পৃষ্ঠা:প্ৰচণ্ড.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰু গণতান্ত্ৰিক নেপালৰ পথ প্ৰদৰ্শক হৈ ৰ’ব। ৰাজনৈতিক বন্দীবিলাকক মুকলি কৰি দিয়া হৈছিল। তদুপৰি এটা স্বাধীন প্ৰচাৰ মাধ্যমক দেশৰ কাম-কাজবিলাক কৰিবলৈ দিয়া হৈছিল। তেনেদৰে বহু নতুন উদ্যমী ৰাজনৈতিক নেতাৰ দেশত অভ্যুত্থান ঘটে আন বহুতো ৰাজনৈতিক দলে জন্ম লাভ কৰে।

 এনে এক ৰাজনৈতিক পট পৰিবৰ্তনত পাৰ্টিৰ নতুন নেতা হিচাপে প্ৰচণ্ডৰ দায়িত্ব হৈছিল তেওঁৰ সংগঠনটো শক্তিশালী কৰা। তেওঁৰ নিজৰ দলীয় স্বাৰ্থতে তেওঁ আন একে আদৰ্শৰ সংগঠনবিলাকৰ সৈতে যোগাযোগ স্থাপন কৰাৰ সিদ্ধান্ত কৰে।

 নিজৰ ৰাজনৈতিক ভেটি দৃঢ় কৰিবৰ বাবে প্ৰচণ্ডই তেওঁৰ পত্নী সীতা, ডাঙৰ জী জ্ঞানু, সৰু জী গংগা আৰু একমাত্ৰ পুত্ৰ প্ৰকাশক লৈ ৰাজধানী কাঠমাণ্ডুলৈ স্থায়ীভাবে বসবাস কৰিবলৈ যায়। সেই সময়ত তেওঁৰ দ্বিতীয় কন্যা ৰেণু আইতাকৰ লগত চিটামৰ সুন্দৰবস্তিত আছিল।

 নৰ বাহাদুৰ কৰ্মচাৰ্য নামৰ প্ৰচণ্ডৰ এজন পুৰণি বন্ধুৱে পটনৰ কুম্ভেশ্বৰ জেঠপালৰ বাসিন্দা শ্যাম বাহাদুৰ তেণ্ডুলকাৰৰ ঘৰত থকাৰ ব্যৱস্থা কৰি দিয়ে৷ তেওঁ পাঁচ মহলীয়া ঘৰ এটাৰ দ্বিতীয় মহলাত ভাড়া লৈ থাকে। সেই চুবুৰীটো প্ৰচণ্ডৰ চিনাকি আছিল, যিহেতু তেওঁ ছাত্ৰাৱস্থাত দুবছৰ পটন কেম্পাছত কটাইছিল।

 কিন্তু ৰাজধানীৰ জীৱনে তেওঁক বহুত কষ্ট দিছিল। সংগঠনৰ সাধাৰণ সম্পাদক হোৱা সত্ত্বেও সেই সময়ত প্ৰচণ্ডৰ আৰ্থিক অৱস্থা শোচনীয় আছিল, যিহেতু তেওঁ পৰিয়ালৰ উপৰি সংগঠনটো চলোৱাৰ দায়িত্ব বহন কৰিবলগীয়া হৈছিল। শ্যাম বাহাদুৰে এই প্ৰসংগত কৈছিল—

নৰ বাহাদুৰ কৰ্মচাৰ্যৰ সৈতে প্ৰচণ্ড, পটনৰ কুম্ভেশ্বৰত

৪২