পৃষ্ঠা:প্ৰচণ্ড.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোহানীৰ নেতৃত্বত এখন দুজনীয়া সমিতি গঠন কৰে। সমিতিৰ আনজন সদস্য আছিল কমল থাপা। সেইদৰে, মাওবাদীসকলেও এটি দুজনীয়া আলোচনাকাৰী দল মনোনীত কৰে। দলটোক প্ৰতিনিধিত্ব কৰে বাবুৰাম ভট্টৰাই আৰু কৃষ্ণ বাহাদুৰ মহাৰায়ে। নেপালত মাওবাদীসকলে আলোচনাৰ পক্ষত থকাৰ সময়তে ২০ জুনত জ্যেষ্ঠ পি ডব্লিউ জি নেতা তথা নৰ্থ তেলেংগানা স্পেচিয়েল জ’ন কমিটীৰ সদস্য মালকপুৰম ভাস্কৰ ওৰফে কমৰ্ডে চন্দ্ৰান্নাই বিবিচিৰে হোৱ৷ এটি সাক্ষাৎকাবত কয় যে পি ডব্লিউ জিয়ে নেপালৰ পৰা বিহাৰ, উৰিষ্যা তথা ভাৰতৰ অন্যান্য ৰাষ্ট্ৰৰ মাজেৰে অন্ধ্ৰপ্ৰদেশলৈ এটি বাট মুকলি কৰিছে।

 পি ডব্লিউ জি নেতাজনৰ এই ঘোষণাই ভাৰতত একধৰণৰ আতংক আৰু নিৰাপত্তাহীনতাৰ সৃষ্টি কৰে। কাৰণ চাবচিডিয়েৰী ইণ্টেলিজেঞ্চ ব্যুৰোই (এছ আই বি) তথ্য লাভ কৰিছিল যে পি ডব্লিউ জি আৰু কমিউনিষ্ট পাৰ্টি অৱ নেপালে (মাওবাদী) নেপালৰ পৰা অন্ধ্ৰপ্ৰদেশলৈ এটা বিদ্ৰোহী মণ্ডল (ৰিভলিউশ্যন জ’নছ) গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে। বিজেপি নেতা এল কে আদৱানিৰ ভাষাত ‘পশুপতিৰ পৰা তিৰুপতিলৈ’ বিদ্ৰোহৰ এই বাটটো সংযোগ কৰা হৈছে।

 তৃতীয় লানি আলোচনা অনুষ্ঠিত হৈছিল ১৭ আগষ্টত দেঙৰ হেপুৰী গাঁৱত (পুৰন্ধাৰ গাঁও উন্নয়ন সমিতি)। এইলানি আলোচনাত মাওবাদীসকলে নতুন সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ বাবে এখন বিশেষ সমিতি গঠন কৰিবলৈ আহ্বান জনায়, য’ত ৰাজতন্ত্ৰৰ অৱসানৰ বিকল্প থাকিব। কিন্তু থাপা চৰকাৰে এনে সম্ভাৱনা নাকচ কৰে। ইয়াৰ পৰিৱৰ্তে চৰকাৰে মাওবাদীসকলক অস্ত্ৰ সম্বৰণ কৰিবলৈ অথবা প্ৰচলিত আইনৰ গণ্ডীৰ ভিতৰতে তেওঁলোকৰ দাবীসমূহ আলোচনা কৰিবলৈ দাবী জনায়। চৰকাৰৰ এনে স্থিতিত মাওবাদীসকলে যুদ্ধবিৰতিৰ চুক্তি ভংগ কৰিবলৈ সিদ্ধান্ত লয়। ২৭ আগষ্টত এই সন্দৰ্ভত মাওবাদী প্ৰধান প্ৰচণ্ডই এটা বিবৃতি প্ৰকাশ কৰে। বিবৃতিটোত কোৱা হয়—

‘চৰকাৰৰ সৈতে আৰু অধিক আলোচনা অনুষ্ঠিত কৰাৰ বা যুদ্ধবিৰতি
পালন কৰাৰ কোনো অৰ্থ নাই, যিহেতু চৰকাৰে আমাৰ কনষ্টিটিৱেণ্ট
এছেম্বলী গঠনৰ দাবী পূৰণ কৰাত ব্যৰ্থ হৈছে।’

 প্ৰচণ্ডই অৱশ্যে লগতে কয় যে তেওঁলোকে আলোচনাৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া নাই। তেওঁ চৰকাৰে তেওঁলোকৰ দাবীৰ ওপৰত আলোচনা কৰাৰ বাবে উপযুক্ত বাতাৱৰণ সৃষ্টি কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়।

 মাওবাদী আৰু থাপা নেতৃত্বাধীন চৰকাৰৰ মাজত আলোচনা ব্যৰ্থ হোৱাৰ পাছ মুহূৰ্ততে ৰজাৰ পক্ষত থকা নেতাসকলে মাওবাদী বিদ্ৰোহীসকলৰ বিৰুদ্ধে অধিক

৮৯