পৃষ্ঠা:প্ৰচণ্ড.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 এই সময়ছোৱাতে পুষ্প কমলে ৰাম বাহাদুৰ থাপা নামৰ এজন যুৱ কমিউনিষ্ট নেতাক লগ পায়। এই যুৱনেতাজনৰ সৈতে তেওঁৰ এক আন্তৰিক সম্বন্ধ গঢ় লৈ উঠে। ৰাম বাহাদুৰ থাপা এজন স্বয়ম্ভু কমিউনিষ্ট আছিল। তেওঁ মস্কোত কৃষি বিজ্ঞান বিষয়ত অধ্যয়ন কৰি আছিল। বৈপ্লৱিক কাম-কাজত জড়িত হ’বলৈ তেওঁ ১৯৮১ চনত মস্কো এৰি নেপাললৈ ঘূৰি আহে। তেওঁৰ দেউতাক কৰ্ণ বাহাদুৰ থাপা ভাৰতীয় গোৰ্খা ৰেজিমেণ্টৰ এজন অৱসৰপ্ৰাপ্ত সৈনিক আছিল।

 এই প্ৰাণৱন্ত আৰু শক্তিশালী নেতাজনৰ নেতৃত্বত নৱালপাৰাচী আৰু মাকৱানপুৰ জিলাতো কমিউনিষ্ট বিপ্লৱে গা কৰি উঠিছিল। কিন্তু ১৯৮২ চনত ৰাম বাহাদুৰ থাপাক গ্ৰেপ্তাৰ কৰি তেওঁক দহ মাহৰ বাবে জে’ললৈ প্ৰেৰণ কৰে। তেওঁৰ গ্ৰেপ্তাৰকৰণে পুষ্প কমলক সচকিত কৰি তুলিছিল। ইতিমধ্যে পঞ্চায়তৰ দৃষ্টিত তেওঁৰ নাম দুৰ্ঘোৰ অপৰাধী আৰু পলাতক আচামীৰ তালিকাত সন্নিৱিষ্ট হৈছিল।

 আত্মগোপন কৰি থকা সময়ছোৱাত পুষ্প কমলে দেশৰ আগশাৰীৰ কাকত- আলোচনীবোৰত দেশপ্ৰেমমূলক কবিতা আৰু প্ৰবন্ধ লিখিছিল। তেওঁ জন্মগতভাৱেই এজন কবি আছিল। তেওঁৰ ‘ন’ম দি গুৱেৰে’, ‘কমৰেড বিশ্বাস’ আদি কবিতাবিলাক কমডেসকলৰ মাজত জনপ্ৰিয় হৈছিল। তেওঁৰ কামৰ প্ৰতি থকা নিষ্ঠা, সততা আৰু কঠোৰ পৰিশ্ৰমী গুণৰ বাবে সংগঠনটোৰ আন আন শীৰ্ষ নেতাসকলৰ পৰা মৰম আৰু সন্মান আদায় কৰিবলৈ সক্ষম হৈছিল।

 কিন্তু ১৯৮৩ চনত দলৰ চতুৰ্থখন বৈঠকত তেওঁলোকৰ সংগঠনৰ মাজত ভাঙোনে দেখা দিছিল। দলটোৰ এটা ফৈদক নিৰ্মল লামা আৰু আনটো ফৈদক মোহন বিক্ৰম সিঙে নেতৃত্ব দিছিল। পুষ্প কমলে বিক্ৰম সিঙৰ পক্ষ ল’বলৈ সিদ্ধান্ত লৈছিল। বিক্ৰম সিঙৰ দলে আন্দোলনৰ সময়ছোৱাত হিংসাৰ আশ্ৰয় লোৱাৰ সপক্ষে মতপোষণ কৰিছিল আৰু নিৰ্মল লামাই হিংসা প্ৰত্যাহাৰ কৰি শান্তিপূৰ্ণ উপায়েৰে পঞ্চায়তৰ শাসন ওফৰোৱাৰ পৰিকল্পনা লৈছিল।

 তাৰ পাছৰ বছৰৰ নৱেম্বৰ মাহত নেপালী সাম্যবাদী দলৰ (মশ্বাল) পঞ্চমখন সাধাৰণ অধিৱেশন অনুষ্ঠিত হৈছিল। এই অধিৱেশনতে পুষ্প কমল ওৰফে কমডে বিশ্বাসক কেন্দ্ৰীয় সমিতিলৈ নিৰ্বাচন কৰা হৈছিল। জ্যেষ্ঠ কমিউনিষ্ট নেতা মোহন বৈদ্য আৰু ভক্ত বাহাদুৰ শ্ৰেষ্ঠাই ২৯ বছৰীয়া বিপ্লৱী যুৱক পুষ্প কমলক কেন্দ্ৰীয় সমিতিলৈ নিৰ্বাচিত হোৱাত সহায়ৰ হাত আগবঢ়াইছিল। কেন্দ্ৰীয় সমিতিত স্থান পোৱাৰ পাছত পুষ্প কমলে সংগঠনটোৰ প্ৰতি আৰু অধিক দায়িত্বশীল হৈ পৰিল আৰু ইয়াৰ পৰিসৰ কেন্দ্ৰীয় অঞ্চললৈ বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলে৷ সেই উদ্দেশ্যে ১৯৮৫ চনত পুষ্প কমলে পত্নী আৰু সন্তানসহিতে নৱগ্ৰহলৈ যাত্ৰা কৰিলে। তাত

তেওঁ ভনীয়েক অপ্সৰাৰ ঘৰৰ সমীপত জগত শ্ৰেষ্ঠা নামৰ ব্যক্তি এজনৰ ঘৰ এটা

৩৭