পৃষ্ঠা:প্ৰচণ্ড.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কমিউনিষ্ট পাটি অব নেপালৰ (ইউ এম এল) সাধাৰণ সম্পাদক মাধৱ কুমাৰ নেপালক সাক্ষাৎ কৰে। কৈৰালা আৰু নেপাল উভয়ে ২৯ জানুৱাৰীত চৰকাৰ আৰু মাওবাদীৰ মাজত হোৱা যুদ্ধবিৰতি চুক্তিক আদৰণি জনাইছিল। কিন্তু বিদ্ৰোহী সংগঠনটোৰ এখন নতুন সংবিধান প্ৰস্তুত কৰাৰ বাবে যি কনষ্টিটিউৱেণ্ট এছেম্বলীৰ আহ্বান জনাইছিল তাক লৈ শংকা প্ৰকাশ কৰিছিল। ভট্টৰায়ে কৈছিল—

‘জাতি আৰু জনতাৰ স্বাৰ্থতে নেপালৰ ৰজাই পদত্যাগ কৰা উচিত।
যদি তেওঁ সেয়া কৰে, নতুন ৰাজনৈতিক ব্যৱস্থাত আমি তেওঁক এটা
ভাল স্থান দিম। আনকি তেতিয়া তেওঁ জনসাধাৰণৰ পৰা ইয়াতকৈ
বেছি সন্মান আৰু ভালপোৱা লাভ কৰিব। যদি তেওঁ অলপো নমনীয়তা
নেদেখুৱাই আৰু ত্যাগ নকৰে, তেতিয়াহ’লে ইতিহাসে তেওঁক সঠিক
স্থানৰ পৰা অৱনমিত কৰিব।’

 বিদ্ৰোহে জুৰুলা কৰা হিমালয়ৰ এই ৰাষ্ট্ৰখনৰ সাত বছৰীয়া বিদ্ৰোহৰ সামৰণি পেলোৱাৰ উদ্দেশ্যে আৰম্ভ হোৱা এই আলোচনা তথা ৰাজনৈতিক অগ্ৰগতিক লৈ নেপালৰ বুদ্ধিজীৱীসকল যথেষ্ট উৎসাহিত হৈছিল।

 এই প্ৰসংগত অধ্যাপক লোকৰাজ বৰালে ‘কাঠমাণ্ডু পোষ্ট’ত লিখিছিল—

‘... মাওবাদীসকলে গুণগতভাৱে পৰিৱৰ্তিত এখন নেপালী ৰাষ্ট্ৰ গঢ়িবলৈ
আগ্ৰহী, য'ত প্ৰতিটো শক্তিয়ে তেওঁলোকৰ আদৰ্শগত পৰিচয় নিৰ্বিশেষে
বহুদলীয় ৰাজনৈতিক গণ্ডীৰ ভিতৰত কাম কৰিবলৈ সক্ষম হ’ব। ইয়াক
জনযুদ্ধৰ ‘এমবুৰ্জোমেণ্ট’ বুলি ক'ব পাৰি। যিটো ক্ৰমে বহুত্ববাদী
গণতন্ত্ৰ শক্তিশালী কৰাৰ এটা পদক্ষেপত পৰিণত হৈছে।’

 তাৎপৰ্যপূৰ্ণভাৱে, মাওবাদী আৰু চৰকাৰৰ মাজত যুদ্ধবিৰতিৰ চুক্তি ভংগ কৰাৰ কোনো ঘটনা ঘটা নাছিল। দ্বিতীয়লানি শান্তি আলোচনা ৯ মে’ত শংকৰ হোটেলত অনুষ্ঠিত হৈছিল। কিন্তু বাকী ৰাজনৈতিক দলবোৰে শান্তি আলোচনাৰ অগ্ৰগতি বিচৰা নাছিল, যিহেতু চান্দ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধান মন্ত্ৰী নাছিল আৰু চৰকাৰখনে আছিল ৰজাই নিযুক্তি দিয়া অন্তৰ্ৱৰ্তীকালীন চৰকাৰ। বাকী ৰাজনৈতিক দলবোৰে তেওঁৰ ওপৰত তীব্ৰ হেঁচা দিছিল। ফলস্বৰূপে ৩০ মে’ত তেওঁ প্ৰধান মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হয়।

 চান্দৰ পদত্যাগৰ লগে লগে চলি থকা শান্তি প্ৰক্ৰিয়াত আউল লাগে। চান্দৰ পদত্যাগৰ পাঁচ দিন পাছত প্ৰধান ৰাজনৈতিক দলসমূহৰ তীব্ৰ বিৰোধিতাৰ মাজতে ৰজা জ্ঞানেন্দ্ৰই সূৰ্য বাহাদুৰ থাপাক নতুন প্ৰধান মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। আলোচনা প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে আকৌ নতুন দল গঠন কৰা হয়। চৰকাৰে প্ৰকাশ চন্দ্ৰ

৮৮