পৃষ্ঠা:প্ৰচণ্ড.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাংবাদিকসকলক সঠিকভাৱে প্ৰশিক্ষণ দিয়াৰ কথা তেওঁ আমাক সদায় কৈছিল।’

 বিদ্ৰোহৰ বাতৰি ইণ্টাৰনেট, এফ এম ৰেডিঅ’ আৰু বাতৰি কাকতযোগে প্ৰচাৰ কৰি ৰোমাঞ্চিত হৈ থকা প্ৰচণ্ডই বিপ্লৱী সাংবাদিকসকলক বাতৰিৰ প্ৰচাৰ আৰু অধিক ব্যাপক কৰি তুলিবলৈ আহ্বান কৰিছিল। পি এল এ যোদ্ধাসকলে পূবৰ পৰা পশ্চিমলৈ ধাৱমান হৈ থকাৰ সময়তে মাওবাদী প্ৰধানজনে এটা টেলিভিছন চেনেলো আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল।

 টেলিভিছনৰ তথ্যচিত্ৰ নিৰ্মাণৰ বিষয়ে শিকিবলৈ সাংবাদিকৰ এটি সৰু দল কাণপুৰলৈ গৈছিল৷ তথ্যচিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ দিয়াৰ বাবে কিছুসংখ্যক ভিডিঅ’ টেকনিচিয়ানকো নিমন্ত্ৰণ কৰা হৈছিল। তথ্যচিত্ৰ নিৰ্মাণৰ প্ৰথম প্ৰচেষ্টা হিচাপে ‘চেটি মহাকালীৰ গৰ্জন’ আৰু ‘প্ৰত্যাক্ৰমণ’ নামৰ দুখন তথ্যচিত্ৰ উলিওৱা হৈছিল। দুয়োখন তথ্যচিত্ৰৰে বিষয়বস্তু আছিল পশ্চিম নেপালৰ যুদ্ধ।

 ২০০৫ চনৰ ১৮ এপ্ৰিলৰ পৰা ২০ এপ্ৰিললৈ তিনিদিন ধৰি যেতিয়া পি এল এ যোদ্ধাসকলৰ এটি বৃহৎ দল পালপা জিলাৰ আৰ্গলী গাঁৱত বাহৰ পাতি আছিল, গাঁওখনৰ তিনিশতকৈ অধিক পৰিয়ালে জনগণতন্ত্ৰ টেলিভিছনত প্ৰথমবাৰৰ বাবে কাৰ্যসূচী চাইছিল। খুব কম সময়ৰ ভিতৰতে বেনী যুদ্ধ আৰু আচহামৰ জনতাৰ সমদলৰ বিষয়েও তথ্যচিত্ৰ দেখুওৱা হৈছিল। কেৱল অপাৰেটৰসকলে নেপাল টেলিভিছনৰ সন্ধিয়াৰ বাতৰিটো বন্ধ কৰি মাওবাদী চেনেলটোৰ এই কাৰ্যসূচীটো প্ৰচাৰ কৰিছিল।

 মাওবাদী নেতাজনে খুব সোনকালে অনুভৱ কৰিছিল যে টেলিভিছনৰ কাৰ্যসূচীয়ে ফল ধৰিছে। কাৰণ টেলিভিছনৰ সেই কাৰ্যসূচীবোৰ চোৱাৰ পাছত শ শ মানুহ মাওবাদীৰ সভাত উপস্থিত থাকিবলৈ আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত, টেলিভিছনৰ কাৰ্যসূচীবোৰ পিউথান জিলাৰ ভালেকেইখন গাঁৱত প্ৰচাৰ কৰা হৈছিল। মাওবাদী টেলিভিছনৰ আটাইতকৈ সফল কাৰ্যসূচীটো আছিল ‘মুক্তিযাত্ৰা’। যিটো কাৰ্যসূচী পূব ডেঙত ৪৫

দিনতকৈও অধিক প্ৰচাৰ কৰা হৈছিল।

১০৪