পৃষ্ঠা:প্ৰচণ্ড.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আক্ৰমণাত্মক হৈ পৰে। চিকাগোৰ পৰা প্ৰকাশিত ‘ৰিভলিউশ্যনাৰী ৱৰ্কাৰ্ছ'ৰ এটি বাতৰি প্ৰকাশ হয় এনেধৰণে—

‘আলোচনা ব্যৰ্থ হোৱাৰ ঠিক পিছদিনাই নেপালৰ তথ্য আৰু যোগাযোগ
মন্ত্ৰী তথা চৰকাৰৰ মুখপাত্ৰ কমল থাপাই ৰাষ্ট্ৰীয় দৈনিক কাকতৰ
লগতে ইলেকট্ৰ’নিক মাধ্যমৰ সম্পাদকসকলক মাতি আনি কমিউনিষ্ট
পাৰ্টি অৱ নেপাল (মাওবাদী), জনযুদ্ধৰ সমৰ্থন কৰা আন সংগঠন
আৰু মাওবাদীসকলৰ লগত জড়িত সকলো সংগঠন আৰু ব্যক্তিক
পুনৰ সন্ত্ৰাসবাদী হিচাপে অভিহিত কৰা হ'ব বুলি ঘোষণা কৰে।’

 চৰকাৰে লগতে শীৰ্ষ মাওবাদী নেতাসকলক জীৱিত অথবা মৃত অৱস্থাত চৰকাৰৰ গতাই দিব পাৰিলে ৫০ হাজাৰ মাৰ্কিন ডলাৰ দিয়াৰ কথা ঘোষণা কৰে। কিন্তু চৰকাৰৰ এনে স্থিতি গ্ৰহণ কৰাৰ লগে লগেই মাওবাদীসকলে ইয়াৰ প্ৰত্যুত্তৰ দিয়ে। ২৯ আগষ্টত কমিউনিষ্ট বিদ্ৰোহীসকলে প্ৰাক্তন গৃহমন্ত্ৰী দেৱেন্দ্ৰ ৰাজ কান্দেলৰ ললিতপু কাচোনস্থিত বাসগৃহত আক্ৰমণ চলায়। এই আক্ৰমণত কান্দেল আহত হয়। সন্ধিয়া সময়ত সংঘটিত কৰা এই আক্ৰমণত বিদ্ৰোহীসকলে পাঁচজাঁই গুলী চলাইছিল। প্ৰাক্তন গৃহমন্ত্ৰীজনৰ ঘৰত চলোৱা এই আক্ৰমণৰ সমৰ্থনত মাওবাদীসকলৰ হাতত যথেষ্ট শক্তিশালী যুক্তি আছিল। তেওঁ মন্ত্ৰী হৈ থকা অৱস্থাত কৰা সেই বিখ্যাত উক্তিটো— ‘তেওঁলোকৰ মূৰবোৰ এখন মোনাত লৈ আনা আৰু আন এখন মোনাত টকা লৈ যোৱা’ই যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছিল।

 আৰক্ষীয়ে প্ৰকাশ কৰা মতে কান্দেলক উগ্ৰপন্থীৰ সম্ভাব্য আক্ৰমণ সম্পৰ্কে সতৰ্ক কৰি দিয়া হৈছিল। আৰক্ষী চোৰাংচোৱাই যোগান ধৰা তথ্যৰ পৰিপ্ৰেক্ষিতত এই প্ৰাক্তন মন্ত্ৰীজনে তেওঁৰ থকা ঠাই জাৱাখাবালৰ নিজ ঘৰৰ পৰা সলনি কৰিছিল আৰু কাচুলিত এটা ভাড়াঘৰত থাকিবলৈ লৈছিল। কিন্তু তাতো তেওঁ ৰক্ষা নাপালে।

 মাওবাদী আক্ৰমণত ক্ৰুদ্ধ হৈ ১৬ ছেপ্টেম্বৰত নেপাল চৰকাৰে প্ৰচণ্ডকে ধৰি ২১গৰাকী মাওবাদী নেতাক গ্ৰেপ্তাৰৰ আহ্বান জনাই পুনৰ ইণ্টাৰপল ৰেড কৰ্মাৰ ন'টিচ জাৰি কৰে। কিন্তু সূৰ্য বাহাদুৰ থাপা চৰকাৰৰ এনে আক্ৰমণাত্মক স্থিতিয়ে মাওবাদীসকলক অকণো বিচলিত নকৰিলে।

 সমগ্ৰ দেশজুৰি মাওবাদীসকলে তেওঁলোকৰ হিংসাত্মক কাৰ্যকলাপ অব্যাহত ৰাখে।

 ১২ আগষ্টত মাওবাদীসকলে দেঙৰ কুচুমত থকা সেনা শিবিৰত আক্ৰমণ চলোৱাৰ পাছত সংঘটিত সংঘৰ্ষত অতি কমেও ১২৫গৰাকী সেনা জোৱান নিহত হয়। এই ঘটনাৰ দুদিন পাছতে পি এল এ বিদ্ৰোহীসকলে পশ্চিম নেপালৰ ভালুচাঙত থকা আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত আক্ৰমণ কৰে। গুলীয়াগুলীত পঁচিছগৰাকী আৰক্ষী কনিষ্টবল

৯০