পৃষ্ঠা:প্ৰচণ্ড.pdf/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভূমি সংস্কাৰৰ কাৰণে এটা বিজ্ঞানসন্মত উপায় অৱলম্বন কৰিবলৈ চেষ্টা কৰি আছোঁ যিহেতু টেৰাই পাহাৰ আৰু হিমালয় অঞ্চলত ব্যৱহাৰ কৰা ভূমি সম্পূর্ণ বেলেগধৰণৰ৷’

 দৰিদ্ৰ কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে তেওঁলোকে প্রগতিশীল কৰ পদ্ধতিৰ শুভাৰম্ভ কৰাৰ পৰিকল্পনা হাতত লৈছিল। এই বিষয়ত প্ৰচণ্ডই কয়—

‘এটা বহু দীঘলীয়া শ্রমিক বিপ্লৱক নেতৃত্ব দিয়াৰ পাছত,
দৰিদ্ৰ লোকসকলকৰ কাৰণে আমাৰ সদায়ে সুকীয়া নীতি আছে।’

 এফ এন চি চি আইৰ নেতৃবৃন্দৰ সৈতে আলোচনাত মিলিত হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰত প্ৰচণ্ডই ৰাষ্ট্ৰসংঘ আৰু সাহায্যকাৰী সংস্থাসমূহৰ প্ৰতিনিধিসকলৰ সৈতে আলোচনাত মিলিত হৈছিল। তেওঁলোকৰ সৈতে হোৱা বৈঠকৰ পাছত প্ৰচণ্ডই কৈছিল যে আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহে দেশখনক সাহায্য দিয়াৰ নতুন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আশ্বাস দিছে। অধ্যক্ষ প্রচণ্ডৰ সুৰতে সুৰ মিলাই জ্যেষ্ঠ মাওবাদী নেতা বাবুৰাম ভট্টৰায়ে এটা সাক্ষাৎকাৰত কৈছিল—

‘এই মুহূৰ্তত আমাক ৰাজনৈতিক স্থিৰতা লাগে। ৰাজনৈতিক স্থিৰতা অবিহনে আমি দ্রুত অর্থনৈতিক বিকাশৰ কথা চিন্তা কৰিব নোৱাৰোঁ।
এতিয়া সংবিধান সভাৰ নিৰ্বাচনৰ ফলাফলে ৰাজনৈতিক স্থিৰতাৰ ক্ষেত্ৰত
কিছু আশাৰ সঞ্চাৰ কৰিছে। দ্বিতীয়তে, আমাক এটা শক্তিশালী নেতৃত্ব
লাগিব। কাৰণ দেশখনৰ পুনৰ গঠনৰ কাম আমি এতিয়াও
আৰম্ভ কৰিবলৈ বাকী আছে।’

 নেপালৰ এটা বৃহৎ অংশৰ জনসাধাৰণ, যিহেতু যুৱকসকলেৰে গঠিত, প্রচণ্ডই এই যুৱশক্তিক দেশখনৰ পুনৰ্নিৰ্মাণৰ কামত নিয়োগ কৰাৰ কথা চিন্তা কৰিছিল। তেওঁ যুৱ সাম্যবাদী দলৰ কেডাৰসকলক দেশৰ গঠনমূলক কামত নিয়োগ কৰিবলৈ সিদ্ধান্ত ল’লে। দেশৰ অতিকে প্ৰাণৱন্ত আৰু শক্তিৱান যুৱসমাজৰ শক্তিক এনেদৰে তেওঁ ফলপ্ৰসূ আৰু উন্নয়নমূলক কামত ব্যৱহাৰ কৰাৰ বাবে আঁচনি প্ৰস্তুত কৰাৰ কথা ভাবিছিল৷

 আচলতে সংবিধান সভাৰ নিৰ্বাচনৰ ফলাফলে তেওঁলোকৰ জনপ্ৰিয়তা বৃদ্ধি কৰাৰ এটা সুন্দৰ সুযোগ আনি দিলে। বিদ্রোহী সংগঠনৰ পৰা ৰাজনৈতিক শক্তিলৈ পৰিৱৰ্তিত হোৱা দলটোৰ ভাবমূৰ্তি বিশ্বৰ ভিন্ন সংগঠনৰ কাৰণে সন্দেহৰ ঊর্ধ্বত নাছিল। কিন্তু এই ফলাফলৰ পাছত বিশ্বদৰবাৰত তেওঁলোকৰ ভাবমূৰ্তি সম্পূৰ্ণৰূপে সলনি হৈ গ’ল। আনকি আমেৰিকাই জনমতৰ হেঁচাত পৰি মাওবাদীসকলৰ ওপৰত আৰোপ কৰা সন্ত্রাসবাদীৰ ফলক আঁতৰাই পেলাবলৈ বাধ্য হয়। নেপালস্থিত আমেৰিকাৰ

১৬৪