পৃষ্ঠা:প্ৰচণ্ড.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জটিল হৈ পৰিছিল। তেওঁৰ পত্নীয়ে ভীমসেনত বাকী সদস্যসকলৰ লগত বাস কৰিছিল। মুক্তিৰামৰ মাত্ৰ এবাৰেই নৱালপাৰাচীত ডাঙৰ পুত্ৰ পুষ্প কমলক লগ কৰিবলৈ যোৱাৰ কথা মনত পৰে।

‘মই তাত তেওঁৰ লগত (পুষ্প কমল) মাত্ৰ এটা ৰাতিহে কটাইছিলোঁ।
কিন্তু তেওঁ সুখী নাছিল আৰু বেলেগ কিবা এটা ভাল কাম কৰাটো
বিচাৰিছিল। চাকৰি কৰাক লৈ তেওঁ দোমোজাত আছিল, কাৰণ তেওঁ
যিহেতু সাম্যবাদক বিশ্বাস কৰিছিল সেই কাৰণে সকলো ধৰণৰ চাকৰি
কৰিবলৈ তেওঁ মানসিকভাৱে প্ৰস্তুত নাছিল।’

 কিন্তু তেওঁৰ আৰ্থিক দুৰৱস্থাৰ বাবেই ১৯৭৫ চনত ইউ এছ এইদে ভাৰতপুৰত পৃষ্ঠপোষকতা কৰা গ্ৰাম্য উন্নয়নমূলক আঁচনি এটাত নিজকে নিয়োজিত কৰিবলৈ বাধ্য হয়। পুষ্প কমলে আমেৰিকাৰ সাহায্যপ্ৰাপ্ত আঁচনিখনৰ অধীনত তিনিমাহৰ কাৰণে কাম কৰিছিল। অৱশ্যে পুঁজিবাদী ৰাষ্ট্ৰখনে তেওঁলোকৰ কৰ্মচাৰী হিচাপে পুষ্প কমলৰ ৰাজনৈতিক আদৰ্শত হস্তক্ষেপ কৰা নাছিল। সেই সময়ছোৱাতেই তেওঁৰ ডাঙৰ ছোৱালী জ্ঞানুৰ জন্ম হৈছিল।

 সেই কাৰণে চাকৰি ইস্তাফা দি তেওঁ ভীমোদয়া উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞানৰ শিক্ষক হিচাপে শিক্ষাদান কৰিবলৈ গোৰ্খাৰ আৰুঘাটলৈ ৰাওনা হয়। অৱশ্যে শিক্ষক হোৱাটো তেওঁৰ জীৱনৰ উদ্দেশ্য নাছিল। শিক্ষকতাই তেওঁক ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণৰ সুবিধা দিছিল বাবেই তেওঁ এই কাৰ্যত নিজকে নিয়োজিত কৰিছিল। গোৰ্খাত বিজ্ঞানৰ শিক্ষক হিচাপে কাম কৰি থাকোঁতে তেওঁ ভালেসংখ্যক ছাত্ৰৰ লগত বন্ধুত্ব স্থাপন কৰিছিল আৰু তেওঁলোকৰ লগত ভলীবল আৰু ফুটবল খেলি সময় অতিবাহিত কৰিছিল৷ নিজৰ বিষয়টোত শিক্ষাদান কৰাৰ লগতে এই বিপ্লৱী শিক্ষকজনে তেওঁৰ ছাত্ৰসকলৰ লগত আৰুঘাটৰ জনসাধাৰণকো বিভিন্নধৰণে সহায়-সহযোগ আগবঢ়াইছিল। ৰাজেন শৰ্মা নামৰ কাঠমাণ্ডুত ব্যক্তিগত কোম্পানী এটাত কৰ্মৰত ব্যক্তি এজনে তেওঁৰ স্কুলীয়া জীৱনৰ কথা ৰোমন্থন কৰি কৰি কয়——‘শিক্ষক হিচাপে আনক সহায় কৰিব পৰাটো তেওঁৰ আটাইতকৈ ডাঙৰ গুণ আছিল। সেয়ে তেওঁ ছাত্ৰসকলৰ লগতে আৰুঘাটৰ আৰু তাৰ চুবুৰীয়া অঞ্চলৰ মানুহৰ মাজত জনপ্ৰিয় আছিল।’

 আৰুঘাটৰ স্কুলত শিক্ষক হিচাপে নিয়োজিত হোৱাৰ কেইমাহমানৰ পাছতে তেওঁৰ দ্বিতীয় কন্যা ৰেণুৰ জন্ম হয়। অতি সোনকালেই তেওঁলোকৰ তৃতীয় কন্যা গংগাৰ জন্ম হয়। তেওঁৰ পৰিয়াললৈ আৰু এগৰাকী নৱাগতাৰ আগমনে খৰচৰ মাত্ৰা বঢ়াইছিল। পত্নী সীতাই ভীমসেন নগৰত পৰিয়ালটো চলাবলৈ অপাৰগ হৈ পৰিছিল। কিন্তু পুষ্প

৩২