পৃষ্ঠা:প্ৰচণ্ড.pdf/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সংস্থাটোৰ আমন্ত্ৰণক্ৰমে প্রচণ্ডকে ধৰি আৰু কেইবাজনো নেতা এটা সপ্তাহজোৰা অধ্যয়নমূলক ভ্ৰমণৰ বাবে ছুইজাৰলেণ্ডলৈ গৈছিল। দলটোৰ অন্যান্য সদস্যসকল আছিল নেপালী কংগ্ৰেছৰ শেখৰ কৈৰালা আৰু চি পি এন (ইউ এম এল)ৰ জালনাথ খানাল।

 দেৱকোতাই কয় যে ছুইজাৰলেণ্ড ভ্ৰমণৰ বাবে প্ৰথমাৱস্থাত প্ৰচণ্ডৰ মুঠেই ইচ্ছা নাছিল, আনকি তেওঁৰ পাছপৰ্ট এখনো নাছিল। বহুদিনৰ আগতেই পুলিচে তেওঁৰ শৈক্ষিক প্রমাণপত্রসমূহ আৰু নাগৰিকত্বৰ প্ৰমাণপত্ৰ বাজেয়াপ্ত কৰিছিল। গতিকে খুউব কমদিনৰ ভিতৰত যে তেওঁ পাছপৰ্ট এখন গোটাব পাৰিব, তাক লৈ তেওঁৰ সন্দেহ আছিল। দেৱকোতাই কয়— ‘পাৰ্টিৰ সদস্যসকলে তেওঁ ছুইজাৰলেণ্ড ভ্ৰমণ কৰাটো বিচাৰিছিল বাবে তেওঁ (প্ৰচণ্ড)ৰ বাবে এখন পাছপ'ৰ্ট গোটাবলৈ মই চেষ্টা কৰিছিলোঁ। চিটৱানস্থিত চি ডি অ’ৰ কাৰ্যালয়ৰ পৰা তেওঁৰ নাগৰিকত্বৰ প্ৰমাণপত্ৰসমূহ ফেক্স কৰা হৈছিল আৰু তৎকালীনভাৱে পাছপৰ্টখন সাজু হৈছিল।'

 ছুইজাৰলেণ্ডলৈ যাত্ৰাটো দোহা হৈ কৰা বাবে কাটাৰৰ ৰাজধানী মহানগৰখনৰ আন্তর্জাতিক বিমান বন্দৰত কৰ্মৰত ৫০০ নেপালী নাগৰিকক লগ পাব বুলি প্ৰচণ্ড উৎসাহিত হৈ উঠিছিল। বিমান বন্দৰত নেপালী কৰ্মচাৰীসকলে ট্রেনজিৎ লাউঞ্জত প্রচণ্ডক বহি থকা দেখি উল্লসিত হৈ উঠিছিল আৰু মাওবাদী নেতাজনক তেওঁলোকে পৰম আন্তৰিক তাৰে আদৰণি জনাইছিল।

 তেওঁ (প্ৰচণ্ড) দোহাত এনেধৰণৰ অভ্যর্থনা পাব বুলি আশা কৰা নাছিল৷ কাটাৰত নেপালীসকলে প্রতিষ্ঠা লাভ কৰা দেখি তেওঁ সন্তোষ পাইছিল। ছুইজাৰলেণ্ডৰ পৰা উভতি আহোঁতে তেওঁ নেপালী কৰ্মীসকলৰ লগত সময় কটাব বুলি কথা দিছিল।

 ছুইজাৰলেণ্ডত উপস্থিত হোৱাৰ পাছত প্ৰচণ্ডই বেছিভাগ সময় জেনেভা, জুৰিখ, বাৰ্ণত কটাইছিল। দেশখনৰ জলসম্পদত প্ৰয়োগ কৰা শ্লুইচ আৰ্হিৰ দ্বাৰা তেওঁ অনুপ্রাণিত হৈছিল। গঞ্জিলত থকা জলবিদ্যুৎ প্রকল্পটো বাহিৰৰ পৰা এখন পাহাৰৰ নিচিনা দেখা গৈছিল, য’ত সুৰংগ এটাৰ ভিতৰত পাৱাৰ হাউছটো আছিল।

 জুৰিখত থকা লেনিনৰ ভাড়াঘৰত পদার্পণ কৰি মাওবাদী নেতা প্রচণ্ড আনন্দত উত্ৰাৱল হৈ উঠিছিল। দৰাচলতে ১৯১৬ চনত এই জুৰিখতেই লেনিনে তেওঁৰ তাত্ত্বিক গ্রন্থ ‘ইম্পাৰিয়েলিজম, দ্য হায়েষ্ট ষ্টেজ অৱ কেপিটেলিজম’খন লিখিছিল। ছুইজাৰলেণ্ডত লিখা এই গ্ৰন্থখনত লেনিনে যুক্তি দৰ্শাইছিল যে বেংকিং খণ্ডটোৰ লগত ঔদ্যোগিক গোষ্ঠীটো একীভূত হৈ যোৱা পৰিঘটনাটোৱে পুঁজিৰ উত্থান ঘটাইছিল। দেৱকোতাই কয়— ‘বাৰ্ণ নদীৰ সৌন্দৰ্যই তেওঁক মোহাৱিষ্ট কৰা দেখা গৈছিল। আৰু এদিন, উচ্চস্বৰে হাঁহি মাৰি কৈছিল— 'কাঠমাণ্ডুৰ মাজেৰে যদি এই নৈখন প্রবাহিত হ'লহেঁতেন তেতিয়া কি হ'লহেঁতেন কল্পনা কৰাচোন?’

১৮৩