পৃষ্ঠা:প্ৰচণ্ড.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

‘ডেঙৰ সামৰিক ঘাটি দখল কৰাৰ দিনা মোক জনোৱা হৈছিল যে
তাত জব্দ কৰা অস্ত্ৰৰে চাৰি বছৰলৈ নিশ্চিন্তমনে যুদ্ধ কৰিব পৰা যাব।
একেদিনাই আমি চিয়াঙজাটো জয়লাভ কৰিছিলোঁ। সেই দিনটো মোৰ
জীৱনৰ আটাইতকৈ আনন্দৰ দিন আছিল।’

 ২৫ নৱেম্বৰৰ নিশা মাওবাদীসকলে এভাৰেষ্ট অঞ্চলৰ চ’লুখুম্বু জিলাৰ চালোৰিত আকৌ সেনা, আৰক্ষী আৰু চৰকাৰী কাৰ্যালয়ৰ ওপৰত আক্ৰমণ চলায়। এই অভিযানত ২৭গৰাকী আৰক্ষী কনিষ্টবল, চাৰিজন সেনা জোৱান আৰু মুখ্য জিলা বিষয়া (চি ডি অ’)জনকে ধৰি দুজন চৰকাৰী বিষয়া নিহত হয়। তাৰ পিছদিনাখন অৰ্থাৎ ২৬ নৱেম্বৰৰ দিনা সাম্যবাদী বিদ্ৰোহীসকলে পিয়ুখান জিলাত সেনাৰ কনভয়ৰ ওপৰত আক্ৰমণ কৰি দুজন সেনা জোৱান হত্যা কৰে।

 মাওবাদীসকলৰ ধাৰাসাৰ আক্ৰমণত শংকিত হৈ ২৫ নৱেম্বৰত নেপাল চৰকাৰে জৰুৰী অৱস্থা ঘোষণা কৰাৰ লগতে সমগ্ৰ দেশখনতে বিদ্ৰোহীবিৰোধী অভিযানত ৰয়েল নেপাল আৰ্মি মোতায়েন কৰে। মাওবাদী সংগঠনটোক নিষিদ্ধ ঘোষণা কৰা হয় আৰু সংগঠনটোৰ ওপৰত সন্ত্ৰাসবাদী সংগঠনৰ লেবেল লগাই দিয়া হয়। ইয়াৰ পাছতেই ৰজা জ্ঞানেন্দ্ৰই সন্ত্ৰাসবাদী আৰু ধ্বংসাত্মক কাৰ্য : নিয়ন্ত্ৰণ আৰু শাস্তি (টেৰ’ৰিষ্ট এণ্ড ডেছট্ৰাক্‌টিভ এক্টিভিটিছ : কন্ট্ৰোল এণ্ড পানিছমেণ্ট) শীৰ্ষক অধ্যাদেশখন বলৱৎ কৰে। উল্লেখযোগ্য যে মানৱ অধিকাৰ কৰ্মীসকলে এই অধ্যাদেশখন সৰ্বত্ৰ বিৰোধিতা কৰিছিল৷ আমোদজনক কথাটো হ’ল, অধ্যাদেশখনত কেতবোৰ অদ্ভুত কথা উল্লেখ আছিল— উদাহৰণস্বৰূপে, কোনো ব্যক্তিয়ে যদি ‘সন্ত্ৰাসবাদী’ক ধৰি দিয়ে বা গ্ৰেপ্তাৰ কৰাত সহায় কৰে, তেন্তে তেনে ব্যক্তিক যথাযোগ্যভাৱে সন্মানিত কৰা হ’ব।

 জৰুৰী অৱস্থা ঘোষণাৰ প্ৰতি কোনো পৰোৱা নকৰি, পিছদিনাখনেই মাওবাদীসকলে দাৰচুলা নামৰ আওহতীয়া জিলাখনৰ এটা আৰক্ষী চকীত আক্ৰমণ কৰে। চাৰিগৰাকী আৰক্ষী কনিষ্টবল এই আক্ৰমণত নিহত হয়। ইয়াৰ লগতে মাওবাদীসকলে বাবুৰাম ভট্টৰায়ক সমন্বয়ক হিচাপে লৈ কেন্দ্ৰীয় জন সংস্কাৰ গোট গঠন কৰাৰ কথা ঘোষণা কৰে। আনহাতে প্ৰচণ্ড ‘পিপুলছ্‌ লিবাৰেছন আৰ্মি'ৰ (পি এল এ) সৰ্বাধিনায়ক পদত অধিষ্ঠিত হৈ থাকে।

 মাওবাদীসকলৰ জনযুদ্ধৰ আটাইতকৈ বৃহৎ সামৰিক অভিযানটো আছিল ২০০২ চনৰ ১৭ নৱেম্বৰত মধ্য-পশ্চিম নেপালৰ আজহাম জিলাৰ সদৰ মাংগালসেনত চলোৱা অভিযানটো। কমিউনিষ্ট গেৰিলাসকলে এই অভিযানত ১২৩জন লোকক হত্যা কৰিছিল। নিহত লোকসকলৰ অধিকাংশই আছিল আৰক্ষী কনিষ্টবল আৰু সেনা জোৱান। মাওবাদীসকলে একে সময়তে চৰকাৰী কাৰ্যালয়, আৰক্ষী চকী, ৰয়েল

৭৬