পৃষ্ঠা:প্ৰচণ্ড.pdf/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কিন্তু চি পি এন (ইউ এম এল)ৰ সাধাৰণ সম্পাদক মাধৱ কুমাৰ নেপালে এই বিষয়ত বিশেষ আগ্রহ প্ৰদৰ্শন নকৰিলে। কিয়নো তেওঁৰ দলে নির্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব পাৰিব বুলি তেওঁ দৃঢ়বিশ্বাসী আছিল। সেয়ে তেওঁ তাকলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই সময়ৰ চি পি এন (ইউএন এল)ৰ নেতাজনে মাওবাদীসকলে দলপতি প্রচণ্ডক নেপালৰ প্ৰথমজন ৰাষ্ট্ৰপতি পতাৰ বাবে প্ৰচাৰ অভিযান চলাইছে বুলি উপহাস কৰে। ২০০৮ চনৰ ১১ মাৰ্চত ৰৌণহাট জিলাৰ সান্তাপুৰ নামে ঠাইত চি পি এন (ইউ এম এল)ৰ নেতাজনে এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয়—

‘সমগ্ৰ দেশখনে সংবিধান সভাৰ জৰিয়তে এখন নতুন সংবিধান প্রণয়ন
কৰিবলৈ উদ্যত হৈছে, কিন্তু তেওঁলোকে (মাওবাদী) তেওঁক(প্রচণ্ড)
দেৱালত ৰাষ্ট্ৰপতি সজোৱাৰ কামত ব্যস্ত আছে। তেওঁলোকে জনা
উচিত যে সংবিধান সভা কাৰোবাক ৰাষ্ট্ৰপতি সজোৱাৰ কাৰণে নহয়,
ই এখন নতুন সংবিধান প্রণয়ন কৰিবৰ বাবেহে।’

 মাওবাদী কেদাৰসকলে প্ৰচণ্ডৰ পূৰ্ণ অৱয়ৱ ফটো আৰু দেৱাল লিখনিৰে তেওঁক নেপালৰ প্ৰথমজন ৰাষ্ট্ৰপতিৰূপে উপস্থাপন কৰি প্ৰচাৰ অভিযান চলাইছিল। মাধৱ কুমাৰ নেপালে মাওবাদীসকলৰ এনে কাৰ্যক কটাক্ষ কৰিয়ে উল্লিখিত মন্তব্য কৰিছিল। স্বাভাৱিকতেই নির্বাচনী মিত্ৰতাৰ বিষয়টো এক অকথ্য বাকযুদ্ধত পৰিণত হৈছিল।

 চি পি এন (ইউ এম এল)ৰ দলনেতাজনে সান্তাপুৰত কৰা মন্তব্যৰ তাৎক্ষণিক প্রতিক্রিয়া ব্যক্ত কৰি মাওবাদী প্রধান প্রচণ্ডই নিজকে ‘জনতাৰ হৃদয়ৰ ৰাষ্ট্ৰপতি’ বুলি অভিহিত কৰে। মাৰ্চৰ ১২ তাৰিখে কাঠমাণ্ডুৰ প্ৰাচীন বাণিজ্য কেন্দ্ৰ এচনত অনুষ্ঠিত এটা নিৰ্বাচনী প্রচাৰ অভিযানত তেওঁ ভাষণ প্ৰসংগত কয়—

‘তেওঁলোকে (ইউ এম এল) আমি দাবী কৰা ৰাষ্ট্ৰপতি পদটো সন্দৰ্ভত
ভীতিগ্ৰস্ত হৈ পৰিছে। যদি তেওঁলোকে (ইউ এম এল) দেৱালত মোৰ
ৰাষ্ট্ৰপতীয় ফটো দেখি ইমানেই ভীতিগ্ৰস্ত হৈছে, মই যদি সঁচাকৈ নেপালৰ
ৰাষ্ট্ৰপতি হওঁ তেতিয়া তেওঁলোকে বাৰু কি কৰিব?’

 চি পি এন (ইউ এম এল) দলৰ নেতাসকলৰ নিজকে সর্বশক্তিমান বুলি পোষণ কৰা মনোভাবক দোষাৰোপ কৰি তেওঁ কয় যে তেওঁ এখন ‘বিকাশশীল আৰু শান্তিপূৰ্ণ নেপাল’ৰ স্বাৰ্থতহে তেওঁলোকৰ সৈতে নির্বাচনী মিত্ৰতা কৰিব বিচাৰিছিল। তেওঁৰ ৯০ মিনিটৰ ভাষণটোত মাওবাদী নেতা প্রচণ্ডই মাধৱ কুমাৰ নেপাল আৰু তেওঁৰ দলক আক্ৰমণ কৰি কয়—

‘কাঠমাণ্ডুৰ জনতাই তেওঁক দেখিছে (মাধৱ কুমাৰ নেপাল) কেনেকৈ

১৫৪