁলোকে সৰ্বসাধাৰণ লোকৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰিছিল আৰু ৰাজনৈতিক দলসমূহৰ কাম-কাজ কঠোৰ হাতেৰে দমন কৰিছিল। এই সন্দৰ্ভত মুক্তিৰাম দাহালে কৈছে— ‘মই তেওঁক বুজাবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু তেওঁ মোৰ কথা নুশুনি নিজৰ বৈপ্লৱিক কাম-কাজ চলাই গৈছিল। তথাপি তেওঁৰ ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণে (ৰাজনীতিৰ প্ৰতি ধাউতিয়ে) তেওঁৰ অধ্যয়নত বাধা দিব পৰা নাছিল। বৰঞ্চ তেওঁ সদায়ে শ্ৰেণীত ভাল ফল প্ৰদৰ্শন কৰিছিল।’

 ৰামপুৰৰ পৰা স্নাতক ডিগ্ৰী লোৱাৰ পাছত তেওঁৰ প্ৰাক্তন শিক্ষকসকলে তেওঁ এছ এল চি পৰীক্ষাত উত্তীৰ্ণ হৈ অহা নাৰায়ণী বিদ্যা মন্দিৰত শিক্ষকতা কৰাৰ বাবে অনুৰোধ কৰিছিল। কিন্তু কিছুমান এৰাব নোৱৰা সমস্যাৰ বাবে তেওঁ তাত দীঘলীয়া সময়ৰ বাবে থাকিবলৈ সক্ষম নহ’ল। তদুপৰি তেওঁৰ বন্ধুসকলে তেওঁক উচ্চ শিক্ষাগ্ৰহণৰ উপদেশ দিছিল। বন্ধু মহলৰ উপদেশমতে তেওঁ লোক প্ৰশাসন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভৰ নিমিত্তে কাঠমাণ্ডুৰ ত্ৰিভূবন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। কিন্তু বিশ্ববিদ্যালয়ৰ শিক্ষা অৰ্জনত তেওঁক পৰিয়ালৰ লোকে সমৰ্থন কৰা নাছিল। ফলত যিকোনো প্ৰকাৰে এটা চৰকাৰী চাকৰি যোগাৰ কৰি লোৱাটোত এই বিদ্ৰোহীজনে গুৰুত্ব দিলে।

 তেওঁৰ ভগ্নী অপ্সৰাৰ মতে যুৱক পুষ্প কমলে এটা নিৰাপদ চৰকাৰী চাকৰি বিচাৰি ইমানেই হতাশ হৈ পৰিছিল যে তেওঁ ইয়াৰ কাৰণে ধাৰণৰ পৰা পূব নেপালস্থিত ধানকুটালৈকে যাবলৈ প্ৰস্তুত আছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁ চাকৰি পাবলৈ সক্ষম নহ’ল।

 সেই সময়ছোৱাত কিছুদিনৰ বাবে তেওঁ নৱালপাৰাচী দান্দিয়াক বিদ্যালয়ত শিক্ষকতা কৰিছিল। ঘৰ তথা পত্নীৰ পৰা দূৰৈত থাকি কাম কৰাটো তেওঁৰ পক্ষে অসহনীয় আৰু [ ৩২ ] জটিল হৈ পৰিছিল। তেওঁৰ পত্নীয়ে ভীমসেনত বাকী সদস্যসকলৰ লগত বাস কৰিছিল। মুক্তিৰামৰ মাত্ৰ এবাৰেই নৱালপাৰাচীত ডাঙৰ পুত্ৰ পুষ্প কমলক লগ কৰিবলৈ যোৱাৰ কথা মনত পৰে।

‘মই তাত তেওঁৰ লগত (পুষ্প কমল) মাত্ৰ এটা ৰাতিহে কটাইছিলোঁ।
কিন্তু তেওঁ সুখী নাছিল আৰু বেলেগ কিবা এটা ভাল কাম কৰাটো
বিচাৰিছিল। চাকৰি কৰাক লৈ তেওঁ দোমোজাত আছিল, কাৰণ তেওঁ
যিহেতু সাম্যবাদক বিশ্বাস কৰিছিল সেই কাৰণে সকলো ধৰণৰ চাকৰি
কৰিবলৈ তেওঁ মানসিকভাৱে প্ৰস্তুত নাছিল।’

 কিন্তু তেওঁৰ আৰ্থিক দুৰৱস্থাৰ বাবেই ১৯৭৫ চনত ইউ এছ এইদে ভাৰতপুৰত পৃষ্ঠপোষকতা কৰা গ্ৰাম্য উন্নয়নমূলক আঁচনি এটাত নিজকে নিয়োজিত কৰিবলৈ বাধ্য হয়। পুষ্প কমলে আমেৰিকাৰ সাহায্যপ্ৰাপ্ত আঁচনিখনৰ অধীনত তিনিমাহৰ কাৰণে কাম কৰিছিল। অৱশ্যে পুঁজিবাদী ৰাষ্ট্ৰখনে তেওঁলোকৰ কৰ্মচাৰী হিচাপে পুষ্প কমলৰ ৰাজনৈতিক আদৰ্শত হস্তক্ষেপ কৰা নাছিল। সেই সময়ছোৱাতেই তেওঁৰ ডাঙৰ ছোৱালী জ্ঞানুৰ জন্ম হৈছিল।

 সেই কাৰণে চাকৰি ইস্তাফা দি তেওঁ ভীমোদয়া উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞানৰ শিক্ষক হিচাপে শিক্ষাদান কৰিবলৈ গোৰ্খাৰ আৰুঘাটলৈ ৰাওনা হয়। অৱশ্যে শিক্ষক হোৱাটো তেওঁৰ জীৱনৰ উদ্দেশ্য নাছিল। শিক্ষকতাই তেওঁক ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণৰ সুবিধা দিছিল বাবেই তেওঁ এই কাৰ্যত নিজকে নিয়োজিত কৰিছিল। গোৰ্খাত বিজ্ঞানৰ শিক্ষক হিচাপে কাম কৰি থাকোঁতে তেওঁ ভালেসংখ্যক ছাত্ৰৰ লগত বন্ধুত্ব স্থাপন কৰিছিল আৰু তেওঁলোকৰ লগত ভলীবল আৰু ফুটবল খেলি সময় অতিবাহিত কৰিছিল৷ নিজৰ বিষয়টোত শিক্ষাদান কৰাৰ লগতে এই বিপ্লৱী শিক্ষকজনে তেওঁৰ ছাত্ৰসকলৰ লগত আৰুঘাটৰ জনসাধাৰণকো বিভিন্নধৰণে সহায়-সহযোগ আগবঢ়াইছিল। ৰাজেন শৰ্মা নামৰ কাঠমাণ্ডুত ব্যক্তিগত কোম্পানী এটাত কৰ্মৰত ব্যক্তি এজনে তেওঁৰ স্কুলীয়া জীৱনৰ কথা ৰোমন্থন কৰি কৰি কয়——‘শিক্ষক হিচাপে আনক সহায় কৰিব পৰাটো তেওঁৰ আটাইতকৈ ডাঙৰ গুণ আছিল। সেয়ে তেওঁ ছাত্ৰসকলৰ লগতে আৰুঘাটৰ আৰু তাৰ চুবুৰীয়া অঞ্চলৰ মানুহৰ মাজত জনপ্ৰিয় আছিল।’

 আৰুঘাটৰ স্কুলত শিক্ষক হিচাপে নিয়োজিত হোৱাৰ কেইমাহমানৰ পাছতে তেওঁৰ দ্বিতীয় কন্যা ৰেণুৰ জন্ম হয়। অতি সোনকালেই তেওঁলোকৰ তৃতীয় কন্যা গংগাৰ জন্ম হয়। তেওঁৰ পৰিয়াললৈ আৰু এগৰাকী নৱাগতাৰ আগমনে খৰচৰ মাত্ৰা বঢ়াইছিল। পত্নী সীতাই ভীমসেন নগৰত পৰিয়ালটো চলাবলৈ অপাৰগ হৈ পৰিছিল। কিন্তু পুষ্প [ ৩৩ ]

পত্নী সীতা আৰু পুত্ৰ প্ৰকাশৰ সৈতে পুষ্প কমল

[ ৩৪ ] কমলে পৰিয়ালটোক সময় আৰু আৰ্থিক সাহায্য দিবলৈ আহৰিকে নাপাইছিল। যিহেতু

সেই সময়ত তেওঁ কমিউনিষ্ট বিপ্লৱক আগুৱাই নিয়াৰ লগতে কৃষকসকলক সু- সংগঠিত কৰাৰ কামত নিজকে ব্যস্ত ৰাখিছিল।

 ১৯৭৯ চনত তেওঁ গোৰ্খাৰ বিজ্ঞান শিক্ষকৰ পদটোও ইস্তফা দিয়ে আৰু কমিউনিষ্ট দলৰ এজন পূৰ্ণ পৰ্যায়ৰ সদস্য হৈ পৰে। উপাৰ্জনৰ একমাত্ৰ পথ শিক্ষকৰ পদবীৰ পৰা অব্যাহতি লৈ কিদৰে পত্নীৰ সৈতে তিনিটা সন্তানৰ লালন-পালনৰ দায়িত্ব বহন কৰিব— এয়া তেওঁৰ জীৱনৰ এটা জটিল প্ৰশ্ন আছিল। কমিউনিষ্টসকলে জীৱনৰ ভাবুকি লৈ বিদ্ৰোহ কৰাৰ ঘটনাসমূহ দেখি দেউতাক-মাকে পুষ্প কমলক কমিউনিষ্ট দলৰ সক্ৰিয় সদস্য হিচাপে যোগদান কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিল।

 তাৰ পাছতেই তেওঁ নেপালৰ কমিউনিষ্ট দলৰ চতুৰ্থ অধিৱেশনত অংশগ্ৰহণ কৰিছিল আৰু লগে লগেই চিটৱান জিলাৰ কমিউনিষ্ট দলত নিজৰ স্থান নিগাজী কৰিবলৈ সুবিধা পাইছিল। কমিউনিষ্ট দলৰ সক্ৰিয় সদস্য হোৱাৰ মাত্ৰ দুবছৰৰ ভিতৰতে তেওঁক মোহন বিক্ৰম সিংহ নেতৃত্বাধীন সদৌ নেপালী যুৱ সংঘৰ সাধাৰণ সম্পাদকৰ পদত নিযুক্তি দিয়া হয়। দলীয় ৰাজনীতিত দ্ৰুত উত্থানৰ এয়া তেওঁৰ এক অন্যতম পদক্ষেপ আছিল।

 সেই সময়তে তেওঁৰ এটি পুত্ৰ সন্তানৰো জন্ম হয়, নাম ৰখা হয় প্ৰকাশ। যুৱ কমিউনিষ্ট কৰ্মী পুষ্প কমলে কমৰেড মোহন বিক্ৰম সিঙৰ সৈতে একেলগে কাম কৰাটো তেওঁৰ জীৱনৰ এটা বিৰল অভিজ্ঞতা আছিল। জমিদাৰৰ পুত্ৰ মোহন বিক্ৰমে ১৯৫৭ চনত নেপালৰ সাম্যবাদী দলত যোগদান কৰিছিল। তেওঁ আঠ বছৰতকৈও অধিক কাল জে’লত অতিবাহিত কৰিছিল আৰু ১৯৭১ চনত জে'লৰ পৰা মুক্তি লভি তেওঁ ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাত আত্মগোপন কৰি গোপনে বিদ্ৰোহী কাম-কাজ অব্যাহত ৰাখিছিল। ১৯৭০ চনৰ শেষৰফালে চিৱান জিলাৰ বহুতো যুৱকে এই কমিউনিষ্ট বিপ্লৱত যোগদান কৰিছিল। এই সন্দৰ্ভত ৰামচন্দ্ৰই কৈছে—

 ‘কমৰেড মোহন বিক্ৰম সিং বহুবাৰ আমাৰ ভীমসেন নগৰৰ ঘৰলৈ আহিছিল। সেই সময়ত তেওঁলোকে পঞ্চায়তৰ স্বেচ্ছাচাৰী শাসনৰ অন্ত পেলাবৰ নিমিত্তে যুৱকসকলক কমিউনিষ্ট বিপ্লৱত যোগদান কৰিবলৈ পতিয়ন নিয়াইছিল।’ অতি কম সময়ৰ ভিতৰতে পুষ্প কমলৰ নেতৃত্বত গঢ় লৈ উঠা যুৱ আন্দোলন বনজুইৰ দৰে বিয়পি পৰিল। পুষ্প কমলে ভীমসেন নগৰৰ দুশ ভূমিহীন পৰিয়ালক চৰকাৰী এক বৃহৎ চৰণীয়া পথাৰত সংস্থাপন দিবলৈ সক্ষম হৈছিল। এই সফলতাই তেওঁক জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰাত সহায় কৰিছিল। নেপালৰ গৃহভূমিত সংস্কাৰ আৰু সমাজবাদী আন্দোলনৰ এনেদৰেই অভ্যুত্থান হ’ল।

[ ৩৫ ]  নেপালী যুৱকসকলৰ সাম্যবাদী আদৰ্শৰ প্ৰতি আগ্ৰহী মনোভাবে পঞ্চায়তক নিজৰ ভৱিষ্যৎ সম্পৰ্কে শংকিত কৰি তুলিছিল আৰু সাম্যবাদী আন্দোলনৰ উত্থানক দমন কৰিবলৈ কঠোৰ আঁচনি হাতত লৈছিল। ইয়াৰ প্ৰথম পদক্ষেপ হিচাপে তেওঁলোকে এই সংগঠনটোৰ সাধাৰণ সম্পাদকজনক হত্যা কৰিবলৈ লক্ষ্য কৰি ল’লে। সেই উদ্দেশ্যে ১৯৮১ চনৰ কোনোবা এটা আবেলি এক সশস্ত্ৰ পুলিচ বাহিনীয়ে ভীমসেন নগৰস্থিত মুক্তিৰাম দাহালৰ ঘৰত আক্ৰমণ কৰে। সৌভাগ্যক্ৰমে সিদিনা ঘৰত পুষ্প কমল আৰু তেওঁৰ পত্নী দাঁতিকাষৰীয়া কোনোবা গাঁৱলৈ ফুৰিবলৈ গৈছিল। মুক্তিৰাম দাহালে সেই শিহৰণকাৰী ঘটনাৰ কথা সুঁৱৰি কয়— ‘এদল সশস্ত্ৰ পুলিচ আমাৰ ভীমসেনস্থিত ঘৰলৈ আহিছিল। মোৰ ফালে বন্দুকৰ নলীটো পোনাই মোৰ ডাঙৰ পুত্ৰৰ সন্ধান বিচাৰিছিল। মই তেওঁলোকক তেওঁ ঘৰত নাই আৰু ক'লৈ গৈছে নাজানো বুলি কৈছিলোঁ। তেওঁলোকে তেওঁক বিচাৰি গোটেই ঘৰটোত তালাচী চলাইছিল আৰু তেওঁৰ কোঠাৰ তলা ভাঙিছিল। তেওঁলোকে তেওঁৰ নাগৰিকত্বৰ প্ৰমাণপত্ৰ আৰু শিক্ষা সম্পৰ্কীয় সকলো প্ৰমাণপত্ৰ লৈ গৈছিল।’

 পুলিচৰ দলটোৱে দৰিদ্ৰ পিতৃক ভীতি প্ৰদৰ্শন কৰিছিল। তেওঁলোকে তেওঁক বাৰম্বাৰ পুলিচৰ হাতত গতাই দিবলৈ আদেশ দিছিল, যিহেতু তেওঁ নেপালৰ বাবে ভাবুকি স্বৰূপ হৈ পৰিছিল। দৰিদ্ৰ পিতৃজনে অজ্ঞতা প্ৰকাশ কৰা সত্ত্বেও তেওঁক সশস্ত্ৰ পুলিচ বাহিনীয়ে অত্যাচাৰ কৰিছিল আৰু সাম্যবাদী আন্দোলনক উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ কৰিছিল। কিন্তু পুলিচে শেষত পুত্ৰৰ আদৰ্শৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নথকাৰ কথা উপলব্ধি কৰি মুকলি কৰি দিয়ে।

 সেয়াই আছিল ভীমসেন নগৰস্থিত নিজ গৃহত পুষ্প কমলৰ শেষ ৰাতি। নিৰাপত্তাৰ খাতিৰত তেওঁৰ বন্ধুমহলে তেওঁক ঘৰৰ পৰা দূৰৈত আত্মগোপন কৰিবলৈ উপদেশ দিছিল। তাৰ পাছৰে পৰা ২৭ বছৰীয়া পুষ্প কমলে পত্নী আৰু চাৰিটা সন্তানৰ সৈতে জীৱনৰ আটাইতকৈ কঠিন আৰু অনিশ্চিত ভৱিষ্যৎ এটাৰ সন্মুখীন হৈছিল।

 পুষ্প কমলৰ পত্নী সীতাই বিবাহিত জীৱনৰ প্ৰথম বাৰ বছৰ কাল ভীমসেন নগৰৰ ঘৰত শাহু-শহুৰৰ পৰিচৰ্যা, ল’ৰা-ছোৱালীকেইটাক ডাঙৰ-দীঘল কৰা আদিকে ধৰি ৰন্ধা-বঢ়া আদি কামতে নিজকে ব্যস্ত ৰাখিছিল। কেতিয়াবা ঘৰলৈ অহা বা বাহিৰত লগ পোৱা কমিউনিষ্ট দলৰ নেতাৰ সৈতে সাক্ষাৎ হোৱাত বাদে তেওঁ কমিউনিষ্ট ৰাজনীতিৰ অন্য কামত অংশগ্ৰহণ কৰা নাছিল।

[ ৩৬ ]

প্ৰচণ্ড : সাহসী যোদ্ধা

 পুলিচৰ আক্ৰমণৰ পাছত নিজৰ ঘৰখন পুষ্প কমলৰ বাবে নিৰাপদ আশ্ৰয় হৈ নাথাকিল। পুলিচৰ পৰা বাছি থাকিবলৈ তৎক্ষণাত তেওঁ ঘৰ এৰাৰ সিদ্ধান্ত ল’বলগা হৈছিল। কিন্তু হাতত টকাৰ অভাৱত ক’লৈ যাব তেওঁ ভাবি পোৱা নাছিল। টকা-পইচা নোহোৱাকৈ তেওঁ কাঠমাণ্ডু বা নেপালৰ অন্যান্য ৰাজ্যতো আত্মগোপন কৰিব পৰা নাছিল। অৱশেষত তেওঁ শহুৰৰ ঘৰৰ পৰা অলপ টকা লৈ নিজৰ গাঁও ভীমসেন নগৰতে আত্মগোপন কৰি থাকিল। পুলিচৰ পৰা হাত সাৰি থাকিবলৈ তেওঁ পৰিয়ালৰ পৰা দূৰৈত আছিল আৰু এখনৰ পাছত এখন ঠাইলৈ স্থানান্তৰিত হৈ থাকিবলগীয়া হৈছিল। মাজে মাজে তেওঁ নৱগ্ৰহলৈও গৈছিল।

 ভৌগোলিকভাৱে নৱগ্ৰহ কেন্দ্ৰীয় স্থলত অৱস্থিত আৰু কাঠমাণ্ডুলৈ অহা বিভিন্ন ব্যক্তিক লগ কৰিবলৈ সুবিধাজনক ঠাই। এই নৱগ্ৰহতে পুষ্প কমলে মোহন বৈদ্য আৰু ভক্ত বাহাদুৰ শ্ৰেষ্ঠাকে ধৰি ভালেমান কমিউনিষ্ট নেতাক দৈনিক লগ পাইছিল। ১৯৮০ চনৰ আৰম্ভণিতে তেওঁলোকে ‘অল নেপাল নেশ্যনেল ফ্ৰী ষ্টুডেণ্টছ ইউনিয়ন’ (ৰিভ’লিউশ্যনেৰী) গঠন কৰিছিল। এই সংস্থা গঠনত পুষ্প কমলৰ যথেষ্ট অৰিহণা আছিল।

[ ৩৭ ]  এই সময়ছোৱাতে পুষ্প কমলে ৰাম বাহাদুৰ থাপা নামৰ এজন যুৱ কমিউনিষ্ট নেতাক লগ পায়। এই যুৱনেতাজনৰ সৈতে তেওঁৰ এক আন্তৰিক সম্বন্ধ গঢ় লৈ উঠে। ৰাম বাহাদুৰ থাপা এজন স্বয়ম্ভু কমিউনিষ্ট আছিল। তেওঁ মস্কোত কৃষি বিজ্ঞান বিষয়ত অধ্যয়ন কৰি আছিল। বৈপ্লৱিক কাম-কাজত জড়িত হ’বলৈ তেওঁ ১৯৮১ চনত মস্কো এৰি নেপাললৈ ঘূৰি আহে। তেওঁৰ দেউতাক কৰ্ণ বাহাদুৰ থাপা ভাৰতীয় গোৰ্খা ৰেজিমেণ্টৰ এজন অৱসৰপ্ৰাপ্ত সৈনিক আছিল।

 এই প্ৰাণৱন্ত আৰু শক্তিশালী নেতাজনৰ নেতৃত্বত নৱালপাৰাচী আৰু মাকৱানপুৰ জিলাতো কমিউনিষ্ট বিপ্লৱে গা কৰি উঠিছিল। কিন্তু ১৯৮২ চনত ৰাম বাহাদুৰ থাপাক গ্ৰেপ্তাৰ কৰি তেওঁক দহ মাহৰ বাবে জে’ললৈ প্ৰেৰণ কৰে। তেওঁৰ গ্ৰেপ্তাৰকৰণে পুষ্প কমলক সচকিত কৰি তুলিছিল। ইতিমধ্যে পঞ্চায়তৰ দৃষ্টিত তেওঁৰ নাম দুৰ্ঘোৰ অপৰাধী আৰু পলাতক আচামীৰ তালিকাত সন্নিৱিষ্ট হৈছিল।

 আত্মগোপন কৰি থকা সময়ছোৱাত পুষ্প কমলে দেশৰ আগশাৰীৰ কাকত- আলোচনীবোৰত দেশপ্ৰেমমূলক কবিতা আৰু প্ৰবন্ধ লিখিছিল। তেওঁ জন্মগতভাৱেই এজন কবি আছিল। তেওঁৰ ‘ন’ম দি গুৱেৰে’, ‘কমৰেড বিশ্বাস’ আদি কবিতাবিলাক কমডেসকলৰ মাজত জনপ্ৰিয় হৈছিল। তেওঁৰ কামৰ প্ৰতি থকা নিষ্ঠা, সততা আৰু কঠোৰ পৰিশ্ৰমী গুণৰ বাবে সংগঠনটোৰ আন আন শীৰ্ষ নেতাসকলৰ পৰা মৰম আৰু সন্মান আদায় কৰিবলৈ সক্ষম হৈছিল।

 কিন্তু ১৯৮৩ চনত দলৰ চতুৰ্থখন বৈঠকত তেওঁলোকৰ সংগঠনৰ মাজত ভাঙোনে দেখা দিছিল। দলটোৰ এটা ফৈদক নিৰ্মল লামা আৰু আনটো ফৈদক মোহন বিক্ৰম সিঙে নেতৃত্ব দিছিল। পুষ্প কমলে বিক্ৰম সিঙৰ পক্ষ ল’বলৈ সিদ্ধান্ত লৈছিল। বিক্ৰম সিঙৰ দলে আন্দোলনৰ সময়ছোৱাত হিংসাৰ আশ্ৰয় লোৱাৰ সপক্ষে মতপোষণ কৰিছিল আৰু নিৰ্মল লামাই হিংসা প্ৰত্যাহাৰ কৰি শান্তিপূৰ্ণ উপায়েৰে পঞ্চায়তৰ শাসন ওফৰোৱাৰ পৰিকল্পনা লৈছিল।

 তাৰ পাছৰ বছৰৰ নৱেম্বৰ মাহত নেপালী সাম্যবাদী দলৰ (মশ্বাল) পঞ্চমখন সাধাৰণ অধিৱেশন অনুষ্ঠিত হৈছিল। এই অধিৱেশনতে পুষ্প কমল ওৰফে কমডে বিশ্বাসক কেন্দ্ৰীয় সমিতিলৈ নিৰ্বাচন কৰা হৈছিল। জ্যেষ্ঠ কমিউনিষ্ট নেতা মোহন বৈদ্য আৰু ভক্ত বাহাদুৰ শ্ৰেষ্ঠাই ২৯ বছৰীয়া বিপ্লৱী যুৱক পুষ্প কমলক কেন্দ্ৰীয় সমিতিলৈ নিৰ্বাচিত হোৱাত সহায়ৰ হাত আগবঢ়াইছিল। কেন্দ্ৰীয় সমিতিত স্থান পোৱাৰ পাছত পুষ্প কমলে সংগঠনটোৰ প্ৰতি আৰু অধিক দায়িত্বশীল হৈ পৰিল আৰু ইয়াৰ পৰিসৰ কেন্দ্ৰীয় অঞ্চললৈ বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলে৷ সেই উদ্দেশ্যে ১৯৮৫ চনত পুষ্প কমলে পত্নী আৰু সন্তানসহিতে নৱগ্ৰহলৈ যাত্ৰা কৰিলে। তাত তেওঁ ভনীয়েক অপ্সৰাৰ ঘৰৰ সমীপত জগত শ্ৰেষ্ঠা নামৰ ব্যক্তি এজনৰ ঘৰ এটা [ ৩৮ ] ভাৰালৈ ল’লে। বিদ্ৰোহী কাৰ্যকলাপত ব্যস্ত থকা পুষ্প কমলে পৰিয়ালটোৰ দায়িত্ব ল’বলৈ অপাৰগ হোৱাত পত্নী সীতাই চাৰিটা সন্তানৰ প্ৰতিপালনৰ দায়িত্ব ল’বলগীয়া হৈছিল। লগতে তেওঁ কেতিয়াবা তেওঁলোকৰ ঘৰলৈ অহা দলৰ সদস্যসকলকো ৰান্ধি- বাঢ়ি খুৱাবলগীয়া হৈছিল। সাম্যবাদী দলৰ কাৰ্যকৰী সমিতিৰ সদস্য মোহন বৈদ্য আৰু মোহন বিক্ৰম সিঙৰ মাজত পুনৰ আদৰ্শগত কাৰণত সংঘাত হোৱাত দলটো আকৌ বিভাজিত হৈ পৰে আৰু নেপালী সাম্যবাদী দল (মশ্বাল) নামৰ এটা নতুন দলৰ জন্ম হয়। মোহন বৈদ্য আৰু অন্যান্য সদস্যসকলে দলীয় সংঘাতৰ কাৰণে মোহন বিক্ৰমৰ স্বেচ্ছাচাৰী নেতৃত্বকে দোষাৰোপ কৰিছে। দলৰ এই বিভাজনে কৃষক বিদ্ৰোহটোক মূল উদ্দেশ্যৰ পৰা আঁতৰাই আনি বিপথেহে পৰিচালিত কৰিছিল।

 স্বাভাৱিকতেই উচ্চ পৰ্যায়ৰ নেতা হিচাপে মোহন বৈদ্য ওৰফে কমৰেড কিৰণ নতুন দলটোৰ সাধাৰণ সম্পাদক পদত বাহাল থাকে। কমৰেড বিশ্বাস আৰু চি পি গুজৰালে এই দলত অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে ড° বাবুৰাম ভট্টৰায় মোহন বিক্ৰম সিঙৰ দলত যোগদান কৰে। সেই সময়ত অৱশ্যে বিশেষ জনপ্ৰিয় নেতা পোৱা হোৱা নাছিল। মোহন বৈদ্য নেতৃত্বাধীন নতুন দলটোত কমডে বিশ্বাস সাম্যবাদী দলৰ কাৰ্যকৰী সমিতিৰ সদস্য হয়।

 অতি সোনকালেই এই দলে পঞ্চায়তৰ শাসকৰ দমন নীতিৰ বিৰুদ্ধে এক সশস্ত্ৰ আক্ৰমণ কৰিবলৈ সিদ্ধান্ত ল’লে। এই দলে সশস্ত্ৰ আক্ৰমণকে অত্যাচাৰী পঞ্চায়তী শাসন ব্যৱস্থাক উৎখাত কৰাৰ একমাত্ৰ পথ বুলি বিবেচনা কৰিছিল। উদ্দেশ্যপ্ৰণোদিত আৰু পূৰ্ব পৰিকল্পিতভাৱে তৈয়াৰ কৰা এই সশস্ত্ৰ আক্ৰমণৰ গুপুত নাম আছিল ছেক্টৰ কান্দা। প্ৰথমে এই অভিযানে কাঠমাণ্ডু ভেলীৰ আৰক্ষী চকীসমূহক লক্ষ্য কৰি লৈছিল। ১৯৮৬ চনৰ ১ এপ্ৰিলত তেওঁলোকে ক্ৰমাগতভাৱে ৰাজধানী চহৰৰ ইণ্ডিয়া চ’ক আৰক্ষী চকী, নৰাদেৱী আৰক্ষী চকী, আচন থামেল আদিকে ধৰি অন্যান্য আৰক্ষী চকীসমূহত আক্ৰমণ চলায়। ত্ৰিপুৰেশ্বৰত অৱস্থিত ৰজা ত্ৰিভূৱনৰ মূৰ্তিও তেওঁলোকৰ আক্ৰমণৰ লক্ষ্য আছিল। এমাহপৰ্যন্ত প্ৰশাসনে এনে দুঃসাহসিক আক্ৰমণৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাছিল। প্ৰশাসনে ৰয়েল নেপাল আৰ্মিক ঠায়ে ঠায়ে নিয়োগ কৰিছিল আৰু আৰক্ষী বিষয়াসকলক আক্ৰমণৰ আঁৰত থকাসকলক আটক কৰিবলৈ আদেশ দিছিল। দুৰ্ভাগ্যবশতঃ ওম সুবেদী নামৰ আক্ৰমণকাৰী এজনক পুলিচে আটক কৰি অত্যাচাৰ কৰিছিল। তাৰ পাছতে যুৱ কমৰেড দীপক মাহাতোকো পুলিচে আটক কৰে। ঘটনাৰ প্ৰকৃত সত্যতা ওলাই পৰাত আৰক্ষীৰ লোকে অভিযানত জড়িত লোকসকলৰ সন্ধানত নামি পৰে।

 ছেক্টৰ কান্দা অভিযানৰ অসফলতাই দলটোৰ কাম-কাজত এটা ডাঙৰ আঘাত হানিলে ৷ অভিযানটোত ধৰা পৰা বহুতো বিদ্ৰোহীয়ে পুলিচৰ ওচৰত শীৰ্ষ নেতাসকলৰ [ ৩৯ ] নাম উল্লেখ কৰাত ইয়াৰ নেতৃত্ব বহনকাৰীসকল তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। বহুতে দলীয় নেতা মোহন বৈদ্যকে অভিযানটোৰ অসফলতাৰ বাবে দোষী সাব্যস্ত কৰিছিল৷ তদুপৰি প্ৰতিদ্বন্দ্বী দলবোৰৰ ওচৰত এই দলটো হাঁহিয়াতৰ পাত্ৰত পৰিণত হৈছিল।

 এই অভিযানৰ ব্যৰ্থতাৰ বাবে মোহন বৈদ্য সমালোচিত হোৱাৰ লগতে দলৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা অব্যাহতি ল’বলৈ তেওঁৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছিল। অৱশ্যে তেওঁ কাৰ্যকৰী সমিতিৰ সদস্যৰ পদত বাহাল থাকিল। কাঠমাণ্ডু ভেলীৰ সমন্বয়ৰক্ষী হিচাপে কাৰ্যনিৰ্বাহ কৰা দেৱ গুৰুং নামৰ নেতাজনেও নিজৰ পদমৰ্যাদা হেৰুৱাবলগীয়া হৈছিল। কমডে বিশ্বাসক সৰ্বসন্মতিক্ৰমে নেপালী সাম্যবাদী দল (মশ্বাল)ৰ সাধাৰণ সম্পাদক পদত নিযুক্তি দিয়া হয়। তাৰ পাছতে দলটোৱে তেওঁলোকৰ পূৰ্বৰ মাৰ্ক্সবাদ-লেনিনবাদ আদৰ্শৰ সংস্কাৰ সাধন কৰি মাৰ্ক্সবাদ-লেনিনবাদ- মাওবাদক দলীয় আদৰ্শ হিচাপে গ্ৰহণ কৰে৷ তাৰ লগে লগেই ‘জনযুদ্ধ’ নামৰ এখন আঁচনি হাতত লৈ বিদ্ৰোহ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই আঁচনিক ফলপ্ৰসূ ৰূপ দিবলৈ কমডে বিশ্বাসে পোন্ধৰজনীয়া এটা দল গঠন কৰি গোৰ্খা জিলাৰ চিৰান চৌকলৈ সশস্ত্ৰ প্ৰশিক্ষণৰ বাবে সাজু কৰি তোলে। দলটোৰ দহদিনীয়া প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰ সকলৰ ভিতৰত কমৰেড বাদল (ৰাম বাহাদুৰ থাপা মগৰ), কমৰেড দিবাকৰ, কমৰ্তে অনন্ত, কমডে বলদেৱ আৰু কমডে বিপ্লৱ আদিয়েই উল্লেখযোগ্য।

 দলৰ নেতৃত্বৰ দায়িত্ব বহন কৰিয়েই কমৰেড বিশ্বাসে উপলব্ধি কৰিছিল যে এটা দল-সংগঠন পৰিচালনা কৰা কামটো কোনোপধ্যেই ল’ৰা-ধেমালি নহয়। তদুপৰি তেওঁলোক প্ৰবল আৰ্থিক সংকটত ভুগিছিল। আৰ্থিক সংকট দূৰ কৰিবলৈ তেওঁ অলপো সময় নষ্ট নকৰি এজন বাৰ্তাবাহকৰ হাতত দেউতাকলৈ বাৰ্তা পঠিয়াই তেওঁলোকৰ ঘৰটো বিক্ৰী কৰিবলৈ অনুৰোধ কৰে যাতে তেওঁ সংগঠনটো পৰিচালনা কৰিবলৈ কিছু আৰ্থিক সকাহ পায়।

 পুত্ৰৰ আৰ্থিক সংকটৰ কথা উপলব্ধি কৰি দেউতাক মুক্তিৰামে অকণো পলম নকৰি ঘৰটোৰ লগতে ডেৰ বিঘা মাটি (প্ৰায় এক হেক্টৰ) তেওঁৰ ঘৈণীয়েকৰ ভনীয়েকক বিক্ৰী কৰি দিয়ে। ভীমসেন নগৰত গৃহহীন হৈ পৰা দাহালে সমস্ত টকা কমৰেড বিশ্বাসলৈ প্ৰেৰণ কৰে। ক্ৰমাগতভাৱে সম্পত্তিখিনি বাল বাহাদুৰ ভূজেল নামৰ এজন ব্যক্তিক পুনৰ বিক্ৰী কৰা হ’ল। গৃহহীন মুক্তিৰামে পত্নীসহিতে ভাৰতপুৰৰ সমীপৱৰ্তী কৃষ্ণপুৰ গাঁৱলৈ ৰাওনা হয়। ভীমসেন নগৰৰ সম্পত্তিৰ অধিকাৰী হয় ভূজেল পৰিয়াল।

 বাল বাহাদুৰে কয়— ‘যদিও আমি নেপালৰ মাওবাদী আন্দোলনৰ অংশ নাছিলোঁ, তথাপি আমি সংবাদ মাধ্যমৰ জৰিয়তে পোহৰলৈ আহিলোঁ। যিহেতু এই ঘৰটোৰ মালিক নেপালৰ এজন উঠি অহা বিপ্লৱীৰ দেউতাক আছিল। আৰু এই কথাটোক লৈ [ ৪০ ] আমি গৌৰৱ অনুভৱ কৰিছিলোঁ।’

 নেতৃত্ব লোৱাৰ কিছুদিনৰ ভিতৰতে তেওঁ সংগঠনটোৰ পুনৰ্গঠনৰ কামত মনোনিবেশ কৰিবলগীয়া হৈছিল। দলৰ বহুতো কেডাৰ পুলিচৰ ওচৰত ধৰা পৰাত কেন্দ্ৰীয় সমিতিৰ শীৰ্ষ নেতা কমৰেড বিশ্বাসকে ধৰি বহুতো নেতাৰ নাম ইতিমধ্যে পুলিচৰ জ্ঞাত হৈ পৰিছিল। সেয়ে কেন্দ্ৰীয় সমিতিৰ চিটৱান জিলাত অনুষ্ঠিত বৈঠকত তৎক্ষণাৎ দলীয় নেতাসকলৰ নাম সলনিৰ সিদ্ধান্ত লোৱা হৈছিল।

 বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় মাওবাদী দলৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা চি পি গাজুৱেল নামৰ এজন ব্যক্তিয়ে চিটৱানত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় সমিতিৰ বৈঠকত তেওঁলোকক নতুন নাম গ্ৰহণ কৰিবলৈ দিয়া আদেশৰ কথা মনত পেলাই কয়— ‘মোৰ কাৰণে এটা নাম বিচাৰি পাইছিলোঁ— প্ৰচণ্ড। মোৰ কাৰণে এই নামৰ উচ্চাৰণটো কেৱল বৈপ্লৱিক চৰিত্ৰৰ ব্যক্তিৰ স’তেহে খাপ খাব যেন অনুভৱ হৈছিল। পিছদিনাখন যেতিয়া আমি বৈঠকৰ কাৰণে গোট খাইছিলোঁ, কমৰেড বিশ্বাসে মোক গৌৰৱ নামটো মোৰ ছদ্মনাম হিচাপে ল’বলৈ উপদেশ দিছিল। আৰু সেয়ে কমৰেড বিশ্বাসক প্ৰচণ্ড নামেৰে নামকৰণ কৰা হৈছিল।’

 নাম পৰিৱৰ্তনৰ এই প্ৰক্ৰিয়াটোৰ পাছত ‘কমৰেড বিশ্বাস’ নামটো লাহে লাহে নাইকিয়া হৈ পৰে আৰু প্ৰচণ্ড নামেৰে তেওঁ জাতীয় তথা আন্তঃৰাষ্ট্ৰীয় মঞ্চত পৰিচিতি লাভ কৰে। চি পি গুজৱেলে এইক্ষেত্ৰত মন্তব্য কৰিছে— ‘তেওঁক প্ৰচণ্ড নামেৰে নামকৰণ কৰা কথাটোত কোনো অসাধাৰণ কাৰণ লুকাই থকা নাই। ই এটা সাধাৰণ আৰু আকস্মিক সিদ্ধান্ত আছিল। কোনো বৈপ্লৱিক চৰিত্ৰৰ কথা ভাবি এই নাম দিয়াৰ পৰিকল্পনা কৰা হোৱা নাছিল, কিন্তু এই নামটোৱে এতিয়া খলকনি তুলিছে। এয়া সঁচায়ে এক আমোদজনক কাহিনী।’

 গণযুদ্ধখনৰ আৰম্ভণিতে প্ৰচণ্ড নামটোৱে সংগঠনটোৰ সদস্যসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল। নেপালৰ মাটিত জন্ম লোৱা এই বাঁওপন্থী আন্দোলনটোৰ নেতৃত্বই সৰ্বসাধাৰণৰ মনত উৎকণ্ঠাৰ সৃষ্টি কৰিছিল। এই নামটোৱে তেওঁকো উৎসাহী আৰু সাহসী কৰি তুলিছিল। বহুতে ভাবিছিল যে কমৰেড প্ৰচণ্ড এক কাল্পনিক চৰিত্ৰ মাথোন।

 কিন্তু মাওবাদীসকলৰ বৈপ্লৱিক কাৰ্যৰ ভৰপক সময়ত তেওঁলোকে সংঘটিত কৰা আক্ৰমণ আৰু প্ৰতি আক্ৰমণমূলক কাৰ্যবিলাকৰ জৰিয়তে প্ৰচণ্ডই জনসাধাৰণৰ মাজত নিজৰ অস্তিত্ব সবলভাৱে ঘোষণা কৰিবলৈ সক্ষম হৈছিল। কিন্তু কোনে তেওঁক এই নামেৰে বিভূষিত কৰিছিল সৰ্বসাধাৰণ জনতাৰ বাবে সি আজিও এক সাঁথৰ। আজি আনকি মাওনেতাগৰাকীয়ে নিজেও এই নামটোত মোহ আৰু পুলক অনুভৱ কৰে।

[ ৪১ ]

বিদ্ৰোহী নেতা তথা
পৰিয়ালৰ এজন সদস্য হিচাপে প্ৰচণ্ড

 ১৯৯০ চনত বহুদলীয় গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে কৰা গণ-আন্দোলনে ৰজাক সম্পূৰ্ণ ক্ষমতা প্ৰদান কৰা ২৯ বছৰৰ পুৰণি দলহীন পঞ্চায়ত ব্যৱস্থাটোৰ অৱসান ঘটায়। কিন্তু ছাত্ৰ একতা সভা, শিক্ষক আৰু নাগৰিক সমাজ আৰু আনবিলাকৰ সপ্তাহজোৰা প্ৰতিবাদে অৱশেষত ৰজাক ক্ষমতা পৰিত্যাগ কৰি সাংবিধানিক গণ্ডীৰ মাজলৈ আহিবলৈ বাধ্য কৰালে।

 নেপালৰ বুৰঞ্জীত পোনপ্ৰথমবাৰৰ বাবে ‘জন আন্দোলনে’ ৰাজনৈতিক দলবোৰক ঐক্যবদ্ধ কৰি পেলালে। সমাজবাদী দলসমূহে ‘সংযুক্ত বাঁওপন্থী’ দলৰ উদ্যোগত একত্ৰিত হয় আৰু নেপালী কংগ্ৰেছৰ লগত যোগ দিয়ে। এই আন্দোলনে এক গণতান্ত্ৰিক সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ বাট দেখুৱাই দিয়ে, যিখন ১৯৯০ চনৰ নৱেম্বৰত ঘোষণা কৰা হয়। ই নেপালৰ বুৰঞ্জীৰ এক যোগাত্মক পৰিৱৰ্তন, যিহেতু সংবিধানে এই হিমালয়ৰ পাদদেশীয় ৰাষ্ট্ৰখনত বহুদলীয় গণতন্ত্ৰ পুনৰ আৰম্ভ কৰে। এই নতুন গণতান্ত্ৰিক ব্যৱস্থাত ৰজা বীৰেন্দ্ৰই সংবিধানৰ মুৰব্বী হিচাপে এক স্থান দখল কৰে।

 সাধাৰণ জনগণে অত্যন্ত আশা কৰিছিল যে ১৯৯০ৰ পৰিৱৰ্তনে এক সমৃদ্ধিশালী [ ৪২ ] আৰু গণতান্ত্ৰিক নেপালৰ পথ প্ৰদৰ্শক হৈ ৰ’ব। ৰাজনৈতিক বন্দীবিলাকক মুকলি কৰি দিয়া হৈছিল। তদুপৰি এটা স্বাধীন প্ৰচাৰ মাধ্যমক দেশৰ কাম-কাজবিলাক কৰিবলৈ দিয়া হৈছিল। তেনেদৰে বহু নতুন উদ্যমী ৰাজনৈতিক নেতাৰ দেশত অভ্যুত্থান ঘটে আন বহুতো ৰাজনৈতিক দলে জন্ম লাভ কৰে।

 এনে এক ৰাজনৈতিক পট পৰিবৰ্তনত পাৰ্টিৰ নতুন নেতা হিচাপে প্ৰচণ্ডৰ দায়িত্ব হৈছিল তেওঁৰ সংগঠনটো শক্তিশালী কৰা। তেওঁৰ নিজৰ দলীয় স্বাৰ্থতে তেওঁ আন একে আদৰ্শৰ সংগঠনবিলাকৰ সৈতে যোগাযোগ স্থাপন কৰাৰ সিদ্ধান্ত কৰে।

 নিজৰ ৰাজনৈতিক ভেটি দৃঢ় কৰিবৰ বাবে প্ৰচণ্ডই তেওঁৰ পত্নী সীতা, ডাঙৰ জী জ্ঞানু, সৰু জী গংগা আৰু একমাত্ৰ পুত্ৰ প্ৰকাশক লৈ ৰাজধানী কাঠমাণ্ডুলৈ স্থায়ীভাবে বসবাস কৰিবলৈ যায়। সেই সময়ত তেওঁৰ দ্বিতীয় কন্যা ৰেণু আইতাকৰ লগত চিটামৰ সুন্দৰবস্তিত আছিল।

 নৰ বাহাদুৰ কৰ্মচাৰ্য নামৰ প্ৰচণ্ডৰ এজন পুৰণি বন্ধুৱে পটনৰ কুম্ভেশ্বৰ জেঠপালৰ বাসিন্দা শ্যাম বাহাদুৰ তেণ্ডুলকাৰৰ ঘৰত থকাৰ ব্যৱস্থা কৰি দিয়ে৷ তেওঁ পাঁচ মহলীয়া ঘৰ এটাৰ দ্বিতীয় মহলাত ভাড়া লৈ থাকে। সেই চুবুৰীটো প্ৰচণ্ডৰ চিনাকি আছিল, যিহেতু তেওঁ ছাত্ৰাৱস্থাত দুবছৰ পটন কেম্পাছত কটাইছিল।

 কিন্তু ৰাজধানীৰ জীৱনে তেওঁক বহুত কষ্ট দিছিল। সংগঠনৰ সাধাৰণ সম্পাদক হোৱা সত্ত্বেও সেই সময়ত প্ৰচণ্ডৰ আৰ্থিক অৱস্থা শোচনীয় আছিল, যিহেতু তেওঁ পৰিয়ালৰ উপৰি সংগঠনটো চলোৱাৰ দায়িত্ব বহন কৰিবলগীয়া হৈছিল। শ্যাম বাহাদুৰে এই প্ৰসংগত কৈছিল—

নৰ বাহাদুৰ কৰ্মচাৰ্যৰ সৈতে প্ৰচণ্ড, পটনৰ কুম্ভেশ্বৰত

[ ৪৩ ]

‘তেওঁলোক আমাৰ ঘৰত চাৰি বছৰৰ অধিক আছিল। ঘৰভাড়া আছিল
মাত্ৰ ৫৫০ টকা। কিন্তু সময়ত তেওঁ ভাড়া দিয়াত সমস্যাৰ সন্মুখীন
হৈছিল। কিন্তু তেওঁৰ পৰিয়ালটো অতি সহজ-সৰল আছিল আৰু
আমাক কোনো কথাতে বিৰক্ত কৰা নাছিল। আমাৰ কেতিয়াও এনে
ধাৰণা নহৈছিল যে তেওঁ এজন উচ্চ পৰ্যায়ৰ বিদ্ৰোহী নেতা আছিল।
প্ৰকৃততে তেওঁক তেনে নেদেখাইছিল। তেওঁ এজন অতি সাধাৰণ
ব্যক্তি আছিল।’

 আৰ্থিক দুৰৱস্থাৰ বাবে প্ৰচণ্ডই আনকি চিগাৰেটো ধাৰলৈ লৈ খাইছিল, যিটো বাকী সময়ত বহুত হৈছিল। বিছনা নোহোৱাত পৰিয়ালৰ সকলো মজিয়াত শুবলগীয়া হৈছিল। আনকি তেওঁৰ পত্নীয়ে ল’ৰা-ছোৱালীৰ আহাৰ যোগাৰ কৰোঁতে বহু কষ্ট কৰিবলগীয়া হৈছিল। পাকঘৰত বাচন-বৰ্তন প্ৰায় নাছিলেই আৰু এটা কেৰাচিনৰ ষ্টোভত ৰন্ধা-বঢ়া কৰিবলগীয়া হৈছিল। ঘৰৰ মালিকে কৈছিল—

‘তেওঁৰ পুত্ৰ প্ৰকাশ আৰু
মোৰ ভাগিন বিনোদ খুব ভাল
বন্ধু আছিল। আনহাতে মোৰ
ভাগিনী দিলচোভাৰ তেওঁৰ
কন্যা জ্ঞানু আৰু গংগাৰ লগত
ভাল সম্পৰ্ক আছিল। সেয়েহে
তাই প্ৰায়ে তেওঁলোকৰ ঘৰলৈ গৈছিল। ল’ৰা-ছোৱালীকেইটাই আমাক
প্ৰায়ে কৈছিল যে গোটেই পৰিয়ালটো ভাত আৰু সেউজীয়া পাচলিৰ
জুলীয়া খাদ্য খাই জীৱন ধাৰণ কৰিছিল।’

 চিটৱানলৈ ঘূৰি আহি, প্ৰচণ্ডৰ মাক-দেউতাক গৃহহীন হৈ তেওঁক সমৰ্থন কৰিব পৰা অৱস্থাত নাছিল। সেই সময়ত মুক্তিৰাম তেওঁৰ ডাঙৰ পুত্ৰৰ লগত থকাৰ উদ্দেশ্যে কাঠমাণ্ডুলৈ আহিছিল যদিও তেওঁ মাটি-বাৰী হেৰুওৱাৰ বাবে ৰেচন-পাতি আনিব পৰা নাছিল।

 গতিকে প্ৰচণ্ডৰ ল’ৰা-ছোৱালীকেইটাই বন্ধুমাৰীৰ ওচৰৰ এখন চৰকাৰী স্কুলত [ ৪৪ ] পঢ়িছিল আৰু তেওঁলোকে অতি সাধাৰণ জীৱনযাপন কৰিছিল। শিশু হিচাপে প্ৰকাশে ভাবিছিল যে তেওঁৰ দেউতাক আনতকৈ বহুত বেলেগ, ব্যতিক্ৰম।

‘তেওঁ কেতিয়াও ৰাতিপুৱা অফিচলৈ যাবলৈ খৰখেদা নলগাইছিল।
তাৰ সলনি তেওঁ ঘৰতে থাকিছিল, কিতাপ পঢ়িছিল আৰু বন্ধু-বান্ধৱৰ
লগত কিবাকিবি আলোচনা কৰিছিল।’

 শ্যাম বাহাদুৰৰ ভাড়াঘৰত থকাৰ সময়তো তেওঁৰ বহুতো অতিথিক আদৰণি জনাইছিল। সেইবিলাকৰ বেছিভাগেই তেওঁৰ বিদ্ৰোহী সতীৰ্থ বা তেওঁৰ দলৰ অধীনৰ সংগঠনৰ নেতা আছিল। শ্যাম বাহাদুৰে কয়—

‘মোৰ এতিয়া কৃষ্ণ বাহাদুৰ মেহাৰা, বাবুৰাম ভট্টৰায় আৰু দীননাথ
শৰ্মাক তেওঁৰ ঘৰত নিয়মীয়াকৈ দেখা মনত পৰিছে। সেই সময়ত
আমি সেই অতিথিসকল কোন আছিল চিনি পোৱা নাছিলোঁ। পাছতহে
এইবিষয়ে গম পাইছিলোঁ।’

 বাবুৰাম ভট্টৰায় সাম্যবাদী ৰাজনীতিত যোগ দিয়া এজন অন্যতম মেধাৱী ছাত্ৰ আছিল। গোৰ্খা জিলাৰ বেলদাসত জন্মগ্ৰহণ কৰা বাবুৰাম সকলো ক্ষেত্ৰতে আগৰণুৱা আছিল। তেওঁ ভাৰতৰ চণ্ডীগড়ৰ পৰা স্থাপত্যবিদ্যা বিষয়ত স্নাতক ডিগ্ৰী লয় আৰু দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ‘স্কুল অৱ প্লেনিং এণ্ড আৰ্কিটেক্‌চাৰ’ৰ অধীনৰ নগৰ আঁচনি বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে।

 ১৯৯০ চনত সংবিধান ঘোষিত হোৱাৰ পাছতেই চি পি এন, নেপাল-প্ৰলিটেৰিয়াট ৱৰ্কাৰ্ছ অৰ্গেনাইজেশ্যন বা নেপালী সৰ্বহাৰা বনুৱা শ্ৰেণীৰ সংগঠন, চি পি এন (মশ্বাল) আৰু চি পি এন (মশ্বাল) মিলিত হৈ প্ৰচণ্ডক সাধাৰণ সম্পাদক হিচাপে লৈ নেপালত সাম্যবাদী দল গঠন কৰে। এই একত্ৰীকৰণ দীৰ্ঘসময়জুৰি এক অনিশ্চয়তাৰ মাজেদি দিন অতিবাহিত কৰা উগ্ৰ বাঁওপন্থীসকলৰ বাবে এক মাধমাৰ স্বৰূপ আছিল।

 শ্যাম বাহাদুৰৰ সৰু ভাতৃ লক্ষ্মণ বাহাদুৰে প্ৰচণ্ডৰ পৰিয়ালৰ সৈতে একেটা ঘৰতে ভাড়া লৈ আছিল। লক্ষ্মণ বাহাদুৰে ভাবিছিল যে এই দলবিলাকৰ একত্ৰীকৰণৰ বাবে সকলো আপোচ-মীমাংসা প্ৰচণ্ডৰ কুম্বেশ্বৰৰ ঘৰতেই হৈছিল। তেওঁ কৈছিল—

‘প্ৰতিদিনে বহুতো মানুহে তেওঁক দেখা কৰিবলৈ আহিছিল। তেওঁলোকে
এখন পুৰণি আৰু জৰাজীৰ্ণ দলিচাত বহি গোটেই দিনটো কিবা আলোচনা
কৰিছিল। তেওঁলোকে আলোচনা কৰা কথাবোৰ আমি বুজি পোৱা
নাছিলোঁ। তেওঁ বহুত কিতাপ অধ্যয়ন কৰিছিল আৰু বাতৰি কাকত
পঢ়িছিল। যদিও আমি একেটা ঘৰতে বাস কৰিছিলোঁ তেওঁ আমাৰ
লগত বেছি কথা পতা নাছিল। মাত্ৰ তেওঁৰ পত্নীৰ লগতহে আমাৰ
কথা-বতৰা হৈছিল।’

[ ৪৫ ]

 সেই সময়ৰ ভিতৰতে প্ৰচণ্ডই ‘সংবিধান সভা- ক্ৰান্তিকাৰী কিম্বা সংস্কাৰবাদী।’ (কনষ্টিটিৱেণ্ট এছেম্বলী— ৰিভ’লিউশ্যনেৰী অ’ৰ ৰিফ'মিষ্ট) নামৰ এখন গ্ৰন্থ ৰচনা কৰিছিল। এই কিতাপখন ৰাজনৈতিক দলবিলাকৰ বাবে একপ্ৰকাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। তদুপৰি তেওঁ মূলসুঁতিৰ ৰাজনৈতিক আলোচনী আৰু বাতৰি কাকতত ভালেমান প্ৰবন্ধ লিখিছিল।

 যিহেতু সকলো ৰাজনৈতিক দলেই ১৯৯১ চনৰ সাধাৰণ নিৰ্বাচনত চকু দিছিল, উগ্ৰ বাঁওপন্থী চি পি এনেও (ইউনিটি চেণ্টাৰ) ইয়াৰ ৰাজনৈতিক ডেউকা মেলিছিল। ১৯৯১ চনৰ মে’ মাহত অনুষ্ঠিত নিৰ্বাচনত এক বৃহৎসংখ্যক লোকে ভোটাধিকাৰ সাব্যস্ত কৰে। প্ৰায় ১১ নিযুত ভোটাৰৰ ভিতৰত ৭ নিযুত (৬৫%) ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে। ইউ পি এফে ৯খন আসন লাভ কৰি বিধানমণ্ডলৰ তৃতীয় বৃহৎ গোট হিচাপে প্ৰতিপন্ন হয়। কৃষ্ণ বাহাদুৰ মেহাৰা সেই ইউ পি এফ দলৰ সদস্যবিলাকৰ অন্যতম আছিল। নেপালী কংগ্ৰেছে ১১০খন আসন লাভ কৰি এক বৃহৎ দল হিচাপে অভ্যুত্থান ঘটায়। তেনেদৰে নেপালৰ সাম্যবাদী দল (সংযুক্ত মাৰ্ক্সবাদী-লেনিনবাদী)এ ২০৫খনৰ ভিতৰত ৬৯খন আসন লাভ কৰে।

 নিৰ্বাচনী ফলাফলে এইটো প্ৰতিপন্ন কৰে যে ৰাজতন্ত্ৰৰ আগৰ দলসমূহে জনগণৰ সমৰ্থন হেৰুৱাইছিল। ২৯ মে' ১৯৯১ চনত নেপালী কংগ্ৰেছ দলে গিৰিজাপ্ৰসাদ কৈৰালাক প্ৰধান মন্ত্ৰী হিচাপে লৈ চৰকাৰ গঠন কৰে। এই সংসদৰ প্ৰথম অধিৱেশন ২০ জুনত বহে।

 কিন্তু নেপালৰ জনগণৰ এটা ভাল ভৱিষ্যতৰ আশা মৰহি যাবলৈ বেছিদিন নালাগিল। এবাৰ ক্ষমতালৈ অহাৰ পাছত, ৰাজনৈতিক নেতাসকল দুৰ্নীতিত লিপ্ত হৈ পৰিছিল আৰু সামন্ত প্ৰভূসকলৰ দৰে আচৰণ কৰিছিল। গতিকে নেপালত প্ৰচণ্ড পৰিচালিত সাম্যবাদী দলেও তথাকথিত গণতান্ত্ৰিক চৰকাৰৰ কাম-কাজত আতংকিত হৈছিল।

 যদিও প্ৰচণ্ডই এই সময়ছোৱাত তেওঁৰ ৰাজনৈতিক কাম-কাজত মগ্ন আছিল, কিন্তু তেওঁ এজন দায়িত্বশীল দেউতাক হিচাপে অতি সচেতন আছিল। ১৯৯৩ চনত তেওঁ কুম্বেশ্বৰৰ ভাড়াঘৰত ডাঙৰ জী জ্ঞানুৰ বিয়াৰ আয়োজন কৰিছিল। সংগঠনটোৱে প্ৰচণ্ডৰ ডাঙৰ জীৰ বাবে চিটৱানৰ অৰ্জুন কুমাৰ ওৰফে কমৰেড সাগৰ নামৰ এজন দৰা বিচাৰি উলিয়াইছিল। শ্যাম বাহাদুৰে কৈছিল—

‘বিয়াখন সাধাৰণভাৱে পতা হৈছিল। খুব কম মানুহকহে বিয়ালৈ নিমন্ত্ৰণ
কৰা হৈছিল। আনহে নালাগে আমাকো নিমন্ত্ৰণ কৰা হোৱা নাছিল।
ক’বলৈ গ’লে— এইখন এখন সাধাৰণ অসাধাৰণ বিয়া আছিল।’

 বিয়াৰ পাছত জ্ঞানু গিৰীয়েকৰ সৈতে চিটৱানত থাকিবলৈ গৈছিল। দুজনী কন্যাৰ মাতৃ জ্ঞানু এতিয়া পঞ্জাবৰ জলন্ধৰত বাস কৰে। তেওঁৰ স্বামী এতিয়া ‘নেপালী গণ [ ৪৬ ] অধিকাৰ সুৰক্ষা সমিতি’ (নেপালী পিপু’লছ ৰাইটছ প্ৰটেকশ্যন কমিটী)ৰ সদস্য। এতিয়া দুয়ো নেপালৰ মাওবাদী দলৰ সক্ৰিয় কৰ্মী।

 ১৯৯৩ চনৰ শেষৰফালে প্ৰচণ্ডই তেওঁৰ চিটৱানৰ পৰা পুৰণি বন্ধু ৰাম বাহাদুৰ থাপা ওৰফে বাদলক মধ্য-পশ্চিম নেপালৰ ৰ'লপা আৰু ৰুকুম জিলালৈ এক দীৰ্ঘম্যাদী সশস্ত্ৰ বিপ্লৱৰ এটা পটভূমি ৰচনা কৰিবলৈ পঠিয়াইছিল। তাত বাদলে এটা বাহিনীৰ প্ৰশিক্ষণ দিবলগীয়া হৈছিল। এজন প্ৰাক্তন গোৰ্খা সৈনিকৰ পুত্ৰ হিচাপে তেওঁৰ সামৰিক কৌশলৰ যথেষ্ট জ্ঞান আছিল।

 কিন্তু ১৯৯৪ চনৰ ২২ মে’ত ইউ পি এফ আদৰ্শগত পাৰ্থক্যৰ বাবে বিধানসভাত দুটা ভাগত বিভক্ত হৈছিল। দুমাহৰ পাছত, কৈৰালাই সংসদ ভংগ কৰি মধ্যকালীন নিৰ্বাচনৰ বাট মুকলি কৰি দিয়ে।

 ইউ পি এফৰ এই বিভাজনক কেন্দ্ৰ কৰি চি পি এমে হিংসাত্মক কাৰ্যই দেশলৈ এক পৰিৱৰ্তন আনিব নে নাই এই বিষয়ৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্মল লামা আৰু প্ৰচণ্ড দলত বিভক্ত হয়, য'ত বাবুৰাম ভট্টৰায়ে প্ৰচণ্ড গোটৰ নেতৃত্ব লৈছিল। ইউ পি এফৰ দুয়োটা গোটে নিৰ্বাচনী আয়ুক্তৰ ওচৰত দলৰ নিৰ্বাচনী প্ৰতীক বিচাৰি আৱেদন কৰে। শেষত নিৰ্মল লামাৰ দলে স্বীকৃতি লাভ কৰে। ইয়াত অসন্তুষ্ট হৈ নিৰ্বাচন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়।

 ৰাজনৈতিক পটভূমিৰ উপৰি সেই সময়ত প্ৰচণ্ডৰ পৰিয়ালত এক ধুমুহাই জোকাৰি গৈছিল। তেওঁৰ মাতৃ ভৱানী কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ কাঠমাণ্ডুৰ ডাউন টাউনৰ ‘বীৰ হাস্পতাল’ত চিকিৎসাধীন হৈ থাকে। ফলত প্ৰচণ্ড আৰু তেওঁৰ ভাতৃ গংগাৰামে প্ৰায় এমাহ তেখেতক চোৱা-চিতা কৰিবলগীয়া হৈছিল। তেওঁৰ ভগ্নী অপ্সৰাই কৈছিল—

‘ব্যস্ততা সত্ত্বেও তেওঁ (প্ৰচণ্ড) গোটেই দিন নিজ মাতৃৰ যত্ন ল’বলৈ
হাস্পতালত আছিল। তেওঁৰ বন্ধুবিলাকেও তেখেতক বচাবলৈ ৰক্তদান
কৰিছিল।’

 কিন্তু বীৰ হাস্পতালতে ভৱানী দাহালে শেষ নিশ্বাস ত্যাগ কৰিছিল। পুলিচে প্ৰচণ্ডক বিচাৰি থকাৰ বাবে তেওঁ শেষকৃত্য সমাপন কাৰ্যত ভাগ ল'ব নোৱাৰিলে। তেওঁৰ সৰু ভায়েকে অন্তিম সৎকাৰৰ ধৰ্মীয় কাম-কাজবিলাক সম্পাদন কৰিছিল। ১৯৯৪ চনৰ নৱেম্বৰ মাহত মনমোহন অধিকাৰী নেতৃত্বাধীন সাম্যবাদী চৰকাৰে শপত গ্ৰহণ কৰে। তেওঁ এছিয়াৰ এখন ৰজাৰ দ্বাৰা শাসিত ৰাজ্যৰ প্ৰথম সাম্যবাদী দলৰ প্ৰধান মন্ত্ৰী হিচাপে নিৰ্বাচিত হৈ এক নতুন অধ্যায়ৰ সূচনা কৰে। সেই বছৰৰে ডিচেম্বৰ মাহৰ শেষৰফালে চি পি এনৰ প্ৰচণ্ডৰ গোটটোৱে এখন স্মাৰকপত্ৰ দাখিল কৰে, য’ত তেওঁলোকে জাতীয়তাবাদ আৰু সাধাৰণ মানুহৰ দৈনিক প্ৰয়োজনকে ধৰি বহুতো দাবী সন্নিৱিষ্ট কৰে। যদিও মনমোহন অধিকাৰীয়ে দাবীসমূহ বিচাৰ কৰাৰ [ ৪৭ ] আশ্বাস দিছিল তেওঁৰ চৰকাৰ বেছিদিনলৈ টিকি নাথাকিল।

 অৱশেষত নেপালৰ সাম্যবাদী দলৰ প্ৰচণ্ডৰ গোটে চিটৱানত ইয়াৰ প্ৰথম অধিৱেশন পাতে য’ত প্ৰচণ্ডৰ ‘এক নতুন গণতান্ত্ৰিক আন্দোলন’ গঢ়িবলৈ কৰা প্ৰস্তাৱ আলোচনাসহ গ্ৰহণ কৰা হয়। ১৯৯৫ চনৰ মাৰ্চ মাহত প্ৰচণ্ডৰ গোটে দলটোক চি পি এন (মাওবাদী) নামেৰে নামকৰণ কৰে। প্ৰচণ্ডই এইক্ষেত্ৰত কৈছিল—

‘আমাৰ সশস্ত্ৰ বিদ্ৰোহে এক গতি নল’লেহেঁতেন যদিহে কৈৰালাই
মধ্যৱৰ্তীকালীন নিৰ্বাচন ঘোষণা নকৰিলেহেঁতেন। নিৰ্বাচনটোৰ জৰিয়তে
মানুহক ক’বলৈ এক ডাঙৰ সুযোগ পোৱা গৈছিল যে তেওঁলোকে
প্ৰকৃততে ক্ষমতা দখলতহে গুৰুত্ব দিয়ে। এইটোৱে আমাক নিৰ্বাচন
প্ৰত্যাহাৰ কৰিবলৈ যথেষ্ট যুক্তি দৰ্শাইছিল আৰু সশস্ত্ৰ বিদ্ৰোহৰ বাবে
সাজু হ’বৰ বাবে সাহস যোগাইছিল।’

 সি যি কি নহওক, প্ৰায় নমাহ ক্ষমতাত থকাৰ পাছত চি পি এন (ইউ এম এল) চৰকাৰ সংসদে অনাস্থাৰ প্ৰস্তাৱ অনাৰ পাছত ভাঙি যায়। তাৰ ঠাইত নেপালী কংগ্ৰেছৰ শ্বেৰ বাহাদুৰ দেউবাই এক যৌথ চৰকাৰ গঠন কৰে যি ‘ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টি’, সদ্ভাবনা পাৰ্টি আদিকো অন্তৰ্ভুক্ত কৰে। সেই বছৰৰে নৱেম্বৰ মাহত দেউবা চৰকাৰে নেপালী পুলিচক ৰ’লপা আৰু ৰুকুমকে ধৰি আন ঠাইৰ মাওবাদীসকলৰ বিৰুদ্ধে ‘অপাৰেশ্যন ৰোমিঅ” প্ৰয়োগ কৰিবলৈ অধিকাৰ দিয়ে।

 ৰাজধানীত চোৰাংচোৱাই প্ৰচণ্ডক তেওঁৰ কুম্বেশ্বৰৰ ভাড়াঘৰত বিচাৰি ফুৰিছিল, কিন্তু সৌভাগ্যক্ৰমে তেওঁ পৰিয়ালৰ সৈতে সেই চোৰাংচোৱাৰ বেহু ভেদ কৰিবলৈ (আন্তঃৰাষ্ট্ৰীয় চোৰাংচোৱা বিভাগ) সক্ষম হয়। এইক্ষেত্ৰত তেওঁৰ ঘৰৰ মালিকে মন্তব্য কৰিছিল—

‘সিহঁতে (চোৰাংচোৱাই) তেওঁক বিচাৰি আহিছিল। সৌভাগ্যক্ৰমে
তেওঁলোকে ঘৰটো চিনাক্ত কৰিব নোৱাৰি আনৰ ঘৰত সোমাইছিল।
অতি সোনকালে পৰিয়ালটোৱে ঘৰ এৰি আৰু ক’ৰবালৈ গুচি গৈছিল।’

 তেতিয়াই প্ৰচণ্ডৰ দ্বিতীয়া কন্যা ৰেণুৱে হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি মোমায়েকৰ ঘৰৰ পৰা কাঠমাণ্ডুলৈ ককায়েক প্ৰকাশ আৰু ভনীয়েক গংগাৰ লগত থাকিবলৈ আহে। ইতিমধ্যে প্ৰচণ্ডৰ পৰিয়ালটো কাঠমাণ্ডুৰ কলংকিৰ ওচৰৰ এখন ঠাইলৈ উঠি যায়, যিহেতু তেওঁৰ দল এক সশস্ত্ৰ বিদ্ৰোহৰ বাবে সাজু হৈ আছিল। তেতিয়ালৈকে প্ৰধান ৰাজনৈতিক দলবিলাকৰ মাওবাদীসকলৰ কাম-কাজৰ ওপৰত অতি সামান্য ধাৰণাহে আছিল। ৰেণুৱে কৈছিল—

‘দেউতাই আমাক এক দীৰ্ঘদিনজোৰা সশস্ত্ৰ বিদ্ৰোহৰ কথা কৈছিল।
আমাৰ ল’ৰালি কালৰ পৰাই তেওঁ আমাক সাম্যবাদী নীতি আৰু

[ ৪৮ ]

আদৰ্শৰ জ্ঞান দিছিল। সেয়েহে আমি ভালদৰে জানিছিলোঁ কিয় এইটো
নেপালৰ বাবে প্ৰয়োজনীয় আছিল। সেয়েহে আমি যিকোনো ঘটনাৰ
বাবে সাজু হৈ আছিলোঁ।’

 প্ৰকাশৰ দলে মানুহক যুদ্ধৰ বাবে কৰা কিছুমান প্ৰস্তুতিৰ বিষয়ে মনত পেলাইছিল। তেওঁ মানুহবিলাকৰ ওচৰলৈ সঘনে অহা-যোৱা কৰাৰ লগতে তেওঁলোকে কৰা বিভিন্ন কাম-কাজবিলাক নিৰীক্ষণ কৰিছিল। তেওঁ মনত পেলাইছিল—

‘এদিন আমাৰ কালাংকিৰ থকা ঘৰলৈ বহুত প'ষ্টাৰ অনা হৈছিল।
মোৰ বাইদেৱে কৈছিল যে ‘জনযুদ্ধৰ’ বাবে প্ৰচাৰ চলাবলৈ অনা
হৈছিল। কিন্তু তেতিয়া সেইবিলাকে কি বুজাইছিল মই বুজি পোৱা
নাছিলোঁ।’

 ১৯৯৪ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে বলৰাম ভট্টৰায়ে সেই সময়ৰ প্ৰধান মন্ত্ৰী দেউবাক কিছুমান দাবী উত্থাপন কৰি এখন স্মাৰকপত্ৰ দাখিল কৰে আৰু সেই দাবীবোৰ দুসপ্তাহৰ ভিতৰত পূৰণ কৰিবৰ বাবে অনুৰোধ জনায়। দুৰ্ভাগ্যজনকভাৱে দেউবাই সেই দাবীবোৰৰ গুৰুত্ব বুজি পোৱা নাছিল আৰু চি পি এনৰ যুদ্ধ কৰাৰ ক্ষমতাৰ বিষয়ে বিশেষ ধাৰণা কৰিব পৰা নাছিল। সেয়েহে তেওঁ দাবীবোৰ সহজভাৱে লৈ সেইবোৰ কাৰ্যকৰী কৰাৰ সলনি তেওঁ এক বিলাসী ভ্ৰমণৰ বাবে ভাৰতলৈ অহাতহে গুৰুত্ব দিছিল।

শয্যাশায়ী মাতৃ ভৱানী দাহালৰ সৈতে প্ৰচণ্ড

[ ৪৯ ]
জনযুদ্ধৰ প্ৰথম পদক্ষেপ

 প্ৰধান মন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাই মাওবাদীসকলৰ ৪০টা দাবীক গুৰুত্ব নিদি সেই সময়ৰ ভাৰতৰ প্ৰধান মন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ আমন্ত্ৰণক্ৰমে ১৯৯৬ চনৰ ১১ৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ ভাৰত ভ্ৰমণলৈ আহে। সেই ভ্ৰমণৰ সময়ত প্ৰধান মন্ত্ৰীয়ে পশ্চিম নেপালৰ মহাকালী নদীৰ পূৰ্ণাংগ উন্নয়নৰ বাবে এক চুক্তি কৰে, যিখন ভোটবেংক নিশ্চিতকৰণৰ এক মাধ্যম আছিল।

 কিন্তু তেওঁ কাঠমাণ্ডুলৈ ঘূৰি যোৱাৰ আগতেই মাওবাদীসকলে জনযুদ্ধ আৰম্ভ কৰে। ১৩ ফেব্ৰুৱাৰীত চৰকাৰক আচৰিত কৰি খালী ভৰিৰ গেৰিলাই একেলগে প্ৰায় আধাডজন ঠাইত আক্ৰমণ চলায়। এই আক্ৰমণ চাৰিদিন ধৰি চলিছিল। তদুপৰি গোৰ্খা জিলাৰ এটা বেংক লুট কৰিছিল আৰু ‘ৰ’লপা’ আৰু ‘ৰুকুম’ৰ আৰক্ষী চকীত আক্ৰমণ কৰি অস্ত্ৰ-শস্ত্ৰ লুট কৰি নিয়ে। ইয়াৰ উপৰি ‘জাজৰ কট’ আৰু ‘গোৰ্খা’ নামৰ পাহাৰীয়া জিলা দুখনলৈ আৰু পূবে সিন্ধুলী জিলালৈকে সশস্ত্ৰ বিদ্ৰোহ বিয়পি পৰিছিল। মাওবাদীসকলে কোনো অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ নোহোৱাকৈয়ে সাহসৰ পৰিচয় দি নিৰাপত্তা বাহিনীৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ আগবাঢ়ি গৈছিল। সেই সময়ত [ ৫০ ] এখন মাওবাদী প্ৰচাৰ পুস্তিকাত কোৱা হৈছিল—

‘আমি এই কথা ভালদৰে অৱগত যে হেজাৰ বছৰীয়া পৰাধীনতাৰ
শিকলি ভাঙি নতুন গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ কৰা এই সংগ্ৰাম অত্যন্ত
কঠোৰ, কণ্টকাকীৰ্ণ আৰু দীৰ্ঘম্যাদী। কিন্তু এই সংগ্ৰামে মানুহৰ মুক্তিৰ
একমাত্ৰ মহান পথ।’

 কোনোবাই প্ৰশ্ন কৰিব পাৰে, শ্বেৰ বাহাদুৰ দেউবাই গোটেই দাবীবোৰ পূৰণ কৰিব পৰা হ’লে জনযুদ্ধক বাধা দিব পৰা হ'লহেঁতেননে? প্ৰচণ্ডই কৈছিল—

‘তেওঁৰ কাৰণে দাবীবোৰ সাংবিধানিক গাঁথনি আৰু নেতাবিলাকৰ
মনোভাবৰ বাবে পূৰণ কৰাটো সম্ভৱ নহয় যদিও তেওঁ দাবীবোৰ মানি
লোৱা হ’লেও জনযুদ্ধ নিচেই সমীপত থাকিলেহেঁতেন। হয়তো অলপ
পলম হ’লহেঁতেন, কিন্তু ই নিশ্চিতভাৱে ঘটিলহেঁতেন।’

 অতি ক্ষিপ্ৰতাৰে সশস্ত্ৰ বিদ্ৰোহ চৌদিশে বিয়পি পৰিছিল। মাওবাদীসকলে জাতি- বৰ্ণ আৰু লিংগৰ ওপৰত ভিত্তি কৰি হোৱা বৈষম্যক তেওঁলোকৰ ৰাজনৈতিক কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিছিল। জনতাৰ মাজত ক্ৰমে বাঢ়ি অহা অসন্তুষ্টিৰ সুবিধা ল’বলৈ তেওঁলোক অতি ক্ষিপ্ৰ গতিত আগবাঢ়িছিল।

 মাওবাদীসকলে কিউবাৰ গেৰিলা যোদ্ধা চে’ গুৱেভাৰাক অনুসৰণ কৰিছিল। তেওঁলোকে জনযুদ্ধত মাও জে দঙৰ সমৰ কৌশলো অনুসৰণ কৰিছিল। তেওঁলোকে গাঁও আৰু নগৰৰ চাৰিওফালে নিজৰ ভেটি স্থাপন কৰি লৈছিল আৰু গণতান্ত্ৰিক গণৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ ক্ষমতা দখল কৰাত অগ্ৰসৰ হৈছিল।

