পৃষ্ঠা:প্ৰচণ্ড.pdf/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিদ্রোহ বিধ্বস্ত হিমালয়ৰ নৱজাতক গণৰাজ্যখনক সকলোধৰণৰ সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। চীনৰ বিদেশ মন্ত্ৰীৰ ভ্ৰমণৰ এসপ্তাহ নৌহওঁতেই চীন পি এল এৰ লেফটেনেণ্ট জেনেৰেল মাও জিমাওটিয়ান কাঠমাণ্ডু ভ্রমণলৈ আহে।

 ভ্ৰমণৰ সময়ত মাও জিয়াওই ঘোষণা কৰে যে চীনে ২.৬১ মিলিয়ন ডলাৰৰ সামৰিক অস্ত্র-শস্ত্ৰ নেপাললৈ আগবঢ়াব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাম বাহাদুৰ থাপাই চীন ভ্ৰমণলৈ অহাৰ পাছতে বেইজিঙে নেপাললৈ এই সামৰিক অস্ত্ৰসমূহ উপহাৰ হিচাপে আগবঢ়ায়। নেপালক লৈ চীনে গ্ৰহণ কৰা পদক্ষেপে নতুন দিল্লী আৰু মার্কিন যুক্তৰাষ্ট্ৰক অস্বস্তিত পেলায়।

 সকলোৱে ভাবিছিল যে চীনৰ সমৰ্থক নেপাল নতুন দিল্লীৰ বাবে বিপজ্জনক আৰু ধৰি লৈছিল যে হিমালয়ৰ পাদদেশৰ এই ৰাষ্ট্ৰখনত চীনৰ বৰ্ধিত প্ৰভাৱ নাইকিয়া কৰাৰ বাবে ছাউথ ব্লকে নেপাল আৰ্মিৰ লগত গোপনে সম্পর্ক বজাই ৰাখিছিল। ইয়াৰ মাজতে পাকিস্তানেও নেপালৰ লগত সু-সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল। এই উদ্দেশ্যে আকছাই চীন আৰু কাৰাকমক নেপালৰ মাজেৰে ঘাইপথেৰে সংযোগ কৰাৰ পৰিকল্পনা কৰা হৈছিল।

 স্বাভাৱিকতে নেপাল আৰ্মিৰ মুৰব্বী জেনেৰেল ৰুকমাণ্ড কাটৱাল নতুন দিল্লীৰ বহুতীয়া হিচাপে চিহ্নিত হৈছিল। ২০০৯ চনৰ ৩ মে’ত মাওবাদী নেতৃত্বাধীন চৰকাৰে চৰকাৰৰ নিৰ্দেশ অৱজ্ঞা কৰাৰ অভিযোগত জেনেৰেল কাটৱালক বৰ্খাস্ত কৰে। উল্লেখযোগ্য যে চৰকাৰে কাটৱালক নতুন নিযুক্তি বন্ধ ৰাখিবলৈ আৰু মেজৰ জেনেৰেল তথা লেফটেনেণ্ট জেনেৰেলকে ধৰি আঠগৰাকী জ্যেষ্ঠ কামাণ্ডাৰক অব্যাহতি দিবলৈ নির্দেশ দিছিল।

 মাওবাদী নেতৃত্বাধীন চৰকাৰখনে পি এল যোদ্ধাসকলক নেপাল আৰ্মিৰ স’তে একত্ৰিকৰণ কৰিব বিচৰা পদক্ষেপক আঠগৰাকী জেনেৰেলে তীব্র বিৰোধিতা কৰিছিল। মাওবাদীসকলে নেপাল আর্মিত ২৮০০গৰাকী লোকক নতুনকৈ নিযুক্তি দিয়া বুলি আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ে বৰ্খাস্ত কৰা আঠগৰাকী কামাণ্ডাৰক চৰকাৰৰ লগত পৰামৰ্শ নকৰাকৈ পুনৰ মকৰল কৰা বুলি অভিযোগ কৰিছিল।

 কিন্তু চৰকাৰৰ সহযোগী দল কমিউনিষ্ট পাৰ্টি অৱ নেপাল (ইউ এম এল)কে ধৰি আন ৰাজনৈতিক দলবোৰে সেনাৰ মুৰব্বীজনক অপসাৰণৰ বাবে প্রধান মন্ত্ৰীয়ে লোৱা সিদ্ধান্তক সমালোচনা কৰিছিল। প্রধান মন্ত্ৰীয়ে তেওঁৰ সিদ্ধান্ত কেবিনেট মিটিঙত ঘোষণা কৰাৰ লগে লগে ভালেকেইটা ক্ষুদ্ৰ দলৰ নেতা কেবিনেট মিটিঙৰ পৰা ওলাই আহিছিল।

‘সকলো পাৰ্টিৰ সৰ্বসম্মতিক্রমে আর্মি সেনা প্রধানজনক অপসাৰণৰ

১৮৯