পৃষ্ঠা:প্ৰচণ্ড.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কাৰ্যকলাপ চলোৱাৰ বাবে নেপালৰ ভূখণ্ড ব্যৱহাৰ কৰি আহিছে। ইয়াৰ উপৰি, আদৰ্শগত কাৰণত নেপালৰ মাওবাদীসকলে ভাৰত চৰকাৰৰ সমালোচনা কৰি আহিছিল। প্ৰচণ্ডৰ ভাষাত—

‘তেওঁলোকে পোনপোটীয়াকৈ প্ৰস্তাৱ দিয়া নাছিল। আই এছ আয়ে
আমাৰ পৰা জানিব বিচাৰিছিল আমাক কিবা সহায় লাগিব নেকি?
বিশেষকৈ নেপালৰ বাহিৰত। কিন্তু আমি দৃঢ়তাৰে তেওঁলোকৰ প্ৰস্তাৱ
নাকচ কৰিছিলোঁ, কাৰণ আমি নিজস্বভাৱে আমাৰ সংগ্ৰাম চলাই নিব
বিচাৰিছিলোঁ। আমি বুজি পাইছিলোঁ এবাৰ বাহিৰৰ সমৰ্থনৰ ওপৰত
নিৰ্ভৰশীল হ’লে, আমাৰ সংগ্ৰামে ইয়াৰ বিশুদ্ধতা হেৰুৱাব।’

 আই এছ আয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠনবোৰক অসমত কুটাঘাতমূলক কাৰ্যকলাপ চলোৱাৰ বাবে ব্যৱহাৰ কৰি আহিছে। চোৰাংচোৱা সংস্থাটোৱে আলফা আৰু এন ডি এফ বিৰ সদস্যসকলক শক্তিশালী বোমা নিৰ্মাণৰ প্ৰশিক্ষণ দি আহিছে৷ ইয়াৰ উপৰি ভাৰতৰ সীমান্তৰ ৰাজ্য বিহাৰ আৰু উত্তৰ প্ৰদেশত নেপালৰ মাজেৰে জালনোটৰ প্ৰচলন ঘটোৱাৰ লগত আই এছ আই জড়িত থকাৰ অভিযোগ আছে।

 বিদ্ৰোহৰ তীব্ৰতা বৃদ্ধি পোৱাৰ লগে লগে, মাওবাদী বিদ্ৰোহী সংগঠনটোৱে বিশ্বৰ চুকে-কোণে জনযুদ্ধৰ বাতৰি বিয়পাই দিয়াৰ উদ্দেশ্যে এটি ৱেবছাইট মুকলি কৰাৰ প্ৰয়োজন অনুভৱ কৰে। খুব কম সময়ৰ ভিতৰতে কিছুমান সমভাবাপন্ন সংগঠন আৰু একাংশ ইউৰোপত থকা প্ৰবাসী নেপালীৰ সহযোগত www.cpnm.org নামব ৱেবছাইটটো মুকলি কৰে।

 আৰম্ভণিতে, নেপালী চৰকাৰখনে বিশ্বাস কৰিবলৈ টান পাইছিল যে আওহতীয়া আৰু ভিতৰুৱা ঠাইবোৰত বিদ্ৰোহী কাৰ্যকলাপ চলাই থকা সংগঠনটোৱে চাইবাৰ জগতলৈও বিদ্ৰোহৰ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে এটি ৱেবছাইট মুকলি কৰিবলৈ সক্ষম হ'ব।

 ৱেবছাইটটো মুকলি কৰাৰ লগে লগেই চৰকাৰে নেপালী ইণ্টাৰনেট সেৱা যোগানকাৰী সংস্থাবোৰক ৱেবছাইটটো বন্ধ কৰি দিবলৈ কঠোৰ নিৰ্দেশ দিয়ে। কিন্তু ৱেবছাইটটো বন্ধ নোহোৱাত নেপালৰ মাওবাদী আন্দোলনৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা সমগ্ৰ বিশ্বতে বিয়পি পৰে। অৱশ্যে মাওবাদীসকলে জনযুদ্ধৰ সময়ছোৱাত তেওঁলোকৰ ৰাজনৈতিক তথা অভিযানৰ কাম-কাজত কেতিয়াও বাহিৰৰ যোগাযোগৰ ওপৰত নিৰ্ভৰ কৰা নাছিল। ভাৰতৰ লগত যি যোগাযোগ গঢ়ি তোলা হৈছিল সেয়া কেৱল মুক্ত বিচৰণ, আশ্ৰয় তথা চিকিৎসাৰ বাবে ব্যৱহাৰ কৰিছিল।

৯৬