পৃষ্ঠা:প্ৰচণ্ড.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মানৱ অধিকাৰ সংগঠনে বিষয়টো যথেষ্ট গুৰুত্ব সহকাৰে লৈছিল আৰু মাওবাদীসকলে চৰকাৰী বিষয়া আৰু সাধাৰণ লোকক অপহৰণ কৰা কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰিছিল। পৰৱৰ্তী সময়ত, ৰেডক্ৰছৰ আন্তঃৰাষ্ট্ৰীয় কমিটীয়ে এই ততগৰাকী ব্যক্তিৰ মুক্তিৰ বাবে উদ্যোগ লৈছিল।

 ২১ মাৰ্চত প্ৰচণ্ডই এক বিবৃতিত অভিযানটোৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে আৰু বিষয়টোৰ ৰাজনৈতিক সমাধান নোহোৱালৈকে জনযুদ্ধ অব্যাহত থাকিব বুলি দৃঢ়তাৰে ঘোষণা কৰে।

 বিবৃতিটোত কোৱা হয়—

‘যদিও ৰয়েল নেপাল আৰ্মিয়ে বেনী যুদ্ধত তেওঁলোকৰ পৰাজয়
লুকুৱাব বিচাৰিছিল আৰু ৫০০গৰাকী পি এল এ যোদ্ধা নিহত কৰি
আক্ৰমণ ব্যৰ্থ কৰা বুলি ঘোষণা কৰি বিশ্ববাসীক বিভ্ৰান্ত কৰিব
বিচাৰিছিল, কিন্তু প্ৰকৃত সত্য এতিয়া লাহে লাহে উন্মোচিত হ’বলৈ
ধৰিছে। এই কথা নিঃসন্দেহে প্ৰমাণিত হৈছে যে যোৱা আঠ বছৰৰ এই
জনযুদ্ধত ৰয়েল নেপাল আৰ্মি লাজ লগাকৈ পৰাজিত হৈছে।
কেইবাগৰাকীও নিৰপেক্ষ সাংবাদিক আৰু পৰ্যৱেক্ষকে বেনী ভ্ৰমণ
কৰিছে আৰু পি এল এ কামাণ্ডাৰসকলে কোৱা কথাৰ সত্যতা প্ৰমাণ
কৰিছে।’

 কটকটীয়া নিৰাপত্তাৰে পৰিৱেষ্টিত জিলা সদৰত চলোৱা আক্ৰমণক এক সফল সামৰিক অভিযান বুলি বৰ্ণনা কৰি, প্ৰচণ্ডই দাবী কৰে যে এই অভিযানে আমেৰিকা, ভাৰত আদিকে ধৰি অন্যান্য বিদেশী শক্তিৰ পৰা প্ৰশিক্ষণ আৰু অস্ত্ৰ-শস্ত্ৰ লাভ কৰা আৰ এন এক দুৰ্দমনীয় শক্তি বুলি যি আখ্যানৰ প্ৰচলন আছিল তাক উৰুৱাই দিলে।

 কিন্তু প্ৰচণ্ডৰ এই বিবৃতিটোৰ দুদিন পাছতে নেপালী সেনাই বাগলুঙৰ আৰগল গাঁৱৰ অৰণ্যত বিমানেৰে আক্ৰমণ চলাই ৫০গৰাকী মাওবাদী বিদ্ৰোহী নিহত কৰে। ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান কফি আন্নানে নেপালৰ হিংসাত গভীৰ উদ্বেগ প্ৰকাশ কৰে। আন্নানৰ উদ্বিগ্নতাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰচণ্ডই ২৫ মাৰ্চত বিবাদ নিষ্পত্তি কৰাৰ বাবে ৰাষ্ট্ৰসংঘক মধ্যস্থতা কৰিবলৈ আহ্বান জনায়।

 আনহাতে চি পি গুজৰাল, মাট্ৰিক যাদৱ, সুৰেশ এল মগৰ আৰু তিলক শৰ্মাকে ধৰি দলৰ জ্যেষ্ঠ নেতাৰ গ্ৰেপ্তাৰত দলটো ইতিমধ্যে বিপদত পৰিছিল। তাৰ পাছত আকৌ ২৯ মাৰ্চত পশ্চিমবংগৰ শিলিগুড়িত দলৰ ষ্টেডিং কমিটীৰ সদস্য মোহন বৈদ্য ওৰফে কমডে কিৰণ আৰক্ষীৰ জালত পৰাত বিষয়টো অধিক চিন্তনীয় হৈ পৰে। বৈদ্য চকুৰ অপাৰেশ্যনৰ কাৰণে শিলিগুড়িত আছিল আৰু আৰক্ষীয়ে তেওঁক হাস্পতালৰ

১১২