পৃষ্ঠা:প্ৰচণ্ড.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰিভলিউশ্যন’ শীৰ্ষক গৱেষণাপত্ৰৰ বাবে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল। ২০০৫ চনৰ ছেপ্টেম্বৰত গংগাৰামে ইণ্ডোনেছিয়াৰ চেণ্টাৰ ফৰ ইণ্টাৰনেশ্যনেল ফৰেষ্ট্ৰি বিচাৰ্ছৰ বন আৰু প্ৰশাসন কাৰ্যসূচীত (ফৰেষ্ট এণ্ড গভাৰনেন্স প্ৰগ্ৰাম)ত পোষ্ট-ডক্টৰেল ফেলো হিচাপে যোগদান কৰে।

 সম্প্ৰতি গংগাৰামে সমগ্ৰ এছিয়াৰ ভিতৰত বনপালন বিদ্যাৰ এজন আগশাৰীৰ গৱেষক হিচাপে স্বীকৃতি লাভ কৰিছে। গংগাৰামৰ এই সফলতাত গোটেই দাহাল পৰিয়ালে গৌৰৱবোধ কৰে। নেপালৰ বুজনসংখ্যক কৃতী ছাত্ৰ-ছাত্ৰীয়ে এতিয়া চিকিৎসা, ইঞ্জিনিয়াৰিং, কৃষি আৰু বনপালনৰ দৰে বিষয় অধ্যয়নৰ বাবে বাছি লৈছে। পুষ্প কমলেও সৰু ভায়েকৰ দৰে মনে-প্ৰাণে বিজ্ঞান পঢ়াৰ কথাই ভাবিছিল, কিন্তু এটা ঘটনাই তেওঁৰ চিন্তাধাৰা তথা জীৱনৰ গতি সলাই পেলাইছিল। পুষ্প কমলৰ ভাষাত—

‘এদিন মই দেখিছিলোঁ এজন টকা ধাৰলৈ দিয়া মানুহে মোৰ দেউতাক
বৰ বেয়াকৈ অপমান কৰিছিল। মোৰ দেউতাই মানুহজনৰ ভৰিত
উবুৰি হৈ পৰিছিল, কিন্তু টকা ধাৰলৈ দিয়া মানুহজনে তেওঁক লথিয়াই
দিছিল। ঘটনাটো দেখি মোৰ মনৰ ভিতৰত জুই জ্বলি উঠিছিল। এই
ঘটনাটো মই কেতিয়াও পাহৰিব নোৱৰা এটা ৰাজনৈতিক পাঠ আছিল।
ঘটনাটোৱে মোৰ জীৱনৰ গতিপথেই সলনি কৰি দিছিল।’

 ঘটনাটোৰ পাছত তেওঁৰ বিপ্লৱ সম্পৰ্কীয় কিতাপৰ প্ৰতি প্ৰবল আগ্ৰহ জন্মিছিল। মাও জে ডং, কিউবাৰ ফিডেল কাষ্ট্ৰো আৰু কোৰিয়াৰ বিদ্ৰোহী নেতাসকলৰ কিতাপবোৰ তেওঁ আগ্ৰহেৰে পঢ়িছিল। তেওঁ পঢ়া ভালেমান কিতাপ আছিল হিন্দী নতুবা ইংৰাজী ভাষাৰ। কিতাপবোৰ তেওঁ তেওঁৰ বন্ধুবোৰৰ লগতে শিক্ষকসকলৰ পৰা ধাৰ কৰি আনি পঢ়িছিল।

 তেওঁ স্কুলত পঢ়ি থকা দিনত চিটৱানৰ পুথিভঁৰালবোৰত মাৰ্ক্সবাদ-লেনিনবাদৰ খুব কমসংখ্যক কিতাপ আছিল। যিখিনি কিতাপ আছিল সেইবোৰ ভাৰতৰ পৰা অনা হৈছিল ৷ ভাৰতত তেতিয়া সাম্যবাদী আন্দোলনে শিপা মেলিছিল। প্ৰগতিশীল চিন্তাৰ কিতাপবোৰে তেওঁক সমাজবাদ আৰু বিপ্লৱৰ বিষয়ে শিকাইছিল। সেইদৰে কিশোৰ অৱস্থাতে তেওঁ সাম্যবাদী আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈছিল। বয়স হোৱাৰ লগে লগে পুঁজিবাদ তথা সামন্তবাদৰ প্ৰতি তেওঁৰ ঘৃণা বাঢ়ি আহিছিল।

২৫