পৃষ্ঠা:প্ৰচণ্ড.pdf/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কথা ঘোষণা কৰিলে। আলোচনা প্রক্রিয়া চলি থকাৰ মাজতে দুয়োপক্ষই শান্তি প্রক্রিয়াটো আগবঢ়াই নিবলৈ ৰাষ্ট্ৰসংঘক জড়িত কৰোৱাৰ সিদ্ধান্ত লয়। সেই উদ্দেশ্যে আগষ্ট মাহৰ ৯ তাৰিখে মাওবাদী নেতা প্রচণ্ড আৰু চৰকাৰে পৃথকে পৃথকে ৰাষ্ট্ৰসংঘৰ সচিব কফি আন্নানলৈ নেপালৰ শান্তি প্ৰক্ৰিয়াত সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ কৰি পত্ৰ প্ৰেৰণ কৰে। নেপাল চৰকাৰ আৰু মাওবাদী নেতা প্রচণ্ডৰ অনুৰোধৰ প্রতি সম্মান প্ৰদৰ্শন কৰি ৰাষ্ট্ৰসংঘৰ সচিবজনে নেপালৰ শান্তি প্ৰক্ৰিয়াক আগবঢ়াই নিবলৈ তেওঁৰ ব্যক্তিগত প্রতিনিধিৰূপে ৰাষ্ট্ৰসংঘৰ জ্যেষ্ঠ বিষয়া আয়ান মার্টিনক নিযুক্তি দিয়ে।

 ইতিমধ্যে অন্তৱৰ্তী সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ দায়িত্ব দিয়া সমিতিখনে যুদ্ধকালীন ক্ষিপ্ৰতাৰে সেই দায়িত্ব পালন কৰি আগষ্ট মাহৰ ২৫ তাৰিখে চৰকাৰৰ ওচৰত সংবিধানৰ খচৰা দাখিল কৰে। কিন্তু শান্তি প্রক্রিয়াটো অতি লেহেমীয়া গতিৰে আগবাঢ়িল। মাওবাদী নেতাসকলে এই প্রক্রিয়াটোত অসন্তুষ্টি প্ৰকাশ কৰিলে। জ্যেষ্ঠ মাওবাদী নেতা দীননাথ শৰ্মাই সাতদলীয় মৰ্চা চৰকাৰখনে দেশৰ জ্বলন্ত ৰাজনৈতিক সমস্যাসমূহৰ ওপৰত মনোযোগ নিদিয়াৰ কাৰণে জগৰীয়া বুলি অভিযোগ উত্থাপন কৰে। এই প্ৰসংগত শৰ্মাই কয়—

‘আমি সদায়েই আলোচনাৰ কাৰণে সাজু; কিন্তু চৰকাৰখনে ৰাজনৈতিক
বিষয়বোৰ আলোচনা কৰাৰ বাবে মুঠেও সদিচ্ছা দেখুওৱা নাই। অন্তৰ্ৱৰ্তী
খচৰা সংবিধানখনত আলোচনা কৰিবলগীয়া বহুতো বিষয় আছে, যিবোৰ
এতিয়াও হৈ উঠা নাই।'

 দুর্ভাগ্যবশতঃ কৈৰালা আৰু প্ৰচণ্ডৰ মাজত মাওবাদীসকলৰ দাবী সন্দৰ্ভত আলোচনা কৰিবলগীয়া বৈঠকখন পুনৰ স্থগিত ৰখা হ’ল। ছেপ্টেম্বৰ মাহৰ ২৮ তাৰিখে অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় বৈঠকখন পুনৰ অক্টোবৰ মাহৰ ৮ তাৰিখলৈ পিছুৱাই দিয়া হয়। ইটোৰ পাছত সিটো দিন-বাৰ সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত আলোচনা প্ৰক্ৰিয়াটো পুনৰ ব্যাহত হোৱাৰ সম্ভাৱনাই দেখা দিয়ে আৰু মাওবাদী বিদ্রোহীসকল পুনৰ হাবিলৈ উভতি যোৱাৰ সম্ভাৱনাহে প্ৰকট হৈ পৰে। অৱশ্যে মাওবাদী নেতাসকলে বিশেষকৈ প্ৰচণ্ডই শান্তি প্ৰক্ৰিয়াটো চলাই নিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। অৱশেষত অক্টোবৰ মাহৰ ৮ তাৰিখে কৈৰালা আৰু প্ৰচণ্ডৰ মাজত প্রথমলানি আলোচনা নির্দিষ্ট সময়তেই অনুষ্ঠিত হয়। তেওঁলোকে তৎক্ষণাত নির্বাচন আয়োগক পুনৰুজ্জীৱিত কৰি ২০০৭ চনৰ মাৰ্চ মাহৰ ভিতৰত সংবিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্রথমলানি বৈঠকৰ আলোচনা সফল হোৱাত মাওবাদী নেতাসকলে অক্টোবৰ মাহৰ ২৯ তাৰিখে পুনৰ তিনিমাহৰ কাৰণে যুদ্ধবিৰতিৰ সময়সীমা বঢ়াই দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে। নৱেম্বৰ মাহৰ ৮ তাৰিখে সাতদলীয় মৰ্চা আৰু মাওবাদী নেতাসকলে অন্য

১৪১