 তদুপৰি চীনা ছান চ্যুৰ কিতাপ ‘দি আৰ্ট অৱ ৱাৰ’-এ গৃহভূমিত জন্ম হোৱা নেপালী বিদ্ৰোহীক চৰকাৰৰ বিৰুদ্ধে বিপ্লৱ চলাই যোৱাত ভালেখিনি সহায় কৰিছিল। প্ৰকৃততে নেপালৰ কঠিন পৰ্বতীয়া ভূমিত গেৰিলা যুদ্ধ পৰিচালনা কৰিবলৈ অতি সহজ হৈছিল। নেপালৰ গভীৰ পাৰ্বত্য অঞ্চলসমূহ গেৰিলা যুদ্ধ চলাই নিয়াৰ বাবে যথেষ্ট সুবিধাজনক আছিল।

 বিদ্ৰোহ আৰম্ভ হোৱাৰ লগে লগে প্ৰচণ্ড এঠাইৰ পৰা আন ঠাইলৈ গৈছিল আৰু বিদ্ৰোহৰ প্ৰথম ২১ দিনত কাঠমাণ্ডুৰ ভালেমান ঠাইত আত্মগোপন কৰি আছিল। গ্ৰেপ্তাৰ হোৱাৰ পৰা ৰক্ষা পাবলৈ ইয়াৰ পাছতে তেওঁ পত্নীৰ সৈতে কাঠমাণ্ডুৰ পৰা পলায়ন কৰিছিল। কিন্তু দুগৰাকী কন্যা আৰু এটি পুত্ৰসহ এঠাইৰ পৰা আন ঠাইলৈ পলাই ফুৰাটো তেওঁৰ কাৰণে যথেষ্ট বিপজ্জনক আছিল। আনহাতে নিৰাপত্তাজনিত কাৰণতে ল’ৰা-ছোৱালী তিনিটাক কালাংকীৰ ভাড়াঘৰতো এৰি থৈ আহিব পৰা নাছিল।

 সেয়েহে ল’ৰা-ছোৱালী তিনিটাই কাঠমাণ্ডুৰ গংগাপুৰ বাছ আস্থানৰ ওচৰৰ এটা [ ৫১ ] নতুন ঘৰলৈ গুচি যায়। প্ৰচণ্ডৰ ডাঙৰ ছোৱালী জ্ঞানু গিৰীয়েকৰ সৈতে ভৰতপুৰত থকাৰ বাবে প্ৰকাশ আৰু গংগাৰ দায়িত্ব ৰেণুৰ ওপৰতে পৰে। তেওঁ মনত পেলাইছিল—

‘মোৰ সৰু ভণ্টি আৰু ভাইটি স্কুলত পঢ়ি আছিল। আমি কাঠমাণ্ডুত
যি পৰিস্থিতিত আছিলোঁ তাত সিহঁতৰ যত্ন লোৱাটো অতি সমস্যাপূৰ্ণ
আছিল। কিন্তু মই সকলো সমস্যাৰ সন্মুখীন হ’বলৈ সাজু আছিলোঁ
কাৰণ মই বুজি পাইছিলোঁ যে দেউতাই সকলো নেপালী মানুহৰ
কল্যাণৰ বাবে সংগ্ৰাম কৰিছিল।’

 কাঠমাণ্ডুৰ পৰা পলাই গৈ প্ৰচণ্ডই পশ্চিম নেপালৰ চিয়াজা পায়গৈ। তাত তেওঁ পলিতব্যু’ৰোৰ সদস্যসকলৰ এখন সভাত সভাপতিত্ব কৰে। তাত তেওঁ জনযুদ্ধ কেনেদৰে চলাই নিয়া হ’ব তাৰ এক খতিয়ান দাঙি ধৰে। ঘাইকৈ আৰক্ষী চকী আৰু নিৰ্বাচিত কিছু অঞ্চল কেনেকৈ নিজৰ অধীনলৈ আনিব পাৰি সেই বিষয়ে আলোচনা কৰিছিল। জনযুদ্ধ গোটেই দেশতে বিয়পি পৰাৰ বাবে মাওবাদীৰ মূল নেতাজন নেপালত থকাটো অতি বিপদজনক হৈ পৰিছিল। সেয়েহে দলে সিদ্ধান্ত কৰিছিল যে তেওঁলোক পুনৰ ভাৰতত থকা উচিত। আৰু শিলিগুড়িৰ পূব বাণিজ্যিক চহৰখনক ইয়াৰ বাবে নিৰ্বাচন কৰা হৈছিল। শিলিগুড়িত বহু নেপালীভাষী লোক আছিল। গতিকে তেওঁলোকৰ তাত আশ্ৰয় ল’বলৈ সহজ হৈ পৰিছিল। সেয়েহে তেওঁলোকে তাত তিনি বছৰ থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

 শিলিগুড়িলৈ যোৱাৰ পাছত সীতাৰ জীৱনে এটা নতুন গতি ল’লে। তেওঁ গিৰীয়েকৰ লগত নেপালৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিছিল আৰু পোনপটীয়াকৈ দলৰ কাম-কাজবিলাকত জড়িত হৈ পৰিছিল। ১৯৮১ চনত তেওঁ চিটৱানৰ মাওবাদী মহিলা কমিটীৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ পৰে।

 প্ৰচণ্ডই নিজৰ ল’ৰা-ছোৱালী তিনিটাৰ নিৰাপত্তাৰ বাবে চিন্তিত হৈ পৰিছিল। কাৰণ কাঠমাণ্ডু তেওঁলোকৰ কাৰণে নিৰাপদ ঠাই হৈ থকা নাছিল। ১৯৯৭ চনত তেওঁ শিলিগুড়িলৈ আহে। প্ৰায়ে চেয়াৰমেন প্ৰচণ্ডই প্ৰায় জনযুদ্ধৰ আৰম্ভণি সময়ছোৱাৰ মূল ঘাটি ৰ'লপা আৰু ৰুকুমলৈ অভিযানৰ নেতৃত্ব দিবলৈ আৰু বিদ্ৰোহৰ নেতাসকলক লগ কৰি ভৱিষ্যৎ পৰিকল্পনা কৰিবলৈ আহিবলগীয়া হৈছিল। প্ৰকাশে কৈছিল—

‘কেতিয়াবা তেওঁ বহুমাহ ধৰি ঘৰৰ পৰা বাহিৰত আছিল। তেওঁ ক'লৈ
গৈছিল, কি কৰিছিল মই একো ধৰিব পৰা নাছিলোঁ। মোৰ ডাঙৰ
বাইদেউৰ পৰা মই জানিব পাৰিছিলোঁ যে মোৰ দেউতা এজন
ৰাজনৈতিক কৰ্মী আছিল। কিন্তু মই তাৰ অৰ্থ বুজি পোৱা নাছিলোঁ।’

 সেই সময়ত ম’বাইল ফোনৰ সংযোগ ব্যৱস্থাটো নেপালত উন্নত হোৱা নাছিল। [ ৫২ ] তথাপি মাওবাদীসকলে নিজৰ যোগাযোগ ব্যৱস্থা উন্নত কৰি লৈছিল। সেইবাবে দলৰ নেটৱৰ্ক সমগ্ৰ দেশতে বৃদ্ধি কৰিবৰ বাবে প্ৰচণ্ডই দেশৰ দূৰণিবটীয়া ঠাইসমূহ পৰিভ্ৰমণ কৰিবলগীয়া হৈছিল। সীতাক লগত লৈ প্ৰচণ্ডই খোজকাঢ়ি হাবিৰ মাজেদি ৰাতি ৰাতি অভিযান চলাবলগীয়া ঠাইসমূহলৈ গৈছিল। প্ৰতিটো খোজতেই নিৰাপত্তা বাহিনীৰ পৰা ভয় আছিলেই। সীতাই কয়—

‘মই চিটৱানৰ সমভূমিত জন্ম লৈছিলোঁ আৰু দীৰ্ঘ যাত্ৰাৰ প্ৰতি আকৰ্ষিত
হোৱা নাছিলোঁ। কিন্তু এতিয়া মোৰ চল্লিছ বছৰ বয়সত মই কেনেকৈ
হাবি আৰু পৰ্বতত খোজকাঢ়ে তাক শিকিছিলোঁ। কেতিয়াবা আমি মূল
ঠাই পাবলৈ এসপ্তাহো খোজ কাঢ়িবলগীয়া হৈছিল।’

 ল’ৰা-ছোৱালীকেইটাৰ কাৰণে দীঘলীয়া যাত্ৰা কৰাটো সম্ভৱ নাছিল। সিহঁতক নিজৰ ঘৰত এৰিব নোৱৰাৰ বাবে প্ৰচণ্ডই তেওঁৰ দুয়োজনী ছোৱালী বিয়া হৈ যোৱাটোহে বিচাৰিছিল যাতে তেওঁ সিহঁতৰ কোনোবা এজনীৰ ঘৰত আশ্ৰয় লৈ থাকিব পাৰে। আমোদজনকভাৱে প্ৰচণ্ডৰ দুয়োজনী ছোৱালীৰ দৰা বিচাৰিবলৈ দলক দায়িত্ব দিয়া হৈছিল। যাতে তেওঁলোকে সম্পূৰ্ণ মাওবাদী আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হয়।

 দলটোৱে অতি সোনকালে দুজন পাত্ৰ বিচাৰি পালে। অৰ্জুন পাঠক ওৰফে কমৰেড পুকাৰে ৰেণুক বিয়া কৰাবলৈ সিদ্ধান্ত ল’লে। তেওঁ গুলমী জিলাৰ পউদিয়ামাৰাই জিলাৰ যুৱক আছিল। তেওঁ জলন্ধৰৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লৈছিল। তেওঁৰ দেউতাক টেগ বাহাদুৰ ‘নেপালী জন অধিকাৰ সুৰক্ষা সমিতি’ৰ সভাপতি আছিল। সেই সময়ত কমৰেড পুকাৰ সদৌ ভাৰত নেপালী ছাত্ৰ সংগঠনৰ এজন সক্ৰিয় সদস্য আছিল আৰু পাছত সাধাৰণ সম্পাদক পদলৈ উন্নীত হৈছিল। বাবুৰাম ভট্টৰায়ে এই সংগঠনটো ভাৰতত পঢ়ি থকাৰ সময়ত জন্ম দিছিল।

 তেনেদৰে সদৌ নেপালী ছাত্ৰ সংগঠনৰ সভাপতি নাৰায়ণ বিক্ৰম প্ৰধানে প্ৰচণ্ডৰ সৰু ছোৱালী গংগাক বিয়া কৰাবলৈ মান্তি হৈছিল। তেওঁ ভাৰতৰ সাম্যবাদী দল প্ৰাক্তন সাংসদ বদ্ৰী নাৰায়ণ প্ৰধানৰ পুত্ৰ আছিল। কমৰেড পুকাৰে কৈছিল—

‘মই মোৰ পত্নীক বিয়াৰ আগলৈকে লগ পোৱা নাছিলোঁ। আমাৰ
সংগঠনে আমাৰ বিয়া ঠিক কৰি দিছিল। আমি সকলোৱেই ইয়াত সুখী
হৈছিলোঁ।’

 প্ৰচণ্ডই তেওঁলোকৰ জীয়েকৰ বিয়া উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ লক্ষ্ণৌত পতাৰ সিদ্ধান্ত কৰিছিল। সেই উদ্দেশ্যে শিলিগুড়িৰ পৰা প্ৰচণ্ড আৰু জলন্ধৰৰ পৰা প্ৰকাশ আহিছিল। তেওঁলোকৰ সংগঠনে লক্ষ্ণৌৰ লীলা হোটেল বিয়াৰ বাবে বন্দোৱস্ত কৰে আৰু বন্ধু-বান্ধৱ, আত্মীয়-স্বজনক হোটেল বৈশালীত তিনিদিন থকাৰ ব্যৱস্থা কৰে।

[ ৫৩ ] ১৯৯৭ চনৰ ৯ ফেব্ৰুৱাৰীত দুয়োজনী ছোৱালীয়েই সাধাৰণ আনুষ্ঠানিকতাৰ মাজেৰে বিয়া হৈ যায়।

 বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰা অতিথিসকলৰ ভিতৰত পৰিয়ালৰ সদস্য আৰু দলীয় সহযোগীসকল আছিল। তাৰ ভিতৰত বাবুৰাম ভট্টৰায়ৰ পত্নী হিছিলা য়ামী, পমক্ষা ভূষাল, কমৰেড বাদল উল্লেখযোগ্য। বিয়াৰ পাছত গংগা শিলিগুড়িস্থিত শহুৰেকৰ ঘৰলৈ আৰু ৰেণু জলন্ধৰলৈ গুচি যায়।

 প্ৰচণ্ড আৰু তেওঁৰ পত্নীক বিয়া দুখনে অতি সকাহ দিছিল। প্ৰকাশেও ৰেণুৰ সৈতে থাকিবলৈ গুচি গৈছিল। তাত সি অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে পঢ়া-শুনা কৰে। ৰেণুৱে কয়—

‘আনকি বিয়াৰ আগতেও আমাক ভাইটিৰ দায়িত্ব ল’বলৈ কোৱা হৈছিল
আৰু তাক তিনি-চাৰি বছৰমান লগত ৰাখিছিলোঁ। যিহেতু দুজনী
ছোৱালীৰ ভিতৰত মই ডাঙৰ আছিলোঁ, সেয়ে দায়িত্বটো মোৰ ওপৰতে
পৰিছিল আৰু মই সেই দায়িত্ব সুচাৰুৰূপে পালন কৰিছিলোঁ। কিন্তু
প্ৰকাশে পঞ্জাবৰ জীৱনশৈলীত নিজকে খাপ খুৱাবলৈ অসুবিধা পাইছিল।
স্কুলত পাঞ্জাবী বাধ্যতামূলক হোৱাৰ বাবে সি পাঞ্জাবী শিকিবলগীয়া
হৈছিল।’

 স্কুলৰ দৈনিক পাঠৰ উপৰি প্ৰকাশে ৰেণুৰ পৰা সাম্যবাদৰ প্ৰাথমিক জ্ঞান পাইছিল। আচলতে প্ৰচণ্ডই গোটেইকেইটা ল’ৰা-ছোৱালীয়ে এইখিনি শিকি দলটোত যোগ দিয়াটো বিচাৰিছিল। শিলিগুড়িত প্ৰচণ্ডৰ জী-জোঁৱাইৰ লগত সঘন যোগাযোগ আছিল। কেতিয়াবা তেওঁ ৰেণুক লগ ধৰিবলৈ জলন্ধৰলৈকো গৈছিল।

 ইতিমধ্যে মাওবাদীসকলৰ লগত যুদ্ধ কৰাৰ উদ্দেশ্যে চৰকাৰে ১৯৯৭ চনত এখন সন্ত্ৰাসবিৰোধী আইন প্ৰণয়ন কৰিবলৈ চেষ্টা কৰিছিল। এই কাৰ্যৰ বাবে চৰকাৰে মানৱ অধিকাৰ খৰ্ব কৰা বুলি সমালোচনাৰ সন্মুখীন হৈছিল।

 ইতিমধ্যে নেপালৰ প্ৰধান মন্ত্ৰী গিৰিজাপ্ৰসাদ কৈৰালাই মাওবাদীসকলক উৎখাত কৰাটো চৰকাৰৰ এক লক্ষ্য হিচাপে ধৰি লোৱাত প্ৰচণ্ডই এই সিদ্ধান্তৰ বিৰুদ্ধে বিদ্ৰোহ চলাই যোৱাৰ সংকল্প লয়। তেওঁ কৈৰালাৰ কংগ্ৰেছী নেতাসকলক আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লয়।

 অৱশেষত চৰকাৰ মাওবাদীসকলৰ বিৰুদ্ধে সষ্টম হৈ পৰে। সেই বছৰতে অৰ্থাৎ ১৯৯৮ চনৰ মে’ মাহত চৰকাৰে সমগ্ৰ দেশতে ‘অপাৰেশ্যন কিল’ চিৰা-২’ নামৰ মাওবাদীবিৰোধী অভিযান আৰম্ভ কৰে। ইয়াৰ পাছত চৰকাৰ মাওবাদীসকলৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰা বাতৰি কাকতবোৰৰ স্থিতিৰ ক্ষেত্ৰত সৰৱ হৈ পৰে।

[ ৫৪ ] মাওবাদীসকলক সমৰ্থন কৰা তেনে বাতৰি কাকতসমূহৰ ভিতৰত ‘জন একতা’, ‘জন ভাবনা’ আদিৰ নাম ল’ব পাৰি।

 ইয়াতো ক্ষান্ত নাথাকি চৰকাৰে হিমালয়ান জাৰ্নেলৰ সাংবাদিক যদু লেমিজহেনক মাওবাদীসকলক সমৰ্থন কৰাৰ বাবে আটক কৰে। নেপালৰ উচ্চতম ন্যায়ালয়ে তেওঁক মুকলি কৰি দিবলৈ চৰকাৰক আদেশ দিয়ে। কিন্তু চৰকাৰে তেওঁক পুনৰ প্ৰচণ্ডৰ লগত বৃদ্ধি পোৱা ঘনিষ্ঠতাৰ বাবে আটক কৰে।

 ইয়াৰ পাছত প্ৰচণ্ড ‘পিপুলছ লিবাৰেশ্যন আৰ্মি’ (পি এল এ)ৰ সৰ্বাধিনায়ক পদত অধিষ্ঠিত হয়। বাবুৰাম ভট্টৰায়ক আইন ৰচনা আদিৰ লগতে দলৰ ৰাজনৈতিক দিশটো চোৱা-চিতাৰ দায়িত্ব অৰ্পণ কৰে।

 দলীয় কাম-কাজবিলাক অধিক সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে প্ৰচণ্ডই পত্নীসহ ১৯৯৮ চনৰ মাজভাগত দিল্লীলৈ গৈ গাজিয়াবাদত এটা ঘৰ ভাড়ালৈ লয়। এই ঠাইত থকাৰ বাবে তেওঁৰ সমগ্ৰ অভিযানটো পৰিচালনা কৰাৰ লগতে ৰ’লপা, ৰুকুমকে ধৰি লক্ষ্ণৌ আদিলৈ যাবলৈ সুবিধা হৈছিল। আমোদজনকভাৱে এঠাইৰ পৰা সিঠাইলৈ ঘূৰি ফুৰাৰ সময়ছোৱাত প্ৰচণ্ডই বিভিন্ন সময়ত বিভিন্ন ছদ্মবেশত, যেনে কেতিয়াবা গৱেষক, কেতিয়াবা স্কুলৰ শিক্ষক আদিৰ ভাও লৈছিল ৷ প্ৰচণ্ডৰ ভাষাত—

‘কেতিয়াবা মই নিজকে দাৰ্জিলিঙৰ পৰা অহা বুলি আৰু কেতিয়াবা
হিমাচল প্ৰদেশৰ পৰা অহা বুলি দাবী কৰিছিলোঁ।

 ১৯৯৯ চনত এজনী কন্যা সন্তান জন্ম দিয়াৰ পাছত ৰেণুৱেও কট্টৰ সাম্যবাদী আন্দোলনত যোগদান কৰি সদৌ নেপালী মহিলা সংগঠনৰ সভানেত্ৰী হয়। গাজিয়াবাদত থকাৰ সময়ত প্ৰচণ্ডই বিভিন্ন সময়ত পত্নীৰ সৈতে জলন্ধৰত থকা ৰেণুক লগ ধৰিবলৈ গৈছিল। এই বিষয়ে ৰেণুৱে প্ৰায়ে কৈছিল—

‘মাওবাদীৰ মুৰব্বী হোৱা সত্ত্বেও তেওঁ এজন দয়ালু আৰু হাস্যৰসিক
ব্যক্তি আছিল৷ যেতিয়া তেওঁ পৰিয়ালৰ মানুহৰ লগত থাকে, কোনেও
বিশ্বাস নকৰে যে তেওঁ জনযুদ্ধৰ নেতৃত্ব দিয়া এটা সক্ৰিয় মাওবাদী
সংগঠনৰ সদস্য।’

 ইতিমধ্যে ১৯৯৯ চনৰ মে’ মাহত হোৱা নিৰ্বাচনত নেপালী কংগ্ৰেছৰ নেতা কৃষ্ণ প্ৰসাদ ভট্টৰায়ে চৰকাৰ গঠন কৰে। সেই বছৰৰে ডিচেম্বৰ মাহত প্ৰধান মন্ত্ৰী ভট্টৰায়ে শ্বেৰ বাহাদুৰ দেউবাৰ নেতৃত্বত মাওবাদী সমস্যা সমাধান কৰিবৰ বাবে এক আয়োগ গঠন কৰে। [ ৫৫ ]

অপাৰেশ্যন কিল' চিৰা-২

 প্ৰধান মন্ত্ৰী গিৰিজাপ্ৰসাদ কৈৰালাৰ পৃষ্ঠপোষকতাত পৰিচালিত হোৱা ‘অপাৰেশ্যন কিল’ চিৰা-২’ নেপালৰ সাধাৰণ নিৰ্বাচনৰ সময়লৈকে চলি আছিল। পাঁচখন জিলাক সামৰি লোৱা মাওবিৰোধী এই অভিযানটো বহুতো অন্যায় হত্যাকাণ্ড, ধৰ্ষণ, বলপূৰ্বক আটক, অত্যাচাৰ আদিৰ দৰে অমানুষিক কাৰ্যকলাপত জড়িত হৈ মানৱ অধিকাৰ খৰ্ব কৰাৰ অভিযোগত অভিযুক্ত হৈ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছিল।

 এই অভিযানৰ ফলস্বৰূপে প্ৰায় পাঁচশমান নিৰীহ জনগণৰ মৃত্যু হৈছিল। জনপ্ৰিয় নেপালী লেখক দীপক থাপাৰ মতে এই অভিযানত মাওবাদীসকলৰ উপৰি বহুতো নিৰ্দোষী লোকে মৃত্যুক আঁকোৱালি লৈছিল।

 কৈৰালা চৰকাৰৰ মাও বিদ্ৰোহী নিধনৰ পাশৱিক কাৰ্যই তেওঁলোকক অধিক আক্ৰোশী কৰি তুলিছিল। ২০০১ চনত সমগ্ৰ নেপালজুৰি চলোৱা এক সমীক্ষাত দেশৰ ৩০% জনসাধাৰণে পোষণ কৰা মত অনুযায়ী দেশত মাওবাদী বিদ্ৰোহীৰ দ্ৰুত উত্থানৰ মূলতেই হ’ল মাওবাদীৰ ওপৰত চলোৱা পুলিচ আৰু আৰক্ষী বাহিনীৰ বৰ্বৰ অত্যাচাৰ। দেশৰ দৰিদ্ৰতা, নিবনুৱা সমস্যা আৰু দুৰ্নীতি আদিবোৰ চৰকাৰৰ বাবে [ ৫৬ ] গৌণ সমস্যা হিচাপেহে বিবেচিত হৈছিল।

 কাঠমাণ্ডুৰ পৰা দেশ শাসন কৰা চৰকাৰখনে ক’ৰ পৰা বিদ্ৰোহটো পৰিচালিত হৈছিল তাক প্ৰথমতে অনুধাৱন কৰিব পৰা নাছিল। এই সমস্যাটোক চৰকাৰে প্ৰথমে আইন-শৃংখলাৰ সমস্যা বুলিয়েই গণ্য কৰিছিল। কিন্তু অতি কম সময়ৰ ভিতৰতে তেওঁলোকে বুজিব পাৰিছিল যে প্ৰকৃততে মাওবাদী বিদ্ৰোহীসকলে পেৰুৰ উদিত পথ বিপ্লৱৰ পৰা অনুপ্ৰেৰণা পাইছিল। নেপালৰ মাওবাদী বিদ্ৰোহীসকলেও তেওঁলোকৰ দৰেই চৰকাৰী প্ৰশাসনকে ধৰি আন আন চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।

 এই বৰ্বৰ অভিযানৰ পাছতো চৰকাৰে মাওবাদীসকলক অস্ত্ৰ ত্যাগ কৰি মূলসুঁতিলৈ আহিবলৈ বাধ্য কৰিব নোৱাৰিলে। মাওবাদীসকলে ৰাজতন্ত্ৰ ওফৰাই এক সাম্যবাদী ৰাষ্ট্ৰ গঠনৰ দাবীত অটল হৈয়ে থাকিল। তেওঁলোকে প্ৰচণ্ডৰ নেতৃত্বত পৰ্যায়ক্ৰমে গ্ৰামাঞ্চল আৰু জিলা পৰ্যায়ত এক প্ৰাদেশিক চৰকাৰ গঠন কৰাৰ কথা ঘোষণা কৰিলে। সংগঠনৰ বৰ্ধিত কাম-কাজৰ লগতে আৰ্থিক নাটনি দূৰ কৰাৰ উদ্দেশ্যে এক ৰাজহ সংগ্ৰহ পদ্ধতি গ্ৰহণ কৰিছিল। বিদ্ৰোহীসকলে ধনী-জমিদাৰসকলৰ মাটি অধিগ্ৰহণ কৰি সেইবোৰ দৰিদ্ৰ, ভূমিহীন লোকৰ মাজত বিতৰণ কৰিছিল। সমবায় ভিত্তিত্ত কৃষিকাৰ্য কৰা পদ্ধতিৰ ওপৰত গুৰুত্ব দিয়াত দুখীয়া ভূমিহীন কৃষকসকল বাৰুকৈয়ে উপকৃত হৈছিল। ক্ৰমাগতভাৱে নেপালৰ ভালেমান অঞ্চল মাওবাদীসকলৰ দখললৈ আহিছিল আৰু হেজাৰ হেজাৰ যুৱক-যুৱতী সশস্ত্ৰ বিদ্ৰোহত জঁপিয়াই পৰিছিল। এওঁলোকৰ ভিতৰত ভালেমান বিদ্ৰোহী আছিল কিশোৰ-কিশোৰী।

 অপাৰেশ্যন কিল’ চিৰা-২ৰ সময়ছোৱাত মাওবাদীসকলে কোনোধৰণৰ বৃহৎ প্ৰতি আক্ৰমণমূলক কাৰ্যত জড়িত হৈ পৰা নাছিল। সংগঠনটোৰ বিস্তৰ ক্ষতি ৰোধ কৰিবৰ নিমিত্তে মাত্ৰ তেওঁলোকে পুলিচ চকীসমূহত সৰু-সুৰা দুই-এক আক্ৰমণহে সংঘটিত কৰিছিল। প্ৰচণ্ডই এই সময়ছোৱাৰ ভিতৰত সংগঠনটোক ৰাজনৈতিক আৰু সামৰিক দিশত পুনৰ্গঠন কৰি অধিক সু-সংগঠিত কৰাৰ ওপৰতহে মনোনিৱেশ কৰিছিল। ২১ ছেপ্টেম্বৰৰ দিনা হঠাতে মাওবাদীসকলে ৰুকুমৰ মাহৎগাঁও আৰক্ষী চকীত অতৰ্কিতে আক্ৰমণ সংঘটিত কৰে। এই আক্ৰমণত সাতজন পুলিচ কৰ্মীয়ে প্ৰাণ হেৰুৱায়। থুলে ৰায় নামৰ এগৰাকী আৰক্ষী অধীক্ষক মাওবাদীসকলে বন্দী কৰি লৈ যায় গেৰিলাসকলে লগতে বহুতো গুলী-বাৰুদ লুট-পাত কৰাৰ লগতে ২৭টা ৰাইফল হস্তগত কৰে। মাহৎগাঁও আৰক্ষী চকীত আক্ৰমণ কৰাৰ দুদিনৰ আগতে মাওবাদীসকে চলৱান জিলাৰ কটবাদা গাঁৱত হোৱা সংঘৰ্ষত ডাম্বাৰ জং চান্দ নামৰ এজন শীৰ্ষস্থানীয় সৰ্বাধিনায়কক হেৰুৱাইছিল। এই হত্যাৰ প্ৰতিশোধ হিচাপে মাওবাদীসকলে আৰ [ ৫৭ ] চকীত অতৰ্কিতে এই আক্ৰমণ চলায়।

 নেপালী কংগ্ৰেছ শাসিত চৰকাৰখনৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ মাওবাদীসকলে সমগ্ৰ দেশতে তেওঁলোকৰ সামৰিক শক্তি সঞ্চিত কৰি ৰাখিছিল। ১৯৯৬ চনত কমডে দেৱ গুৰুঙে পাঁচ হেজাৰ টকাৰে মানাংগৰ পৰা কিনা দুটা পইন্ট ৩০৩ ৰাইফলেৰে সশস্ত্ৰ বিপ্লৱৰ সূচনা কৰা মাওবাদী বিদ্ৰোহে এনে এক ভয়াৱহ ৰূপ ল’ব বুলি কোনেও অনুধাৱন কৰিব পৰা নাছিল।

 প্ৰাৰম্ভিক অৱস্থাত মাওবাদীসকলে স্বাভাৱিকতেই ৰ’লপা আৰু ৰুকুম জিলাত নিজৰ সামৰিক ভেটি সুদৃঢ় কৰি তুলিব বিচাৰিছিল। ইয়াৰ মূলতেই হ’ল নেপালী কংগ্ৰেছশাসিত চৰকাৰখনৰ এই অঞ্চল দুটাৰ জনসাধাৰণৰ প্ৰতি শতিকাজুৰি প্ৰদৰ্শন কৰা অৱমাননা আৰু অৱহেলাৰ মনোভাব। এই বিষয়ত শিক্ষাবিদ এছ ডি মুনিয়ে কৈছে—

‘ৰাজনৈতিক আৰু অৰ্থনৈতিক বৈষম্যৰ বাবে এই অঞ্চলৰ জনসাধাৰণৰ
মাজত জমিদাৰবিৰোধী মনোভাব অতি প্ৰকট। এই অঞ্চলটো আটাইতকৈ
পিছপৰা আৰু দাৰিদ্ৰ্যপীড়িত। এই অঞ্চলত বসবাস কৰা জনজাতীয়
আৰু সামাজিকভাৱে পিছপৰা লোকসকলে নিজকে উচ্চবৰ্ণৰ
লোকসকলৰ দ্বাৰা শোষিত আৰু অৱহেলিত বুলি অনুভৱ কৰে।’

 প্ৰচণ্ডৰ পত্নী সীতাৰ মতে ইয়াৰ কাৰণ অতি সহজ। ৰ’লপা, ৰুকুম আৰু দাঁতিকাষৰীয়া পাহাৰীয়া লোকসকল মাওবাদী আন্দোলনৰ উগ্ৰ সমৰ্থক আছিল। তাৰ উপৰি মাওবাদীসকলৰ গণযুদ্ধত সহায়ৰ হাত আগবঢ়াইছিল। এই সন্দৰ্ভত তেওঁ কৈছে— ‘গণযুদ্ধৰ প্ৰাৰম্ভিক সময়ছোৱাত মই ৰ'লপা আৰু ৰুকুমৰ দুখীয়া মানুহখিনিক দেখি নাকান্দি নোৱাৰিছিলোঁ। তেওঁলোক অতি দৰিদ্ৰ আৰু শোষিত আছিল, আৰু তেওঁলোকৰ ভৰণ-পোষণৰ বাবে কাৰোবাৰ সহায়ৰ অতি প্ৰয়োজন অনুভৱ কৰিছিলোঁ। শতিকাজুৰি তেওঁলোকে চৰকাৰৰ দ্বাৰা উপেক্ষিত হৈয়ে জীৱিকা নিৰ্বাহ কৰি আছিল৷ গণযুদ্ধৰ সময়ছোৱাত তেওঁলোকে বহু ত্যাগ স্বীকাৰ কৰি আমাক সৰ্বতোপ্ৰকাৰে সহায়ৰ হাত আগবঢ়াইছিল।’

 এই অঞ্চলসমূহত বহুতো অৱসৰপ্ৰাপ্ত গোৰ্খা ৰেজিমেণ্টৰ সৈনিকে বসবাস কৰিছিল। তেওঁলোকৰ কিছুমান ব্ৰিটিছ আৰু ভাৰতীয় সম্প্ৰদায়ৰ আছিল। তেওঁলোকৰ সতি- সন্ততিবিলাক মাওবাদী আন্দোলনত জড়িত হৈ পৰিছিল। শুনামতে বহুতো অৱসৰপ্ৰাপ্ত সৈনিকে চৰমপন্থী গেৰিলাসকলক প্ৰশিক্ষণ দিয়াত সহায় কৰিছিল। তদুপৰি সেই পাহাৰীয়া অঞ্চলসমূহৰ পৰা গেৰিলা বিদ্ৰোহীসকলে চৰকাৰী নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে [ ৫৮ ] যুদ্ধ চলাই নিবলৈ সুচল অনুভৱ কৰিছিল।

 মাও বিদ্ৰোহীসকলৰ বিদ্ৰোহী কাৰ্যকলাপ ৰোধ কৰি আলোচনাৰ মজিয়ালৈ আনিবলৈ শ্বেৰ বাহাদুৰ দেউবাৰ নেতৃত্বত এখন শান্তি সমন্বয়ৰক্ষী আয়োগ গঠন কৰা হৈছিল। কিন্তু বিদ্ৰোহীসকলক আলোচনাৰ মজিয়ালৈ অনাত দেউবা সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল।

 ২০০০ বৰ্ষৰ আৰম্ভণিৰ সময়ছোৱাত মাওবাদীসকলে মধ্য নেপালৰ লগতে আন বহুতো সংযুক্ত এলেকাত নিজৰ স্থিতি সুদৃঢ় কৰিবলৈ সক্ষম হয়। ক্ৰমাগতভাৱে ৰুকুম, ৰ’লপা, যাযৰকট আৰু গোৰ্খা আদি অঞ্চলসমূহত বহুতো গণ আদালত স্থাপিত হৈছিল। এই আদালতৰ জৰিয়তে মাওবাদীসকলে জনসাধাৰণৰ গোচৰবোৰ নিষ্পত্তি কৰি ন্যায় বিচাৰ দিবলৈ চেষ্টা কৰিছিল।

 এনে গণ আদালতবোৰে দিয়া ৰায়সমূহক জনসাধাৰণে মানি লৈছিল। এই আদালতসমূহে জনসাধাৰণক ন্যায় বিচাৰ দিবলৈ চেষ্টা কৰিছিল। প্ৰচণ্ডই এনে আদালতসমূহলৈ খেইমলাল দেৱকোটা আৰু ইকৰাজ ভাণ্ডাৰীৰ দৰে নেপালী উচ্চতম ন্যায়ালয়ৰ অভিজ্ঞ আইনজ্ঞৰ সেৱা আগবঢ়াবলৈ সক্ষম হৈছিল। এনে ব্যৱস্থাপনা কৰিব পৰাটো সংগঠনটোৰ কাৰণে এক ডাঙৰ সফলতা আছিল। ইকৰাজ ভাণ্ডাৰীয়ে এই সন্দৰ্ভত কয়—

‘গণযুদ্ধৰ সময়ছোৱাত সেই অঞ্চলৰ জনসাধাৰণে আইন-আদালতৰ
পৰা কোনোধৰণৰ ন্যায় বিচাৰ পাব পৰা নাছিল। পিছপৰা অঞ্চলৰ
লোকসকলেও ন্যায় বিচাৰ পোৱা নাছিল। সেয়ে কমৰেড প্ৰচণ্ডৰ
নেতৃত্বত গাঁওবোৰত বহুতো গণ আদালত স্থাপন কৰা হৈছিল।’

 ভাণ্ডাৰীৰ মতে, মাওবাদীসকলে ন্যায় ব্যৱস্থাৰ সঠিক ব্যাখ্যাৰ জৰিয়তে গ্ৰাম্য অঞ্চলৰ গোচৰসমূহ নিষ্পত্তি কৰি ন্যায়ব্যৱস্থা সন্দৰ্ভত এক জনজাগৰণ আনিবলৈ চেষ্টা কৰিছিল। গোচৰীয়া পক্ষই তেওঁলোকৰ নিজ নিজ গাঁৱৰ গণ আদালতৰ মুৰব্বীৰ ওচৰত গোচৰ ৰুজু কৰিছিল। আদালতে গোচৰৰ শুনানিৰ বাবে এটা নিৰ্দিষ্ট দিন আৰু তাৰিখ ঠিক কৰিছিল। এই বিষয়ত তেওঁ আৰু কয়—

‘জনসাধাৰণক ন্যায় প্ৰদান কৰাৰ ই এক উত্তম পন্থা আছিল। সৰ্বসাধাৰণৰ
মাজৰ পৰা তিনিজনকৈ বিচাৰক বাছনি কৰা হৈছিল। তেওঁলোকে এটা
নিৰ্দিষ্ট ঠাইত গোট খাইছিল। ই প্ৰায় আদালতৰ খণ্ড বিচাৰপীঠৰ দৰে।
গোচৰীয়া বা আৱেদনকাৰীয়ে কৰ্টত প্ৰয়োজনীয় নথিপত্ৰৰ লগত
সাক্ষ্য উপস্থাপনৰ ব্যৱস্থা কৰিছিল। গোচৰৰ শুনানিৰ শেষত বিচাৰকে
গোচৰ সন্দৰ্ভত ৰায়দান কৰিছিল।’

 লাহে লাহে তেওঁলোকে গাঁৱৰ বাহিৰেও জিলা পৰ্যায়ত এনেধৰণৰ গণ আদালতসমূহ [ ৫৯ ] স্থাপনৰ ব্যৱস্থা হাতত লৈছিল। এনেধৰণৰ কেইখনমান আদালত পূব পাহাৰীয়া জিলাৰ লগতে দূৰৈৰ পশ্চিমীয়া জিলাবিলাকতো স্থাপন কৰা হৈছিল। মাওবাদীসকলৰ এই আদালতসমূহৰ ভিত্তি আছিল জনসাধাৰণ। তেওঁলোকে ঘটনাৰ সত্যাসত্য প্ৰমাণৰ লগতে দেশত চলিত প্ৰথাৰ ওপৰত ভিত্তি কৰি ন্যায় বিচাৰ কৰিছিল। ভাণ্ডাৰীয়ে এই প্ৰসংগত কৈছে—

‘এই গোচৰ প্ৰক্ৰিয়াত সৰ্বসাধাৰণ লোকো জড়িত হৈ পৰাত
স্বাভাৱিকতেই আমাৰ ৰায়দানক জনসাধাৰণে সন্মানসহকাৰে মানি
লৈছিল। আমাৰ বিচাৰকসকলৰ কাৰো আইনগত প্ৰশিক্ষণ নাছিল।
সেয়ে বহু সময়ত তেওঁলোকে আৱেগৰ বশৱৰ্তী হৈ ৰায়দান কৰাৰ
ফলত বিচাৰ প্ৰক্ৰিয়াত বহুতো ভুল ৰৈ গৈছিল।’

 মাওবাদীসকলে প্ৰতিষ্ঠা কৰা গণ আদালতৰ সফলতাত তেওঁলোক আনন্দিত হ’লেও মানৱ অধিকাৰ সংঘৰ দৰে আন আন নেপালী কৰ্তৃপক্ষই এই ব্যৱস্থাত অসন্তুষ্টি প্ৰকাশ কৰিছিল। তেওঁলোকে এই ব্যৱস্থাক কেংগাৰু ক’ৰ্টৰ লগত তুলনা কৰিছিল। তেওঁলোকৰ অভিযোগ মতে এনে গণ আদালতসমূহ মাওবাদীসকলৰ মইমতালি আৰু মাও আদৰ্শৰ লগত সংগতি ৰাখি প্ৰতিষ্ঠিত কৰা হৈছিল। এই আদালতবোৰ কোনো আইনৰ ওপৰত ভিত্তি কৰি প্ৰতিষ্ঠিত নহয়।

‘গণ আদালতৰ বিচাৰৰ নামত মাৰপিট আনকি হত্যাৰ দৰে ঘটনা
সংঘটিত হোৱাৰ বাতৰিৰ লগতে এনে আন বহুতো তথ্য নেপালস্থিত
ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সংস্থাৰ হাতত পৰিছিল।

 ২০০০ চনৰ মাজভাগত মাওবাদীসকলে নেপালৰ সৰ্বমুঠ ৭৫খন জিলাৰ ভিতৰত ৪৫খন জিলাত নিজৰ কাম-কাজ অব্যাহত ৰাখিবলৈ সক্ষম হৈছিল। সেই সময়ৰ নেপালৰ বৈদেশিক মন্ত্ৰী চক্ৰ পি বচতলাই কৰা অভিযোগ মতে, মাওবাদীসকলে তেওঁলোকৰ গণযুদ্ধ চলাই নিয়াৰ ক্ষেত্ৰত ভাৰতে অস্ত্ৰ-শস্ত্ৰ দি সহায় কৰিছিল আৰু ভাৰতত থকা পিপুলছ ৱাৰ গ্ৰুপে (পি ডব্লিউ জি) মাওবাদীসকলক সহায়ৰ হাত আগবঢ়াই আহিছে।

 কৃষ্ণপ্ৰসাদ ভট্টৰায়ে প্ৰধান মন্ত্ৰীৰ দায়িত্বভাৰ লোৱাৰ এবছৰৰ ভিতৰতে পদত্যাগ কৰিবলৈ বাধ্য হয়। ২০০০ চনৰ মে' মাহত গিৰিজাপ্ৰসাদ কৈৰালাই চৰকাৰৰ মুৰব্বী হিচাপে দেশৰ শাসনভাৰ চম্ভালি লয়। প্ৰচণ্ডৰ লগতে আন আন মাওবাদী কেদাৰসকলে দাবী কৰি অহা সাংবিধানিক চৰকাৰ আৰু তেওঁলোকৰ সংগঠনৰ কাৰ্যাৱলীৰ বিৰুদ্ধে কৈৰালা চৰকাৰে গ্ৰহণ কৰা কেতবোৰ উগ্ৰ আৰু কঠোৰ নীতিয়ে তেওঁলোকক বিপাঙত পেলাইছিল। ফলস্বৰূপে সংগঠনটোৱে কৈৰালা চৰকাৰলৈ তেওঁলোকৰ স্থিতি সম্পৰ্কে [ ৬০ ] সবিশেষ স্পষ্টভাৱে জনাই বিবৃতি প্ৰেৰণ কৰিছিল।

 সিদিনা আছিল জুন মাহৰ ৮ তাৰিখ। প্ৰবল বৰষুণ আৰু অন্ধকাৰৰ সুযোগ লৈ ১৫ শ সশস্ত্ৰ মাওবাদীয়ে জাজাৰক’ট জিলাৰ পাঞ্চকাটীয়া গাঁৱৰ এটা আৰক্ষী চকী আগুৰি ধৰে। সু-সজ্জিত আৰু সু-পৰিকল্পিত গেৰিলা আক্ৰমণকাৰীসকলে আৰক্ষী চকীলৈ লক্ষ্য কৰি মৰ্টাৰ নিক্ষেপ কৰিছিল। চকীত প্ৰায় ৫৩জন পুলিচকৰ্মী আছিল। গেৰিলাসকলৰ অতৰ্কিত আক্ৰমণত তেওঁলোকৰ কৰ্মীসকল ছেদেলি-ভেদেলি হৈ পৰে। কিছু সময়ৰ পাছত তেওঁলোকে নিজকে সংগঠিত কৰি গেৰিলাসকলৰ আক্ৰমণ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে গুলীবৰ্ষণ কৰে। দুয়োপক্ষৰ মাজত চলা এই গুলীয়াগুলী পুৱাৰ ভাগলৈকে অহৰহ চলে। এই ভয়াৱহ সংঘৰ্ষত ১২জন পুলিচ বিষয়াকে ধৰি দুজন মাওবাদী আৰু সাতজন সাধাৰণ লোকে প্ৰাণ হেৰুৱায়।

 এই আক্ৰমণৰ পাছত চৰকাৰে পাঞ্চকাটে আৰক্ষী চকীলৈ পুনৰ পুলিচ বাহিনী মোতায়েন কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি মাও বিদ্ৰোহীসকলে তেওঁলোকক আক্ৰমণ কৰাৰ উদ্দেশ্যে পথৰ কাষে কাষে আত্মগোপন কৰি আছিল। ধাৰাসাৰ বৰষুণকো নেওচি গাঁও অভিমুখে ৰাওনা হোৱা পুলিচ বাহিনীৰ ওপৰত সশস্ত্ৰ মাওবাদী বিদ্ৰোহীসকল জঁপিয়াই পৰিল। মাওবাদী বিদ্ৰোহীয়ে আৰু দুজন পুলিচ কৰ্মীক গুলীয়াই হত্যা কৰে।

 বিদ্ৰোহ চলি থকা সময়ছোৱাত প্ৰচণ্ডই কাঠমাণ্ডুৰ বিভিন্ন অঞ্চলত প্ৰায় ২১ দিন আছিল। পুলিচৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পৰা নিজকে বচাবলৈ প্ৰচণ্ড আৰু তেওঁৰ পৰিয়ালবৰ্গই পলাই যাবলৈ সিদ্ধান্ত কৰে যদিও গোটেই পৰিয়ালটো লুকাই থকাটো অতি কঠিন হৈ পৰিছিল। অন্যহাতে ল’ৰা-ছোৱালীকেইটাক ভাড়াঘৰত এৰি যোৱাটোও অতি বিপজ্জনক আছিল। [ ৬১ ]

ৰঙা পতাকা

 মাওবাদীসকলে প্ৰচাৰৰ কৌশলটো ভালদৰেই আয়ত্ত কৰিব পাৰিছিল। জনযুদ্ধৰ আৰম্ভণিৰ পৰাই তেওঁলোকে নিজৰ বিপ্লৱ সন্দৰ্ভত কিছুমান অতিৰঞ্জিত প্ৰচাৰ চলাই জনমানসত নিজৰ স্থিতি সম্পৰ্কে এটা ধাৰণাৰ জন্ম দিবলৈ সক্ষম হৈছিল। সংগঠনটোৰ বিভিন্ন অভিযান সন্দৰ্ভত প্ৰচণ্ডই একোটাকৈ নতুন নাম গ্ৰহণ কৰাৰ পোষকতা কৰিছিল আৰু বিভিন্ন ঠাইত সংগঠনটোৰ অভিযান আৰম্ভ কৰাৰ আগতেই প্ৰচাৰ মাধ্যমৰ জৰিয়তে বিশেষ প্ৰচাৰেৰে জনগণৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰিছিল।

 ২০০০ বৰ্ষৰ মধ্যভাগত মাও বিদ্ৰোহীসকলে এটা নতুন অভিযান ‘স্পেচিয়েল শ্বক’ আৰম্ভ কৰি চৰকাৰক আতংকিত কৰিবলৈ চেষ্টা কৰিছিল। জাজাৰ্কট জিলাৰ পাঞ্চকাট পুলিচ চকীত সফলতাৰে আক্ৰমণ চলোৱাৰ পাছত চৰকাৰৰ বিৰুদ্ধে তেনেধৰণৰ অভিযানবোৰ হাতত লৈ আতংকিত কৰিবলৈ প্ৰচণ্ডক অধিক উৎসাহী কৰিলে। প্ৰচণ্ডই অতি সন্তৰ্পণে নেপালী চৰকাৰৰ ৰাজনৈতিক কাম-কাজ প্ৰত্যক্ষ কৰি আছিল আৰু আক্ৰমণৰ সময়ছোৱাত কিদৰে পৰিস্থিতিৰ সৈতে যুঁজ দিব লাগে তাৰ কৌশল তেওঁ ভালদৰে আয়ত্ত কৰিব পাৰিছিল।

 ২০০০ চনৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহত গিৰিজাপ্ৰসাদ কৈৰালাই এসপ্তাহজোৰা [ ৬২ ] ভাৰত ভ্ৰমণ সমাপ্ত কৰি নেপালত ভৰি থ’লেহি। ভ্ৰমণৰ সময়ছোৱাত নেপাল আৰ ভাৰত উভয় দেশে কোচি আৰু সোণকোচি বান্ধ সন্দৰ্ভত একেলগে কাম কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি ঐকমত্যত উপনীত হৈছিল। বিতৰ্কিত লক্ষ্মণপুৰ বান্ধ সন্দৰ্ভতো বিবাদ মীমাংসা কৰিবলৈ এক যুটীয়া কাৰিকৰী সমিতি গঠনৰ প্ৰস্তাৱ লোৱা হৈছিল নেপাল-ভাৰত বন্ধুত্ব চুক্তি ১৯৫০ৰ পুনৰ সমীক্ষণ কৰি এই সন্দৰ্ভত কাম-কাজ চলাই নিবলৈ দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰী দুজনক আদেশ জাৰি কৰা হৈছিল।

 কৈৰালা চৰকাৰৰ এই সফলতা তথা ভ্ৰমণক বিৰোধী দল চি পি এন (ইউ এ এন)ৰ নেতা মাধৱ কুমাৰ নেপালে ব্যৰ্থতা বুলি দাবী কৰিছিল। কৈৰালাক আন আন বিষয়তো সমালোচকসকলে আক্ৰমণ কৰিছিল। কৈৰালাৰ উত্তৰাধিকাৰী কৃষ্ণপ্ৰসাদ ভট্টৰায়ে জলসম্পদ বিভাগৰ মন্ত্ৰী খুম বাহাদুৰ খাদকাক কেবিনেটৰ পৰা অপসাৰিত কৰাৰ বাবে কৈৰালাক সমালোচনা কৰিছিল৷

 সেই সময়তে ৰাজকুমাৰ জ্ঞানেন্দ্ৰৰ পুত্ৰ তথা ৰজা বীৰেন্দ্ৰৰ ভতিজাক ৰাজকুমাৰ পৰশে নেপালৰ সংগীতজ্ঞ প্ৰবীণ গুৰুঙক গাড়ীৰে খুন্দিয়াই নিহত কৰে। কিন্তু কৈৰাল চৰকাৰে এই দুৰ্ঘটনা সন্দৰ্ভত ৰাজকুমাৰ পৰশৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা হাতত লোৱাৰ পৰা বিৰত থকাৰ ঘটনাই জনসাধাৰণক উত্তেজিত কৰি তুলিছিল।

 চৰকাৰখনৰ নৈতিক ভেটি দুৰ্বল হৈ থকাৰ সময়ছোৱাতে প্ৰচণ্ডই সুযোগৰ সদ্ব্যৱহাৰ কৰি চৰকাৰে আগবঢ়োৱা আলোচনাৰ প্ৰস্তাৱ নাকচ কৰে। আলোচনাৰ বাতাৱৰণ সৃষ্টি নোহোৱালৈকে তেওঁ আলোচনাত নবহাৰ কথা চৰকাৰক স্পষ্টভাৱে জনাই দিয়ে। লগে লগে প্ৰচণ্ডই কেদাৰসকলক ভিন্ন স্থানত বিদ্ৰোহী অভিযান আৰম্ভ কৰিবলৈ নিৰ্দেশ প্ৰেৰণ কৰে। মাওবাদী বিদ্ৰোহীসকলে চৰকাৰক বিনাচৰ্তে বন্দী নেতা আৰু সদস্যসকলক মুকলি কৰিবলৈ দাবী জনাইছিল। এটা বিবৃতিত প্ৰচণ্ডই লিখিছিল—

‘যেতিয়ালৈকে চৰকাৰে মাও বিদ্ৰোহীসকলৰ বিৰুদ্ধে দমনমূলক আঁচনি
গ্ৰহণ কৰি থাকিব আৰু আমাৰ দাবী-চৰ্তবোৰৰ প্ৰতি আওকাণ কৰিব
তেতিয়ালৈকে আলোচনাৰ মজিয়ালৈ আমাৰ প্ৰতিনিধিক প্ৰেৰণ কৰা
কথাটো নিৰৰ্থক।

 মাও বিদ্ৰোহীৰ ‘স্পেচিয়েল শ্বক’ অভিযানৰ অধীনত তেওঁলোকৰ কেদাৰসকলক সামৰিক অভিযানৰ পৰিসৰ ব্যাপক কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছিল। সেই নিৰ্দেশমতে আগষ্ট মাহৰ ২৩ তাৰিখে মাও বিদ্ৰোহীসকলে নৱালপাৰাচী জিলাৰ অন্তৰ্গত ধাৱাদী পুলিচ চকীৰ ওপৰত আক্ৰমণ চলাই দহটা ৰাইফলকে ধৰি ভালেসংখ্যক অস্ত্ৰ-শস্ত্ৰ জব্দ কৰি নিয়ে।

 সাতদিনৰ পাছত পুনৰ ঝাপা জিলাৰ মহাবাড়ী আৰক্ষী চকীত আক্ৰমণ কৰি [ ৬৩ ] বহুতো অস্ত্ৰ-শস্ত্ৰকে ধৰি অন্যান্য সামগ্ৰী লুট কৰি নিয়ে। পশ্চিমবংগৰ সীমাতে লাগি থকা পূব নেপাল অঞ্চলত মাওবাদীসকলে সংঘটিত কৰা এইটো প্ৰথম সামৰিক অভিযান। সেই সময়ত প্ৰচণ্ডই শিলিগুড়িত থাকি প্ৰত্যক্ষভাৱে এই অভিযানৰ নেতৃত্ব দিছিল।

 কিন্তু মাও বিদ্ৰোহীসকলৰ গণযুদ্ধৰ আটাইতকৈ ডাঙৰ সশস্ত্ৰ আক্ৰমণটো সংঘটিত হৈছিল সেই বছৰৰেই ২৩ ছেপ্টেম্বৰত। সিদিনা তেওঁলোকে দ’লপা জিলাৰ দুনাই আৰক্ষী চকীৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ চলায়। এই চহৰখন থুলিভেৰী নদীৰ পাৰত অৱস্থিত। মাও বিদ্ৰোহীসকলে প্ৰথমে মুখ্য আৰক্ষী চকীত আক্ৰমণ চলাই চৈধ্যজন পুলিচ বিষয়াক গুলীয়াই হত্যা কৰে। এই আক্ৰমণত বহুতো পুলিচ কৰ্মী আহত হয়। দেশ-বিদেশৰ সংবাদ মাধ্যমে নেপালী আৰক্ষীৰ বিৰুদ্ধে মাওবাদীসকলে কৰা এয়া এক ভয়াৱহ আক্ৰমণ বুলি অভিহিত কৰিছিল। কাঠমাণ্ডুৰ পৰা প্ৰেৰণ কৰা বি বি চি ৰিপ’ৰ্টত কোৱা হৈছিল—

‘চাৰি বছৰৰ আগতে অভিযান আৰম্ভ কৰা মাওবাদী বিদ্ৰোহীৰ এয়া
আটাইতকৈ ভয়াৱহ আক্ৰমণ। কৰ্তৃপক্ষই কোৱামতে হাতত অস্ত্ৰ আৰু
গ্ৰেনেডেৰে সুসজ্জিত বিদ্ৰোহীয়ে দুৰ্গম দ’লপা জিলাৰ দুনাই আৰক্ষী
চকীত আক্ৰমণ সংঘটিত কৰিছে।’

 ইতিমধ্যে মাওবাদীসকলে জিলাৰ মুখ্য কাৰ্যালয়সমূহক সম্পূৰ্ণৰূপে নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছিল। এনে পৰিস্থিতিত চৰকাৰখন অসহায় আৰু দিশহাৰা হৈ পৰিছিল। চৰকাৰে মাও বিদ্ৰোহীসকলৰ বিৰুদ্ধে দমনমূলক কাৰ্যসূচী হাতত ল'ম বুলি ঘোষণা কৰাৰ এসপ্তাহৰ ভিতৰত এই আক্ৰমণ সংঘটিত হৈছিল। জিলা পুলিচ কাৰ্যালয়ৰ তিনিটা অট্টালিকাকে ধৰি জে’ল আৰু দুখন দলং এই আক্ৰমণত ধ্বংস হৈছিল। লগতে বিদ্ৰোহীসকলে নেপাল বেংক লিমিটেডৰ পৰা ছয় মিলিয়ন টকা লুট কৰি নিয়াৰ উপৰি বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ লুট কৰি নিয়ে। তেওঁলোকে কৰ বিভাগৰ বহুতো প্ৰয়োজনীয় নথিপত্ৰ জ্বলাই দিয়ে আৰু দুনাই কাৰাগাৰৰ পৰা ১৯জন সহযোদ্ধাক মুকলি কৰি দিয়ে।

 দুনাই আৰক্ষী চকীৰ আক্ৰমণটো স্বাভাৱিকতেই সু-সংঘবদ্ধ আৰু সু-পৰিকল্পিত আছিল। মাওবাদীসকলে এই আক্ৰমণৰ দ্বাৰা সৰ্বসাধাৰণৰ জীৱন আৰু সা-সম্পত্তিৰ ক্ষতিসাধনৰ পৰা নিজকে সম্পূৰ্ণৰূপে বিৰত ৰাখিছিল৷ তেওঁলোক এইক্ষেত্ৰত অতি সচেতন আছিল। ফলত ঘন জনবসতিপূৰ্ণ ঠাইত অৱস্থিত আৰক্ষী চকীখন আক্ৰমণ কৰি জে'লৰ পৰা কয়েদী পলায়ন কৰোৱাৰ সময়তো এজনো সৰ্বসাধাৰণ জনতাৰ প্ৰাণহানি হোৱা নাছিল। আক্ৰমণটো সংঘটিত হোৱাৰ পাছমুহূৰ্ততে ৰয়েল নেপাল [ ৬৪ ] আমীয়ে (বৰ্তমানৰ নেপালী সৈনিক) হেলিকপ্তাৰৰ সহায়ত আঘাতপ্ৰাপ্ত গুলি, কৰ্মীসকলক উদ্ধাৰৰ নিমিত্তে বাওনা হৈছিল।

 জিলা মুখ্য পুলিচ আৰক্ষী চকীত আক্ৰমণ সংঘটিত কৰি কেইবাজনো পুলিছ কৰ্মীক হত্যা কৰিবলৈ সক্ষম হোৱা অভিযানটোৰ সফলতাত উৎফুল্লিত হৈ প্ৰচণ্ড তেওঁৰ দলীয় কেদাৰ আৰু বিদ্ৰোহীসকলক অভিনন্দন জ্ঞাপন কৰিছিল। এই অভিনন্দন বাৰ্তাত তেওঁ কৈছিল—

‘বহু মানুহে দুনাই অভিযানটোৰ আঁৰত মোৰ হাত আছে বুলি ভাবিছিল।
কিন্তু আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে প্ৰত্যেক তাভিযানৰ আঁচনি
মুখ্য কাৰ্যালয়ত প্ৰস্তুত কৰা হয় আৰু সেইমতেই সকলো প্ৰস্তুতি
চলোৱা হয়। অৱশ্যে কেতিয়াবা জৰুৰীকালীন সময়ত কেডাৰসকলে
নিজাববীয়াকৈ সিদ্ধান্ত লয়।’

 মাওবাদীৰ ‘স্পেচিয়েল শ্বক’ অভিযান জনযুদ্ধৰ ষষ্ঠটো আক্ৰমণ আছিল। প্ৰচণ্ড এনে অভিযানৰ উপৰি গাঁৱৰ পৰা আক্ৰমণ চলোৱাটো বিচাৰিছিল। কিন্তু এই আক্ৰমণ নগৰ অঞ্চলৰ পৰাহে আৰম্ভ হৈছিল। ‘ৰিভলিউশ্যনাৰী ৱৰ্কাৰ্ছ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰচণ্ডই কৈছিল—

‘সেই সময়ত ৰাজধানী চহৰখন আক্ৰমণ কৰাৰ উদ্দেশ্য আমাৰ নাছিল।
এনে আক্ৰমণ সংঘটিত কৰি আমি বৌদ্ধিক মহলৰ সমৰ্থন হেৰুৱাব
বিচৰা নাছিলোঁ। ৰাজধানী চহৰ বা আন চহৰত দলৰ সৈতে কাম কৰি
থকা বৌদ্ধিক মহলৰ সমৰ্থন আমাৰ বাবে প্ৰয়োজনীয় আছিল আৰু
তেওঁলোকে চহৰ এৰি পলায়ন কৰাটো আমি বিচৰা নাছিলোঁ।’

 গণযুদ্ধৰ সময়ছোৱাত মাও বিদ্ৰোহীসকল নিজৰ অভিযান সন্দৰ্ভত সদায় দৃঢ়বিশ্বাসী আছিল। তেওঁলোকক কেতিয়াও হতাশাগ্ৰস্ত হৈ পৰা পৰিলক্ষিত হোৱা নাছিল।

 ‘ৰিভলিউশ্যনাৰী ৱৰ্কাৰ্ছ’ নামৰ এক আলোচনীৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰচণ্ডই কৈছিল—

‘এই গণযুদ্ধখনৰ এটা ডাঙৰ সফলতা হ’ল যে ইয়াৰ জৰিয়তে সাধাৰণ
জনতাই তেওঁলোকৰ ক্ষমতা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিছিল। এই
দিশত মাওৰ এক উল্লেখযোগ্য বৰঙণি আছিল। তেওঁ আমাক এই
সংগ্ৰাম চলাই নিবলৈ অনুপ্ৰাণিত কৰিছিল। এই দীঘলীয়া গণ সংগ্ৰামখন
সাধাৰণ জনতাৰ বাবে নিজকে এক নতুন সমাজ প্ৰতিষ্ঠাৰ বাবে
ধাৱিত হোৱাৰ দিশত প্ৰশিক্ষণস্বৰূপ হৈ পৰিছিল।’

 আন্দোলনটোৰ আৰম্ভণিৰ পৰাই মাওবাদীসকলে লিংগ সমতাৰ ওপৰত যথেষ্ট [ ৬৫ ] গুৰুত্ব দিছিল। প্ৰচণ্ডই মহিলা কেডাৰসকলৰ মাজত নেতৃত্ব প্ৰদানৰ গুণ বিকশিত হোৱাটো বিচাৰিছিল। সেয়ে তেওঁলোকৰ সংগঠনৰ কেন্দ্ৰীয় সমিতিত মহিলা সদস্যা ক্ৰমে হিচিলা য়ামী আৰু পাম্ফা ভূচেলক অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু তৃণমূল পৰ্যায়ত মহিলাৰ প্ৰতিনিধিত্ব আছিল পুতৌজনক।

 ১৯৯০ চনৰ গণযুদ্ধৰ পাছত নেপালৰ ৰাজনৈতিক পদ্ধতিত মহিলাসকলৰ অংশগ্ৰহণৰ বাবে যি প্ৰচেষ্টা হাতত লোৱা হৈছিল, সি কেতিয়াও ফলপ্ৰসূ হৈ উঠা নাছিল। ১৯৯৯ চনৰ নিৰ্বাচনত নেপালৰ প্ৰতিনিধি সভালৈ ২০৫জন প্ৰতিনিধিৰ ভিতৰত মাত্ৰ ৬ শতাংশহে মহিলা নিৰ্বাচিত হৈছিল। ৰাজনৈতিক দলবোৰৰ কেন্দ্ৰীয় সমিতিতো ৭ শতাংশতকৈও অধিক মহিলা প্ৰতিনিধি নাছিল।

 ‘ৰিভলিউশ্যনাৰী ৱৰ্কাৰ্ছ’ নামৰ আলোচনীখনৰ সৈতে হোৱা সাক্ষাৎকাৰত মহিলা সবলীকৰণ সন্দৰ্ভত প্ৰচণ্ডই মতপোষণ কৰিছিল যে প্ৰাৰম্ভিক অৱস্থাত এইক্ষেত্ৰত কিছু সমস্যাৰ উদ্ভৱ হৈছিল যদিও সেই সমস্যাৰ সমাধান সূত্ৰও ওলাইছিল। তেওঁ কৈছিল—

‘ভালেমান মহিলা বিদ্ৰোহী সৈনিক হিচাপে আগবাঢ়ি আহিছিল।
আৰম্ভণিৰ পৰাই আমি আমাৰ সংগ্ৰামত পুৰুষ আৰু মহিলা কেডাৰ,
উভয়কে একেটা দলতে অন্তৰ্ভুক্ত কৰিব বিচাৰিছিলোঁ আৰু এইদৰে
আমি আমাৰ সংগ্ৰাম আগবঢ়াই নিব বিচাৰিছোঁ। এখন নতুন সমাজ

মাওৱিষ্ট পিপলছ লিবাৰেশ্যন আৰ্মীৰ মহিলা কমাণ্ডো

[ ৬৬ ]

গঢ়াৰ নিমিত্তে আমি পুৰুষ আৰু মহিলা উভয়ৰে মাজত এক নতুন
সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰিছিলোঁ।’

 জনযুদ্ধৰ সময়ছোৱাত প্ৰচণ্ডৰ পত্নীয়ে ৰ'লপা আৰু ৰুকুম জিলাৰ পিছপৰা অঞ্চলৰ মহিলাসকলৰ সবলীকৰণ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। এই বিষয়ত তেওঁ বিশেষ অভিজ্ঞতা নাছিল। ইয়াৰ আগতে মাত্ৰ ভীমসেনস্থিত শহুৰেকৰ ঘৰত থাকোঁতে মহিলা সমিতিৰ অধীনত গাঁৱৰ মহিলাসকলক সংগঠিত কৰাৰহে অলপ-অচৰপ অভিজ্ঞতা অৰ্জন কৰিছিল। এই অভিজ্ঞতা সন্দৰ্ভত তেওঁ কয়—

‘নেপালৰ গ্ৰামাঞ্চলৰ মহিলাসকলে শতিকাজুৰি নিজৰ প্ৰাপ্য অধিকাৰৰ
পৰা বঞ্চিত হৈ আহিছে। মোৰ গাঁৱত জন্ম হৈছিল। তিনিটা কন্যা
সন্তানৰ মাতৃ হিচাপে মই ভালদৰে বুজি পাওঁ নেপালী মহিলাৰ জীৱন
কিমান কষ্টকৰ। প্ৰচণ্ডই সদায় মহিলাক সমান অধিকাৰ দিয়াৰ হকে
মাত মাতি আহিছে।’

 সাম্যবাদী দৰ্শনৰ নীতিসমূহ আগত ৰাখি প্ৰাৰম্ভিক অৱস্থাত দলৰ লগতে সামৰিক সংগঠনটোত মহিলাৰ অন্তৰ্ভুক্তিৰ কাম-কাজ দিনক দিনে বাঢ়িবলৈ ধৰিলে। সাধাৰণতে ৩৫-৪০ জনীয়া পুৰুষৰ গোটটোত দুগৰাকীকৈ মহিলা সদস্যা অন্তৰ্ভুক্ত কৰা হৈছিল। তেওঁলোকে সাধাৰণতে বাৰ্তাবাহক আৰু গুপ্তচৰ হিচাপে সংগঠনৰ হৈ কাম কৰিছিল। পৰৱৰ্তী সময়ত তেওঁলোকেও সামৰিক অভিযানত সক্ৰিয় অংশগ্ৰহণ কৰিছিল আৰু সৈন্যদলৰ নেতৃত্বৰ দৰে উচ্চপদত নিয়োজিত হ’বলৈ সক্ষম হৈছিল। মাওবাদী দখলাধীন প্ৰত্যেক গাঁৱতে মহিলা সবলীকৰণৰ আঁচনি লোৱা হৈছিল আৰু অতি কম সময়ৰ ভিতৰতে গাঁওসমূহত মহিলা বিদ্ৰোহীৰ অন্তৰ্ভুক্তিৰে কিছুমান সমিতি গঠন কৰা হৈছিল।

 মাওবাদী বিদ্ৰোহীৰ বৰ্ধিত কাৰ্যকলাপে চৰকাৰক অস্বস্তিত পেলাইছিল। ২০০১ চনত নেপালৰ ৰজা বীৰেন্দ্ৰই বিদ্ৰোহ প্ৰতিৰোধ কৰিবলৈ সশস্ত্ৰ পুলিচ বাহিনী গঠন কৰিবলৈ এক অধ্যাদেশ জাৰি কৰে। দ’লপা, দুনাই আদিকে ধৰি ভিন্ন আৰক্ষী চকীত মাও বিদ্ৰোহীয়ে সংঘটিত কৰা ভয়াৱহ আক্ৰমণৰ প্ৰতিকাৰস্বৰূপে চৰকাৰে এনে সশস্ত্ৰ বাহিনী গঠন কৰিবলৈ বাধ্য হৈছিল। আই জি পি কৃষ্ণমোহন শ্ৰেষ্ঠাক মুখ্য বিষয়া হিচাপে নিয়োগ কৰি ২০০১ চনৰ ২৪ অক্টোবৰ তাৰিখে নেপাল চৰকাৰে এই সশস্ত্ৰ বাহিনী গঠন কৰে। গঠনৰ কেইমাহমানৰ ভিতৰতে সশস্ত্ৰ পুলিচ বাহিনীৰ সৈনিকবিলাকক সমগ্ৰ নেপালতে উগ্ৰপন্থীবিৰোধী অভিযানত নিয়োগ কৰে। [ ৬৭ ]

প্ৰচণ্ড পথ

 ২০০১ চনৰ ২৫ ফেব্ৰুৱাৰীৰ দিনটো মাওবাদীৰ বাবে এটা ‘টাৰ্ণিং পইণ্ট’ আছিল। মাওবাদীৰ দ্বিতীয় ৰাষ্ট্ৰীয় সন্মিলনত প্ৰচণ্ডক অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়। তাৰ আগলৈকে সংগঠনটোৰ মুৰব্বী আছিল সাধাৰণ সম্পাদক। এই সন্মিলনত প্ৰচণ্ডই উত্থাপন কৰা প্ৰতিবেদনখনৰ শিৰোনাম আছিল ‘দ্য গ্ৰেট লিপ ফ’ৰৱাৰ্ড : এন ইন এভিটেবল নীড় অৱ হিষ্টৰী’। সন্মিলনত এই প্ৰতিবেদনখনৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয় আৰু ইয়াৰ ওপৰত ভিত্তি কৰিয়েই কমিউনিষ্ট পাৰ্টি অৱ নেপালে ‘প্ৰচণ্ড পথ’ক দলৰ মূলমন্ত্ৰ হিচাপে গ্ৰহণ কৰে।

 প্ৰায় পাঁচ বছৰ ধৰি সশস্ত্ৰ সংগ্ৰাম চলোৱাৰ পাছত মাওবাদী বিদ্ৰোহীসকলে উপলব্ধি কৰিছিল যে পূৰ্বৰ কোনো সৰ্বহাৰাৰ বিপ্লৱৰ তত্ত্বকে নেপালৰ ৰাজনৈতিক ক্ষেত্ৰত সম্পূৰ্ণৰূপে প্ৰয়োগ কৰা সম্ভৱ নহয়। সেয়েহে একবিংশ শতিকাৰ এই প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ দলটোৱে ‘প্ৰচণ্ড পথ’ গ্ৰহণ কৰিছিল।

 ‘প্ৰচণ্ড পথ’ সম্পৰ্কে প্ৰচণ্ডই ডাবলিনৰ ছ'চিয়েলিষ্ট ৱৰ্কাৰ্ছ পাৰ্টিৰ মুখপত্ৰ ‘এ ৱৰ্ল্ড টু উইন’ৰ সৈতে ২০০১ চনৰ ২৪ মে’ত হোৱা এটা সাক্ষাৎকাৰত কৈছিল— [ ৬৮ ]

‘দলটোৱে ‘প্ৰচণ্ড পথ’ মাওবাদ-লেনিনবাদ আৰু মাৰ্ক্সবাদক সমৃদ্ধিশালী
কৰিব বুলি বিশ্বাস কৰিছিল।’

 মাওবাদীসকলে পেৰুৰ সাম্যবাদী দল, কমিউনিষ্ট পাৰ্টি অৱ পেৰু-মাৰ্ক্সছিজম, লেনিনিজম-মাওজিম-গঞ্জাল’ৰ চিন্তাধাৰাৰ দ্বাৰা অনুপ্ৰাণিত হৈ ‘প্ৰচণ্ড পথ’ ধাৰণাটো গ্ৰহণ কৰিছিল।

 এই প্ৰসংগত অধ্যাপক লোকৰাজ বৰালৰ মন্তব্যটো উনুকিয়াব পাৰি—

 ‘মাওবাদীসকলে গ্ৰহণ কৰা ‘প্ৰচণ্ড পথ’-এ লেনিন বা মাও জে ডঙৰ পৰা নীতি দিশৰ পৰা ফালৰি কাটি অহা নাই। কিন্তু তেওঁলোকে বুজি পাইছিল যে দুজন মূল নেতাই গ্ৰহণ কৰা নীতি আৰু সমৰ কৌশল সম্পূৰ্ণভাৱে নেপালৰ পৰিস্থিতিৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব নোৱাৰি। সেয়েহে বিদ্ৰোহ আৰু দীৰ্ঘম্যাদী যুদ্ধৰ সমন্বয় সাধন কৰি ‘প্ৰচণ্ড পথ’ গ্ৰহণ কৰা হৈছিল। প্ৰথম কৌশলটো লেনিনে ‘অক্টোবৰ-বিদ্ৰোহ’ৰ সমযত্ত ব্যৱহাৰ কৰিছিল আৰু দ্বিতীয় কৌশলটো মাও জে ডঙে চীনত ব্যৱহাৰ কৰিছিল নেপালৰ ক্ষেত্ৰত এই কৌশল প্ৰয়োগ কৰি, প্ৰচণ্ড পথে নগৰ অঞ্চলতো বিদ্ৰোহ উত্থান ঘটাব বিচাৰিছিল আৰু দীৰ্ঘম্যাদী জনযুদ্ধ চলাই নিয়াৰ বাবে নিজকে প্ৰস্তুত কৰিছিল।

 দ্বিতীয় ৰাষ্ট্ৰীয় সন্মিলনত গ্ৰহণ কৰা ‘প্ৰচণ্ড পথ’ সন্দৰ্ভত কেইবাগৰাকীও শী মাওবাদী নেতাই কৈছিল যে ই দলটোক বিদ্ৰোহ সম্পৰ্কে এক স্পষ্ট ধাৰণালৈ আগবাঢ়ি যোৱাত সহায় কৰিছিল৷ এইক্ষেত্ৰত সংগঠনটোৰ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত প্ৰধান ভূমিকা লোৱা জ্যেষ্ঠ মাওবাদী নেতা মোহন বৈদ্যৰ মন্তব্য উল্লেখযোগ্য

‘যেনেকৈ মাৰ্ক্সবাদৰ জন্ম জাৰ্মানীত, লেনিনবাদৰ ৰাছিয়াত, মাওবাদৰ
জন্ম চীনত হৈছিল, ঠিক তেনেদৰে ‘প্ৰচণ্ড পথ' নেপালৰ বিদ্ৰোহৰ
এটা পৰিচিতি। যেনেকৈ মাৰ্ক্সবাদৰ তিনিটা ভাবাদৰ্শ-দৰ্শন, ৰাজনৈতিক-
অৰ্থনৈতিক আৰু বৈজ্ঞানিক— প্ৰচণ্ড পথো তেনেকৈ এই তিনিটা
ভাবাদৰ্শৰ সংমিশ্ৰণ আছিল। অৱশ্যে এই ভাবাদৰ্শ কেৱল নেপালৰ
ক্ষেত্ৰতহে প্ৰযোজ্য।

 সেই সময়ত নেপালৰ জাপানস্থিত ৰাষ্ট্ৰদূত বিষ্ণু হৰি নেপালে প্ৰচণ্ড পথক সময়োপযোগী মাওবাদী ভাবধাৰা বুলি অভিহিত কৰিছিল। তেওঁ এই ভাবধাৰাই নেপালৰ জনযুদ্ধৰ পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰা বুলি মতপোষণ কৰিছিল আৰু ই দক্ষিণ এছিয়াৰ জনগণৰ বিদ্ৰোহৰ এক আদৰ্শ বুলি অভিহিত কৰিছিল। তেওঁৰ ভাষাত—

‘মাওবাদীসকলে ‘প্ৰচণ্ড পথ’ গ্ৰহণ কৰাৰ কেইবামাহৰ আগতে ৰিট
বাহাদুৰ খাদকা নামৰ এজন জ্যেষ্ঠ মাওবাদী নেতাই নেপালৰ বিদ্ৰোহক

[ ৬৯ ]
ৰাষ্ট্ৰীয় স্বীকৃতি দিয়াৰ বিষয়ে মোৰ লগত কথা পাতিছিল। আমি এই
বিষয়ে বহু ঘণ্টা কথা পাতিছিলোঁ আৰু প্ৰচণ্ড পথেই জনযুদ্ধৰ প্ৰকৃত
পথ হ'ব বুলি ভাবিছিলোঁ। পাছলৈ এই ‘প্ৰচণ্ড পথ' ‘প্ৰচওবাদ’ৰূপে
জনজাত হৈছিল।'
প্ৰকৃতপক্ষে ‘পথ’ শব্দটোৰ অৰ্থ বাট দেখুৱাই দিয়া, কিন্তু আশ্চৰ্যজনকভাবে প্ৰচণ্ড

