পৃষ্ঠা:প্ৰচণ্ড.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তথাপি মাওবাদীসকলে নিজৰ যোগাযোগ ব্যৱস্থা উন্নত কৰি লৈছিল। সেইবাবে দলৰ নেটৱৰ্ক সমগ্ৰ দেশতে বৃদ্ধি কৰিবৰ বাবে প্ৰচণ্ডই দেশৰ দূৰণিবটীয়া ঠাইসমূহ পৰিভ্ৰমণ কৰিবলগীয়া হৈছিল। সীতাক লগত লৈ প্ৰচণ্ডই খোজকাঢ়ি হাবিৰ মাজেদি ৰাতি ৰাতি অভিযান চলাবলগীয়া ঠাইসমূহলৈ গৈছিল। প্ৰতিটো খোজতেই নিৰাপত্তা বাহিনীৰ পৰা ভয় আছিলেই। সীতাই কয়—

‘মই চিটৱানৰ সমভূমিত জন্ম লৈছিলোঁ আৰু দীৰ্ঘ যাত্ৰাৰ প্ৰতি আকৰ্ষিত
হোৱা নাছিলোঁ। কিন্তু এতিয়া মোৰ চল্লিছ বছৰ বয়সত মই কেনেকৈ
হাবি আৰু পৰ্বতত খোজকাঢ়ে তাক শিকিছিলোঁ। কেতিয়াবা আমি মূল
ঠাই পাবলৈ এসপ্তাহো খোজ কাঢ়িবলগীয়া হৈছিল।’

 ল’ৰা-ছোৱালীকেইটাৰ কাৰণে দীঘলীয়া যাত্ৰা কৰাটো সম্ভৱ নাছিল। সিহঁতক নিজৰ ঘৰত এৰিব নোৱৰাৰ বাবে প্ৰচণ্ডই তেওঁৰ দুয়োজনী ছোৱালী বিয়া হৈ যোৱাটোহে বিচাৰিছিল যাতে তেওঁ সিহঁতৰ কোনোবা এজনীৰ ঘৰত আশ্ৰয় লৈ থাকিব পাৰে। আমোদজনকভাৱে প্ৰচণ্ডৰ দুয়োজনী ছোৱালীৰ দৰা বিচাৰিবলৈ দলক দায়িত্ব দিয়া হৈছিল। যাতে তেওঁলোকে সম্পূৰ্ণ মাওবাদী আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হয়।

 দলটোৱে অতি সোনকালে দুজন পাত্ৰ বিচাৰি পালে। অৰ্জুন পাঠক ওৰফে কমৰেড পুকাৰে ৰেণুক বিয়া কৰাবলৈ সিদ্ধান্ত ল’লে। তেওঁ গুলমী জিলাৰ পউদিয়ামাৰাই জিলাৰ যুৱক আছিল। তেওঁ জলন্ধৰৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লৈছিল। তেওঁৰ দেউতাক টেগ বাহাদুৰ ‘নেপালী জন অধিকাৰ সুৰক্ষা সমিতি’ৰ সভাপতি আছিল। সেই সময়ত কমৰেড পুকাৰ সদৌ ভাৰত নেপালী ছাত্ৰ সংগঠনৰ এজন সক্ৰিয় সদস্য আছিল আৰু পাছত সাধাৰণ সম্পাদক পদলৈ উন্নীত হৈছিল। বাবুৰাম ভট্টৰায়ে এই সংগঠনটো ভাৰতত পঢ়ি থকাৰ সময়ত জন্ম দিছিল।

 তেনেদৰে সদৌ নেপালী ছাত্ৰ সংগঠনৰ সভাপতি নাৰায়ণ বিক্ৰম প্ৰধানে প্ৰচণ্ডৰ সৰু ছোৱালী গংগাক বিয়া কৰাবলৈ মান্তি হৈছিল। তেওঁ ভাৰতৰ সাম্যবাদী দল প্ৰাক্তন সাংসদ বদ্ৰী নাৰায়ণ প্ৰধানৰ পুত্ৰ আছিল। কমৰেড পুকাৰে কৈছিল—

‘মই মোৰ পত্নীক বিয়াৰ আগলৈকে লগ পোৱা নাছিলোঁ। আমাৰ
সংগঠনে আমাৰ বিয়া ঠিক কৰি দিছিল। আমি সকলোৱেই ইয়াত সুখী
হৈছিলোঁ।’

 প্ৰচণ্ডই তেওঁলোকৰ জীয়েকৰ বিয়া উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ লক্ষ্ণৌত পতাৰ সিদ্ধান্ত কৰিছিল। সেই উদ্দেশ্যে শিলিগুড়িৰ পৰা প্ৰচণ্ড আৰু জলন্ধৰৰ পৰা প্ৰকাশ আহিছিল। তেওঁলোকৰ সংগঠনে লক্ষ্ণৌৰ লীলা হোটেল বিয়াৰ বাবে বন্দোৱস্ত কৰে আৰু বন্ধু-বান্ধৱ, আত্মীয়-স্বজনক হোটেল বৈশালীত তিনিদিন থকাৰ ব্যৱস্থা কৰে।

৫২