পৃষ্ঠা:প্ৰচণ্ড.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কমলৰ জীৱনৰ অন্যতম উদ্দেশ্য। কিন্তু পিতৃ মুক্তিৰামে পুত্ৰৰ এই আদৰ্শক সহজভাৱে গ্ৰহণ কৰিব পৰা নাছিল আৰু ডাঙৰ ল’ৰা পুষ্প কমলক বিদ্ৰোহী হোৱাটো কোনোপ্ৰকাৰেই সমৰ্থন কৰা নাছিল। তেওঁলোকৰ পৰিয়ালে কোনোধৰণৰ ৰাজনৈতিক আদৰ্শ অনুকৰণ কৰা নাছিল আৰু অন্যান্য কৃষকৰ দৰেই সাধাৰণ জীৱনযাপন কৰিছিল। সেয়ে তেওঁৰ পৰিয়ালৰ লোকসকলে পুষ্প কমলৰ বিদ্ৰোহী কাম-কাজ আৰু কমিউনিষ্ট বিদ্ৰোহৰ লগত জড়িত হৈ পৰা কথাটোত ভীতিগ্ৰস্ত হৈ পৰিছিল।

 দেউতাক পঞ্চায়ত শাসনৰ দমনমূলক নীতি সন্দৰ্ভত সচেতন আছিল আৰু ৰাজনীতি যে দুখীয়া মানুহৰ বাবে নহয় পাকে প্ৰকাৰন্তৰে পুতেকক বুজাবলৈ চেষ্টা কৰিছিল। পঞ্চায়তৰ স্বেচ্ছাচাৰী শাসনৰ সময়ছোৱাত পুলিচ প্ৰশাসনো কেৱল দলহীন পঞ্চায়ত আৰু শাসনত অধিষ্ঠিতসকলৰ স্বাৰ্থৰক্ষাৰ বিষয়তহে ব্যস্ত আছিল। তেওঁলোকে সৰ্বসাধাৰণ লোকৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰিছিল আৰু ৰাজনৈতিক দলসমূহৰ কাম-কাজ কঠোৰ হাতেৰে দমন কৰিছিল। এই সন্দৰ্ভত মুক্তিৰাম দাহালে কৈছে— ‘মই তেওঁক বুজাবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু তেওঁ মোৰ কথা নুশুনি নিজৰ বৈপ্লৱিক কাম-কাজ চলাই গৈছিল। তথাপি তেওঁৰ ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণে (ৰাজনীতিৰ প্ৰতি ধাউতিয়ে) তেওঁৰ অধ্যয়নত বাধা দিব পৰা নাছিল। বৰঞ্চ তেওঁ সদায়ে শ্ৰেণীত ভাল ফল প্ৰদৰ্শন কৰিছিল।’

 ৰামপুৰৰ পৰা স্নাতক ডিগ্ৰী লোৱাৰ পাছত তেওঁৰ প্ৰাক্তন শিক্ষকসকলে তেওঁ এছ এল চি পৰীক্ষাত উত্তীৰ্ণ হৈ অহা নাৰায়ণী বিদ্যা মন্দিৰত শিক্ষকতা কৰাৰ বাবে অনুৰোধ কৰিছিল। কিন্তু কিছুমান এৰাব নোৱৰা সমস্যাৰ বাবে তেওঁ তাত দীঘলীয়া সময়ৰ বাবে থাকিবলৈ সক্ষম নহ’ল। তদুপৰি তেওঁৰ বন্ধুসকলে তেওঁক উচ্চ শিক্ষাগ্ৰহণৰ উপদেশ দিছিল। বন্ধু মহলৰ উপদেশমতে তেওঁ লোক প্ৰশাসন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভৰ নিমিত্তে কাঠমাণ্ডুৰ ত্ৰিভূবন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। কিন্তু বিশ্ববিদ্যালয়ৰ শিক্ষা অৰ্জনত তেওঁক পৰিয়ালৰ লোকে সমৰ্থন কৰা নাছিল। ফলত যিকোনো প্ৰকাৰে এটা চৰকাৰী চাকৰি যোগাৰ কৰি লোৱাটোত এই বিদ্ৰোহীজনে গুৰুত্ব দিলে।

 তেওঁৰ ভগ্নী অপ্সৰাৰ মতে যুৱক পুষ্প কমলে এটা নিৰাপদ চৰকাৰী চাকৰি বিচাৰি ইমানেই হতাশ হৈ পৰিছিল যে তেওঁ ইয়াৰ কাৰণে ধাৰণৰ পৰা পূব নেপালস্থিত ধানকুটালৈকে যাবলৈ প্ৰস্তুত আছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁ চাকৰি পাবলৈ সক্ষম নহ’ল।

 সেই সময়ছোৱাত কিছুদিনৰ বাবে তেওঁ নৱালপাৰাচী দান্দিয়াক বিদ্যালয়ত শিক্ষকতা কৰিছিল। ঘৰ তথা পত্নীৰ পৰা দূৰৈত থাকি কাম কৰাটো তেওঁৰ পক্ষে অসহনীয় আৰু

৩১