পথত এই বিষয়ে কোনো উল্লেখ নাই।

 চৰকাৰখন তেওঁলোকৰ বিৰুদ্ধে যোৱাত মাওবাদীসকলে নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে। ২০০১ চনৰ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত মাওবাদীসকলে সমগ্ৰ দেশত বিভিন্ন ধৰণৰ কূটাঘাতমূলক কাৰ্য সংঘটিত কৰে। লগতে ৬ এপ্ৰিলত নেপাল বন্ধ ঘোষণা কৰে।

মাওবাদীসকলৰ অভিযান চলি থকাৰ সময়তে মাৰ্চ মাহৰ ৩১ তাৰিখে গোৰ্খা কাৰাগাৰৰ পৰা সংগঠনটোৰ ছগৰাকী মহিলা কেডাৰে পলায়ন কৰে। জনযুদ্ধ চলি থকা সময়ছোৱাত সংঘটিত হোৱা এইটো প্ৰথম ঘটনা। ঘটনাটোৱে সমগ্ৰ নেপালত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। জে’ল ভাঙি পলায়ন কৰা মহিলা কেডাৰসকল আছিল ক্ৰমে উমা ভূজেল, কমলা নাহাৰকী, এনজিলা বি কে, সঞ্জু আৰয়াল, মীনা মাৰহাটা আৰু ৰীতা বি কে। দুবছৰ জে’লত আৱদ্ধ হৈ থকাৰ অন্তত খাল খান্দি পলায়ন কৰিবলৈ সক্ষম হয় তেওঁলোক৷ এই দুঃসাহসিক কামটো সংঘটিত কৰিছিল সংগঠনটোৰ ছেকচন কামাণ্ডাৰ উমা ভূজেলে৷ তেওঁ কামাণ্ডাৰ ভীমসেন পোখৰেলৰ পত্নী আছিল। ভীমসেন পোখৰেলৰ মৃত্যু ১৯৯৯ চনৰ ছেপ্টেম্বৰ মাহত হৈছিল।

 মহিলা কেডাৰসকলে জে’ল ভাঙি পলায়ন কৰা ঘটনাই প্ৰচণ্ডক যথেষ্ট উৎসাহিত কৰিছিল। এপ্ৰিল মাহৰ ২ তাৰিখে জনসাধাৰণক উদ্দেশ্যি প্ৰেৰণ কৰা এটা বাৰ্তাত তেওঁ সকলো বিদ্ৰোহীকে এই ঘটনাৰ দ্বাৰা অনুপ্ৰাণিত হ’বলৈ আহ্বান জনাইছিল।

 মাওবাদীসকলে আৰম্ভ কৰা সপ্তাহজোৰা বিদ্ৰোহী অভিযানে সমগ্ৰ দেশতে আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছিল। ১ এপ্ৰিলত তেওঁলোকে পশ্চিম অঞ্চলৰ ৰুকুমকৰ পুলিচ চকীত এটা সশস্ত্ৰ আক্ৰমণ সংঘটিত কৰিছিল। পাহাৰৰ শীৰ্ষত অৱস্থিত সুসজ্জিত নেপালী পুলিচ বাহিনীৰ ওপৰত কৰা এইটো আছিল তেওঁলোকৰ প্ৰথমটো সফল আক্ৰমণ। সেই আৰক্ষী চকীৰ নিৰাপত্তা ব্যৱস্থা অতি কঠোৰ আছিল। ঘন শিলৰ বেৰ থকাৰ উপৰি আঠটা নিৰীক্ষণ চকী আছিল৷ তদুপৰি ভিতৰতো চোকা পহৰাৰ ব্যৱস্থা আছিল। আৰক্ষী চকীটো ৭৬জন পুলিচ সুৰক্ষা কৰ্মীয়ে অহৰহ পহৰা দি ৰাখিছিল।

 কিন্তু মাও বিদ্ৰোহীসকলে চকুৰ পচাৰতে আক্ৰমণ চলাই মাত্ৰ ৪৫ মিনিট সময়ৰ ভিতৰতে গোটেই পুলিচ চকীটো ধ্বংস কৰিবলৈ সক্ষম হৈছিল। এই আক্ৰমণত [ ৭০ ] ৩২জন পুলিচ কামাণ্ডো আৰু এজন পুলিচ বিষয়া নিহত হৈছিল আৰু চৈধ্যজন গুৰুতৰভাৱে আহত হৈছিল। ২২জন পুলিচ কৰ্মীক গেৰিলা বিদ্ৰোহীসকলে কৰায়ত্ত কৰিছিল আৰু তেওঁলোকে ৫৪টা ৰাইফল, ছটা মেগনাম, এটা চট’গান, তিনিটা পিস্তল, তিনিটা ৰিভলভাৰ, প্ৰায় ৬,০০০ বুলেটৰ লগতে অন্যান্য যোগাযোগৰ সামগ্ৰী জব্দ কৰি লৈ গৈছিল। এই সংঘৰ্ষত মাও বিদ্ৰোহীসকলৰ আঠজন সৈনিকৰ লগতে এজন ডেপুটি প্লেটুন কামাণ্ডাৰে প্ৰাণ হেৰুৱায়।

 এপ্ৰিলৰ ১ তাৰিখে কাঠমাণ্ডুভেলীত প্ৰাক্তন শীৰ্ষ পুলিচ বিষয়া অচ্যুৎ কৃষ্ণ খাৰেল আৰু প্ৰাক্তন সাংসদ লেখ নাথ নিউপানেৰ ঘৰত বোমা বিস্ফোৰণৰ দৰে ঘটনা সংঘটিত হয়। তাৰ পাছদিনাই মাও বিদ্ৰোহীসকলে একাদিক্ৰমে পালপা জিলাৰ মূঝা আৰু দাদিং জিলাৰ দৰখা নামৰ ঠাই দুখনত দুটা সফল অভিযান চলায়।

 দাইলেখ জিলাৰ পশ্চিম প্ৰান্তৰ নাউমুলে আৰক্ষী চকীত তেওঁলোকে দ্বিতীয়টো সফল আক্ৰমণ সংঘটিত কৰিছিল। এপ্ৰিলৰ ৬ তাৰিখে মাওবাদী বিদ্ৰোহীৰ আঠটা প্লেটুনে স্থানীয় বিদ্ৰোহীৰ সহযোগত পাহাৰৰ শীৰ্ষত অৱস্থিত সু-সজ্জিত আৰক্ষী চকীত চাৰিওফালৰ পৰা মৰ্টাৰেৰে আক্ৰমণ চলায়। আৰক্ষী চকীটোত প্ৰায় ৮০জন পুলিচ কৰ্মী আছিল আৰু তেওঁলোকে গুলীৰে এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিছিল।

 দুয়োপক্ষৰ মাজত প্ৰায় ৯০ মিনিট ধৰি গুলীয়াগুলী চলিছিল। এই সংঘৰ্ষত ৩৪ জন পুলিচ কৰ্মীয়ে প্ৰাণ হেৰুৱাইছিল আৰু দুই ডজনতকৈ অধিক পুলিচ কৰ্মী আহত হৈছিল। আনহাতে এই সংঘৰ্ষত ৫জন মাও বিদ্ৰোহীৰ মৃত্যু হৈছিল। বিদ্ৰোহীসকলে ৬০টা ৰাইফল আৰু ৪১,০০০ ৰাউণ্ড গুলী-বাৰুদ জব্দ কৰিবলৈ সক্ষম হৈছিল। মাও বিদ্ৰোহীৰ ভয়াৱহ আক্ৰমণ প্ৰতিৰোধ কৰিব নোৱাৰি অসহায় হৈ পৰা নেপাল আৰক্ষীৰ শীৰ্ষ বিষয়া প্ৰদীপ চামশ্বেৰ ৰাণাই অকলে মাও বিদ্ৰোহীসকলৰ মুখামুখি হোৱাৰ দায়িত্ব ল’বলৈ অপাৰগতা প্ৰকাশ কৰিলে। নেপালত অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি বিৰোধী দল কমিউনিষ্ট পাৰ্টি অৱ নেপাল (ইউ এম এল) প্ৰধান মন্ত্ৰী গিৰিজাপ্ৰসাদ কৈৰালা ব্যৰ্থ হোৱা বুলি তেওঁৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদী সমদল উলিয়ায়।

 আৰক্ষী বাহিনীৰ বিৰুদ্ধে মাও বিদ্ৰোহীয়ে চলোৱা অহৰহ আক্ৰমণ ৰোধ কৰিবলৈ গিৰিজাপ্ৰসাদ কৈৰালা নেতৃত্বাধীন চৰকাৰখনে ১২ এপ্ৰিলত পুনৰ অধ্যাদেশ জাৰি কৰি অৰ্ধসামৰিক বাহিনী গঠন কৰাৰ কথা ঘোষণা কৰে। লগতে উগ্ৰপন্থীবিৰোধী অভিযানৰ সুপৰিচালনাৰ বাবে আঞ্চলিক প্ৰশাসনৰো ব্যৱস্থা কৰে।

 ২০০১ চনৰ ১ জুনৰ মাজনিশা নেপালবাসী সাৰ পাই উঠিছিল এক বিশেষ খবৰ কঢ়িয়াই অনা টেলিফোনৰ শব্দত। ৰজা বীৰেন্দ্ৰৰ লগতে তেওঁৰ পৰিয়ালৰ আন নজ সদস্যৰ মৃত্যুৰ বাতৰি তেওঁলোকে পাইছিল। নাৰায়ণহিতিৰ ৰাজপ্ৰাসাদত অনুষ্ঠিত এক [ ৭১ ] অনুষ্ঠানত তেওঁলোকক গুলীয়াই হত্যা কৰাৰ বাতৰিটো সমগ্ৰ নেপালতে বিয়পি পৰিছিল। এই আশ্চৰ্যজনক ঘটনাটো সংঘটিত কৰাৰ আঁৰত মাও বিদ্ৰোহীসকলৰ হাত থকা বুলি প্ৰথম অৱস্থাত স্বাভাৱিকতেই সন্দেহ উপজিছিল। কাৰণ মাও বিদ্ৰোহীসকলে ৰাজতন্ত্ৰৰ অৱসান ঘটাবলৈ সংগ্ৰাম চলাই আছিল। কিন্তু পাছলৈ গৃহমন্ত্ৰী ৰামচন্দ্ৰ পৌড়েলে এনে অভিযোগ অস্বীকাৰ কৰি প্ৰকৃত সত্যটো জানিবলৈ দিছিল। প্ৰকৃততে সুৰামত্ত ৰাজকুমাৰ দ্বীপেন্দ্ৰই কন্যা সম্পৰ্কীয় এটা ঘৰুৱা বিবাদৰ বাবে ৰজা-ৰাণীকে ধৰি পৰিয়ালৰ সকলো সদস্যকে গুলীয়াই হত্যা কৰে।

 ঘটনাৰ পিছদিনাখনেই অজ্ঞান অৱস্থাত থকা আঘাতপ্ৰাপ্ত ৰাজকুমাৰ দ্বীপেন্দ্ৰক নেপালৰ ৰজা হিচাপে ঘোষণা কৰা হয়। অৱশ্যে তিনিদিনৰ পাছত তেওঁৰ মৃত্যু হয়। ৰজা বীৰেন্দ্ৰৰ একমাত্ৰ জীৱিত ভাতৃ জ্ঞানেন্দ্ৰক শ্বাহ বংশৰ ১৩সংখ্যক ৰজা হিচাপে ৰাজপাটত অধিষ্ঠিত কৰা হয়।

 ৰাজপাটত অধিষ্ঠিত হৈয়ে ৰজা জ্ঞানেন্দ্ৰই প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ ৰাজঅভিষেকৰ বাবে ৰাজপ্ৰাসাদলৈ আহি থাকোঁতে মাওবাদীসকলে কাঠমাণ্ডুত তেওঁৰ বিৰুদ্ধে ৰাজপথত ক’লা পতাকা দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰিছিল। ৰজা বীৰেন্দ্ৰৰ মৃত্যুৰ মাত্ৰ দুনিৰ পাছতে বাবুৰাম ভট্টৰায়ে ‘কান্তিপুৰ’ নামৰ দৈনিক বাতৰি কাকতখনত এটা প্ৰবন্ধ লিখিছিল। এই প্ৰবন্ধত তেওঁ ৰজাৰ মৃত্যুৰ আঁৰত কোনো বিদেশী শক্তিৰ হাত আছে বুলি অভিযোগ উত্থাপন কৰিছিল৷

 এইক্ষেত্ৰত মাওবাদীসকলে নতুন ৰজা জ্ঞানেন্দ্ৰলৈ সন্দেহৰ আঙুলি টোঁৱাইছিল। যিহেতু সেই ভয়াৱহ গুলীয়াগুলীতো তেওঁৰ পৰিয়ালৰ লোকসকল জীয়াই থাকিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত মাওবাদীসকলে ৰজা বীৰেন্দ্ৰৰ লগত আলোচনাত বহিবলৈ চেষ্টা কৰা বুলি বাতৰি ওলাইছিল। এইক্ষেত্ৰত ৰজাৰ কনিষ্ঠ ভাতৃ ধীৰেন্দ্ৰই মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছিল।

 ৰজা বীৰেন্দ্ৰৰ সৈতে মাওবাদীসকল কিবা বুজাবুজিত উপনীত হোৱা বুলি ধাৰণা কৰা হৈছিল। আনকি প্ৰচণ্ডই নিজে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সদস্যই ধীৰেন্দ্ৰক লগ ধৰাৰ কথা স্বীকাৰ কৰিছিল। আলোচনাটোৱে ৰজা বীৰেন্দ্ৰ আৰু কেন্দ্ৰীয় সমিতিৰ মাজত কিদৰে এক উচ্চপৰ্যায়ৰ আলোচনাৰ বাতাৱৰণ সৃষ্টি কৰিব পৰা যায় তাৰ ওপৰত প্ৰথমে গুৰুত্ব দিয়া হৈছিল। লগতে তেওঁলোকৰ দাবীসমূহ কিদৰে সমাধান কৰিব পৰা যায় সেই বিষয়ে আলোচনা কৰিছিল। এই বিষয়ত প্ৰচণ্ডই কয়—

‘আচলতে, জনযুদ্ধ আৰম্ভ হোৱাৰ পাছত ৰজা বীৰেন্দ্ৰই এই বিষয়ে
যথেষ্ট গুৰুত্ব দিছিল। তেওঁ আমাৰ বিষয়ে জানিবলৈ অধিক আগ্ৰহী
আছিল...। তেওঁৰ মনত কি আছিল মই নাজানো। কিন্তু আমাৰ বিপ্লৱ [ ৭২ ]   সম্পৰ্কে তেওঁৰ ইতিবাচক ধাৰণা থকা যেন লাগিছিল।’

 প্ৰচণ্ডই কোৱা মতে ৰজা বীৰেন্দ্ৰই তেওঁক লগ কৰিবলৈ বিচৰাৰ বাৰ্তা ধীৰেন্দ্ৰৰ জৰিয়তে প্ৰেৰণ কৰিছিল। কিন্তু কিছুমান অজ্ঞাত কাৰণত বৈঠকখন স্থগিত ৰাখিবলগীয়া হ’ল।

 প্ৰাক্তন প্ৰধান মন্ত্ৰী লোকেন্দ্ৰ বাহাদুৰ চান্দে কয়—

‘তেওঁ (ৰজা বীৰেন্দ্ৰ) কেতিয়াও মাওবাদীসকলৰ বিৰুদ্ধে ৰয়েল নেপাল
আৰ্মিক ব্যৱহাৰ কৰিব বিচৰা নাছিল। আৰু সমস্যাটোৰ এটা শান্তিপূৰ্ণ
সমাধান বিচাৰি উলিওৱাত গুৰুত্ব দিছিল। তেওঁ তেওঁলোকৰ বাবেও
সংসদত কিছু আসন থকাটো বিচাৰিছিল আৰু তেওঁলোকক মূলসুঁতিৰ
ৰাজনীতিলৈ ঘুৰাই আনিবলৈ চেষ্টা কৰিছিল।’

 নতুন ৰাজতন্ত্ৰৰ জন্মৰ লগে লগে মাওবাদীসকলে ৬ জুলাইৰ দিনা তিনিখন ভিন্ন ঠাইৰ আৰক্ষী চকীত তিনিটা পৃথক পৃথক আক্ৰমণ সংঘটিত কৰে। লামজাং আৰক্ষী চকীত ২১জন পুলিচ কৰ্মী, গুলমি আৰক্ষী চকীত ১০জন আৰু নৱাকট আৰক্ষী চকীতো ১০জন পুলিচ কৰ্মীক গুলীয়াই হত্যা কৰে। নেপালী পুলিচে মাও বিদ্ৰোহী প্ৰচণ্ড, বাবুৰাম ভট্টৰায়, মোহন বৈদ্য আৰু অন্যান্য কেন্দ্ৰীয় সমিতিৰ সদস্যৰ বিৰুদ্ধে ‘ৰেড কৰ্ণাৰ’ ন’টিচ জাৰি কৰিবলৈ চোৰাংচোৱা সংস্থা ইণ্টাৰপলক অনুৰোধ জনোৱাৰ পৰিপ্ৰেক্ষিতত মাওবাদীসকলে ইয়াৰ প্ৰতিবাদস্বৰূপে উল্লিখিত তিনিখন আৰক্ষী চকীত আক্ৰমণকেইটা সংঘটিত কৰিছিল।

 মাও বিদ্ৰোহীসকলক দমন কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা প্ৰধান মন্ত্ৰী গিৰিজাপ্ৰসাদ কৈৰালাই ২০০১ চনৰ জুলাই মাহৰ ১৯ তাৰিখে পদত্যাগ কৰে। বিৰোধী দল কমিউনিষ্ট পাৰ্টি অৱ নেপাল (ইউ এম এল)-এ প্ৰধান মন্ত্ৰী কৈৰালাৰ বিৰুদ্ধে ৰয়েল নেপাল এয়াৰ লাইনছ অপাৰেশ্যন আৰু লাউদা এয়াৰ অৱ অষ্ট্ৰেলিয়াৰ মাজত স্বাক্ষৰিত হোৱা বিতৰ্কিত জেট লীজ চুক্তিৰ লগতে বিত্তীয় খেলিমেলিৰ অভিযোগ আনিছিল।

 গিৰিজাপ্ৰসাদ কৈৰালাৰ স্থানত শ্বেৰ বাহাদুৰ দেউবা নেপালৰ প্ৰধান মন্ত্ৰী পদত অধিষ্ঠিত হয়। প্ৰধান মন্ত্ৰী হৈয়ে তেওঁ মাওবাদী বিদ্ৰোহীসকললৈ শান্তি আলোচনাৰ প্ৰস্তাৱ আগবঢ়ায়। কিন্তু চৰকাৰক নিৰুৎসাহী কৰি মাও বিদ্ৰোহীয়ে বজুৰা জিলাৰ তিনিখন আৰক্ষী চকীত আক্ৰমণ সংঘটিত কৰে। ২০ জুলাইৰ দিনা সংঘটিত হোৱা এই আক্ৰমণত ১৫জন পুলিচ কৰ্মীয়ে প্ৰাণ হেৰুৱায়। তাৰ দুদিনৰ পাছত চৰকাৰ আৰু মাওবাদী বিদ্ৰোহী উভয়ে তেওঁলোকৰ মাজত প্ৰথমবাৰৰ বাবে যুদ্ধবিৰতি ঘোষণা

কৰে। [ ৭৩ ]

১০

বিদ্ৰোহী আক্ৰমণ আৰম্ভ

 শ্বেৰ বাহাদুৰ দেউবা চৰকাৰ আৰু মাওবাদীসকলৰ মাজৰ যুদ্ধবিৰতি মাত্ৰ চাৰিমাহহে আছিল। কাৰণ দুয়োপক্ষৰ মাজত অনুষ্ঠিত আলোচনা তিনিলানিতো বিধান পৰিষদ আৰু গণৰাজ্যৰ যি দাবী মাওবাদীসকলে উত্থাপন কৰিছিল সেই সন্দৰ্ভত কোনো সমাধান সূত্ৰ নোলাল। ২০০১ চনৰ ২১ নৱেম্বৰত প্ৰচণ্ডই একপক্ষীয়ভাৱে যুদ্ধবিৰতিৰ সামৰণি ঘোষণা কৰি কয় যে তেওঁৰ দলে শান্তি আলোচনাৰ পৰা আঁতৰি আহিছে, কাৰণ এই আলোচনাত তেওঁ কোনো ৰাজনৈতিক সমাধান দেখা নাই।

 ৰজা জ্ঞানেন্দ্ৰ আৰু প্ৰধান মন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাই মাওবাদীসকলৰ দাবীৰ প্ৰতি যিধৰণৰ দাম্ভিক আচৰণ প্ৰদৰ্শন কৰিলে— সেই আচৰণক এক কঠোৰ সকীয়নি দিয়াৰ উদ্দেশ্যে ২০ নৱেম্বৰৰ নিশা মাওবাদী বিদ্ৰোহীসকলে সমগ্ৰ দেশতে আৰক্ষী-সেনা তথা অন্যান্য প্ৰতিষ্ঠানৰ ওপৰত এলানি আক্ৰমণ আৰম্ভ কৰে।

 মধ্য পশ্চিম নেপালৰ ডেঙত থকা সামৰিক ঘাটি মাওবাদী বিদ্ৰোহীসকলে অধিকাৰ কৰে আৰু সেনা কোম্পানীটোৰ অধিনায়কজনৰ সৈতে তেৰগৰাকী সেনা জোৱানক হত্যা কৰে। লগতে ১২ ট্ৰাকতকৈও বেছি অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ জব্দ কৰি নিয়ে। উল্লেখযোগ্য যে সেয়া আছিল মাওবাদীসকলে তেওঁলোকৰ বিদ্ৰোহৰ সময়ছোৱাত [ ৭৪ ]

ৰয়েল নেপাল আৰ্মীৰ পৰা মাওবাদীয়ে জব্দ কৰা অস্ত্ৰ–শস্ত্ৰ

জব্দ কৰা আটাইতকৈ বৃহৎ অস্ত্ৰভাণ্ডাৰ। জব্দ কৰা অস্ত্ৰসমূহৰ ভিতৰত আছিল ইজৰাইলত নিৰ্মিত জি এ আৰ এম ৫.৫৬ ৰাইফল, ৮১ এম এম মৰ্টাৰ, ছ’লজাৰ প্ৰপেলদ গ্ৰেনেড লঞ্চাৰ, ছেল্‌ফ লোদিং ৰাইফল, লাইট মেচিনগান, এ কে ৪৭, আই এম এছ এ এছ ৰাইফল, ৱায়াৰলেছ ছেট আৰু কেইবাটনো গুলী-বাৰুদ।

 প্ৰচণ্ডৰ মতে ডেঙৰ সামৰিক ঘাটিত কৰা আক্ৰমণ মাওবাদীসকলৰ জনযুদ্ধৰ টাৰ্ণিংপইণ্ট আছিল। আৰু এই আক্ৰমণেই বিদ্ৰোহৰ সফলতাত অসামান্য অৰিহণা যোগাইছিল।

 মাওবাদীসকলৰ সেই সফল অভিযানৰ পাছত আনকি মাৰ্কিন যুক্তৰাষ্ট্ৰয়ো কৈছিল যে সামৰিক উপায়েৰে নেপালৰ জনযুদ্ধ নিঃশেষ কৰিব পৰা নাযাব। নেপাল চৰকাৰেও উপলব্ধি কৰিছিল যে মাওবাদীসকলৰ দাবীক লৈ ৰাজনৈতিক আলাপ-আলোচনাৰ উদ্যোগ লোৱাৰ বিকল্প নাই।

 মাওবাদীসকলে ডেঙৰ দুটা আৰক্ষী চকীতো আক্ৰমণ কৰিছিল আৰু নগৰাকী আৰক্ষীক হত্যা কৰিছিল। একেদিনাই ছিয়াংজা জিলাৰ এটা আৰক্ষী চকীত আক্ৰমণ চলাই চৈধ্যগৰাকী আৰক্ষীৰ লোক হত্যা কৰিছিল মাওবাদীসকলে। সামৰিক অভিযানৰ সফলতাত শিহৰিত হৈ সেই সময়ত মুম্বাইত থকা মাওবাদী প্ৰধানজনে কৈছিল— [ ৭৫ ]

পৰিয়ালৰ সৈতে প্রচণ্ড, ছিমলাত

[ ৭৬ ]

‘ডেঙৰ সামৰিক ঘাটি দখল কৰাৰ দিনা মোক জনোৱা হৈছিল যে
তাত জব্দ কৰা অস্ত্ৰৰে চাৰি বছৰলৈ নিশ্চিন্তমনে যুদ্ধ কৰিব পৰা যাব।
একেদিনাই আমি চিয়াঙজাটো জয়লাভ কৰিছিলোঁ। সেই দিনটো মোৰ
জীৱনৰ আটাইতকৈ আনন্দৰ দিন আছিল।’

 ২৫ নৱেম্বৰৰ নিশা মাওবাদীসকলে এভাৰেষ্ট অঞ্চলৰ চ’লুখুম্বু জিলাৰ চালোৰিত আকৌ সেনা, আৰক্ষী আৰু চৰকাৰী কাৰ্যালয়ৰ ওপৰত আক্ৰমণ চলায়। এই অভিযানত ২৭গৰাকী আৰক্ষী কনিষ্টবল, চাৰিজন সেনা জোৱান আৰু মুখ্য জিলা বিষয়া (চি ডি অ’)জনকে ধৰি দুজন চৰকাৰী বিষয়া নিহত হয়। তাৰ পিছদিনাখন অৰ্থাৎ ২৬ নৱেম্বৰৰ দিনা সাম্যবাদী বিদ্ৰোহীসকলে পিয়ুখান জিলাত সেনাৰ কনভয়ৰ ওপৰত আক্ৰমণ কৰি দুজন সেনা জোৱান হত্যা কৰে।

 মাওবাদীসকলৰ ধাৰাসাৰ আক্ৰমণত শংকিত হৈ ২৫ নৱেম্বৰত নেপাল চৰকাৰে জৰুৰী অৱস্থা ঘোষণা কৰাৰ লগতে সমগ্ৰ দেশখনতে বিদ্ৰোহীবিৰোধী অভিযানত ৰয়েল নেপাল আৰ্মি মোতায়েন কৰে। মাওবাদী সংগঠনটোক নিষিদ্ধ ঘোষণা কৰা হয় আৰু সংগঠনটোৰ ওপৰত সন্ত্ৰাসবাদী সংগঠনৰ লেবেল লগাই দিয়া হয়। ইয়াৰ পাছতেই ৰজা জ্ঞানেন্দ্ৰই সন্ত্ৰাসবাদী আৰু ধ্বংসাত্মক কাৰ্য : নিয়ন্ত্ৰণ আৰু শাস্তি (টেৰ’ৰিষ্ট এণ্ড ডেছট্ৰাক্‌টিভ এক্টিভিটিছ : কন্ট্ৰোল এণ্ড পানিছমেণ্ট) শীৰ্ষক অধ্যাদেশখন বলৱৎ কৰে। উল্লেখযোগ্য যে মানৱ অধিকাৰ কৰ্মীসকলে এই অধ্যাদেশখন সৰ্বত্ৰ বিৰোধিতা কৰিছিল৷ আমোদজনক কথাটো হ’ল, অধ্যাদেশখনত কেতবোৰ অদ্ভুত কথা উল্লেখ আছিল— উদাহৰণস্বৰূপে, কোনো ব্যক্তিয়ে যদি ‘সন্ত্ৰাসবাদী’ক ধৰি দিয়ে বা গ্ৰেপ্তাৰ কৰাত সহায় কৰে, তেন্তে তেনে ব্যক্তিক যথাযোগ্যভাৱে সন্মানিত কৰা হ’ব।

 জৰুৰী অৱস্থা ঘোষণাৰ প্ৰতি কোনো পৰোৱা নকৰি, পিছদিনাখনেই মাওবাদীসকলে দাৰচুলা নামৰ আওহতীয়া জিলাখনৰ এটা আৰক্ষী চকীত আক্ৰমণ কৰে। চাৰিগৰাকী আৰক্ষী কনিষ্টবল এই আক্ৰমণত নিহত হয়। ইয়াৰ লগতে মাওবাদীসকলে বাবুৰাম ভট্টৰায়ক সমন্বয়ক হিচাপে লৈ কেন্দ্ৰীয় জন সংস্কাৰ গোট গঠন কৰাৰ কথা ঘোষণা কৰে। আনহাতে প্ৰচণ্ড ‘পিপুলছ্‌ লিবাৰেছন আৰ্মি'ৰ (পি এল এ) সৰ্বাধিনায়ক পদত অধিষ্ঠিত হৈ থাকে।

 মাওবাদীসকলৰ জনযুদ্ধৰ আটাইতকৈ বৃহৎ সামৰিক অভিযানটো আছিল ২০০২ চনৰ ১৭ নৱেম্বৰত মধ্য-পশ্চিম নেপালৰ আজহাম জিলাৰ সদৰ মাংগালসেনত চলোৱা অভিযানটো। কমিউনিষ্ট গেৰিলাসকলে এই অভিযানত ১২৩জন লোকক হত্যা কৰিছিল। নিহত লোকসকলৰ অধিকাংশই আছিল আৰক্ষী কনিষ্টবল আৰু সেনা জোৱান। মাওবাদীসকলে একে সময়তে চৰকাৰী কাৰ্যালয়, আৰক্ষী চকী, ৰয়েল [ ৭৭ ] নেপাল আৰ্মিৰ ছাউনি আৰু বিমানকোঠত এই বৃহৎ আক্ৰমণ চলাইছিল। বিদ্ৰোহী আৰু নিৰাপত্তাৰক্ষী বাহিনীৰ মাজত মাজনিশাৰ পৰা পিছদিনা সন্ধিয়ালৈকে নিবন্তৰ গুলীয়াগুলী চলিছিল।

 মাংগালসেন অভিযানৰ সফলতাৰ কাৰণ সম্পৰ্কে প্ৰচণ্ডই মাওবাদী দলৰ মুখপত্ৰ ‘দ্য ৱৰ্কাৰ’ত কৈছিল—

‘প্ৰতিখন যুদ্ধক্ষেত্ৰত পিপুলছ্ লিবাৰেছন আৰ্মি অপ্ৰতিৰোধ্য আছিল,
কাৰণ সংগঠনটোৰ প্ৰতিগৰাকী সদস্যই আছিল গভীৰভাৱে দায়বদ্ধ।
তেওঁলোকৰ ভক্তি আছিল, চেতনা আছিল আৰু তেওঁলোক ত্যাগ
কৰিবলৈ সদা প্ৰস্তুত আছিল। আনহাতে এটাৰ পাছত এটাকৈ ধাৰাবাহিক
পৰাজয়ে নেপাল আৰ্মিক বিধ্বস্ত কৰি পেলাইছিল আৰু তেওঁলোকৰ
মনোবল ভাঙি দিছিল।’

 সমগ্ৰ নেপালত মাওবাদীসকলৰ ক্ৰমান্বয়ে বাঢ়ি অহা শক্তিত ক্ষুব্ধ হৈ দেউবা চৰকাৰে ২০০২ চনৰ এপ্ৰিলত শীৰ্ষ মাওবাদী নেতাসকলৰ মূৰৰ দাম ঘোষণা কৰে। শীৰ্ষ নেতা প্ৰচণ্ড, বাবুৰাম ভট্টৰায় আৰু মোহন বৈদ্যৰ মূৰৰ দাম পাঁচ মিলিয়নলৈকে ঘোষণা কৰাৰ বিপৰীতে কেন্দ্ৰীয় সমিতিৰ সদস্যসকলৰ মূৰৰ দাম তিনি নিযুতকৈ ঘোষণা কৰে। গৃহ দপ্তৰৰ ৰাজ্যমন্ত্ৰী দেবেন্দ্ৰ ৰাজ কান্দেলে এই সন্দৰ্ভত কৈছিল—

 ‘আমি তেওঁলোকৰ মূৰৰ মূল্য ঘোষণা কৰিছোঁ। তেওঁলোকে লুটি

পত্নী সীতা, প্ৰকাশ আৰু নাতিনীৰ সৈতে প্ৰচণ্ড, মুম্বাইৰ সাগৰ তীৰত

[ ৭৮ ]

গোৱাত পত্নী সীতাৰ সৈতে প্ৰচণ্ড

[ ৭৯ ]

নিয়া অস্ত্ৰভাণ্ডাৰৰ লগতে তেওঁলোকক গ্ৰেপ্তাবৰ বাবে তথ্য দিয়া
ব্যক্তিসকলক আমি পুৰস্কৃত কৰিম। আমি এতিয়া ডাঙৰ ডাঙৰ প'ষ্টাৰ
ছপা কৰিছোঁ, মাওবাদী নেতাবিলাকৰ ছবি ছপা কৰিছোঁ আৰু বিভিন্ন
ঠাইত মানুহৰ মাজত বিলাই দিয়াৰ পৰিকল্পনা কৰিছোঁ। ১১ ছেপ্টেম্বৰৰ
পাছত ওছামা বিন লাডেনৰ ছবি পুনৰ মুদ্ৰণ কৰি প্ৰচাৰ কৰাৰ দৰে
আমি সেইবোৰ ব্যাপক হাৰত প্ৰচাৰ কৰিম। সমগ্ৰ নেপাল-ভাৰতৰ
সীমান্তত প'ষ্টাৰবোৰ লগোৱা হ’ব যাতে জনসাধাৰণে সহজেই
তেওঁলোকক চিনিব পাৰে। আমি ভাৰতৰ সংবাদ মাধ্যমকো ছবিবোৰ
দিম।’

 আৰক্ষীৰ হাতত যিহেতু প্ৰচণ্ডৰ শেহতীয়া আলোকচিত্ৰ নাছিল, পুৰণি ছবিৰ পৰাই তেওঁৰ এটি স্কেচ্ছ প্ৰস্তুত কৰা হৈছিল আৰু দেশজুৰি প্ৰচাৰ কৰা হৈছিল। ১৯৭৬ চনত প্ৰচণ্ডই ত্ৰিভুবন বিশ্ববিদ্যালয়ত পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ স্নাতকোত্তৰ পাঠ্যক্ৰম পঢ়াৰ বাবে আৱেদন জনাইছিল। সেই প্ৰ-পত্ৰখনৰ পৰাই ছবিখন এৰুৱাই অনা হৈছিল। চৰকাৰে প্ৰচণ্ডক জীৱিত অথবা মৃত যিকোনো অৱস্থাত বিচাৰিছিল যাতে শীঘ্ৰেই এই

নেপাল আৰক্ষীৰ ফাইলত থকা প্ৰচণ্ডৰ স্কেচ্চ

দীৰ্ঘদিনীয়া সশস্ত্ৰ সংগ্ৰামক নিঃশেষ কৰিব পৰা যায়।

 ৰাষ্ট্ৰীয় অনুসন্ধান বিভাগ (এন আই ডি) আৰু নেপাল আৰক্ষীয়ে যুটীয়াভাৱে প্ৰচণ্ডৰ যি নথি প্ৰস্তুত কৰিছিল তাত দুৰ্ধৰ্ষ মাওবাদী নেতাজনৰ বিষয়ে একেবাৰে কম তথ্য আছিল। প্ৰচণ্ডনো দেখিবলৈ কেনেকুৱা দৰাচলতে কোনেও নাজানিছিল। বহুদিনলৈ [ ৮০ ] এন আই ডিৰ বিষয়াসকল অৱগত নাছিল যে প্ৰচণ্ডই দাঢ়ি বাখিছিল আৰু চছমা পিন্ধিবলৈ লৈছিল।

 মানৱ অধিকাৰ কৰ্মীসকলে প্ৰচণ্ডৰ মূৰৰ দাম ঘোষণা কৰি বিবৃতি দিয়াৰ বাবে গৃহমন্ত্ৰী কান্দেলক বৰ বেয়াকৈ সমালোচনা কৰিছিল। গৃহমন্ত্ৰীজনে দাবী কৰিছিল যে যিকোনো ব্যক্তিয়ে তেওঁলোকক সহযোগ কৰিবলৈ আগবাঢ়ি আহিব, যিহেতু ইমান বেছি পৰিমাণৰ ধন ঘোষণা কৰা হৈছে।

 কান্দেলে এটি অনুষ্ঠানত মুকলিকৈ কৈছিল— ‘তেওঁলোকৰ মূৰবোৰ এখন মোনাত লৈ আহাঁ আৰু আনখন মোনাত টকা লৈ যোৱা।’

 চৰকাৰে প্ৰচণ্ডৰ মূৰৰ পিছত লগাত, মাওবাদীসকলে তেওঁলোকৰ অধ্যক্ষ তথা সংগঠনটোৰ আন শীৰ্ষ নেতাসকলৰ নিৰাপত্তাৰ বাবে চিন্তিত হৈ পৰিছিল। সেই সময়ত প্ৰচণ্ড বেছিকৈ মুম্বাইত আছিল, কাৰণ শিলিগুড়ি বা দিল্লীত থকাটো তেওঁ সম্পূৰ্ণ নিৰাপদ অনুভৱ কৰা নাছিল। তাৰ মাজতে প্ৰচণ্ডৰ পুত্ৰ প্ৰকাশে দ্বাদশ শ্ৰেণীলৈ পঢ়া শেষ কৰি দেউতাকৰ লগত সংগঠনৰ সক্ৰিয় কৰ্মী হিচাপে যোগদান কৰে। ভাৰতলৈ আহোঁতে প্ৰকাশে প্ৰচণ্ডৰ নিৰাপত্তা ব্যৱস্থা চোৱা-চিতা কৰিছিল। প্ৰচণ্ডৰ পত্নী সীতাই এই বিষয়ে কয়—

‘চৰকাৰে তেওঁক (প্ৰচণ্ডক) জীৱিত অথবা মৃত অৱস্থাত বিচাৰি নাপাই
হতাশ হৈ পৰিছিল। ভ্ৰমণ কৰোঁতে আমি খুব সাৱধান হৈছিলোঁ।
নেপালৰ জনসাধাৰণৰ ভৱিষ্যতৰ কথা ভাবিয়েই আমি আমাৰ গোটেই
পৰিয়ালটোৱে এনে এটা ডাঙৰ ৰিস্ক লৈছিলোঁ।’

 মাওবাদী আন্দোলন বিয়পি পৰাৰ লগে লগে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেপালৰ প্ৰতি আগ্ৰহ বাঢ়িবলৈ ধৰে। ১৮ জানুৱাৰীত মাৰ্কিন ৰাষ্ট্ৰসচিব ক’লিন পাৱেলৰ নেতৃত্বত এটি প্ৰতিনিধি দল কাঠমাণ্ডুলৈ উৰা মাৰে। প্ৰতিনিধি দলটোত অন্যান্যসকলৰ লগতে আছিল জইণ্ট ছীফ অৱ দ্য ষ্টাফৰ অধ্যক্ষৰ সহকাৰী ভাইচ এডমিৰেল ৱাল্টাৰ ডৰেন। এই ভ্ৰমণত পাৱেলে ৰজা জ্ঞানেন্দ্ৰ, প্ৰধান মন্ত্ৰী দেউবা আৰু নেপাল ৰয়েল আৰ্মিৰ সেনাধ্যক্ষ জেনেৰেল প্লাজৱল্লা শামশ্ৰী য়ুং বাহাদুৰ ৰাণাক সাক্ষাৎ কৰে। ইয়াৰ দুমাহ পাছতে নেপালৰ ৰয়েল নেপাল আৰ্মিক চোৰাংচোৱা বিমান, সা-সামগ্ৰী আৰু কাৰিকৰী দিশত সহায় কৰাৰ বাবে মাৰ্কিন পেছিফিক কামাণ্ডোৰ এটা দল নেপালত আহি উপস্থিত হয়।

 ৯/১১ কাণ্ডৰ পাছত মাৰ্কিন চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বজুৰি ঘোষণা কৰা যুদ্ধৰ পৰিপ্ৰেক্ষিতত দেউবা চৰকাৰে নেপালৰ ছবছৰ পুৰণি সশস্ত্ৰ সংগ্ৰামৰ তাৎক্ষণিক সমাপ্তি বিচাৰি ৱাশ্বিংটনৰ কাষ চাপিছিল। কিন্তু নেপালৰ জনযুদ্ধ আৰু ওছামা বিন [ ৮১ ]

ব্যতিক্ৰমী ৰূপত প্ৰচণ্ড

লাডেনে ঘোষণা কৰা জেহাদৰ মাজত পাৰ্থক্য আছিল।

 ৭ মে’ত দেউবাই মাৰ্কিন ৰাষ্ট্ৰপতি জৰ্জ বুশ্বক ৱাশ্বিংটনত সাক্ষাৎ কৰে। বুশ্বক সাক্ষাৎ কৰি ওলাই অহাৰ পাছত দেউবাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে মাওবাদীৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত বুশ্ব প্ৰশাসনৰ পৰা তেওঁ সকলোধৰণৰ সহায় পোৱাৰ প্ৰতিশ্ৰুতি লাভ কৰিছে।

 ‘মোৰ খুবেই ভাল লাগিছে, মই অতি আনন্দিত যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি যি অভিযান আৰম্ভ কৰিছোঁ ৰাষ্ট্ৰপতি বুশ্বে তাৰ প্ৰতি পূৰ্ণ সমৰ্থন দিছে। তেওঁ আমাক আশ্বাস দিছে যে তেওঁ আমাক সকলোধৰণে সহায় কৰিব।’

 হোৱাইট হাউছে অৱশ্যে দেউবা আৰু ৰাষ্ট্ৰপতি বুশ্বৰ বৈঠক সন্দৰ্ভত সবিশেষ প্ৰকাশ নকৰিলে। মাত্ৰ ৰাষ্ট্ৰীয় নিৰাপত্তা মুখপাত্ৰ চিন মেককমাকে ক'লে যে মাওবাদী বিদ্ৰোহীৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত মাৰ্কিন যুক্তৰাষ্ট্ৰই নেপালক কিধৰণে সহায় কৰিব পাৰিব, লগতে দেশখনলৈ কিধৰণে অৰ্থনৈতিক সাহায্য আগবঢ়াব পাৰিব সেই বিষয়ে [ ৮২ ] বুশ্ব আৰু দেউবাই আলোচনা কৰিছিল।

 মাৰ্কিন ৰাষ্ট্ৰপতিৰ সৈতে দেউবাৰ বৈঠকৰ সময়তে কাকতালীয়ভাৱে ৰয়েল নেপালৰ আৰ্মিয়ে পশ্চিম নেপালৰ এটি মাওবাদী প্ৰশিক্ষণ শিবিৰত স্থলৰ লগতে আকাশমাৰ্গৰ পৰা ভয়াৱহ আক্ৰমণ চলায়। এই আক্ৰমণত শতাধিক মাওবাদী গেৰিলা জালত পৰে। নেপাল চৰকাৰে বিদ্ৰোহীৰ সৈতে যুদ্ধ কৰি থকাৰ সময়তে বুশ্ব প্ৰশাসনে নেপালক ২০ নিযুত মাৰ্কিন ডলাৰ সামৰিক সাহায্য হিচাপে দিবলৈ নিৰ্দেশ দিয়ে।

 ৰাষ্ট্ৰপতি বুশ্বৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হোৱাৰ পাছত দেউবাই ব্ৰিটিছ প্ৰধান মন্ত্ৰী টনী ব্লেয়াৰক লগ কৰিবলৈ পোনে পোনে লণ্ডনলৈ উৰা মাৰে। ব্ৰিটেইনেও অস্ত্ৰ- শস্ত্ৰ তথা অন্যান্য সামগ্ৰীকে ধৰি ১০ মিলিয়ন ডলাৰৰ সামৰিক সাহায্য দিবলৈ সন্মত হয়।

 বুশ্বৰ সৈতে দেউবাৰ বৈঠকৰ তাৎক্ষণিক জবাব দিয়ে মাওবাদীসকলে। বিদ্ৰোহী অধ্যুষিত ৰ’লপাৰ গ্ৰাম অঞ্চলত আৰক্ষী চকী আৰু সেনা ছাউনীত নিশা মাওবাদীসকলে আক্ৰমণ চলাই ১৪০জনতকৈ অধিক নিৰাপত্তাৰক্ষীক নিহত কৰে। বাতৰি মতে, ৮ মে’ৰ দিনা পুৱতি নিশা অতি কমেও ৫০০ পি এল এ যোদ্ধাই আৰক্ষী তথা সেনা শিবিৰটো ঘেৰাও কৰে আৰু কেওপিনৰ পৰা আক্ৰমণ চলায়। ৰয়েল নেপাল আৰ্মিৰ বিষয়াৰ উদ্ধৃতি দি কাঠমাণ্ডুৰ পৰা প্ৰকাশিত বাতৰি কাকতবোৰে বাতৰি প্ৰকাশ কৰে যে মাওবাদী আক্ৰমণত কমেও ১০৫গৰাকী আৰক্ষী কনিষ্টবল আৰু ৩৬গৰাকী সেনা জোৱান নিহত হয়।

 ২২ মে’ত ৰজা জ্ঞানেন্দ্ৰই প্ৰধান মন্ত্ৰীৰ অনুমোদন মৰ্মে মন্ত্ৰী পৰিষদ ভংগ কৰি দিয়ে। লগে লগে দেউবাই সংসদৰ কোনো হস্তক্ষেপ নোহোৱাকৈ নিৰ্বিবাদে কমিউনিষ্ট বিদ্ৰোহীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সুবিধা লাভ কৰে। দেউবাৰ শাসকীয় দল নেপালী কংগ্ৰেছ পাৰ্টিয়ে জৰুৰী অৱস্থাৰ ম্যাদ বৃদ্ধি কৰিবলৈ অস্বীকাৰ কৰাৰ পাছ মুহূৰ্ততেই মন্ত্ৰী পৰিষদ ভংগৰ এই সিদ্ধান্ত লোৱা হয়।

 ১৩ নৱেম্বৰত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰা হয়। ৰজাই নতুন প্ৰধান মন্ত্ৰী নিযুক্তি নিদিয়ালৈকে দেউবাক তেওঁৰ দায়িত্ব চলাই নিবলৈ নিৰ্দেশ দিয়ে। দলৰ নেতৃত্বৰ সৈতে পৰামৰ্শ নকৰাকৈ মন্ত্ৰীসভা ভংগ কৰি দিয়াত দেউবাক তেওঁৰ নেপালী কংগ্ৰেছ পাৰ্টিয়ে বৰ বেয়াকৈ সমালোচনা কৰে আৰু ২৬ মে’ত তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হয়। নেপালী কংগ্ৰেছ পাৰ্টিৰ এই সিদ্ধান্তত হাৰ নামানি, তেওঁ নেপালী কংগ্ৰেছ (ডেম’ক্ৰেটিক) নামেৰে এটা নতুন দল গঠন কৰে। আনহাতে, ২৭ মে’ত ৰুকুম জিলাৰ খোৰা গাঁৱত সেনাবাহিনীৰে হোৱা সংঘৰ্ষত ১০০জনতকৈ অধিক মাওবাদী বিদ্ৰোহী নিহত হয়। এটাৰ পাছত আন এটাকৈ অভিযানত জয়লাভ [ ৮৩ ] কৰি অহা মাওবাদী গেৰিলাসকলৰ বাবে এই ঘটনাটো এক ডাঙৰ আঘাত হিচাপে পৰিগণিত হয়।

 মন্ত্ৰী পৰিষদ ভংগ কৰি দিয়া সত্ত্বেও ব্ৰিটিছ চৰকাৰে নেপালৰ বিদ্ৰোহীৰ বিৰুদ্ধে চলাই থকা যুদ্ধৰ প্ৰতি সমৰ্থন অব্যাহত ৰাখে। মাওবাদীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত নেপালক কিধৰণে সহায় কৰিব পৰা যায় সেই বিষয়ে আলোচনা কৰাৰ বাবে ১৯ আৰু ২০ জুনত ব্ৰিটেইনৰ পৃষ্ঠপোষকতাত এখন সভা অনুষ্ঠিত কৰা হয়।

 ইয়াৰ পাছতেই ব্ৰিটেইনৰ ডিফেন্স ষ্টাফৰ মুৰব্বী জেনেৰেল ছাৰ মাইকেল বই কাঠমাণ্ডুত উপস্থিত হয় আৰু নেপাল ৰয়েল আৰ্মিৰ মুৰব্বী প্ৰাজোৱালা শ্বামছেৰ ৰাণা, ৰজা জ্ঞানেন্দ্ৰ আৰু প্ৰধান মন্ত্ৰী দেউবাক সাক্ষাৎ কৰে। বয়ে আৰ এন এক ব্ৰিটিছ মিলিটাৰীয়ে কিধৰণে সহায় কৰিব পাৰিব সেই বিষয়ে আলোচনা কৰে আৰু মাওবাদীৰ লগত যুঁজাৰ বাবে প্ৰয়োজন হোৱা সামৰিক প্ৰয়োজনীয়তাৰ এখন তালিকা প্ৰস্তুত কৰে।

 আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সমৰ্থনেৰে বলীয়ান হৈ দেউবাৰ তত্ত্বাৱধায়ক চৰকাৰখনে ভাৰতৰ পৰা বিদ্ৰোহী কাৰ্যকলাপ চলাই থকা মাওবাদী নেতাসকলৰ বিৰুদ্ধে ‘ৰেড কৰ্নাৰ’ জাননী জাৰি কৰিবলৈ অনুৰোধ জনাই ইণ্টাৰপলৰ কাষ চাপে। পৰিণতিস্বৰূপে ১২ আগষ্টত ইণ্টাৰপলে আঠগৰাকী শীৰ্ষ মাওবাদী নেতাৰ বিৰুদ্ধে ৰেড কৰ্নাৰ জাননী জাৰি কৰে। মাওবাদী নেতাকেইগৰাকীক বন্দী কৰাৰ বাবে হেঁচা দি নতুন দিল্লীক উদ্দেশ্য কৰি এই জাননী জাৰি কৰে ইণ্টাৰপলে। ইণ্টাৰপলে জাননী জাৰি কৰাৰ আগলৈকে ভাৰত চৰকাৰে নেপালৰ মাওবাদী নেতাসকলক গ্ৰেপ্তাৰৰ কোনো আগ্ৰহ দেখুওৱা নাছিল যিহেতু তেওঁলোকে ভাৰতত কোনো অপৰাধমূলক কাৰ্য সংঘটিত কৰা নাছিল।

 ৰেড কৰ্নাৰ ন'টিছ জাৰি কৰাৰ লগে লগে মাওবাদীসকলে ইয়াৰ সমুচিত প্ৰত্যুত্তৰ দিয়ে। প্ৰচণ্ডই লগে লগে নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ চলাবলৈ পি এল এক নিৰ্দেশ দিয়ে। মাওবাদী কেন্দ্ৰীয় সমিতিয়ে কেতবোৰ নতুন কৌশল লৈ অভিযান আৰম্ভ কৰে। মাওবাদীসকলে শত্ৰুপক্ষৰ প্ৰতিৰোধৰ বাবে কিছুমান নতুন কৌশল হাতত লয়, অৰ্থাৎ নিৰাপত্তাৰক্ষীৰ আক্ৰমণৰ পৰা তেওঁলোকৰ শিবিৰবোৰ সুৰক্ষিত ৰখাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা। দ্বিতীয় কৌশলটো আছিল কৌশলগত ভাৰসাম্যতা। অৰ্থাৎ চৰকাৰী নিৰাপত্তা বাহিনীৰ আক্ৰমণৰ সামৰ্থ্যৰ লগত পি এল এৰ আক্ৰমণৰ শক্তিৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলা। আৰু তৃতীয়টো আছিল, মুখ্য নিৰাপত্তা চকী আৰু সেনা ছাউনিবোৰ আক্ৰমণ কৰা, যাতে দেশখনৰ নিৰাপত্তা বাহিনীসমূহ আত্মৰক্ষাতে ব্যস্ত থাকিবলগীয়া হয়।

[ ৮৪ ]  ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহতে মাওবাদী বিদ্ৰোহীসকলে চিন্দুলীৰ এটা আৰক্ষী চকীত আক্ৰমণ চলাই ৪৯গৰাকী আৰক্ষীক হত্যা কৰে। কমিউনিষ্ট গেৰিলাসকলে লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ আৰু গুলী-বাৰুদ লুটি লৈ যায়। নতুন ৰণ-কৌশল লোৱাৰ পাছতেই পি এল এ বিদ্ৰোহীসকলে পশ্চিম নেপালৰ অৰ্ঘাখানচিত জিলাৰ সদৰ চানবিখৰকা নিজৰ দখললৈ আনে। লাহে লাহে কাঠমাণ্ডুৰ ফালে আগবাঢ়ি যোৱাৰ লক্ষ্যৰেই অৰ্ঘাখানচিত আক্ৰমণ চলোৱা হৈছিল। চাৰি ঘণ্টাজুৰি চলা ভয়ানক সংঘৰ্ষৰ অন্তত ৬০জন নিৰাপত্তাৰক্ষী জোৱানে প্ৰাণ হেৰুৱাইছিল। মাওবাদী বিদ্ৰোহীসকলে এটা চ’ল্ডাৰ প্ৰপেলদ ৰকেট লান্সাৰ, এটা এল এম জি, দুটা ইঞ্চ মৰ্টাৰ, ৩৬ এছ এল আৰ, ৭২টা পইণ্ট ৩০৩ ৰাইফল, ১৫টা এম এম জি, চাৰিটা শ্বটগান, পাঁচটা মেচিনগান ৰাইফল, কিছুসংখ্যক গ্ৰেনেড, চাৰিটা পইণ্ট ২২ ৰাইফল, ১৩ পিষ্টল আৰু ছটা ৰাইফল নিজৰ দখললৈ নিয়ে।

 এই আক্ৰমণত আৰক্ষী থানা, সেনা ছাউনী আৰু মুখ্য জিলা বিষয়াৰ কাৰ্যালয়টো সম্পূৰ্ণৰূপে ধ্বংস হয়। বিদ্ৰোহীসকলে তাৰ এটা বেংকৰ পৰা ৪৮৫ কোটি টকা আৰু ২০ কিলোগ্ৰাম সোণ লুটি নিয়ে।

 ধাৰাবাহিক মাওবাদী আক্ৰমণত বিধ্বস্ত হৈ, দেউবাই উপলব্ধি কৰিলে যে নিৰ্ধাৰিত তাৰিখ ১৩ নৱেম্বৰত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাযাব। সেইকাৰণে ১ অক্টোবৰত, তেওঁ ৰজা জ্ঞানেন্দ্ৰক এবছৰৰ কাৰণে সাধাৰণ নিৰ্বাচন স্থগিত ৰাখিবলৈ আৱেদন জনায়। কিন্তু আৱেদন জনোৱাৰ তিনিদিন পাছত, ৪ অক্টোবৰত ৰজা জ্ঞানেন্দ্ৰই দেউবাক এজন ‘অৰ্হতাহীন প্ৰধান মন্ত্ৰী’ বুলি অভিহিত কৰি বৰ্খাস্ত কৰে আৰু কাৰ্যপালিকাৰ ক্ষমতা নিজৰ হাতলৈ নিয়ে।
[ ৮৫ ]

১১

ৰজাৰ প্ৰতিনিধিৰ সৈতে মত বিনিময়

 সংবিধানৰ ১২৩ নং অনুসূচীৰ আধাৰত ৰজা জ্ঞানেন্দ্ৰই ২০০২ চনৰ ৪ অক্টোবৰত প্ৰথমবাৰৰ বাবে নেপালত প্ৰত্যক্ষ শাসন আৰম্ভ কৰে। শ্বেৰ বাহাদুৰ দেউবাক অপসাৰণ কৰাৰ পাছত, ৰজাই সৰ্বোচ্চ ক্ষমতা নিজৰ হাতলৈ নিয়া সন্দৰ্ভত এটি বিবৃতি প্ৰকাশ কৰে, বিবৃতিটোত কোৱা হয়—

‘নেপাল আৰু নেপালী জনসাধাৰণৰ কল্যাণ সাধনেই আমাৰ অন্যতম
লক্ষ্য। ইতিহাসলৈ চালে দেখা যায় নেপালৰ ৰাজতন্ত্ৰ সদায় জনসাধাৰণৰ
আশা-আকাংক্ষাৰ দ্বাৰা পৰিচালিত হৈ আহিছে। আমি আকৌ এবাৰ
গণতন্ত্ৰৰ প্ৰতি থকা আমাৰ দায়বদ্ধতা প্ৰকাশ কৰিছোঁ৷ লগতে দেশবাসীক
এই আশ্বাসো আমি দিব বিচাৰোঁ যে আমি সদায় গণতান্ত্ৰিক প্ৰমূল্যৰ
দ্বাৰা চালিত হৈ থাকিম।’

 শ্বেৰ বাহাদুৰ দেউবাক ততাতৈয়াকৈ ক্ষমতাৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত বৰ বেয়াকৈ সমালোচিত হৈছিল। ভালেকেইটা ৰাজনৈতিক দলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰাৰ এসপ্তাহ পাছত ৰজা জ্ঞানেন্দ্ৰই ১১ অক্টোবৰত লোকেন্দ্ৰ বাহাদুৰ চান্দক অন্তৱৰ্তীকালীন প্ৰধান মন্ত্ৰী নিযুক্তি দিয়ে। চান্দৰ তাৎক্ষণিক দায়িত্বৰ ভিতৰত আছিল দেশখনত শান্তি আৰু [ ৮৬ ] নিৰাপত্তাৰ এটা বাতাৱৰণ সৃষ্টি কৰা আৰু স্থানীয় সমিতিসমূহৰ লগতে প্ৰতিনিধি সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা। সেয়ে দায়িত্বভাৰ গ্ৰহণ কৰি তেওঁ অলপ সময়ো ব্যয় নকৰাকৈ মাওবাদীৰ লগত ৰাজনৈতিক আলোচনাৰ মাজেৰে তেওঁলোকৰ দাবীসমূহ সমাধান কৰিবলৈ আহ্বান জনায়৷ চান্দৰ ভাষাত—

 ‘মাওবাদী নেতাসকলক আলোচনাৰ মেজলৈ অনাটো মোৰ প্ৰথম অগ্ৰাধিকাৰ চাৰে ছবছৰীয়া জনযুদ্ধত নেপালত ভালেমান ৰক্তপাত হ’ল। গ্ৰামাঞ্চলৰ উন্নয়নৰ কামো ইয়াৰ ফলত বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।’

 চান্দ চৰকাৰে মাওবাদী নেতৃবৃন্দক আলোচনাৰ মেজলৈ অনাৰ বাবে তেওঁলোকৰ লগত যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিছিল। ৩ ডিচেম্বৰত প্ৰচণ্ডই বাবুৰাম ভট্ট ৰাইক আহ্বায়ক হিচাপে লৈ এটি কেন্দ্ৰীয় আলোচনাকাৰী দল গঠন কৰাৰ কথা ঘোষণা কৰে। আলোচনাকাৰী দলটোৰ আন সদস্যসকল আছিল ৰাম বাহাদুৰ থাপা ওৰফে বাদাল, কৃষ্ণ বাহাদুৰ মাহাৰা, দেব গুৰুং আৰু মাতৃকা প্ৰসাদ যাদব।

 কিন্তু দুয়োপক্ষই আলোচনাক লৈ গুণা-গঁথা কৰি থকাৰ মাজতে ২০০৩ চনৰ ২৫ জানুৱাৰীত সশস্ত্ৰ আৰক্ষী বাহিনীৰ মহাপৰিদৰ্শক কৃষ্ণ মোহন শ্ৰেষ্ঠ আৰু তেওঁৰ পত্নী নুদুপ আৰু দেহৰক্ষীজনক ৰাজধানীৰ ৰিং ৰোডত (নাথুৰ সমীপৱৰ্তী) জগিং কৰি থকা অৱস্থাত মাওবাদী বিদ্ৰোহীয়ে গুলীয়াই হত্যা কৰে। মাওবাদী বিদ্ৰোহীয়ে কাঠমাণ্ডুত আক্ৰমণৰ লক্ষ্য কৰি লোৱা শ্ৰেষ্ঠই আছিল আটাইতকৈ উচ্চ পৰ্যায়ৰ বিষয়া।

 এই ঘটনাৰ তিনিদিনৰ পাছত, চৰকাৰ আৰু মাওবাদী দুয়োপক্ষই যুদ্ধবিৰতি ঘোষণা কৰে। উল্লেখযোগ্য বিদ্ৰোহ আৰম্ভ হোৱাৰ পাছত এয়া আছিল দ্বিতীয়টো যুদ্ধবিৰতি। মাওবাদীসকলে সন্মতি জনোৱাৰ পাছতে চৰকাৰে চণ্ডীপ্ৰসাদ মণ্ডলৰ নেতৃত্বত এটা ছজনীয়া আলোচনাকাৰী দল নিযুক্তি দিয়ে। চান্দ চৰকাৰে বিদ্ৰোহীসকলক দিয়া সন্ত্ৰাসবাদী আখ্যা প্ৰত্যাহাৰ কৰে আৰু মাওবাদী নেতৃত্বৰ বিৰুদ্ধে জাৰি কৰা ‘ৰেড কৰ্নাৰ’ জাননী প্ৰত্যাহাৰ কৰিবলৈ ইণ্টাৰপলক অনুৰোধ জনায়।

 মাওবাদী আৰু চৰকাৰ উভয়ে বোধহয় শান্তি প্ৰক্ৰিয়াৰ প্ৰতি সংকল্পবদ্ধ আছিল আৰু সমস্যাটোৰ এটা যুক্তিপূৰ্ণ সমাধানৰ বাবে আগ্ৰহী আছিল। ২০০১ চনৰ ১০ নৱেম্বৰত হঠাৎ যুদ্ধবিৰতি আৰু শান্তি প্ৰক্ৰিয়াৰ সামৰণি পৰিছিল। চান্দৰ শান্তি প্ৰক্ৰিয়াৰ প্ৰতি যিহেতু মাওবাদীসকলে ইতিবাচক সঁহাৰি জনাইছিল, সেই কাৰণে জনসাধাৰণ আশাবাদী আছিল যে বিদ্ৰোহী সমস্যাটোৰ শীঘ্ৰেই সামৰণি পৰিব। চান্দৰ ভাষাত—

‘চৰকাৰৰ আহ্বানৰ প্ৰতি মাওবাদীসকলে সঁহাৰি জনোৱাত মই সঁচাকৈ
সুখী হৈছিলোঁ। মই অত্যন্ত আশাবাদী আছিলোঁ যে চৰকাৰে শান্তিপূৰ্ণ
আলোচনাৰ মাজেৰে মাওবাদীসকলৰ সকলোবোৰ দাবীৰ সমাধান

[ ৮৭ ] উলিয়াবলৈ সক্ষম হ’ব আৰু তেওঁলোক মূলসুঁতিৰ ৰাজনীতিলৈ আহিব।’

 ২০০৩ চনৰ ১৩ মাৰ্চত চৰকাৰ আৰু মাওবাদীসকলে ২০ দফীয়া আচৰণ বিধিত স্বাক্ষৰ কৰে। প্ৰচণ্ডই চান্দ চৰকাৰৰ লগত আলোচনাত বহা নাছিল যদিও তেওঁ আলোচনাৰ অগ্ৰগতি ওচৰৰ পৰা লক্ষ্য কৰি আছিল। ১৭ এপ্ৰিলত প্ৰকাশ কৰা এটা বিবৃতিত মাওবাদী প্ৰধানজনে বহুচৰ্চিত শান্তি প্ৰক্ৰিয়াক সফল কৰাৰ বাবে আহ্বান জনায়। বিবৃতিটোত কোৱা হয়—

‘আমি চৰকাৰৰ অভিসন্ধিমূলক প্ৰচাৰক তীব্ৰ গৰিহণা দিছোঁ, কিন্তু
একে সময়তে আমি জাতি আৰু জনতাৰ স্বাৰ্থত শান্তি প্ৰক্ৰিয়া চলাই
নিবলৈ দায়বদ্ধ।’

 প্ৰচণ্ডৰ বিবৃতিটোত লগতে তেওঁ আৰু বাবুৰাম ভট্টৰায়ে নাৰায়ণহিতি ৰয়েল পেলেছত ৰজা জ্ঞানেন্দ্ৰক সাক্ষাৎ কৰাৰ বাতৰিটো অস্বীকাৰ কৰা হয়। বিবৃতিটোত শান্তি আলোচনাৰ বাবে পৰিৱেশ সৃষ্টি কৰিবৰ বাবে চৰকাৰক আহ্বান জনোৱা হয় আৰু ৰাজনৈতিক দলবোৰে আলোচনাৰ পৰিৱেশ বিনষ্ট কৰাৰ বাবে চেষ্টা কৰা বুলি আভিযোগ কৰা হয়। ২৭ এপ্ৰিলত কাঠমাণ্ডুৰ লাজিমপাতস্থিত শংকৰ হোটেলত প্ৰথমলানি আলোচনা অনুষ্ঠিত হয়। সাত বছৰকাল আত্মগোপন কৰি থকাৰ পাছত, মাওবাদী নেতাকেইজনে প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে আত্মপ্ৰকাশ কৰে। চান্দৰ ভাষাত—

‘মাওবাদী নেতাকেইগৰাকীৰ সঁহাৰি আছিল যথেষ্ট ইতিবাচক। মই
আনকি প্ৰচণ্ডকো আলোচনাত ভাগ লোৱাৰ বাবে আমন্ত্ৰণ জনাব
বিচাৰিছিলোঁ। যদিও মই তেতিয়ালৈকে তেওঁক লগ পোৱা নাছিলোঁ,
তথাপি মোৰ বিশ্বাস আছিল তেওঁ এজন ওখ খাপৰ নেতা আৰু
আন্দোলনটোৰ ওপৰত তেওঁৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে।’

 ভট্টৰাই আৰু মাওবাদী দলটোৰ আন আন নেতাসকলে বীৰেন্দ্ৰ ইণ্টাৰনেশ্যনেল কনভেনশ্যন চেণ্টাৰত ৰাজহুৱাভাৱে আত্মপ্ৰকাশ কৰাৰ লগে লগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। নেতাকেইগৰাকীক এবাৰ চোৱাৰ বাবে মানুহৰ মাজত ভীষণ হেঁচা-ঠেলাৰ সৃষ্টি হয়। জনতাক আঁতৰাই পঠিয়াবলৈ আৰক্ষীয়ে লাঠিচালনা কৰিবলগীয়া হয়। ভট্টৰায়ে ঘোষণা কৰে যে কট্টৰ সাম্যবাদী সংগঠনটো শান্তি আলোচনাত বহিবলৈ আগ্ৰহী আৰু এই আলোচনা সফল হোৱাটো বিচাৰে। ভট্টৰাইৰ ভাষাত—

‘বন্দুকে তেওঁলোকৰ উদ্দেশ্য সাধন কৰাত সহায় কৰিছে। আলোচনাত
বহাৰ অৰ্থ হ'ল আমাৰ সশস্ত্ৰ সংগ্ৰামৰ বিজয়। যিহেতু ই চৰকাৰক
আমাৰ কথা শুনিবলৈ বাধ্য কৰাইছে।’

 মাওবাদী দলটোৱে লগতে নেপালী কংগ্ৰেছৰ অধ্যক্ষ গিৰিজাপ্ৰসাদ কৈৰালা আৰু [ ৮৮ ] কমিউনিষ্ট পাটি অব নেপালৰ (ইউ এম এল) সাধাৰণ সম্পাদক মাধৱ কুমাৰ নেপালক সাক্ষাৎ কৰে। কৈৰালা আৰু নেপাল উভয়ে ২৯ জানুৱাৰীত চৰকাৰ আৰু মাওবাদীৰ মাজত হোৱা যুদ্ধবিৰতি চুক্তিক আদৰণি জনাইছিল। কিন্তু বিদ্ৰোহী সংগঠনটোৰ এখন নতুন সংবিধান প্ৰস্তুত কৰাৰ বাবে যি কনষ্টিটিউৱেণ্ট এছেম্বলীৰ আহ্বান জনাইছিল তাক লৈ শংকা প্ৰকাশ কৰিছিল। ভট্টৰায়ে কৈছিল—

‘জাতি আৰু জনতাৰ স্বাৰ্থতে নেপালৰ ৰজাই পদত্যাগ কৰা উচিত।
যদি তেওঁ সেয়া কৰে, নতুন ৰাজনৈতিক ব্যৱস্থাত আমি তেওঁক এটা
ভাল স্থান দিম। আনকি তেতিয়া তেওঁ জনসাধাৰণৰ পৰা ইয়াতকৈ
বেছি সন্মান আৰু ভালপোৱা লাভ কৰিব। যদি তেওঁ অলপো নমনীয়তা
নেদেখুৱাই আৰু ত্যাগ নকৰে, তেতিয়াহ’লে ইতিহাসে তেওঁক সঠিক
স্থানৰ পৰা অৱনমিত কৰিব।’

 বিদ্ৰোহে জুৰুলা কৰা হিমালয়ৰ এই ৰাষ্ট্ৰখনৰ সাত বছৰীয়া বিদ্ৰোহৰ সামৰণি পেলোৱাৰ উদ্দেশ্যে আৰম্ভ হোৱা এই আলোচনা তথা ৰাজনৈতিক অগ্ৰগতিক লৈ নেপালৰ বুদ্ধিজীৱীসকল যথেষ্ট উৎসাহিত হৈছিল।

 এই প্ৰসংগত অধ্যাপক লোকৰাজ বৰালে ‘কাঠমাণ্ডু পোষ্ট’ত লিখিছিল—

‘... মাওবাদীসকলে গুণগতভাৱে পৰিৱৰ্তিত এখন নেপালী ৰাষ্ট্ৰ গঢ়িবলৈ
আগ্ৰহী, য'ত প্ৰতিটো শক্তিয়ে তেওঁলোকৰ আদৰ্শগত পৰিচয় নিৰ্বিশেষে
বহুদলীয় ৰাজনৈতিক গণ্ডীৰ ভিতৰত কাম কৰিবলৈ সক্ষম হ’ব। ইয়াক
জনযুদ্ধৰ ‘এমবুৰ্জোমেণ্ট’ বুলি ক'ব পাৰি। যিটো ক্ৰমে বহুত্ববাদী
গণতন্ত্ৰ শক্তিশালী কৰাৰ এটা পদক্ষেপত পৰিণত হৈছে।’

 তাৎপৰ্যপূৰ্ণভাৱে, মাওবাদী আৰু চৰকাৰৰ মাজত যুদ্ধবিৰতিৰ চুক্তি ভংগ কৰাৰ কোনো ঘটনা ঘটা নাছিল। দ্বিতীয়লানি শান্তি আলোচনা ৯ মে’ত শংকৰ হোটেলত অনুষ্ঠিত হৈছিল। কিন্তু বাকী ৰাজনৈতিক দলবোৰে শান্তি আলোচনাৰ অগ্ৰগতি বিচৰা নাছিল, যিহেতু চান্দ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধান মন্ত্ৰী নাছিল আৰু চৰকাৰখনে আছিল ৰজাই নিযুক্তি দিয়া অন্তৰ্ৱৰ্তীকালীন চৰকাৰ। বাকী ৰাজনৈতিক দলবোৰে তেওঁৰ ওপৰত তীব্ৰ হেঁচা দিছিল। ফলস্বৰূপে ৩০ মে’ত তেওঁ প্ৰধান মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হয়।

 চান্দৰ পদত্যাগৰ লগে লগে চলি থকা শান্তি প্ৰক্ৰিয়াত আউল লাগে। চান্দৰ পদত্যাগৰ পাঁচ দিন পাছত প্ৰধান ৰাজনৈতিক দলসমূহৰ তীব্ৰ বিৰোধিতাৰ মাজতে ৰজা জ্ঞানেন্দ্ৰই সূৰ্য বাহাদুৰ থাপাক নতুন প্ৰধান মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। আলোচনা প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে আকৌ নতুন দল গঠন কৰা হয়। চৰকাৰে প্ৰকাশ চন্দ্ৰ [ ৮৯ ] লোহানীৰ নেতৃত্বত এখন দুজনীয়া সমিতি গঠন কৰে। সমিতিৰ আনজন সদস্য আছিল কমল থাপা। সেইদৰে, মাওবাদীসকলেও এটি দুজনীয়া আলোচনাকাৰী দল মনোনীত কৰে। দলটোক প্ৰতিনিধিত্ব কৰে বাবুৰাম ভট্টৰাই আৰু কৃষ্ণ বাহাদুৰ মহাৰায়ে। নেপালত মাওবাদীসকলে আলোচনাৰ পক্ষত থকাৰ সময়তে ২০ জুনত জ্যেষ্ঠ পি ডব্লিউ জি নেতা তথা নৰ্থ তেলেংগানা স্পেচিয়েল জ’ন কমিটীৰ সদস্য মালকপুৰম ভাস্কৰ ওৰফে কমৰ্ডে চন্দ্ৰান্নাই বিবিচিৰে হোৱ৷ এটি সাক্ষাৎকাবত কয় যে পি ডব্লিউ জিয়ে নেপালৰ পৰা বিহাৰ, উৰিষ্যা তথা ভাৰতৰ অন্যান্য ৰাষ্ট্ৰৰ মাজেৰে অন্ধ্ৰপ্ৰদেশলৈ এটি বাট মুকলি কৰিছে।

 পি ডব্লিউ জি নেতাজনৰ এই ঘোষণাই ভাৰতত একধৰণৰ আতংক আৰু নিৰাপত্তাহীনতাৰ সৃষ্টি কৰে। কাৰণ চাবচিডিয়েৰী ইণ্টেলিজেঞ্চ ব্যুৰোই (এছ আই বি) তথ্য লাভ কৰিছিল যে পি ডব্লিউ জি আৰু কমিউনিষ্ট পাৰ্টি অৱ নেপালে (মাওবাদী) নেপালৰ পৰা অন্ধ্ৰপ্ৰদেশলৈ এটা বিদ্ৰোহী মণ্ডল (ৰিভলিউশ্যন জ’নছ) গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে। বিজেপি নেতা এল কে আদৱানিৰ ভাষাত ‘পশুপতিৰ পৰা তিৰুপতিলৈ’ বিদ্ৰোহৰ এই বাটটো সংযোগ কৰা হৈছে।

 তৃতীয় লানি আলোচনা অনুষ্ঠিত হৈছিল ১৭ আগষ্টত দেঙৰ হেপুৰী গাঁৱত (পুৰন্ধাৰ গাঁও উন্নয়ন সমিতি)। এইলানি আলোচনাত মাওবাদীসকলে নতুন সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ বাবে এখন বিশেষ সমিতি গঠন কৰিবলৈ আহ্বান জনায়, য’ত ৰাজতন্ত্ৰৰ অৱসানৰ বিকল্প থাকিব। কিন্তু থাপা চৰকাৰে এনে সম্ভাৱনা নাকচ কৰে। ইয়াৰ পৰিৱৰ্তে চৰকাৰে মাওবাদীসকলক অস্ত্ৰ সম্বৰণ কৰিবলৈ অথবা প্ৰচলিত আইনৰ গণ্ডীৰ ভিতৰতে তেওঁলোকৰ দাবীসমূহ আলোচনা কৰিবলৈ দাবী জনায়। চৰকাৰৰ এনে স্থিতিত মাওবাদীসকলে যুদ্ধবিৰতিৰ চুক্তি ভংগ কৰিবলৈ সিদ্ধান্ত লয়। ২৭ আগষ্টত এই সন্দৰ্ভত মাওবাদী প্ৰধান প্ৰচণ্ডই এটা বিবৃতি প্ৰকাশ কৰে। বিবৃতিটোত কোৱা হয়—

‘চৰকাৰৰ সৈতে আৰু অধিক আলোচনা অনুষ্ঠিত কৰাৰ বা যুদ্ধবিৰতি
পালন কৰাৰ কোনো অৰ্থ নাই, যিহেতু চৰকাৰে আমাৰ কনষ্টিটিৱেণ্ট
এছেম্বলী গঠনৰ দাবী পূৰণ কৰাত ব্যৰ্থ হৈছে।’

 প্ৰচণ্ডই অৱশ্যে লগতে কয় যে তেওঁলোকে আলোচনাৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া নাই। তেওঁ চৰকাৰে তেওঁলোকৰ দাবীৰ ওপৰত আলোচনা কৰাৰ বাবে উপযুক্ত বাতাৱৰণ সৃষ্টি কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়।

