পৃষ্ঠা:প্ৰচণ্ড.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিয়া অস্ত্ৰভাণ্ডাৰৰ লগতে তেওঁলোকক গ্ৰেপ্তাবৰ বাবে তথ্য দিয়া
ব্যক্তিসকলক আমি পুৰস্কৃত কৰিম। আমি এতিয়া ডাঙৰ ডাঙৰ প'ষ্টাৰ
ছপা কৰিছোঁ, মাওবাদী নেতাবিলাকৰ ছবি ছপা কৰিছোঁ আৰু বিভিন্ন
ঠাইত মানুহৰ মাজত বিলাই দিয়াৰ পৰিকল্পনা কৰিছোঁ। ১১ ছেপ্টেম্বৰৰ
পাছত ওছামা বিন লাডেনৰ ছবি পুনৰ মুদ্ৰণ কৰি প্ৰচাৰ কৰাৰ দৰে
আমি সেইবোৰ ব্যাপক হাৰত প্ৰচাৰ কৰিম। সমগ্ৰ নেপাল-ভাৰতৰ
সীমান্তত প'ষ্টাৰবোৰ লগোৱা হ’ব যাতে জনসাধাৰণে সহজেই
তেওঁলোকক চিনিব পাৰে। আমি ভাৰতৰ সংবাদ মাধ্যমকো ছবিবোৰ
দিম।’

 আৰক্ষীৰ হাতত যিহেতু প্ৰচণ্ডৰ শেহতীয়া আলোকচিত্ৰ নাছিল, পুৰণি ছবিৰ পৰাই তেওঁৰ এটি স্কেচ্ছ প্ৰস্তুত কৰা হৈছিল আৰু দেশজুৰি প্ৰচাৰ কৰা হৈছিল। ১৯৭৬ চনত প্ৰচণ্ডই ত্ৰিভুবন বিশ্ববিদ্যালয়ত পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ স্নাতকোত্তৰ পাঠ্যক্ৰম পঢ়াৰ বাবে আৱেদন জনাইছিল। সেই প্ৰ-পত্ৰখনৰ পৰাই ছবিখন এৰুৱাই অনা হৈছিল। চৰকাৰে প্ৰচণ্ডক জীৱিত অথবা মৃত যিকোনো অৱস্থাত বিচাৰিছিল যাতে শীঘ্ৰেই এই

নেপাল আৰক্ষীৰ ফাইলত থকা প্ৰচণ্ডৰ স্কেচ্চ

দীৰ্ঘদিনীয়া সশস্ত্ৰ সংগ্ৰামক নিঃশেষ কৰিব পৰা যায়।

 ৰাষ্ট্ৰীয় অনুসন্ধান বিভাগ (এন আই ডি) আৰু নেপাল আৰক্ষীয়ে যুটীয়াভাৱে প্ৰচণ্ডৰ যি নথি প্ৰস্তুত কৰিছিল তাত দুৰ্ধৰ্ষ মাওবাদী নেতাজনৰ বিষয়ে একেবাৰে কম

তথ্য আছিল। প্ৰচণ্ডনো দেখিবলৈ কেনেকুৱা দৰাচলতে কোনেও নাজানিছিল। বহুদিনলৈ

৭৯