পৃষ্ঠা:প্ৰচণ্ড.pdf/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 উপেন্দ্ৰ যাদৱৰ নেতৃত্বত নতুনকৈ গঠিত মাধেশী জনাধিকাৰ ফ'ৰামে (এম জে এফ) টেৰাই প্ৰদেশক স্বায়ত্তশাসিত ৰাজ্য ঘোষণাৰ দাবীত তীব্র আন্দোলন গঢ়ি তোলে। এই আন্দোলনৰ শ্ল'গান আছিল — এক মাধেশ, এক প্রদেশ। আন্দোলন আৰম্ভ হোৱাৰ কিছুদিনৰ পাছতেই ৰাজেন্দ্ৰ মাহাতোৰ নেতৃত্বত সদ্ভাৱনা দলে আৰু প্ৰাক্তন নেপালী কংগ্ৰেছৰ নেতা মহন্ত ঠাকুৰৰ নেতৃত্বত টেৰাই মাধেশ লোকতান্ত্রিক দলেও যাদৱৰ সৈতে আন্দোলনত যোগ দিয়ে।

 নেপাল পুলিচ আৰু সশস্ত্ৰ আৰক্ষী বাহিনীয়ে (এ পি এফ) আন্দোলনটোক কঠোৰ হাতেৰে দমন কৰিবলৈ চেষ্টা কৰাত টেৰাই প্ৰদেশৰ দক্ষিণাংশত আন্দোলনটোৱে চূড়ান্ত ৰূপ ধাৰণ কৰে আৰু পৰিস্থিতিৰ অধিক অৱনতি ঘটে। যাদৱে এই বুলি ভাবুকিও দিছিল যে যদি কৈৰালা নেতৃত্বাধীন চৰকাৰখনে তেওঁলোকৰ দাবীৰ প্ৰতি কোনোধৰণৰ সঁহাৰি নজনাই তেন্তে তেওঁলোকে সমগ্ৰ টেৰাই অঞ্চলটোক বলপূৰ্বকভাৱে বিচ্ছিন্ন কৰিবলৈ বাধ্য হ’ব। ২০০৮ চনৰ ফেব্ৰুৱাৰী মাহত কৈৰালা চৰকাৰে মাধেশী দলৰ সৈতে আঠদফীয়া চুক্তিত স্বাক্ষৰ কৰাৰ পাছতহে নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিল৷

 নেপালত বিৰাজ কৰি থকা অশান্তজৰ্জৰ সংঘাতৰ অন্ত পেলোৱাৰ স্বাৰ্থত আৰম্ভণিৰ পৰাই বিভিন্ন সামাজিক সংগঠন তথা নাগৰিক সমাজৰ লগতে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে সংবিধান সভাৰ নিৰ্বাচনলৈ ব্যাপক সমর্থন জনাইছিল। যিহেতু ১৯৯৯ চনৰ পৰাই নেপালত কোনোধৰণৰ সাধাৰণ নির্বাচন অনুষ্ঠিত হোৱা নাছিল, সেয়ে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে সংবিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰি শান্তি প্রতিষ্ঠা কৰিব পৰা যাব বুলি বিশ্বাস কৰিছিল। সেয়ে চৰকাৰে দুবাৰকৈ নিৰ্বাচনৰ তাৰিখ স্থগিত ৰাখি শান্তি প্ৰক্ৰিয়াটোক ব্যাহত কৰিবলৈ চেষ্টা কৰা বুলি বিবেচিত হৈছিল।

 বাঁও দলসমূহৰ বহু প্রত্যাশিত দুই দাবী— নেপালক এখন প্ৰজাতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা আৰু পূৰ্ণ সমানুপাতিক নির্বাচন ব্যৱস্থাৰ প্ৰৱৰ্তন— পূৰণ হোৱাৰ আনন্দত মাওবাদীসকলে সংবিধান সভাত এখন ‘শক্তিশালী বাঁওমৰ্চা’ গঠন কৰাৰ উদ্দেশ্যে ২০০৭ চনৰ নৱেম্বৰ মাহত নেপালৰ সাম্যবাদী দলৰ সৈতে (ইউ এম এল) প্রাক্‌- নির্বাচনী মৰ্চা গঠনৰ পৰিকল্পনা কৰে। এই সন্দৰ্ভত প্ৰচণ্ডই কয়—

‘আমি ইউ এম এলৰ সৈতে নির্বাচনী বুজাবুজিত উপনীত হোৱাৰ
কথা ভাবিছিলোঁ। কাৰণ আমাৰ (মাওবাদী আৰু ইউ এম এল) আৰ্থ-
সামাজিক কার্যসূচী একেই। অন্তিম মুহূর্তলৈকে মই মিত্ৰজোঁট স্থাপন
কৰিবলৈ চেষ্টা কৰিছিলোঁ। কিয়নো ইয়ে আমাক সংবিধান সভাত দুই-
তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা আহৰণ কৰাত সহায় কৰিব।'

১৫৩