 মাওবাদী আৰু থাপা নেতৃত্বাধীন চৰকাৰৰ মাজত আলোচনা ব্যৰ্থ হোৱাৰ পাছ মুহূৰ্ততে ৰজাৰ পক্ষত থকা নেতাসকলে মাওবাদী বিদ্ৰোহীসকলৰ বিৰুদ্ধে অধিক [ ৯০ ] আক্ৰমণাত্মক হৈ পৰে। চিকাগোৰ পৰা প্ৰকাশিত ‘ৰিভলিউশ্যনাৰী ৱৰ্কাৰ্ছ'ৰ এটি বাতৰি প্ৰকাশ হয় এনেধৰণে—

‘আলোচনা ব্যৰ্থ হোৱাৰ ঠিক পিছদিনাই নেপালৰ তথ্য আৰু যোগাযোগ
মন্ত্ৰী তথা চৰকাৰৰ মুখপাত্ৰ কমল থাপাই ৰাষ্ট্ৰীয় দৈনিক কাকতৰ
লগতে ইলেকট্ৰ’নিক মাধ্যমৰ সম্পাদকসকলক মাতি আনি কমিউনিষ্ট
পাৰ্টি অৱ নেপাল (মাওবাদী), জনযুদ্ধৰ সমৰ্থন কৰা আন সংগঠন
আৰু মাওবাদীসকলৰ লগত জড়িত সকলো সংগঠন আৰু ব্যক্তিক
পুনৰ সন্ত্ৰাসবাদী হিচাপে অভিহিত কৰা হ'ব বুলি ঘোষণা কৰে।’

 চৰকাৰে লগতে শীৰ্ষ মাওবাদী নেতাসকলক জীৱিত অথবা মৃত অৱস্থাত চৰকাৰৰ গতাই দিব পাৰিলে ৫০ হাজাৰ মাৰ্কিন ডলাৰ দিয়াৰ কথা ঘোষণা কৰে। কিন্তু চৰকাৰৰ এনে স্থিতি গ্ৰহণ কৰাৰ লগে লগেই মাওবাদীসকলে ইয়াৰ প্ৰত্যুত্তৰ দিয়ে। ২৯ আগষ্টত কমিউনিষ্ট বিদ্ৰোহীসকলে প্ৰাক্তন গৃহমন্ত্ৰী দেৱেন্দ্ৰ ৰাজ কান্দেলৰ ললিতপু কাচোনস্থিত বাসগৃহত আক্ৰমণ চলায়। এই আক্ৰমণত কান্দেল আহত হয়। সন্ধিয়া সময়ত সংঘটিত কৰা এই আক্ৰমণত বিদ্ৰোহীসকলে পাঁচজাঁই গুলী চলাইছিল। প্ৰাক্তন গৃহমন্ত্ৰীজনৰ ঘৰত চলোৱা এই আক্ৰমণৰ সমৰ্থনত মাওবাদীসকলৰ হাতত যথেষ্ট শক্তিশালী যুক্তি আছিল। তেওঁ মন্ত্ৰী হৈ থকা অৱস্থাত কৰা সেই বিখ্যাত উক্তিটো— ‘তেওঁলোকৰ মূৰবোৰ এখন মোনাত লৈ আনা আৰু আন এখন মোনাত টকা লৈ যোৱা’ই যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছিল।

 আৰক্ষীয়ে প্ৰকাশ কৰা মতে কান্দেলক উগ্ৰপন্থীৰ সম্ভাব্য আক্ৰমণ সম্পৰ্কে সতৰ্ক কৰি দিয়া হৈছিল। আৰক্ষী চোৰাংচোৱাই যোগান ধৰা তথ্যৰ পৰিপ্ৰেক্ষিতত এই প্ৰাক্তন মন্ত্ৰীজনে তেওঁৰ থকা ঠাই জাৱাখাবালৰ নিজ ঘৰৰ পৰা সলনি কৰিছিল আৰু কাচুলিত এটা ভাড়াঘৰত থাকিবলৈ লৈছিল। কিন্তু তাতো তেওঁ ৰক্ষা নাপালে।

 মাওবাদী আক্ৰমণত ক্ৰুদ্ধ হৈ ১৬ ছেপ্টেম্বৰত নেপাল চৰকাৰে প্ৰচণ্ডকে ধৰি ২১গৰাকী মাওবাদী নেতাক গ্ৰেপ্তাৰৰ আহ্বান জনাই পুনৰ ইণ্টাৰপল ৰেড কৰ্মাৰ ন'টিচ জাৰি কৰে। কিন্তু সূৰ্য বাহাদুৰ থাপা চৰকাৰৰ এনে আক্ৰমণাত্মক স্থিতিয়ে মাওবাদীসকলক অকণো বিচলিত নকৰিলে।

 সমগ্ৰ দেশজুৰি মাওবাদীসকলে তেওঁলোকৰ হিংসাত্মক কাৰ্যকলাপ অব্যাহত ৰাখে।

 ১২ আগষ্টত মাওবাদীসকলে দেঙৰ কুচুমত থকা সেনা শিবিৰত আক্ৰমণ চলোৱাৰ পাছত সংঘটিত সংঘৰ্ষত অতি কমেও ১২৫গৰাকী সেনা জোৱান নিহত হয়। এই ঘটনাৰ দুদিন পাছতে পি এল এ বিদ্ৰোহীসকলে পশ্চিম নেপালৰ ভালুচাঙত থকা আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত আক্ৰমণ কৰে। গুলীয়াগুলীত পঁচিছগৰাকী আৰক্ষী কনিষ্টবল [ ৯১ ] আৰু বাৰগৰাকী মাওবাদী বিদ্ৰোহী নিহত হয়। মাওবাদীয়ে আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰটোৰ পৰা ভালেসংখ্যক অস্ত্ৰ আৰু গুলী-বাৰুদ লুট কৰি নিবলৈ সক্ষম হয়।

 ইয়াৰ মাজতে সকলোকে আচৰিত কৰি ২১ অক্টোবৰত প্ৰচণ্ডই ঘোষণা কৰে যে তেওঁৰ সংগঠনে হিংসা আৰু ধ্বংসাত্মক কাৰ্যকলাপ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। প্ৰচণ্ডই এনে সিদ্ধান্ত লোৱাৰ কাৰণ আছিল নেপালৰ প্ৰায় আঠ বছৰীয়া বিদ্ৰোহী কাৰ্যকলাপৰ পাছত দেশখনৰ মানৱ অধিকাৰ সংগঠনসমূহৰ লগতে নাগৰিক সমাজে কট্টৰ সাম্যবাদী বিদ্ৰোহী সংগঠনটোৱে অব্যাহত ৰখা হিংসা-হত্যালীলা আৰু দেশখনৰ আন্তঃগাঁথনি ধ্বংস কৰাৰ বাবে বেয়াকৈ সমালোচনা কৰিছিল। পলিটব্যুৰ’ সভাত লোৱা সিদ্ধান্তৰ কথা উল্লিখিত এটা বিবৃতিত মাওবাদী প্ৰধানজনে প্ৰকাশ কৰে যে মাওবাদীসকলে আন ৰাজনৈতিক দলৰ নেতাসকলৰ লগতে নিম্নপৰ্যায়ৰ সেনা আৰু আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে শাৰীৰিক আক্ৰমণ নচলায়। প্ৰচণ্ডই নিম্ন পৰ্যায়ৰ সেনা আৰু আৰক্ষী কনিষ্টবলসকলক চাকৰি বাদ দি জনতাৰ কল্যাণৰ কাৰ্যত নিজকে জড়িত কৰিবলৈ আহ্বান জনাইছিল। তেওঁ দাবী জনাইছিল যে চাকৰি বাদ দিলে এনে কনিষ্টবলসকলৰ পৰিয়ালক চোৱা-চিতাৰ দায়িত্ব মাওবাদীসকলে গ্ৰহণ কৰিব।

 মাওবাদী প্ৰধানজনে লগতে ঘোষণা কৰিছিল যে সংগঠনটোৱে সাধাৰণ জনতাৰ পৰা কোনোধৰণৰ দান-বৰঙণি সংগ্ৰহ নকৰে। অৱশ্যে পলিটব্যুৰ’ৰ সভাত বৃহৎ ব্যৱসায়, উদ্যোগপতি আৰু পৰিবহণ ব্যৱসায়ীসকলৰ ওপৰত কৰ বহুৱাবলৈ সিদ্ধান্ত লৈছিল। ইয়াৰ লগতে সংবাদ মাধ্যমৰ লগত সু-সম্পৰ্ক ৰক্ষা কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল আৰু সংগঠনটোৰ পলিটব্যুৰ’ৰ সদস্য কৃষ্ণ বাহাদুৰ থাপাক সংগঠনৰ মুখপাত্ৰ হিচাপে নিযুক্তি দিছিল।

 এই সময়ছোৱাৰ ভিতৰতে প্ৰচণ্ডই ঘোষণা কৰে যে মাওবাদীসকলে গ্ৰামাঞ্চলসমূহত জনগোষ্ঠীয় আঞ্চলিক চৰকাৰ গঠন কৰিছে। সংগঠনটোৱে লগতে ভাৰত, চীন তথা অন্যান্য দেশবোৰক তেওঁলোকৰ সমৰ্থন আৰু সহযোগিতা আগবঢ়াবলৈ আনুষ্ঠানিকভাৱে আহ্বান জনাবলৈ সিদ্ধান্ত লয়। সংগঠনটোৱে এনে আহ্বান জনাইছিল যদিও, সংগঠনটোক অস্বস্তিত পেলাই মাওবাদী বিদ্ৰোহীসকলে ২৫ অক্টোবৰত বাগলুং জিলাৰ লেখালী নামৰ আওহতীয়া গাঁওখনৰ পৰা ব্ৰিটিছ সেনা বিষয়া কৰ্নেল এড্ৰিয়ান গ্ৰিফিট আৰু ছয় নেপালী নাগৰিকক অপহৰণ কৰে ব্ৰিটিছ গোৰ্খাত নেপালী যুৱকক নিযুক্তি দিয়াৰ বাবে। নেপালত থকা গ্ৰিফিটক অপহৰণৰ ৪৮ ঘণ্টাৰ ভিতৰতে কমিউনিষ্ট বিদ্ৰোহীসকলে মুকলি কৰি দিয়ে।

 অপহৰণৰ ঘটনাটোৰ বাবে প্ৰচণ্ডই ক্ষমা বিচাৰে আৰু বিদ্ৰোহী নীতি ভংগ কৰাৰ ঘটনাটোৰ তদন্ত কৰা হ’ব বুলি কয়। তেওঁ কয় যে সংগঠনৰ নীতি অনুসৰি বিদেশী [ ৯২ ] নাগৰিকক আক্ৰমণৰ লক্ষ্য কৰাটোত তেওঁলোকে অনুমোদন নজনায়। মাওবাদী প্ৰধানজনে এইদৰে ক্ষমা বিচৰা ঘটনাই বিশ্ব প্ৰেক্ষাপটত সংগঠনটোৰ বিনষ্ট হোৱা ভাবমূৰ্তি ঘূৰাই অনাত বহু পৰিমাণে সহায় কৰে।

 প্ৰচণ্ডৰ ২১ অক্টোবৰৰ বিবৃতিটোৰ পাছতে কমিউনিষ্ট গেৰিলাসকলে চলাই অ আক্ৰমণ কমি আহে। কিন্তু আৰ এন এ (ৰয়েল নেপাল আৰ্মি) আৰু নেপাল আৰক্ষীয়ে তেওঁলোকৰ বিদ্ৰোহী অভিযান অব্যাহত ৰাখে। ২০১১ চনৰ ৫ ফেব্ৰুৱাৰীত নেপালৰ সেনাই (আৰ এন এ) মকৱানপুৰ জিলাৰ ডিমান গাঁৱত অভিযান চলাই ১৪গৰাকী সন্দেহযুক্ত মাওবাদী কৰ্মী আৰু দুজন আসামৰিক লোকক হত্যা কৰে। এই ঘটনাৰ লগে লগে লণ্ডনস্থিত এমনেষ্টি ইন্টাৰনেশ্যনেলে নেপালৰ প্ৰধান মন্ত্ৰী সূৰ্য বাহাদুৰ থাপা আৰু নেপালৰ সেনাৰ (আৰ এন এ) মানৱ অধিকাৰ কোষৰ মুৰব্বী কৰ্ণেল নীলেন্দ্ৰ এৰিমালৈ মানৱ অধিকাৰ ভংগৰ এই ঘটনাৰ তাৎক্ষণিক তদন্তৰ দাবী জনাই চিঠি লিখে।

 মাওবাদীসকলে এক মোক্ষম আঘাতৰ সন্মুখীন হয় যেতিয়া ১০ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় সমিতিৰ দুগৰাকী সদস্য মাট্ৰিকা যাদব আৰু সুৰেশ এলি মগৰক ভাৰতে নেপাল চৰকাৰৰ হাতত গতাই দিয়ে। নেপালী চৰকাৰৰ তথ্যৰ ভিত্তিত দুয়োগৰাকী নেতাকে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত গ্ৰেপ্তাৰ কৰা হৈছিল।

 ৫ এপ্ৰিলত, মাওবাদীসকলে তিনিদিনীয়া নেপাল বন্ধ ঘোষণা কৰে, কিন্তু পাঁচদলীয় মৰ্চাই যিয়ে ৰাজতন্ত্ৰৰ বিৰোধিতা কৰি প্ৰতিবাদ কৰিছিল, এই বন্ধৰ বিৰোধিতা কৰে। প্ৰচণ্ডই তেতিয়া এটা যৌথ আন্দোলনৰ প্ৰস্তাৱ দিয়ে। সেই বছৰৰ মে’ মাহতে ৰাজনৈতিক হেঁচাত সূৰ্য বাহাদুৰ থাপাই প্ৰধান মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে।

[ ৯৩ ]

১২

সমভাবাপন্ন দলৰ সৈতে যোগাযোগ বৃদ্ধি

 মাওবাদী জনযুদ্ধই সফলতা লাভ কৰিব নোৱাৰিলেহেঁতেন যদিহে ই বৃহত্তৰ সাম্যবাদী বিশ্বৰ দিহা-পৰামৰ্শ আৰু সমৰ্থন লাভ নকৰিলেহেঁতেন। প্ৰচণ্ডৰ ভাষাত—

‘প্ৰথম কথা হ’ল এখন আন্তঃৰাষ্ট্ৰীয় বিদ্ৰোহী সমিতি (আৰ আই এম,
ৰিভলিউশ্যনাৰী ইণ্টাৰনেশ্যনেল মুভমেণ্ট) আছিল। তাত আদৰ্শগত
আৰু ৰাজনৈতিক চিন্তাৰ আদান-প্ৰদান হৈছিল। ৰিম’ৰ জৰিয়তে আমি
কমিউনিষ্ট পাৰ্টি অৱ পেৰু (পি চি পি)ৰ অভিজ্ঞতা লাভ কৰিছিলোঁ
য’ত দুইধৰণৰ সংগ্ৰাম চলি আছিল। ইয়াৰ উপৰি আমি তুৰ্কী, ইৰান
আৰু ফিলিপাইনছৰ অভিজ্ঞতা আহৰণ কৰিছিলোঁ ইয়াৰ জৰিয়তে।’

 নেপালত জনযুদ্ধ আৰম্ভ হোৱাৰ বহু আগতেই মাওবাদী দলে আন্তঃৰাষ্ট্ৰীয় বিদ্ৰোহী আন্দোলন সমিতিৰ পৰা (আৰ আই এম কমিটী) সহযোগিতা তথা পৰামৰ্শ লাভ কৰিছিল। মাওবাদীসকলে ৰিম’ সমিতিৰ লগত বিতৰ্কও অনুষ্ঠিত কৰিছিল। যিহেতু চি পি এন-মাৰ্শ্বাল ১৮৮৪ চনত ৰিম’ৰ পৃষ্ঠপোষক সদস্য আছিল, সেয়ে মাওবাদীসকলে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰিভলিউশ্যনাৰী কমিউনিষ্ট পাৰ্টিৰ অধ্যক্ষ বব্ আৱাকীনৰ পৰা ভালেমান তাত্ত্বিক জ্ঞান লাভ কৰিছিল।

[ ৯৪ ] মাওবাদী নেতাসকলে বিশেষকৈ প্ৰচণ্ডই জনযুদ্ধৰ বাবে লাভজনক সকলো আন্তঃৰাষ্ট্ৰীয় পৰামৰ্শ গ্ৰহণ কৰিবলৈ সেই সময়ত সাজু আছিল। লাতিন আমেৰিকা, ইউৰোপ আৰু এছিয়াৰ বিদ্ৰোহীসকলৰ পৰা নেপাললৈ ভালেমান পৰামৰ্শ আহিছিল। কিন্তু প্ৰচণ্ডই জনযুদ্ধৰ ব্যৱহাৰিক পাঠ মূলতঃ লাভ কৰিছিল ভাৰতৰ পৰা। তেওঁ ভাৰতীয় সেনাৰ প্ৰাক্তন গোৰ্খা জোৱানসকলৰ পৰা গেৰিলা যুদ্ধৰ প্ৰাথমিক কৌশল আহৰণ কৰিছিল। বিহাৰ আৰু ঝাৰখণ্ডৰ আন্দোলনক একেবাৰে কাষৰ পৰা অধ্যয়ন কৰাৰ বাবে তেওঁ ভাৰতত আছিল। এই সন্দৰ্ভত প্ৰচণ্ডই কয়—

‘মই মাওৱিষ্ট কমিউনিষ্ট চেণ্টাৰৰ লগত অহৰহ যোগাযোগ অব্যাহত
ৰাখিছিলোঁ আৰু প্ৰশিক্ষণৰ বাবে বিহাৰৰ পালামাও জিলালৈ গৈছিলোঁ।

 লগতে তেওঁ সশস্ত্ৰ সংগ্ৰাম আৰম্ভ কৰাৰ ক্ষেত্ৰত মুখামুখি হোৱা সমস্যাবোৰ বিষয়ে জ্ঞান লাভ কৰাৰ বাবে ভাৰতীয় মাওবাদী কাৰ্যকলাপৰ ৰম্যভূমি দক্ষিণ ভাৰতৰ ৰাজ্য অন্ধ্ৰপ্ৰদেশৰ ভালেমান জিলা ভ্ৰমণ কৰিছিল। আৰু তাত লাভ কৰা সেই প্ৰশিক্ষণবোৰেই তেওঁক অস্ত্ৰৰ ব্যৱহাৰ আৰু সামৰিক অভিযানৰ পৰিকল্পনা কৰিব পৰা এজন নিপুণ যোদ্ধাত পৰিণত কৰিছিল।

 ভাৰতত থকা সময়ত প্ৰচণ্ডই কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া (মাওৱিষ্ট)ৰ সাধাৰণ সম্পাদক কমৰেড গণপতিৰ লগত নিবিড় সম্পৰ্ক গঢ়ি তুলিছিল। নেপালৰ জনযুদ্ধৰ সময়তে, দুয়োগৰাকী নেতাই মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ভাৰতবৰ্ষক তেওঁলোকৰ নীতিৰ বাবে সমালোচনা কৰি কেইবাবাৰো যুটীয়া বিবৃতি দিছিল। প্ৰচণ্ডই স্বীকাৰ কৰিছে যে তেওঁৰ দলে নেপালৰ আৰক্ষী আৰু ৰয়েল নেপাল আৰ্মিৰ পৰা অস্ত্ৰ লোৱাৰ বাহিৰেও ভাৰতৰ পৰা অস্ত্ৰ লাভ কৰিছিল।

 ২০০১ চনত নেপালৰ মাওবাদীসকলে পিপুলছ্ ৱাৰ গ্ৰুপ (পি ডব্লিউজি)ৰ নৱতম মহাসভালৈ জ্যেষ্ঠ নেতা চি পি গুজৰালক প্ৰেৰণ কৰিছিল। বাতৰি ওলাইছিল যে মাওবাদী আৰু পি ডব্লিউ জিয়ে উত্তৰ বিহাৰ আৰু নেপাল-ভাৰত সীমান্তত তেওঁলোকৰ বিদ্ৰোহী কাৰ্যকলাপ চলোৱাৰ বাবে ইণ্ডো-নেপাল বৰ্ডাৰ ৰিজিয়ন কমিটী নামেৰে এখন সমিতি গঠন কৰিছিল। ২০০২ চনৰ আগষ্টত ‘ৰিভলিউশ্যনাৰী ব্ৰিটিছ’ নামৰ এখন আলোচনীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰচণ্ডই কৈছিল যে নেপালত মাওবাদীসকলে বাংলাদেশৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈছিল আৰু শ্ৰীলংকাৰ বিদ্ৰোহৰ পৰাও কিছু জ্ঞান লাভ কৰিছিল।

‘ছাউথ এছিয়ান কনফাৰেন্সত আমি অংশগ্ৰহণ কৰিছিলোঁ। একে সময়তে
আমি ভাৰতীয় সাম্যবাদীসকলৰ লগতে বিশেষকৈ পিপুলছ্‌ ৱাৰ (পি
ডব্লিউ) আৰু মাওবাদী কমিউনিষ্ট চেণ্টাৰ (এম চি চি) নামৰ বিদ্ৰোহী

[ ৯৫ ]

গোষ্ঠী দুটাৰ লগত অহৰহ প্ৰত্যক্ষ বিতৰ্কত লিপ্ত হৈছিলোঁ। ইয়ে আমাক
বিভিন্নধৰণে সহায় কৰিছিল। আমাক জনযুদ্ধ চলাই নিয়াৰ প্ৰক্ৰিয়াটো
বুজাত বহু পৰিমাণে সহায় কৰিছিল।’

 আন্দোলনৰ কালছোৱাত নেপালৰ মাওবাদীসকলে দক্ষিণ এছিয়াৰ সংগঠনৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰিছিল, যিয়ে দলটো সংগঠিত কৰাত আৰু জনযুদ্ধ চলাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। কমিউনিষ্ট পাৰ্টি অব নেপালে (মাওৰিষ্ট) ২০১১ চনৰ ২১ জুলাইত ক’ৰৰ্ডিনেশ্যন কমিটী অৱ মাওবিষ্ট পাৰ্টিছ এণ্ড তাৰ্গেনাইজেশ্যন অৱ ছাউথ এছিয়া (চি চি অ’ এম পি অ’ এছ এ) গঠনৰ উদ্যোগ গ্ৰহণ কৰিছিল।

 চি চি অ’ এম পি অ’ এছ এৰ প্ৰথমতে সদস্যপদ গ্ৰহণ কৰা সংগঠনসমূহৰ ভিতৰত আছিল নেপালী মাওবাদী, পি ডব্লিউ জি, পূৰ্ব বাংলাৰ মুভমেণ্ট (বাংলাদেশ) কমিউনিষ্ট পাৰ্টি অৱ চেইলন (শ্ৰীলংকা) আৰু ভাৰতৰ কেইটামান উগ্ৰ বাঁওপন্থী সংগঠন। ২০০১ চনৰ ছেপ্টেম্বৰত ঝাৰখণ্ডত চি চি অ’ এম পি অ’ এছ এৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল আৰু ভাৰত, বাংলাদেশ আৰু শ্ৰীলংকাৰ এঘাৰটা সংগঠনে ইয়াত অংশগ্ৰহণ কৰিছিল।

 সেই সময়ছোৱাত মাওপন্থী দল-সংগঠনবোৰে মাও জে ডঙে এছিয়া, আফ্ৰিকা আৰু লাতিন আমেৰিকা বিদ্ৰোহৰ সাৰুৱা ভূমি বুলি কোৱা কথাষাৰৰ যথাৰ্থতা বৰ্ণনা কৰিছিল। আৰু কৈছিল যে এই নীতি দক্ষিণ এছিয়াৰ ক্ষেত্ৰতো প্ৰযোজ্য। এই সংগঠনবোৰে দাবী কৰিছিল যে গোটেই দক্ষিণ এছিয়াৰ নব্য শাসন ব্যৱস্থাই ঔপনিৱেশিক ৰূপ পৰিগ্ৰহ কৰিছে, জনতাৰ ওপৰত চলোৱা শোষণে অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত এক অৰ্ধ-ঔপনিৱেশিক, অৰ্ধ-সামন্তবাদী অৱস্থালৈ লৈ গৈছিল। চি চি অ’ এম পি অ’ এছ এৰ এই সংগঠনসমূহ মূলতঃ মাৰ্ক্সবাদী, লেনিনবাদী আৰু মাওবাদী আদৰ্শৰ ওপৰত ভিত্তি কৰি ঐক্যবদ্ধ হৈছিল।

 নক্সালাইটৰ প্ৰবল প্ৰভাৱ থকা অন্ধ্ৰপ্ৰদেশৰ কৰিমনগৰ জিলাৰ ৰায়াকল আৰু মল্লাপুৰৰ দৰে ভিতৰুৱা গাঁওবোৰত হঠাৎ বিদ্ৰোহী কাৰ্যকলাপ বাঢ়ি অহাত চোৰাংচোৱা সংস্থাক তথা প্ৰশাসনে চি চি অ’ এম পি অ’ এছ এ খোপনি পোতা বুলি সন্দেহ কৰিছিল।

 নেপালৰ ৰাজনৈতিক ভূগোলৰ স্থানসমূহ সম্পূৰ্ণৰূপে বুজি উঠি, মাওবাদী বিদ্ৰোহীৰ দ্ৰুত উত্থান প্ৰত্যক্ষ কৰি পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আয়ে সহায়ৰ প্ৰস্তাৱ লৈ কট্টৰ কমিউনিষ্ট সংগঠনটোক সাক্ষাৎ কৰিছিল।

 আই এছ আয়ে মাওবাদীসকলৰ সমৰ্থন আদায় কৰিবলৈ চেষ্টা চলোৱাটো তেনেই স্বাভাৱিক, কাৰণ যিহেতু পাকিস্তান চোৰাংচোৱা সংস্থাটোৱে দীৰ্ঘদিনৰ পৰা ভাৰতবিৰোধী [ ৯৬ ] কাৰ্যকলাপ চলোৱাৰ বাবে নেপালৰ ভূখণ্ড ব্যৱহাৰ কৰি আহিছে। ইয়াৰ উপৰি, আদৰ্শগত কাৰণত নেপালৰ মাওবাদীসকলে ভাৰত চৰকাৰৰ সমালোচনা কৰি আহিছিল। প্ৰচণ্ডৰ ভাষাত—

‘তেওঁলোকে পোনপোটীয়াকৈ প্ৰস্তাৱ দিয়া নাছিল। আই এছ আয়ে
আমাৰ পৰা জানিব বিচাৰিছিল আমাক কিবা সহায় লাগিব নেকি?
বিশেষকৈ নেপালৰ বাহিৰত। কিন্তু আমি দৃঢ়তাৰে তেওঁলোকৰ প্ৰস্তাৱ
নাকচ কৰিছিলোঁ, কাৰণ আমি নিজস্বভাৱে আমাৰ সংগ্ৰাম চলাই নিব
বিচাৰিছিলোঁ। আমি বুজি পাইছিলোঁ এবাৰ বাহিৰৰ সমৰ্থনৰ ওপৰত
নিৰ্ভৰশীল হ’লে, আমাৰ সংগ্ৰামে ইয়াৰ বিশুদ্ধতা হেৰুৱাব।’

 আই এছ আয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠনবোৰক অসমত কুটাঘাতমূলক কাৰ্যকলাপ চলোৱাৰ বাবে ব্যৱহাৰ কৰি আহিছে। চোৰাংচোৱা সংস্থাটোৱে আলফা আৰু এন ডি এফ বিৰ সদস্যসকলক শক্তিশালী বোমা নিৰ্মাণৰ প্ৰশিক্ষণ দি আহিছে৷ ইয়াৰ উপৰি ভাৰতৰ সীমান্তৰ ৰাজ্য বিহাৰ আৰু উত্তৰ প্ৰদেশত নেপালৰ মাজেৰে জালনোটৰ প্ৰচলন ঘটোৱাৰ লগত আই এছ আই জড়িত থকাৰ অভিযোগ আছে।

 বিদ্ৰোহৰ তীব্ৰতা বৃদ্ধি পোৱাৰ লগে লগে, মাওবাদী বিদ্ৰোহী সংগঠনটোৱে বিশ্বৰ চুকে-কোণে জনযুদ্ধৰ বাতৰি বিয়পাই দিয়াৰ উদ্দেশ্যে এটি ৱেবছাইট মুকলি কৰাৰ প্ৰয়োজন অনুভৱ কৰে। খুব কম সময়ৰ ভিতৰতে কিছুমান সমভাবাপন্ন সংগঠন আৰু একাংশ ইউৰোপত থকা প্ৰবাসী নেপালীৰ সহযোগত www.cpnm.org নামব ৱেবছাইটটো মুকলি কৰে।

 আৰম্ভণিতে, নেপালী চৰকাৰখনে বিশ্বাস কৰিবলৈ টান পাইছিল যে আওহতীয়া আৰু ভিতৰুৱা ঠাইবোৰত বিদ্ৰোহী কাৰ্যকলাপ চলাই থকা সংগঠনটোৱে চাইবাৰ জগতলৈও বিদ্ৰোহৰ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে এটি ৱেবছাইট মুকলি কৰিবলৈ সক্ষম হ'ব।

 ৱেবছাইটটো মুকলি কৰাৰ লগে লগেই চৰকাৰে নেপালী ইণ্টাৰনেট সেৱা যোগানকাৰী সংস্থাবোৰক ৱেবছাইটটো বন্ধ কৰি দিবলৈ কঠোৰ নিৰ্দেশ দিয়ে। কিন্তু ৱেবছাইটটো বন্ধ নোহোৱাত নেপালৰ মাওবাদী আন্দোলনৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা সমগ্ৰ বিশ্বতে বিয়পি পৰে। অৱশ্যে মাওবাদীসকলে জনযুদ্ধৰ সময়ছোৱাত তেওঁলোকৰ ৰাজনৈতিক তথা অভিযানৰ কাম-কাজত কেতিয়াও বাহিৰৰ যোগাযোগৰ ওপৰত নিৰ্ভৰ কৰা নাছিল। ভাৰতৰ লগত যি যোগাযোগ গঢ়ি তোলা হৈছিল সেয়া কেৱল মুক্ত বিচৰণ, আশ্ৰয় তথা চিকিৎসাৰ বাবে ব্যৱহাৰ কৰিছিল। [ ৯৭ ]

১৩

সংবাদ মাধ্যমক পূৰ্ণ ৰূপত ব্যৱহাৰ

 একবিংশ শতিকাত দীৰ্ঘদিন ধৰি সশস্ত্ৰ সংগ্ৰাম এটা চলাই নিয়াটো ইমান সহজ কাম নহয়, কাৰণ ই নিশ্চিতভাৱে বিভিন্ন পক্ষৰ বিশেষকৈ পশ্চিমৰ বিশ্বৰ দ্বাৰা বেয়াকৈ সমালোচিত হয়। তদুপৰি কাঠমাণ্ডুত অৱস্থিত অধিকাংশ মূলসুঁতিৰ সংবাদ মাধ্যমে মাওবাদী দলৰ আৰু ‘পিপুলছ্ লিবাৰেশ্যন আৰ্মি’ (পি এল এ)ৰ কাম-কাজক সমালোচনা কৰি আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ কাম-কাজসমূহক ৰাইজৰ আগত দাঙি ধৰি জনসাধাৰণৰ মাজত এটা উজ্জ্বল ভাবমূৰ্তি গঢ়ি তোলাটো খুবেই প্ৰয়োজনীয় হৈছিল।

 সেয়ে মাওবাদী দলটোৰ সংবাদ পৰিচালকসকলে ইনফৰ্মেশ্যন ছুপাৰ হাইৱে ব্যৱহাৰ কৰিছিল সংগঠনটোৰ বিবৃতি তথা অন্যান্য কাম-কাজৰ তথ্যবোৰ যাতে লগে লগে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বাতৰি কাকত, টেলিভিছন চেনেল আৰু ৰেডিঅ’ ষ্টেশ্যনসমূহৰ হাতত পৰে।

 সংগঠনৰ ভাবমূৰ্তি গঢ়ি তোলাৰ এই পদক্ষেপৰ ক্ষেত্ৰত মূল দায়িত্ব দিয়া হৈছিল নেপালীত প্ৰকাশিত কট্টৰপন্থী সাপ্তাহিক কাকত ‘জনাদেশ’ক। সৰোজ পিয়াকুৰেলৰ সম্পাদনাত ১৯৯১ চনৰ পৰা এই সাপ্তাহিক কাকতখনৰ প্ৰকাশ আৰম্ভ হয়। এই [ ৯৮ ]

জনযুদ্ধৰ আৰম্ভণিৰ সময়ছোৱাত নেপালৰ পৰা প্ৰকাশিত বিপ্লৱী বাতৰি কাকত

[ ৯৯ ] কাকতখনে বিশ্বৰ বিভিন্ন প্ৰান্তৰ শ্ৰমজীৱী মানুহৰ সংগ্ৰামৰ নানাধৰণৰ প্ৰবন্ধ-নিবন্ধ

প্ৰকাশ কৰিছিল। চি পি এন (মাওবাদী) এটা কট্টৰপন্থী কমিউনিষ্ট সংগঠন হিচাপে গঢ় লোৱাত এই কাকতখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কাকতখনে আনকি মাওবাদী আক্ৰমণৰ ফটোসহ চৰজমিন তদন্ত প্ৰতিবেদন প্ৰকাশ কৰিছিল।

 আৰম্ভণিৰ পৰাই প্ৰচণ্ড তথা অন্যান্য জ্যেষ্ঠ মাওবাদী নেতাসকলে ‘জনাদেশ’ত নিয়মীয়াকৈ লিখিছিল। জনযুদ্ধৰ প্ৰাক্‌ক্কালত এই লেখাবোৰৰ জৰিয়তে তেওঁলোকে মাওবাদীৰ প্ৰভাৱ থকা অঞ্চলবোৰৰ জনসাধাৰণক শিক্ষিত কৰি তুলিব বিচাৰিছিল।

 জ্যেষ্ঠ সাংবাদিক তথা ‘জনাদেশ’ৰ মুখ্য সম্পাদক কমল বৰালে কৈছিল যে প্ৰচণ্ডই সদায় বিপ্লৱী সাংবাদিকতাৰ ওপৰত আলোকপাত কৰি আহিছে। তেওঁ কৈছিল—

‘অধ্যক্ষ প্ৰচণ্ডক মই ১৯৯২ চনৰ পৰাই জানো। মই তেতিয়া পোখৰাত
আছিলোঁ। ‘স্বাভিমান' নামৰ এখন বিপ্লৱী বাতৰি কাকত সম্পাদনা
কৰিছিলোঁ। শ্ৰমজীৱী আন্দোলনৰ ওপৰত এলানি বক্তৃতা দিয়াৰ বাবে
তেওঁ তালৈ আহিছিল। তাত তেওঁ মোক নেপালৰ কমিউনিষ্ট
আন্দোলনটোক আগুৱাই নিয়াৰ বাবে প্ৰয়োজন হোৱা শক্তিশালী সংবাদ
মাধ্যমৰ গুৰুত্বৰ বিষয়ে কৈছিল।’

 কিন্তু জনযুদ্ধৰ আৰম্ভণি সময়ছোৱাত, ‘জনাদেশ’ প্ৰকাশৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল। বিশেষকৈ জৰুৰী অৱস্থাৰ সময়ত। দেশৰ বিভিন্ন প্ৰান্তৰ ভালেমান সংবাদকৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু তৎসত্ত্বেও প্ৰচণ্ডই কাকতখনৰ তিনিটা সংস্কৰণ ক্ৰমে পূব, মধ্য আৰু পশ্চিম অঞ্চলৰ পৰা প্ৰকাশ কৰাৰ পৰিকল্পনা কৰিছিল।

 জনযুদ্ধৰ ভৰপক সময়ত, কাকতখনৰ পূব সংস্কৰণটো সম্পাদনা কৰিছিল গোবিন্দ আচাৰ্যই। পূব সংস্কৰণটো মূলতঃ খোটাং, ভোজপুৰ, চলুখুম্বু, টেহৰামুখ আৰু টাপলিজাং জিলাত প্ৰচলন হৈছিল। ‘জনাদেশ’ৰ কেন্দ্ৰীয় সংস্কৰণটোৰ সম্পাদক আছিল মহেশ্বৰ দাহাল আৰু এই সংস্কৰণটো সিন্ধুলী, কাৱৰী, নোৱাকট, ধাদিং আৰু চিটৱানত বেছিকৈ বিক্ৰী হৈছিল।

 কিন্তু কেন্দ্ৰীয় অঞ্চলত আৰু কাঠমাণ্ডু উপত্যকাত ব্যাপক হাৰত নিৰাপত্তা বাহিনী মোতায়েন কৰাৰ বাবে ‘জনাদেশ’ বিক্ৰী কৰাটো বৰ কষ্টকৰ আছিল।

 সাপ্তাহিকখনৰ পশ্চিম সংস্কৰণটোৰ সম্পাদক আছিল ওম দাহাল আৰু এই সংস্কৰণটোৰ ৰ’লপা, ৰুকুম, জাজাৰকট, উটি তথা আন কেইবাখনো চুবুৰীয়া জিলাত ভালেমান পাঠক আছিল। জৰুৰী অৱস্থাৰ সময়ত তিনিওটা সংস্কৰণৰ বাতৰিয়েই ইন্টাৰনেটত উপলব্ধ হৈছিল।

 ‘জনযুদ্ধৰ সময়’ত ‘জনাদেশ’ৰ প্ৰকাশৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ বিষয়ে [ ১০০ ]

নেপালৰ বৰফাবৃত্ত অঞ্চলত ‘জনাদেশ’ বিতৰণ কৰি থকা অৱস্থাত বিদ্ৰোহী যুৱক

বৰ্ণনা কৰি জ্যেষ্ঠ সাংবাদিক মানোঋষি ধিতালে কয়—

‘জনযুদ্ধৰ সময়ত কাকতখন উলিওৱাটো সঁচাকৈয়ে বৰ কষ্টসাধ্য আছিল।
প্ৰতিটো পদক্ষেপতেই ৰিস্ক আছিল। তথাপি, আমাৰ গোটেই দলটোৰ
সেৱাৰ মনোভাৱ আৰু কঠোৰ পৰিশ্ৰমৰ কাৰণে আমি কাকতখন
ৰাইজৰ হাতত তুলি দিব পাৰিছিলোঁ। সেই সময়ত, কাকতখন পঢ়াৰ
কাৰণে সাধাৰণ মানুহক আনকি গ্ৰেপ্তাৰ কৰা হৈছিল।’

 চৰকাৰে বিপ্লৱী কাকতখনৰ প্ৰচলন বন্ধ কৰিবলৈ বিভিন্ন প্ৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছিল।

 ২০০২ চনৰ ২০ মে’ত ‘জনাদেশ’ৰ প্ৰাক্তন পৰিচালন সম্পাদক কৃষ্ণা সেনক গ্ৰেপ্তাৰ কৰা হৈছিল। কাঠমাণ্ডুৰ পুলিচ ক্লাবত তেওঁক আঠদিন ধৰি অবৰ্ণনীয় নিৰ্যাতন চলোৱা হৈছিল। ইয়াৰ ফলত আৰক্ষীৰ জিম্মাতে তেওঁৰ মৃত্যু হৈছিল। ইয়াৰ পূৰ্বেও সেনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কিন্তু উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত ২০০১ চনত তেওঁক মুকলি কৰি দিয়া হৈছিল। পেৰিছৰ ‘ৰিপ'ৰ্টাৰ চ’নচ ফ্ৰণ্টিয়াৰছ’

নামৰ সংবাদ সংস্থাটোৱে নিৰাপত্তা বাহিনীয়ে সেনক নিজৰ জিম্মাত হত্যা কৰা কাৰ্যক তীব্ৰ গৰিহণা দিছিল আৰু বিশ্বৰ বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত কৰিছিল। নেপাল চৰকাৰে সেনৰ মৃত্যুৰ বাবে কোনো প্ৰত্যয়জনক ব্যাখ্যা আগবঢ়াব পৰা নাছিল।
[ ১০১ ]
alt= কৃষ্ণ সেন

কৃষ্ণ সেন

আৰক্ষীৰ নিৰ্যাতনত সেনৰ মৃত্যু হোৱাৰ পাছত নেপালৰ আন সম্ভাৱনাময় সাংবাদিকসকলৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিছিল যদিও ইয়ে তেওঁলোকক তেওঁলোকৰ সংগ্ৰাম অব্যাহত ৰাখিবলৈ অধিক দৃঢ়তা প্ৰদান কৰিছিল।

 ইউৰোপৰ পৰা নিয়ন্ত্ৰণ কৰা ৱেবছাইট www.cpnm.org-এ প্ৰচণ্ডক বিশ্ববাসীৰ আগত দলটোৰ এক উজ্জ্বল ভাবমূৰ্তি গঢ়ি তোলাত সহায় কৰিছিল।

 বাতৰিবোৰ নেপালৰ পৰা ই-মেইল কৰি পঠিওৱা হৈছিল আৰু ৱেবছাইটটো অহৰহ ইউৰোপত ‘আপডেট’ কৰি থকা হৈছিল, কাৰণ ভাৰত বা নেপালত সেয়া কৰা সম্ভৱ নাছিল।

 প্ৰচণ্ডই উপলব্ধি কৰিছিল জনযুদ্ধৰ বাৰ্তা সাধাৰণ মানুহৰ মাজত বিয়পাই দিয়াৰ বাবে কেৱল ৱেবছাইট আৰু বাতৰি কাকতেই যথেষ্ট নহয়। গতিকে তেওঁ দেশখনত পাঁচটা এফ এম ৰেডিঅ’ খোলাৰ পৰিকল্পনা কৰিলে। কিন্তু এফ এম ৰেডিঅ’ স্থাপন কৰাৰ বাবে যথেষ্ট কাৰিকৰী জ্ঞানৰ দৰকাৰ আৰু উদং ভৰিৰ কমিউনিষ্ট সৈন্যবিলাকৰ ৰেডিঅ’ ষ্টেশ্যন চলাব পৰাকৈ সিমান দক্ষতা নাছিল। সেই সময়ত আত্মগোপন কৰি থকা (মানোঋষি) ধিতালে এফ এম ৰেডিঅ’ স্থাপনৰ অভিজ্ঞতাৰ বিষয়ে কয়—

‘আমি বাৰে বাৰে চেষ্টা কৰি ৰেডিঅ’ ষ্টেশ্যন এটা স্থাপনৰ প্ৰক্ৰিয়াটো
শিকিছিলোঁ। কামটো ইমান উজু নাছিল। কিন্তু আমাৰ কমিউনিষ্ট
কমৰেডসকলে তাক সম্ভৱ কৰি তুলিছিল। খুব কম সময়ৰ ভিতৰতে
এফ এম ৰেডিঅ' ষ্টেশ্যনকেইটাই বিপ্লৱী কাৰ্যসূচীৰ সম্প্ৰচাৰ আৰম্ভ
কৰিছিল।’

 ২০০৩ চনৰ ৯ ছেপ্টেম্বৰত প্ৰথম চাৰিটা এফ এম ষ্টেশ্যন আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। একেবাৰে পূব প্ৰান্তৰ ষ্টেশ্যনটো স্থাপন কৰা হৈছিল খোটা নামৰ ঠাইখনত। পূব দিশৰ জিলাকেইখনৰ বৃহৎসংখ্যক জনগণে ইয়াৰ কাৰ্যসূচী শুনিব পাৰিছিল। ভেলী নামৰ এফ এম ষ্টেশ্যনটো কাব্ৰেত স্থাপন কৰা হৈছিল। কাঠমাণ্ডুৰ পৰাও এই ষ্টেশ্যনটোৰ [ ১০২ ] কাৰ্যসূচী শুনিব পোৱা গৈছিল। তৃতীয়টো এফ এম ষ্টেশ্যনৰ অনুষ্ঠান প্ৰচাৰিত হৈছিল ৰ’লপা জিলাৰ থাবাং গাঁৱৰ পৰা। উল্লেখযোগ্য যে এই থাবাং গাঁও মাওবাদীসকলৰ ঘাটি। চতুৰ্থটো মাওবাদী ৰেডিঅ’ ষ্টেশ্যন আছিল ভিতৰুৱা ভেৰী কাৰমালী অঞ্চলত। ৰেডিঅ’ ষ্টেশ্যনকেইটাৰ সঁজুলিবোৰ আহিছিল পশ্চিম নেপালৰ কাঞ্চনপুৰৰ জালাৰিত অৱস্থিত চৰকাৰী ৰেডিঅ’ ষ্টেশ্যন ৰেডিঅ’ নেপালৰ পৰা। পি এল এ যোদ্ধাসকলে সেইবোৰ তাৰ পৰা লুট কৰি আনিছিল।

 ১৭ নৱেম্বৰত পঞ্চমটো ৰেডিঅ’ ষ্টেশ্যন এচহামত স্থাপন কৰা হৈছিল। এচহাম এফ এম ৰেডিঅ’ ষ্টেশ্যনটোৰ পৰা অনুষ্ঠান আৰম্ভ হৈছিল ৰাছিয়াৰ অক্টোবৰ বিপ্লৱৰ বিষয়ে অধ্যক্ষ প্ৰচণ্ডই দিয়া এটা বক্তৃতাৰে। ভাষণত তেওঁ সশস্ত্ৰ শ্ৰমজীৱী লোকৰ আন্দোলনত বিপ্লৱী সামূহিক ৰেডিঅ’ৰ গুৰুত্বৰ বিষয়ে কৈছিল। তেওঁ লগতে বিপ্লৱী সাংবাদিকসকলক সাহসী হ’বলৈ আহ্বান জনাইছিল আৰু জনযুদ্ধৰ সকলো খবৰ জনসাধাৰণৰ আগত দাঙি ধৰিবলৈ আহ্বান জনাইছিল।

 প্ৰচণ্ডই পাঁচোটা এফ এম ৰেডিঅ’ ষ্টেশ্যনকে জনগণৰ ৰেডিঅ’ কৰি তুলিছিল। খুব কম সময়ৰ ভিতৰতে আটাইকেইটা ষ্টেশ্যনেই মাওবাদী অধ্যুষিত জিলাবোৰৰ জনসাধাৰণৰ মাজত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল। মাওবাদী পৰিচালিত এই এফ এম ৰেডিঅ’কেইটাত কেতবোৰ নিয়মো প্ৰৱৰ্তন কৰা হৈছিল।

 ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহৰ মাজভাগত ৰজা জ্ঞানেন্দ্ৰই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত ৰ’লপা জিলাৰ থাবাঙত থকা ৰেডিঅ’ ষ্টেশ্যনটো ৰুকুমলৈ স্থানান্তৰ কৰে। ৰুকুমলৈ স্থানান্তৰ কৰাৰ দুসপ্তাহ পাছতহে ষ্টেশ্যনটোৰ প্ৰচাৰ আৰম্ভ হয়, কাৰণ সঁজুলিবোৰ স্থাপন কৰোঁতে সময়ৰ প্ৰয়োজন হৈছিল। সেই সময়ত ৰেডিঅ'ত প্ৰচাৰিত বেছিভাগ বাতৰিয়েই আছিল নিৰাপত্তা বাহিনী আৰু পি এল এৰ মাজৰ সংঘৰ্ষ সম্পৰ্কীয়।

 ৰেডিঅ’ ইউনিটটো ৰুকুমত পুনৰ স্থাপন কৰাত বিশেষভাৱে সহায় কৰা সাংবাদিক কিশোৰ পানাথিয়ে কয়—

‘১১ এপ্ৰিলত পি এল এ সৈনিকসকলে যেতিয়া ৰুকুমৰ খাৰাত আৰ
এন এ বেটেলিয়ন আৰু সশস্ত্ৰ আৰক্ষী বাহিনীৰ শিবিৰত আক্ৰমণ
চলাইছিল তেতিয়া আমাৰ ৰেডিঅ’ ষ্টেশ্যনটোৰ প্ৰচাৰ আৰম্ভ হৈছিল।
আমাৰ ৰেডিঅ' ষ্টেশ্যনটো খাৰাৰ পৰা বেছি দূৰত নাছিল। সেয়ে
ৰেডিঅ’ জনগণতন্ত্ৰই খাৰা সংঘৰ্ষৰ পোনপটীয়া সম্প্ৰচাৰ কৰিছিল।
কামটো যথেষ্ট প্ৰত্যাহ্বানমূলক আছিল আৰু এই কামটো আমাৰ টিমৰ
সদস্য শচীন ৰোক্কাই সম্পাদন কৰিছিল।’

 আমোদজনক কথাটো হ'ল আৰক্ষীয়ে তেওঁলোকৰ মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰা [ ১০৩ ] প্ৰতিটো বেতাৰ বাৰ্তা ৰেডিঅ’ জনগণতন্ত্ৰৰ ম’বাইল ৰিচিভাৰে ধৰা পেলাইছিল। ৰেডিঅ’ জনগণতন্ত্ৰই ধৰা পেলোৱা আৰক্ষীৰ এটি বেতাৰ বাৰ্তাৰ বিষয়ে পানাথিয়ে কয়—

‘ছাৰ, সন্ত্ৰাসবাদীসকলে যুদ্ধলৈ ৰেডিতা’ ষ্টেশ্যনটো লৈ আহিছে। ছাৰ,
তেওঁলোকে কাইলৈ আকৌ আহিম বুলি কৈ আজি প্ৰচাৰ বন্ধ কৰিছে।’

 খাৰা সামৰিক শিবিৰত চলোৱা আক্ৰমণ ব্যৰ্থ হৈছিল। অৱশ্যে বিপ্লৱী এফ এম ৰেডিঅ' ষ্টেশ্যনটোৱে এই আক্ৰমণ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰাৰ সুযোগ পাইছিল। তাকো ৰুকুমৰ দৰে এখন ভিতৰুৱা জিলাৰ পৰা।

 তাৰ মাজতে মাওবাদীসকলৰ নিউজ প’ৰটেল www.krishnasenonline.org আৰম্ভ হৈছিল। আৰু ই মিনিটে মিনিটে যুদ্ধৰ সবিশেষ বাতৰি নেপালৰ জনসাধাৰণক দি আছিল।

 ২০০৩ চনৰ ২৭ আগষ্টত মাওবাদীসকলে শান্তি প্ৰক্ৰিয়াৰ পৰা আনুষ্ঠানিকভাৱে আঁতৰি অহাৰ পাছত, ভালেসংখ্যক সাংবাদিক সংগঠনটোৰ বাতৰি সংগ্ৰহত সহায় কৰাৰ কাৰণে আত্মগোপন কৰিবলগা হৈছিল। বহুকেইজন বিপ্লৱী সাংবাদিকে দেশৰ বিভিন্ন ঠাইৰ শৰা কৈলালি আৰু এচহাম জিলাত লগ লাগিছিল। এই বিষয়ে ধিতালে কয়—

‘সেই সময়ছোৱাত আমি বহুতো অভিজ্ঞতা লাভ কৰিছিলোঁ। পশ্চিম
নেপালৰ কালিকটা নামৰ ভিতৰুৱা ঠাইখনৰ সংগঠনটোৱে ১৭ ভি ডি
চি নিৰ্বাচন অনুষ্ঠিত কৰিছিল। সেয়া সম্পূৰ্ণ বেলেগ ধৰণৰ নিৰ্বাচন
আছিল। মূলসুঁতিৰ ৰাজনৈতিক দলকে ধৰি প্ৰায় সকলো ৰাজনৈতিক
দলৰ সদস্যই ইয়াত অংশগ্ৰহণ কৰিছিল।’

 মাওবাদীসকলে অনুষ্ঠিত কৰা এই নিৰ্বাচনৰ বাতৰি সাপ্তাহিক ‘জনাদেশ‘ত বিস্তৃতভাৱে প্ৰকাশ পোৱাৰ লগতে ৰেডিঅ’ জনগণতন্ত্ৰই ব্যাপকভাৱে প্ৰচাৰ কৰিছিল।

 অধ্যক্ষ প্ৰচণ্ডৰ ইচ্ছা আৰু উৎসাহত বিপ্লৱী সাংবাদিকসকলে নিয়মীয়াকৈ ডাইলেক আৰু জাজাৰকটত প্ৰশিক্ষণ লৈছিল। জনযুদ্ধৰ সময়ছোৱাত, কাৰণালিৰ লালকুঞ্জত ভালেমান সাংবাদিক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছিল। এই প্ৰশিক্ষণ কাৰ্যসূচীত ৰেডিঅ’ জনগণতন্ত্ৰৰ সাংবাদিকসকল নিয়মিতভাৱে উপস্থিত আছিল। ‘জনাদেশ’ৰ মুখ্য সম্পাদক বৰালে অধ্যক্ষ প্ৰচণ্ডক কেইবাবাৰো লগ পাইছিল। এই বিষয়ে তেওঁ কয়—

 ‘প্ৰতিবাৰেই তেওঁ (প্ৰচণ্ডই) আমাক যুদ্ধৰ সঠিক বাতৰি প্ৰকাশ কৰিবলৈ উৎসাহ দিছিল। তেওঁ কৈছিল যে ই নেপালৰ ৰাজনৈতিক ইতিহাস সলনি কৰি পেলাব। তৰুণ [ ১০৪ ] সাংবাদিকসকলক সঠিকভাৱে প্ৰশিক্ষণ দিয়াৰ কথা তেওঁ আমাক সদায় কৈছিল।’

 বিদ্ৰোহৰ বাতৰি ইণ্টাৰনেট, এফ এম ৰেডিঅ’ আৰু বাতৰি কাকতযোগে প্ৰচাৰ কৰি ৰোমাঞ্চিত হৈ থকা প্ৰচণ্ডই বিপ্লৱী সাংবাদিকসকলক বাতৰিৰ প্ৰচাৰ আৰু অধিক ব্যাপক কৰি তুলিবলৈ আহ্বান কৰিছিল। পি এল এ যোদ্ধাসকলে পূবৰ পৰা পশ্চিমলৈ ধাৱমান হৈ থকাৰ সময়তে মাওবাদী প্ৰধানজনে এটা টেলিভিছন চেনেলো আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল।

 টেলিভিছনৰ তথ্যচিত্ৰ নিৰ্মাণৰ বিষয়ে শিকিবলৈ সাংবাদিকৰ এটি সৰু দল কাণপুৰলৈ গৈছিল৷ তথ্যচিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ দিয়াৰ বাবে কিছুসংখ্যক ভিডিঅ’ টেকনিচিয়ানকো নিমন্ত্ৰণ কৰা হৈছিল। তথ্যচিত্ৰ নিৰ্মাণৰ প্ৰথম প্ৰচেষ্টা হিচাপে ‘চেটি মহাকালীৰ গৰ্জন’ আৰু ‘প্ৰত্যাক্ৰমণ’ নামৰ দুখন তথ্যচিত্ৰ উলিওৱা হৈছিল। দুয়োখন তথ্যচিত্ৰৰে বিষয়বস্তু আছিল পশ্চিম নেপালৰ যুদ্ধ।

 ২০০৫ চনৰ ১৮ এপ্ৰিলৰ পৰা ২০ এপ্ৰিললৈ তিনিদিন ধৰি যেতিয়া পি এল এ যোদ্ধাসকলৰ এটি বৃহৎ দল পালপা জিলাৰ আৰ্গলী গাঁৱত বাহৰ পাতি আছিল, গাঁওখনৰ তিনিশতকৈ অধিক পৰিয়ালে জনগণতন্ত্ৰ টেলিভিছনত প্ৰথমবাৰৰ বাবে কাৰ্যসূচী চাইছিল। খুব কম সময়ৰ ভিতৰতে বেনী যুদ্ধ আৰু আচহামৰ জনতাৰ সমদলৰ বিষয়েও তথ্যচিত্ৰ দেখুওৱা হৈছিল। কেৱল অপাৰেটৰসকলে নেপাল টেলিভিছনৰ সন্ধিয়াৰ বাতৰিটো বন্ধ কৰি মাওবাদী চেনেলটোৰ এই কাৰ্যসূচীটো প্ৰচাৰ কৰিছিল।

 মাওবাদী নেতাজনে খুব সোনকালে অনুভৱ কৰিছিল যে টেলিভিছনৰ কাৰ্যসূচীয়ে ফল ধৰিছে। কাৰণ টেলিভিছনৰ সেই কাৰ্যসূচীবোৰ চোৱাৰ পাছত শ শ মানুহ মাওবাদীৰ সভাত উপস্থিত থাকিবলৈ আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত, টেলিভিছনৰ কাৰ্যসূচীবোৰ পিউথান জিলাৰ ভালেকেইখন গাঁৱত প্ৰচাৰ কৰা হৈছিল। মাওবাদী টেলিভিছনৰ আটাইতকৈ সফল কাৰ্যসূচীটো আছিল ‘মুক্তিযাত্ৰা’। যিটো কাৰ্যসূচী পূব ডেঙত ৪৫ দিনতকৈও অধিক প্ৰচাৰ কৰা হৈছিল। [ ১০৫ ]

১৪

কৌশলগত অৱস্থান

 থাপা চৰকাৰৰ লগত আলোচনা বিফল হোৱাৰ পাছত প্ৰচণ্ড তথা কমিউনিষ্ট পাৰ্টি অৱ নেপাল (মাওৱিষ্ট)ৰ অন্যান্য জ্যেষ্ঠ সদস্যসকলে তেওঁলোকৰ দলৰ ৰণকৌশল সলনি কৰাৰ সিদ্ধান্ত লৈছিল। পৰৱৰ্তী পদক্ষেপ সম্পৰ্কে চিন্তা-চৰ্চা কৰি থাকোঁতে, দলৰ জ্যেষ্ঠ নেতা তথা পলিটব্যুৰোৰ সদস্য চি পি গুজৰালক ২০০৩ চনৰ ২০ আগষ্টত ভাৰতৰ চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত বিমানেৰে ইউৰোপলৈ যাবলৈ চেষ্টা কৰোঁতে নিৰাপত্তা বাহিনীয়ে গ্ৰেপ্তাৰ কৰে।

 ইয়াতকৈ অধিক বেয়া খবৰে তেওঁলোকৰ বাবে বাট চাই আছিল। ২০০৪ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত মাওবাদীসকল বৃহৎ আঘাতৰ সন্মুখীন হয়। ৮০ জনতকৈ অধিক মাওবাদী সদস্যই বিভিন্ন ঠাইত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত প্ৰাণ হেৰুৱাব লগা হয়। আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থাবিলাকেও যথেষ্টসংখ্যক সাধাৰণ মানুহ আৰু চৰকাৰী বিষয়া-কৰ্মচাৰীক অপহৰণ কৰাৰ বাবে মাওবাদীৰ ওপৰত খৰ্গহস্ত হৈ পৰে। দলৰ ভাবমূৰ্তি পুনৰুদ্ধাৰৰ প্ৰচেষ্টা হিচাপে অধ্যক্ষ প্ৰচণ্ডই ১৫ মাৰ্চত এটা বিবৃতি জাৰি কৰে। বিবৃতিটো আছিল—

 ‘মানৱ অধিকাৰ আয়োগ আৰু জেনেভা সন্মিলনৰ নীতিৰ প্ৰতি আমাৰ [ ১০৬ ]

দলে জনযুদ্ধ আৰম্ভ হোৱাৰ পৰাই দায়বদ্ধতা প্ৰদৰ্শন কৰি আহিছে।
নিৰপেক্ষভাৱে বিচাৰ কৰি চালে যিকোনো ব্যক্তিয়ে দেখিব যে আমাৰ
পি এল এ যোদ্ধাসকলে সংঘৰ্ষত আহত লোকসকলৰ প্ৰতি শ্ৰদ্ধাপূৰ্ণ
ব্যৱহাৰ প্ৰদৰ্শন কৰি আহিছে আৰু যুদ্ধবন্দীসকলক ভাল অৱস্থাত
মুকলি কৰি দিছে। আমাৰ দলে কেৱল যুদ্ধৰ ক্ষেত্ৰত জেনেভা সন্মিলনৰ
প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰি অহাই নহয়, লগতে মানৱ অধিকাৰৰ
ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় ঘোষণালৈও দায়বদ্ধতা প্ৰদৰ্শন কৰি আহিছে।’

 সেই সময়তে দলৰ কেন্দ্ৰীয় সমিতিয়ে নতুন সামৰিক কৌশলৰ বিষয়ে চিন্তা-চৰ্চা কৰিছিল আৰু পৰৱৰ্তী সময়ত পি এল এ যোদ্ধাসকলক অন্য এক বৃহৎ আক্ৰমণৰ বাবে সাজু হোৱাৰ বাবে শীঘ্ৰে ৰ’লপাৰ থাবাং অঞ্চললৈ যাবলৈ নিৰ্দেশ দিয়া হৈছিল। এই আক্ৰমণৰ দায়িত্ব দিয়া হৈছিল পি এল এৰ পশ্চিম কামাণ্ডক।

 মংগলসেন, ঘোৰাই-সাতবাৰিয়া, লিজনি-গাম আৰু বসু মেম’ৰিয়েলৰ পি এল এ সদস্যসকল ৮ মাৰ্চৰ আগে আগে থাৱাঙত উপস্থিত হৈছিল। সৈনিকসকলে প্ৰতিদিনে কঠোৰ অনুশীলন কৰিছিল। প্ৰতিগৰাকী যোদ্ধাক এক বৃহৎ আক্ৰমণৰ বাবে সাজু হ’বলৈ কোৱা হৈছিল। সম্ভৱতঃ জনযুদ্ধৰ ইতিহাসত এয়া সৰ্ববৃহৎ আক্ৰমণ।

 দলটোৰ প্ৰতিগৰাকী যোদ্ধাই এই আক্ৰমণটোক লৈ উৎসুক হৈ আছিল, কাৰণ

পি এল এৰ সামৰিক উপদেষ্টা প্ৰভাত আৰু অগ্নি, ৰ’লপাত

[ ১০৭ ]

পি এল এ কামাণ্ডাৰ পাচাং আৰু বিপ্লৱ

তেওঁলোকক আক্ৰমণটোৰ লক্ষ্য সম্পৰ্কে একো কোৱা হোৱা নাছিল। জ্যেষ্ঠ কামাণ্ডাৰ দিবাকৰক আক্ৰমণৰ পৰিকল্পনাটো কাৰ্যকৰী কৰিবলৈ দায়িত্ব দিয়া হৈছিল। সম্ভৱতঃ গোটেই পৰিকল্পনাটো অধ্যক্ষ প্ৰচণ্ডই প্ৰস্তুত কৰিছিল।

 ৮ মাৰ্চৰ পৰা ১১ মাৰ্চৰ ভিতৰত পি এল এ কামাণ্ডাৰ দিবাকৰ আৰু পাচাঙে আক্ৰমণটো কিদৰে কৰা হ’ব তাৰ অধ্যয়ন কৰাৰ বাবে এটি আৰ্হি প্ৰস্তুত কৰি দুই উপদেষ্টা অগ্নি আৰু প্ৰভাতৰ লগত ৰণকৌশল প্ৰস্তুত কৰিছিল। দুয়োগৰাকী পি এল এ উপদেষ্টাই আছিল ভাৰতীয় সেনাৰ প্ৰাক্তন সৈনিক। এনেধৰণৰ অভিযান চলোৱাত দুয়োৰে দীৰ্ঘদিনীয়া অভিজ্ঞতা আছিল।

 ১২ মাৰ্চত বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত পি এল এ সদস্যসকলে পূবদিশে তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰিছিল। পি এল এ দলটো প্ৰকাণ্ড আছিল আৰু তাত প্ৰায় তিনি হেজাৰ যোদ্ধা আছিল। দলটো পৰিচালনাৰ সকলো দিশ— সৈনিক, বয়বস্তু আৰু খাদ্য সকলোতে চকু দিয়া হৈছিল। ভালেমান বিপ্লৱী সাংবাদিকো দলটোত আছিল। লগতে ওচৰৰ গাঁওবোৰৰ প্ৰায় ১২০০ স্বেচ্ছাসেৱকো দলটোত চামিল হৈছিল।

 ৰ’লপাৰ পৰা পি এল এ যোদ্ধাসকলে ৰুকুম হৈ বাগলুঙলৈ ৰাওনা হৈছিল। সেই যাত্ৰা অত্যন্ত বিপদসংকুল আছিল। তথাপি ১৯ মাৰ্চত দলটো গৈ মিয়াগদি জিলাৰ জলজলাত উপস্থিত হৈছিল। বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ লৈ এইদৰে ইমান সংখ্যক সৈনিক পদব্ৰজে আগবাঢ়ি যোৱাটো অত্যন্ত দুৰূহ কাৰ্য আছিল। গোটেই পথছোৱাত [ ১০৮ ]

আক্ৰমণৰ পৰিকল্পনাৰে পি এল এ উপদেষ্টাই বালিৰে প্ৰস্তুত কৰা বেনী বজাৰৰ আৰ্হি

ছেটেলাইট ফোনকে ধৰি পি এল এৰ বিভিন্ন যোগাযোগৰ আহিলা

অভিযানটোৰ কামাণ্ডাৰ পাচাঙে ৰ'লপাৰ মুখ্য কাৰ্যালয়ত থকা অধ্যক্ষ প্ৰচণ্ডৰ লগত ফোনেৰে অহৰহ যোগাযোগ কৰি আছিল।

 মিয়াগদি জিলাৰ সদৰ বেনীত উপস্থিত হোৱাৰ পূৰ্বে, পাচাঙে শেষবাৰৰ বাবে দলটোৰ কামাণ্ডাৰসকলক অভিযানটোৰ বিষয়ে বুজাই দিছিল। সকলো কথা পৰিকল্পনা অনুসৰি আগবাঢ়িছিল। ২০ মাৰ্চৰ ৰাতিপুৱা ১১ বজাত পি এল এ যোদ্ধাসকলে ৮১ এম এম মৰ্টাৰ বৰ্ষণ আৰম্ভ কৰে। আক্ৰমণটোৰ বৰ্ণনা দি মাওবাদী বিদ্ৰোহীসকলৰ [ ১০৯ ] লগত থকা ‘জনাদেশ’ৰ সাংবাদিক ধিতালে কয়—

‘প্ৰথম যেতিয়া পাহাৰৰ ওপৰৰ পৰা মৰ্টাৰ বৰ্ষণ আৰম্ভ কৰা হৈছিল
তেতিয়া কেওপিনে ঘোৰ অন্ধকাৰ। মৰ্টাৰৰ চে’ল গৈ ৰয়েল নেপাল
আৰ্মিৰ শিবিৰৰ ভিতৰত পৰাৰ লগে লগে আমাৰ সৈনিকসকলে
মেচিন গানেৰে আক্ৰমণ আৰম্ভ কৰিছিল। সিহঁতেও লগে লগে গুলীৰে
প্ৰত্যুত্তৰ দিছিল।’

 কমিউনিষ্ট গেৰিলা আৰু ৰয়েল নেপাল আৰ্মিৰ মাজত গোটেই ৰাতি গুলীয়াগুলী চলিছিল আৰু মাওবাদী সৈনিকসকলে শিবিৰটোৰ ফালে চোঁচা লৈছিল৷ পিছদিনা পুৱা দহ বজালৈকে গুলীয়াগুলী চলিছিল।

 এই সংঘৰ্ষত ৫০০ পি এল এ সৈনিক নিহত হোৱা আৰু ভালেমান আহত হোৱা বুলি আৰ এন এই দাবী কৰিছিল। আনহাতে, মাওবাদী কামাণ্ডাৰ কমৰেড বিপ্লৱ আৰু কামাণ্ডাৰ পাচাঙে এক বিবৃতিত ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি দাঙি ধৰিছিল। মাওবাদীসকলে ১২৫জন আৰ এন এ সৈন্য আৰু ২৬জন আৰক্ষী নিহত হোৱা বুলি দাবী কৰিছিল। তেওঁলোকে লগতে প্ৰকাশ কৰিছিল যে আৰ এন এৰ কালীপ্ৰসাদ বেৰেক আৰু জিলা আৰক্ষী প্ৰশাসনৰ কাৰ্যালয় আৰু জিলা প্ৰশাসনৰ কাৰ্যালয় এই আক্ৰমণত ধ্বংস হৈছিল। বিবৃতিটোত কোৱা হৈছিল—

বেনীলৈ যাত্ৰা কৰাৰ পূৰ্বে কেডাৰসকলৰ সন্মুখত ভাষণ দি থকা
অৱস্থাত পি এল এৰ কমাণ্ডাৰ পাচাং

[ ১১০ ]

দুৰ্গম পথেৰে পি এল এ সৈনিকৰ বেনীলৈ যাত্ৰা

পি এল এৰ আক্ৰমণত জ্বলি উঠিছে বেনী

[ ১১১ ]

পণবন্দী মুখ্য জিলা বিষয়া সাগৰমণি পৰাজুলি সাক্ষাৎকাৰ গ্ৰহণ কৰি থকা
অৱস্থাত এগৰাকী বিপ্লৱী সাংবাদিক

‘সেই অভিযানত তিনিটা এল এম জি, এটা ২ ইঞ্চি মৰ্টাৰ, ১৪টা
ইনচাচ ৰাইফল, ৩৫টা এচ এল আৰ, ৬৫টা পইণ্ট ৩০৩ ৰাইফল,
সাতটা এছ এম জি আৰু চাৰিটা পিষ্টল জব্দ কৰা হৈছিল। ইয়াৰ
বাহিৰেও ৫০,০০০ বুলেট আৰু কেইবাজনো মৰ্টাৰ চে’ল জব্দ কৰা
হৈছিল।’

 আক্ৰমণৰ পাছত আৰ এন এ জোৱান, আৰক্ষী কনিষ্টবল, মুখ্য জিলা বিষয়া সাগৰমণি পৰাজুলি, উপ-আৰক্ষী অধীক্ষক ৰাণা বাহাদুৰ গৌতমকে ধৰি ৩৩গৰাকী ব্যক্তিক বন্দী কৰা হৈছিল। জেনেভা সন্মিলনৰ ঘোষণা অনুসৰি এই বন্দীসকলক ব্যৱহাৰ কৰা বুলি মাওবাদীয়ে দাবী কৰিছিল।

‘মই মুখ্য জিলা বিষয়া আৰু আৰক্ষী বিষয়াজনৰ সাক্ষাৎকাৰ লৈছিলোঁ।
আৰু সাক্ষাৎকাৰটো ৰেডিঅ’ত প্ৰচাৰ কৰাৰ বাবে মই পাহাৰীয়া দুৰ্গম
ৰাস্তাটোৰে কপিলাবস্তুলৈ আহিছিলোঁ। দশকজোৰা জনযুদ্ধৰ এইখনেই
আছিল মই দেখা আটাইতকৈ ডাঙৰ যুদ্ধ।’ ধিতালে কয়।

 মাওবাদীসকলে চৰকাৰে গ্ৰেপ্তাৰ কৰা দলৰ জ্যেষ্ঠ নেতা মাট্ৰিকা যাদৱ, সুৰেশ এল মগৰ আৰু তিলক শৰ্মাৰ মুক্তিৰ বিনিময়ত তেওঁলোকে বন্দী কৰা ৩৩গৰাকী ব্যক্তিক মুকলি কৰি দিয়াৰ প্ৰস্তাৱ দিছিল। এমনেষ্টি ইণ্টাৰনেশ্যনেলকে ধৰি ভালেকেইটা [ ১১২ ] মানৱ অধিকাৰ সংগঠনে বিষয়টো যথেষ্ট গুৰুত্ব সহকাৰে লৈছিল আৰু মাওবাদীসকলে চৰকাৰী বিষয়া আৰু সাধাৰণ লোকক অপহৰণ কৰা কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰিছিল। পৰৱৰ্তী সময়ত, ৰেডক্ৰছৰ আন্তঃৰাষ্ট্ৰীয় কমিটীয়ে এই ততগৰাকী ব্যক্তিৰ মুক্তিৰ বাবে উদ্যোগ লৈছিল।

 ২১ মাৰ্চত প্ৰচণ্ডই এক বিবৃতিত অভিযানটোৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে আৰু বিষয়টোৰ ৰাজনৈতিক সমাধান নোহোৱালৈকে জনযুদ্ধ অব্যাহত থাকিব বুলি দৃঢ়তাৰে ঘোষণা কৰে।

 বিবৃতিটোত কোৱা হয়—

‘যদিও ৰয়েল নেপাল আৰ্মিয়ে বেনী যুদ্ধত তেওঁলোকৰ পৰাজয়
লুকুৱাব বিচাৰিছিল আৰু ৫০০গৰাকী পি এল এ যোদ্ধা নিহত কৰি
আক্ৰমণ ব্যৰ্থ কৰা বুলি ঘোষণা কৰি বিশ্ববাসীক বিভ্ৰান্ত কৰিব
বিচাৰিছিল, কিন্তু প্ৰকৃত সত্য এতিয়া লাহে লাহে উন্মোচিত হ’বলৈ
ধৰিছে। এই কথা নিঃসন্দেহে প্ৰমাণিত হৈছে যে যোৱা আঠ বছৰৰ এই
জনযুদ্ধত ৰয়েল নেপাল আৰ্মি লাজ লগাকৈ পৰাজিত হৈছে।
কেইবাগৰাকীও নিৰপেক্ষ সাংবাদিক আৰু পৰ্যৱেক্ষকে বেনী ভ্ৰমণ
কৰিছে আৰু পি এল এ কামাণ্ডাৰসকলে কোৱা কথাৰ সত্যতা প্ৰমাণ
কৰিছে।’

 কটকটীয়া নিৰাপত্তাৰে পৰিৱেষ্টিত জিলা সদৰত চলোৱা আক্ৰমণক এক সফল সামৰিক অভিযান বুলি বৰ্ণনা কৰি, প্ৰচণ্ডই দাবী কৰে যে এই অভিযানে আমেৰিকা, ভাৰত আদিকে ধৰি অন্যান্য বিদেশী শক্তিৰ পৰা প্ৰশিক্ষণ আৰু অস্ত্ৰ-শস্ত্ৰ লাভ কৰা আৰ এন এক দুৰ্দমনীয় শক্তি বুলি যি আখ্যানৰ প্ৰচলন আছিল তাক উৰুৱাই দিলে।

 কিন্তু প্ৰচণ্ডৰ এই বিবৃতিটোৰ দুদিন পাছতে নেপালী সেনাই বাগলুঙৰ আৰগল গাঁৱৰ অৰণ্যত বিমানেৰে আক্ৰমণ চলাই ৫০গৰাকী মাওবাদী বিদ্ৰোহী নিহত কৰে। ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান কফি আন্নানে নেপালৰ হিংসাত গভীৰ উদ্বেগ প্ৰকাশ কৰে। আন্নানৰ উদ্বিগ্নতাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰচণ্ডই ২৫ মাৰ্চত বিবাদ নিষ্পত্তি কৰাৰ বাবে ৰাষ্ট্ৰসংঘক মধ্যস্থতা কৰিবলৈ আহ্বান জনায়।

 আনহাতে চি পি গুজৰাল, মাট্ৰিক যাদৱ, সুৰেশ এল মগৰ আৰু তিলক শৰ্মাকে ধৰি দলৰ জ্যেষ্ঠ নেতাৰ গ্ৰেপ্তাৰত দলটো ইতিমধ্যে বিপদত পৰিছিল। তাৰ পাছত আকৌ ২৯ মাৰ্চত পশ্চিমবংগৰ শিলিগুড়িত দলৰ ষ্টেডিং কমিটীৰ সদস্য মোহন বৈদ্য ওৰফে কমডে কিৰণ আৰক্ষীৰ জালত পৰাত বিষয়টো অধিক চিন্তনীয় হৈ পৰে। বৈদ্য চকুৰ অপাৰেশ্যনৰ কাৰণে শিলিগুড়িত আছিল আৰু আৰক্ষীয়ে তেওঁক হাস্পতালৰ [ ১১৩ ] পৰা গ্ৰেপ্তাৰ কৰে। বৈদ্য গ্ৰেপ্তাৰ হোৱাত প্ৰচণ্ড ভীষণভাৱে হতাশ হৈছিল। অৱশ্যে ইয়াৰ বহুতো কাৰণ আছে। প্ৰায় দুই দশকজুৰি কমডে কিৰণ মাওবাদী প্ৰধানজনৰ অতি ঘনিষ্ঠ আছিল।

 প্ৰচণ্ডই এটি সাক্ষাৎকাৰত কৈছিল—

‘আচলতে ময়ে তেওঁক চিকিৎসাৰ বাবে তাত থাকিবলৈ পৰামৰ্শ
দিছিলোঁ। কিন্তু তাত তেওঁ ভাৰতীয় আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল।
তাৰ বাবে মই গভীৰভাৱে দুঃখিত।’

