পৃষ্ঠা:প্ৰচণ্ড.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰয়েল নেপাল আৰ্মীৰ পৰা মাওবাদীয়ে জব্দ কৰা অস্ত্ৰ–শস্ত্ৰ

জব্দ কৰা আটাইতকৈ বৃহৎ অস্ত্ৰভাণ্ডাৰ। জব্দ কৰা অস্ত্ৰসমূহৰ ভিতৰত আছিল ইজৰাইলত নিৰ্মিত জি এ আৰ এম ৫.৫৬ ৰাইফল, ৮১ এম এম মৰ্টাৰ, ছ’লজাৰ প্ৰপেলদ গ্ৰেনেড লঞ্চাৰ, ছেল্‌ফ লোদিং ৰাইফল, লাইট মেচিনগান, এ কে ৪৭, আই এম এছ এ এছ ৰাইফল, ৱায়াৰলেছ ছেট আৰু কেইবাটনো গুলী-বাৰুদ।

 প্ৰচণ্ডৰ মতে ডেঙৰ সামৰিক ঘাটিত কৰা আক্ৰমণ মাওবাদীসকলৰ জনযুদ্ধৰ টাৰ্ণিংপইণ্ট আছিল। আৰু এই আক্ৰমণেই বিদ্ৰোহৰ সফলতাত অসামান্য অৰিহণা যোগাইছিল।

 মাওবাদীসকলৰ সেই সফল অভিযানৰ পাছত আনকি মাৰ্কিন যুক্তৰাষ্ট্ৰয়ো কৈছিল যে সামৰিক উপায়েৰে নেপালৰ জনযুদ্ধ নিঃশেষ কৰিব পৰা নাযাব। নেপাল চৰকাৰেও উপলব্ধি কৰিছিল যে মাওবাদীসকলৰ দাবীক লৈ ৰাজনৈতিক আলাপ-আলোচনাৰ উদ্যোগ লোৱাৰ বিকল্প নাই।

 মাওবাদীসকলে ডেঙৰ দুটা আৰক্ষী চকীতো আক্ৰমণ কৰিছিল আৰু নগৰাকী আৰক্ষীক হত্যা কৰিছিল। একেদিনাই ছিয়াংজা জিলাৰ এটা আৰক্ষী চকীত আক্ৰমণ চলাই চৈধ্যগৰাকী আৰক্ষীৰ লোক হত্যা কৰিছিল মাওবাদীসকলে। সামৰিক অভিযানৰ সফলতাত শিহৰিত হৈ সেই সময়ত মুম্বাইত থকা মাওবাদী প্ৰধানজনে কৈছিল—

৭৪