পৃষ্ঠা:প্ৰচণ্ড.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গুৰুত্ব দিছিল। প্ৰচণ্ডই মহিলা কেডাৰসকলৰ মাজত নেতৃত্ব প্ৰদানৰ গুণ বিকশিত হোৱাটো বিচাৰিছিল। সেয়ে তেওঁলোকৰ সংগঠনৰ কেন্দ্ৰীয় সমিতিত মহিলা সদস্যা ক্ৰমে হিচিলা য়ামী আৰু পাম্ফা ভূচেলক অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু তৃণমূল পৰ্যায়ত মহিলাৰ প্ৰতিনিধিত্ব আছিল পুতৌজনক।

 ১৯৯০ চনৰ গণযুদ্ধৰ পাছত নেপালৰ ৰাজনৈতিক পদ্ধতিত মহিলাসকলৰ অংশগ্ৰহণৰ বাবে যি প্ৰচেষ্টা হাতত লোৱা হৈছিল, সি কেতিয়াও ফলপ্ৰসূ হৈ উঠা নাছিল। ১৯৯৯ চনৰ নিৰ্বাচনত নেপালৰ প্ৰতিনিধি সভালৈ ২০৫জন প্ৰতিনিধিৰ ভিতৰত মাত্ৰ ৬ শতাংশহে মহিলা নিৰ্বাচিত হৈছিল। ৰাজনৈতিক দলবোৰৰ কেন্দ্ৰীয় সমিতিতো ৭ শতাংশতকৈও অধিক মহিলা প্ৰতিনিধি নাছিল।

 ‘ৰিভলিউশ্যনাৰী ৱৰ্কাৰ্ছ’ নামৰ আলোচনীখনৰ সৈতে হোৱা সাক্ষাৎকাৰত মহিলা সবলীকৰণ সন্দৰ্ভত প্ৰচণ্ডই মতপোষণ কৰিছিল যে প্ৰাৰম্ভিক অৱস্থাত এইক্ষেত্ৰত কিছু সমস্যাৰ উদ্ভৱ হৈছিল যদিও সেই সমস্যাৰ সমাধান সূত্ৰও ওলাইছিল। তেওঁ কৈছিল—

‘ভালেমান মহিলা বিদ্ৰোহী সৈনিক হিচাপে আগবাঢ়ি আহিছিল।
আৰম্ভণিৰ পৰাই আমি আমাৰ সংগ্ৰামত পুৰুষ আৰু মহিলা কেডাৰ,
উভয়কে একেটা দলতে অন্তৰ্ভুক্ত কৰিব বিচাৰিছিলোঁ আৰু এইদৰে
আমি আমাৰ সংগ্ৰাম আগবঢ়াই নিব বিচাৰিছোঁ। এখন নতুন সমাজ

মাওৱিষ্ট পিপলছ লিবাৰেশ্যন আৰ্মীৰ মহিলা কমাণ্ডো

৬৫