পৃষ্ঠা:প্ৰচণ্ড.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অনুষ্ঠানত তেওঁলোকক গুলীয়াই হত্যা কৰাৰ বাতৰিটো সমগ্ৰ নেপালতে বিয়পি পৰিছিল। এই আশ্চৰ্যজনক ঘটনাটো সংঘটিত কৰাৰ আঁৰত মাও বিদ্ৰোহীসকলৰ হাত থকা বুলি প্ৰথম অৱস্থাত স্বাভাৱিকতেই সন্দেহ উপজিছিল। কাৰণ মাও বিদ্ৰোহীসকলে ৰাজতন্ত্ৰৰ অৱসান ঘটাবলৈ সংগ্ৰাম চলাই আছিল। কিন্তু পাছলৈ গৃহমন্ত্ৰী ৰামচন্দ্ৰ পৌড়েলে এনে অভিযোগ অস্বীকাৰ কৰি প্ৰকৃত সত্যটো জানিবলৈ দিছিল। প্ৰকৃততে সুৰামত্ত ৰাজকুমাৰ দ্বীপেন্দ্ৰই কন্যা সম্পৰ্কীয় এটা ঘৰুৱা বিবাদৰ বাবে ৰজা-ৰাণীকে ধৰি পৰিয়ালৰ সকলো সদস্যকে গুলীয়াই হত্যা কৰে।

 ঘটনাৰ পিছদিনাখনেই অজ্ঞান অৱস্থাত থকা আঘাতপ্ৰাপ্ত ৰাজকুমাৰ দ্বীপেন্দ্ৰক নেপালৰ ৰজা হিচাপে ঘোষণা কৰা হয়। অৱশ্যে তিনিদিনৰ পাছত তেওঁৰ মৃত্যু হয়। ৰজা বীৰেন্দ্ৰৰ একমাত্ৰ জীৱিত ভাতৃ জ্ঞানেন্দ্ৰক শ্বাহ বংশৰ ১৩সংখ্যক ৰজা হিচাপে ৰাজপাটত অধিষ্ঠিত কৰা হয়।

 ৰাজপাটত অধিষ্ঠিত হৈয়ে ৰজা জ্ঞানেন্দ্ৰই প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ ৰাজঅভিষেকৰ বাবে ৰাজপ্ৰাসাদলৈ আহি থাকোঁতে মাওবাদীসকলে কাঠমাণ্ডুত তেওঁৰ বিৰুদ্ধে ৰাজপথত ক’লা পতাকা দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰিছিল। ৰজা বীৰেন্দ্ৰৰ মৃত্যুৰ মাত্ৰ দুনিৰ পাছতে বাবুৰাম ভট্টৰায়ে ‘কান্তিপুৰ’ নামৰ দৈনিক বাতৰি কাকতখনত এটা প্ৰবন্ধ লিখিছিল। এই প্ৰবন্ধত তেওঁ ৰজাৰ মৃত্যুৰ আঁৰত কোনো বিদেশী শক্তিৰ হাত আছে বুলি অভিযোগ উত্থাপন কৰিছিল৷

 এইক্ষেত্ৰত মাওবাদীসকলে নতুন ৰজা জ্ঞানেন্দ্ৰলৈ সন্দেহৰ আঙুলি টোঁৱাইছিল। যিহেতু সেই ভয়াৱহ গুলীয়াগুলীতো তেওঁৰ পৰিয়ালৰ লোকসকল জীয়াই থাকিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত মাওবাদীসকলে ৰজা বীৰেন্দ্ৰৰ লগত আলোচনাত বহিবলৈ চেষ্টা কৰা বুলি বাতৰি ওলাইছিল। এইক্ষেত্ৰত ৰজাৰ কনিষ্ঠ ভাতৃ ধীৰেন্দ্ৰই মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছিল।

 ৰজা বীৰেন্দ্ৰৰ সৈতে মাওবাদীসকল কিবা বুজাবুজিত উপনীত হোৱা বুলি ধাৰণা কৰা হৈছিল। আনকি প্ৰচণ্ডই নিজে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সদস্যই ধীৰেন্দ্ৰক লগ ধৰাৰ কথা স্বীকাৰ কৰিছিল। আলোচনাটোৱে ৰজা বীৰেন্দ্ৰ আৰু কেন্দ্ৰীয় সমিতিৰ মাজত কিদৰে এক উচ্চপৰ্যায়ৰ আলোচনাৰ বাতাৱৰণ সৃষ্টি কৰিব পৰা যায় তাৰ ওপৰত প্ৰথমে গুৰুত্ব দিয়া হৈছিল। লগতে তেওঁলোকৰ দাবীসমূহ কিদৰে সমাধান কৰিব পৰা যায় সেই বিষয়ে আলোচনা কৰিছিল। এই বিষয়ত প্ৰচণ্ডই কয়—

‘আচলতে, জনযুদ্ধ আৰম্ভ হোৱাৰ পাছত ৰজা বীৰেন্দ্ৰই এই বিষয়ে
যথেষ্ট গুৰুত্ব দিছিল। তেওঁ আমাৰ বিষয়ে জানিবলৈ অধিক আগ্ৰহী
আছিল...। তেওঁৰ মনত কি আছিল মই নাজানো। কিন্তু আমাৰ বিপ্লৱ
৭১