পৃষ্ঠা:প্ৰচণ্ড.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 শিশুটিৰ জন্মৰ ১১ দিনৰ দিনা মুক্তিৰাম আৰু তেওঁৰ পত্নী ভৱানীয়ে ভৱানীয়ে তেওঁলোকৰ প্ৰথম সন্তানটিৰ নাম ৰাখিলে ছবিলাল।

 মাক-দেউতাক দুয়ো ল’ৰাটো ডাঙৰ হৈ তেওঁলোকৰ দুখ-দৰিদ্ৰতা মোচন কৰিব বুলি আশা কৰিছিল।

 মাকৰ সঘনে গা বেয়া হৈ থকাৰ বাবে তাৰ খুৰীয়েক দেৱচকী দাহালে তাক ডাঙৰ-দীঘল কৰাৰ দায়িত্ব লৈছিল। সময়তকৈ বহুত আগতে জন্ম হোৱা বাবে ছবিলাল একেবাৰে খীণ-মীন আৰু দুৰ্বল আছিল৷ প্ৰতিদিনে পুৱা খুৰীয়েকে সৰিয়হৰ তেলেৰে দুৰ্বল শিশুটিৰ গা মালিচ কৰি দিছিল।

 গাঁৱত থাকি পৰিয়াল চলোৱা কষ্টকৰ হৈ অহাত মুক্তিৰামৰ বন্ধুসকলে তেওঁক ভাৰতলৈ গৈ তাত কাম কৰিবলৈ পৰামৰ্শ দিছিল। সেইমৰ্মে তেওঁ ১৯৫৮ চনত কামৰ সন্ধানত উত্তৰ-পূব ভাৰতৰ ৰাজ্য অসমৰ গুৱাহাটীলৈ আহে। কিন্তু তাত তেওঁ কাম বিচাৰি নাপালে। উপায় নাপাই তেওঁ জীৱিকা-নিৰ্বাহৰ বাবে গুৱাহাটীৰ সমীপৰ জংঘলৰ পৰা খৰি আনি উজান বজাৰৰ হাটত বিক্ৰী কৰিছিল।

 এই কামটোত এবছৰতকৈও বেছিদিন লাগি থকাৰ পাছত গুৱাহাটীৰ খ্ৰীষ্টানবস্তিত ৱালফ’ৰ্ড নামৰ ব্ৰিটিছৰ দিনৰ কোম্পানী এটাত চাকৰি পালে। সেই সময়ত ৱালফ'ৰ্ড ইটালীত নিৰ্মিত ফিয়েট গাড়ীৰ উত্তৰ-পূবৰ একমাত্ৰ পৰিৱেশক আছিল। তেওঁৰ ভাষাত—

‘গুৱাহাটীত কাম কৰি খুব স্ফূৰ্তি পাইছিলোঁ। কাৰণ তাত পোখৰা আৰু
তাৰ ওচৰ-পাঁজৰৰ ভালেমান নেপালী মানুহে কাম কৰিছিল। মই
অসমীয়া ভাষা ক’বলৈ শিকিছিলোঁ। কোম্পানীটোৰ বিষয়াকেইগৰাকী
সঁচাকৈ বৰ ভাল মানুহ আছিল। এবাৰ মই নৈসৰ্গিক শোভাৰে ভৰা
চহৰ শ্বিলঙলৈও গৈছিলোঁ।'

 ১৯৬১ চনত তেওঁ তেওঁৰ জন্ম গাঁও লিৱাদিলৈ উভতি আহে। কাৰণ তেওঁক উজনি অসমৰ ডিব্ৰুগড়লৈ বদলি কৰা হৈছিল, কিন্তু তেওঁ তাত কাম কৰিবলৈ যাবলৈ বৰ আগ্ৰহী নাছিল। তাৰ বিপৰীতে তেওঁ গাঁৱলৈ উভতি গৈ পৰিয়ালৰ লগত থকাৰ কথাহে ভাবিলে। পাছত তেওঁৰ ককায়েকে ৱালফ'ৰ্ডত তেওঁৰ চাকৰিটো লৈছিল আৰু গুৱাহাটীৰ পৰা প্ৰায় ৫০০ কিলোমিটাৰ নিলগৰ ডিব্ৰুগড়ত ভালেমান বছৰ চাকৰি কৰিছিল।

 ১৯৬২ চনত দৰিদ্ৰতাই মুক্তিৰামক পুনৰবাৰ লিৱাদি এৰিবলৈ বাধ্য কৰালে। তেওঁ ভাগত পোৱা মাটিখিনিৰে ঘৰ চলাব নোৱৰা হোৱাত এইবাৰ তেওঁ জেঠায়েকৰ ল’ৰা কুলপ্ৰসাদ দাহালৰ স’তে চিৰদিনৰ বাবে লিৱাদি এৰি গুচি আহে। কিন্তু ঘৰৰ পৰা বহু

১৮