 প্ৰচণ্ড বিচলিত হৈ পৰাৰ অন্য এক ব্যক্তিগত কাৰণো আছিল। আৰক্ষীয়ে বৈদ্যৰ লগতে তেওঁৰ সৰু জোৱায়েক নাৰায়ণ বিক্ৰম প্ৰধানকো গ্ৰেপ্তাৰ কৰিছিল। যদিও তেওঁ প্ৰত্যক্ষভাৱে সশস্ত্ৰ সংগ্ৰামত জড়িত নাছিল, দুয়োগৰাকীকে একেলগে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। প্ৰচণ্ডৰ কনিষ্ঠ কন্যা গংগা প্ৰধানে এই বিষয়ে কয়—

‘মোৰ স্বামীক গ্ৰেপ্তাৰ কৰাৰ পাছতো পশ্চিমবংগত কোনেও জনা
নাছিল যে তেওঁ মোৰ দেউতাৰ (প্ৰচণ্ড) জোঁৱায়েক। যিহেতু মোৰ
দেউতাই জনযুদ্ধৰ নেতৃত্ব দিছিল, এনেকুৱা এটা ঘটনাৰ বাবে আমি
মানসিকভাৱে প্ৰস্তুত আছিলোঁ।’

[ ১১৪ ]

১৫

আলোচনাৰ মেজলৈ
আহিবলৈ প্ৰচণ্ডৰ অস্বীকাৰ

 দেশৰ ভিতৰে-বাহিৰে বাঢ়ি অহা প্ৰবল হেঁচাৰ পৰিপ্ৰেক্ষিতত ২০০৪ চনৰ ২ জুনত ৰজা জ্ঞানেন্দ্ৰই শ্বেৰ বাহাদুৰ দেউবাক পুনৰ প্ৰধান মন্ত্ৰী হিচাপে অধিষ্ঠিত কৰে। দায়িত্বভাৰ গ্ৰহণ কৰিয়েই তেওঁৰ চৰকাৰী কাম-কাজ আৰম্ভ কৰি দিয়ে। মূলতঃ দুটা বিষয়ত তেওঁ বিশেষ অগ্ৰাধিকাৰ দিয়ে— নিৰ্বাচন অনুষ্ঠিত কৰা আৰু মাওবাদী বিদ্ৰোহী সমস্যা সমাধান কৰা। দেউবাই চাৰি দলীয় চৰকাৰৰ নেতৃত্ব দিছিল, কিন্তু নিৰ্বাচন অনুষ্ঠিত নোহোৱাৰ বাবে সদন ভংগ হৈ আছিল।

 দেউবাই দায়িত্বভাৰ গ্ৰহণ কৰাৰ দুদিন পাছতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কে নটৱাৰ সিঙে চৰকাৰী ভ্ৰমণসূচী লৈ কাঠমাণ্ডুলৈ যায় আৰু বিদ্ৰোহীৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত নেপালক সকলোধৰণে সহায় কৰিব বুলি আশ্বাস দিয়ে। মাওবাদীসকলৰ লগত আলোচনা অনুষ্ঠিত কৰিবলৈ বিচৰাৰ সময়তে নটৱাৰ সিঙে কৰা এই ভ্ৰমণে আলোচনা অনুষ্ঠিত কৰিবলৈ বিচৰা দেউবাৰ হাতত যুদ্ধ কৰিবলৈ হাতত বন্দুক তুলি দিয়াৰ দৰে হৈছিল।

 দেউবাই প্ৰধান মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণৰ প্ৰথম সপ্তাহতে এখন কেবিনেট [ ১১৫ ] বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ সিদ্ধান্ত সম্পৰ্কে এটা বিবৃতিত কোৱা হয়—

‘কমিউনিষ্ট পাৰ্টি অৱ নেপাল (মাওবাদী)ৰ লগত অৰ্থপূৰ্ণ ফলপ্ৰসূ
শান্তি আলোচনা অনুষ্ঠিত কৰাৰ বাবে চৰকাৰে সকলো পক্ষৰ সহযোগিতা
বিচাৰিবলৈ কেবিনেটে সিদ্ধান্ত লৈছে।’

 যুদ্ধৰ সামৰণি ঘটাবলৈ মাওবাদীসকলক সন্মত কৰোৱা আৰু তেওঁলোকক মূলসুঁতিৰ ৰাজনীতিত যোগ দিবলৈ সন্মত কৰোৱাটোৱে দেউবাৰ মূল লক্ষ্য আছিল। তেতিয়ালৈকে এই জনযুদ্ধত নেপালৰ ৯৫০০গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল। দেউবাৰ প্ৰচেষ্টা সত্ত্বেও, মাওবাদী নেতৃত্বই বিশেষকৈ প্ৰচণ্ডই প্ৰধান মন্ত্ৰী দেউবাৰ ৰাজ দৰবাৰৰ লগতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগত থকা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কৰ কাৰণে চৰকাৰৰে কোনোধৰণৰ আলোচনাত বহিবলৈ আগ্ৰহী নাছিল।

 জনযুদ্ধৰ কালছোৱাত কট্টৰপন্থী কমিউনিষ্ট সংগঠনটোৱে দেউবাক বুশ্ব প্ৰশাসনৰ প্ৰিয়পাত্ৰ হিচাপে চিহ্নিত কৰি আহিছে। উল্লেখযোগ্য যে বুশ্ব প্ৰশাসনে ৰয়েল নেপাল আৰ্মিক মাওবাদীৰ বিৰুদ্ধে যুঁজিবলৈ ৮৪০০টা এম-১৬ ৰাইফল যোগান ধৰিছিল। ইয়াৰ বাহিৰেও মাওবাদীসকলে নেপালস্থিত মাৰ্কিন ৰাষ্ট্ৰদূত মাইকেল ই মেলিনস্কিৰ বিবৃতিটো পাহৰি যোৱা নাছিল— যিটো নাজি প্ৰচাৰ মন্ত্ৰী গোৱেবলছে ভাল পালেহেঁতেন।

 প্ৰধান মন্ত্ৰী হিচাপে দেউবাৰ স্থান অৱনমিত কৰিবলৈ মাওবাদীসকলে ১৫ আগষ্টত ছোৱেলটি হোটেলৰ মূল প্ৰৱেশ পথত এটি বিস্ফোৰণ ঘটায়। মাওবাদীসকলে এই পঞ্চতাৰকাযুক্ত হোটেলখনক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ কাৰণ হ’ল হোটেলখন ৰজাৰ আছিল।

 মাওবাদীসকলক আলোচনাৰ মেজলৈ অনাৰ উদ্দেশ্যে দেউবাই ১২ আগষ্টত এখন উচ্চপৰ্যায়ৰ শান্তি সমিতি গঠন কৰে আৰু এটি শান্তি-সচিবালয় স্থাপন কৰে। কিন্তু প্ৰচণ্ডই দেউবা চৰকাৰৰ লগত কোনোধৰণৰ শান্তি আলোচনাত বহাৰ সম্ভাৱনীয়তা নাকচ কৰে। প্ৰচণ্ডই ঘোষণা কৰে যে আলোচনা যদি হ’ব লাগে তেতিয়াহ’লে সেই আলোচনা হ’ব ৰজাৰ লগত আৰু তাত নিৰ্ভৰযোগ্য আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতাকাৰী থাকিব লাগিব। উল্লেখযোগ্য যে ইয়াৰ ঠিক এবছৰ পূৰ্বে ২০০৩ চনৰ ১ ছেপ্টেম্বৰত মাওবাদী প্ৰধান প্ৰচণ্ডই ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান কফি আন্নানলৈ এখন চিঠি লিখিছিল আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক আশ্বাস দিছিল যে তেওঁ দলৰ সাৰ্বজনীন গণতান্ত্ৰিক মূল্যবোধ আৰু নীতিৰ প্ৰতি দায়বদ্ধ। চিঠিখনত তেওঁ লগতে বিদেশী শক্তিক দেশখনত তথা আন সকলোধৰণৰ হস্তক্ষেপ বন্ধ কৰিবলৈ আহ্বান জনাইছিল আৰু নেপালৰ জনসাধাৰণক নিজেই নিজৰ ভাগ্যনিয়ন্তা হ’বলৈ এৰি দিবলৈ আহ্বান জনাইছিল।

 মাওবাদীসকলৰ লগত আলোচনা অনুষ্ঠিত কৰাক লৈ অনিশ্চয়তাৰ সৃষ্টি হোৱাৰ [ ১১৬ ] পৰিপ্ৰেক্ষিতত, দেউবাই পাঁচদিনীয়া ভ্ৰমণসূচী লৈ নতুন দিল্লীত উপস্থিত হয়। ভাৰতৰ প্ৰধান মন্ত্ৰী ড° মনমোহন সিঙৰ সৈতে হোৱা আলোচনাত প্ৰধান মন্ত্ৰী ড° সিঙে নেপালৰ আৰক্ষীকে ধৰি নেপালৰ নিৰাপত্তা বাহিনীসমূহক সহায় কৰাৰ আশ্বাস দিয়ে। দেউবাৰ ভাৰত ভ্ৰমণৰ অন্তত প্ৰকাশিত এটা যুটীয়া বিবৃতিত কোৱা হয়—

‘সন্ত্ৰাসবাদ দমন কৰিবলৈ দুয়োখন দেশৰ প্ৰধান মন্ত্ৰীয়ে (দেউবা আৰু
মনমোহন সিং) দৃঢ় সংকল্প লৈছে। উগ্ৰপন্থী আৰু সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ
প্ৰতিহত কৰাৰ কাৰণে দুয়োখন দেশে সহযোগিতা কৰিবলৈ সন্মত
হৈছে। এইক্ষেত্ৰত বৰ্তমান দুয়োখন দেশৰ মাজত যিধৰণে তথ্যৰ
আদান-প্ৰদান তথা অস্ত্ৰ যোগান আৰু প্ৰশিক্ষণ চলি আছে তাত
তেওঁলোকে সন্তোষ প্ৰকাশ কৰে। প্ৰধান মন্ত্ৰী দেউবাই নেপালে মাওবাদী
বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত ভাৰতে আগবঢ়োৱা সহায়ৰ সমৰ্থনৰ বাবে
ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।’

 ২৩ ছেপ্টেম্বৰত প্ৰধান মন্ত্ৰী দেউবাই মাওবাদী নেতৃত্বক আলোচনাৰ মেজলৈ আহিবলৈ আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনায়। কিন্তু তেওঁৰ আহ্বানৰ ২৪ ঘণ্টাতকৈও কম সময়ৰ ভিতৰতে, অধ্যক্ষ প্ৰচণ্ডই আলোচনাৰ প্ৰস্তাৱ নাকচ কৰে। আৰু আলোচনা অনুষ্ঠিত কৰাৰ বাবে দেউবাই চৰকাৰৰ বৈধতাক লৈ প্ৰশ্ন তোলে।

 মাওবাদীসকলে আলোচনাৰ মেজত বহিবলৈ অস্বীকাৰ কৰাত ক্ষুব্ধ হৈ ৰজা জ্ঞানেন্দ্ৰই ১৪ অক্টোবৰত, মন্ত্ৰী পৰিষদৰ পৰামৰ্শ অনুসৰি সন্ত্ৰাসবাদী কাৰ্যকলাপ (নিয়ন্ত্ৰণ আৰু শাস্তি) অধ্যাদেশখন উত্থাপন কৰে। এয়া আছিল দ্বিতীয়বাৰৰ বাবে অধ্যাদেশৰ জৰিয়তে উত্থাপন কৰা সন্ত্ৰাসবাদবিৰোধী আইন। অধ্যাদেশখন প্ৰৱৰ্তনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কাঠমাণ্ডুৰ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা ই-মেইল বিবৃতিত প্ৰচণ্ডই অভিযোগ কৰে যে শান্তি আলোচনাৰ গইনা লৈ চৰকাৰে এখন ভয়ানক যুদ্ধৰ প্ৰস্তুতি চলাইছে।

 ‘দ্য ছাইন’ৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত ১৫ অক্টোবৰত মাওবাদীসকলে নেপালৰ এই অন্যতম ডাঙৰ উৎসৱ কাৰণে সকলোধৰণৰ অভিযান বন্ধ কৰাৰ কথা ঘোষণা কৰে। এই ঘোষণাৰ চাৰিদিন পাছতে উপ প্ৰধান মন্ত্ৰী ভাৰত মোহন অধিকাৰীয়ে কয় যে মাওবাদীসকল যদি আলোচনাৰ মেজলৈ আহিবলৈ সন্মত হয়, তেতিয়াহ’লে চৰকাৰে তেওঁলোকৰ ওপৰত থকা ৰেড কৰ্নাৰ নটিচকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদীৰ ছাপপ্ৰত্যাহাৰ কৰিবলৈ সাজু। অধিকাৰীয়ে লগতে নেপাললৈ স্থায়ী শান্তি অনাৰ বাবে মাওবাদীসকলক আলোচনাত বহিবলৈ আহ্বান জনায়।

 কিন্তু মাওবাদীসকলে চৰকাৰৰ লগত কোনোধৰণৰ আলোচনাত বহিবলৈ অস্বীকাৰ [ ১১৭ ] কৰে, কাৰণ দীৰ্ঘদিন ধৰি উত্থাপন কৰি অহা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰিবলৈ চৰকাৰ অপাৰগ। মাওবাদী নেতৃত্বই কয় যে চৰকাৰৰ লগত আলোচনা কৰাতকৈ দৰকাৰ হ’লে তেওঁলোকে পোনপটীয়াকৈ ৰজা আৰু আৰ এন এৰ লগত আলোচনাত বহিব। মাওবাদীৰ এনে স্থিতিৰ বিপৰীতে ২৫ নৱেম্বৰত দেউবা চৰকাৰে ২০০৫ চনৰ ১৩ জানুৱাৰীৰ ভিতৰত মাওবাদীসকলক আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনায়। একে সময়তে চৰকাৰে সংসদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়।

 মাওবাদীৰ সৈতে দেউবাই চলোৱা শান্তি প্ৰচেষ্টাৰ যতি পৰে যেতিয়া ২৭ নৱেম্বৰত এক বিবৃতিযোগে প্ৰচণ্ডই অভিযোগ কৰে যে আলোচনাৰ মেজলৈ আহিবলৈ সময়সীমা বান্ধি দি চৰকাৰে মাওবাদীসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে। বিবৃতিটোত কোৱা হয়— ‘স্থিতাৱস্থাৰ মাজত শান্তি আলোচনা আগবাঢ়িব নোৱাৰে।’

 আলোচনাক লৈ দেউবা চৰকাৰৰ লগত বিবৃতি যুদ্ধ চলি থকাৰ সময়ত, প্ৰচণ্ডই তেওঁৰ জীৱনশৈলী সলনি কৰে। হঠাৎ তেওঁ তেওঁৰ দীৰ্ঘদিনীয়া চিগাৰেট সেৱন কৰা অভ্যাস ত্যাগ কৰে। তেওঁৰ পত্নী সীতাই কোৱামতে তেওঁলোকে ভাৰতৰ নয়দাত থাকোঁতে হঠাৎ প্ৰচণ্ডই এদিন চিগাৰেট খোৱা বাদ দিয়ে। তেওঁ কয়—

‘তেওঁ দীৰ্ঘদিন ধৰি নিয়মীয়াকৈ চিগাৰেট সেৱন কৰিছিল। আমি তেওঁক
প্ৰায়ে চিগাৰেট খোৱা বাদ দিবলৈ কৈছিলোঁ। হঠাৎ এদিন তেওঁ চিগাৰেট
খোৱা বন্ধ কৰিবলৈ সিদ্ধান্ত ল’লে। তেওঁ অৱশ্যে কোনো স্বাস্থ্যজনিত
কাৰণত চিগাৰেট খোৱা বাদ দিয়া নাছিল।’

[ ১১৮ ]

১৬

বাৰ দফীয়া চুক্তি
জন আন্দোলন-২ৰ বাট মুকলি

 গণৰাজ্যৰ প্ৰশ্নত মাওবাদীৰ কঠোৰ স্থিতি আৰু বিদ্ৰোহীসকলক আলোচনাৰ মেজলৈ অনাত প্ৰধান মন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবা ব্যৰ্থ হোৱাৰ পৰিপ্ৰেক্ষিতত ৰজা জ্ঞানেন্দ্ৰই ২০০৫ চনৰ ১ ফেব্ৰুৱাৰীত এক ঘোষণাৰ জৰিয়তে দেউবা চৰকাৰ ভংগ কৰি দিয়ে আৰু কাৰ্যপালিকাৰ সকলো ক্ষমতা নিজৰ হাতলৈ নিয়ে। প্ৰাক্তন মন্ত্ৰীকে ধৰি ভালেকেইজন ৰাজনৈতিক নেতা আৰু নাগৰিক অধিকাৰ কৰ্মীক জে’ললৈ নিক্ষেপ কৰে আৰু একধৰণৰ জৰুৰী অৱস্থা জাৰি কৰে।

 ৰজাৰ এই সামৰিক অভ্যুত্থান অপ্ৰত্যাশিত নাছিল কাৰণ ইয়াৰ পূৰ্বেও তেওঁ ২০০২-০৫ চনৰ ভিতৰত তিনিখনকৈ চৰকাৰ ভংগ কৰি দিছিল। কিন্তু পূৰ্বৰ তুলনাত বহু বিতৰ্কিত তথা ৰাজপ্ৰাসাদৰ গণহত্যাত জড়িত বুলি মাওবাদীসকলে সন্দেহৰ আঙুলি টোঁওৱা ৰজাজন ২০০৫ চনৰ ফেব্ৰুৱাৰীত আৰু এখোজ আগবাঢ়ি গ’ল। দেশত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হ’ল, টেলিফোন সংযোগ কাটি দিয়া হ’ল আৰু বাতৰি কাকত, ৰেডিঅ’ আৰু টেলিভিছনৰ ওপৰত চেঞ্চৰশ্বিপ লগোৱা হ’ল।

 যদিও এই অভ্যুত্থান ৰক্তপাতহীন আছিল, তথাপি কাঠমাণ্ডুৰ বাটে-পথে পিয়াপি [ ১১৯ ] দি ফুৰা সেনাৰ গাড়ী আৰু ৰয়েল নেপাল আৰ্মি (এতিয়া নেপাল আৰ্মি)ৰ জোৱানসকলে জনসাধাৰণক সন্ত্ৰস্ত কৰি তুলিছিল। ৰাজনৈতিক দল তথা অন্যান্য সংগঠনৰ প্ৰায় এহেজাৰ কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছিল। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যমতত উপনীত হোৱাত বাৰ্থ হোৱা আৰু নিৰ্বাচন অনুষ্ঠিত কৰাত অসমৰ্থ হোৱা বুলি ৰাজনৈতিক দলসমূহৰ ওপৰত দোষ জাপি দি ৰজাই জৰুৰী অৱস্থাৰ সমৰ্থনত যুক্তি দিছিল।

 আৰু অধিক বিতৰ্কৰ সূচনা কৰি ১৮ ফেব্ৰুৱাৰীত ৫৭সংখ্যক গণতন্ত্ৰ দিবস উপলক্ষে প্ৰকাশ কৰা এটা বিবৃতিত ১ ফেব্ৰুৱাৰীৰ ঘটনা যুক্তিযুক্ত বুলি প্ৰকাশ কৰাৰ লগতে মাওবাদীসকলক আলোচনাৰ বাবে আমন্ত্ৰণ জনায়। বিবৃতিটোত কোৱা হয়— ‘এই কথা স্পষ্ট হৈ পৰিছে যে সাম্প্ৰতিক পৰিস্থিতিয়ে আমাক ১ ফেব্ৰুৱাৰীৰ পদক্ষেপ ল’বলৈ বাধ্য কৰিছিল। নিৰ্বাচিত প্ৰধান মন্ত্ৰীগৰাকীৰ পৰামৰ্শ অনুসৰি মন্ত্ৰীপৰিষদ ভংগ কৰি দিয়া হৈছিল। জনসাধাৰণৰ আকাংক্ষা অনুসৰি আইন-শৃংখলা বজাই ৰাখি নিৰ্বাচিত চৰকাৰখন পুনৰ সক্ৰিয় কৰাৰ বাবেই এই পদক্ষেপ লোৱা হৈছিল।’

 নাৰায়ণহিটাৰ ৰাজপ্ৰাসাদে নেপালত ৰাজনৈতিক সুস্থিৰতা ঘূৰাই আনিব পাৰিব বুলি ৰজাই যি যুক্তি দিছিল, সমগ্ৰ বিশ্বই তাৰ সমালোচনা কৰিছিল। কিন্তু অতি আশ্চৰ্যজনকভাৱে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সমালোচনা আছিল যথেষ্ট নৰম। সামৰিক অভ্যুত্থান নেপালৰ ‘আভ্যন্তৰীণ বিষয়’ বুলি মন্তব্য কৰি চীন চৰকাৰেও ৰজা জ্ঞানেন্দ্ৰক সমৰ্থন দিছিল। আনহাতে, মাওবাদী প্ৰধান প্ৰচণ্ডই সামৰিক অভ্যুত্থানৰ বিৰুদ্ধে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে ৰজাই দেশখনক অন্ধকাৰৰ মাজলৈ ঠেলি দিছে।

 প্ৰচণ্ড আৰু অন্যান্য জ্যেষ্ঠ নেতাসকলে তৎক্ষণাত ৰজালৈ এটা কঠোৰ প্ৰতিবাদ বাৰ্তা প্ৰেৰণৰ সিদ্ধান্ত লৈছিল। ৯ ফেব্ৰুৱাৰীত মাওবাদী যোদ্ধাসকলে পশ্চিম নেপালৰ কাইলালিৰ এক কাৰাগাৰত আক্ৰমণ কৰে আৰু ১৪৫গৰাকী কাৰাবন্দীক মুকলি কৰি দিয়ে। কাৰাবন্দীসকলৰ কেইবাগৰাকীও নিষিদ্ধ সংগঠনটোৰ সদস্যও আছিল। আনহাতে, সামৰিক অভ্যুত্থানৰ প্ৰতিবাদত ১ ফেব্ৰুৱাৰীত মাওবাদীসকলে আহ্বান জনোৱা বন্ধই দেশৰ গ্ৰামাঞ্চলসমূহৰ জনজীৱন ব্যাহত কৰি তোলে।

 ৰজা জ্ঞানেন্দ্ৰই অভিযান চলোৱাৰ ভয়ত একাংশ মূলসুঁতিৰ ৰাজনৈতিক নেতা দেশখনৰ পৰা পলাই আহে। কিছুসংখ্যক ৰাজনৈতিক নেতাই নেপালৰ পৰা আহি নতুন দিল্লীত আশ্ৰয় লয়। এই নেতাসকলৰ ভিতৰত অন্যতম এজন আছিল নেপালী কংগ্ৰেছৰ নেতা কৃষ্ণ প্ৰসাদ চিটাউলা।

‘নতুন দিল্লীত উপস্থিত হোৱাৰ পাছত মই যিমান পাৰি নেপালৰ
ৰাজনৈতিক নেতাসকলৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ।
নেপালৰ পৰিস্থিতি সঁচাকৈয়ে বৰ বেয়া আছিল, গ্ৰেপ্তাৰৰ পৰা হাত
সাৰিবলৈ অধিকাংশ ৰাজনৈতিক নেতাই বিভিন্ন ঠাইত আত্মগোপন

[ ১২০ ]   কৰিছিল’, তেওঁ কয়।


 নতুন দিল্লীলৈ অহাৰ পাছত চিটাউলাই জ্যেষ্ঠ মাওবাদী নেতাসকলৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল। বাবুৰাম ভট্টৰাই আৰু কৃষ্ণ বাহাদুৰ মাহাৰাই ৰ’লপাত তেওঁলোকৰ লগত চুক্তি কৰিছিল আৰু বিদ্ৰোহত উত্তাল দেশখনত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে একেলগে যুঁজাৰ সংকল্প লৈছিল। সেই সময়ত মাওবাদীসকলৰ লগত আলোচনাত বহাৰ বাবে দলে তেওঁক দায়িত্ব দিছিল।

 নেপালী কংগ্ৰেছৰ বিভাজন ঘটাৰ পাছত, ২০০৪ চনত দলৰ কেন্দ্ৰীয় কৰ্ণধাৰ সমিতিয়ে মাওবাদী সমস্যাটো আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ প্ৰস্তাৱ লৈছিল। সেইকাৰণে নেপালী কংগ্ৰেছৰ নেতাসকলে সঘনে মাওবাদী নেতৃত্বৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল।

 এইবিষয়ে চিটাউলাই কয়—

‘মই যিহেতু বাবুৰাম ভট্টৰাই আৰু কৃষ্ণ বাহাদুৰ মাহাৰাক ভালদৰে
জানিছিলোঁ, সেইকাৰণে মই অতি সহজেই তেওঁলোকৰ লগত যোগাযোগ
কৰিব পাৰিছিলোঁ। তেওঁলোকেও আমাৰ লগত আলোচনা কৰিবলৈ
সন্মত হৈছিল।’

 সামৰিক অভ্যুত্থানৰ বিৰুদ্ধে সংগ্ৰাম গঢ়ি তোলা আৰু তেওঁলোকৰ যোগাযোগৰ সদ্‌ব্যৱহাৰ কৰাৰ উদ্দেশ্যে মহন্ত ঠাকুৰ, ৰাম বৰণ যাদৱ আৰু সুজাতা কৈৰালাকে ধৰি নেপালী কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকল নেপালৰ পৰা আহি নতুন দিল্লীত উপস্থিত হৈছিল। পৰৱৰ্তী সময়ত অসিক শ্বেৰচান, প্ৰদীপ গিৰি আৰু দেবেন্দ্ৰ ৰাজপাণ্ডেও ভাৰতলৈ আহি এই সংগ্ৰামত যোগ দিয়া দেখা গৈছিল। ৰজা জ্ঞানেন্দ্ৰ আৰু তেওঁৰ চৰকাৰৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জনমত গঢ়ি তোলাৰ উদ্দেশ্যে নেপালী ৰাজনৈতিক নেতাসকলে ভাৰতীয় ৰাজনৈতিক নেতা তথা আমোলাসকলৰ লগতো আলোচনাত বহিছিল।

 নেপালৰ আজীৱন ৰাজনৈতিক কৰ্মী হৰি ৰোক্কা আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষক ছাত্ৰয়ো নতুন দিল্লীৰ পৰা আৰম্ভ হোৱা এই ৰাজতন্ত্ৰবিৰোধী আন্দোলনত যোগ দিছিল। ৰোক্কাৰ ভাষাত—

‘২৪ ফেব্ৰুৱাৰীত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (মাৰ্ক্সবাদী) জ্যেষ্ঠ নেতা
হৰকিষণ সিং সুৰজিতৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হৈছিল।
নেপালকে ধৰি বিভিন্ন প্ৰান্তৰ ১৭টা ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে এই
সভাত অংশগ্ৰহণ কৰিছিল। সভাখন পূৰামাত্ৰাই সফল হৈছিল। সভাত
অংশগ্ৰহণ কৰা প্ৰতিগৰাকী লোকেই ৰজাৰ বিৰুদ্ধে সংগ্ৰামত যোগ
দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছিল।’

[ ১২১ ] ৰ’লপাৰ পৰা আহি বাবুৰাম ভট্টৰাই নতুন দিল্লীত উপস্থিত হৈছিল আৰু আলোচনা

প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। প্ৰাৰম্ভিক আলোচনাৰ প্ৰতিটো কথাই ব’লপাত থকা প্ৰচণ্ডক জনাই থকা হৈছিল আৰু তেওঁৰ পৰা পৰামৰ্শ লোৱা হৈছিল। ইয়াৰ মাজতে নেপালী কংগ্ৰেছৰ শেখৰ কৈৰালা, কমিউনিষ্ট পাৰ্টি অৱ নেপালৰ জালানাথ খানালকে ধৰি আন কেইগৰাকীমান নেতা আহি নতুন দিল্লীত উপস্থিত হৈছিল। আলোচনা প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে খুব কম সময়ৰ ভিতৰতে দক্ষিণ দিল্লীৰ সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানৰ সমীপত এটি কাৰ্যালয় স্থাপন কৰিছিল।

২০০৫ চনৰ এপ্ৰিলত নেপালী কংগ্ৰেছৰ সভাপতি গিৰিজাপ্ৰসাদ কৈৰালায়ো চিকিৎসাৰ বাবে অহাৰ ভাও লৈ নতুন দিল্লীত উপস্থিত হয়। প্ৰচণ্ডয়ো ভাৰতৰ ৰাজধানীত উপস্থিত হয়। লগে লগে এখন সভা অনুষ্ঠিত কৰিবলৈ ঠিক কৰা হয়। প্ৰচণ্ডই গিৰিজাপ্ৰসাদ কৈৰালাক আলোচনাৰ বাবে ৰ’লপালৈ আমন্ত্ৰণ জনাইছিল যদিও কৈৰালাই ৰ’লপালৈ যাবলৈ অস্বীকাৰ কৰে। সেয়ে মাওবাদী প্ৰধানজনে ১১ দিনৰ কাৰণে নতুন দিল্লীলৈ আহিবলগীয়া হয়। চিটাউলাই এই বিষয়ে কয়—

‘প্ৰচণ্ডক লগ কৰাৰ উদ্দেশ্যে আমি নয়দালৈ গাড়ী চলাই গৈছিলোঁ।
তেওঁক লগ পোৱা মোৰ এয়াই প্ৰথম আছিল। তেওঁৰ বিষয়ে মই
ঢেৰ কথা শুনিছিলোঁ যদিও মই কেতিয়াও তেওঁৰ মুখামুখি হোৱা
নাছিলোঁ। সিদিনা বেছি সময় আলোচনা হোৱা নাছিল। কিন্তু আমি
দুয়োপক্ষই ৰজাৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত ঐকমত্যত উপনীত হৈছিলোঁ।’

 গিৰিজাপ্ৰসাদ কৈৰালা আৰু প্ৰচণ্ড অৱশ্যে আগৰ পৰাই ইজনে সিজনৰ সুপৰিচিত আছিল। ২০০০ চনত যেতিয়া গিৰিজাপ্ৰসাদ কৈৰালাই বেইজিঙৰ পৰা হংকং হৈ ঘৰলৈ উভতিছিল তেতিয়া নতুন দিল্লীত ইজনে সিজনক যোগাযোগ কৰিছিল। ৰক্কাৰ মতে প্ৰচণ্ড আৰু বাবুৰাম ভট্টৰায়ে কৈৰালাক প্ৰস্তাৱ দিছিল যে যদিহে তেওঁ মাওবাদীসকলৰ গণৰাজ্য আৰু বিধান পৰিষদৰ দাবীৰ প্ৰতি নেপালী কংগ্ৰেছৰ লগতে আন ৰাজনৈতিক দলে সমৰ্থন দিয়ে তেতিয়া তেওঁক নেপালৰ প্ৰথম ৰাষ্ট্ৰপতি পাতিব। কিন্তু গণৰাজ্যৰ দাবীৰ প্ৰতি কৈৰালা সিমান উৎসাহী নাছিল। তৎসত্ত্বেও তেওঁলোকৰ মাজৰ আলোচনা যথেষ্ট সৌহাৰ্দ্যপূৰ্ণ আছিল আৰু প্ৰচণ্ডই ৰাজনৈতিক দলসমূহৰ সৈতে মিলি কাম কৰাৰ প্ৰতিশ্ৰুতি দিছিল। এইবিষয়ে চিটাউলাই কয়— ‘প্ৰথমবাৰৰ বাবে মই যেতিয়া তেওঁক দেখিছিলোঁ, তেতিয়া তেওঁক লক্ষ্য আৰু আদৰ্শৰ প্ৰতি দায়বদ্ধ এজন অতি সৰল আৰু আৱেগিক মানুহ যেন লাগিছিল। এটা বিদ্ৰোহী সংগঠনৰ নেতাৰ দৰে তেওঁ আচৰণ কৰা নাছিল।’

 ২০০৫ চনৰ এপ্ৰিলত নতুন দিল্লীত থকা সময়ছোৱাত কৈৰালাই ভাৰতৰ প্ৰধান মন্ত্ৰী ড° মনমোহন সিং, কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী, প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল [ ১২২ ] বিহাৰী বাজপেয়ী, বিজেপি নেতা এল কে আদৱানিকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ ৰাজনৈতিক নেতাক লগ ধৰিছিল। আটাইকেইগৰাকী ৰাজনৈতিক নেতাই নেপালত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে কৈৰালাই হাতত লোৱা পদক্ষেপক সমৰ্থন জনাইছিল। আচলতে, আশীতিপৰ এই নেপালী ৰাজনৈতিক নেতাগৰাকীৰ প্ৰতি ভাৰতৰ ৰাজনৈতিক মহলৰ বিশেষ সন্মান আছিল, কাৰণ তেওঁ ১৯৪২ চনত ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। কৈৰালাই কাঠমাণ্ডুলৈ উভতি যোৱাৰ পাছতো চিটাউলাই মাওবাদী নেতাসকলৰ লগত নতুন দিল্লী আৰু নয়দাত কেইবাবাৰো আলোচনাত বহিছিল যাতে তেওঁলোকৰ লগত অন্ততঃ একধৰণৰ জোঁটবন্ধন কৰিব পৰা যায়। চিটাউলাই কয়—

‘ৰজা জ্ঞানেন্দ্ৰক ক্ষমতাৰ পৰা আঁতৰোৱাটো আমাৰ দুয়োপক্ষৰ সমূহীয়া
লক্ষ্য আছিল। আদৰ্শগতভাৱে আমি এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’ব
পৰা নাছিলোঁ। কাৰণ আমি নেপালত গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাটো
বিচাৰিছিলোঁ, আনহাতে মাওবাদীসকলে গণৰাজ্য প্ৰতিষ্ঠা আৰু বিধান
পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাই আহিছিল। তথাপি আমি
আলোচনাত বহিবলৈ সিদ্ধান্ত লৈছিলোঁ।’

 নতুন দিল্লীত বহুদিন ধৰি আলোচনা চলিছিল। ভাৰতীয় ৰাজনীতিক তথা আমোলাসকলে নেপালী নেতাসকলৰ প্ৰতি পূৰ্ণ সমৰ্থন দিছিল। আলোচনাবোৰ মূলতঃ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চেণ্টাৰৰ অস্থায়ী কাৰ্যালয় বা দিল্লী বিশ্ববিদ্যালয়ৰ সমীপৰ এটা ঘৰত অনুষ্ঠিত হৈছিল। এটা সৰ্বসন্মত সিদ্ধান্তত উপনীত হোৱাৰ স্বাৰ্থত ৰাজনৈতিক দল আৰু মাওবাদী নেতৃত্ব উভয়পক্ষই লাহে লাহে কিছু এৰা-ধৰা কৰিবলৈ আৰম্ভ কৰিছিল। অৱশ্যে ৰাজনৈতিক দলবোৰক একত্ৰিত কৰাটো এটা অত্যন্ত কঠিন কাম আছিল৷ ৰোক্কাৰ মতে, ২০০৫ চনত ১২ দফীয়া চুক্তিপত্ৰখনৰ এখন খচৰা প্ৰস্তুত কৰা হয়। অৱশ্যে ইয়াৰ স্বাক্ষৰ প্ৰক্ৰিয়াটো সমাপ্ত হওঁতে আৰু দুমাহ লাগিছিল। এই বিষয়ে ৰোক্কাই কয়—

‘২০০৫ চনৰ ছেপ্টেম্বৰত মই মোৰ ঘৰত ৰাজতন্ত্ৰবিৰোধী শিবিৰৰ
এখন বৈঠকৰ আয়োজন কৰিছিলোঁ। মাত্ৰ কেইজনমান নেতা সেই
সভাত উপস্থিত আছিল যদিও আমি ভালেমান বিষয়ত আলোচনা
কৰিছিলোঁ। সেইদিনাখনেই জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাউথ
এছিয়া চেণ্টাৰৰ গৱেষক অমৰেশ সিঙ চুক্তিপত্ৰখনৰ অনুমোদিত
খচৰাখন লৈ উপস্থিত হৈছিল।’

 আনহাতে, মাওবাদীসকলেও ছেপ্টেম্বৰত চানৱাঙত এখন বৈঠক অনুষ্ঠিত কৰে। বৈঠকত প্ৰচণ্ডই সংগঠনটোৰ আন নেতাসকলক জনায় যে তেওঁলোকে এটা অসাধ্য [ ১২৩ ]

ঐতিহাসিক চানৱাং বৈঠকৰ পাছত মাওবাদী প্ৰধান প্ৰচণ্ড, থাৱাঙত

সাধন কৰিবলৈ গৈ আছে। ‘জনাদেশ’ৰ মানোঋষি ধিতালে এই বিষয়ে কয়—

‘চানৱাঙৰ বৈঠকত অধ্যক্ষ প্ৰচণ্ডই প্ৰথমবাৰৰ বাবে ঘোষণা কৰে যে
নেপালত ৰাজতন্ত্ৰৰ বিলুপ্তি ঘটোৱাৰ বাবে সংগ্ৰাম গঢ়ি তুলিবলৈ
কমিউনিষ্ট পাৰ্টি অৱ নেপালে (মাওবাদী) আন ৰাজনৈতিক দলবোৰৰ
সৈতে হাত মিলাব।’

 ৩ ছেপ্টেম্বৰত মাওবাদীসকলে যুদ্ধবিৰতি ঘোষণা কৰে। মূলসুঁতিৰ ৰাজনৈতিক নেতাসকলে মাওবাদীৰ এই পদক্ষেপক আদৰণি জনায়। ৰাজনৈতিক দলবোৰে ৰজা জ্ঞানেন্দ্ৰৰ চৰকাৰক মাওবাদীৰ যুদ্ধবিৰতিৰ প্ৰতি ইতিবাচক সঁহাৰি জনাবলৈ আহ্বান জনায়। যুদ্ধবিৰতি সন্দৰ্ভত গিৰিজাপ্ৰসাদ কৈৰালাই কৈছিল—

‘মই মাওবাদীসকলৰ সিদ্ধান্তক ইতিবাচক দৃষ্টিৰে লৈছোঁ। তেওঁলোকে
(মাওবাদীসকলে) ৰাজনৈতিক দলবোৰৰ অনুৰোধত একপক্ষীয়
যুদ্ধবিৰতি ঘোষণা কৰিছে। গণতন্ত্ৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম শক্তিশালী কৰিবলৈ
আমি মাওবাদীসকলে যুদ্ধবিৰতিৰ ঘোষণা কৰাৰ পাছত সৃষ্টি হোৱা
শান্তিপূৰ্ণ পৰিৱেশৰ সদ্ব্যৱহাৰ কৰিম।’

 যুদ্ধবিৰতি সম্পৰ্কে প্ৰচণ্ডই পাছত কৈছিল— ‘১২ দফীয়া চুক্তি স্বাক্ষৰ কৰাৰ আগমুহূৰ্তত, মই একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিছিলোঁ। মই ভাবোঁ, ৰজা জ্ঞানেন্দ্ৰই [ ১২৪ ] আমি যুদ্ধবিৰতি ঘোষণা কৰাৰ কাৰণেই ৰাষ্ট্ৰসংঘৰ সন্মিলনত উপস্থিত থাকিব পৰা নাছিল। আৰু সিয়ে দেশখনৰ সমগ্ৰ দৃশ্যপট সলনি কৰি পেলাইছিল। মই ভাবোঁ, মই লোৱা সিদ্ধান্তবোৰৰ ভিতৰত সেইটো আটাইতকৈ উচিত সিদ্ধান্ত আছিল।’

 অৱশেষত, ২০০৫ চনৰ ১৭ নৱেম্বৰত সাতদলীয় মৰ্চা আৰু কমিউনিষ্ট পাৰ্টি অব নেপালৰ মাজত ঐতিহাসিক ১২ দফীয়া চুক্তি স্বাক্ষৰিত হয়। আৰু তেওঁলোকে নেপালত ৰাজতন্ত্ৰৰ অৱসান ঘটাবলৈ প্ৰতিজ্ঞাবদ্ধ হয়। চুক্তি অনুসৰি দেশখনৰ পূৰ্ণ পৰ্যায়ৰ গণতন্ত্ৰ প্ৰতিষ্ঠা হ'ব আৰু ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, শ্ৰেণী জনগোষ্ঠী আৰু লিংগ বিষয়ক সমস্যাবোৰৰ সমাধানৰ কাৰণে ৰাষ্ট্ৰৰ গাঁথনি সম্পূৰ্ণৰূপে সলনি কৰা হ’ব।

 মাওবাদীসকলে বহুদলীয় গণতান্ত্ৰিক ব্যৱস্থাত অংশগ্ৰহণ কৰিবলৈ সন্মত হৈছিল আৰু ৰাষ্ট্ৰসংঘ বা তেনেধৰণৰ যিকোনো বিশ্বাসযোগ্য সংস্থাৰ তত্ত্বাৱধানত অস্ত্ৰ সম্বৰণ কৰিবলৈ সিদ্ধান্ত লৈছিল৷ ৰাজনৈতিক দলবোৰৰ লগতে মাওবাদীসকলে ২০০৬ চনৰ ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া পৌৰসভাৰ নিৰ্বাচন আৰু ২০০৭ চনৰ এপ্ৰিল মাহৰ মাজভাগত অনুষ্ঠিত হ’বলগীয়া সংসদীয় নিৰ্বাচন বৰ্জন কৰাৰ লগতে এই নিৰ্বাচনৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত লৈছিল। সংসদীয় নিৰ্বাচনৰ বিপৰীতে তেওঁলোকে বিধান পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছিল।

 জালানাথ খানালে কয় যে সাতদলীয় মৰ্চাৰ নেতৃত্বত গঢ়ি উঠা গণ আন্দোলনৰ প্ৰতি সমৰ্থন দিয়াৰ সিদ্ধান্তটো ৰাজনৈতিক দলসমূহৰ কাৰণে অত্যন্ত উৎসাহজনক কথা আছিল। এই বিষয়ে তেওঁ কয়—

‘১২ দফীয়া চুক্তি নেপালৰ ৰাজনৈতিক ইতিহাসৰ এটা অতি উল্লেখযোগ্য
ঘটনা। প্ৰচণ্ডৰ নমনীয়তাৰ কাৰণে মাওবাদীসকলৰ লগত আমাৰ
বুজাবুজি সম্ভৱ হৈছিল। সঁচাকৈ তেওঁ এজন গতিশীল নেতা।’

 চিটাউলাৰ মতে, চুক্তি স্বাক্ষৰ কৰাক লৈ নেপালৰ সাধাৰণ মানুহৰ মাজত সন্তুষ্টি প্ৰকাশ পোৱা দেখা গৈছিল। কিন্তু খুব কম মানুহেহে গম পাইছিল যে ১২ দফীয়া চুক্তিপত্ৰখনৰ চূড়ান্ত খচৰা নতুন দিল্লীত প্ৰস্তুত কৰা হৈছিল আৰু কাঠমাণ্ডুকে ধৰি বেলেগ বেলেগ ঠাইত ইয়াৰ প্ৰাৰম্ভিক প্ৰস্তুতি চলোৱা হৈছিল। চিটাউলাৰ ভাষাত—

‘খচৰাখনৰ চূড়ান্ত অনুমোদনৰ পাছত, প্ৰচণ্ডই ভাৰতত এইখনত স্বাক্ষৰ
কৰিছিল আৰু চুক্তিপত্ৰখনৰ এটা কপি লৈ লৈছিল। গিৰিজা বাবু
(গিৰিজাপ্ৰসাদ কৈৰালা) আৰু অন্য দলসমূহৰ নেতাসকলে স্বাক্ষৰ
কৰাৰ কাৰণে চুক্তিপত্ৰখন লৈ মই দিল্লীৰ পৰা কাঠমাণ্ডুলৈ আহিছিলোঁ।’

 নেপালী কংগ্ৰেছৰ সভাপতি শ্বেৰ বাহাদুৰ দেউবা যিহেতু সেই সময়ত জে’লত আছিল, সেয়ে চিটাউলাই তেওঁৰ পৰা অনুমোদন কৰাই লোৱাৰ বাবে তালৈ গৈছিল। দেউবাৰ দলৰ হৈ জ্যেষ্ঠ নেতা গোপাল মান সিঙে স্বাক্ষৰ কৰিছিল। সেই সময়ত মাত্ৰ [ ১২৫ ] ১২ দফীয়া চুক্তিখনহে ৰাজহুৱা কৰা হৈছিল।

 নেপালৰ ৰাজনৈতিক দলবোৰ আৰু কমিউনিষ্ট পাৰ্টি অব নেপালক (মাওবাদী) একগোট কৰাত এজন ভাৰতীয় ৰাজনীতিকে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, তেওঁ হ'ল ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (মাৰ্ক্সবাদী) পলিটব্যুবোৰ সদস্য সীতাৰাম য়েছুবী। য়েচুৰীয়ে কৈছিল—

‘মই সদায় নেপালৰ জনগণৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিবলৈ
চেষ্টা কৰিছিলোঁ। যেতিয়া ৰাজ অভ্যুত্থানক লৈ নেপালত সংকট সৃষ্টি
হ’ল, তেতিয়া নেপালৰ ৰাজতন্ত্ৰৰ অৱসানৰ বাবে সংগ্ৰাম জাৰি ৰখা
লোকসকলক সহায় কৰিবলৈ চেষ্টা কৰাটো আমাৰ এটা দায়িত্ব হৈ
পৰিছিল।’

 ১২ দফীয়া চুক্তিত স্বাক্ষৰ কৰাৰ কেইদিনমান আগতে ঢাকাত অনুষ্ঠিত হোৱা ত্ৰয়োদশ ছাৰ্ক শীৰ্ষ সন্মিলনখনত ভাৰতৰ প্ৰধান মন্ত্ৰী ড° মনমোহন সিঙে ৰজা জ্ঞানেন্দ্ৰৰ সৈতে হোৱা বাৰ্তালাপত নেপালত যিমান পাৰি সোনকালে বহুদলীয় গণতন্ত্ৰ স্থাপনত জোৰ দিছিল আৰু এইক্ষেত্ৰত ফলপ্ৰসূ ব্যৱস্থা ল’বলৈ তেওঁ ৰজা জ্ঞানেন্দ্ৰক আহ্বান জনাইছিল।

 তাৰ মাজতে ৰজা জ্ঞানেন্দ্ৰই বেইজিঙৰ লগত বন্ধুত্ব গঢ়ি তোলে আৰু ২২ নৱেম্বৰত চীনে ৰয়েল নেপাল আৰ্মিক ভালেমান সামৰিক অস্ত্ৰ-শস্ত্ৰ দিয়ে৷ কাঠমাণ্ডুৰ পৰা চীনৰ তীব্বত সংযোগী কোদাৰী ৰাষ্ট্ৰীয় ঘাইপথেৰে ১৮ ট্ৰাক অস্ত্ৰ চীনৰ পৰা নেপাললৈ অনা হয়। এই কথা স্পষ্ট যে নতুন দিল্লীৰ কথালৈ ৰজা জ্ঞানেন্দ্ৰই কোনো গুৰুত্ব নিদিলে।

 পৰিস্থিতিৰ অধিক অৱনতি ঘটাবলৈ বিতৰ্কিত ৰজাই গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে ভাৰতে জনোৱা দাবীৰ প্ৰত্যুত্তৰ দি ৮ ডিচেম্বৰত কেবিনেটৰ লসলনি ঘটায় আৰু কেইবাজনো ৰাজতন্ত্ৰৰ উগ্ৰ সমৰ্থকক কেবিনেটত অন্তৰ্ভুক্ত কৰে। ইয়াৰ তিনিদিন পাছত ১১ ডিচেম্বৰত ভাৰতৰ বৈদেশিক সচিব শ্যামচৰণ কাঠমাণ্ডুলৈ যায় আৰু দেশখনত শান্তি তথা সুস্থিৰতা বৰ্তাই ৰখাৰ লগতে অৰ্থনৈতিক অৱস্থা সঠিক অৱস্থাত ৰখাক লৈ নতুন দিল্লীৰ উদ্বিগ্নতাৰ কথা অৱগত কৰে।

 ১২ দফীয়া চুক্তিত স্বাক্ষৰ কৰাৰ পাছতো প্ৰচণ্ড আৰু ৰাজনৈতিক দলবোৰৰ নেতাসকল দিল্লীতে আছিল আৰু ৰজাৰ বিৰুদ্ধে নেপালত এক যৌথ সংগ্ৰাম আৰম্ভ কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল। ২০০৫ চনৰ ডিচেম্বৰৰ মাজভাগত ‘জনাদেশ’ৰ সাংবাদিক ওম শৰ্মা আৰু মানোঋষি ধিতালে প্ৰচণ্ডক লগ কৰিবলৈ লক্ষ্ণৌ হৈ নতুন দিল্লীলৈ আহিছিল। ধিতালে কয়—

‘তেওঁ (অধ্যক্ষ প্ৰচণ্ডই) আমাক এক ব্যতিক্ৰমী সংগ্ৰামৰ বাবে সাজু

[ ১২৬ ]

হ’বলৈ কৈছিল আৰু এই সংগ্ৰামৰ বাতৰি আমাৰ কাকতত বিস্তাৰিত
ৰূপত প্ৰকাশিত হোৱাটো বিচাৰিছিল। তেওঁ লগতে আমাৰ কেডাৰসকল
আৰু আন ৰাজনৈতিক দলবোৰৰ সদস্যসকলৰ মাজত সম্পৰ্ক গঢ়ি
তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল’বলৈ আমাক নিৰ্দেশ দিছিল।’

 ২০০৫ চনৰ ২ জানুৱাৰীত ৰাষ্ট্ৰসংঘ আৰু ইউৰোপিয়ান ইউনিয়নে মাওবাদীসকলৰ যুদ্ধবিৰতিৰ প্ৰতি সঁহাৰি জনাবলৈ ৰজা জ্ঞানেন্দ্ৰক আহ্বান জনাইছিল। ৰাষ্ট্ৰসংঘ আৰু ইউৰোপিয়ান ইউনিয়ন উভয়ে ৰাজনৈতিক আলোচনাৰ মাজেৰে বিদ্ৰোহী সমস্যাটো সমাধান কৰিবলৈ নেপাল চৰকাৰক পৰামৰ্শ দিছিল। সেই সময়তে, ৰজা জ্ঞানেন্দ্ৰ ২২ দিনীয়া ভ্ৰমণসূচী লৈ পূব নেপাললৈ আহিছিল। তাৰ ইটাহাৰিত থকা ৰয়েল নেপাল আৰ্মিৰ পূব মণ্ডলৰ মুখ্য কাৰ্যালয়ত সেনাধ্যক্ষ জেনেৰেল পিয়াজুং থাপাকে ধৰি শীৰ্ষ সেনা বিষয়াসকলে তিনি ঘণ্টাতকৈও অধিক সময়জুৰি ৰজাক নিৰাপত্তা ব্যৱস্থা সম্পৰ্কে অৱগত কৰে। পৌৰসভাৰ নিৰ্বাচন সফল কৰাৰ লক্ষ্যৰে ৰজাক এইদৰে নিৰাপত্তা ব্যৱস্থা সম্পৰ্কে জনোৱা হয়।

 যুদ্ধবিৰতিৰ সুযোগ লৈ বিদ্ৰোহীসকলে নিজকে অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত কৰিব বিচৰা বুলি কৈ চৰকাৰে যুদ্ধবিৰতি ঘোষণা কৰিবলৈ অস্বীকাৰ কৰে। একে সময়তে মাওবাদীৰ নৃশংস কাৰ্যৰ এখন তালিকা সামৰি ৰয়েল নেপাল আৰ্মিৰ মানৱ অধিকাৰ কোষে প্ৰকাশ কৰা প্ৰথম প্ৰতিবেদনখনত সেনাৰ বিৰুদ্ধে থকা বে-আইনীভাৱে হত্যা কৰা আৰু মানৱ অধিকাৰ ভংগৰ অভিযোগ সম্পৰ্কত স্পষ্টীকৰণ দিয়া হয়। ২০০৫ চনৰ দ্বিতীয় ভাগতে মাওবাদীসকলে ১০,৭২৫টা অপহৰণ আৰু ৭৯২টা হত্যাৰ ঘটনা সংঘটিত কৰা বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হয়। লগতে মাওবাদীসকলে ৬৫টা বিস্ফোৰণ, ৪০টা ধন দাবী আৰু লুটপাতৰ ঘটনা আৰু ৩০টা ভাবুকি দিয়াৰ ঘটনা সংঘটিত কৰা বুলি প্ৰতিবেদনখনত প্ৰকাশ কৰা হয়। ইয়াৰ বাহিৰেও প্ৰতিবেদনখনত কোৱা হয় যে মাওবাদীসকলে ১,৮২৫টা ভি ডি চি বিল্ডিং, ৩৬টা দূৰসংযোগ টাৱাৰ, ৪২০ ডাকঘৰ, ৪০টা আৰক্ষী চকী আৰু ছটা বিদ্যুৎ প্ৰকল্প ধ্বংস কৰিছে।

 ২০০৫ চনৰ ২ জানুৱাৰীত যুদ্ধবিৰতিৰ ম্যাদ উকলি যোৱাত মাওবাদীয়ে সমগ্ৰ দেশজুৰি এলানি হিংসাত্মক ঘটনা সংঘটিত কৰে। জনযুদ্ধৰ দশম বাৰ্ষিকী পালনৰ সময়তে বিভিন্ন ঠাইত বোমা বিস্ফোৰণ ঘটোৱা, বেংক লুট কৰা আৰু নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ সংঘটিত কৰা হয়।

 ১৪ জানুৱাৰীত বিদ্ৰোহীসকলে কাঠমাণ্ডুৰ পাৰ্শ্বৱৰ্তী থানকোটৰ এখন আৰক্ষীচকীত এক বৃহৎ আক্ৰমণ চলায়। এই আক্ৰমণত ১৬গৰাকী আৰক্ষীৰ লোক নিহত হয়। কাঠমাণ্ডু উপত্যকাত চলোৱা এই আক্ৰমণেৰে বিদ্ৰোহী সংগঠনটোৱে নগৰ অঞ্চলত যুদ্ধ আৰম্ভ কৰাৰ ইংগিত দিয়ে।

[ ১২৭ ]  ইফালে মাওবাদী আৰু সাতদলীয় মৰ্চাৰ সদস্যসকলৰ মাজত বাঢ়ি অহা মিলবোৰ ৰজা জ্ঞানেন্দ্ৰৰ চৰকাৰৰ নজৰত পৰে। ২০ জানুৱাৰীত প্ৰদীপ নেপাল, সুভাৰ নেমবাং, ৰামচৰণ মাহাত, চক্ৰপ্ৰসাদ বাষ্টোলা, খুন বাহাদুৰ খাদকা, মীনা পাণ্ডে আৰু লক্ষ্মণ ঘিমিৰেকে ধৰি ১০০গৰাকীতকৈও অধিক ৰাজনৈতিক নেতাক নেপাল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। অৱশ্যে নেপালী কংগ্ৰেছৰ সভাপতি গিবিজাপ্ৰসাদ কৈবালা আৰু ইউ এম এলৰ সাধাৰণ সম্পাদক মাধৱ কুমাৰ নেপালক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল। ইতিমধ্যে চৰকাৰে সকলো ফোন সেৱা বন্ধ কৰি দিয়ে আৰু পৌৰসভাৰ নিৰ্বাচনৰ পূৰ্বে সাতদলীয় মৰ্চাই কাঠমাণ্ডুত আৰম্ভ কৰিব খোজা প্ৰতিবাদী কাৰ্যসূচী ব্যৰ্থ কৰিবৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়ে।

 ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত পৌৰসভাৰ নিৰ্বাচনত ভোটদানৰ হাৰ একেবাৰে কম হোৱা দেখা যায়। ভোটদানৰ হাৰ আছিল মাত্ৰ ২০ শতাংশ। উল্লেখযোগ্য যে দেশখনৰ প্ৰধান ৰাজনৈতিক দল আৰু মাওবাদীসকলে কেৱল এই নিৰ্বাচন বৰ্জন কৰাই নহয় তেওঁলোকে জনসাধাৰণক এই নিৰ্বাচনত অংশ নল’বলৈ আহ্বান জনাইছিল। আধাতকৈও বেছি অৰ্থাৎ ৪,১৪৬খন পৌৰসভাৰ আসনত কোনো প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা নাছিল। নিৰ্বাচন বৰ্জন কৰাটো এটা ডাঙৰ সফলতা হিচাপে বিবেচিত হয়, কাৰণ ই প্ৰমাণ কৰে যে ৰাজনৈতিক দলবোৰ আৰু মাওবাদীৰ মাজত ঐকমত্য স্থাপিত হৈছে।

 অৱশ্যে মাওবাদীসকলে হঠাৎ নিৰাপত্তা বাহিনীৰ ওপৰত বিশেষকৈ নগৰ অঞ্চলত আক্ৰমণ তীব্ৰতৰ কৰি তোলাত সাতদলীয় মৰ্চাৰ অংশীদাৰ ৰাজনৈতিক দলবোৰে বিব্ৰতবোধ কৰে।

 জালানাথ খানালৰ মতে সাতদলীয় মৰ্চাৰ নেতাসকলে নতুন দিল্লীত প্ৰচণ্ড আৰু বাবুৰাম ভট্টৰাইৰ সৈতে কেইবালানিও আলোচনা অনুষ্ঠিত কৰে আৰু তেওঁলোকক আক্ৰমণ অব্যাহত নাৰাখিবলৈ বাৰে বাৰে অনুৰোধ জনায়। কাৰণ তেওঁলোকৰ মতে এইধৰণৰ আক্ৰমণে জ্ঞানেন্দ্ৰৰ বিৰুদ্ধে আৰম্ভ কৰা শান্তিপূৰ্ণ আন্দোলনৰ প্ৰক্ৰিয়াক বিঘ্নিত কৰিব পাৰে।

 নেপালত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে ৰজা জ্ঞানেন্দ্ৰৰ চৰকাৰক হেঁচা দিয়াৰ উদ্দেশ্যে এক বৃহৎ আন্দোলন গঢ়ি তুলিবলৈ খুব সোনকালেই সাতদলীয় মৰ্চা আৰু মাওবাদী নেতাসকল সংগঠিত হ’বলৈ আৰম্ভ কৰে। মাৰ্চৰ মাজভাগত নতুন দিল্লীত ৰাজনৈতিক দল আৰু মাওবাদীৰ মাজত আন এখন চুক্তি স্বাক্ষৰিত হয়। প্ৰচণ্ড আৰু বাবুৰাম ভট্টৰাইৰ উপৰি মহন্ত ঠাকুৰ, বামদেৱ গৌতম, জালানাথ খানাল আৰু কৃষ্ণপ্ৰসাদ চিটাউলাকে ধৰি আন ভালেকেইগৰাকী ৰাজনৈতিক নেতাই ছয়দফীয়া চুক্তিখনৰ চূড়ান্ত ৰূপ দিয়ে। নতুন চুক্তিপত্ৰখনৰ খচৰা খুব সূক্ষ্মভাৱে প্ৰস্তুত কৰা হয়। চুক্তিপত্ৰখনত জন আন্দোলনৰ আধাৰ নীতি গ্ৰহণৰ বিষয়ে উল্লেখ কৰা হয়।
[ ১২৮ ]

১৭

জন আন্দোলন

 বাৰদফীয়া চুক্তি স্বাক্ষৰ হোৱাৰ প্ৰায় পাঁচমাহৰ পাছত সাতদলীয় মৰ্চা (এছ পি এ)ই ২০০৬ চনৰ এপ্ৰিলৰ পৰা সমগ্ৰ দেশজুৰি এটা চাৰিদিনীয়া সাধাৰণ ধৰ্মঘটৰ আহ্বান দিয়ে। মাওবাদীসকলেও ইয়াৰ সমৰ্থনত কাঠমাণ্ডু উপত্যকাত যুদ্ধবিৰতি ঘোষণা কৰে। প্ৰথম চাৰিদিনত নেপালৰ বিভিন্ন ঠাইত, বিশেষকৈ কাঠমাণ্ডুত ব্যাপক ৰূপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ফলশ্ৰুতিত, ৮ এপ্ৰিলত কাঠমাণ্ডুত সান্ধ্য আইন বলৱৎ কৰা হয়। সান্ধ্য আইন জাৰি কৰা সত্ত্বেও অসংগঠিত ৰূপত প্ৰতিবাদ অব্যাহত থাকে।

 পিছদিনা সাতদলীয় মৰ্চা (এছ পি এ)ই অনিৰ্দিষ্ট কালৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ঘোষণা কৰে আৰু কৰ নিদিবলৈ আহ্বান জনায়। সাতদলীয় মৰ্চাৰ আন্দোলনৰ মুখ্য উদ্দেশ্য আছিল গণতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠা। কিন্তু বিতৰ্কিত ৰজা জ্ঞানেন্দ্ৰ আছিল অতিশয় অনমনীয় আৰু আঁকোৰগোজ। ক্ষমতা ত্যাগ কৰাৰ কোনো লক্ষণ তেওঁৰ কথা-বতৰাত প্ৰকাশ পোৱা নাছিল।

 অন্যহাতে তদানীন্তন গৃহমন্ত্ৰী কমল থাপাই দাবী কৰিছিল যে প্ৰতিবাদী কাৰ্যসূচীবোৰত মাওবাদীৰ প্ৰৱেশ ঘটিছে। লগতে তেওঁ সান্ধ্য আইন অব্যাহত থাকিব বুলিও ঘোষণা কৰিছিল। ক্ৰমান্বয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োটা প্ৰচাৰ মাধ্যমৰ গণ বিক্ষোভটোৰ প্ৰতি দিয়া মনোযোগ বাঢ়ি যোৱাত প্ৰতিবাদৰ প্ৰাবল্যও বাঢ়ি গৈছিল।

 সমগ্ৰ দেশখনৰ লাখ লাখ নেপালীয়ে বিৰোধীয়ে নেতৃত্ব দিয়া প্ৰতিবাদী কাৰ্যসূচীত [ ১২৯ ] অংশগ্ৰহণ কৰিছিল। প্ৰতিবাদকাৰী জনতাই ৰজা জ্ঞানেন্দ্ৰৰ একনায়কত্ববাদী শাসনৰ অবসানৰ লগতে গৃহযুদ্ধৰ সমাপ্তি বিচাৰিছিল। কিন্তু ৰাজতান্ত্ৰিক চৰকাৰখনে অতিশয় নৃশংসতাৰে আৰু বল প্ৰয়োগেৰে প্ৰতিবাদী কাৰ্যসূচী দমন কৰিবলৈ চেষ্টা চলাইছিল। প্ৰায় প্ৰতিদিনেই, নেপাল পুলিচ আৰু সশস্ত্ৰ পুলিচ বাহিনীৰ জোৱান লাঠীচালনা তথা গুলীচালনাত লিপ্ত হৈছিল। ৰাজধানীত ৰাজতন্ত্ৰবিৰোধী প্ৰতিবাদী কাৰ্যসূচীসমূহ সামাকুছি, গংগাবু, বসুন্ধৰা, কলংকি, চবাহিল, পটনধোকা, সোণধৰা, টংগাল আৰু লঙানখেলৰ দৰে কৌশলগত দিশৰ পৰা সুবিধাজনক স্থানসমূহত ৰূপায়ণ কৰা হৈছিল। শীঘ্ৰেই প্ৰবল ৰূপ ধাৰণ কৰা প্ৰতিবাদটোৱে ‘জন আন্দোলন’ৰ অভিধা লাভ কৰিছিল।

 এপ্ৰিলৰ ১১ তাৰিখে কাঠমাণ্ডুৰ গংগাবুত প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত পোনপ্ৰথমবাৰৰ বাবে সংঘৰ্ষ হৈছিল। নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত গুলীবৰ্ষণ কৰিছিল৷ অৱশ্যে গুলী আৰু দমনমূলক ব্যৱস্থাই আন্দোলনৰ উদ্যম অকণো হ্ৰাস কৰিব পৰা নাছিল।

 জন আন্দোলনৰ মাজতে আন্দোলনকাৰীসকলক উৎসাহ যোগাবৰ বাবে প্ৰচণ্ডই এটা বিবৃতি দিছিল। মাওবাদী নেতাজনে কৈছিল যে এই প্ৰতিবাদ এতিয়া মাথোঁ বিৰোধী দলৰেই প্ৰতিবাদ হৈ থকা নাই, বৰঞ্চ ই জন আন্দোলনত পৰিণত হৈছে। তেওঁ বিদ্ৰোহক নেতৃত্ব দান কৰিবৰ বাবে কাঠমাণ্ডুলৈ আহিব পাৰে বুলিও সতৰ্ক কৰি দিছিল।

 প্ৰতিটো পুৱাতেই প্ৰতিবাদী সভাবিলাকৰ বক্তাসকলে কৈছিল যে মাওবাদী নেতাজনে নিজৰ কাম কৰি আছে আৰু যিকোনো মুহূৰ্তত তাত চামিল হ’ব পাৰে। দৰাচলতে, প্ৰচণ্ডৰ কাঠমাণ্ডু আগমন তথা আন্দোলনৰ নেতৃত্ব প্ৰদানৰ ভাবুকিয়ে আন্দোলনটোৰ শক্তি বৃদ্ধি পোৱাত বিশেষ প্ৰভাৱ পেলাইছিল। নেপালৰ দূৰৱৰ্তী ৰ’লপা-ৰুকুমত অৱস্থিত মাওবাদীৰ সদৰস্থানৰ পৰা আন্দোলনটো পৰিচালনা কৰিবলৈ জটিল আছিল বাবে প্ৰচণ্ড সেই সময়ত নতুন দিল্লীত আছিল। জালানাথ খানালে এই সম্পৰ্কে কয়—

‘জন আন্দোলনৰ সময়ত প্ৰচণ্ড দিল্লীত আছিল আৰু মই প্ৰায়েই নিতৌ
দুই-তিনিবাৰ লগ কৰিছিলোঁ। জন আন্দোলনৰ প্ৰতিটো দিশৰ বিষয়েই
আমি আলোচনা কৰিছিলোঁ। অৱশ্যে, কাঠমাণ্ডুত থাকি আন্দোলনটো
পৰিচালনা কৰা কোনো আঁচনিৰ কথা মোৰ মনত নপৰে।’

 জন আন্দোলনটো তীব্ৰতৰ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত যেতিয়া গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলগা হৈছিল, নেপালৰ ৰাজনৈতিক দলবিলাকৰ নেতৃবৃন্দই নতুন দিল্লীৰ বিভিন্ন ঠাইত ঘণ্টাৰ পাছত ঘণ্টাজুৰি আলোচনাত মিলিত হৈছিল। খানালে কয়—

‘জন আন্দোলনৰ সময়ত যেতিয়াই নেপালত সংকট সৃষ্টি হৈছিল,
আমি (প্ৰচণ্ডকে ধৰি) যুদ্ধকালীন ক্ষিপ্ৰতাৰে আলোচনাত বহিছিলোঁ

[ ১৩০ ]

আৰু সিদ্ধান্ত লৈছিলোঁ। প্ৰচণ্ডৰ সৈতে মত বিনিময় কৰি মই উপলব্ধি
কৰিছিলোঁ যে তেওঁ (প্ৰচণ্ড) এজন নমনীয় ব্যক্তি আৰু পৰিস্থিতিয়ে
দাবী কৰা অনুসৰি তেওঁ নিজকে খাপ খুৱাই ল’ব পাৰে।’

 জটিল ৰাজনৈতিক সংকটবিলাকত প্ৰচণ্ডই গ্ৰহণ কৰা নমনীয় স্থিতিৰ বাবে কট্টৰ কমিউনিষ্ট পাৰ্টিৰ সদস্যবিলাকৰ সৈতে সোঁপন্থী ৰাজনৈতিক দলবিলাকৰ সম্পৰ্ক গঢ়ি উঠাত সহায়ক হৈছিল। সাতদলীয় মৰ্চাৰ অংশীদাৰসকলে ৰজা জ্ঞানেন্দ্ৰৰ স্বেচ্ছাচাৰী শাসনৰ অৱসান ঘটাবলৈ আৰু নেপালত স্থায়ী গণতন্ত্ৰ পুনঃপ্ৰতিষ্ঠাৰ বাবে আন্দোলন অধিক তীব্ৰতৰ কৰি তুলিছিল।

 ৰাজনৈতিক দলসমূহৰ লগত হোৱা আলোচনালানিত প্ৰচণ্ডই তেওঁলোকক মাওবাদীৰ দুটা প্ৰধান দাবীৰ ক্ষেত্ৰত প্ৰত্যয় জন্মাবলৈ সক্ষম হৈছিল— সেয়া আছিল সাংবিধানিক পৰিষদৰ নিৰ্বাচন আৰু ৰাজতন্ত্ৰৰ অৱসান।

 নেপালৰ শান্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা নেপালী কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা কৃষ্ণপ্ৰসাদ চিটাউলাই কয়—

‘মানুহক প্ৰত্যয় নিয়াব পৰা তেওঁৰ (অধ্যক্ষ প্ৰচণ্ড) এটা ডাঙৰ গুণ
আছিল৷ যিকোনো বিষয় তেওঁ ভালদৰে প্ৰস্তুতি চলাইহে মানুহৰ সন্মুখত
শৃংখলাবদ্ধভাৱে উপস্থাপন কৰিছিল।’

 দৰাচলতে, সাতদলীয় মৰ্চাৰ নেতাসকলে প্ৰচণ্ডক লগ পোৱাৰ আগলৈকে তেওঁলোকৰ ৰাজনৈতিক দলসমূহৰ কৰ্মসূচীত গণৰাজ্যৰ বিষয়টো নাছিলেই। দলবিলাকৰ মুখ্য লক্ষ্য আছিল প্ৰতিনিধি সদনৰ পুনৰ গঠন কৰা আৰু নিজৰ হাতলৈ ক্ষমতা অনা।

 নেপালৰ সংকট দূৰীকৰণৰ ক্ষেত্ৰত নতুন দিল্লীৰ হস্তক্ষেপৰ প্ৰয়োজনীয়তাৰ কথা ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী আই কে গুজৰালক জালানাথ খানালে আগতেই জনাইছিল। ইয়াৰ প্ৰতি সঁহাৰি জনাই গুজৰালে প্ৰধান মন্ত্ৰী মনমোহন সিঙক অৱগত কৰাইছিল আৰু প্ৰতিৱেশী দেশখনত হোৱা ৰাজনৈতিক অস্থিৰতা প্ৰত্যক্ষ কৰি এপ্ৰিল মাহৰ ১৯ তাৰিখে নতুন দিল্লীয়ে কৰণ সিঙক প্ৰধান মন্ত্ৰীৰ বিশেষ কটকী হিচাপে কাঠমাণ্ডুলৈ প্ৰেৰণ কৰিছিল। ৰজা জ্ঞানেন্দ্ৰক ক্ষমতা পৰিত্যাগ কৰিবৰ বাবে সন্মত কৰাবলৈ কৰণ সিঙৰ ওপৰত দায়িত্ব ন্যস্ত কৰা হৈছিল। ৰজা জ্ঞানেন্দ্ৰৰ লগত আলোচনা কৰিবৰ বাবে জন্মু কাশ্মীৰৰ পূৰ্বৰ শাসক ফৈদৰ উত্তৰসূৰী কৰণ সিঙক নিয়োগ কৰাৰ ক্ষেত্ৰত বিশেষ যুক্তি আছিল। কাৰণ নেপালৰ অভিজাত শ্ৰেণীটোৰ লগত কৰণ সিঙৰ পাৰিবাৰিক সম্পৰ্ক আছিল— তেওঁৰ পত্নী নেপালত ১০৪ বছৰ ধৰি বংশানুক্ৰমিকভাৱে ৰাজত্ব কৰা ৰাণা পৰিয়ালৰ জীয়ৰী আছিল।

 খানালে দাবী কৰে যে ৰাজনৈতিক পৰিস্থিতি আৰু সংকটাৱস্থাৰ পৰা হিমালয়ৰ পাদ্‌দেশখনক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত সম্ভাব্য উপায়ৰ বিষয়ে নেপাল ভ্ৰমণৰ প্ৰাক্‌ক্ষণত [ ১৩১ ] কৰণ সিঙে খানালক সাক্ষাৎ কৰি আলোচনা কৰিছিল। আনহাতে ২০ এপ্ৰিলত চৰকাৰীপক্ষই কালাংকিত নিৰস্ত্ৰ জনতাৰ ওপৰত গুলীবৰ্ষণ কৰি কমেও তিনিজন লোকক নিহত কৰে। পূৰ্ণ ৰাজতন্ত্ৰৰ সমাপ্তিৰ প্ৰাক্-অধ্যায় হিচাপে ‘কালাংকিৰ গুলীবৰ্ষণ’ পৰিগণিত হয়।

 নতুন দিল্লীলৈ কৰণ সিঙৰ প্ৰত্যাৱৰ্তনৰ পাছত, ২১ এপ্ৰিলত ৰজা জ্ঞানেন্দ্ৰই ঘোষণাপত্ৰৰ জৰিয়তে জনগণক ৰাজনৈতিক ক্ষমতা ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে আৰু সমাগত নিৰ্বাচনৰ কথা ঘোষণা কৰে। সাতদলীয় মৰ্চাক নেপালৰ নতুন প্ৰধান মন্ত্ৰীক মনোনয়ন কৰিবৰ বাবেও তেওঁ আহ্বান জনায়।

 ৰজাৰ এই ঘোষণাৰ পাছ মুহূৰ্ততে ভাৰতবৰ্ষকে ধৰি ভালেকেইখন ৰাষ্ট্ৰই নেপালী জনগণক তেওঁলোকৰ সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অন্তৰ্গত বহিঃপৰিক্ৰমণ প্ৰচাৰ গোটে জাৰি কৰা বিবৃতিটোত কোৱা হয়—

‘বহুদলীয় গণতন্ত্ৰ আৰু জনগণৰ গণতান্ত্ৰিক স্বাধীনতাৰ বাবে চলোৱা
জন আন্দোলনক নেতৃত্ব প্ৰদান কৰা সাতদলীয় মৰ্চাই গঠন কৰা
চৰকাৰক সকলো কাৰ্যকৰী ক্ষমতা হস্তান্তৰ কৰিবৰ বাবে ৰজা জ্ঞানেন্দ্ৰই
গ্ৰহণ কৰা সিদ্ধান্তক ভাৰতবৰ্ষই স্বাগতম জনাইছে।’

 কিন্তু পাছদিনা, প্ৰায় পাঁচলাখ লোকে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজধানী চহৰখনৰ ৰিং ৰোড (আৱৰ্তিত পথ)ৰ ফালে আগবাঢ়ে আৰু ৰাজনৈতিক দলসমূহে ৰজা জ্ঞানেন্দ্ৰই আগবঢ়োৱা প্ৰস্তাৱ নাকচ কৰে। অপসাৰিত প্ৰতিনিধি সদন তৎকালেই পুনৰ প্ৰতিষ্ঠাৰ বাবে জনগণে দাবী জনায়। প্ৰতিবাদকাৰীসকলে নিৰাপত্তাৰক্ষীৰ সকলো বাধা ভাঙি পেলায় আৰু চাৰিওদিশৰ পৰা মূল চহৰখনত প্ৰৱেশ কৰে। তেওঁলোকে আনকি ৰাজপ্ৰাসাদত প্ৰৱেশ কৰিবলৈও উদ্যত হয়। অৱশ্যে, হঠাৎ অহা ধাৰাসাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত অধিক ধ্বংসাত্মক কাৰ্য সংঘটিত হোৱাৰ আগতেই জনসাধাৰণে পৃষ্ঠভংগ দিয়ে।

 ২৩ এপ্ৰিলত এটা গুজব প্ৰচাৰ হয় যে দুদিনৰ পাছত ২০ লাখ লোকে নাৰায়ণহিতিৰ ৰাজপ্ৰাসাদ ধ্বংস কৰি পেলাব। ইতিপূৰ্বেই ২২জন লোক নিহত আৰু শিশুকে ধৰি ৪০০০ লোক গুৰুতৰভাৱে আহত হোৱাৰ পৰিপ্ৰেক্ষিতত এই প্ৰচাৰে ৰজা জ্ঞানেন্দ্ৰ আৰু তেওঁৰ পৰামৰ্শদাতাসকলৰ নৈতিক মনোবল ভাঙি দিয়ে। ইতিমধ্যে ভালেসংখ্যক আন্তৰ্জাতিক মানৱ অধিকাৰ সংগঠনেও গণতন্ত্ৰকামী প্ৰতিবাদকাৰীসকলক বল প্ৰয়োগেৰে দমন কৰা কাৰ্যক ব্যাপক ৰূপত মানৱ অধিকাৰ খৰ্ব কৰা বুলি কটু সমালোচনা কৰে।

 উপায়ান্তৰ হৈ ৰজা জ্ঞানেন্দ্ৰই ২৪ এপ্ৰিলৰ দিনা পুৱা ১১.৩০ বজাত অন্য এক ঘোষণাৰ জৰিয়তে সকলো কাৰ্যকৰী ক্ষমতা পৰিত্যাগ কৰে আৰু অপসাৰিত প্ৰতিনিধি সদন পুনৰ গঠন কৰে। এই ঘোষণাত ৰাজনৈতিক দলসমূহ উৎফুল্লিত হৈ উঠে আৰু [ ১৩২ ] নতুন চৰকাৰ গঠন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলায়। অৱশ্যে এই কথাই মাওবাদীসকলক উৎসাহিত কৰা নাছিল। ২৫ এপ্ৰিলত প্ৰচণ্ড আৰু বাবুৰাম ভট্টৰায়ে যুটীয়াভাৱে স্বাক্ষৰ কৰা এটা বিবৃতিত অভিযোগ কৰে যে প্ৰতিনিধি সদনক অবৈধভাৱে গঠন কৰিবলৈ ৰজা জ্ঞানেন্দ্ৰই চেষ্টা চলাইছে। তেওঁলোকে লগতে অভিযোগ কৰে যে এই কাৰ্যই সংসদীয় ব্যৱস্থাটোক উপহাস কৰিছে। বিবৃতিটোত লগতে কোৱা হয়—

‘সংসদ পুনৰ সক্ৰিয়কৰণৰ ক্ষেত্ৰত, আমাৰ (মাওবাদী) সৈতে আলোচনা
নকৰাকৈয়ে সাতদলীয় মৰ্চাই একপক্ষীয়ভাৱে আগবঢ়োৱা সমৰ্থনে ১২
দফীয়া চুক্তিৰ মূল উদ্দেশ্যটোকেই কুঠাৰাঘাত কৰিব। ৰজাৰ পৰা
উপহাৰ হিচাপে পোৱা সংসদ এখনে সাংবিধানিক পৰিষদ গঠন কৰিবৰ
বাবে নিঃচৰ্তভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিব বুলি জনসাধাৰণে
কিয় বিশ্বাস কৰিব?’

