পৃষ্ঠা:প্ৰচণ্ড.pdf/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঘোষণা কৰিছিল যে অন্তর্বর্তী সংবিধানখন ঘোষিত হোৱাৰ লগে লগেই মাওবাদী নেতাসকলে অন্তর্বর্তী সংসদ আৰু অন্তৱৰ্তী চৰকাৰখনত যোগদান কৰিব। শান্তি চুক্তিত স্বাক্ষৰ কৰি উৎফুল্লিত হৈ পৰা মাওবাদী নেতা প্রচণ্ডই লগতে দোহাৰিছিল যে নেপালৰ উন্নয়নৰ স্বাৰ্থতে তেওঁলোকে গণযুদ্ধ চলাই নিছিল আৰু এতিয়া ঐতিহাসিক শান্তি চুক্তিৰ আলমত নেপালৰ সামগ্রিক উন্নতিৰ বাবে তেওঁৰ দলে অতি উদ্যমেৰে কাম কৰি যাব। তেওঁ কয়—

‘আমাৰ কাৰো প্ৰতি কোনো বৈষম্যৰ ভাব নাই। আমি এইক্ষেত্ৰত
সকলোকে স্পষ্ট কৰি দিব বিচাৰোঁ যে আমি আমাৰ চিন্তাধাৰাত
ৰক্ষণশীল বা আঁকোৰগোঁজো নহয়। সংবিধান সভাৰ নিৰ্বাচনৰ পাছত
নেপালৰ জনতাই এতিয়া যুদ্ধকালীন গতিৰে নেপালৰ উন্নয়নৰ কাৰণে
আশ্চর্যজনক কর্মধাৰা অক্ষুণ্ণ ৰাখিব। জনযুদ্ধৰ সফলতা ২১ শতিকাৰ
প্ৰথমটো ৰাজনৈতিক অলৌকিকতা।'

 ২৮ নৱেম্বৰত চৰকাৰ আৰু মাওবাদী নেতাসকলে অস্ত্ৰ ব্যৱস্থাপনা আৰু শিবিৰত থকা পি এল এ সদস্যসকলৰ পৰ্যৱেক্ষণ সম্পৰ্কীয় অন্য এখন চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিখনে ৰাষ্ট্ৰসংঘৰ অস্ত্ৰ তদাৰক কৰ্তৃপক্ষলৈ অস্ত্ৰ হস্তান্তৰিত কৰাৰ পথ মুকলি কৰি দিয়ে। ডিচেম্বৰ মাহৰ ৮ তাৰিখে নেপালী চৰকাৰ, মাওবাদী নেতৃত্ব আৰু ৰাষ্ট্ৰসংঘৰ মাজত মাওবাদী সদস্যসকল আৰু তেওঁলোকৰ অস্ত্ৰসমূহ পৰ্যৱেক্ষণ কৰাৰ বাবে আন এখন ত্রিপাক্ষিক চুক্তি স্বাক্ষৰিত হয়।

 ২০০৭ চনৰ জানুৱাৰী মাহৰ ১৫ তাৰিখে অন্তৱৰ্তীকালীন সংবিধানখন ঘোষণা কৰা হয়। এই অন্তৱৰ্তী সংবিধানখনে ৰজাক নিলম্বিত কৰে আৰু প্ৰধান মন্ত্ৰীয়ে দেশৰ মুৰব্বীৰূপে অতিৰিক্ত দায়িত্বভাৰ বহন কৰে। ৰজাৰ অন্যান্য ৰৈ যোৱা ক্ষমতাবিলাকৰো কৰ্তন কৰা হয় ৷ সংবিধানখন ঘোষণাৰ মাত্ৰ দুঘণ্টাতকৈও কম সময়ৰ ভিতৰত মাওবাদী নেতাসকলে সংসদত প্ৰৱেশ কৰি মূলসুঁতিৰ ৰাজনীতিত যোগদান কৰে৷ মুঠ ৩৩০জন সদস্যৰে গঠিত অন্তৰ্ৱৰ্তী সংসদত মাওবাদী দলে মুঠ ৮৩খন আসন দখলেৰে দ্বিতীয় বৃহত্তৰ দল হিচাপে পৰিগণিত হয়। সংসদে জুন মাহৰ মধ্যভাগত সংবিধান সভাৰ নির্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে।

 অন্তৱৰ্তী সংসদত যোগদান কৰাৰ পাছত অধ্যক্ষ প্রচণ্ডই জানুৱাৰী মাহৰ ১৮ তাৰিখে নেপালৰ বিভিন্ন ঠাইত সক্ৰিয় হৈ থকা জনতাৰ চৰকাৰ আৰু জন আদালতসমূহ ভংগ কৰাৰ কথা ঘোষণা কৰে। এই সংস্থাসমূহ ভংগ হোৱাৰ পাছত প্ৰচণ্ডই অন্তৱৰ্তী যৌথ (মাওবাদী আৰু নেপাল চৰকাৰ) স্থানীয় চৰকাৰ গঠন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে।

১৪৩