পৃষ্ঠা:প্ৰচণ্ড.pdf/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পুৰণি চিন্তাধাৰাৰ মানুহে হয়তো ভাবিব পাৰে যে আমি আকৌ পুৰণি
ব্যৱস্থালৈ উভতি গৈছোঁ। কিন্তু আচলতে সেইটো নহয়। আচলতে এটা
নতুন ব্যৱস্থাৰ আৰম্ভণিহে হৈছে। আৰু আজিৰ এই দিনটো এটা
ঐতিহাসিক দিন। সংবিধান সভাক লৈ আমি যথেষ্ট ‘ছিৰিয়াছ’ আৰু
সংবিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাটো আমাৰ প্ৰাথমিক লক্ষ্য।’

 অৱশ্যে মাওবাদী বিদ্রোহীসকলে সপোন দেখা ‘নতুন নেপাল’তো ৰজা বীৰেন্দ্ৰ জীৱিত অৱস্থাত থকা হ'লে ৰাজতন্ত্ৰৰ বাবে কিছু ঠাই থাকিলেহেঁতেন। এই সন্দৰ্ভত প্রচণ্ডই কয়—

‘ৰজা বীৰেন্দ্ৰ জীয়াই থকা হ'লে নেপালতো ক’ম্বডিয়াৰ আৰ্হিৰ চৰকাৰ
থকাৰ পূৰ্ণ সম্ভাৱনা আছিল। কিন্তু এতিয়া যিহেতু তেওঁ আমাৰ মাজত
নাই, তেনেকুৱা আৰ্হি তেওঁলোকৰ কাম্য হয় নে নহয় সেয়া কোৱা টান।’

 ২০০৭ চনৰ ২২ জানুৱাৰীত বাঁওপন্থী সাংবাদিক শ্যাম শ্রেষ্ঠই লিখিছিল যে—

 ‘ৰজা জ্ঞানেন্দ্ৰই ক’ম্বডিয়াৰ ৰজা নৰ'ডম সিহানুকৰ দৰে এটা কাৰ্যালয় থকাটো বিচাৰিছিল আৰু নেপালৰ ৰাজনৈতিক ব্যৱস্থাত তেওঁকো অনুৰূপ মর্যাদা দিবলৈ অধ্যক্ষ প্রচণ্ডক অনুৰোধ জনাইছিল। উল্লেখযোগ্য যে ক’ম্বডিয়াত প্রতীকী অৰ্থত ৰাজতন্ত্র আছে যদিও ৰজাৰ তাত কোনো ৰাজনৈতিক ক্ষমতা নাই। শ্যাম শ্রেষ্ঠই কৈছিল—

 ‘ৰজা জ্ঞানেন্দ্ৰই তেওঁৰ এজন বিশেষ কটকীৰ জৰিয়তে এসপ্তাহ আগতে এটা প্ৰস্তাৱ পঠিয়াইছিল যে তেওঁ ক’ম্বডিয়াৰ ৰজা সিহানুকৰ দৰে থাকিবলৈ প্ৰস্তুত। কিন্তু অধ্যক্ষ প্রচণ্ডই ৰজাক উত্তৰ দিছিল যে সেই সময়টো ইতিমধ্যে উকলি গৈছে।’

১৪৫