 সাতদলীয় মৰ্চাৰ সিদ্ধান্তক এটা সাংঘাতিক ৰাজনৈতিক ভুল বুলি অভিহিত কৰি প্ৰচণ্ডই কয় যে ৰাজনৈতিক দলসমূহৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ বাবে প্ৰতিবাদ অব্যাহত ৰখাটো দৰকাৰী। মাওবাদীসকলে ৰাজধানীৰ জনজীৱন বিঘ্নিত কৰিবলৈ তিনিসপ্তাহজোৰা পৰিবহণ ধৰ্মঘট কৰিব বুলিও ভাবুকি দিয়ে। অৱশ্যে যথাসম্ভৱ শীঘ্ৰে সাংবিধানিক পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিব বুলি সাতদলীয় মৰ্চাই প্ৰদান কৰা প্ৰতিশ্ৰুতিত এপ্ৰিলৰ ২৬ তাৰিখে মাওবাদীসকলে তিনিমাহৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰে। এই ঘোষণাই ২৮ এপ্ৰিলত প্ৰতিনিধি সদন পুনৰ গঠনৰ বাবে বাট মুকলি কৰি দিয়ে আৰু কৈৰালাই প্ৰধান মন্ত্ৰী হিচাপে ৰজাৰ ওচৰত শপত গ্ৰহণ কৰে।

 প্ৰাৰম্ভিক অৱস্থাত কৈৰালাই হাতত লোৱা কেতবোৰ পদক্ষেপৰ পৰিপ্ৰেক্ষিতত মাওবাদীসকলে সাতদলীয় মৰ্চাক আস্থাত ল’বলৈ যথেষ্ট যুক্তি বিচাৰি পাইছিল। মাওবাদীসকলৰ লগত আলোচনা অনুষ্ঠিত কৰিবৰ বাবে কৈৰালা নেতৃত্বাধীন চৰকাৰখনে কৃষ্ণপ্ৰসাদ চিটাউলা, প্ৰদীপ গ্যায়ালী আৰু ৰমেশ দত্ত লাথাকক লৈ দল গঠন কৰি দিছিল।

 ইয়াৰ আগতে মাওবাদীসকলে কৃষ্ণ বাহাদুৰ মাহাৰা, দেৱ গুৰুং আৰু দীননাথ মিশ্ৰৰে গঠিত এটা তিনিজনীয়া আলোচনাকাৰী দলৰ কথা ঘোষণা কৰিছিল আৰু প্ৰথমলানি আলোচনাত যুদ্ধবিৰতিৰ কালছোৱাত পালন কৰিবলগীয়া নীতি-নিয়ম ঠিক কৰা হৈছিল।

 ১৮ মে'ত নতুনকৈ ক্ষমতাসীন হোৱা সংসদে নেপালী সেনাৰ সৰ্বাধিনায়ক পদৰ পৰা ৰজা জ্ঞানেন্দ্ৰক আঁতৰাইছিল আৰু তেওঁক মাত্ৰ আলংকাৰিক কৰ্তৃপক্ষ (চেৰিমনিয়েল অথ’ৰিটী) কৰি ৰাখিছিল। ৰাজ উপসৰ্গটো আঁতৰাই দিয়াৰ লগে লগে ইয়াৰ নাম নেপাল চৰকাৰ, নেপাল এয়াৰলাইনছ আৰু নেপাল সেনালৈ ৰূপান্তৰিত হৈছিল।

[ ১৩৩ ]

১৮

ৰাজহুৱা প্ৰেক্ষাপটত
প্ৰচণ্ডৰ প্ৰথম আত্মপ্ৰকাশ

 জন আন্দোলনৰ পাছত গিৰিজাপ্ৰসাদ কৈৰালা নেতৃত্বাধীন চৰকাৰখনৰ মূল উদ্দেশ্য আছিল সৰ্বসাধাৰণ জনতাৰ ইচ্ছা আৰু আশা-আকাংক্ষাৰ প্ৰতি সঁহাৰি জনাই মাওবাদী বিদ্ৰোহীসকলক মূলসুঁতিলৈ ঘূৰাই আনি দেশত শান্তিৰ বাতাৱৰণ প্ৰতিষ্ঠা কৰা। দেশখনত দশকজুৰি সংঘটিত হোৱা সন্ত্ৰাসবাদী কাৰ্যকলাপত প্ৰায় ১৩,০০০ৰৰো অধিক লোকে প্ৰাণ হেৰুৱাইছিল। তদুপৰি ভালেমান লোক আঘাতপ্ৰাপ্ত আৰু ঘূণীয়া হৈছিল। এই সুদীৰ্ঘ দহবছৰে দেশখনৰ জনতাই শান্তিৰ বাতাৱৰণ প্ৰত্যক্ষ কৰা নাছিল। দেশৰ জনতায়ো নেপালৰ ৰাজনৈতিক প্ৰেক্ষাপটত মাওবাদীসকলেও কিবা এটা কৰিবলৈ সুবিধা আৰু সুযোগ পোৱাটো কামনা কৰিছিল।

 প্ৰতিনিধি সদন গঠন হোৱাৰ এমাহ পাছত কৈৰালা আৰু সাতদলীয় মৰ্চাৰ আন ছটা সহযোগী দলৰ ওপৰত মাওবাদীৰ সৈতে শান্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দায়িত্ব দিয়া হৈছিল যদিও এমাহ পাৰ হৈ যোৱাৰ পাছতো শান্তি প্ৰক্ৰিয়াই বিশেষ অগ্ৰগতি লাভ নকৰিলে। উল্লেখযোগ্য যে ঐতিহাসিক বাৰদফীয়া চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত আলোচনা প্ৰক্ৰিয়া আৰম্ভ হৈছিল।

[ ১৩৪ ] শান্তি প্ৰক্ৰিয়াত বিলম্ব হোৱা দেখি কৈৰালা আৰু তেওঁৰ সহযোগী দলৰ নেতাসকল অধৈৰ্য হৈ পৰিল। গৃহমন্ত্ৰী চিটাউলাৰ নেতৃত্বত গঠিত তিনিজনীয়া মধ্যস্থতাকাৰী দলটোৱেও মাওবাদী বিদ্ৰোহীসকলক মূলসুঁতিলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰিও বিশেষ সফলতা লাভ নকৰিলে।

 কৃষ্ণ বাহাদুৰ মাহাৰা, দেৱ গুৰুং আৰু দীননাথ শৰ্মাৰে গঠিত আলোচনাকাৰী দলটোৱে মাওবাদীসকলৰ লগত কেইবালানিও বৈঠকত মিলিত হোৱাৰ পাছতো শান্তি প্ৰক্ৰিয়াই বিশেষ অগ্ৰগতি লাভ নকৰিলে।

 ভাৰতবৰ্ষৰ পঞ্জাৱত অনুষ্ঠিত মাওবাদীসকলৰ এখন বৈঠকত সভাপতিত্ব কৰাৰ পাছত প্ৰচণ্ডই ২০০৬ চনৰ মে’ মাহৰ প্ৰথম সপ্তাহত বাবুৰাম ভট্টৰায়ৰ লগ লাগি বীৰগুঞ্জ হৈ নেপালত প্ৰৱেশ কৰে। তাৰ পাছত তেওঁ হেটাওদা আৰু তাৰ চুবুৰীয়া কিছুমান অঞ্চলত কেইবাটাও দলীয় কাৰ্যসূচীত উপস্থিত থাকে। সেই সময়ত যদিও প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ ৰাজনৈতিকভাৱে ক্ষমতাহীন হৈ পৰিছিল আৰু কৈৰালাই নেপালৰ শাসনভাৰৰ দায়িত্ব লৈছিল, তথাপি মাওবাদী নেতা প্ৰচণ্ডই আত্মগোপন কৰি আছিল। সাতদলীয় সংযুক্ত মৰ্চা চৰকাৰখনে গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত সঠিক সিদ্ধান্ত লৈ সমাধানসূত্ৰ নুলিওৱা পৰ্যন্ত প্ৰচণ্ডই ৰাজহুৱা প্ৰেক্ষাপটলৈ আহিবলৈ অমান্তি হৈছিল।

 মাওবাদী বিদ্ৰোহীসকলে তেওঁলোকৰ দাবীক লৈ অটল হৈ আছিল। তেওঁলোকে ৰাজতন্ত্ৰৰ বিলোপ সাধন হোৱাটো বিচাৰিছিল আৰু ৰজা জ্ঞানেন্দ্ৰৰ হাতত নামমাত্ৰ ক্ষমতা থকাৰ বিষয়টোত মুঠেই সুখী নাছিল।

 ৰাজপ্ৰাসাদৰ পৰা বিতাড়িত আৰু ক্ষমতাচ্যুত ৰজা জ্ঞানেন্দ্ৰৰ সৈতে বন্ধুত্বসুলভ সম্পৰ্ক ৰখাকে আৰম্ভ কৰি চৰকাৰৰ প্ৰতিটো কামকে মাওবাদী বিদ্ৰোহীসকলে সন্দেহৰ চকুৰে চাবলৈ ধৰিছিল। মাওবাদী বিদ্ৰোহীসকলে চৰকাৰৰ ওপৰত আৰোপ কৰা বিভিন্ন বিষয়ক অভিযোগ আৰু ওজৰ-আপত্তিয়ে শান্তি প্ৰক্ৰিয়াটোক অনিশ্চয়তাৰ ফালে ঠেলি দিছিল। মাওবাদী মুখপাত্ৰ মাহাৰাই ধানগাধিত দাবী কৰে যে ৰাজনৈতিক দলবোৰে ২৪ এপ্ৰিলত ৰজাৰ লগত চুক্তি কৰি তেওঁক সিংহাসনত বাহাল ৰখাৰ কথা দিছিল। মাহাৰাই লগতে অভিযোগ কৰে যে বিদেশী শক্তিসমূহেও ৰজা আৰু ৰাজনৈতিক দলবোৰক একত্ৰিত কৰি মাওবিদ্ৰোহীসকলক এঘৰীয়া কৰিবলৈ উঠিপৰি লাগিছে।

 এই সন্দৰ্ভত চিটাউলাই কয়—

‘গিৰিজা বাবুৱে (কৈৰালা) শান্তি প্ৰক্ৰিয়া লেহেমীয়া হৈ পৰাত অধৈৰ্য
হৈ পৰিছিল। যিহেতু সমগ্ৰ বিশ্বই আমাক প্ৰত্যক্ষ কৰি আছে, তেওঁ
সেয়ে মাওবাদীসকলৰ সৈতে যিমান সোনকালে পাৰি সিমান
সোনকালে আলোচনা সমাপ্ত হোৱাটো বিচাৰিছে। কিন্তু আমি এইক্ষেত্ৰত

[ ১৩৫ ]

অতি সাৱধানেৰে পদক্ষেপ ল’ব লাগিব, কিয়নো এটা সাধাৰণ ভুলেই
গোটেই শান্তি প্ৰক্ৰিয়াটোক ব্যাহত কৰি তুলিব পাৰে।’

 ২০০৬ চনৰ জুন মাহৰ ৬ তাৰিখে প্ৰধান মন্ত্ৰী গিৰিজাপ্ৰসাদ কৈৰালাই নেপালৰ উন্নয়নৰ বাবে নতুন দিল্লীৰ সহায় বিচাৰি ভাৰত ভ্ৰমণলৈ আহে। কিন্তু প্ৰচণ্ডই কৈৰালাক দেশৰ ৰাজনৈতিক সমস্যাৱলী সমাধান নকৰালৈকে ভাৰত চৰকাৰৰ পৰা কোনোধৰণৰ অৰ্থনৈতিক সাহায্য নল’বলৈ হেঁচা দিছিল। লগতে তেওঁ কৈৰালাক ভাৰতবৰ্ষৰ বিভিন্ন জে’লত বন্দী হৈ থকা ১৪০জন মাওবাদী বিদ্ৰোহীৰ মুক্তিৰ বাবে উদ্যোগ ল’বলৈ কৈছিল।

 নতুন দিল্লীত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰিয়েই প্ৰধান মন্ত্ৰী কৈৰালা আৰু তেওঁৰ ৪১জনীয়া সঁজাতী দলটো আশ্চৰ্য আৰু আনন্দত অভিভূত হৈ পৰিছিল। কাৰণ তেওঁলোকক আদৰণি জনাবলৈ ভাৰতৰ প্ৰধান মন্ত্ৰী ড° মনমোহন সিং বিমান বন্দৰত উপস্থিত আছিল। প্ৰথমবাৰৰ বাবে এগৰাকী নেপালী প্ৰধান মন্ত্ৰীক ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰীয়ে আদৰণি জনাবলৈ বিমান বন্দৰত উপস্থিত হৈছিলগৈ।

‘আপুনি সমগ্ৰ দক্ষিণ এছিয়াৰেই এজন মহান নেতা। এতিয়া আপোনাৰ
দৰে আৰু কোনো নাই।’ কৈৰালাৰ সৈতে কমদন কৰি সিঙে কৈছিল।

 কৈৰালাৰ ভ্ৰমণকালত ভাৰতবৰ্ষই ১১.৩৪ বিলিয়ন মূল্যৰ আৰ্থিক সাহায্য নেপাললৈ

কৃষ্ণপ্ৰসাদ চিতুৱালা আৰু শেখৰ কৈৰালাৰ সৈতে আলোচনাৰত
প্ৰচণ্ড আৰু বাবুৰাম ভট্টৰায়, চিকলিছত

[ ১৩৬ ] আগবঢ়ায়। ইয়াৰে ১.৬৭ বিলিয়ন বাজেটেৰী ছাপ’ৰ্ট হিচাপে আৰু ৭.৩৪ বিলিয়ন ক্ষুদ্ৰ

ঋণ হিচাপে নেপালৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে আগবঢ়োৱা হৈছিল। ভাৰতবৰ্ষই ইয়াৰ বাজেটত অন্তৰ্ভুক্ত বহিঃখৰচৰ হাৰ বঢ়াবলৈ মান্তি হৈছিল। বাজেটৰ শিৰোনামত নেপাললৈ সাহায্য শিতানত এই সাহায্য ১.০৪ বিলিয়নৰ পৰা ২.৪ বিলিয়নলৈ বৃদ্ধি কৰিছিল।

 কাঠমাণ্ডুলৈ উভতি যোৱাৰ পাছত কৈৰালাই প্ৰচণ্ড আৰু বাবুৰাম ভট্টৰায়ক ব্যক্তিগতভাৱে শান্তি প্ৰক্ৰিয়াটোৰ নেতৃত্ব বহন কৰিবলৈ জোৰ দিছিল। দুয়োজন মাওবাদী নেতাক এই সন্দৰ্ভত যোগাযোগ কৰা হৈছিল। কিন্তু তেওঁলোকে কৈৰালাৰ আশাত চেঁচাপানী ঢালি কাঠমাণ্ডুলৈ আহিবলৈ অস্বীকাৰ কৰে।

 এই প্ৰসংগত চিটাউলাই কয়— ‘বাৰম্বাৰ অনুৰোধ কৰাৰ পাছত প্ৰচণ্ড আৰু বাবুৰাম ভট্টৰায় পতিয়ন গ’ল আৰু অৱশেষত তেওঁলোক মান্তি হ’ল। কিন্তু জনচক্ষুলৈ অহাৰ আগতে বহু কিবাকিবি কৰিবলগীয়া আছিল। সেয়ে মোৰ দেহৰক্ষী অবিহনেই মই হেলিকপ্টাৰেৰে তেওঁলোকক লগ কৰিবলৈ উৰা মাৰিছিলোঁ।

 জুন মাহৰ ১৪ তাৰিখে চিটাউলাই নেপালী কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ড° শেখৰ কৈৰালাৰ সৈতে কাস্কি জিলাৰ উত্তৰ পোখৰাৰ পাহাৰীয়া গাঁও চিকলিচলৈ ব্যক্তিগত হেলিকপ্টাৰেৰে উৰা মাৰে। চিকলিচ এখন ডাঙৰ গাঁও। সম্ভৱতঃ চিকলিচ নেপালৰ দ্বিতীয় বৃহৎ গুৰুং গাঁও। গুৰুঙসকলৰ পৰম্পৰাগত সংৰক্ষিত জীৱনশৈলীৰ বাবে ই বিখ্যাত। ইয়াৰ পৰা অন্নপূৰ্ণা আৰু লামজং পৰ্বতমালাৰ নৈসৰ্গিক শোভা সুন্দৰকৈ উপভোগ কৰিব পাৰি। প্ৰচণ্ড আৰু বাবুৰাম ভট্টৰায় দুয়োজনে সংগঠনৰ কামত তাত বাহৰ পাতি আছিল। চিটাউলাই এই প্ৰসংগত কয়—

‘মই যেতিয়া তাত উপস্থিত হৈছিলোঁ, মাওবাদী বিদ্ৰোহীসকল এখন
গাঁৱৰ গণসভাৰ কাৰণে মানুহবিলাকক সংগঠিত কৰা কামত ব্যস্ত
আছিল। মই চিকলিচত প্ৰচণ্ড আৰু বাবুৰাম ভট্টৰায়ৰ লগত বিভিন্ন
বিষয় সন্দৰ্ভত প্ৰায় চাৰি ঘণ্টা সময় কথা পাতি কটাইছিলোঁ আৰু
অৱশেষত তেওঁলোকে কাঠমাণ্ডুলৈ অহাৰ দিন ধাৰ্য কৰিছিল।’

 জুন মাহৰ ১৬ তাৰিখে চিটাউলাই পুনৰ প্ৰচণ্ড আৰু ভট্টৰায়ক কাঠমাণ্ডুলৈ আনিবৰ নিমিত্তে পোখৰালৈ উৰা মাৰে। জনচক্ষুৰ সন্মুখলৈ অহাৰ আনন্দত প্ৰচণ্ডৰ পত্নী সীতা আত্মহাৰা হৈ পৰিছিল। এই আনন্দ ব্যক্ত কৰি তেওঁ কয়—

‘কাঠমাণ্ডুলৈ আহি নেপালী জনতাৰ সন্মুখত উপস্থিত হোৱাটো আমাৰ
জীৱনৰ এটা গুৰুত্বপূৰ্ণ অধ্যায়। দশকজুৰি চলা গণযুদ্ধৰ সময়ছোৱাত
আমি এঠাইৰ পৰা আন এঠাইলৈ ঘূৰি ফুৰিবলগীয়া হৈছিল। সেয়া
সঁচাকৈয়ে বৰ কঠিন জীৱন আছিল।’

[ ১৩৭ ]

প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে আত্মপ্ৰকাশৰ উদ্দেশ্যে কাঠমাণ্ডুলৈ কৃষ্ণপ্ৰসাদ চিতুৱালাৰ
গাড়ীত পত্নী সীতাৰ সৈতে আহি থকা অৱস্থাত প্ৰচণ্ড। (ফটোঃ কিৰণ পাণ্ডে)

 হেজাৰ-বিজাৰ জনতাই মাওবাদী নেতাজনক আদৰণি জনাবলৈ ঘৰৰ ভিতৰৰ পৰা ওলাই আহিছিল। দেশৰ সকলোবোৰ মুখ্য বাতৰি কাকতেই শান্তি প্ৰক্ৰিয়াটোক লৈ যথেষ্ট আশাবাদী আছিল আৰু এখন শান্তিপূৰ্ণ নেপালৰ ছবি দেখা পাইছিল। এই সন্দৰ্ভত ‘দ্য কাঠমাণ্ডু প’ষ্টে’ লিখিছিল—

‘যেতিয়া আত্মগোপনকাৰী মাওবাদী নেতা পুষ্প কমল দাহাল ওৰফে
প্ৰচণ্ড আৰু তেওঁৰ সহযোগী বাবুৰাম ভট্টৰায়ে গৃহমন্ত্ৰী কৃষ্ণপ্ৰসাদ
চিটাউলাৰ লগত ব্যক্তিগত হেলিকপ্টাৰেৰে শুকুৰবাৰৰ দিনা কাঠমাণ্ডুৰ
মাটিত অৱতৰণ কৰিলে তেতিয়াই ই কেইবাদশক ধৰি চলা হিংসা
আৰু সন্ত্ৰাসৰ ওৰ পেলাই শান্তিৰ নতুন বাৰ্তা কঢ়িয়াই আনিলে।’

‘স্বদেশৰ জাতীয় ধ্বজা উৰুৱাই চিটাউলাই প্ৰচণ্ড, তেওঁৰ পত্নী সীতা
পৌড়েল আৰু বাবুৰাম ভট্টৰায়ৰ লগত একেলগে বহি প্ৰধান মন্ত্ৰীৰ
বাসগৃহলৈ ৰাওনা হোৱাৰ লগে লগেই নেপালৰ শান্তি প্ৰক্ৰিয়াৰ প্ৰত্যাশা
আৰু অধিক সজীৱ হৈ উঠিল।’

 আনকি প্ৰচণ্ডৰ কাৰণেও সুদীৰ্ঘ ২৫ বছৰ কাল আৰু বিশেষকৈ জনযুদ্ধৰ সময়ছোৱাত [ ১৩৮ ] দহ বছৰ আত্মগোপন কৰি জীৱন কটোৱাৰ পাছত ১৬ জুনৰ দিনা জনতাৰ সন্মুখলৈ আহিবলৈ পোৱাটো জীৱনৰ এটা উল্লেখযোগ্য আৰু গুৰুত্বপূৰ্ণ ঘটনা। এই প্ৰসংগত প্ৰচণ্ডই কয়—

‘কাঠমাণ্ডুত প্ৰথমদিনা মই জনতাৰ সন্মুখলৈ অহাৰ সময়ত এযোৰ
পাতল নীলা ছ্যুট পৰিধান কৰিছিলোঁ। পাতল নীলা ৰং মোৰ সকলোতকৈ
প্ৰিয়।’

 মাওবাদীৰ মুখপাত্ৰ আৰু মধ্যস্থতাকাৰী দলৰ সদস্য মাহাৰাৰ মতে কৈৰালা আৰু প্ৰচণ্ডৰ মাজত প্ৰায় দুঘণ্টা ধৰি আলোচনা চলিছিল। বৈঠকখনত বিশেষকৈ সংবিধান সভাৰ খৰতকীয়া নিৰ্বাচন আৰু অন্যান্য ৰাজনৈতিক সমস্যাবোৰৰ খৰতকীয়া সমাধান আদি বিষয়ৰ ওপৰত আলোকপাত কৰা হৈছিল। বৈঠকৰ শেষত চিটাউলাই ঘোষণা কৰিছিল—

‘আমি দেশখনক সাম্প্ৰতিক সংকটৰ পৰা মুক্ত কৰাৰ বাবে আঠদফীয়া
বুজাবুজিত উপনীত হ’লোঁহি।’

 প্ৰধান মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত প্ৰচণ্ডই সংবাদ প্ৰতিষ্ঠান ৰয়টাৰক উদ্দেশ্যি কয় যে প্ৰাৰম্ভিক বাধা তথা সমস্যাৱলী সত্ত্বেও শান্তি প্ৰক্ৰিয়াটো লক্ষ্যৰ পৰা আঁতৰি অহা নাই। তেওঁ পুনৰ দোহাৰিছিল যে আঠদফীয়া বুজাবুজি অনুযায়ী প্ৰতিনিধি সভা ভাঙি দি এখন অন্তৱৰ্তী চৰকাৰ গঠন কৰা হ’ব। এই শাসনে নেপালৰ কমিউনিষ্ট দল (মাওবাদী)ক অন্তৱৰ্তী সংবিধানৰ অধীনত প্ৰশাসন চলোৱাত সহায় কৰিব।

 মাওবাদী প্ৰধানজনে দাবী কৰিছিল যে অতি কম দিনৰ ভিতৰতে সংবিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব আৰু নতুন সংবিধান অনুযায়ী নেপালক এখন যুক্তৰাষ্ট্ৰীয় গণতান্ত্ৰিক প্ৰজাতন্ত্ৰলৈ পৰিৱৰ্তন কৰা হ’ব। আত্মগোপনৰ জীৱন সামৰি পোন প্ৰথমবাৰৰ বাবে জনমানসত ধৰা দিয়াৰ পাছত প্ৰচণ্ডই সংবাদ মাধ্যমক উদ্দেশ্যি কয় যে তেওঁলোকৰ এই চুক্তি ‘এক ঐতিহাসিক সিদ্ধান্ত’। লগতে তেওঁ দাবী কৰিছিল যে এই চুক্তিখনে দেশখনক এক নতুন দিশত ধাৱমান হোৱাত সহায় কৰিব।

 আত্মগোপনৰ জীৱন অন্ত পেলাই জনসাধাৰণৰ মাজলৈ ওলাই অহাৰ পাছত প্ৰচণ্ড তেওঁৰ পত্নী সীতা আৰু বাবুৰাম ভট্টৰায়ে কাঠমাণ্ডুত এৰাতি কটাইছিল। প্ৰধান মন্ত্ৰী কৈৰালা চিকিৎসাৰ বাবে বেংকক অভিমুখে ৰাওনা হ’বলগীয়া হোৱাত পুনৰ চিটাউলাই মাওবাদী নেতাকেইজনক নিৰাপত্তাৰ খাতিৰত ১৭ জুনত এখন ব্যক্তিগত হেলিকপ্টাৰেৰে দূৰৱৰ্তী দক্ষিণ নেপালৰ দাঁতিলৈ লৈ যায়।

 এই সন্দৰ্ভত তেওঁ কয়— ‘কাঠমাণ্ডুত মই তেওঁৰ (প্ৰচণ্ডৰ) নিৰাপত্তাক লৈ চিন্তিত [ ১৩৯ ] হৈ আছিলোঁ, কাৰণ তেওঁক ইয়ালৈ অনাৰ দায়িত্ব ময়েই লৈছিলোঁ। সেয়ে তেওঁ কাঠমাণ্ডুত দীঘলীয়া সময়ৰ কাৰণে থকাটোত মই জোৰ দিয়া নাছিলোঁ আৰু তেওঁক দাঁতিত নমাই থৈ আহিছিলোঁ। তেওঁ তালৈ সংগঠনৰ কামত যাবলৈ বিচাৰিছিল।’

 প্ৰচণ্ডৰ নাটকীয় ৰাজহুৱা আৱিৰ্ভাৱত সমগ্ৰ নেপালতে চাঞ্চল্যৰ সৃষ্টি হৈছিল। আনকি ৰজাৰ অত্যন্ত অনুগতজনেও মাওবাদী নেতাজনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল। ‘প্ৰচণ্ডৰ নেপালৰ ভৱিষ্যৎ সম্পৰ্কে আগবঢ়োৱা দৃষ্টিভংগীৰ উত্থাপন পদ্ধতিত মই অতিকে মুগ্ধ। মই ক’বই লাগিব যে তেওঁ অতি প্ৰশংসনীয়ভাৱে জাতীয় আৱেগক তুলি ধৰিলে।’ ৰজা জ্ঞানেন্দ্ৰৰ প্ৰাক্তন মন্ত্ৰী ৰমেশ নাথ পাণ্ডে প্ৰচণ্ডৰ প্ৰসংগত এনেদৰে মন্তব্য কৰে।

 প্ৰচণ্ডৰ ৰাজহুৱা আৱিৰ্ভাৱ তথা আঠদফীয়া চুক্তি স্বাক্ষৰিত হোৱাত নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহ অতি উৎসাহিত আৰু উৎফুল্লিত হৈ পৰিল। ‘দ্য কাঠমাণ্ডু প’ষ্ট’ৰ এটা সম্পাদকীয়ত লিখিছিল—

‘চলিত সময়ছোৱাত দেশখনত কিছুমান অগতানুগতিক পৰিৱৰ্তন সাধন
হৈছে। এপ্ৰিল মাহৰ ২৪ তাৰিখে ৰজাৰ ঘোষণাৰ পাছৰ পৰা হ’বলৈ
ধৰা এই পৰিৱৰ্তনত ২০০৬ চনৰ জুন মাহৰ ১৬ তাৰিখে ঘোষিত
হোৱা চুক্তিখনে ইয়াত অন্য এটা উল্লেখনীয় মাইলৰ খুঁটি স্থাপন কৰিলে।’

 কিন্তু প্ৰচণ্ডই দীৰ্ঘদিন আত্মগোপন কৰি হঠাৎ ৰাজহুৱাভাৱে আত্মপ্ৰকাশ কৰিবলগীয়া হোৱাত কিছু অসুবিধাৰ সন্মুখীন হ’ল। তেওঁ এই জীৱন অতি জটিল যেন অনুভৱ কৰিলে। শান্তি প্ৰক্ৰিয়াটো আৰম্ভ হোৱাৰ লগে লগেই তেওঁৰ কাম কৰাৰ ধৰণ সলনি হ’বলৈ ধৰিলে। জনযুদ্ধক নেতৃত্ব দিয়াৰ তুলনাত এই শান্তি প্ৰক্ৰিয়াৰ সংগ্ৰাম তেওঁৰ বাবে অধিক উদ্বেগজনক যেন লাগিল। এই গত প্ৰচণ্ডই কৈছে— ‘নেৰানেপেৰাকৈ চলা ৰাজনৈতিক তৰ্কযুদ্ধ বহু উদ্বেগেৰে ভৰপূৰ। যেতিয়া মই আত্মগোপন কৰি হাবিয়ে-বননিয়ে বা ভাৰতবৰ্ষত আছিলোঁ, তেতিয়াও মোৰ কোনো স্বাস্থ্যজনিত সমস্যা নাছিল। কিন্তু এতিয়া মই উচ্চ ৰক্তচাপ আৰু স্পণ্ডেলাইটিছ ৰোগত আক্ৰান্ত।’

[ ১৪০ ]

১৯

এখন সামগ্ৰিক শান্তি চুক্তি

 ২০০৬ চনৰ ১৬ জুনৰ দিনা প্ৰচণ্ডৰ ৰাজহুৱা আৱিৰ্ভাৱে শান্তি প্ৰক্ৰিয়াটো আৰু অধিক দ্ৰুততৰ কৰি তুলিলে। মাত্ৰ দহ দিনৰ ভিতৰতে মাওবাদী আৰু চৰকাৰৰ আলোচনাকাৰী দলটোৱে ৰাষ্ট্ৰীয় পৰ্যৱেক্ষক সমিতিৰ ক্ষমতা আৰু চুক্তিৰ ছুপাৰিছত একমত হৈ যুদ্ধবিৰতিৰ আচৰণবিধি মানি ল’বলৈ সিদ্ধান্ত ল’লে।

 জুলাই মাহৰ ১৫ আৰু ৩০ তাৰিখৰ ভিতৰত চৰকাৰ আৰু মাওবাদী উভয়ে ১৬ জনীয়া সদস্যৰে এখন অন্তৱৰ্তী সংবিধানৰ খচৰা প্ৰস্তুতকাৰী সমিতি পুনৰ গঠন কৰিবলৈ সন্মতি প্ৰকাশ কৰে। এই খচৰা সমিতিত মহিলা, দলিত শ্ৰেণীৰ উপৰি থলুৱা জনগোষ্ঠীসমূহৰ সদস্যৰ প্ৰতিনিধিত্বৰো ব্যৱস্থা আছিল। তদুপৰি জুলাই মাহৰ ২১ তাৰিখে প্ৰধান মন্ত্ৰী গিৰিজাপ্ৰসাদ কৈৰালা আৰু অধ্যক্ষ প্ৰচণ্ডৰ মাজত দ্বিতীয়খন বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

 দুৰ্ভাগ্যজনকভাৱে তেওঁলোকৰ মাজত হোৱা ষষ্ঠলানি আলোচনা ফলপ্ৰসূভাৱে আগ নাবাঢ়িল। তদুপৰি অনুষ্ঠিত হ'বলগীয়া উচ্চপৰ্যায়ৰ বৈঠকখনৰ দিন ২৮ ছেপ্টেম্বৰলৈ পিছুৱাই দিয়া হয়। কিন্তু শান্তি প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ স্বাৰ্থত মাওবাদী নেতাসকলে জুলাই মাহৰ ২৯ তাৰিখে যুদ্ধবিৰতিৰ সময়সীমা আৰু তিনিমাহৰ কাৰণে বঢ়াই দিয়াৰ [ ১৪১ ] কথা ঘোষণা কৰিলে। আলোচনা প্রক্রিয়া চলি থকাৰ মাজতে দুয়োপক্ষই শান্তি প্রক্রিয়াটো আগবঢ়াই নিবলৈ ৰাষ্ট্ৰসংঘক জড়িত কৰোৱাৰ সিদ্ধান্ত লয়। সেই উদ্দেশ্যে আগষ্ট মাহৰ ৯ তাৰিখে মাওবাদী নেতা প্রচণ্ড আৰু চৰকাৰে পৃথকে পৃথকে ৰাষ্ট্ৰসংঘৰ সচিব কফি আন্নানলৈ নেপালৰ শান্তি প্ৰক্ৰিয়াত সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ কৰি পত্ৰ প্ৰেৰণ কৰে। নেপাল চৰকাৰ আৰু মাওবাদী নেতা প্রচণ্ডৰ অনুৰোধৰ প্রতি সম্মান প্ৰদৰ্শন কৰি ৰাষ্ট্ৰসংঘৰ সচিবজনে নেপালৰ শান্তি প্ৰক্ৰিয়াক আগবঢ়াই নিবলৈ তেওঁৰ ব্যক্তিগত প্রতিনিধিৰূপে ৰাষ্ট্ৰসংঘৰ জ্যেষ্ঠ বিষয়া আয়ান মার্টিনক নিযুক্তি দিয়ে।

 ইতিমধ্যে অন্তৱৰ্তী সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ দায়িত্ব দিয়া সমিতিখনে যুদ্ধকালীন ক্ষিপ্ৰতাৰে সেই দায়িত্ব পালন কৰি আগষ্ট মাহৰ ২৫ তাৰিখে চৰকাৰৰ ওচৰত সংবিধানৰ খচৰা দাখিল কৰে। কিন্তু শান্তি প্রক্রিয়াটো অতি লেহেমীয়া গতিৰে আগবাঢ়িল। মাওবাদী নেতাসকলে এই প্রক্রিয়াটোত অসন্তুষ্টি প্ৰকাশ কৰিলে। জ্যেষ্ঠ মাওবাদী নেতা দীননাথ শৰ্মাই সাতদলীয় মৰ্চা চৰকাৰখনে দেশৰ জ্বলন্ত ৰাজনৈতিক সমস্যাসমূহৰ ওপৰত মনোযোগ নিদিয়াৰ কাৰণে জগৰীয়া বুলি অভিযোগ উত্থাপন কৰে। এই প্ৰসংগত শৰ্মাই কয়—

‘আমি সদায়েই আলোচনাৰ কাৰণে সাজু; কিন্তু চৰকাৰখনে ৰাজনৈতিক
বিষয়বোৰ আলোচনা কৰাৰ বাবে মুঠেও সদিচ্ছা দেখুওৱা নাই। অন্তৰ্ৱৰ্তী
খচৰা সংবিধানখনত আলোচনা কৰিবলগীয়া বহুতো বিষয় আছে, যিবোৰ
এতিয়াও হৈ উঠা নাই।'

 দুর্ভাগ্যবশতঃ কৈৰালা আৰু প্ৰচণ্ডৰ মাজত মাওবাদীসকলৰ দাবী সন্দৰ্ভত আলোচনা কৰিবলগীয়া বৈঠকখন পুনৰ স্থগিত ৰখা হ’ল। ছেপ্টেম্বৰ মাহৰ ২৮ তাৰিখে অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় বৈঠকখন পুনৰ অক্টোবৰ মাহৰ ৮ তাৰিখলৈ পিছুৱাই দিয়া হয়। ইটোৰ পাছত সিটো দিন-বাৰ সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত আলোচনা প্ৰক্ৰিয়াটো পুনৰ ব্যাহত হোৱাৰ সম্ভাৱনাই দেখা দিয়ে আৰু মাওবাদী বিদ্রোহীসকল পুনৰ হাবিলৈ উভতি যোৱাৰ সম্ভাৱনাহে প্ৰকট হৈ পৰে। অৱশ্যে মাওবাদী নেতাসকলে বিশেষকৈ প্ৰচণ্ডই শান্তি প্ৰক্ৰিয়াটো চলাই নিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। অৱশেষত অক্টোবৰ মাহৰ ৮ তাৰিখে কৈৰালা আৰু প্ৰচণ্ডৰ মাজত প্রথমলানি আলোচনা নির্দিষ্ট সময়তেই অনুষ্ঠিত হয়। তেওঁলোকে তৎক্ষণাত নির্বাচন আয়োগক পুনৰুজ্জীৱিত কৰি ২০০৭ চনৰ মাৰ্চ মাহৰ ভিতৰত সংবিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্রথমলানি বৈঠকৰ আলোচনা সফল হোৱাত মাওবাদী নেতাসকলে অক্টোবৰ মাহৰ ২৯ তাৰিখে পুনৰ তিনিমাহৰ কাৰণে যুদ্ধবিৰতিৰ সময়সীমা বঢ়াই দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে। নৱেম্বৰ মাহৰ ৮ তাৰিখে সাতদলীয় মৰ্চা আৰু মাওবাদী নেতাসকলে অন্য [ ১৪২ ] এখন চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিত অস্ত্ৰ সম্পৰ্কীয়, অন্তৱৰ্তী সাংসদ, অন্তৱৰ্তী চৰকাৰ, সংবিধান সভাৰ নিৰ্বাচন আৰু ৰাষ্ট্ৰৰ পুনৰ গঠন আদি বিষয়বোৰ অন্তৰ্ভুক্ত আছিল। এই চুক্তিখনত সম্পাদন কৰিবলগীয়া গুৰুত্বপূৰ্ণ কামবোৰ সন্দৰ্ভত নির্দিষ্ট সময়সীমা বান্ধি দিয়া হৈছিল।

 মাওবাদী নেতা প্রচণ্ডৰ ৰাজধানী চহৰ কাঠমাণ্ডুত অন্যান্য ৰাজনৈতিক নেতাসকলৰ দৰে নিজা কোনো বাসগৃহ নাছিল। ফলস্বৰূপে কৈৰালা নেতৃত্বাধীন চৰকাৰখনৰ লগত কাঠমাণ্ডুত আলোচনা চলি থকা সময়ত তেওঁ হোটেল বা অতিথিশালাত থাকি কাম- কাজ পৰিচালনা কৰিবলগীয়া হৈছিল৷ তদুপৰি কাঠমাণ্ডুত তেওঁৰ নিৰাপত্তাৰ বিষয়টো ভাবিবলগীয়া হৈছিল। সেয়ে তেওঁ প্ৰায়ভাগ সময় ভকতপুৰতে কটাইছিল।

 অৱশেষত কেইবালানিও দীঘলীয়া বৈঠকৰ অন্তত সাতদলীয় মৰ্চাৰ নেতাসকল আৰু মাওবাদী নেতাসকলে আলোচনাৰ খচৰা প্ৰস্তুত কৰিবলৈ সক্ষম হয় আৰু নৱেম্বৰৰ ২১ তাৰিখে ঐতিহাসিক সামগ্রিক শান্তি চুক্তিখনত স্বাক্ষৰ কৰে৷

 এই শান্তি চুক্তিখন এই কাৰণেই ঐতিহাসিক যে কাঠমাণ্ডুৰ বীৰেন্দ্ৰ আন্তঃৰাষ্ট্ৰীয়

ঐতিহাসিক শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ মুহূৰ্তত প্ৰচণ্ড আৰু প্ৰধান মন্ত্ৰী গিৰিজা প্ৰসাদ কৈৰালা

অভিৱৰ্তন কেন্দ্ৰত ইয়াক স্বাক্ষৰিত কৰাৰ পাছতেই মাওবাদী বিদ্রোহীসকলে আনুষ্ঠানিকভাৱে তেওঁলোকৰ গণযুদ্ধৰ অৱসান ঘটোৱাৰ কথা ঘোষণা কৰিছিল।

 শান্তি চুক্তিখনৰ নিয়ম অনুসৰি মাওবাদী বিদ্রোহীসকলৰ আশ্ৰয়ৰ বাবে সাতটা শিবিৰ আৰু ২১টা ছেটেলাইট কেম্প স্থাপনৰ সিদ্ধান্ত লোৱা হয়। প্রচণ্ডই লগতে [ ১৪৩ ] ঘোষণা কৰিছিল যে অন্তর্বর্তী সংবিধানখন ঘোষিত হোৱাৰ লগে লগেই মাওবাদী নেতাসকলে অন্তর্বর্তী সংসদ আৰু অন্তৱৰ্তী চৰকাৰখনত যোগদান কৰিব। শান্তি চুক্তিত স্বাক্ষৰ কৰি উৎফুল্লিত হৈ পৰা মাওবাদী নেতা প্রচণ্ডই লগতে দোহাৰিছিল যে নেপালৰ উন্নয়নৰ স্বাৰ্থতে তেওঁলোকে গণযুদ্ধ চলাই নিছিল আৰু এতিয়া ঐতিহাসিক শান্তি চুক্তিৰ আলমত নেপালৰ সামগ্রিক উন্নতিৰ বাবে তেওঁৰ দলে অতি উদ্যমেৰে কাম কৰি যাব। তেওঁ কয়—

‘আমাৰ কাৰো প্ৰতি কোনো বৈষম্যৰ ভাব নাই। আমি এইক্ষেত্ৰত
সকলোকে স্পষ্ট কৰি দিব বিচাৰোঁ যে আমি আমাৰ চিন্তাধাৰাত
ৰক্ষণশীল বা আঁকোৰগোঁজো নহয়। সংবিধান সভাৰ নিৰ্বাচনৰ পাছত
নেপালৰ জনতাই এতিয়া যুদ্ধকালীন গতিৰে নেপালৰ উন্নয়নৰ কাৰণে
আশ্চর্যজনক কর্মধাৰা অক্ষুণ্ণ ৰাখিব। জনযুদ্ধৰ সফলতা ২১ শতিকাৰ
প্ৰথমটো ৰাজনৈতিক অলৌকিকতা।'

 ২৮ নৱেম্বৰত চৰকাৰ আৰু মাওবাদী নেতাসকলে অস্ত্ৰ ব্যৱস্থাপনা আৰু শিবিৰত থকা পি এল এ সদস্যসকলৰ পৰ্যৱেক্ষণ সম্পৰ্কীয় অন্য এখন চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিখনে ৰাষ্ট্ৰসংঘৰ অস্ত্ৰ তদাৰক কৰ্তৃপক্ষলৈ অস্ত্ৰ হস্তান্তৰিত কৰাৰ পথ মুকলি কৰি দিয়ে। ডিচেম্বৰ মাহৰ ৮ তাৰিখে নেপালী চৰকাৰ, মাওবাদী নেতৃত্ব আৰু ৰাষ্ট্ৰসংঘৰ মাজত মাওবাদী সদস্যসকল আৰু তেওঁলোকৰ অস্ত্ৰসমূহ পৰ্যৱেক্ষণ কৰাৰ বাবে আন এখন ত্রিপাক্ষিক চুক্তি স্বাক্ষৰিত হয়।

 ২০০৭ চনৰ জানুৱাৰী মাহৰ ১৫ তাৰিখে অন্তৱৰ্তীকালীন সংবিধানখন ঘোষণা কৰা হয়। এই অন্তৱৰ্তী সংবিধানখনে ৰজাক নিলম্বিত কৰে আৰু প্ৰধান মন্ত্ৰীয়ে দেশৰ মুৰব্বীৰূপে অতিৰিক্ত দায়িত্বভাৰ বহন কৰে। ৰজাৰ অন্যান্য ৰৈ যোৱা ক্ষমতাবিলাকৰো কৰ্তন কৰা হয় ৷ সংবিধানখন ঘোষণাৰ মাত্ৰ দুঘণ্টাতকৈও কম সময়ৰ ভিতৰত মাওবাদী নেতাসকলে সংসদত প্ৰৱেশ কৰি মূলসুঁতিৰ ৰাজনীতিত যোগদান কৰে৷ মুঠ ৩৩০জন সদস্যৰে গঠিত অন্তৰ্ৱৰ্তী সংসদত মাওবাদী দলে মুঠ ৮৩খন আসন দখলেৰে দ্বিতীয় বৃহত্তৰ দল হিচাপে পৰিগণিত হয়। সংসদে জুন মাহৰ মধ্যভাগত সংবিধান সভাৰ নির্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে।

 অন্তৱৰ্তী সংসদত যোগদান কৰাৰ পাছত অধ্যক্ষ প্রচণ্ডই জানুৱাৰী মাহৰ ১৮ তাৰিখে নেপালৰ বিভিন্ন ঠাইত সক্ৰিয় হৈ থকা জনতাৰ চৰকাৰ আৰু জন আদালতসমূহ ভংগ কৰাৰ কথা ঘোষণা কৰে। এই সংস্থাসমূহ ভংগ হোৱাৰ পাছত প্ৰচণ্ডই অন্তৱৰ্তী যৌথ (মাওবাদী আৰু নেপাল চৰকাৰ) স্থানীয় চৰকাৰ গঠন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে। [ ১৪৪ ] এটা বিবৃতিত মাওবাদী প্রধানজনে কৈছিল—

‘কেন্দ্রীয় সমিতিয়ে এইটোও স্পষ্ট কৰি দিব বিচাৰিছে যে পূৰ্বতে
জনতাৰ চৰকাৰ বা গণ আদালতসমূহে লোৱা যিকোনো ধৰণৰ সঠিক
সিদ্ধান্ত বাতিল কৰাৰ প্ৰচেষ্টা চলালে ই ঐতিহাসিক চুক্তিখনৰ বিৰুদ্ধে
যাব আৰু এনে সিদ্ধান্ত গ্রহণযোগ্য নহ'ব।’

 জানুৱাৰী মাহৰ ২৩ তাৰিখে ৰাষ্ট্ৰসংঘৰ নেপাল মিছন (ইউনাইটেড মিছনছ ইন নেপাল) নামৰ এটা সংস্থা গঠন কৰা হয় আৰু এই সংস্থাৰ অধীনত ৩৫জন বিদ্রোহী নিৰীক্ষক আৰু ২৫জনীয়া এটা নির্বাচনী বিশেষজ্ঞই ২০০৭ চনৰ মাজভাগত নেপালত হ'বলগীয়া সংবিধান সভাৰ নিৰ্বাচনৰ কামত সহায় কৰিবলৈ কাৰ্যসূচী হাতত লয়।

 ইতিমধ্যে মাওবাদীসকলে গিৰিজাপ্রসাদ কৈৰালা নেতৃত্বাধীন অন্তৱৰ্তী চৰকাৰখনত অংশগ্ৰহণ কৰিবলৈ সাজু আছিল। কিন্তু হঠাতে অধ্যক্ষ প্রচণ্ডই ঘোষণা কৰে যে তেওঁ, বাবুৰাম ভট্টৰায়, ৰামবাহাদুৰ থাপা আৰু মোহন বৈদ্যই চৰকাৰৰ বাহিৰত থাকিব। তাৰ পৰিৱৰ্তে কৃষ্ণ বাহাদুৰ মাহাৰকে চৰকাৰখনত তেওঁলোকৰ দলক নেতৃত্ব দিয়াৰ দায়িত্ব অৰ্পণ কৰে।

 এপ্ৰিল মাহৰ ১ তাৰিখে পাঁচজন মাওবাদী নেতাক কৈৰালা নেতৃত্বাধীন চৰকাৰখনত অন্তর্ভুক্ত কৰা হয়৷ তেওঁলোকৰ চাৰিজন নেতাই কেবিনেট মন্ত্ৰী আৰু এজনে ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব লাভ কৰে। ইয়াৰে মাহাৰাই ক্ৰমে তথ্য আৰু যোগাযোগ বিভাগ আৰু মাতৃকা যাদৱে বনমন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ‘স্কুল অৱ প্লেনিং এণ্ড আর্কিটেক্সাৰ'ৰ পৰা শিক্ষাগ্ৰহণ কৰা বাবুৰাম ভট্টৰায়ৰ পত্নী হিচিলা য়ামীক পৰিকল্পনা আৰু উন্নয়ন মন্ত্ৰীৰ দায়িত্ব দিয়া হয়। সেইদৰে দেৱ গুৰুঙক স্থানীয় উন্নয়ন বিভাগৰ মন্ত্ৰিত্ব দিয়া হয়। আনহাতে, এটা সময়ত নেপালী কমিউনিষ্ট দলৰ (মাওবাদী) মুখপাত্ৰৰূপে কাৰ্যনিৰ্বাহ কৰা মাহাৰাই পুনৰ নেপাল চৰকাৰৰো মুখপাত্ৰৰ দায়িত্বই গ্ৰহণ কৰে।

 অন্তৰ্ৱৰ্তী চৰকাৰখনত মাওবাদী সদস্য অন্তৰ্ভুক্তিৰ কথাটো আন্তঃৰাষ্ট্ৰীয় সাম্যবাদী আন্দোলনে দেশখনক এখন ‘নতুন নেপাল’লৈ ৰূপান্তৰিত কৰাৰ আৰম্ভণি বুলি অভিহিত কৰিছিল। নতুন ৰাজনৈতিক সমীকৰণৰ জৰিয়তে ৰজাক সম্পূর্ণ একাষৰীয়া কৰা হৈছিল আৰু কট্টৰ সাম্যবাদী নেতাসকলে কৈৰালা নেতৃত্বাধীন চৰকাৰত যোগদান কৰিছিল। প্ৰসংগক্ৰমে, মাওবাদীসকলে কৈৰালা নেতৃত্বাধীন চৰকাৰত যোগদান কৰিলেও কৈৰালাই কিন্তু বাঁওপন্থাৰ প্ৰতি কেতিয়াও কোনোধৰণৰ আগ্রহ দেখুওৱা নাছিল। প্রচণ্ডই কৈছিল—

“নতুন নেপাল’ গঠনৰ ক্ষেত্ৰত আজিৰ দিনটো এটা ঐতিহাসিক দিন।

[ ১৪৫ ]

পুৰণি চিন্তাধাৰাৰ মানুহে হয়তো ভাবিব পাৰে যে আমি আকৌ পুৰণি
ব্যৱস্থালৈ উভতি গৈছোঁ। কিন্তু আচলতে সেইটো নহয়। আচলতে এটা
নতুন ব্যৱস্থাৰ আৰম্ভণিহে হৈছে। আৰু আজিৰ এই দিনটো এটা
ঐতিহাসিক দিন। সংবিধান সভাক লৈ আমি যথেষ্ট ‘ছিৰিয়াছ’ আৰু
সংবিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাটো আমাৰ প্ৰাথমিক লক্ষ্য।’

 অৱশ্যে মাওবাদী বিদ্রোহীসকলে সপোন দেখা ‘নতুন নেপাল’তো ৰজা বীৰেন্দ্ৰ জীৱিত অৱস্থাত থকা হ'লে ৰাজতন্ত্ৰৰ বাবে কিছু ঠাই থাকিলেহেঁতেন। এই সন্দৰ্ভত প্রচণ্ডই কয়—

‘ৰজা বীৰেন্দ্ৰ জীয়াই থকা হ'লে নেপালতো ক’ম্বডিয়াৰ আৰ্হিৰ চৰকাৰ
থকাৰ পূৰ্ণ সম্ভাৱনা আছিল। কিন্তু এতিয়া যিহেতু তেওঁ আমাৰ মাজত
নাই, তেনেকুৱা আৰ্হি তেওঁলোকৰ কাম্য হয় নে নহয় সেয়া কোৱা টান।’

 ২০০৭ চনৰ ২২ জানুৱাৰীত বাঁওপন্থী সাংবাদিক শ্যাম শ্রেষ্ঠই লিখিছিল যে—

 ‘ৰজা জ্ঞানেন্দ্ৰই ক’ম্বডিয়াৰ ৰজা নৰ'ডম সিহানুকৰ দৰে এটা কাৰ্যালয় থকাটো বিচাৰিছিল আৰু নেপালৰ ৰাজনৈতিক ব্যৱস্থাত তেওঁকো অনুৰূপ মর্যাদা দিবলৈ অধ্যক্ষ প্রচণ্ডক অনুৰোধ জনাইছিল। উল্লেখযোগ্য যে ক’ম্বডিয়াত প্রতীকী অৰ্থত ৰাজতন্ত্র আছে যদিও ৰজাৰ তাত কোনো ৰাজনৈতিক ক্ষমতা নাই। শ্যাম শ্রেষ্ঠই কৈছিল—

 ‘ৰজা জ্ঞানেন্দ্ৰই তেওঁৰ এজন বিশেষ কটকীৰ জৰিয়তে এসপ্তাহ আগতে এটা প্ৰস্তাৱ পঠিয়াইছিল যে তেওঁ ক’ম্বডিয়াৰ ৰজা সিহানুকৰ দৰে থাকিবলৈ প্ৰস্তুত। কিন্তু অধ্যক্ষ প্রচণ্ডই ৰজাক উত্তৰ দিছিল যে সেই সময়টো ইতিমধ্যে উকলি গৈছে।’ [ ১৪৬ ]
২০
কণ্টকময় পথেৰে
সংবিধান সভাৰ নিৰ্বাচনলৈ

 দুর্ভাগ্যবশতঃ দীৰ্ঘদিনৰ মূৰত পুনৰুজ্জীৱিত কৰা নিৰ্বাচন আয়োগে হঠাৎ জুন মাহৰ ২০ তাৰিখে সংবিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হোৱাত আয়োগৰ যথেষ্ট সময়ৰ নাটনি হয়। নির্বাচন সংক্রান্তীয় বহু কাম তেতিয়াও অসম্পূৰ্ণ হৈয়ে আছিল। তদুপৰি এইক্ষেত্ৰত ভালেমান আনুষ্ঠানিকতাও পালন কৰিবলগীয়া আছিল। সেয়ে অনুষ্ঠিত হ'বলগীয়া গুৰুত্বপূৰ্ণ নির্বাচনটোৰ তাৰিখ পিছুৱাই দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ’ল । মাওবাদী আৰু সাতদলীয় মৰ্চাৰ মাজত অনুষ্ঠিত এক উচ্চপৰ্যায়ৰ বৈঠকত মাওবাদী বিদ্রোহীসকলে সংবিধান সভাৰ নিৰ্বাচনৰ তাৰিখ পিছুৱাই দিয়া কাৰ্যত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে। তেওঁলোকৰ মতে নিৰ্বাচনৰ তাৰিখ পিছুৱাই দিয়া মানেই হ’ল শান্তি প্ৰক্ৰিয়াৰ চৰ্তাৱলী ভংগ কৰা।

 মাওবাদী বিদ্ৰোহীসকলৰ অসন্তুষ্টি প্রকাশক বাৰ্তাটোৱে মাওবাদী আৰু শাসকীয় দল, বিশেষকৈ নেপালী কংগ্ৰেছৰ মাজৰ সম্পৰ্ক তিক্ততাপূৰ্ণ কৰি তুলিছিল। আগষ্ট [ ১৪৭ ] মাহৰ ৯ তাৰিখে প্রচণ্ডই ‘কান্তিপুৰ অনলাইন’ক দিয়া এটা সাক্ষাৎকাৰত প্ৰধান মন্ত্রী কৈৰালা আৰু তেওঁৰ শাসকীয় দল নেপালী কংগ্ৰেছক বেয়াকৈ সমালোচনা কৰে।

 কৈৰালাৰ মনোভাবত খৰ্গহস্ত হৈ প্ৰাক্তন মাওবাদী নেতাজনে নৱেম্বৰ মাহৰ ২২ তাৰিখে সংবিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা সন্দৰ্ভত ২২দফীয়৷ দাবী পূর্বচর্ত হিচাপে আগবঢ়ায়। এই পূর্বচৰ্তবোৰৰ ভিতৰত আছিল যে অতি সোনকালেই নেপালক এখন প্রজাতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিব লাগে আৰু সংবিধান সভাৰ নিৰ্বাচনৰ কাৰণে এটা পূর্ণসমানুপাতিক নির্বাচন পদ্ধতিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সি যি নহওক, প্রধান মন্ত্ৰী কৈৰালাই অৱশ্যে মাওবাদী বিদ্রোহীসকলৰ এনেধৰণৰ প্ৰাথমিক দাবীবোৰ মানি ল'বলৈ ইচ্ছুক নাছিল।

 মাওবাদী বিদ্রোহীসকলৰ দাবী সন্দৰ্ভত একাংশ লোকে প্রতিক্রিয়া ব্যক্ত কৰিছিল৷ তেওঁলোকে প্রাক্তন মাওবাদী বিদ্রোহীজনক নৱেম্বৰ মাহৰ ২২ তাৰিখে হ’বলগীয়া বহু প্রত্যাশিত সংবিধান সভাৰ নিৰ্বাচনটোৰ সম্ভাৱনাক মষিমূৰ কৰাৰ চেষ্টা কৰা বুলি দোষাৰোপ কৰে ৷ সাধাৰণ মানুহে ধাৰণা কৰিছিল যে মাওবাদী বিদ্রোহীসকলে নিজকে এটা বিদ্ৰোহী সংগঠনৰ পৰা গণতান্ত্ৰিক ৰাজনৈতিক শক্তিলৈ ৰূপান্তৰিত কৰি জনতাৰ সমৰ্থন আদায় কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব। সেয়ে তেওঁলোকে নির্বাচনত বিধি -পথালি দিছে।

 একাংশ বাতৰি কাকতে মাওবাদীসকলে ২২ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া সংবিধান সভাৰ নিৰ্বাচন স্থগিত ৰখাৰ বাবে অভিসন্ধি ৰচনা কৰা বুলিও বাতৰি পৰিৱেশন কৰে। ধাৰাবাহিকভাৱে তেওঁলোকৰ বিৰুদ্ধে পৰিৱেশিত বাতৰি আৰু প্ৰবন্ধবোৰ মাওবাদীসকলৰ কাৰণে চিন্তাৰ কাৰণ হৈ পৰিছিল। খঙত অগ্নিশর্মা হৈ অভিযোগ খণ্ডন কৰাৰ নিমিত্তে অধ্যক্ষ প্রচণ্ডই ২৬ আগষ্টত তেওঁলোকৰ দলীয় স্থিতি সন্দৰ্ভত স্পষ্টীকৰণ দি এটা বিবৃতি প্ৰেৰণ কৰে। বিবৃতিটোত কোৱা হয়—

‘আমাৰ দলে (মাওবাদী) ২২ নৱেম্বৰ তাৰিখে হ’বলগীয়া সংবিধান
সভাৰ নিৰ্বাচন পিছুৱাই নিয়াৰ অভিযোগ উত্থাপন কৰি বৰ্তমানৰ
সংবাদপত্ৰসমূহে বাতৰি প্ৰকাশ কৰি থকা আমাৰ দৃষ্টিগোচৰ হৈছে।
অভিযোগবোৰ সম্পূৰ্ণ ভিত্তিহীন আৰু ই পূর্বপৰিকল্পিত অপপ্ৰচাৰৰ
বাদে অন্য একো নহয়। জুন মাহৰ মধ্যভাগত অনুষ্ঠিত হ'বলগীয়া
নিৰ্বাচনটো পিছুৱাই নিয়াৰ ক্ষেত্ৰত হাত থকা শক্তিবোৰেহে আমি
নিৰ্বাচনটোৰ বিৰোধী বুলি উৰাবাতৰি প্ৰচাৰ কৰিছে।'

 মাওবাদী নেতাজনে এই সন্দৰ্ভত যুক্তি দি কয় যে কোনেও সংবিধানসভাৰ নিৰ্বাচনক লৈ সন্দেহ প্ৰকাশ কৰা উচিত নহয় যিহেতু নেপালক এখন প্রজাতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে [ ১৪৮ ] প্রতিষ্ঠা কৰাৰ স্বাৰ্থত তেওঁলোকৰ হেজাৰজন যোদ্ধাই প্রাণ আহুতি দিছে। ৯ ছেপ্টেম্বৰত প্রচণ্ডই অন্তৰ্ৱৰ্তী চৰকাৰ ত্যাগ কৰাৰ ভাবুকি দি কয় যে যদিহে তেওঁলোকৰ দাবীবোৰ সংবিধান সভাৰ নিৰ্বাচনৰ আগতে পূৰণ কৰা নহয়, তেন্তে ১৮ ছেপ্টেম্বৰৰ পৰা তেওঁলোকে সমগ্ৰ দেশজুৰি আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব। এই ৰাজনৈতিক সংকটৰ মাজতে ভাৰতীয় বৈদেশিক সচিব শিৱ শংকৰ মেননে ১৫ ছেপ্টেম্বৰৰ দিনা কাঠমাণ্ডু ভ্রমণলৈ যায়। কাঠমাণ্ডুত তেওঁ নেপালৰ জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলৰ লগতে মাওবাদী নেতা প্রচণ্ডক লগ কৰিছিল। তাৰ ঠিক পিছদিনাই প্ৰচণ্ডই দাবী কৰে যে সময়সূচী মতে অৰ্থাৎ নৱেম্বৰ মাহৰ ২২ তাৰিখেই নেপালৰ সংবিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাটো সম্ভৱ বুলি নতুন দিল্লীয়েও বিশ্বাস কৰে। কিন্তু দেখা গ'ল যে মাওবাদী নেতাসকলে কৰা তেওঁলোকৰ দুটা গুৰুত্বপূৰ্ণ দাবী নেপাল চৰকাৰে পূৰ্ণ নকৰিলে। তেওঁলোকৰ প্ৰধান দাবী দুটা আছিল যে নেপালক এখন প্রজাতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হ’ব আৰু সম্পূৰ্ণ এক সমানুপাতিক নির্বাচন পদ্ধতি গ্রহণ কৰা হ’ব। দাবী দুটা পূৰণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত মেননৰ বিবৃতিৰ মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰতে আটাইকেইজন মাওবাদী মন্ত্ৰীয়ে অন্তৱৰ্তী চৰকাৰৰ পৰা পদত্যাগ কৰে।

 মাওবাদী নেতাসকলে পদত্যাগ কৰাৰ লগে লগেই সৰ্বসাধাৰণ মানুহৰ মনত বিপদ সংকেত বাজি উঠিল। শান্তি প্রক্রিয়াটো ইমানখিনি অগ্রগতি লাভ কৰাৰ পাছত এতিয়া পুনৰ শান্তি প্ৰক্ৰিয়াটো ব্যাহত হ’ব বুলি জনসাধাৰণৰ মাজত আশংকা ঘনীভূত হ’ল। মাওবাদী নেতাসকল আৰু তেওঁলোকৰ সহযোগীসকলে প্ৰয়োজনীয় স্বাক্ষৰ আৰু সমর্থন সংগ্ৰহ কৰি অন্তৱৰ্তী চৰকাৰৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়। উপায়ান্তৰ হৈ ১৫ দিনৰ ভিতৰতে অধ্যাদেশ জাৰি কৰি সংসদৰ বিশেষ ৱেশন আহ্বান কৰিবলৈ বাধ্য হয় প্রধান মন্ত্ৰী কৈৰালা।

 মাওবাদী নেতাসকলৰ হেঁচাত পৰি চৰকাৰে অক্টোবৰৰ ১১ তাৰিখে সংসদৰ বিশেষ অধিৱেশনত মিলিত হয়। অন্তৱৰ্তী সংসদৰ বিশেষ অধিৱেশনৰ প্ৰথম বৈঠকত মাওবাদী নেতাসকলে তিনিটা গুৰুত্বপূৰ্ণ ৰাজহুৱা বিষয় উত্থাপন কৰে। এই প্ৰস্তাৱকেইটা হ’ল— নেপালক এখন প্ৰজাতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা, পূৰ্ণ সমানুপাতিক নির্বাচন পদ্ধতি অৱলম্বন আৰু সংবিধান সভাৰ নিৰ্বাচনৰ নতুন তাৰিখ নিৰূপণৰ কাৰণে অন্তৰ্ৱৰ্তী সংবিধানৰ সংশোধন কৰা। ইফালে, নেপালী কংগ্ৰেছে মাওবাদীসকলৰ দাবীৰ বিৰুদ্ধে ভোটদান কৰাৰ কথাহে ঘোষণা কৰে। নৱেম্বৰ মাহৰ চাৰি তাৰিখে অন্তৰ্ৱৰ্তী সংসদৰ বিশেষ অধিৱেশনত মাওবাদীৰ দুটা প্ৰস্তাৱ — নেপালক এখন যুক্তৰাষ্ট্ৰীয় প্রজাতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা আৰু সংবিধান সভাৰ নিৰ্বাচনৰ কাৰণে পূৰ্ণ সমানুপাতিক নির্বাচন পদ্ধতি গ্ৰহণৰ দাবী গৃহীত হয়। [ ১৪৯ ]  সংসদৰ মজিয়াত সাংসদীয় ভোটদানৰ এই ঘটনাই বাঁওপন্থী দলসমূহৰ একতাৰ কথাকে স্পষ্ট কৰি দিলে। নেপালী সাম্যবাদী দল (ইউ এম এল) আৰু মাওবাদী দল- দুয়োটা দলে উভয়ৰ প্ৰস্তাৱবোৰ সমৰ্থন কৰিছিল। মাওবাদীসকলে ইউ এম এল অৰ যুক্তৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰৰ প্ৰস্তাৱক সমর্থন কৰিছিল। আনহাতে, ইউ এম এল এ মাওবাদীসকলৰ পূৰ্ণ সমানুপাতিক নির্বাচন পদ্ধতিক সমৰ্থন কৰিছিল। সদনত বাঁওপন্থী দলসমূহৰ একতা দেখি মাওবাদীসকল শিহৰিত হৈছিল যদিও তেওঁলোকৰ প্ৰস্তাৱসমূহ গৃহীত কৰাৰ বাবে প্ৰয়োজন হোৱা অন্তৱৰ্তী সংবিধান সংশোধনৰ বাবে সদনৰ দুই- তৃতীয়াংশ সদস্যৰ সমৰ্থনৰ প্ৰয়োজন হৈছিল।

 আনহাতে, মাওবাদীৰ প্ৰস্তাৱ দুটাৰ প্ৰতি কৈৰালাৰ দলৰ সমৰ্থন নাছিল যদিও একমাত্র নৈতিকতাৰ খাতিৰতে তেওঁ ক্ষিপ্ৰ সিদ্ধান্ত ল'বলগীয়া হৈছিল। ফলস্বৰূপে প্রজাতান্ত্ৰিক আৰু সমানুপাতিক প্রতিনিধিত্বৰ বিষয়টোৰ সন্দৰ্ভত আলোচনাৰ প্ৰক্ৰিয়াটো আৰু জটিলতাৰ মাজলৈ সোমাই গ'ল। কেইবালানিও আলোচনাৰ অন্তত মাওবাদী আৰু আন ছটা ৰাজনৈতিক দলে ডিচেম্বৰৰ ২২ তাৰিখে এখন ২৩ দফীয়া চুক্তিত স্বাৰ কৰি ৰাজনৈতিক মতানৈক্যসমূহ দূৰ কৰাৰ প্ৰতিশ্ৰুতিৰে সংবিধান সভাৰ নিৰ্বাচনৰ পথ প্রশস্ত কৰি তোলে।

 অন্তৱৰ্তী সংসদে ২৮ ডিচেম্বৰত সংবিধান সংশোধনী বিধেয়কখন অনুমোদন কৰি নেপালত শতিকাজুৰি চলি অহা ৰাজতন্ত্ৰৰ অৱসান ঘটোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। বিধেয়কখন গৃহীত হোৱাৰ লগে লগেই নেপাল এখন যুক্তৰাষ্ট্ৰীয় প্রজাতান্ত্ৰিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হয়।

 দুই-তৃতীয়াংশ সদস্যৰ সংখ্যাগৰিষ্ঠ ভোটেৰে গৃহীত হোৱা বিধেয়কখনৰ জৰিয়তে এপ্ৰিলৰ মাজভাগত সংবিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰ সিদ্ধান্ত লোৱা হয়। ২৭৩জন সদস্যৰ ভিতৰত ২৭০জন সদস্যই বিধেয়কখনৰ সপক্ষে ভোটদান কৰিছিল। মাত্র তিনিজন সদস্যইহে ইয়াৰ বিপক্ষে ভোটদান কৰিলে। অন্তৱৰ্তী সংসদে ঘোষণা কৰামতে সংবিধান সভাত ৬০১ জন সদস্য থাকিব। তাৰে ৫৮ শতাংশ (৩৩৫খন আসন) সদস্যক সমানুপাতিক ভোটদান পদ্ধতিৰে নিৰ্বাচন কৰা হ’ব আৰু বাকী থকা ৪২ শতাংশ (২৫০খন আসন) সদস্যক প্রত্যক্ষভাৱে নিৰ্বাচিত কৰা হ’ব। বাকী ২৬জন সদস্যক মনোনীত কৰা হ'ব।

 সংবিধান সভাৰ সাধাৰণ সংখ্যাগৰিষ্ঠ ভোটৰ জৰিয়তে যুক্তৰাষ্ট্ৰীয় গণতান্ত্রিক প্রজাতন্ত্ৰৰ আদেশটো কাৰ্যকৰী কৰা হ'ব। সংশোধিত সংবিধান মতে সংবিধান সভাৰ নির্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত ৰাষ্ট্ৰ পৰিচালনাৰ সকলো দায়িত্ব প্রধান মন্ত্ৰীয়ে কান্ধ পাতি ল’ব। নেপালত প্ৰৱৰ্তিত হৈ থকা শান্তি প্রক্রিয়াটোক আগবঢ়াই নিবলৈ মাওবাদী [ ১৫০ ] নেতাসকলে পুনৰ ২০০৮ চনৰ ১৮ জানুৱাৰীত অন্তৱৰ্তী চৰকাৰত যোগদান কৰে।

 কিন্তু শান্তি প্ৰক্ৰিয়া সন্দৰ্ভত উদ্ভৱ হোৱা সমস্যাৱলীৰ অন্ত নপৰিল। টেবাইত তিনিটা ৰাজনৈতিক দলৰ উদ্যোগত নতুনকৈ গঠন হোৱা মাধেশী জনধিকাৰ ফ'ৰাম আৰু টেৰাই মাধেশী লোকতান্ত্ৰিক দলে সদ্ভাৱনা দলৰ সৈতে লগ লাগি মাধেশী লোকসকলৰ কাৰণে নেপালৰ পূবৰ পৰা পশ্চিমাংশ সামৰি দক্ষিণ সমভূমি অঞ্চলত এখন স্বায়ত্তশাসিত ৰাজ্য গঠন কৰাৰ দাবীত আন্দোলন আৰম্ভ কৰে।

 নেপাল চৰকাৰে প্ৰাৰম্ভিক অৱস্থাত মাধেশীসকলৰ আন্দোলনটোক কঠোৰ হাতেৰে দমন কৰাৰ প্ৰচেষ্টা চলাইছিল। কিন্তু অতি ক্ষিপ্ৰতাৰে আন্দোলনটো পূব টেৰাই ৰাজ্যৰ সাতখন জিলাতে বিয়পি পৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত দহ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া সংবিধান সভাৰ নিৰ্বাচন পুনৰ পিছুৱাই যোৱাৰ সম্ভাৱনাই দেখা দিয়ে। কেইবালানি আলোচনাৰ পাছত ২৮ ফেব্ৰুৱাৰীৰ দিনা কৈৰালাই মাধেশী ৰাজনৈতিক দলৰ সৈতে আঠদফীয়া এক চুক্তিপত্ৰত স্বাক্ষৰ কৰে। এই চুক্তি অনুসৰি মাধেশীসকলক স্বায়ত্তশাসন দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল৷ তদুপৰি কৈৰালাই তেওঁলোকৰ দাবী অনুযায়ী মাধেশী আৰু অন্যান্য লোকসকলক নেপাল সেনাবাহিনীত নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। [ ১৫১ ]


২১
সংবিধান সভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত

 সংবিধান সভাৰ ধাৰণাটো নেপালৰ ৰাজনৈতিক প্রেক্ষাপটত এটা নতুন ধাৰণা আৰু এই ধাৰণাটোক নেপালৰ ৰাজনৈতিক প্রেক্ষাপটলৈ অনাৰ কৃতিত্ব মাওবাদীসকলৰ বিশেষকৈ অধ্যক্ষ প্ৰচণ্ডৰ অৰিহণা অত্যন্ত গুৰুত্বপূৰ্ণ। মাওবাদী নেতাসকলে তেওঁলোকৰ বিপ্লৱৰ সময়ছোৱাত কিম্বা চৰকাৰৰে আলোচনাৰ কালছোৱাতো এই দাবীৰ ওপৰত অটল আৰু আঁকোৰগোঁজ আছিল। ২০০১ আৰু ২০০৩ চনত অনুষ্ঠিত আলোচনাৰ আকস্মিক সমাপ্তিৰ মূলতে আছিল চৰকাৰে মাওবাদীৰ দাবীৰ প্ৰতি প্ৰদৰ্শন কৰা অৱহেলাৰ মনোভাব ৷ চৰকাৰৰ আলোচনাকাৰী দলটোৱে তেওঁলোকৰ নতুন সংবিধান সভা গঠনৰ দাবীটোৰ পৰা পিছহঁহকি আছিল, যিহেতু নতুন সংবিধান ব্যৱস্থাটো ৰাজতন্ত্ৰৰ পৰিপন্থী আছিল।

 অৱশ্যে সংবিধান সভা- এই সংজ্ঞাটো সাধাৰণ জনতা বাদেই, নিৰ্বাচনৰ পাছতো ৰাজনৈতিক নেতাসকলৰ কাৰণেও বোধগম্য হোৱা নাছিল।

 আমোদজনকভাৱে ৰাণাবিৰোধী আন্দোলনৰ পাছতে ১৯৫০ চনত প্ৰথমবাৰৰ কাৰণে নেপালত সংবিধান সভাৰ দাবী উত্থাপন হৈছিল। কিন্তু এটা বৃহৎ ৰাজনৈতিক স্বাৰ্থৰ খাতিৰত এই দাবীক আওকাণ কৰা হ’ল। কিন্তু গণযুদ্ধই পঞ্চায়তী ব্যৱস্থাৰ [ ১৫২ ] বিলোপ সাধন কৰাৰ পাছত ১৯৯০ চনত এই দাবী পুনৰ উত্থাপিত হ’ল। অৱশ্যে এই দাবীক নেপালী কংগ্ৰেছৰ মুখ্য নেতা গণেশ মানসিঙে মষিমূৰ কৰিবলৈ সক্ষম হয়। তেওঁ ১৯৯০ চনৰ আন্দোলনটোৰ নেতৃত্ব দিছিল আৰু তেওঁ এই দাবীক সময়োপযোগী নহয় বুলি এৰাই চলিবলৈ সক্ষম হৈছিল।

