পৃষ্ঠা:প্ৰচণ্ড.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰতিটো বেতাৰ বাৰ্তা ৰেডিঅ’ জনগণতন্ত্ৰৰ ম’বাইল ৰিচিভাৰে ধৰা পেলাইছিল। ৰেডিঅ’ জনগণতন্ত্ৰই ধৰা পেলোৱা আৰক্ষীৰ এটি বেতাৰ বাৰ্তাৰ বিষয়ে পানাথিয়ে কয়—

‘ছাৰ, সন্ত্ৰাসবাদীসকলে যুদ্ধলৈ ৰেডিতা’ ষ্টেশ্যনটো লৈ আহিছে। ছাৰ,
তেওঁলোকে কাইলৈ আকৌ আহিম বুলি কৈ আজি প্ৰচাৰ বন্ধ কৰিছে।’

 খাৰা সামৰিক শিবিৰত চলোৱা আক্ৰমণ ব্যৰ্থ হৈছিল। অৱশ্যে বিপ্লৱী এফ এম ৰেডিঅ' ষ্টেশ্যনটোৱে এই আক্ৰমণ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰাৰ সুযোগ পাইছিল। তাকো ৰুকুমৰ দৰে এখন ভিতৰুৱা জিলাৰ পৰা।

 তাৰ মাজতে মাওবাদীসকলৰ নিউজ প’ৰটেল www.krishnasenonline.org আৰম্ভ হৈছিল। আৰু ই মিনিটে মিনিটে যুদ্ধৰ সবিশেষ বাতৰি নেপালৰ জনসাধাৰণক দি আছিল।

 ২০০৩ চনৰ ২৭ আগষ্টত মাওবাদীসকলে শান্তি প্ৰক্ৰিয়াৰ পৰা আনুষ্ঠানিকভাৱে আঁতৰি অহাৰ পাছত, ভালেসংখ্যক সাংবাদিক সংগঠনটোৰ বাতৰি সংগ্ৰহত সহায় কৰাৰ কাৰণে আত্মগোপন কৰিবলগা হৈছিল। বহুকেইজন বিপ্লৱী সাংবাদিকে দেশৰ বিভিন্ন ঠাইৰ শৰা কৈলালি আৰু এচহাম জিলাত লগ লাগিছিল। এই বিষয়ে ধিতালে কয়—

‘সেই সময়ছোৱাত আমি বহুতো অভিজ্ঞতা লাভ কৰিছিলোঁ। পশ্চিম
নেপালৰ কালিকটা নামৰ ভিতৰুৱা ঠাইখনৰ সংগঠনটোৱে ১৭ ভি ডি
চি নিৰ্বাচন অনুষ্ঠিত কৰিছিল। সেয়া সম্পূৰ্ণ বেলেগ ধৰণৰ নিৰ্বাচন
আছিল। মূলসুঁতিৰ ৰাজনৈতিক দলকে ধৰি প্ৰায় সকলো ৰাজনৈতিক
দলৰ সদস্যই ইয়াত অংশগ্ৰহণ কৰিছিল।’

 মাওবাদীসকলে অনুষ্ঠিত কৰা এই নিৰ্বাচনৰ বাতৰি সাপ্তাহিক ‘জনাদেশ‘ত বিস্তৃতভাৱে প্ৰকাশ পোৱাৰ লগতে ৰেডিঅ’ জনগণতন্ত্ৰই ব্যাপকভাৱে প্ৰচাৰ কৰিছিল।

 অধ্যক্ষ প্ৰচণ্ডৰ ইচ্ছা আৰু উৎসাহত বিপ্লৱী সাংবাদিকসকলে নিয়মীয়াকৈ ডাইলেক আৰু জাজাৰকটত প্ৰশিক্ষণ লৈছিল। জনযুদ্ধৰ সময়ছোৱাত, কাৰণালিৰ লালকুঞ্জত ভালেমান সাংবাদিক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছিল। এই প্ৰশিক্ষণ কাৰ্যসূচীত ৰেডিঅ’ জনগণতন্ত্ৰৰ সাংবাদিকসকল নিয়মিতভাৱে উপস্থিত আছিল। ‘জনাদেশ’ৰ মুখ্য সম্পাদক বৰালে অধ্যক্ষ প্ৰচণ্ডক কেইবাবাৰো লগ পাইছিল। এই বিষয়ে তেওঁ কয়—

 ‘প্ৰতিবাৰেই তেওঁ (প্ৰচণ্ডই) আমাক যুদ্ধৰ সঠিক বাতৰি প্ৰকাশ কৰিবলৈ উৎসাহ দিছিল। তেওঁ কৈছিল যে ই নেপালৰ ৰাজনৈতিক ইতিহাস সলনি কৰি পেলাব। তৰুণ

১০৩