পৃষ্ঠা:প্ৰচণ্ড.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পায়। সেই দিনবোৰত পাহাৰীয়া গাঁওবোৰত কোনো চিকিৎসালয় নাছিল, ডাক্তৰ নাছিল, আনকি নাছিল প্ৰশিক্ষণপ্ৰাপ্ত ধায়ো। গাঁৱৰ বয়সীয়া মহিলাবোৰ আৰু পৰম্পৰাগত জন্ম পৰিচৰ্যা কৰা মহিলাসকলে সন্তান জন্মৰ সময়ত ধাত্ৰীৰ কামো কৰিছিল। গতিকে উদ্বিগ্ন পিতৃয়ে ঘৰৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ নাওদান্দা নামৰ গাঁওখনলৈ জৰা পানী আনিবলৈ ঢাপলি মেলিছিল। মুক্তিৰামৰ ভাষাত—

‘সেই দিনটো মোৰ এতিয়াও মনত আছে। কবিৰাজৰ ঘৰলৈ গোটেই
বাটছোৱা মই দৌৰি দৌৰি গৈছিলোঁ। কাৰণ মোৰ পত্নীৰ তীব্ৰ পেটৰ
বিষ। যথা সময়ত মই ঔষধ এপালিৰ সৈতে আমাৰ গাঁৱলৈ ঘূৰি
আহিছিলোঁ। ইতিমধ্যে মোৰ পত্নীয়ে ম’হ চৰণীয়া পথাৰখনতে সন্তান
এটি জন্ম দিছিল। গাঁৱৰ কেইগৰাকীমান বয়সীয়া মহিলাই সন্তানটো
জন্ম দিয়াত তেওঁক সহায় কৰিছিল। মই শিহৰিত হৈছিলোঁ, কাৰণ
সেয়া আছিল মোৰ প্ৰথম সন্তান, তাতে আকৌ ল’ৰা।’

 জন্মৰ এসপ্তাহৰ ভিতৰতে শিশুটিৰ এটা জটিল স্বাস্থ্যজনিত সমস্যাই দেখা দিলে। জন্মৰ সময়ত সংক্ৰমণ হোৱা বাবে স্তনত এটা ডাঙৰ ফোঁহা উঠিছিল। পূঁজ ভৰ্তি ফোঁহাটো ফুলি উঠিছিল। কণমানিটোৰ বিষত ৰ’ব নোৱৰা অৱস্থা। সেই সময়ত প্ৰচণ্ড শীতৰ মাহ, শিশুটিৰ তীৰকঁপে জ্বৰো উঠিল।

 নাওদান্দাৰ কবিৰাজজনেও কণমানিটোক উপযুক্ত চিকিৎসা কৰিব পৰা নাছিল। আনহাতে বেমাৰী শিশুটিক চিকিৎসাৰ বাবে ওচৰৰ নগৰলৈ বা ভাৰত কিম্বা নেপালৰ চহৰলৈ নিব পৰাকৈ পৰিয়ালটোৰ আৰ্থিক অৱস্থাও স্বচ্ছল নাছিল। গাঁৱৰ কেইজনমান বুঢ়া মানুহে বিভ্ৰান্ত মুক্তিৰামক মাত্ৰ সাতদিনীয়া শিশুটিক এজন কমাৰৰ ওচৰলৈ নি গৰম কৰি ৰঙা কৰা গঁজালেৰে ফোঁহাটো ফুটাই দিবলৈ পৰামৰ্শ দিছিল। মুক্তিৰামৰ ভাষাত—

‘আমি আটাইবোৰ ভয়ত বিতত হৈছিলোঁ। কি কৰিম ভাবি পোৱা
নাছিলোঁ। কমাৰজনে বৰ অস্বস্তি পাইছিল, কাৰণ তেনে এটা কাম
কৰিলে কণমানি শিশুটোৱে সহ্যাতীত কষ্ট পাব। পাছত অইন এখন
গাঁৱৰ শ্বেৰ বাহাদুৰ ছেত্ৰী নামৰ মানুহজনে কিছুমান বনৌষধি দিছিল।
দুমাহ ধৰি ফোঁহাটোত সেই বনৌষধিবোৰ লগালোঁ, শেষত ভাল হৈ
উঠিল।’

 গাঁৱৰ বাকী মানুহবোৰৰ দৰে মুক্তিৰাম আছিল এজন সহজ-সৰল, অতি দুখীয়া ব্ৰাহ্মণ। অৱস্থা ইমানেই বেয়া আছিল যে পৰিয়ালটোৰ বাবে দুবেলা দুমুঠি যোগাৰ কৰিবলৈ তেওঁৰ দিগদাৰ হৈছিল।

১৭