 ৰজা জ্ঞানেন্দ্ৰৰ পাছত ২০০৪ চনত নেপালৰ প্ৰধান মন্ত্ৰী হিচাপে দায়িত্বভার গ্রহণ কৰা শ্বেৰ বাহাদুৰ দেউবাই সংবিধান সভাৰ নিৰ্বাচনৰ দাবী বিষয়ত কিছু নমনীয়তা প্ৰদৰ্শন কৰে। তেওঁ দোহাৰিছিল যে বিষয়টো সন্দৰ্ভত ৰাষ্ট্ৰজুৰি সকলোৰে সহমত থাকিলে বিষয়টো বিবেচনা কৰি চাব পাৰি। পৰৱৰ্তী সময়ত মাওবাদীসকলে নতুন সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ নিমিত্তে এখন সংবিধান সভাৰ দাবী উত্থাপন কৰিলে। বিষয়টো সন্দৰ্ভত বহুলানি তর্ক-বিতর্ক হয়। মাত্ৰ কেইটামান ৰাজনৈতিক শক্তিয়েহে তেতিয়া সংবিধান সভাৰ সপক্ষে মতপ্ৰকাশ কৰে।

 ২০০৫ চনত নতুন দিল্লীত মাওবাদী আৰু সাতদলীয় মৰ্চাৰ মাজত স্বাক্ষৰিত ঐতিহাসিক ১২ দফীয়া চুক্তিত অৱশ্যে সংবিধান সভাৰ দাবীটোৱে ঠাই পাবলৈ সক্ষম হয়। ৰাজনৈতিক দলবোৰে নেপালত ৰজা জ্ঞানেন্দ্ৰৰ প্ৰত্যক্ষ শাসনৰ অন্ত পেলাই গণতন্ত্র প্রতিষ্ঠা কৰিবলৈ অনিচ্ছুক আছিল যদিও মূৰকত মাওবাদীসকলৰ দাবীক মানি লৈ চুক্তিত স্বাক্ষৰ কৰে। চুক্তিখনৰ ২নং দফাত কোৱা হয়—

‘সাতটা প্রতিবাদী দল এই কথাৰ প্ৰতি সম্পূর্ণ দায়বদ্ধ যে বিদ্রোহী
শক্তিসমূহৰ বিদ্ৰোহী শক্তিসমূহৰ সৈতে লগ লাগি সংসদীয় ব্যৱস্থা
ঘূৰাই আনি গণতন্ত্র স্থাপন কৰা হ’ব আৰু মাওবাদীসকলৰ সৈতে
আলোচনা আৰু বুজাবুজিৰ ভিত্তিত সংবিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত
কৰি এখন চূড়ান্ত ক্ষমতাসম্পন্ন সৰ্বদলীয় চৰকাৰ গঠন কৰাৰ লগতে
ৰাষ্ট্ৰৰ ক্ষমতা সম্পূৰ্ণৰূপে জনতাৰ হাতলৈ হস্তান্তৰিত কৰা হ’ব।’

 মাওবাদীসকলে দাবী কৰি অহা সংবিধান সভা গঠনৰ প্ৰস্তাৱটো অৱশেষত বাস্তৱায়িত হোৱাৰ পৰিৱেশ দেখা গ'ল। ২০০৬ চনৰ ১৬ জুনৰ দিনা নেপালৰ গৃহমন্ত্ৰীয়ে প্রচণ্ডক নিৰাপত্তাৰ আৱেষ্টনীৰ মাজেৰে প্ৰধান মন্ত্ৰী গিৰিজাপ্রসাদ কৈৰালাৰ ওচৰলৈ লৈ যায়। কৈৰালাৰ সৈতে তেওঁ এখন আঠদফীয়া চুক্তিত স্বাক্ষৰ কৰে। দুর্ভাগ্যবশতঃ প্রতিশ্রুতি মতে ৰাজনৈতিক দলসমূহ আৰু মাওবাদীসকলে ২০০৬ চনৰ ভিতৰত সংবিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়ে যি প্রত্যাশা কৰিছিল সি সম্ভৱ হৈ নুঠিল। আনকি ২০০৭ চনতো নির্বাচন অনুষ্ঠিত কৰিব পৰা নগ'ল। তদুপৰি টেৰাই প্ৰদেশত স্থানীয় ৰাজনৈতিক দলসমূহে স্বায়ত্তশাসনৰ যি দাবী তুলিছিল সিও নিৰ্বাচনৰ সম্ভাৱনাক অনিশ্চয়তাৰ ফালে ঠেলি দিছিল। [ ১৫৩ ]  উপেন্দ্ৰ যাদৱৰ নেতৃত্বত নতুনকৈ গঠিত মাধেশী জনাধিকাৰ ফ'ৰামে (এম জে এফ) টেৰাই প্ৰদেশক স্বায়ত্তশাসিত ৰাজ্য ঘোষণাৰ দাবীত তীব্র আন্দোলন গঢ়ি তোলে। এই আন্দোলনৰ শ্ল'গান আছিল — এক মাধেশ, এক প্রদেশ। আন্দোলন আৰম্ভ হোৱাৰ কিছুদিনৰ পাছতেই ৰাজেন্দ্ৰ মাহাতোৰ নেতৃত্বত সদ্ভাৱনা দলে আৰু প্ৰাক্তন নেপালী কংগ্ৰেছৰ নেতা মহন্ত ঠাকুৰৰ নেতৃত্বত টেৰাই মাধেশ লোকতান্ত্রিক দলেও যাদৱৰ সৈতে আন্দোলনত যোগ দিয়ে।

 নেপাল পুলিচ আৰু সশস্ত্ৰ আৰক্ষী বাহিনীয়ে (এ পি এফ) আন্দোলনটোক কঠোৰ হাতেৰে দমন কৰিবলৈ চেষ্টা কৰাত টেৰাই প্ৰদেশৰ দক্ষিণাংশত আন্দোলনটোৱে চূড়ান্ত ৰূপ ধাৰণ কৰে আৰু পৰিস্থিতিৰ অধিক অৱনতি ঘটে। যাদৱে এই বুলি ভাবুকিও দিছিল যে যদি কৈৰালা নেতৃত্বাধীন চৰকাৰখনে তেওঁলোকৰ দাবীৰ প্ৰতি কোনোধৰণৰ সঁহাৰি নজনাই তেন্তে তেওঁলোকে সমগ্ৰ টেৰাই অঞ্চলটোক বলপূৰ্বকভাৱে বিচ্ছিন্ন কৰিবলৈ বাধ্য হ’ব। ২০০৮ চনৰ ফেব্ৰুৱাৰী মাহত কৈৰালা চৰকাৰে মাধেশী দলৰ সৈতে আঠদফীয়া চুক্তিত স্বাক্ষৰ কৰাৰ পাছতহে নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিল৷

 নেপালত বিৰাজ কৰি থকা অশান্তজৰ্জৰ সংঘাতৰ অন্ত পেলোৱাৰ স্বাৰ্থত আৰম্ভণিৰ পৰাই বিভিন্ন সামাজিক সংগঠন তথা নাগৰিক সমাজৰ লগতে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে সংবিধান সভাৰ নিৰ্বাচনলৈ ব্যাপক সমর্থন জনাইছিল। যিহেতু ১৯৯৯ চনৰ পৰাই নেপালত কোনোধৰণৰ সাধাৰণ নির্বাচন অনুষ্ঠিত হোৱা নাছিল, সেয়ে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে সংবিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰি শান্তি প্রতিষ্ঠা কৰিব পৰা যাব বুলি বিশ্বাস কৰিছিল। সেয়ে চৰকাৰে দুবাৰকৈ নিৰ্বাচনৰ তাৰিখ স্থগিত ৰাখি শান্তি প্ৰক্ৰিয়াটোক ব্যাহত কৰিবলৈ চেষ্টা কৰা বুলি বিবেচিত হৈছিল।

 বাঁও দলসমূহৰ বহু প্রত্যাশিত দুই দাবী— নেপালক এখন প্ৰজাতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা আৰু পূৰ্ণ সমানুপাতিক নির্বাচন ব্যৱস্থাৰ প্ৰৱৰ্তন— পূৰণ হোৱাৰ আনন্দত মাওবাদীসকলে সংবিধান সভাত এখন ‘শক্তিশালী বাঁওমৰ্চা’ গঠন কৰাৰ উদ্দেশ্যে ২০০৭ চনৰ নৱেম্বৰ মাহত নেপালৰ সাম্যবাদী দলৰ সৈতে (ইউ এম এল) প্রাক্‌- নির্বাচনী মৰ্চা গঠনৰ পৰিকল্পনা কৰে। এই সন্দৰ্ভত প্ৰচণ্ডই কয়—

‘আমি ইউ এম এলৰ সৈতে নির্বাচনী বুজাবুজিত উপনীত হোৱাৰ
কথা ভাবিছিলোঁ। কাৰণ আমাৰ (মাওবাদী আৰু ইউ এম এল) আৰ্থ-
সামাজিক কার্যসূচী একেই। অন্তিম মুহূর্তলৈকে মই মিত্ৰজোঁট স্থাপন
কৰিবলৈ চেষ্টা কৰিছিলোঁ। কিয়নো ইয়ে আমাক সংবিধান সভাত দুই-
তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা আহৰণ কৰাত সহায় কৰিব।'

[ ১৫৪ ] কিন্তু চি পি এন (ইউ এম এল)ৰ সাধাৰণ সম্পাদক মাধৱ কুমাৰ নেপালে এই

বিষয়ত বিশেষ আগ্রহ প্ৰদৰ্শন নকৰিলে। কিয়নো তেওঁৰ দলে নির্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব পাৰিব বুলি তেওঁ দৃঢ়বিশ্বাসী আছিল। সেয়ে তেওঁ তাকলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই সময়ৰ চি পি এন (ইউএন এল)ৰ নেতাজনে মাওবাদীসকলে দলপতি প্রচণ্ডক নেপালৰ প্ৰথমজন ৰাষ্ট্ৰপতি পতাৰ বাবে প্ৰচাৰ অভিযান চলাইছে বুলি উপহাস কৰে। ২০০৮ চনৰ ১১ মাৰ্চত ৰৌণহাট জিলাৰ সান্তাপুৰ নামে ঠাইত চি পি এন (ইউ এম এল)ৰ নেতাজনে এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয়—

‘সমগ্ৰ দেশখনে সংবিধান সভাৰ জৰিয়তে এখন নতুন সংবিধান প্রণয়ন
কৰিবলৈ উদ্যত হৈছে, কিন্তু তেওঁলোকে (মাওবাদী) তেওঁক(প্রচণ্ড)
দেৱালত ৰাষ্ট্ৰপতি সজোৱাৰ কামত ব্যস্ত আছে। তেওঁলোকে জনা
উচিত যে সংবিধান সভা কাৰোবাক ৰাষ্ট্ৰপতি সজোৱাৰ কাৰণে নহয়,
ই এখন নতুন সংবিধান প্রণয়ন কৰিবৰ বাবেহে।’

 মাওবাদী কেদাৰসকলে প্ৰচণ্ডৰ পূৰ্ণ অৱয়ৱ ফটো আৰু দেৱাল লিখনিৰে তেওঁক নেপালৰ প্ৰথমজন ৰাষ্ট্ৰপতিৰূপে উপস্থাপন কৰি প্ৰচাৰ অভিযান চলাইছিল। মাধৱ কুমাৰ নেপালে মাওবাদীসকলৰ এনে কাৰ্যক কটাক্ষ কৰিয়ে উল্লিখিত মন্তব্য কৰিছিল। স্বাভাৱিকতেই নির্বাচনী মিত্ৰতাৰ বিষয়টো এক অকথ্য বাকযুদ্ধত পৰিণত হৈছিল।

 চি পি এন (ইউ এম এল)ৰ দলনেতাজনে সান্তাপুৰত কৰা মন্তব্যৰ তাৎক্ষণিক প্রতিক্রিয়া ব্যক্ত কৰি মাওবাদী প্রধান প্রচণ্ডই নিজকে ‘জনতাৰ হৃদয়ৰ ৰাষ্ট্ৰপতি’ বুলি অভিহিত কৰে। মাৰ্চৰ ১২ তাৰিখে কাঠমাণ্ডুৰ প্ৰাচীন বাণিজ্য কেন্দ্ৰ এচনত অনুষ্ঠিত এটা নিৰ্বাচনী প্রচাৰ অভিযানত তেওঁ ভাষণ প্ৰসংগত কয়—

‘তেওঁলোকে (ইউ এম এল) আমি দাবী কৰা ৰাষ্ট্ৰপতি পদটো সন্দৰ্ভত
ভীতিগ্ৰস্ত হৈ পৰিছে। যদি তেওঁলোকে (ইউ এম এল) দেৱালত মোৰ
ৰাষ্ট্ৰপতীয় ফটো দেখি ইমানেই ভীতিগ্ৰস্ত হৈছে, মই যদি সঁচাকৈ নেপালৰ
ৰাষ্ট্ৰপতি হওঁ তেতিয়া তেওঁলোকে বাৰু কি কৰিব?’

 চি পি এন (ইউ এম এল) দলৰ নেতাসকলৰ নিজকে সর্বশক্তিমান বুলি পোষণ কৰা মনোভাবক দোষাৰোপ কৰি তেওঁ কয় যে তেওঁ এখন ‘বিকাশশীল আৰু শান্তিপূৰ্ণ নেপাল’ৰ স্বাৰ্থতহে তেওঁলোকৰ সৈতে নির্বাচনী মিত্ৰতা কৰিব বিচাৰিছিল। তেওঁৰ ৯০ মিনিটৰ ভাষণটোত মাওবাদী নেতা প্রচণ্ডই মাধৱ কুমাৰ নেপাল আৰু তেওঁৰ দলক আক্ৰমণ কৰি কয়—

‘কাঠমাণ্ডুৰ জনতাই তেওঁক দেখিছে (মাধৱ কুমাৰ নেপাল) কেনেকৈ

[ ১৫৫ ]

তেওঁ অত্যাচাৰী ৰজা জ্ঞানেন্দ্ৰৰ চৰণত মুদ্ৰা অৰ্পণ কৰি তেওঁৰ শৰণাপন্ন হৈছে। আপোনালোকে আৰু দেখিছে কিদৰে দলটোৱে ৰজাৰ প্রত্যাবর্তন
আংশিকভাৱে সত্য বুলি অজুহাত দেখুৱাই ৰজাৰ চৰকাৰত যোগদান
কৰিছে।'

 মাওবাদী নেতাজনে আৰু অভিযোগ কৰিছিল যে চি পি এন (ইউ এম এল) দলে আমেৰিকাৰ হেঁচাত পৰিহে বাঁওপন্থী দলবোৰৰ বিৰুদ্ধে থিয় দিছে। এপ্ৰিলৰ ১০ তাৰিখে হ’বলগীয়া সংবিধান সভাৰ নিৰ্বাচনৰ সময়ছোৱাত মাওবাদী নেতা প্রচণ্ড আৰু মাধৱ কুমাৰ নেপালৰ মাজত হোৱা বাকযুদ্ধখনে এটা ভয়াৱহ ৰূপ ল'লে। নেপালী সাম্যবাদী দল (মাওবাদী) আৰু যুৱ সংগঠন যুৱ সাম্যবাদী লীগৰ (ৱাই চি এল) কেদাৰসকলে চি পি এন (ইউ এম এল)ৰ সদস্যসকলক লক্ষ্য কৰি সমগ্ৰ দেশজুৰি হিংসাত্মক কাৰ্য সংঘটিত কৰে। এনে আক্রোশমূলক আক্ৰমণত তেওঁলাকৰ বহুতো সদস্য আঘাতপ্রাপ্ত হয়।

 মাওবাদীসকলে লগতে ইউ এম এলৰ ‘ৰঙা দুৰ্গ’ হিচাপে পৰিচিত কাঠমাণ্ডু উপত্যকাত তেওঁলোকৰ ৰাজনৈতিক ভেটি উছন কৰাৰ পণ লয়। (কাঠমাণ্ডু উপত্যকাত থকা ইউ এম এলৰ ব্যাপক গণভিত্তিৰ বাবে ইয়াক দলটোৰ ‘ৰঙা দুৰ্গ’ হিচাপে জনা গৈছিল।) চেয়াৰমেন প্রচণ্ডই ৰ’লপাৰ উপৰি কাঠমাণ্ডুৰ ১০নং কীৰ্তিপুৰ সমষ্টিৰ পৰাও প্রার্থীত্ব আগবঢ়োৱাৰ সিদ্ধান্তক ৰাজনৈতিক বিশ্লেষকসকলে যথেষ্ট সন্দেহৰ দৃষ্টিৰে চাইছিল। কাৰণ কীৰ্তিপুৰত চি পি এন (ইউ এম এল) দলৰ স্থিতি যথেষ্ট শক্তিশালী আছিল। এই সন্দৰ্ভত প্ৰচণ্ডই কয়—

‘মই দুটা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সিদ্ধান্ত লৈছিলোঁ যাতে এই দীঘলীয়া গণযুদ্ধ আৰু নগৰীয়া অভ্যুত্থানটোৱে ৰাজনৈতিক ক্ষেত্ৰখনলৈ আনি দিয়া পৰিৱৰ্তনবোৰ প্ৰতিফলিত কৰিব পাৰে।’

 ৭ মার্চ তাৰিখে মাওবাদীসকলে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰ ঘোষণা কৰে। তেওঁলোকৰ নিৰ্বাচনৰ শ্ল'গান আছিল এনেধৰণৰ— ‘এখন নতুন নেপালৰ কাৰণে নতুন ভাবাদৰ্শ আৰু নতুন নেতৃত্ব।'

 নেপালী সাম্যবাদী দল (মাওবাদী)সকলৰ কাৰণে এইটো যদিও প্রথম নির্বাচন আছিল তথাপি প্রাক্তন বিদ্রোহীসকলে ভোটাৰসকলক প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছিল। নির্বাচনী প্ৰচাৰপত্ৰক তেওঁলোকে ইস্তাহাৰ বুলি নকৈ দায়বদ্ধতাপত্ৰ বুলি অভিহিত কৰিছিল আৰু ইয়াৰ দ্বাৰা ভোটাৰক আকৃষ্ট কৰিবলৈ সক্ষম হৈছিল।

 ৩৯ পৃষ্ঠাজোৰা নিৰ্বাচনী ইস্তাহাৰখনত তেওঁলোকে নেপালত ৰাষ্ট্ৰপতীয় চৰকাৰ [ ১৫৬ ] ব্যৱস্থাৰ অধীনত এখন যুক্তৰাষ্ট্ৰীয় প্রজাতান্ত্ৰিক ৰাষ্ট্ৰ গঠনৰ প্ৰতিশ্রুতি দিছিল। তদুপৰি নতুনকৈ ৰাজনৈতিক শক্তিলৈ ৰূপান্তৰিত হোৱা ৰাজনৈতিক দলটোৱে নেপালত গোষ্ঠীগত আৰু ভৌগোলিক অৱস্থানৰ ওপৰত ভিত্তি কৰি আত্মনিয়ন্ত্ৰণৰ অধিকাৰ দিয়াৰ বাবে ১১খন স্বায়ত্তশাসিত প্রদেশ আৰু দুখন উপ-প্ৰদেশ গঠনৰ প্ৰস্তাৱ আগবঢ়ায়। ইস্তাহাৰখনত লগতে উল্লেখ কৰা হয় যে প্রস্তাবিত প্রদেশসমূহৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ থাকিব। সংবিধান সভাৰ নিৰ্বাচনৰ পাছতেই মাওবাদীসকলে এজন অন্তবর্তী ৰাষ্ট্ৰপতি নিয়োগ কৰি এখন নতুন পৰিৱৰ্তনশীল চৰকাৰ গঠন কৰাৰ সিদ্ধান্তৰ কথা দোহাৰিলে। তেওঁলোকে এক নতুন পৰিৱৰ্তনশীল অর্থনৈতিক নীতিৰ জৰিয়তে দেশৰ ঘৰুৱা ঔদ্যোগিক মূলধনৰ বিকাশ সাধন কৰাৰ কথা ঘোষণা কৰিলে। তেওঁলোকে কি পদ্ধতিৰে ‘জাতীয় মূলধন'ৰ বিকাশ সাধন কৰিব সেই সম্পর্কে বুজাই ক’বলৈও কোনো সংকোচবোধ নকৰিলে। ‘দায়বদ্ধতা পত্ৰ’ৰ আঁৰৰ ব্যক্তি জ্যেষ্ঠ মাওবাদী নেতা বাবুৰাম ভট্টৰায়ে এই সন্দৰ্ভত সংবাদ মাধ্যমক উদ্দেশ্যি কৈছিল——

‘জাতীয় ঔদ্যোগিক মূলধনৰ বিকাশৰ বাবে এক নতুন পৰিৱৰ্তনকামী
অৰ্থনীতিৰ প্ৰয়োজন। এই নীতি যদি কাৰ্যকৰী কৰা হয়, তেন্তে দহ
বছৰৰ ভিতৰত নেপালৰ জনমূৰি আয় ৩০০ৰ পৰা ৩,০০০ মার্কিন
ডলাৰ হ’ব আৰু এই সংখ্যা বৃদ্ধি পাই বছৰত ১০,০০০ ডলাৰ হ’ব।
আৰু ৪০ বছৰৰ ভিতৰত নেপাল পৃথিৱীৰ ভিতৰতে এখন অন্যতম
বিকাশশীল দেশলৈ ৰূপান্তৰিত হ’ব।’

 মাওবাদীসকলে নেপালৰ ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ মাজৰ অংশীদাৰিত্বৰ ওপৰতো আলোকপাত কৰিছিল। প্রাক্তন বিদ্রোহীসকলে ঘোষণা কৰিছিল যে অহা দহ বছৰৰ ভিতৰত দেশখনৰ ১০,০০০ মেগাৱাটৰ বিদ্যুৎ শক্তিৰ উৎপাদন কৰা হ’ব আৰু পাঁচ বছৰৰ ভিতৰত সমগ্ৰ দেশৰ জনসাধাৰণৰ কাৰণে বিশুদ্ধ খোৱাপানীৰ যোগান ধৰাটো নিশ্চিত কৰা হ'ব।

 জনসাধাৰণে মাওবাদীসকলৰ ‘দায়বদ্ধতা পত্ৰ’খনক মূলসুঁতিৰ ৰাজনৈতিক দলবোৰৰ নির্বাচনী ইস্তাহাৰৰ তুলনাত যথেষ্ট পৰিৱৰ্তনকামী বুলি বিবেচনা কৰিছিল। যিহেতু অন্যান্য ৰাজনৈতিক দলবোৰে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত প্ৰধানকৈ দেশৰ ৰাজনৈতিক স্থিৰতা আৰু শান্তি–— এইকেইটা বিষয়ত আলোকপাত কৰিছিল।

 কিন্তু এপ্ৰিলৰ ১০ তাৰিখৰ দিনটো চমু চাপি অহাৰ লগে লগে নিৰ্বাচনৰ দিনটো অশান্ত আৰু হিংসাজৰ্জৰ হৈ পৰাৰ সম্ভাৱনাই দেখা দিলে। আনকি মাওবাদী কেডাৰসকলৰ লগতে বিশেষকৈ যুৱ সাম্যবাদী লীগৰ সদস্যসকলে জনসাধাৰণক ভীতি প্ৰদৰ্শন কৰাৰ অভিযোগ উত্থাপিত হ’ল। এপ্ৰিলৰ ৮ তাৰিখে দেং জিলাৰ [ ১৫৭ ] দেওখুৰী ভেলীৰ পূব-পশ্চিম ঘাইপথৰ সমীপৰ লামাজি বজাৰত নেপালী কংগ্ৰেছৰ সদস্য আৰু চি পি এন (মাওবাদী) সদস্যৰ মাজত সংঘটিত হোৱা সংঘাতত সাতজন মাওবাদী কৰ্মীয়ে পুলিচৰ গুলীত প্ৰাণ আহুতি দিয়ে।

 সেই একেদিনাই মাওবাদী আৰু ইউ এম এলৰ কেডাৰে মাহেলকুনাৰ আৰক্ষী চকী ঘেৰাও কৰিবলৈ যোৱাৰ ফলত পুলিচৰ গুলীত চুৰখেটত অন্য এজন মাওবাদী কেডাৰৰ মৃত্যু ঘটে। ইয়াৰ আগতেও ৰ'লপাত অচিনাকি আততায়ীৰ হাতত দুজন মাওবাদী সদস্যই প্ৰাণ হেৰুৱাইছিল। নিৰ্বাচনটোৰ আগমুহূৰ্তত ইমানবোৰ হানি হোৱা সত্ত্বেও অধ্যক্ষ প্রচণ্ডই তেওঁৰ দলীয় কেডাৰ আৰু জনসাধাৰণক সংযম ৰক্ষা কৰি ১০ এপ্রিল তাৰিখে অনুষ্ঠিত হ'বলগীয়া নির্বাচনটো সফল কৰি তুলিবলৈ আহ্বান জনায়। যিহেতু নেপালৰ শান্তি প্রক্রিয়াটোক আগবঢ়াই নিবলৈ এনে কৰাটো অত্যন্ত জৰুৰী আছিল ৷

 সমগ্র নির্বাচনী প্রক্রিয়াটোক সুচাৰুৰূপে আগবঢ়াই নিয়াটো নেপালৰ মুখ্য নির্বাচনী আয়ুক্ত ভোজৰাজ পোখৰেলৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল৷ নিৰ্বাচনৰ কাৰণে তেওঁ নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰি ২৪ ঘণ্টাৰ বাবে সমগ্ৰ দেশতে যান-বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছিল। মুক্ত আৰু নিৰপেক্ষ নির্বাচন অনুষ্ঠিত কৰাৰ কাৰণে ১,৫০,০০০ হেজাৰতকৈ অধিক নিৰাপত্তাৰক্ষী আৰু অস্থায়ী পুলিচ কৰ্মীক নিয়োগ কৰা হৈছিল।

 নিৰ্বাচনৰ দিনাখন সকলোকে আনন্দমনেৰে ৰাজধানী চহৰৰ ৰৌদ্রোজ্জ্বল মুকলি আকাশৰ তলত নির্বাচনী কেন্দ্ৰৰ বাহিৰত ৰাতিপুৱাৰে পৰা শাৰী পাতি থকা দেখা গৈছিল। সন্ধিয়া সময়ত ভোটগ্রহণ কার্য সমাপ্ত হয়। প্রায় ৬০ শতাংশ বৈধ ভোটাৰে বেলট পেপাৰত তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে। নিৰ্বাচনৰ দিনাখন কোনোধৰণৰ সাংঘাতিক হিংসাত্মক ঘটনা সংঘটিত নহ’ল। আন্তঃৰাষ্ট্ৰীয় নির্বাচনী পৰ্যৱেক্ষকসকলে নির্বাচন মুক্ত আৰু নিৰপেক্ষ বুলি ঘোষণা কৰিলে। ৮০০তকৈও অধিক নির্বাচনী পর্যৱেক্ষকে নির্বাচন পর্যৱেক্ষণ কৰিবলৈ নেপালত আহি উপস্থিত হৈছিলহি।

 নির্বাচন অনুষ্ঠিত হোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰতে তিনিটা বৃহৎ আন্তঃৰাষ্ট্ৰীয় নির্বাচন পৰ্যৱেক্ষণ গোট ক্ৰমে— এছিয়ান নেটৱৰ্ক ফ’ৰ ফ্রি ইলেকশ্যন, ইউৰোপিয়ান ইউনিয়ন অৱজাৰভেশ্যন মিছন আৰু কাটাৰ চেণ্টাৰে নিৰ্বাচন মুক্ত আৰু নিকা বুলি আনুষ্ঠানিকভাৱে প্রমাণপত্র দিয়ে। নির্বাচন আয়োগৰ দৰে মাওবাদী নেতৃত্বৰ কাৰণেও বিশেষকৈ অধ্যক্ষ প্ৰচণ্ডৰ কাৰণে সংবিধান সভাৰ নিৰ্বাচন শান্তিপূর্ণভাৱে সামৰণি পৰাটো এক ডাঙৰ স্বস্তি আছিল। নিৰ্বাচনৰ আগমুহূৰ্তত বিদ্রোহী সংগঠনৰ পৰা গৈ ৰাজনৈতিক দলত পৰিণত হোৱা সংগঠনটোক আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ে যথেষ্ট সংশয়ৰ দৃষ্টিৰে চাইছিল। [ ১৫৮ ] সকলোৱে ভাবিছিল, নিৰ্বাচনত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ লগতে ৰিগিঙৰ পয়োভৰ ঘটিব। কিন্তু সৌভাগ্যক্ৰমে সমগ্ৰ দক্ষিণ এছিয়াৰ ভিতৰতে এই নিৰ্বাচনক আটাইতকৈ নিকা আৰু মুক্ত বুলি ঘোষণা কৰা হৈছিল। স্বাভাৱিকতে মাওবাদীসকল ইয়াক লৈ যথেষ্ট উৎফুল্লিত হৈছিল। কাৰণ এই নিৰ্বাচনে ৰাজনৈতিক দল হিচাপে দেশৰ লগতে দেশৰ বাহিৰতো মাওবাদীৰ ভাবমূৰ্তি যথেষ্ট উজ্জ্বল কৰি তুলিছিল।
[ ১৫৯ ]
২২
প্ৰজাতন্ত্ৰৰ ঘোষণা

নেপালৰ এই সিংহাসন এটা দুৰ্গ...
ঈশ্বৰে নিজেই তৈয়াৰ কৰা এটা দুৰ্গ।

 সংবিধান সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষিত হ’বলৈ আৰম্ভ কৰাৰ লগে লগেই নেপালৰ ৰজা পৃথিৱী নাৰায়ণ শ্বাহে কৰা উল্লিখিত ঐতিহাসিক মন্তব্যৰ গুৰুত্ব আৰু বৈধতা নাইকিয়া হৈ পৰিল। ১৮ শতিকাত গা কৰি উঠা গোৰ্খাৰ শ্বাহ সাম্ৰাজ্য নেপালী বুৰঞ্জীৰ এটা অংশ হ’বলৈ আৰম্ভ কৰিলে।

 অধিকাংশ বিশেষজ্ঞ আৰু পৰ্যৱেক্ষকৰ বিশ্লেষণক ভুল প্ৰমাণিত কৰি মাওবাদী দলে এপ্ৰিলৰ ১০ তাৰিখে অনুষ্ঠিত হোৱা নিৰ্বাচনত স্পষ্টভাৱেই নিজৰ বিজয় সাব্যস্ত কৰে। প্ৰত্যক্ষ নিৰ্বাচনটোত প্ৰাক্তন বিদ্ৰোহী সংগঠনটোৱে ৫০ শতাংশ সংখ্যাগৰিষ্ঠতা লাভ কৰে। ২৮০খন আসনৰ ভিতৰত দলটোৱে ১২০খন আসন লাভ কৰিবলৈ সক্ষম হ’ল। সমানুপাতিক নিৰ্বাচন পদ্ধতিটোত মাওবাদী দলে ৩৩৫খন আসনৰ ভিতৰত ১০০খন আসন লাভ কৰে। গণতান্ত্ৰিক আৰু সাংবিধানিক ৰাজনীতিৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰি অহা আন দুটা প্ৰধান দল নেপালী কংগ্ৰেছ আৰু নেপালী সাম্যবাদী (ইউ এম এল) দলে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানহে দখল কৰিবলৈ সক্ষম হয়।

[ ১৬০ ]  নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত প্ৰচণ্ডই কয়—

 ‘মই ইউ এম এলক আমাৰ সৈতে হাত নিমিলোৱাৰ বাবে ধন্যবাদ দিবই লাগিব। অন্যথা আমি ইমানকেইখন আসন লাভ কৰিবলৈ সক্ষম নহ'লোহেঁতেন।' নিৰ্বাচনৰ প্রাক্কালত মাওবাদীসকলৰ বিৰুদ্ধে ব্যাপক অপপ্ৰচাৰ চলিছিল। তথাপি নিৰ্বাচনৰ প্রায় আঢ়ৈ মাহ আগতে অধ্যক্ষ প্রচণ্ডই দাবী কৰিছিল যে তেওঁৰ দলে নিৰ্বাচনত সর্বাধিক আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠ ৰাজনৈতিক দল হিচাপে অৱতীৰ্ণ হ’ব। প্রাক্‌-নির্বাচন সম্পৰ্কীয় এটা সাক্ষাৎকাৰত প্ৰচণ্ডই কৈছিল—

‘আমাৰ দলৰ কেন্দ্ৰীয় সমিতিৰ শেহতীয়া বৈঠকত নির্বাচন সম্পৰ্কীয়
কাম-কাজৰ মূল্যায়ন কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা
প্রতিবেদনৰ পৰা এইটো স্পষ্ট হৈছে যে আমি এক নম্বৰ দল হোৱাৰ
পথত অগ্ৰসৰ হৈছোঁ। আমি কোনো দলৰ সৈতে মিত্ৰতা অবিহনেই
সর্বাধিক ভোট লাভ কৰিবলৈ সক্ষম হ’ম। আমি ১০০ৰ পৰা ১২০খন আসনত জয়লাভ কৰিম বুলি আশা কৰিছোঁ।

 কিন্তু তেওঁ অন্তৰৰ গভীৰ কোণৰ পৰা বিশ্বাস কৰিছিল যে এয়াও একপ্ৰকাৰ দাম্ভিকতা। তেওঁ কেতিয়াও সংবিধান সভাৰ নিৰ্বাচনত ইমান ভাল প্ৰদৰ্শন কৰিব পাৰিব বুলি আশা কৰা নাছিল। নিৰ্বাচনৰ ফলাফলত তেওঁ উৎফুল্লিত হৈ পৰে৷ অৱশ্যে তেওঁ সমানুপাতিক প্রতিনিধিত্ব পদ্ধতি অৱলম্বন কৰাৰ বাবে অনুশোচনাও প্ৰকাশ কৰে।

 ‘সমানুপাতিক প্রতিনিধিত্বৰ নীতিটো প্ৰত্যক্ষ নির্বাচনৰ সময়তে আসনৰ ভাগ- বাটোৱাৰা কৰাৰ সময়ত অৱলম্বন কৰিব পৰা গ'লহেঁতেন'— তেওঁ পাছত কৈছিল।

 হিংসামুক্ত সংবিধান সভাৰ নিৰ্বাচনৰ অবিশ্বাস্য ফলাফলে জনতাৰ মনত এক ইতিবাচক ধাৰণাৰ জন্ম দিছিল আৰু তেওঁলোকে নেপালৰ শান্তিপূৰ্ণ ৰাজনৈতিক ভৱিষ্যতৰ ছবি দেখা পাইছিল। নেপালৰ মাওবাদীসকল মূলতঃ উগ্ৰ কমিউনিষ্ট হ’লেও তেওঁলোকে সংবিধান সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ে এই নিৰ্বাচনৰ জৰিয়তে নেপালে ৰাজনৈতিক ইতিহাস ৰচনা কৰিবলৈ সক্ষম হোৱা হেতুকে দেশখনৰ জনসাধাৰণক প্রশংসাৰ বাণীৰে ওপচাই পেলাইছিল। বিশ্বৰ ভিন্ন প্ৰান্তৰ সমভাবাপন্ন সাম্যবাদী দলসমূহে নেপালী সাম্যবাদী দল (মাওবাদী) আৰু এই দলৰ অধ্যক্ষ প্রচণ্ডক নির্বাচনত সফলতা লাভ কৰাৰ কাৰণে অভিনন্দন জ্ঞাপন কৰিছিল।

 ফিলিপাইনছৰ সাম্যবাদী দল, আর্জেন্টিনাৰ বৈপ্লৱিক সাম্যবাদী দল, ইটালীৰ সাম্যবাদী দল, বাৰ্মাৰ সাম্যবাদী দল, অষ্ট্ৰিয়াৰ বৈপ্লৱিক সাম্যবাদী দল, নিউজিলেণ্ডৰ শ্ৰমিক দল, ইটালীৰ পাৰ্টি অৱ দ্য কমিটীজ টু ছাপ'ৰ্ট ৰেজিষ্টেঞ্চ ফ’ৰ কমিউনিজম (চি এছ আৰ [ ১৬১ ] চি), কানাডাৰ বৈপ্লৱিক সাম্যবাদী দল আৰু গ্ৰীচৰ সাম্যবাদী দল (লেনিনবাদী-মার্ক্সবাদী) আদিকে ধৰি বিশ্বৰ ভিন্ন সাম্যবাদী দলসমূহে তেওঁলোকৰ প্ৰশংসাসূচক বাণী প্ৰেৰণ কৰিছিল। ভাৰতবৰ্ষৰ চি পি আই (মাওবাদী)য়েও তেওঁলোকৰ ভাতৃবৎ নেপালী মাওবাদীসকলৰ নিৰ্বাচনী সাফল্যত শিহৰিত হৈছিল। উৎফুল্লিত চি পি আই (মাওবাদী) দলৰ মুখপাত্ৰ আজাদে কৈছিল—

‘নেপালৰ নিৰ্বাচনী ফলাফলে পুনৰবাৰ পুৰণিকলীয়া সামন্তীয় ৰাজতন্ত্ৰৰ বিৰুদ্ধে সাধাৰণ জনতাৰ ক্ষোভৰ বহিঃপ্রকাশৰ কথা প্ৰমাণ কৰিলে।'

 নিৰ্বাচনৰ ফলাফল ঘোষণাৰ হোৱাৰ পাছতেই অধ্যক্ষ প্রচণ্ডই দলৰ ৰাজনৈতিক কূটনীতি সন্দৰ্ভত মত প্ৰকাশ কৰিলে। নেপাল যিহেতু এছিয়াৰ দুখন শক্তিশালী ৰাষ্ট্ৰ ভাৰত আৰু চীনৰ মাজত অৱস্থিত, সেয়ে প্ৰচণ্ডই তেওঁৰ দলে দুয়োখন চুবুৰীয়া ৰাষ্ট্ৰৰ লগত সম্পর্ক গঢ়াৰ ক্ষেত্ৰত সমদূৰত্ব বজাই ৰখাৰ নীতি পোষণ কৰিলে। ইয়াৰ আগতেও মাওবাদী নেতা প্রচণ্ডই ভাৰতৰ ভাতৃবৎ মাওবাদী সংগঠনবোৰৰ সুৰতে সুৰ মিলাই নতুন দিল্লীয়ে নেপালৰ প্ৰতি গ্ৰহণ কৰা সম্প্ৰসাৰণবাদী নীতিক সমালোচনা কৰি আহিছিল। ‘দ্য হিন্দু’ত সিদ্ধাৰ্থ ভৰদ্বাৰাজনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মাওবাদী নেতাজনে কৈছিল—

‘ৰাজনৈতিকভাৱে আমি ভাৰত আৰু চীনৰ সৈতে সম দূৰত্ব ৰাখি
চলিম কাৰণ মিত্ৰতা আৰু কাৰোবাৰ বিৰুদ্ধে যোৱা মানেই ভৌগোলিক
চৰ্তাৱলী আৰু আমাৰ দেশৰ প্ৰয়োজনীয়তাক উলংঘা কৰা। অৱশ্যে
এটা কথা আমি বাস্তৱ ভিত্তিৰ পৰাও চাব লাগিব, কাৰণ ভাৰতবৰ্ষৰ
সৈতে থকা আমাৰ ঐতিহাসিক, সাংস্কৃতিক আৰু ভৌগোলিক সম্পৰ্ক
চীনতকৈ বেলেগ। এই পৰিস্থিতি আমি স্বীকাৰ কৰিব লাগিব আৰু
সম্পর্ক নিৰূপণৰ ক্ষেত্ৰত ইয়ে হ’ব মুখ্য বিষয়। সেয়ে এই অর্থত
ভাৰতবৰ্ষ আৰু চীনৰ লগত সম দূৰত্বৰ কথাটো হ'বই নোৱাৰে ৷ চীনৰ
সৈতে কোনো মুকলি সীমা নাই, তেনেক্ষেত্ৰত কেনেদৰে সমদূৰত্ব
সম্ভৱ হ’ব পাৰে? কিন্তু যিমানদূৰ ‘মিত্ৰতা’ৰ প্ৰশ্নটো জড়িত হৈ আছে
এটাৰ পক্ষ লৈ আনটোৰ বিৰোধিতা কৰাৰ অৰ্থতহে সমদূৰত্বৰ কথাটো
আহি পৰিছে।’

  অৱশ্যে সংবিধান সভাৰ নিৰ্বাচনৰ ফলাফলৰ পাছত সকলোকে আচৰিত কৰি প্ৰচণ্ডই ভাৰত-নেপালৰ বন্ধুত্বৰ ক্ষেত্ৰত ইণ্ডো-নেপাল বন্ধুত্ব চুক্তি ১৯৫০ চনৰ বিষয়ত কোমল মনোবৃত্তি পোষণ কৰিলে৷ ভাৰত-নেপাল চুক্তিৰ সংশোধনী বা বাতিল কৰাটো নেপালৰ মাওবাদীসকলৰ এটা মুখ্য লক্ষ্য আছিল। সংগঠনটোৱে ১৯৯৬ চনত প্ৰধান [ ১৬২ ] মন্ত্রী শ্বেৰ বাহাদুৰ দেউবাক প্ৰদান কৰা ৪০ দফীয়া দাবীটোৱে স্থান লাভ কৰিছিল।

 চি পি আই (মার্ক্সবাদী) দলৰ জ্যেষ্ঠ নেতা সীতাৰাম য়েচুৰীয়ে পোন প্ৰথমবাৰৰ কাৰণে কাঠমাণ্ডুত মাওবাদী নেতা প্রচণ্ডক নিৰ্বাচনত লাভ কৰা সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰিবলৈ যাওঁতে ৰি’পৰ্টাছ ক্লাবত অনুষ্ঠিত হোৱা এক সংবাদমেলত সাংবাদিকক উদ্দেশ্যি কৈছিল যে নেপালৰ মাওবাদী নেতাজনে ভাৰত-নেপাল চুক্তিখন দলিয়াই দিয়া সন্দৰ্ভত কোনো খৰধৰ কৰা নাই। ২০০৫ চনত ১২ দফীয়া চুক্তিত স্বাক্ষৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা য়েচুৰীয়ে প্ৰচণ্ডক লগ কৰাৰ সময়ত জনাইছিল যে তেওঁৰ দলে ভাৰত-নেপালৰ বন্ধুত্ব চুক্তি সন্দৰ্ভত অদূৰ ভৱিষ্যতে আলোচনাত মিলিত হ’ব। য়েচুৰীৰ বিবৃতিকে অনুকৰণ কৰি চি পি আই (এম)ৰ সাধাৰণ সম্পাদক প্রকাশ কাৰাটে দাবী কৰিছিল যে তেওঁৰ দলে ১৯৫০ চনৰ ভাৰত-নেপালৰ দ্বিপাক্ষিক চুক্তিৰ পুনৰ সমীক্ষণ সন্দৰ্ভত সদায় সাজু আছিল। ভাৰতীয় বৈদেশিক সচিব শিৱশংকৰ মেননেও তেওঁৰ সুৰতে সুৰ মিলাই কয় যে নতুন দিল্লীয়ে এই চুক্তিৰ পৰ্যালোচনা কৰিবলৈ আগ্রহী। মেননে এই প্ৰসংগত কৈছিল—

‘তেওঁলোকে (মাওবাদী) সম্পৰ্কটোৰ এটা নতুন ৰূপ দিয়াৰ কাৰণে
ইয়াক বাতিল বা সাল-সলনিৰ কথা কৈ আহিছে। আমি নেপালৰ
সৈতে এই বিষয়ত কাম কৰিবলৈ পালে সুখী হ’ম।'

 একক সংখ্যাগৰিষ্ঠ ৰাজনৈতিক দল হিচাপে পৰিগণিত হোৱাৰ পাছত মাওবাদীসকলৰ প্ৰথম আৰু মুখ্য কাম আছিল মাওবাদী সংগঠনৰ বিষয়ে জনসাধাৰণৰ মনত সঞ্চাৰ হোৱা ভয়ৰ ভাব নিৰ্মূল কৰা আৰু জনগণৰ মনত প্ৰত্যয় জন্মোৱা যে মাওবাদীসকলে এখন সাম্যবাদী প্রজাতন্ত্র প্রতিষ্ঠা কৰিব বিচৰা নাই। নেপালৰ উদ্যোগপতিসকলক তেওঁলোকৰ ‘বন্ধুত্বসুলভ অর্থনৈতিক নীতি’ সন্দৰ্ভত জনোৱাটো প্ৰয়োজন হৈছিল। প্রচণ্ডই এই কথা সন্দৰ্ভতো অৱগত আছিল যে দেশখনৰ উদ্যোগপতিসকলে প্রচণ্ড তথা মাওবাদীসকলক লৈ চিন্তিত আছিল আৰু বহুতো উদ্যোগপতিয়ে দশকজুৰি চলা বিদ্রোহী কার্যকলাপৰ কাৰণে নিঃশেষপ্রায় অৱস্থাত উপনীত হৈছিল। আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহেও নেপালৰ লেহেমীয়া উন্নয়নৰ বাবে মাওবাদী বিদ্ৰোহক দোষাৰোপ কৰিছিল। এই সন্দৰ্ভত অর্থনীতিবিদ বিশ্বাম্বেৰ পায়াকুৰয়াল আৰু ৰবিশংকৰ ছাইনজুয়ে লিখিছে—

‘নেপালৰ এই সংঘাতৰ প্ৰভাৱত দেশখনৰ মুঠ উৎপাদন প্ৰক্ৰিয়াৰ
অৱনতি ঘটিছে, ৰপ্তানি হ্রাস পাইছে আৰু ঘৰুৱা বজাৰৰ ফালে ঢাল
খোৱাৰ প্ৰৱণতা দেখা গৈছে। সেইদৰে ব্যৱসায়ীসকল বৃহৎ বাণিজ্য
খণ্ডৰ পৰা অ-বাণিজ্য খণ্ডলৈ ঢাপলি মেলিছে। এই পৰিৱৰ্তনবোৰে

[ ১৬৩ ] দেশৰ উন্নয়নত বেয়াকৈ প্ৰভাৱ পেলাইছে।'

 ২০০৪ চনৰ ২৩ এপ্ৰিলৰ দিনা মাওবাদী নেতা প্রচণ্ডই নেপালৰ উদ্যোগপতিসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। বৈঠকত তেওঁ স্পষ্ট কৰি দিছিল যে মাওবাদীসকলে নেপালৰ প্ৰগতিৰ খাতিৰত ব্যক্তিগত খণ্ডৰ সৈতে একেলগে কাম কৰিব। এই প্ৰসংগত প্ৰচণ্ডই কৈছিল—

‘আমি জাতীয় আয় বৃদ্ধিৰ সপক্ষে আছোঁ। আমি আমাৰ কোম্পানীবোৰে লাভ কৰাটো বিচাৰোঁ আৰু আমাৰ ব্যৱসায়ী আৰু উদ্যোগপতিসকলে
যাতে অধিক লাভ অৰ্জন কৰিব পাৰে তাৰ কাৰণে এটা সুস্থ পৰিৱেশ
সৃষ্টি হোৱাটো বিচাৰিছোঁ।’

 তেওঁ দলৰ গতানুগতিক ভাবমূৰ্তি ৰক্ষা কৰাৰ ক্ষেত্ৰত আপ্রাণ চেষ্টা চলাইছিল। সেয়ে দলনেতা প্রচণ্ডই নেপাল চেম্বাৰ্ছ অৱ কমাৰ্ছ (এফ এন চি চি আই)ক আশ্বস্ত কৰি কয় যে তেওঁলোকে মাওবাদীসকলৰ অৰ্থনৈতিক নীতিক লৈ শংকিত হোৱাৰ কোনো সকাম নাই। এই সংস্থাৰ নেতৃত্ব বহন কৰা সভাপতি কুশ কুমাৰ যোশীয়ে বৈঠকৰ শেষত কৈছিল—

‘মাওবাদী নেতৃবৃন্দই আমাক আশ্বাস দিছে যে সকলোধৰণৰ অৰ্থনৈতিক নীতি প্রণয়নৰ ক্ষেত্ৰত তেওঁলোকে ব্যক্তিগত খণ্ডকো জড়িত কৰিব।’

 দলনেতা প্রচণ্ডই এই কথা স্বীকাৰ কৰিছিল যে ঘৰুৱা আৰু বৈদেশিক বিনিয়োগ অবিহনে নেপালৰ উন্নয়ন সম্ভৱ নহয়। সেয়ে তেওঁ ঘৰুৱা আৰু বৈদেশিক বিনিয়োগ আকৰ্ষণ কৰিবৰ কাৰণে কিছুমান নীতি অনুসৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। তেওঁৰ দলে অনুভৱ কৰিছিল যে অর্থনৈতিক উন্নয়ন অবিহনে কোনোধৰণৰ শান্তি প্রতিষ্ঠাই সম্ভৱ নহয়৷ সেয়ে কিছুদিনৰ কাৰণে তেওঁৰ দলে মিশ্ৰ অৰ্থনৈতিক নীতি গ্ৰহণ কৰাৰ সিদ্ধান্ত ল'লে।

 জাতীয় আয়ক উৎপাদনমূলক কামত বিনিয়োগ কৰিবলৈ তেওঁ এটা বিজ্ঞানসন্মত অর্থনৈতিক নীতি গ্ৰহণৰ কথাও উনুকিয়ালে৷ এইক্ষেত্ৰত তেওঁ দ্ৰুতগতিত অর্থনৈতিক উন্নয়নৰ দিশে ধাবমান হোৱা চুবুৰীয়া ৰাষ্ট্ৰ চীন আৰু ভাৰতবৰ্ষৰ পৰাও লাভান্বিত হোৱাৰ কথা ভাবিছিল। তেওঁৰ দলৰ প্ৰথম অগ্ৰাধিকাৰ আছিল বিদ্যুৎ খণ্ডৰ উন্নয়ন। তদুপৰি তেওঁ পৰ্যটন আৰু বনৌষধিৰ উদ্যোগৰ প্ৰসাৰৰ ওপৰতো গুৰুত্ব দিছিল। কৃষি উন্নয়ন তেওঁৰ দলৰ আন এটা মুখ্য লক্ষ্য আছিল। সেই উদ্দেশ্যে তেওঁ বিজ্ঞানসন্মত ভূমি সংস্কাৰ, কৃষিৰ বাণিজ্যিকীকৰণৰ লগতে অন্যান্য পদ্ধতিবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিলে৷ এইক্ষেত্ৰত প্ৰচণ্ডই কয়—

‘ভূমি সংস্কাৰৰ ক্ষেত্ৰত আমাৰ কোনো পৰম্পৰাগত সূত্র নাই। আমি [ ১৬৪ ] ভূমি সংস্কাৰৰ কাৰণে এটা বিজ্ঞানসন্মত উপায় অৱলম্বন কৰিবলৈ চেষ্টা কৰি আছোঁ যিহেতু টেৰাই পাহাৰ আৰু হিমালয় অঞ্চলত ব্যৱহাৰ কৰা ভূমি সম্পূর্ণ বেলেগধৰণৰ৷’

 দৰিদ্ৰ কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে তেওঁলোকে প্রগতিশীল কৰ পদ্ধতিৰ শুভাৰম্ভ কৰাৰ পৰিকল্পনা হাতত লৈছিল। এই বিষয়ত প্ৰচণ্ডই কয়—

‘এটা বহু দীঘলীয়া শ্রমিক বিপ্লৱক নেতৃত্ব দিয়াৰ পাছত,
দৰিদ্ৰ লোকসকলকৰ কাৰণে আমাৰ সদায়ে সুকীয়া নীতি আছে।’

 এফ এন চি চি আইৰ নেতৃবৃন্দৰ সৈতে আলোচনাত মিলিত হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰত প্ৰচণ্ডই ৰাষ্ট্ৰসংঘ আৰু সাহায্যকাৰী সংস্থাসমূহৰ প্ৰতিনিধিসকলৰ সৈতে আলোচনাত মিলিত হৈছিল। তেওঁলোকৰ সৈতে হোৱা বৈঠকৰ পাছত প্ৰচণ্ডই কৈছিল যে আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহে দেশখনক সাহায্য দিয়াৰ নতুন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আশ্বাস দিছে। অধ্যক্ষ প্রচণ্ডৰ সুৰতে সুৰ মিলাই জ্যেষ্ঠ মাওবাদী নেতা বাবুৰাম ভট্টৰায়ে এটা সাক্ষাৎকাৰত কৈছিল—

‘এই মুহূৰ্তত আমাক ৰাজনৈতিক স্থিৰতা লাগে। ৰাজনৈতিক স্থিৰতা অবিহনে আমি দ্রুত অর্থনৈতিক বিকাশৰ কথা চিন্তা কৰিব নোৱাৰোঁ।
এতিয়া সংবিধান সভাৰ নিৰ্বাচনৰ ফলাফলে ৰাজনৈতিক স্থিৰতাৰ ক্ষেত্ৰত
কিছু আশাৰ সঞ্চাৰ কৰিছে। দ্বিতীয়তে, আমাক এটা শক্তিশালী নেতৃত্ব
লাগিব। কাৰণ দেশখনৰ পুনৰ গঠনৰ কাম আমি এতিয়াও
আৰম্ভ কৰিবলৈ বাকী আছে।’

 নেপালৰ এটা বৃহৎ অংশৰ জনসাধাৰণ, যিহেতু যুৱকসকলেৰে গঠিত, প্রচণ্ডই এই যুৱশক্তিক দেশখনৰ পুনৰ্নিৰ্মাণৰ কামত নিয়োগ কৰাৰ কথা চিন্তা কৰিছিল। তেওঁ যুৱ সাম্যবাদী দলৰ কেডাৰসকলক দেশৰ গঠনমূলক কামত নিয়োগ কৰিবলৈ সিদ্ধান্ত ল’লে। দেশৰ অতিকে প্ৰাণৱন্ত আৰু শক্তিৱান যুৱসমাজৰ শক্তিক এনেদৰে তেওঁ ফলপ্ৰসূ আৰু উন্নয়নমূলক কামত ব্যৱহাৰ কৰাৰ বাবে আঁচনি প্ৰস্তুত কৰাৰ কথা ভাবিছিল৷

 আচলতে সংবিধান সভাৰ নিৰ্বাচনৰ ফলাফলে তেওঁলোকৰ জনপ্ৰিয়তা বৃদ্ধি কৰাৰ এটা সুন্দৰ সুযোগ আনি দিলে। বিদ্রোহী সংগঠনৰ পৰা ৰাজনৈতিক শক্তিলৈ পৰিৱৰ্তিত হোৱা দলটোৰ ভাবমূৰ্তি বিশ্বৰ ভিন্ন সংগঠনৰ কাৰণে সন্দেহৰ ঊর্ধ্বত নাছিল। কিন্তু এই ফলাফলৰ পাছত বিশ্বদৰবাৰত তেওঁলোকৰ ভাবমূৰ্তি সম্পূৰ্ণৰূপে সলনি হৈ গ’ল। আনকি আমেৰিকাই জনমতৰ হেঁচাত পৰি মাওবাদীসকলৰ ওপৰত আৰোপ কৰা সন্ত্রাসবাদীৰ ফলক আঁতৰাই পেলাবলৈ বাধ্য হয়। নেপালস্থিত আমেৰিকাৰ [ ১৬৫ ] ৰাষ্ট্রদূত নেনচি জে পাৱেলে মাওবাদী নেতা প্ৰচণ্ডৰ সৈতে ১ মে'ত এক বৈঠকত মিলিত হয়। এয়া আছিল নেপালস্থিত আমেৰিকাৰ ৰাষ্ট্ৰদূত আৰু প্ৰচণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন বৈঠক। পাৱেল আৰু প্ৰচণ্ডই দুয়োখন দেশৰ মাজত ভৱিষ্যতে হ'বলগীয়া সম্পৰ্কৰ বিষয়ত আলোচনা কৰিছিল। কাঠমাণ্ডুত মার্কিন দূতাৱাসৰ পৰা প্ৰেৰণ কৰা এক বিবৃতিত কোৱা হৈছিল—

‘পাৱেলে বৰ্তমানৰ আমেৰিকা চৰকাৰখনে নেপালক আৰু অধিক
প্রগতিশীল, গণতান্ত্রিক আৰু স্থিতিশীল কৰাত সহায় কৰিবলৈ
আগবঢ়োৱা সাহায্য সন্দৰ্ভত এটা আভাস দিয়ে। নেপালেও এইক্ষেত্ৰত
আশ্বাস দিছে যে ইয়াৰ নতুন চৰকাৰখনে বৰ্তমানৰ সাহায্য প্রদানকাৰী
চুক্তিসমূহক সন্মান কৰিব আৰু কাৰ্যকাৰিতাৰ ক্ষেত্ৰত ইবিলাকৰ নিৰাপত্তা
সুনিশ্চিত কৰিব।'

 হিমালয়ৰ পাদদেশৰ ৰাষ্ট্ৰখনত ভাৰতবৰ্ষ, চীন আৰু আমেৰিকাই বিস্তাৰ কৰা প্ৰভাৱৰ কথা প্ৰচণ্ডই ভালদৰে অনুভৱ কৰিব পাৰিছে। তেওঁ এইক্ষেত্ৰত আশাবাদী যে এই সাহায্যকাৰী দেশসমূহে তেওঁৰ চৰকাৰক বিশেষকৈ অর্থনৈতিক দিশত সহায় কৰিব। প্ৰচণ্ডই ভাৰতবৰ্ষৰ ভিন্ন ৰাজনৈতিক দলসমূহৰ লগতে চীনৰ সাম্যবাদী দলৰ লগত সু- সম্পর্ক স্থাপন কৰিবলৈ পৰিকল্পনা কৰিছিল। এই প্ৰসংগত তেওঁ কয়—

‘জুন মাহত তেওঁলোকে (চীনৰ সাম্যবাদী দল) আমালৈ এখন চিঠি
প্ৰেৰণ কৰি আমাৰ দলৰ সৈতে তেওঁলোকে একধৰণৰ আনুষ্ঠানিক
সম্পর্ক স্থাপন কৰাৰ কথা প্রকাশ কৰে।'

 নেপালৰ একক সংখ্যাগৰিষ্ঠ দল হিচাপে চি পি এন (মাওবাদী) দলে নেপালত পৰৱৰ্তী চৰকাৰখন গঠন কৰাৰ সম্ভাৱনা প্ৰবল কৰি তুলিলে। ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতবৰ্ষৰ ভাতৃৱৎ সংগঠন চি পি আই (মাওবাদী) দলে নেপালৰ মাওবাদীসকলক নতুন চৰকাৰখনত যোগদান কৰা বা নেতৃত্ব নল’বলৈ সাৱধান কৰি দিছিল। এই সন্দৰ্ভত কমডে আজাদে কৈছিল—

‘চি পি আই (মাওবাদী) দলে বর্তমান নেপালৰ পৰিস্থিতিত
মাওবাদীসকলে তেওঁলোকৰ বিৰুদ্ধে চলি থকা সকলোধৰণৰ
প্রতিক্রিয়াশীল কর্ম-আঁচনিৰ বাধা নেওচি, দেশৰ জনতাৰ ওপৰত
নিৰ্ভৰ কৰি তেওঁলোকৰ ভূমি সংস্কাৰ আৰু সাম্ৰাজ্যবাদী,
ঔপনিৱেশকাৰীসকলৰ দমনমূলক শাসনৰ বিৰুদ্ধে যি বৈপ্লৱিক
আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিল তাক আৰু আগুৱাই নিয়াৰ প্ৰবল
সম্ভাৱনা দেখা পাইছে। কিন্তু এইটো তেতিয়াহে সম্ভৱ হ'ব যদিহে

[ ১৬৬ ]

মাওবাদীসকলৰ মূল নেতাসকলে চৰকাৰত অংশগ্ৰহণ নকৰি জনতাক
সংঘবদ্ধ কৰি শ্রেণী সংগ্রামটোক আগবঢ়াই নিয়া নীতিৰ ওপৰত
মনোনিৱেশ কৰে। অন্যথা এইক্ষেত্ৰত প্রতিক্রিয়াশীল দলসমূহ আৰু
সাম্ৰাজ্যবাদীসকলৰ লগত অনীতিগতভাৱে বুজাবুজিত উপনীত হৈ
তেওঁলোকৰ দলীয় নেতৃত্ব আৰু কেডাৰসকলৰ দলীয় আদৰ্শৰ বিসৰ্জনৰ
জৰিয়তে এখন বুর্জোৱা শ্ৰেণীৰ চৰকাৰ গঠনৰহে সম্ভাৱনা আছে।
এনে পৰিপ্ৰেক্ষিতত তেওঁলোকৰ সকলো লাভালাভ অথলে যাব আৰু
প্রতিক্রিয়াশীল দলবোৰে জনতাৰ নৈৰাশ্যৰ সুযোগ লৈ পুনৰ ক্ষমতালৈ
আহিব।'

 অন্যান্য মাওপন্থী সংগঠনসমূহেও নেপালী মাওবাদীসকলে নির্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি মূলসুঁতিৰ ৰাজনীতিত অংশগ্ৰহণ কৰিব বিচৰা কথাটোত সুখী নাছিল৷ তেওঁলোকে নিৰ্বাচনত অংশ লৈ চৰকাৰৰ নেতৃত্ব বহন কৰাৰ কথাটোক এই দলসমূহে সমর্থন কৰিব পৰা নাছিল। দক্ষিণ এছিয়াৰ শ্ৰমিক দলসমূহে এনে নীতি গ্ৰহণ কৰাৰ উদাহৰণ অতিকে বিৰল। দক্ষিণ এছিয়াৰ ভিন্ন প্ৰান্তৰ সমভাবাপন্ন মাওবাদী দলসমূহৰ পৰা অহা বিৰোধিতা সত্ত্বেও এই কট্টৰ মাওবাদী সংগঠনটোৱে চৰকাৰৰ অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত পৰিহাৰ নকৰিলে আৰু নেপালক এখন প্ৰজাতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰি নেপালৰ মূলসুঁতিৰ ৰাজনীতিৰ অংশীদাৰ হোৱাৰ দাবীত অটল হৈ থাকিল।

 সংবিধান সভাৰ নিৰ্বাচনৰ ফলাফলৰ পাছত মাওবাদীসকলে নিজৰ লক্ষ্যৰ দিশত এখোজ-দুখোজকৈ আগবাঢ়িল। কিন্তু দলনেতা প্ৰচণ্ড আৰু তেওঁৰ ৰাজনৈতিক দলটোৱে এইক্ষেত্ৰত প্ৰতিটো খোজতে বাধাৰ সন্মুখীন হৈছিল। মাওবাদী নেতাসকলে নিজৰ মতাদর্শ সাব্যস্ত কৰিবলৈ যাওঁতে ভিন্ন ক্ষেত্ৰত ভিন্নধৰণে ৰাজনৈতিক তর্ক-বিতর্কত লিপ্ত হ’বলগীয়া হৈছিল। নতুন চৰকাৰখনক পূৰ্ণাংগ ৰূপ দিবলৈ যাওঁতে প্ৰাৰম্ভিক অৱস্থাত কেইবাসপ্তাহো আলোচনা-বিলোচনাত অংশ ল’বলগীয়া হৈছিল আৰু এনে তর্ক-বিতর্কই প্ৰাৰম্ভিক অৱস্থাৰ পৰাই হেঙাৰৰূপে থিয় দিছিল। নতুন চৰকাৰখনত ৰাষ্ট্ৰপতিৰ ভূমিকাকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত হোৱা ভালেমান বিতর্কই গোটেই প্ৰক্ৰিয়াটো লেহেমীয়া কৰি তুলিছিল।

 প্ৰাৰম্ভিক অৱস্থাত মাওবাদীসকলে নতুন সংবিধান ৰচনাৰ কাম সমাপ্ত নোহোৱাপৰ্যন্ত দেশৰ শাসনৰ দায়িত্বভাৰ প্ৰধান মন্ত্রী গিৰিজাপ্রসাদ কৈৰালাৰ কান্ধতে অৰ্পণ কৰাৰ ওপৰত গুৰুত্ব দিলে। (যিহেতু গিৰিজাপ্রসাদ কৈৰালাই এইক্ষেত্ৰত দ্বৈত ভূমিকা পালন কৰি আছিল) কিন্তু অন্যান্য ৰাজনৈতিক দলবোৰে বিশেষকৈ নেপালী কংগ্ৰেছে এই সিদ্ধান্তৰ বিৰোধিতা কৰিলে। তেওঁলোকে কৈৰালাকে প্রজাতান্ত্রিক নেপালৰ প্ৰথমজন [ ১৬৭ ] ৰাষ্ট্ৰপতি হোৱাটো বিচাৰিছিল। দুয়োটা দলৰ নেতা দুজনৰ মাজত কিবা বিদ্বেষ আছিল এনে নহয়। প্রকৃততে প্রচণ্ডই কৈৰালাৰ প্ৰতি যথেষ্ট সম্মান প্রদর্শন কৰিছিল। প্রধান মন্ত্রীজনে মাওবাদীসকলক দিয়া কথাৰ মূল্য ৰাখিলে। কথা দিয়ামতেই তেওঁ সংবিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিলে আৰু সকলোবোৰ বাধা অতিক্ৰম কৰি নেপালৰ শান্তি প্রক্রিয়াটোক আগবঢ়াই নিলে। তেওঁ কৈৰালাৰ প্ৰসংগত কয়—

 ‘এই মুহূৰ্তত মই আটাইতকৈ সন্মান প্ৰদৰ্শন কৰা নেতা-ব্যক্তিজনেই হ'ল তেওঁ (কৈৰালা)।’

 ৰাষ্ট্ৰপতিৰ পদটো যিমানে আড়ম্বৰপূৰ্ণ নহওক কিয়, এই পদটোক লৈ কৈৰালাৰ দৰে চতুৰ ৰাজনৈতিক খেলুৱৈ এজনে যিধৰণে অদক্ষ আচৰণ কৰিছিল তাত প্ৰচণ্ডই ভীষণ অস্বস্তি অনুভৱ কৰিছিল। এনেধৰণৰ ৰাজনৈতিক বিতৰ্কৰ ফলত ৰাজতন্ত্ৰৰ অৱসান ঘটাবলৈ সংবিধান সভাৰ প্ৰথমখন ঐতিহাসিক বৈঠক অনুষ্ঠিত কৰাত যথেষ্ট পলম হৈছিল। মে’ মাহৰ ২৮ তাৰিখৰ আবেলিলৈকে দলবিলাকৰ মাজত চলা খকা- খুন্দা অব্যাহত আছিল। দেশখনৰ ৰাজনৈতিক দলবোৰৰ কাৰণে কথাটো অস্বস্তিকৰ হৈ পৰিছিল কাৰণ সমগ্ৰ বিশ্বই নেপালৰ ৰাজনৈতিক প্রেক্ষাপটত সকলো ঘটনা প্রত্যক্ষ কৰিছিল আৰু নেপালত জন্ম হ’বলগীয়া বিশ্বৰ কনিষ্ঠতম প্রজাতান্ত্ৰিক ৰাষ্ট্ৰখনৰ জন্মৰ প্ৰক্ৰিয়াটো পৰ্যৱেক্ষণ কৰি আছিল।

 বহুতো এৰাধৰাৰ মাজত অৱশেষত মে’ মাহৰ ২৮ তাৰিখে নিশা সংবিধান সভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত কৰা হয় আৰু এই বৈঠকতে নেপালক এখন ধৰ্মনিৰপেক্ষ গণতান্ত্রিক-প্রজাতন্ত্র হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। প্রধান মন্ত্ৰী কৈৰালাই সংবিধান সভাৰ প্ৰথমখন বৈঠকত ৰাষ্ট্ৰক সম্বোধি দিয়া ভাষণ প্রসংগত কয় যে দেশখনক প্রজাতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ তেওঁৰ যি সপোন আছিল সেয়া নেপালক এখন প্রজাতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ লগে লগেই ফলৱতী হ’ল। সংবিধান সভাই নেপালক এখন প্রজাতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ লগে লগেই ৰজা জ্ঞানেন্দ্ৰ আৰু তেওঁৰ পৰিয়াল নেপালৰ সাধাৰণ মানুহৰ শাৰীলৈ অৱনমিত হয়। আৰু ইয়াৰ লগে লগেই নেপালত শ্বাহ সাম্ৰাজ্যৰ ২৩৯ বছৰ পুৰণি শাসনৰ অৱসান ঘটে। সংবিধান সভাই ৰজা জ্ঞানেন্দ্ৰ আৰু তেওঁৰ পৰিয়ালক ১৫ দিনৰ ভিতৰতে শ্বাহ সাম্ৰাজ্যৰ দুৰ্গ নাৰায়ণহিটি ৰাজপ্রাসাদ এৰি যাবলৈ নিৰ্দেশ দিয়ে।

{[gap}}সংবিধান সভাৰ স্থান বীৰেন্দ্ৰ ইণ্টাৰনেশ্যনেল কনভেনছন চেণ্টাৰ (বি আই চি চি)ৰ

সন্মুখত সংঘটিত হোৱা বোমা বিস্ফোৰণকো আওকাণ কৰি নেপালক এখন গণৰাজ্য হিচাপে ঘোষণা কৰাৰ সিদ্ধান্তক আদৰণি জনাবলৈ হেজাৰ হেজাৰ লোক শোভাযাত্রা কৰি কাঠমাণ্ডুলৈ ৰাওনা হয়। [ ১৬৮ ]
২৩
দলৰ ভাবমূর্তি বজাই
ৰাখিবলৈ প্ৰচণ্ডৰ পদক্ষেপ

 জনযুদ্ধৰ নেতৃত্ব বহন কৰি থকা সময়ছোৱাত সংগঠনটোৰ ভাবমূৰ্তি বৰ্তাই ৰখাটো প্ৰচণ্ডৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। আন্দোলনটোৰ কাৰ্যকলাপৰ ওপৰত মানৱ অধিকাৰ সংস্থা, বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংগঠন, গণ মাধ্যম আৰু বিশেষকৈ বৌদ্ধিক মহলে সততে চোকা নজৰ ৰাখিছিল। মাওবাদী বিদ্রোহীসকলৰ ব্যাপক হিংসাত্মক ঘটনাৱলীয়ে মানৱ অধিকাৰ ভংগ কৰাৰ লগতে দেশখনত শান্তিৰ বাতাৱৰণ বিনষ্ট কৰিছিল। মাওবাদী বিদ্রোহীসকলে সন্ত্রাসবাদী কার্যকলাপেৰে ব্যাপক হাৰত মানৱ অধিকাৰ ভংগ কৰা বুলি সমালোচনা কৰা হৈছিল।

 ২০০৫ চনৰ ৬ জুনত মাওবাদীসকলে চিটৱান জিলাৰ বেন্দাৰমুডেত এখন যাত্রীবাহী বাছত বোমা বিস্ফোৰণ সংঘটিত কৰে। এই বিস্ফোৰণৰ ফলত ১৩৮জন অসামৰিক লোকে মৃত্যুক সাবটি লোৱাৰ উপৰি ৭০জন লোক আহত হৈছিল। এই বিস্ফোৰণটোৱে সংগঠনটোৰ ভাবমূৰ্তি বিনষ্ট কৰাত যথেষ্ট ইন্ধন যোগাইছিল। ভয়াৱহ সন্ত্রাসবাদী আক্ৰমণটোত প্ৰাণ হেৰুওৱা প্ৰায়সংখ্যক লোকেই আছিল মাওবাদী প্রধানজনৰ নিজ জিলা ভীমসেন নগৰৰ কাষৰীয়া গাঁৱৰ নিবাসী। এই আক্রমণটোৱে তেওঁলোকৰ [ ১৬৯ ] ভাবমূর্তি বিনষ্ট কৰাৰ লগতে মাওবাদী বিদ্রোহীসকলক সন্ত্রাসবাদী সংগঠনৰ শাৰীলৈ অৱনমিত কৰিছিল। এইটো তেওঁলোকৰ দ্বিতীয়টো যাত্রীবাহী বাছৰ ওপৰত চলোৱা আক্ৰমণ আছিল। ইয়াৰ কেইমাহমান পূৰ্বে এপ্রিল মাহত চাৰৰ্লাহিত এখন যাত্রীবাহী বাছত বিস্ফোৰণ সংঘটিত কৰাত পাঁচজন লোক নিহত হৈছিল।

 বেন্দামুডেত বোমা বিস্ফোৰণ হোৱাৰ কেইঘণ্টামানৰ পাছতে তেতিয়াৰ ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান কফি আন্নানে এই লেণ্ডমাইন বিস্ফোৰণ কাৰ্যক ‘বৰ্বৰ’ আক্রমণ বুলি অভিহিত কৰি ইয়াৰ তীব্ৰ গৰিহণা দিয়ে। লগতে তেওঁ মাও বিদ্রোহীসকলক এনেধৰণৰ অমানৱীয় কাৰ্যৰ দ্বাৰা মানৱ অধিকাৰ আৰু মানৱ অধিকাৰ সম্পৰ্কীয় আইন কানুন ভংগ কৰাৰ পৰা বিৰত থাকিবলৈ আৰু এইবিলাকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ সকীয়াই দিয়ে। বিভিন্ন ৰাজনৈতিক দল, আন্তর্জাতিক মানৱ অধিকাৰ সংস্থা আৰু গণমাধ্যমসমূহেও এই ঘটনাক তীব্র ভাষাৰে গৰিহণা দিয়ে। এই ঘটনা সন্দৰ্ভত ‘দ্য কাঠমাণ্ডু প’ষ্টে’ লিখিছিল—

‘মাওবাদীসকলে নিৰীহ জনতাৰ ওপৰত বহুবাৰ আক্ৰমণ সংঘটিত
কৰিছে আৰু তেওঁলোকে বাৰম্বাৰ এনে ভুল নকৰাৰ কথা দোহাৰিছে।
কিন্তু তাৰ পাছতো বাৰে বাৰে অসামৰিক লোকসকল তেওঁলোকৰ
বৰ্বৰ আক্ৰমণৰ বলি হ'বলগীয়া হৈছে।'

 প্ৰচণ্ডই তেওঁৰ কেডাৰসকলে যাত্রীবাহী বাছত সংঘটিত কৰা আক্ৰমণটোৰ সন্দৰ্ভত অনুশোচনা প্ৰকাশ কৰি প্ৰেৰণ কৰা বিবৃতিক সাংবাদিক তিলক পোখৰেলে ‘দ্য কাঠমাণ্ডু পষ্ট’ত তীব্র সমালোচনা কৰিছিল। মাওবাদী প্রধানজনে এনে ঘটনাক দলীয় নীতি- বহিভূর্ত আৰু অতি সোনকালেই ইয়াৰ আভ্যন্তৰীণ কাৰণ বিচাৰ কৰি জনসাধাৰণক জনোৱাৰ প্ৰতিশ্ৰুতি দিছিল। পোখৰেলে প্ৰচণ্ডৰ এনে মন্তব্যক সমালোচনা কৰি কৈছিল যে ইয়াৰ আগতেও ২০০২ চনৰ ২ নৱেম্বৰত দলাখাত এখন যাত্রীবাহী বাছত সংঘটিত হোৱা লেণ্ডমাইন বিস্ফোৰণত দুজন অসামৰিক লোকে প্ৰাণ হেৰুৱাইছিল আৰু তেতিয়াও প্রচণ্ডই একে কথাকেই দোহাৰিছিল। এইক্ষেত্ৰত পোখৰেলে লিখিছিল—

‘প্ৰচণ্ডই তেওঁৰ বিবৃতিত এনে আক্রমণ তেওঁলোকৰ কল্পনাৰো বাহিৰত
বুলি মন্তব্য কৰিছিল। সেই সময়তো তেওঁ এনে ঘটনাৰ অনুসন্ধান
কৰিব আৰু তাৰ ফলাফল জনসাধাৰণক অৱগত কৰাৰ প্রতিশ্রুতি
দিছিল। তেওঁ যিয়েই নকওক, ঘটনাৰ কিন্তু কোনো অনুসন্ধান নহ'ল।'

