পৃষ্ঠা:প্ৰচণ্ড.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চকীত অতৰ্কিতে এই আক্ৰমণ চলায়।

 নেপালী কংগ্ৰেছ শাসিত চৰকাৰখনৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ মাওবাদীসকলে সমগ্ৰ দেশতে তেওঁলোকৰ সামৰিক শক্তি সঞ্চিত কৰি ৰাখিছিল। ১৯৯৬ চনত কমডে দেৱ গুৰুঙে পাঁচ হেজাৰ টকাৰে মানাংগৰ পৰা কিনা দুটা পইন্ট ৩০৩ ৰাইফলেৰে সশস্ত্ৰ বিপ্লৱৰ সূচনা কৰা মাওবাদী বিদ্ৰোহে এনে এক ভয়াৱহ ৰূপ ল’ব বুলি কোনেও অনুধাৱন কৰিব পৰা নাছিল।

 প্ৰাৰম্ভিক অৱস্থাত মাওবাদীসকলে স্বাভাৱিকতেই ৰ’লপা আৰু ৰুকুম জিলাত নিজৰ সামৰিক ভেটি সুদৃঢ় কৰি তুলিব বিচাৰিছিল। ইয়াৰ মূলতেই হ’ল নেপালী কংগ্ৰেছশাসিত চৰকাৰখনৰ এই অঞ্চল দুটাৰ জনসাধাৰণৰ প্ৰতি শতিকাজুৰি প্ৰদৰ্শন কৰা অৱমাননা আৰু অৱহেলাৰ মনোভাব। এই বিষয়ত শিক্ষাবিদ এছ ডি মুনিয়ে কৈছে—

‘ৰাজনৈতিক আৰু অৰ্থনৈতিক বৈষম্যৰ বাবে এই অঞ্চলৰ জনসাধাৰণৰ
মাজত জমিদাৰবিৰোধী মনোভাব অতি প্ৰকট। এই অঞ্চলটো আটাইতকৈ
পিছপৰা আৰু দাৰিদ্ৰ্যপীড়িত। এই অঞ্চলত বসবাস কৰা জনজাতীয়
আৰু সামাজিকভাৱে পিছপৰা লোকসকলে নিজকে উচ্চবৰ্ণৰ
লোকসকলৰ দ্বাৰা শোষিত আৰু অৱহেলিত বুলি অনুভৱ কৰে।’

 প্ৰচণ্ডৰ পত্নী সীতাৰ মতে ইয়াৰ কাৰণ অতি সহজ। ৰ’লপা, ৰুকুম আৰু দাঁতিকাষৰীয়া পাহাৰীয়া লোকসকল মাওবাদী আন্দোলনৰ উগ্ৰ সমৰ্থক আছিল। তাৰ উপৰি মাওবাদীসকলৰ গণযুদ্ধত সহায়ৰ হাত আগবঢ়াইছিল। এই সন্দৰ্ভত তেওঁ কৈছে— ‘গণযুদ্ধৰ প্ৰাৰম্ভিক সময়ছোৱাত মই ৰ'লপা আৰু ৰুকুমৰ দুখীয়া মানুহখিনিক দেখি নাকান্দি নোৱাৰিছিলোঁ। তেওঁলোক অতি দৰিদ্ৰ আৰু শোষিত আছিল, আৰু তেওঁলোকৰ ভৰণ-পোষণৰ বাবে কাৰোবাৰ সহায়ৰ অতি প্ৰয়োজন অনুভৱ কৰিছিলোঁ। শতিকাজুৰি তেওঁলোকে চৰকাৰৰ দ্বাৰা উপেক্ষিত হৈয়ে জীৱিকা নিৰ্বাহ কৰি আছিল৷ গণযুদ্ধৰ সময়ছোৱাত তেওঁলোকে বহু ত্যাগ স্বীকাৰ কৰি আমাক সৰ্বতোপ্ৰকাৰে সহায়ৰ হাত আগবঢ়াইছিল।’

 এই অঞ্চলসমূহত বহুতো অৱসৰপ্ৰাপ্ত গোৰ্খা ৰেজিমেণ্টৰ সৈনিকে বসবাস কৰিছিল। তেওঁলোকৰ কিছুমান ব্ৰিটিছ আৰু ভাৰতীয় সম্প্ৰদায়ৰ আছিল। তেওঁলোকৰ সতি- সন্ততিবিলাক মাওবাদী আন্দোলনত জড়িত হৈ পৰিছিল। শুনামতে বহুতো অৱসৰপ্ৰাপ্ত সৈনিকে চৰমপন্থী গেৰিলাসকলক প্ৰশিক্ষণ দিয়াত সহায় কৰিছিল। তদুপৰি সেই

পাহাৰীয়া অঞ্চলসমূহৰ পৰা গেৰিলা বিদ্ৰোহীসকলে চৰকাৰী নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে

৫৭