পৃষ্ঠা:প্ৰচণ্ড.pdf/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাবে ইউৰোপলৈ পঠাইছিল। সমগ্ৰ বিশ্বৰ বিভিন্ন বিদ্রোহী দলৰ ঘাটি থকা বাবে ইউৰোপত বিপ্লৱৰ নেটৱৰ্ক গঢ়ি তুলিবলৈ অধ্যক্ষ প্ৰচণ্ডই গুজৰেলক দায়িত্ব দিছিল। তদুপৰি ইউৰোপিয়ানসকলৰ এক বৃহৎ অংশ আছিল উদাৰ গণতন্ত্রবাদী।

 কিন্তু ইণ্টাৰপলে যুগুত কৰা ‘মষ্ট ৱাণ্টেড ট্ৰে'ৰিষ্ট'ৰ তালিকাত গুজৰেলৰ নামটোও সন্নিৱিষ্ট হোৱাত গুজৰেলৰ বাবে বিদেশত ভ্ৰমণ কৰাটো জটিল হৈ পৰিছিল। সেয়ে তেওঁ নেপালী পাছপৰ্ট ব্যৱহাৰ নকৰি এখন জাল ব্ৰিটিছ পাছপ'ৰ্টৰ ব্যৱস্থা কৰিছিল। দুৰ্ভাগ্যৱশতঃ ২০০৩ চনৰ ২০ আগষ্টৰ দিনা চেন্নাইৰ আন্তর্জাতিক বিমান বন্দৰত অনুপ্ৰৱেশ বিষয়া (ইমিগ্ৰেছন অফিচাৰ)ৰ হাতত গুজৰেল কৰায়ত্ত হ’ব লগাত পৰিছিল। চেন্নাই জে’লত কটোৱা তিনিটা বছৰত তেওঁ তেওঁৰ পত্নীৰ জৰিয়তে অধ্যক্ষ প্রচণ্ড আৰু অন্যান্য জ্যেষ্ঠ নেতাসকলৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি চলিছিল। গুজৰেলে অধ্যক্ষ প্রচণ্ডক এজন সৃজনীশীল আৰু উচ্চখাপৰ নেতা হিচাপে গণ্য কৰিছিল। তেওঁ কয়— ‘যেতিয়া আমি জনযুদ্ধ আৰম্ভ কৰিছিলোঁ, আমি বিভিন্ন বিষয়ত সিদ্ধান্ত লৈছিলোঁ। তাৰ কিছুমানৰ আমাৰ কট্টৰ সাম্যবাদী ভাবাদৰ্শৰ লগত সংগতি নাছিল। তেওঁ আছিল অত্যুৎসাহী আৰু সদাপ্রস্তুত। আনকি অতি জটিল সময়তো তেওঁ সৃজনীশীল সিদ্ধান্ত ল’ব পাৰিছিল।' নেপাল মাওবাদীৰ আন্তর্জাতিক মঞ্চৰ আহ্বায়ক গুজৰেলৰ মতে প্রচণ্ড আঁকোৰগোঁজ স্বভাৱৰ নাছিল আৰু অন্যান্য ৰাজনৈতিক দলসমূহৰ লগত মিত্ৰতা স্থাপন কৰা সাংবিধানিক পৰিষদৰ নিৰ্বাচনত ভাগ লোৱা তেওঁৰ এই গুণটোৰ কাৰণেই সম্ভৱ হৈছিল।

 ‘আমাৰ দলে যেতিয়া সংবিধান সভাৰ নিৰ্বাচনত অংশ লোৱাৰ সিদ্ধান্ত লৈছিল, তেওঁ (প্ৰচণ্ড) ভালেকেইটা সমভাবাপন্ন মাওবাদী সংগঠনৰ পৰা হেঁচা পাইছিল। এটা কট্টৰ সাম্যবাদী সংগঠনে মূলসুঁতিৰ ৰাজনীতিত যোগদান কৰি নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰাটো এটা অস্বাভাৱিক কথা আছিল৷ তথাপি তেওঁৰ নেতৃত্বত সংগঠনটোৱে নেপালৰ বহুদলীয় গণতান্ত্রিক গাঁথনিত যোগ দিছিল।'

 জ্যেষ্ঠ অধিবক্তা আৰু সংবিধান সভাৰ মাওবাদী সদস্য খীমলাল দেৱকোতাই ১৯৮১ চনৰ পৰা প্ৰচণ্ডক ঘনিষ্ঠভাৱে লগ পাইছিল আৰু তেওঁৰ মতে পাৰ্টিৰ অধ্যক্ষ প্ৰচণ্ড এজন ৰঙিয়াল আৰু উদাৰ ব্যক্তি আছিল। দেৱকোতাৰ ভাষাত—

 ‘অধ্যক্ষ প্রচণ্ড এজন সৰল মনৰ ব্যক্তি। প্ৰতিটো কথাকেই তেওঁ বিভিন্ন দিশৰ পৰা লক্ষ্য কৰিছিল। কঠোৰ পৰিশ্ৰমৰ পৰা তেওঁ আনন্দ আৰু অনুপ্ৰেৰণা লাভ কৰিছিল।'

 ২০০৭ চনৰ ৩০ জুনত প্ৰথমবাৰৰ বাবে ইউৰোপলৈ যাত্ৰা কৰা প্ৰচণ্ডৰ সংগী আছিল দেৱকোতা। এই ভ্ৰমণৰ সময়ছোৱাত প্ৰচণ্ডৰ কেতবোৰ আমোদজনক ঘটনা ঘটিছিল। জেনেভাস্থিত ‘ডেমক্রেটিক ফ’ৰাম ফৰ কণ্ট্ৰ'ল অৱ আৰ্মদ ফৰ্চ' নামৰ

১৮২