পৃষ্ঠা:প্ৰচণ্ড.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ব্যতিক্ৰমী ৰূপত প্ৰচণ্ড

লাডেনে ঘোষণা কৰা জেহাদৰ মাজত পাৰ্থক্য আছিল।

 ৭ মে’ত দেউবাই মাৰ্কিন ৰাষ্ট্ৰপতি জৰ্জ বুশ্বক ৱাশ্বিংটনত সাক্ষাৎ কৰে। বুশ্বক সাক্ষাৎ কৰি ওলাই অহাৰ পাছত দেউবাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে মাওবাদীৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত বুশ্ব প্ৰশাসনৰ পৰা তেওঁ সকলোধৰণৰ সহায় পোৱাৰ প্ৰতিশ্ৰুতি লাভ কৰিছে।

 ‘মোৰ খুবেই ভাল লাগিছে, মই অতি আনন্দিত যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি যি অভিযান আৰম্ভ কৰিছোঁ ৰাষ্ট্ৰপতি বুশ্বে তাৰ প্ৰতি পূৰ্ণ সমৰ্থন দিছে। তেওঁ আমাক আশ্বাস দিছে যে তেওঁ আমাক সকলোধৰণে সহায় কৰিব।’

 হোৱাইট হাউছে অৱশ্যে দেউবা আৰু ৰাষ্ট্ৰপতি বুশ্বৰ বৈঠক সন্দৰ্ভত সবিশেষ প্ৰকাশ নকৰিলে। মাত্ৰ ৰাষ্ট্ৰীয় নিৰাপত্তা মুখপাত্ৰ চিন মেককমাকে ক'লে যে মাওবাদী বিদ্ৰোহীৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত মাৰ্কিন যুক্তৰাষ্ট্ৰই নেপালক কিধৰণে সহায় কৰিব

পাৰিব, লগতে দেশখনলৈ কিধৰণে অৰ্থনৈতিক সাহায্য আগবঢ়াব পাৰিব সেই বিষয়ে

৮১