 সন্ত্রাসবাদী আক্ৰমণৰ উপৰি মাওবাদীসকলে কৰা বলপূর্বক ধন দাবী,ভূমি অধিগ্রহণ, অপহৰণ, হত্যা আৰু অত্যাচাৰী কাৰ্যকলাপ দৃষ্টিকটুভাৱে জনমানসত ধৰা দিছিল মাওবাদীসকলৰ পথত হেঙাৰ হোৱা বা তেওঁলোকৰ দাবীবোৰৰ বিৰোধিতা কৰাজন [ ১৭০ ] তেওঁলোকৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল। ২০০৪ চনত মাওবাদী বিদ্রোহীয়ে বীগঞ্জৰ মেয়ৰ গোপাল গিৰিক তেওঁলোকে দাবী কৰা ৫০০,০০০ টকা দিবলৈ অস্বীকাৰ কৰাৰ বাবে হত্যা কৰিছিল। পুনৰ ছমাহ পাছত জুলাই মাহত পোখৰা মিউনিচিপালটিৰ অন্য এজন মেয়ৰ হৰ্ক বাহাদুৰ গোৰাং একে কাৰণতে অনুৰূপ ঘটনাৰ বলি হ’বলগীয়া হৈছিল৷ এই সন্দৰ্ভত ‘নেপাল সমাচাৰপত্ৰ’ৰ সম্পাদকীয়ত লিখা হৈছিল এনেদৰে—

‘নিশ্চিতভাৱেই তেওঁলোকে একদলীয় একনায়কত্ববাদ প্ৰতিষ্ঠাৰ কাৰণে
প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। তেওঁলোকে লাগিলে যিমানেই গণতন্ত্রক
সমৰ্থন কৰাৰ কথা নকওক কিয়, তেওঁলোকৰ কাম-কাজৰ পৰাই
তেওঁলোকে কি বিচাৰে তাক সহজে অনুমান কৰিব পাৰি। দুগৰাকী
মেয়ৰক হত্যা কৰাৰ উপৰি তেওঁলোকে বাটৱালৰ মেয়ৰ পোনাৰাম
পোখৰেলক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছিল৷ ইয়াৰ বাহিৰেও
কেইবাগৰাকীও ভি ডি চি বিষয়াক হত্যাৰ লক্ষ্য কৰি লৈছিল।'

 আনকি সাংবাদিক আৰু মানৱ অধিকাৰ কৰ্মীয়ে তেওঁলোকৰ জীৱনৰ নিৰাপত্তা অনুভৱ কৰা নাছিল। ২০০৪ চনৰ আগষ্ট মাহৰ দহ তাৰিখে দেইলেখ জিলাৰ দেকেন্দ্ৰ ৰাজ থাপা নামৰ এজন সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মীক মাওবাদী বিদ্রোহীয়ে অপহৰণ কৰি হত্যা কৰে। মাওবাদীসকলে তেওঁক তেওঁলোকৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ জাপি দি তেওঁৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছিল।

 থাপাৰ হত্যা সংবাদ মাধ্যমৰ কাৰণে এক গুৰুতৰ বিষয় আছিল। সাংবাদিকসকলে এই হত্যাক মাওবাদীসকলে সংবাদ মাধ্যমৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰা বুলি অভিহিত কৰি ইয়াক দ্ব্যৰ্থক ভাষাত গৰিহণা দিছিল। পেৰিচস্থিত ৰিপ'ৰ্টাৰ্ছ ছনছ ফ্ৰণ্টিয়াৰ্ছ (আৰ এছ পি) আদিৰ দৰে বহুতো আন্তঃৰাষ্ট্ৰীয় গণমাধ্যম অধিকাৰ সংস্থাই এই আক্রমণ সন্দৰ্ভত ব্যাপক প্রতিবাদ সাব্যস্ত কৰিছিল। থাপাৰ হত্যাৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই মাওবাদী বিদ্রোহীসকলৰ মুখপাত্র কৃষ্ণ বাহাদুৰ মাহাৰাই ক্ষমা খুজি কয় যে সাংবাদিকক হত্যা বা আক্রমণ কৰাটো তেওঁলোকৰ দলীয় নীতি নহয় আৰু সাংবাদিকৰ ওপৰত সংঘটিত এনে আক্রমণ তেওঁলোকৰ ভুলৰ বাবেহে হ’ল।

 আনকি থাপাৰ হত্যাকাণ্ডৰ পাছত আৰ এছ এফৰ ‘সংবাদপত্ৰৰ স্বাধীনতাৰ হত্যাকাৰী'ৰ তালিকাত প্ৰচণ্ডৰ নাম অন্তৰ্ভুক্ত হয়। ২০০৮ চনৰ জুন মাহত দেইলেখৰ বিষয়টো পুনৰ চৰ্চালৈ আহিল। কবৰৰ পৰা উদ্ধাৰ হোৱা এটা মৃতদেহ থাপাৰ বুলি সন্দেহ কৰি নেপালী সাংবাদিক সংস্থাই (এফ এন জে) মৃতদেহটোৰ ডি এন এ পৰীক্ষাৰ দাবী উত্থাপন কৰিছিল।

 জনযুদ্ধৰ লগতে সংগঠনটোৰ অন্যান্য কাম-কাজ চলাই নিবলৈ যদিও যথেষ্ট টকা[ ১৭১ ] পইচাৰ প্ৰয়োজন হৈছিল তথাপি প্রচণ্ডই সঘনে সংগঠনটোৰ কেডাৰসকলক বলপূর্বক ধন সংগ্রহ অভিযান বন্ধ কৰিবলৈ নিৰ্দেশ দি বাৰ্তা প্ৰেৰণ কৰিছিল৷

 নাগৰিক সমাজ তথা সংবাদ মাধ্যমৰ হেঁচাত সংগঠনটোৰ ভাবমূর্তি অক্ষুণ্ণ ৰাখিবলৈ প্ৰচণ্ডই ৰাজহুৱা বিবৃতি দিবলগীয়া হৈছিল। ২০০৩ চনৰ ১৬ ফেব্ৰুৱাৰীত এক বিবৃতি দি প্রচণ্ডই ঘোষণা কৰিছিল যে ভৱিষ্যতে স্বেচ্ছাসেৱকসকলৰ বাদে আন কোনো উৎসৰ পৰা দান-বৰঙণি সংগ্ৰহ কৰা নহ’ব। এই জাননীক তেওঁৰ কেডাৰসকলক এক দলীয় নির্দেশ হিচাপে গ্ৰহণ কৰিবলৈ কয় আৰু সকলোধৰণৰ ধন সংগ্রহ অভিযানৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে একাংশ শক্তিয়ে শান্তি প্ৰক্ৰিয়াত ব্যাঘাত জন্মাবলৈ মাওবাদীৰ নামত ধন সংগ্ৰহৰ দৰে কাৰ্য কৰি আছে আৰু মাওবাদীসকলৰ বদনাম কৰিছে।

 ২০০৪ চনৰ জুন মাহত কাঠমাণ্ডুৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকত ‘ৰাজধানী’ৰ এটা বাতৰিত কোৱা হয় যে মাওবাদীসকলে আনকি সিন্ধুলী জিলাৰ দৰিদ্ৰ লোকসকলৰ পৰাও বলপূর্বক ধন সংগ্রহ অভিযান আৰম্ভ কৰিছে। বাতৰিটোত কোৱা হয়—

‘আনকি অতি দৰিদ্ৰ কৃষকজনেও কৰ আদায় দিয়াৰ পৰা ৰেহাই পোৱা
নাছিল। পৰিয়ালবোৰক তেওঁলোকৰ ঘৰৰ টিনপাত, টাইলছ আদিৰ
মূল্যৰ ওপৰত ভিত্তি কৰি কৰৰ মূল্য নিৰ্ধাৰণ কৰা হৈছিল। খ্ৰেীঘৰৰ
তুলনাত টিনপাত, টাইলছৰ ঘৰৰ কৰ অধিক আছিল। বিদ্রোহীবিলাকে
বেচৰকাৰী সংস্থাৰ লগতে অন্যান্য সামাজিক সংস্থাসমূহক তেওঁলোকৰ
অনুমতি অবিহনে কোনোধৰণৰ কৰ্মআঁচনি হাতত নল’বলৈ নিৰ্দেশ
জাৰি কৰিছিল।'

 মাওবাদীৰ এনে বলপূর্বক কার্যকলাপৰ বাতৰিয়ে জনমানসত সর্বহাৰাৰ বিপ্লৱ সন্দৰ্ভত কিছুমান গুৰুতৰ প্ৰশ্নৰ উদ্রেক কৰিছিল। পশ্চিমীয়া দেশবোৰক এনে বাতৰিয়ে উৎসাহিত কৰিছিল আৰু তেওঁলোকে মাওবাদী বিদ্রোহীৰ বিৰুদ্ধে এনে শক্তিশালী গণ সমর্থন গঢ়ি তুলিবলৈ সক্ষম হৈছিল। এই দেশবোৰে নেপাল ভ্ৰমণলৈ ওলোৱা তেওঁলোকৰ নাগৰিকসকলৰ প্ৰতি সতর্কতা জাৰি কৰিছিল। পশ্চিমীয়া দেশবোৰে অহৰহ প্ৰচাৰ চলাই নেপাল ভ্ৰমণলৈ ওলোৱা পৰ্যটকসকলৰ মনত ভীতিৰ সঞ্চাৰ কৰিছিল। ফলস্বৰূপে নেপাললৈ অহা ইউৰোপীয় পৰ্যটকৰ সংখ্যা দ্রুত হ্রাস পাবলৈ ধৰে। বিদেশী মুদ্ৰা অৰ্জনৰ ক্ষেত্ৰত নেপালৰ পৰ্যটন উদ্যোগৰ ভূমিকা উল্লেখযোগ্য। কিন্তু পশ্চিমীয়া দেশৰ পৰ্যটকৰ সংখ্যা হ্রাস পোৱাত এই উদ্যোগটো প্ৰচণ্ড প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল। মাওবাদী বিদ্রোহীসকলে দাবী কৰা ধন দিবলৈ অমান্তি হোৱা পৰ্যটকক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে অপহৰণৰ ভাবুকি দিয়া বুলি [ ১৭২ ] মাওবাদী বিদ্রোহীসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছিল। উল্লেখযোগ্য যে ২০০৬ চনৰ মাৰ্চ মাহত মাওবাদীসকলে কেইবাজনো পোলেণ্ডৰ পৰ্যটকক তেওঁলোকে দাবী কৰা ধন দিবলৈ অমান্তি হোৱাৰ বাবে অপহৰণ কৰাৰ বাতৰি প্ৰকাশ হৈছিল।

 বিদেশী অভিযানেও মাওবাদী বিদ্ৰোহীৰ পৰা পৰিত্ৰাণ পোৱা নাছিল ৷ কাঠমাণ্ডুৰ মার্কিন দূতাবাসৰ দুজন সুৰক্ষা কৰ্মীক হত্যা কৰাৰ অভিযোগত মাওবাদীসকল অভিযুক্ত হৈছিল। ২০০৪ চনৰ ১০ ছেপ্টেম্বৰত মাওবাদী বিদ্রোহীসকলে ৰাজধানী চহৰৰ মাৰ্কিন দূতাবাসত বোমা বিস্ফোৰণ সংঘটিত কৰে। বিস্ফোৰণটোৰ কেইঘণ্টামানৰ ভিতৰতে আমেৰিকা চৰকাৰে নেপালস্থিত আমেৰিকান শান্তিৰক্ষাকাৰী বাহিনীক নিৰাপত্তাৰ খাতিৰত তৎক্ষণাত নেপাল এৰি আহিবলৈ নিৰ্দেশ দিয়ে। সেয়ে স্বাভাৱিকভাৱেই মার্কিন চৰকাৰৰ দৃষ্টিত নেপালৰ মাওবাদী দলটোৰ নাম এটা সন্ত্ৰাসবাদী সংগঠনৰ তালিকাত অন্তর্ভুক্ত হয়।

 দক্ষিণ আৰু কেন্দ্ৰীয় এছিয়াৰ সহকাৰী সচিবৰূপে কাৰ্যনিৰ্বাহ কৰা মাৰ্কিন সহকাৰী সচিব ৰিচাৰ্ড বাউচাৰে মাওবাদীসকলৰ গণযুদ্ধৰ কাৰ্যকলাপ সন্দৰ্ভত কয়—

‘ই এক অগতানুগতিক বৰ্বৰ আক্ৰমণ আৰু তেওঁলোকে সন্ত্ৰাসৰ
জৰিয়তে দেশখনৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰাৰ ক্ষেত্ৰত অভ্যস্ত হৈ
পৰিছে। মাওবাদীসকলে হিংসাৰ পথ পৰিহাৰ কৰিবই লাগিব ৷ লগতে
বলপূর্বক কার্যকলাপৰ দৰে নিয়ন্ত্ৰণৰ পথ পৰিহাৰ কৰিব লাগিব যিহেতু
ইবোৰে নেপালক সন্ত্রাস জৰ্জৰিত কৰি তুলিছে।'

 অন্য বিষয়তকৈ মাওবাদীসকলে তেওঁলোকৰ সংগঠনৰ হৈ ভয়াৱহ আৰু জটিল সামৰিক অভিযানৰ কাম-কাজত সহায় কৰিবলৈ শিশুসকলক ব্যৱহাৰ কৰা বিষয়টোৱে মানৱ অধিকাৰ কৰ্মীসকলৰ মাজত গুৰুতৰ বিষয় হিচাপে ঠাই পাইছিল। ২০০৩ চনত এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ ‘গভীৰ সংকটত নেপাল’ শীর্ষক প্রতিবেদনত কোৱা হৈছিল—

‘তেওঁলোকৰ দখলত থকা অঞ্চলটোত মাওবাদীসকলে প্রতিটো
পৰিয়ালৰ পৰা এজনকৈ সদস্য নিয়োগ কৰা নীতি গ্ৰহণ কৰিছিল।
ছোৱালীকে ধৰি শিশুসকলক যুদ্ধসদৃশ পৰিস্থিতিত তেওঁলোকক অস্ত্ৰ-
শস্ত্ৰ যোগান ধৰিবলৈ বা কেতিয়াবা আঘাতপ্রাপ্তজনক নিৰাপদ স্থানলৈ
স্থানান্তৰিত কৰিবলৈ বা শুশ্রুষা কৰিবলৈ নিয়োগ কৰা হৈছিল।'

 প্ৰচণ্ডই অৱশ্যে শিশুসকলক মাওবাদী সৈন্যদলৰ এনেধৰণৰ কাম-কাজত নিয়োগ কৰাৰ অভিযোগ অস্বীকাৰ কৰিছিল। ২০০৫ চনত ‘দ্য টাইম’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কৈছিল—

‘গণসেনাত শিশু সৈনিকৰ ব্যৱহাৰ সন্দৰ্ভত ওলোৱা বাতৰিটো

[ ১৭৩ ] আশ্চৰ্যকৰ। আমি ১৮ বছৰৰ তলৰ শিশুক বিদ্রোহত যোগদান কৰাৰ ক্ষেত্ৰত কঠোৰভাৱে বাধা দি আহিছোঁ। কিন্তু এটা কথা ঠিক যে (যিটোৱে বিভ্ৰান্তিৰ সৃষ্টি কৰে) হেজাৰজন ছহিদৰ ঘাটমাউৰা ল'ৰা-ছোৱালী আমাৰ লগত আছে। আমাৰ দলে স্বাভাৱিকতেই তেওঁলোকৰ ভৰণ পোষণ, শিক্ষাৰ লগতে তেওঁলোকৰ মাক-দেউতাকৰ গুণবান উত্তৰাধিকাৰী হ’ব পৰাকৈ প্ৰশিক্ষণ দিয়াৰ দায়িত্ব বহন কৰিছে। আমি তেওঁলোকক কেতিয়াও যুদ্ধৰ কামত ব্যৱহাৰ কৰা নাই। কিন্তু তেওঁলোকক আমি শিশু সংগঠনৰ দৰেই শিক্ষিত আৰু নিয়মানুৱৰ্তিতা অৰ্জন কৰিবলৈ শিক্ষা দিছোঁ। আমি দৰিদ্ৰ শিশুসকলৰ যত্ন লৈছোঁ, ইয়াক খেমেৰ ৰুজৰ কাৰ্যৰ লগত তুলনা কৰা উচিত নহয়।’ [ ১৭৪ ]
২৪
বিদায় সামন্তবাদ

 নেপালক এখন প্রজাতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে কৰা ঘোষণাত আটাইতকৈ সুখী হোৱা ব্যক্তিজন আছিল বোধহয় মুক্তিৰাম দাহাল ৷ তেওঁৰ বৰপুত্ৰ প্ৰচণ্ডৰ দৃষ্টিতো প্রজাতান্ত্রিক নেপালৰ সপোন আছিল। অৱশ্যে বৰপুত্ৰ প্ৰচণ্ডৰ প্ৰজাতন্ত্ৰৰ সপোন বাস্তৱায়িত হোৱাটোৱেই তেওঁ আনন্দিত হোৱাৰ একমাত্ৰ কাৰণ নাছিল।

 মুক্তিৰামৰ মতে নেপালত ২৩৯ বছৰীয়া শ্বাহ সাম্ৰাজ্যৰ পতনে হিমালয়ৰ পাদদেশৰ ৰাষ্ট্ৰখনত সামন্তবাদৰ বিলুপ্তিৰ বাৰ্তাও কঢ়িয়াই আনিছে। চিটৱান জিলাৰ এই দৰিদ্ৰ কৃষকজন যদিও এজন কট্টৰ সাম্যবাদী নাছিল তথাপি ল’ৰালি কালৰে পৰাই তেওঁ সামন্ত প্ৰথাৰ লগতে জমিদাৰসকলৰ বিৰুদ্ধে অন্তৰত ঘৃণাৰ ভাব পুহি ৰাখিছিল। ভীমসেন নগৰৰ দাহাল পৰিয়ালৰ এতিয়াও জমিদাৰসকলে তেওঁলোকৰ ওপৰত কৰা অত্যাচাৰৰ কথা মনত আছে। মুক্তিৰামৰ পূৰ্বপুৰুষৰ গাঁও কাস্কি জিলাৰ লিৱাডিত তেওঁলোক জমিদাৰসকলৰ নিৰ্মম অত্যাচাৰৰ বলি হ’বলগীয়া হৈছিল। এইবিষয়ে মুক্তিৰামে কয়—

‘নেপাল প্রজাতান্ত্ৰিক ৰাষ্ট্ৰত পৰিণত হোৱাত মই অত্যন্ত সুখী। সামন্ত
জমিদাৰসকলকো এতিয়া কামত নিয়োজিত কৰা হ’ব আৰু নেপালৰ

[ ১৭৫ ]

দৰিদ্ৰ পৰিয়ালসমূহে এতিয়া সকাহ অনুভৱ কৰিব।'

 ১৯৪০ চনত কিশোৰ অৱস্থাতে মুক্তিৰামে তেওঁৰ দেউতাক তথা প্ৰচণ্ডৰ ককাক নৰপতি দাহালক ক্ষমতাশালী সামন্ত জমিদাৰ চমশ্বেৰ বাহাদুৰ কনৱাৰে অত্যাচাৰ কৰি তেওঁলোকৰ ভূমি কাঢ়ি লোৱাৰ ঘটনা প্রত্যক্ষ কৰিছিল। ৰাণাৰ স্বৈৰতান্ত্রিক শাসনৰ অধীনত সামন্ত প্রভুসকলে সমগ্ৰ নেপালজুৰি দৰিদ্ৰ কৃষকসকলৰ ওপৰত বৰ্বৰ অত্যাচাৰ চলাইছিল।

 সেই সময়ছোৱাৰ ভিতৰত ডাঙৰ ডাঙৰ জমিদাৰবিলাকে নেপালৰ দৰিদ্ৰ কৃষকসকলৰ পৰা ভূমি অধিগ্ৰহণ কৰি তেওঁলোকক লাওলোৱা কৰি পেলাইছিল। উপায়ান্তৰ হৈ ভূমিহীন কৃষকসকলে কামৰ সন্ধানত ভাৰতবৰ্ষলৈ প্ৰব্ৰজন কৰে। এই সন্দৰ্ভত মুক্তিৰামে কয়—

‘চমশ্বেৰ বাহাদুৰ কনৱাৰ চুবুৰীয়া গাঁও চীনপালিৰ গাঁওবুঢ়া আছিল।
তেওঁ আমাৰ চৰণীয়া পথাৰৰ ওপৰত লুলোপ দৃষ্টি নিক্ষেপ কৰিছিল
আৰু তেওঁৰ ম’হবিলাক চৰাবৰ বাবে চৰণীয়া পথাৰখন তেওঁক এৰি
দিয়াটো বিচাৰিছিল। যিহেতু মোৰ দেউতা নৰপতি দাহালে তেওঁক
চৰণীয়া পথাৰখন এৰি দিবলৈ ৰাজি নাছিল সেয়ে এদিন তেওঁ
বলপূৰ্বকভাৱে আমাৰ পথাৰখন দখল কৰে। তেওঁৰ অনুগামীজনে
মোৰ দেউতাক বেয়াকৈ মাৰপিট কৰে আৰু এই আক্ৰমণত তেওঁ
বেয়াকৈ আঘাতপ্রাপ্ত হয়। মই সেই সময়ত খুব কম বয়সীয়া আছিলোঁ
আৰু দেউতাক কোনোপ্ৰকাৰে সহায় কৰিব পৰা নাছিলোঁ। মই মাথোঁ
গোটেই ঘটনাটো অসহায়ভাৱে চাই আছিলোঁ। কিন্তু আজি মোৰ পুত্ৰই
নেপালৰ দৰিদ্ৰ কৃষকসকলৰ ত্রাণকর্তা হৈ আগবাঢ়ি আহিছে।’

 অসহায় নৰপতি দাহালে নিজৰ হেৰুওৱা ভূমি পুনৰ উদ্ধাৰ কৰাৰ বাবে কোনো উপায় বিচাৰি পোৱা নাছিল। আঘাতপ্রাপ্ত শৰীৰেৰে তেওঁ ন্যায় বিচাৰি গাঁৱৰ কেইজনমান ব্যক্তিৰ সৈতে খোজকাঢ়ি পোন্ধৰ দিনৰ অন্তত কাঠমাণ্ডুত উপস্থিত হৈছিলগৈ। সেই সময়ত দেশত কোনোধৰণৰ ন্যায় ব্যৱস্থা নাছিল আৰু ন্যায় বিচাৰি শক্তিশালী শাসকপক্ষ ৰাণা বা ৰজাৰ কাষ চপাটো ইমান সহজ কথা নাছিল। দুখৰ বিষয়, বহু চেষ্টা কৰিও নৰপতি দাহাল তথা লিৱাডি গাঁৱৰ আন কৃষককেইজনে তেওঁলোকক লগ ধৰিবলৈ সক্ষম নহ'ল।

 মুক্তিৰামে সেই স্মৃতি ৰোমন্থন কৰি কয়—

‘কিন্তু এদিনাখন মোৰ দেউতা আৰু গাঁৱৰ বাকী কৃষককেইজনে ৰজাক তেওঁলোকৰ গোচৰ শুনিবলৈ বাধ্য কৰোৱাৰ নিমিত্তে ৰাস্তাত শুই পৰি

[ ১৭৬ ] আছিল আৰু তেওঁলোকে তেওঁৰ ওচৰত ভূমি বেদখলৰ এটা গোচৰ

ৰুজু কৰিছিল।’

 ২০০৮ চনৰ ২৮ মে'ত সংবিধান সভাৰ প্ৰথম বৈঠকত নেপালক এখন প্রজাতান্ত্রিক ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাটো অধ্যক্ষ প্রচণ্ডৰ জীৱনৰ এটা ডাঙৰ সাফল্য। নেপালক এখন প্রজাতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ তেওঁ দলৰ যি সপোন আছিল অৱশেষত সেয়া বাস্তৱায়িত হ'ল। কাঠমাণ্ডুত ৩০ মে'ত দলৰ কেন্দ্ৰীয় সমিতিৰ সভাত তেওঁ ভাষণ প্ৰসংগত কয়—

‘আমি দেশখনক প্রজাতান্ত্ৰিক ৰাষ্ট্ৰৰূপে গঢ় দিবলৈ কঠোৰ পৰিশ্ৰম
কৰিবলগীয়া হৈছিল। পৰম্পৰাগত দলবোৰে দেশখনক প্রজাতান্ত্রিক
ৰাষ্ট্ৰ হিচাপে ৰূপান্তৰিত কৰাৰ বিপক্ষে বহুতো অজুহাত উলিয়াই বিষয়টো
এৰাই চলিবলৈ চেষ্টা কৰিছিল। বহু কঠোৰ সংগ্ৰাম আৰু আন্তৰিক
প্ৰচেষ্টাৰ ফলতহে ই সম্ভৱ হৈ উঠিল।’

 প্ৰচণ্ডই দাবী কৰে যে কোনেও বাৰদফীয়া চুক্তি স্বাক্ষৰিত হ’ব বুলি বিশ্বাস কৰা নাছিল। জনযুদ্ধ আৰু জন আন্দোলনো যে একেলগে চলিব আৰু ইয়েই যে নেপালক এখন প্ৰজাতান্ত্ৰিক ৰাষ্ট্ৰলৈ পৰিৱৰ্তন কৰিব এই কথাও মানুহে বিশ্বাস কৰিবলৈ টান পাইছিল৷

 এসময়ত কট্টৰ সাম্যবাদী সংগ্রামখন চলাই নিবলৈ পিতৃক তেওঁলোকৰ পূৰ্বপুৰুষৰ ঘৰ তথা কৃষিভূমি বিক্ৰী কৰিবলৈ দিয়া মাওবাদী প্রধানজন এতিয়া নেপালৰ আটাইতকৈ শক্তিশালী ৰাজনৈতিক নেতা ৷ আনকি বিশ্বমঞ্চতো তেওঁ এজন অতি শীর্ষ পৰ্যায়ৰ সাম্যবাদী নেতা হিচাপে স্বীকৃত হৈছে। এই বিচক্ষণ নেতাজনেই এটা দশকৰ ভিতৰতে হিমালয়ৰ পাদদেশৰ ৰাষ্ট্ৰখনক এখন যুক্তৰাষ্ট্ৰীয় গণতান্ত্রিক প্রজাতন্ত্ৰলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হ’ল।

 ক্ষমতাচ্যুত আৰু ৰাজনৈতিকভাৱে পৰাজিত ৰজা জ্ঞানেন্দ্ৰৰ সংবিধান সভাৰ ৰায় সন্মানসহকাৰে মানি লোৱাৰ গত্যন্তৰ নাছিল আৰু ২০০৮ চনৰ ১১ জুনত তেওঁ নাৰায়ণহিটি ৰাজপ্রাসাদ ত্যাগ কৰি কাঠমাণ্ডুৰ সমীপৱৰ্তী নাগাৰৰ্জুন প্রাসাদলৈ গমন কৰে। ৰাজপ্রসাদ এৰাৰ আগমুহূৰ্তত তেওঁ জনাকীর্ণ এক সংবাদ মেলত নেপালৰ ৰাজনৈতিক পট পৰিৱৰ্তনৰ ঘটনাৱলীক সন্মানসহকাৰে মানি লোৱাৰ কথা ঘোষণা কৰি যায়। নেপালৰ প্ৰাক্তন ৰজাজনে সংবাদ মেলত কৈছিল—

‘মই জনতাৰ ৰায়ক সন্মান জনাই এই (নাৰায়ণহিটি) ৰাজপ্রাসাদ এৰি
যাবলৈ ওলাইছোঁ। কিন্তু মই মোৰ দেশ এৰি যাবলৈ ওলোৱা নাই। মই
বিদেশী ৰাষ্ট্ৰক কোনোধৰণৰ টকা-পইচা দিয়া নাই আৰু মোৰ যি

[ ১৭৭ ]

সম্পত্তি আছে সেয়া নেপালতেই আছে।’

 সৌভাগ্যক্রমে প্রাক্তন ৰজা জ্ঞানেন্দ্ৰই শান্তিপূর্ণভাৱে নাৰায়ণহিটি ৰাজপ্রাসাদ ত্যাগ কৰাৰ ফলত আশংকা কৰাৰ দৰে কোনোধৰণৰ বিভ্ৰান্তি, উত্তেজনা বা ৰক্তপাত সংঘটিত নহ'ল। এইক্ষেত্ৰত অৱনমিত ৰাজবিষয়াসকল নাইবা ৰজাক ভগৱান বিষ্ণুৰ অৱতাৰৰূপে বিবেচনা কৰা হিন্দু সংগঠনসমূহৰো কোনোধৰণৰ প্ৰতিক্ৰিয়া দেখা নগ'ল। সোনকালেই নেপালী চৰকাৰে পৰিত্যক্ত ৰাজপ্রাসাদ অধিগ্ৰহণ কৰি ইয়াক জাতীয় সংগ্রহালয় হিচাপে ঘোষণা কৰে।

 প্ৰাক্তন ৰজাজনে ২০০১ চনত জুন মাহত নেপালত ৰাজপৰিয়ালৰ নজন সদস্যৰ হত্যা সন্দৰ্ভতো নিজকে নির্দোষী বুলি দাবী কৰে।

 আচলতে নেপালক এখন প্রজাতন্ত্র হিচাপে ঘোষণা কৰা আৰু প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰৰ নেপালী ৰাজপ্রাসাদ নাৰায়ণহিটিৰ পৰা শান্তিপূর্ণ প্রস্থান মাওবাদীৰ সুপৰিকল্পিত কর্ম- আঁচনিৰ ফচল। সমগ্ৰ বিশ্বৰ সমভাবাপন্ন কট্টৰ সাম্যবাদীসকলে মাওবাদীৰ এই সফলতা তেওঁলোকৰ নিজৰো বিজয় বুলি বিবেচনা কৰিছিল। জুন মাহৰ ১৮ তাৰিখে ৰাছিয়াৰ মাওবাদী দলৰ মুৰব্বীজনে প্রচণ্ডক সৰ্বহাৰাৰ সংগ্ৰামখনৰ সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছিল। এই অভিনন্দন প্রাপ্তি প্রচণ্ড আৰু তেওঁৰ সংগ্ৰামী সতীৰ্থসকলৰ কাৰণে অত্যন্ত গৌৰৱৰ বিষয় আছিল।

 ৰাছিয়াৰ মাওবাদী দলে কমিউনিষ্ট পাৰ্টি অৱ নেপাল (মাওবাদী)ৰ ওপৰত গভীৰ আস্থা পোষণ কৰিছিল। গণতান্ত্রিক পদ্ধতিত নেপালী জনসাধাৰণে সততে সন্মুখীন হ'বলগীয়া জটিল সমস্যাৱলী সমাধান কৰিবলৈ এই দলটোৱেই একমাত্ৰ ৰাজনৈতিক শক্তি হিচাপে সক্ষম হ’ব পাৰিব বুলি তেওঁলোকে বিশ্বাস কৰিছিল। ইয়াৰ জৰিয়তে নেপালী জনগণো উপকৃত হ’ব বুলি আশা কৰা হৈছিল। লগতে দেশৰ শ্ৰেণীভিত্তিক, ৰাষ্ট্ৰীয়, আঞ্চলিক আৰু লিংগভিত্তিক স্বাধীনতা সন্দৰ্ভত আন্তৰিক কাৰ্যপন্থা হাতত লোৱাৰ ক্ষেত্ৰত ই সহায়ক হ’ব বুলি সংগঠনটোৱে আশা প্ৰকাশ কৰিছিল৷

 ভ্লাদিমিৰ লেনিনৰ দেশৰ পৰা বিদ্ৰোহটোৰ সফলতাৰ লগতে ইয়াৰ ৰাজনৈতিক দৰ্শন আৰু কৃতিত্বক প্ৰশংসা কৰি প্ৰেৰণ কৰা বাৰ্তা লাভ কৰি স্বাভাৱিকতেই প্রচণ্ড আৰু তেওঁৰ সতীৰ্থসকল আনন্দিত হৈছিল। ৰাছিয়াৰ মাওবাদী দলৰ অধ্যক্ষ তথা আন্তঃৰাষ্ট্ৰীয় সম্পাদক ডাৰ আই জুটায়েভে প্ৰেৰণ কৰা এখন চিঠিত লিখিছিল—

‘আমি আপোনাৰ পৰা তাত্ত্বিকভাৱে শিকিবলৈ আগ্ৰহী। ২১ শতিকাৰ
মার্ক্সবাদৰ অন্যতম বৃহৎ সাফল্য প্ৰচণ্ডপথৰ গভীৰতালৈ যাবলৈ আমি
আগ্রহী।'

 একে ভাবাদৰ্শৰ সংগঠনবোৰৰ উপৰি ভিন্ন আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়েও নেপালৰ [ ১৭৮ ] মাওবাদীসকলে তেওঁলোকৰ কট্টৰ সশস্ত্ৰ সংগ্ৰামৰ পথ পৰিহাৰ কৰি গণতান্ত্রিক ৰাজনৈতিক শক্তিলৈ ৰূপান্তৰিত হোৱাত অভিনন্দন জ্ঞাপন কৰিছিল। দুই দশক ধৰি ৰক্তপাত সংঘটিত কৰি অৱশেষত কট্টৰ সাম্যবাদী বিদ্রোহীসকলে বুলেটৰ সলনি বেলটৰ সহায়ত নিজৰ ইপ্সিত লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ল।

 সংবিধান সভাৰ নিৰ্বাচনৰ চাৰি মাহৰ পাছত ২০০৮ চনৰ ১৫ আগষ্টত অনুষ্ঠিত হোৱা নিৰ্বাচনত সংবিধান সভাই প্রচণ্ডক দেশৰ প্ৰথমগৰাকী প্ৰধান মন্ত্ৰীৰূপে নির্বাচিত কৰে। এই নিৰ্বাচনত তেওঁ নেপালী কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী শ্বেৰ বাহাদুৰ দেউবাক বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত পৰাজিত কৰে। [ ১৭৯ ]
২৫
সহযোগী আৰু সহযোদ্ধাসকলৰ
দৃষ্টিত ‘প্রচণ্ড’'

 জীৱনৰ ২৫ বছৰ কাল আত্মগোপন কৰি থকা বা পলাই থকা ব্যক্তিজনৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে যিসকল লোকৰ সম্পৰ্ক হৈছিল তাৰ অধিকাংশই তেওঁক এজন ভাল নেতা আৰু দায়বদ্ধ ব্যক্তি বুলি ক'ব খোজে।

 প্রচণ্ডৰ গুণমুগ্ধসকলৰ ভিতৰত এজন হ’ল নেপালৰ বৰ্ষীয়ান গণতান্ত্রিক নেতা ৰাম ৰাজা প্ৰসাদ সিং। '৮০ৰ দশকত ৰাজতন্ত্ৰৰ বিৰুদ্ধে সশস্ত্র আন্দোলন আৰম্ভ কৰি সিং প্রখ্যাত হৈ উঠিছিল। তেৰাইৰ পূৰ্বাঞ্চলত অৱস্থিত সাপটাৰি জিলাত জন্মগ্রহণ কৰা গণতন্ত্রকামী বিপ্লৱী নেতাজনক কাৰাদণ্ড দিয়া হৈছিল তেওঁৰ পিতৃ ৰাণা শাসকগোষ্ঠীৰ বিৰুদ্ধে সংগ্ৰামত জড়িত থকাৰ অপৰাধত। জীৱনৰ পিছৰফালে সিং গণতন্ত্র প্রতিষ্ঠাৰ বাবে তেওঁৰ পিতৃ জয়া মংগল প্রসাদ সিঙে কৰা সংগ্ৰামৰ দ্বাৰা অনুপ্রাণিত হৈছিল।

 উচ্চশিক্ষিত সিঙে পাটনা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। পাছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ‘আইন'ৰ স্নাতক ডিগ্রী লাভ [ ১৮০ ] কৰে। এজন ডেকা ছাত্র হিচাপে সিঙে ইন্দিৰা গান্ধীৰ স্বামী আৰু ভাৰতৰ জাতীয় কংগ্ৰেছৰ নেতা ফিৰোজ গান্ধীক অতি ঘনিষ্ঠভাৱে লগ পাইছিল।

 ১৯৬৩ চনৰ পৰাই তেওঁ নেপালৰ ৰাজতন্ত্ৰৰ বিৰুদ্ধে বিপ্লৱী ৰাজনীতিত জড়িত হৈছিল আৰু তেওঁৰ কঠোৰ দৃষ্টিভংগীৰ বাবে ৰজা মহেন্দ্ৰৰ শাসনকালত কেইবাবাৰো কাৰাবাস খাটিবলগীয়া হৈছিল। ১৯৮৫ চনত সিঙে নাৰায়ণহিটি ৰাজপ্রাসাদ, সংসদ ভৱন আৰু কাঠমাণ্ডুস্থিত অন্নপূর্ণা হোটেলৰ সন্মুখত এক ধাৰাবাহিক বোমা বিস্ফোৰণ ঘটাইছিল। এই আক্ৰমণত ৮জন লোক নিহত হৈছিল। বোমা আক্ৰমণ আৰু সম্ৰাটৰ বিৰুদ্ধে বিদ্রোহ কৰাৰ অপৰাধত তেওঁৰ ওপৰত মৃত্যুদণ্ড জাৰি কৰা হৈছিল। কিন্তু নেপাল সীমান্তৰ ইপাৰে ভাৰতৰ পৰা তেওঁ অভিযান চলোৱা বাবে সিঙক মৃত্যুদণ্ড বিহিব পৰা নাছিল।

 যদিও মাওবাদী নেতাজনৰ লগত সিঙৰ সম্পৰ্ক মাত্র এক দশকৰ পুৰণি, তথাপি সহযোদ্ধা হিচাপে সম্পর্ক অতি দৃঢ়। প্রচণ্ড সম্পর্কে তেওঁ কয়—

 ‘নেপালত জনযুদ্ধ আৰম্ভ হোৱাৰ প্ৰায় এবছৰৰ পাছত এদিন কমৰেড বাবুৰাম ভট্টৰাই আৰু তেওঁৰ পৰিবাৰ হিছিলা য়ামি মোক লগ কৰিবলৈ আহিছিল৷ তেওঁলোকে মোক কৈছিল যে অধ্যক্ষ প্ৰচণ্ডই কেইটামান গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনাৰ বাবে মোক লগ কৰিবলৈ বিচাৰে আৰু মাওবাদী সংগঠনৰ বাবে মোৰ সহায়ৰ প্ৰয়োজন।'

 কেইবাদশক জুৰি ৰাজতন্ত্ৰৰ অৱসান আৰু নেপালক গণতন্ত্ৰলৈ ৰূপান্তৰ কৰিবলৈ সিঙে যুদ্ধ চলাইছিল ৷ বাবুৰাম ভট্টৰাইৰ সৈতে হোৱা সাক্ষাতৰ পাছত ১৯৯৮ চনৰ জুন মাহত সিঙে অধ্যক্ষ প্ৰচণ্ডক লগ কৰিবলৈ নতুন দিল্লীলৈ গৈছিল। তেওঁ কয়—

 ‘তেওঁ (অধ্যক্ষ প্ৰচণ্ডই) মোক লগ কৰিব বিচৰাত মই আচৰিত হৈছিলোঁ। তেওঁলোক সকলো আছিল ডেকা কট্টৰ কমিউনিষ্ট নেতা আৰু তেওঁলোকে পূৰ্ণ উদ্যমেৰে জনযুদ্ধ চলাই আছিল। মই ইতিমধ্যেই বৃদ্ধ হৈছিলোঁ। বাৰ্ধক্য আৰু ৰুগ্ন স্বাস্থ্যৰ বাবে মই সক্রিয় বিপ্লৱী কার্যকলাপ এৰি দিছিলোঁ।'

 নতুন দিল্লীত হোৱা গোপন বৈঠকত, জনযুদ্ধ সম্প্ৰসাৰণ ঘটাবৰ বাবে অধ্যক্ষ প্ৰচণ্ডই সিঙৰ পৰা কাৰিকৰী পৰামৰ্শ বিচাৰিছিল। নিৰাপত্তা বাহিনীৰ সৈতে কেৱল বন্দুকেৰে যুদ্ধ কৰাটো সম্ভৱ নহয় বাবে মাওবাদী নেতাজনে বোমা নিৰ্মাণত সিঙৰ সাহায্য বিচাৰিছিল। সিঙে কয়—

 ‘মোৰ সক্ৰিয় সংগ্ৰামৰ কালছোৱাত, বোমা নিৰ্মাণত মই সিদ্ধহস্ত আছিলোঁ। সেয়ে মই তেওঁক (অধ্যক্ষ প্রচণ্ড) সহায় কৰিবলৈ সন্মত হৈছিলোঁ। আনকি প্ৰথমবাৰ লগ পায়েই তেওঁৰ প্ৰতি মোৰ যথেষ্ট ইতিবাচক মনোভাব গঢ় লৈ উঠিছিল। মোৰ প্ৰবল আশা আছিল যে ৰাজতন্ত্ৰৰ অৱসান ঘটাই নেপালত গণতন্ত্র প্রতিষ্ঠা কৰাৰ মোৰ যি [ ১৮১ ] সপোন আছিল তাক নতুন প্ৰজন্মৰ বিপ্লৱীসকলে বাস্তৱায়িত কৰিবলৈ সক্ষম হ’ব।'

 সিঙে দাবী কৰে যে প্ৰথম অৱস্থাত বিস্ফোৰণ ঘটোৱা কেইটামান বোমাৰ ক্ষেত্ৰত মাওবাদীসকলে তেওঁৰ কাৰিকৰী কৌশল ব্যৱহাৰ কৰিছিল। পাটনা আৰু বিহাৰৰ ভালেমান ঠাইত প্রচণ্ডই সিঙক কেইবাবাৰো লগ ধৰিছিল আৰু জটিল ৰাজনৈতিক আৰু সামৰিক কৌশল সম্পর্কে আলোচনা কৰিছিল। তদুপৰি, অগ্রণী বিপ্লৱীজনে আহত মাওবাদী সৈনিকসকলৰ বাবে বিহাৰ আৰু উত্তৰ প্ৰদেশত আশ্ৰয় আৰু চিকিৎসাৰ ব্যৱস্থা কৰাই দিছিল।

 ‘নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত আহত মাওবাদী সৈনিকসকলক চিকিৎসা কৰাটো নেপালত জটিল কাম আছিল। সেয়ে মই বিহাৰৰ বিভিন্ন ঠাইত তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা কৰিছিলোঁ। এবাৰ পাটনাত আনকি ৭০০ নেপালী মাওবাদীৰ আশ্ৰয়ৰ ব্যৱস্থা কৰিছিলোঁ। জনযুদ্ধৰ সময়ছোৱাত মাওবাদীসকলক সহায় কৰাটো মই মোৰ কৰ্তব্য বুলি ধৰি লৈছিলোঁ।'

 সিঙে কয় যে জনযুদ্ধৰ অগ্ৰগতিৰ লগে লগে অধ্যক্ষ প্রচণ্ড এজন পৰিপক্ক ৰাজনৈতিক নেতা হৈ উঠে। মাও জে দঙৰ ‘লিট্ল ৰেড বুক’খন কেইবাবাৰো পঢ়া সিঙে নেপালৰ মাওবাদী নেতাজনক এজন প্ৰকৃতাৰ্থত উৎসর্গিত আৰু নিষ্ঠাৱান, কট্টৰ কমিউনিষ্ট নেতা হৈ পৰা বুলি আশ্বস্ত হৈছিল। সিঙে কয়—

‘মই দেখিবলৈ পাই গৌৰৱান্বিত যে তেওঁৰ (প্ৰচণ্ডৰ) নেতৃত্বত নতুন গণতান্ত্রিক বিপ্লৱীসকলে দেশখনক ইয়াৰ লক্ষ্যত উপনীত কৰাব পাৰিব। দৰাচলতে প্ৰজাতন্ত্ৰৰ ঘোষণা হ’ল এক ব্যতিক্রমী বিপ্লৱৰ সুন্দৰ সমাপ্তি।'

 পৰৱৰ্তী সময়ত নেপালৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মাওবাদীসকলে সিঙক মনোনীত কৰা কথাটোৱে জনযুদ্ধৰ সময়ত উগ্ৰ বাঁও ৰাজনৈতিক দলটোলৈ অগ্রণী গণতন্ত্রকামী নেতাজনে আগবঢ়োৱা সহায়ৰ বাবে প্ৰচণ্ডই প্ৰকাশ কৰা কৃতজ্ঞতাৰে চিন৷ অৱশ্যে, সর্বোচ্চ পদবীটোলৈ সিং নির্বাচিত হ’ব নোৱাৰিলে।

 নেতা হিচাপে প্ৰচণ্ডৰ সামগ্ৰিক ব্যক্তিত্বই জ্যেষ্ঠ মাওবাদী নেতা আৰু পলিটব্যুৰোৰ সদস্য চি পি গুজৰেল ওৰফে কমডে গৌৰৱকো অনুপ্রাণিত কৰে। নেপাল কমিউনিষ্ট পাৰ্টিৰ সদস্য হিচাপে ১৯৮১ চনৰে পৰা গুজৰেলৰ প্ৰচণ্ডৰ সৈতে সম্পৰ্ক আছিল। মাওবাদী নেতা হিচাপে প্ৰচণ্ডক নির্বাচন কৰা ব্যক্তিজনো আছিল গুজৰেল। তেওঁ ‘পাৰ্টিৰ যুৱ সংগঠনৰ নেতা হিচাপে তেওঁ (প্ৰচণ্ডই) সকলোৰে মনোযোগ আকৰ্ষণ কৰিছিল। নেতৃত্ব প্ৰদানৰ ক্ষেত্ৰত তেওঁ অদ্বিতীয় গুণসম্পন্ন আছিল। দ্বন্দ্বমূলক বস্তুবাদক সঠিক ক্ষেত্ৰত প্ৰয়োগ কৰিব পৰা অদ্ভুত ক্ষমতা আছিল তেওঁৰ৷’ কয়—

 জনযুদ্ধৰ সময়ছোৱাত প্ৰচণ্ডই গুজৰেলক নেপালৰ জনযুদ্ধৰ সপক্ষে সমর্থন গোটাবৰ [ ১৮২ ] বাবে ইউৰোপলৈ পঠাইছিল। সমগ্ৰ বিশ্বৰ বিভিন্ন বিদ্রোহী দলৰ ঘাটি থকা বাবে ইউৰোপত বিপ্লৱৰ নেটৱৰ্ক গঢ়ি তুলিবলৈ অধ্যক্ষ প্ৰচণ্ডই গুজৰেলক দায়িত্ব দিছিল। তদুপৰি ইউৰোপিয়ানসকলৰ এক বৃহৎ অংশ আছিল উদাৰ গণতন্ত্রবাদী।

 কিন্তু ইণ্টাৰপলে যুগুত কৰা ‘মষ্ট ৱাণ্টেড ট্ৰে'ৰিষ্ট'ৰ তালিকাত গুজৰেলৰ নামটোও সন্নিৱিষ্ট হোৱাত গুজৰেলৰ বাবে বিদেশত ভ্ৰমণ কৰাটো জটিল হৈ পৰিছিল। সেয়ে তেওঁ নেপালী পাছপৰ্ট ব্যৱহাৰ নকৰি এখন জাল ব্ৰিটিছ পাছপ'ৰ্টৰ ব্যৱস্থা কৰিছিল। দুৰ্ভাগ্যৱশতঃ ২০০৩ চনৰ ২০ আগষ্টৰ দিনা চেন্নাইৰ আন্তর্জাতিক বিমান বন্দৰত অনুপ্ৰৱেশ বিষয়া (ইমিগ্ৰেছন অফিচাৰ)ৰ হাতত গুজৰেল কৰায়ত্ত হ’ব লগাত পৰিছিল। চেন্নাই জে’লত কটোৱা তিনিটা বছৰত তেওঁ তেওঁৰ পত্নীৰ জৰিয়তে অধ্যক্ষ প্রচণ্ড আৰু অন্যান্য জ্যেষ্ঠ নেতাসকলৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি চলিছিল। গুজৰেলে অধ্যক্ষ প্রচণ্ডক এজন সৃজনীশীল আৰু উচ্চখাপৰ নেতা হিচাপে গণ্য কৰিছিল। তেওঁ কয়— ‘যেতিয়া আমি জনযুদ্ধ আৰম্ভ কৰিছিলোঁ, আমি বিভিন্ন বিষয়ত সিদ্ধান্ত লৈছিলোঁ। তাৰ কিছুমানৰ আমাৰ কট্টৰ সাম্যবাদী ভাবাদৰ্শৰ লগত সংগতি নাছিল। তেওঁ আছিল অত্যুৎসাহী আৰু সদাপ্রস্তুত। আনকি অতি জটিল সময়তো তেওঁ সৃজনীশীল সিদ্ধান্ত ল’ব পাৰিছিল।' নেপাল মাওবাদীৰ আন্তর্জাতিক মঞ্চৰ আহ্বায়ক গুজৰেলৰ মতে প্রচণ্ড আঁকোৰগোঁজ স্বভাৱৰ নাছিল আৰু অন্যান্য ৰাজনৈতিক দলসমূহৰ লগত মিত্ৰতা স্থাপন কৰা সাংবিধানিক পৰিষদৰ নিৰ্বাচনত ভাগ লোৱা তেওঁৰ এই গুণটোৰ কাৰণেই সম্ভৱ হৈছিল।

 ‘আমাৰ দলে যেতিয়া সংবিধান সভাৰ নিৰ্বাচনত অংশ লোৱাৰ সিদ্ধান্ত লৈছিল, তেওঁ (প্ৰচণ্ড) ভালেকেইটা সমভাবাপন্ন মাওবাদী সংগঠনৰ পৰা হেঁচা পাইছিল। এটা কট্টৰ সাম্যবাদী সংগঠনে মূলসুঁতিৰ ৰাজনীতিত যোগদান কৰি নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰাটো এটা অস্বাভাৱিক কথা আছিল৷ তথাপি তেওঁৰ নেতৃত্বত সংগঠনটোৱে নেপালৰ বহুদলীয় গণতান্ত্রিক গাঁথনিত যোগ দিছিল।'

 জ্যেষ্ঠ অধিবক্তা আৰু সংবিধান সভাৰ মাওবাদী সদস্য খীমলাল দেৱকোতাই ১৯৮১ চনৰ পৰা প্ৰচণ্ডক ঘনিষ্ঠভাৱে লগ পাইছিল আৰু তেওঁৰ মতে পাৰ্টিৰ অধ্যক্ষ প্ৰচণ্ড এজন ৰঙিয়াল আৰু উদাৰ ব্যক্তি আছিল। দেৱকোতাৰ ভাষাত—

 ‘অধ্যক্ষ প্রচণ্ড এজন সৰল মনৰ ব্যক্তি। প্ৰতিটো কথাকেই তেওঁ বিভিন্ন দিশৰ পৰা লক্ষ্য কৰিছিল। কঠোৰ পৰিশ্ৰমৰ পৰা তেওঁ আনন্দ আৰু অনুপ্ৰেৰণা লাভ কৰিছিল।'

 ২০০৭ চনৰ ৩০ জুনত প্ৰথমবাৰৰ বাবে ইউৰোপলৈ যাত্ৰা কৰা প্ৰচণ্ডৰ সংগী আছিল দেৱকোতা। এই ভ্ৰমণৰ সময়ছোৱাত প্ৰচণ্ডৰ কেতবোৰ আমোদজনক ঘটনা ঘটিছিল। জেনেভাস্থিত ‘ডেমক্রেটিক ফ’ৰাম ফৰ কণ্ট্ৰ'ল অৱ আৰ্মদ ফৰ্চ' নামৰ [ ১৮৩ ] সংস্থাটোৰ আমন্ত্ৰণক্ৰমে প্রচণ্ডকে ধৰি আৰু কেইবাজনো নেতা এটা সপ্তাহজোৰা অধ্যয়নমূলক ভ্ৰমণৰ বাবে ছুইজাৰলেণ্ডলৈ গৈছিল। দলটোৰ অন্যান্য সদস্যসকল আছিল নেপালী কংগ্ৰেছৰ শেখৰ কৈৰালা আৰু চি পি এন (ইউ এম এল)ৰ জালনাথ খানাল।

 দেৱকোতাই কয় যে ছুইজাৰলেণ্ড ভ্ৰমণৰ বাবে প্ৰথমাৱস্থাত প্ৰচণ্ডৰ মুঠেই ইচ্ছা নাছিল, আনকি তেওঁৰ পাছপৰ্ট এখনো নাছিল। বহুদিনৰ আগতেই পুলিচে তেওঁৰ শৈক্ষিক প্রমাণপত্রসমূহ আৰু নাগৰিকত্বৰ প্ৰমাণপত্ৰ বাজেয়াপ্ত কৰিছিল। গতিকে খুউব কমদিনৰ ভিতৰত যে তেওঁ পাছপৰ্ট এখন গোটাব পাৰিব, তাক লৈ তেওঁৰ সন্দেহ আছিল। দেৱকোতাই কয়— ‘পাৰ্টিৰ সদস্যসকলে তেওঁ ছুইজাৰলেণ্ড ভ্ৰমণ কৰাটো বিচাৰিছিল বাবে তেওঁ (প্ৰচণ্ড)ৰ বাবে এখন পাছপ'ৰ্ট গোটাবলৈ মই চেষ্টা কৰিছিলোঁ। চিটৱানস্থিত চি ডি অ’ৰ কাৰ্যালয়ৰ পৰা তেওঁৰ নাগৰিকত্বৰ প্ৰমাণপত্ৰসমূহ ফেক্স কৰা হৈছিল আৰু তৎকালীনভাৱে পাছপৰ্টখন সাজু হৈছিল।'

 ছুইজাৰলেণ্ডলৈ যাত্ৰাটো দোহা হৈ কৰা বাবে কাটাৰৰ ৰাজধানী মহানগৰখনৰ আন্তর্জাতিক বিমান বন্দৰত কৰ্মৰত ৫০০ নেপালী নাগৰিকক লগ পাব বুলি প্ৰচণ্ড উৎসাহিত হৈ উঠিছিল। বিমান বন্দৰত নেপালী কৰ্মচাৰীসকলে ট্রেনজিৎ লাউঞ্জত প্রচণ্ডক বহি থকা দেখি উল্লসিত হৈ উঠিছিল আৰু মাওবাদী নেতাজনক তেওঁলোকে পৰম আন্তৰিক তাৰে আদৰণি জনাইছিল।

 তেওঁ (প্ৰচণ্ড) দোহাত এনেধৰণৰ অভ্যর্থনা পাব বুলি আশা কৰা নাছিল৷ কাটাৰত নেপালীসকলে প্রতিষ্ঠা লাভ কৰা দেখি তেওঁ সন্তোষ পাইছিল। ছুইজাৰলেণ্ডৰ পৰা উভতি আহোঁতে তেওঁ নেপালী কৰ্মীসকলৰ লগত সময় কটাব বুলি কথা দিছিল।

 ছুইজাৰলেণ্ডত উপস্থিত হোৱাৰ পাছত প্ৰচণ্ডই বেছিভাগ সময় জেনেভা, জুৰিখ, বাৰ্ণত কটাইছিল। দেশখনৰ জলসম্পদত প্ৰয়োগ কৰা শ্লুইচ আৰ্হিৰ দ্বাৰা তেওঁ অনুপ্রাণিত হৈছিল। গঞ্জিলত থকা জলবিদ্যুৎ প্রকল্পটো বাহিৰৰ পৰা এখন পাহাৰৰ নিচিনা দেখা গৈছিল, য’ত সুৰংগ এটাৰ ভিতৰত পাৱাৰ হাউছটো আছিল।

 জুৰিখত থকা লেনিনৰ ভাড়াঘৰত পদার্পণ কৰি মাওবাদী নেতা প্রচণ্ড আনন্দত উত্ৰাৱল হৈ উঠিছিল। দৰাচলতে ১৯১৬ চনত এই জুৰিখতেই লেনিনে তেওঁৰ তাত্ত্বিক গ্রন্থ ‘ইম্পাৰিয়েলিজম, দ্য হায়েষ্ট ষ্টেজ অৱ কেপিটেলিজম’খন লিখিছিল। ছুইজাৰলেণ্ডত লিখা এই গ্ৰন্থখনত লেনিনে যুক্তি দৰ্শাইছিল যে বেংকিং খণ্ডটোৰ লগত ঔদ্যোগিক গোষ্ঠীটো একীভূত হৈ যোৱা পৰিঘটনাটোৱে পুঁজিৰ উত্থান ঘটাইছিল। দেৱকোতাই কয়— ‘বাৰ্ণ নদীৰ সৌন্দৰ্যই তেওঁক মোহাৱিষ্ট কৰা দেখা গৈছিল। আৰু এদিন, উচ্চস্বৰে হাঁহি মাৰি কৈছিল— 'কাঠমাণ্ডুৰ মাজেৰে যদি এই নৈখন প্রবাহিত হ'লহেঁতেন তেতিয়া কি হ'লহেঁতেন কল্পনা কৰাচোন?’ [ ১৮৪ ]  নেপালৰ পৰা যোৱা ৰাজনৈতিক নেতৃবৃন্দৰ আগত ছুইজাৰলেণ্ডৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ যুৱ অধ্যাপকসকলে ‘ফেডাৰেলিজিম’ৰ ওপৰত প্ৰদান কৰা বক্তৃতালানিয়ে প্রচণ্ডক আনন্দিত কৰিছিল। কাৰণ নেপালৰ ৰাজনৈতিক নেতৃবৃন্দই দেশখনক এখন ফেডাৰেল ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰিবলৈ লোৱা আঁচনিৰ পৰিপ্ৰেক্ষিতত ‘ফেডাৰেলিজম’ বিষয়ক বক্তৃতালানি গুৰুত্বপূৰ্ণ আছিল। আচলতে নৃগোষ্ঠীৰ ভিত্তিত গঠিত ছুইজাৰলেণ্ডৰ ‘ফেডাৰেলিজিম’ৰ আৰ্হিটোৰ পৰা নেপালে বহু শিক্ষা ল'বলগীয়া আছিল। দেৱকোতাই কয়— ‘ফেডাৰেলিজম বিষয়ক তত্ত্বগধুৰ বক্তৃতা শুনাৰ পাছত, স্মাৰ্ট নাতিয়েকে বৃদ্ধ ককাকক ৰাজনীতি শিকাবলৈ অত্যুৎসাহী হোৱা বুলি তেওঁ (প্ৰচণ্ড) টিপ্পনী মাৰিছিল।'

 সপ্তাহজোৰা ছুইজাৰলেণ্ড ভ্ৰমণকালত প্ৰচণ্ডই বজাৰ-সমাৰ কৰিবলৈ যোৱা নাছিল আৰু অধ্যয়নমূলক ভ্ৰমণটোৰ সংগঠকসকলে তেওঁক হাতখৰচ হিচাপে দিয়া ২০০ ছুইচ ফ্ৰেংক ধন কেনেকৈ খৰচ কৰিব পাৰি তাকো তেওঁ ভাবি পোৱা নাছিল৷ দেবকোতাই প্ৰচণ্ডৰ নাতিয়েককেইজনক উপহাৰ দিয়াৰ কাৰণে কেইটামান ছুইচ চকলেট আৰু ঘড়ী কিনিছিল। প্রচণ্ডৰ সন্মানাৰ্থে, বাৰ্ণ মহানগৰীৰ মেয়ৰে এটা ভোজমেলৰ আয়োজন কৰিছিল আৰু মাওবাদী নেতাজনৰ লগতে নেপালী ৰাজনৈতিক দলটোৰ সদস্যসকলক একোখনকৈ ছুইচ ছুৰী উপহাৰ দিছিল। কাঠমাণ্ডুলৈ উভতি আহোঁতে দোহাৰ প্ৰবাসী নেপালীসকলে অধ্যক্ষ প্রচণ্ডৰ সন্মানার্থে এক উষ্ণ অভ্যর্থনা অনুষ্ঠানৰ আয়োজন কৰিছিল। এই অনুষ্ঠানত তেওঁ এখন নতুন নেপাল নিৰ্মাণ কৰিব আৰু তেওঁলোকৰ গৃহভূমিক এটা আধুনিক উন্নত জাতিত পৰিণত কৰিব বুলি অংগীকাৰ কৰিছিল। দেৱকোতাই কয়— - ‘দুর্ভাগ্যবশতঃ ভুলতে ছুইচ ছুৰীখন তেওঁৰ হাতৰ বেগটোত ৰাখি থোৱাৰ বাবে দোহা আন্তর্জাতিক বিমান বন্দৰত নিৰাপত্তাৰক্ষীয়ে সেইখন হস্তগত কৰে। আৰু এইদৰে তেওঁ ইউৰোপৰ পৰা একো ননাকৈ শুদা হাতে আহিবলগীয়া হয়।'

 যুৱনেতা হিচাপে মাওবাদী নেতা মাট্ৰিকা যাদৱে ১৯৮১ চনৰ পৰাই অধ্যক্ষ প্রচণ্ডক জানিছিল। উত্তৰ প্ৰদেশৰ কুশীনগৰত অনুষ্ঠিত হোৱা সদৌ নেপাল যুৱক সংঘৰ ৰাষ্ট্ৰীয় সন্মিলনত যাদৱে প্ৰচণ্ডক প্ৰথমবাৰৰ বাবে লগ পাইছিল। যাদৱৰ মতে, যোৱা ২৮ বছৰত মাওবাদী মুৰব্বীজন নেতা হিচাপে অধিক উচ্চ আৰু শক্তিশালী হৈ উঠিছে। যাদৱে কয়— ‘যি মূলা বাঢ়ে তাৰ দুপাততে চিন বোলা কথাষাৰ তেওঁ (প্ৰচণ্ড)ৰ ক্ষেত্ৰত সঁচাকৈ প্ৰযোজ্য। কুশীনগৰৰ সন্মিলনত মই মোৰ জিলাৰ প্ৰতিনিধি আছিলোঁ। নেপালৰ যুৱশক্তিক ঐক্যবদ্ধ কৰাৰ ক্ষেত্ৰত তেওঁৰ আন্তৰিক প্ৰয়াসত আমি সকলোৱে মুগ্ধ হৈছিলোঁ। সেই সময়ত নেপালৰ ৰাজনৈতিক পৰিস্থিতি বেয়া আছিল আৰু সামন্ত বাহিনীয়ে গাঁৱৰ মানুহৰ ওপৰত উৎপীড়ন চলাইছিল।’ [ ১৮৫ ]  তেতিয়াৰ পৰাই যাদৱে প্ৰচণ্ডৰ ঘনিষ্ঠ সান্নিধ্যত কাম কৰি আহিছে। বিশেষকৈ জনযুদ্ধৰ সময়ত বিহাৰ আৰু উত্তৰ প্ৰদেশত সভা অনুষ্ঠিত কৰাত আৰু জনসাধাৰণক সংগঠিত কৰোঁতে যাদৱে মাওবাদী নেতাজনৰ লগত ঘনিষ্ঠভাৱে কাম কৰিছিল। মাওবাদীৰ মাধেচি গোট মাধেচি মুক্তি মৰ্চাৰ (মাধেচি লিবাৰেশ্যন ফ্ৰণ্ট) প্রধান হিচাপে যাদৱে সাংগঠনিক কার্যকলাপ চলাবৰ বাবে বিহাৰ আৰু পুব-উত্তৰ প্ৰদেশক ঘাটি হিচাপে ব্যৱহাৰ কৰিছিল।

 পাছত ৰয়েল নেপাল আৰ্মিৰ তথ্যৰ ভিত্তিত ২০০৪ চনৰ ৮ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশ পুলিচে যাদৱক অন্য এজন জ্যেষ্ঠ মাওবাদী নেতা সুৰেশ এল মগৰৰ সৈতে গ্ৰেপ্তাৰ কৰে। যাদৱে লগতে কয়—

 ‘প্ৰতিদিনেই তেওঁৰ পৰা সাম্যবাদ সম্পৰ্কে বহুত নতুন কথা শিকিছিলোঁ। তেওঁ এজন মহান শিক্ষক আছিল। তেওঁৰ নেতৃত্ব প্ৰদানৰ দক্ষতা কাৰো লগতেই তুলনা নহয়। তেওঁ আছিল উদ্ভাৱনশীল নেতা। নেপালৰ কট্টৰ সাম্যবাদী সংগ্রাম চলোৱাৰ বাবে তেওঁ আমাক সদায় নতুন নতুন উপায় অৱলম্বন কৰিবলৈ কৈছিল। পাৰ্টি আৰু সাম্যবাদৰ নামত তেওঁ তেওঁৰ সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল।'

 যাদৱৰ ধাৰণাত প্ৰচণ্ড এজন সৰল আৰু বহল মনৰ অধিকাৰী ব্যক্তি। তেওঁ কয় যে মাওবাদী নেতাজনে ডেকা-বুঢ়া, ধনী-দুখীয়া সকলোৰে লগত সহজে মিলি যাব পাৰে। যাদৱৰ মতে, প্রচণ্ড যথেষ্ট উদাৰ আৰু যিকোনো বিষয়ত সঠিক সিদ্ধান্ত ল’ব পাৰে। বিশেষকৈ সংকটপূৰ্ণ ৰাজনৈতিক পৰিস্থিতিত তেওঁ ক্ষিপ্ৰ আৰু সঠিক সিদ্ধান্ত লোৱাত সিদ্ধহস্ত। তেওঁ নিজে লোৱা সিদ্ধান্তক লৈ কেতিয়াও অনুশোচনা নকৰে।

 মাধেচি মাওবাদী নেতাজনৰ মতে, প্রচণ্ড অত্যন্ত সাহসী নেতা। জীৱনলৈ অহা অসংখ্য ভাবুকি সত্ত্বেও তেওঁ কেতিয়াও কক্ষচ্যুত হোৱা নাছিল আৰু ভক্তি আৰু সাহসেৰে জনযুদ্ধ আগবঢ়াই নিছিল। যাদৱৰ মতে, শ্বেৰ বাহাদুৰ দেউবা নেতৃত্বাধীন চৰকাৰখনে প্ৰচণ্ডৰ মূৰৰ দাম ঘোষণা কৰোঁতেও তেওঁ অলপো শংকিত হোৱা নাছিল ৷

 ‘সময়ে সময়ে, আমি তেওঁৰ নিৰাপত্তাক লৈ চিন্তিত হৈ পৰিছিলোঁ। জনযুদ্ধৰ সময়ছোৱাত আমি জানিছিলোঁ যে নেপাল চৰকাৰ আৰু ইণ্টাৰপ’লে তেওঁৰ পাছত বেয়াকৈ লাগিছিল। কিন্তু এই কথাই সংগঠনত সক্রিয় ভূমিকা লোৱাৰ পৰা তেওঁক অকণো বিৰত ৰাখিব পৰা নাছিল।'

 যাদৱে কয় যে প্রচণ্ডই একমাত্র নেতা যি নিজৰ জীৱনৰ লগতে নিজৰ সন্তানৰ ভৱিষ্যতো সংগঠনৰ নামত উছৰ্গা কৰিছে।

 ‘প্ৰচণ্ডই নিজৰ সন্তানক উপযুক্ত শিক্ষা দিব নোৱাৰিলে আৰু জনযুদ্ধৰ বাবেই তেওঁৰ জীয়াৰীকেইজনীক কম বয়সতে বিয়া দিব লগা হৈছিল ... কিন্তু ত্যাগ আৰু [ ১৮৬ ] কঠোৰ শ্ৰমৰ ফল সদায়েই মিঠা হয়। আৰু এই ত্যাগ আৰু শ্ৰমেই মাওবাদী নেতাজনৰ ভৱিষ্যত উজ্জ্বল কৰি তুলিব।'

 ৰজাৰ কেবিনেটৰ প্ৰাক্তন মন্ত্ৰী আৰু এতিয়াৰ ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টি (নেপাল)ৰ নেতা কমল থাপাই প্রচণ্ড সম্পর্কে কয়— 'নেপালৰ মাওবাদী নেতাসকলে আদৰ্শগতভাৱে দায়বদ্ধ ব্যক্তি। আগতে বা এতিয়াও যেতিয়াই মই তেওঁলোকৰ লগত কথা পাতোঁ, মই উপলব্ধি কৰোঁ যে তেওঁলোকে ৰূপান্তৰত গভীৰভাৱে বিশ্বাস কৰে। মার্ক্সীয় আদৰ্শৰে ৰূপান্তৰ সম্ভৱ বুলি তেওঁলোকে বিশ্বাস কৰে। অধ্যক্ষ প্ৰচণ্ডৰ নেতৃত্বত মাওবাদীসকল কৌশলগত দিশত সাংঘাতিকভাৱে নমনীয় স্থিতি গ্ৰহণ কৰিছিল।'

 নেপালৰ কমডেসকলৰ দৰে ভালেকেইজন ভাৰতীয় জ্যেষ্ঠ ৰাজনৈতিক নেতায়ো নেপালৰ মাওবাদী নেতাজনৰ বিষয়ে উচ্চধাৰণা পোষণ কৰিছিল। নেপালৰ ৰাজনৈতিক মঞ্চত অভূতপূর্ব পৰিৱৰ্তন ঘটোৱাৰ বাবে প্ৰচণ্ড আৰু তেওঁৰ সহযোগী বাবুৰাম ভট্টায়ক ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক প্রকাশ কাৰাট আৰু পাৰ্টিৰ জ্যেষ্ঠ সদস্য সীতাৰাম য়েচুৰিয়ে উচ্চ প্রশংসা কৰিছে।

 ২০০৬ চনৰ ১৮ নৱেম্বৰত জনতা দল (সংযুক্ত)ৰ সভাপতি শাৰদ যাদৱে নতুন দিল্লীত আয়োজন কৰা এক ভোজমেলত প্রাক্তন প্রধান মন্ত্রী বিশ্বনাথ প্রতাপ সিঙৰ সৈতে প্ৰচণ্ডৰ সাক্ষাৎ ঘটিছিল। বিশ্বনাথ প্রতাপ সিঙে কৈছিল— ‘বিশ্বক বিপ্লৱৰ নতুন পথ প্ৰদৰ্শন কৰাৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ। নেপালী জনসাধাৰণৰ জীৱনলৈ ৰূপান্তৰ অনা প্ৰচণ্ডৰ সাক্ষাৎ পাবলৈ সুযোগ পোৱা বাবে মই অতি আনন্দিত।' শাৰদ যাদৱৰ ভোজমেলত, ভাৰতৰ অন্য এজন প্ৰাক্তন প্রধান মন্ত্ৰী ইন্দৰ কুমাৰ গুজৰালেও প্ৰচণ্ড আৰু তেওঁৰ সংগঠনৰ বিষয়ে সদিচ্ছাপূর্বক অভিমত আগবঢ়াইছিল। ১৯৯৭ৰ পৰা ১৯৯৮ৰ মাৰ্চলৈ প্ৰধান মন্ত্ৰীৰ দায়িত্বত থকা গুজৰালে প্রচণ্ডক কৈছিল—

 ‘বুৰঞ্জীত মই বিপ্লৱৰ বিষয়ে পঢ়িছোঁ, কিন্তু আপুনি তাক কাৰ্যকৰী কৰিলে৷ ইয়াৰ বাবে মই আপোনাক ধন্যবাদ জনাব বিচাৰোঁ।”

 ভাৰতীয় সাংবাদিক কৰণ থাপাৰে প্ৰচণ্ডক ঘনিষ্ঠভাৱে লগ পাইছিল। তেওঁ প্ৰচণ্ডৰ সাক্ষাৎকাৰো লৈছিল। প্রচণ্ড সম্পৰ্কে থাপাৰে কয়— ‘লেনিন, স্তালিন বা ট্ৰট্‌স্কিৰ দৰে প্ৰচণ্ডও ‘কঠোৰ’। অর্থাৎ তেওঁ ‘ভয়ংকৰ’। অৱশ্যে সাধাৰণতে ভয়ংকৰ বুলি ক'লে আমাৰ মনলৈ যি ভাব আহে সেইধৰণৰ ভয়ংকৰ তেওঁ নহয়। তেওঁৰ মুখত অনৱৰতে এটা হাঁহি লাগি থাকে। যেতিয়াই তেওঁ ইয়াক পূৰ্ণ ৰূপত প্রস্ফুটিত হ’বলৈ এৰি দিয়ে (যিটো তেওঁ প্ৰায়ে কৰে), তেতিয়া আনকি তেওঁৰ দুচকুৱেও হাঁহে। তেওঁ সিমান ওখ নহয় যদিও তেওঁৰ খোজবোৰ গহীন-গম্ভীৰ আৰু দৃঢ়। চেহেৰা-পাতিত তেওঁক নিষিদ্ধ গেৰিলা যোদ্ধাতকৈও এজন সাধাৰণ ৰঙিয়াল মানুহ যেনহে লাগে।'

[ ১৮৭ ]

২৬
উপসংহাৰ

 প্রধান মন্ত্রী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰচণ্ডই এলানি বিতৰ্কৰ মাজত সোমাই পৰিছিল। শপত গ্ৰহণ অনুষ্ঠানত নেপালৰ জাতীয় পোছাক ‘দৌৰা চুৰুৱাল’ পৰিধান নকৰি পাতল মুগা ৰঙৰ ছ্যুট আৰু ক'লা টুপী পৰিধান কৰাত সমগ্ৰ নেপালবাসীৰ চকু কপালত উঠিছিল।

 মাওবাদীৰ পলিটব্যুৰোৰ পৰামৰ্শমতে সেই পোছাক পৰিধান কৰা বিদ্রোহী প্রধান মন্ত্ৰীজনে ভগৱানৰ নামত শপত ল’বলৈও অস্বীকাৰ কৰিছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ জনতাৰ নামত শপত লৈছিল। ৰাষ্ট্ৰপতি ৰামবৰণ যাদৱে তেওঁক জনতাৰ নামত শপত বাক্য পাঠ কৰোৱাইছিল। তেওঁ জনতাৰ নামত শপত লৈছিল, যিহেতু তেওঁ জনতাৰ সমর্থনতে নিৰ্বাচনত জয়লাভ কৰিছিল।

 ‘পোছাক বিতৰ্ক’ মাৰ নৌযাওঁতেই কেইদিনমানৰ ভিতৰতে প্ৰচণ্ড অন্য এক কূটনৈতিক বিতৰ্কৰ মাজত সোমাই পৰে। প্ৰচণ্ড প্ৰধান মন্ত্রী হিচাপে দায়িত্ব লৈ প্ৰথম বিদেশ ভ্ৰমণত চীনলৈ যায়। বেইজিং অলিম্পিকৰ সামৰণি অনুষ্ঠানত উপস্থিত থকাৰ বাবে তেওঁ তালৈ গৈছিল৷ বিৰোধীসকলে প্ৰচণ্ডই এই ভ্ৰমণেৰে নেপালৰ কূটনৈতিক পৰম্পৰাৰ পৰা আঁতৰি অহা বুলি বর্ণনা কৰে।

 নেপালৰ পৰম্পৰামতে নতুন প্ৰধান মন্ত্ৰীয়ে তেওঁলোকৰ প্ৰথম বিদেশ ভ্ৰমণত নতুন দিল্লীলৈ আহে। মাওবাদীসকলে ভাৰত আৰু চীনৰ লগত সমান দূৰত্ব বজাই ৰখাৰ নীতি গ্ৰহণ কৰা বুলি দাবী কৰিছিল যদিও বিৰোধী শিবিৰে বিশেষকৈ নেপালী কংগ্ৰেছে প্রচণ্ডৰ বেইজিং ভ্রমণ ‘কমিউনিষ্ট কূটনীতি’ বুলি অভিহিত কৰিছিল।

 নতুন দিল্লীয়ে বিষয়টোক লৈ সম্পূৰ্ণৰূপে মৌনতা অৱলম্বন কৰিছিল যদিও নেপালী কংগ্ৰেছে প্ৰচণ্ডৰ চীন ভ্ৰমণক দুৰ্ভাগ্যজনক আখ্যা দিছিল। যি সময়ত কোশী নৈৰ প্ৰলয়ংকাৰী বানৰ ফলত নেপালৰ টেৰাই অঞ্চলৰ হেজাৰ হেজাৰ মানুহ গৃহহীন হৈ পৰিছিল, সেয়ে সেই সময়ত প্ৰচণ্ড চীন ভ্ৰমণলৈ ওলোৱা কাৰ্যৰ বাবে সমালোচিত [ ১৮৮ ] হৈছিল। নেপালী কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিমলেন্দ্র নিধিয়ে কৈছিল—

‘অলিম্পিকৰ সামৰণি অনুষ্ঠান উপভোগ কৰাৰ বাবে প্রধান ম