পৃষ্ঠা:প্ৰচণ্ড.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 নেপালী যুৱকসকলৰ সাম্যবাদী আদৰ্শৰ প্ৰতি আগ্ৰহী মনোভাবে পঞ্চায়তক নিজৰ ভৱিষ্যৎ সম্পৰ্কে শংকিত কৰি তুলিছিল আৰু সাম্যবাদী আন্দোলনৰ উত্থানক দমন কৰিবলৈ কঠোৰ আঁচনি হাতত লৈছিল। ইয়াৰ প্ৰথম পদক্ষেপ হিচাপে তেওঁলোকে এই সংগঠনটোৰ সাধাৰণ সম্পাদকজনক হত্যা কৰিবলৈ লক্ষ্য কৰি ল’লে। সেই উদ্দেশ্যে ১৯৮১ চনৰ কোনোবা এটা আবেলি এক সশস্ত্ৰ পুলিচ বাহিনীয়ে ভীমসেন নগৰস্থিত মুক্তিৰাম দাহালৰ ঘৰত আক্ৰমণ কৰে। সৌভাগ্যক্ৰমে সিদিনা ঘৰত পুষ্প কমল আৰু তেওঁৰ পত্নী দাঁতিকাষৰীয়া কোনোবা গাঁৱলৈ ফুৰিবলৈ গৈছিল। মুক্তিৰাম দাহালে সেই শিহৰণকাৰী ঘটনাৰ কথা সুঁৱৰি কয়— ‘এদল সশস্ত্ৰ পুলিচ আমাৰ ভীমসেনস্থিত ঘৰলৈ আহিছিল। মোৰ ফালে বন্দুকৰ নলীটো পোনাই মোৰ ডাঙৰ পুত্ৰৰ সন্ধান বিচাৰিছিল। মই তেওঁলোকক তেওঁ ঘৰত নাই আৰু ক'লৈ গৈছে নাজানো বুলি কৈছিলোঁ। তেওঁলোকে তেওঁক বিচাৰি গোটেই ঘৰটোত তালাচী চলাইছিল আৰু তেওঁৰ কোঠাৰ তলা ভাঙিছিল। তেওঁলোকে তেওঁৰ নাগৰিকত্বৰ প্ৰমাণপত্ৰ আৰু শিক্ষা সম্পৰ্কীয় সকলো প্ৰমাণপত্ৰ লৈ গৈছিল।’

 পুলিচৰ দলটোৱে দৰিদ্ৰ পিতৃক ভীতি প্ৰদৰ্শন কৰিছিল। তেওঁলোকে তেওঁক বাৰম্বাৰ পুলিচৰ হাতত গতাই দিবলৈ আদেশ দিছিল, যিহেতু তেওঁ নেপালৰ বাবে ভাবুকি স্বৰূপ হৈ পৰিছিল। দৰিদ্ৰ পিতৃজনে অজ্ঞতা প্ৰকাশ কৰা সত্ত্বেও তেওঁক সশস্ত্ৰ পুলিচ বাহিনীয়ে অত্যাচাৰ কৰিছিল আৰু সাম্যবাদী আন্দোলনক উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ কৰিছিল। কিন্তু পুলিচে শেষত পুত্ৰৰ আদৰ্শৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নথকাৰ কথা উপলব্ধি কৰি মুকলি কৰি দিয়ে।

 সেয়াই আছিল ভীমসেন নগৰস্থিত নিজ গৃহত পুষ্প কমলৰ শেষ ৰাতি। নিৰাপত্তাৰ খাতিৰত তেওঁৰ বন্ধুমহলে তেওঁক ঘৰৰ পৰা দূৰৈত আত্মগোপন কৰিবলৈ উপদেশ দিছিল। তাৰ পাছৰে পৰা ২৭ বছৰীয়া পুষ্প কমলে পত্নী আৰু চাৰিটা সন্তানৰ সৈতে জীৱনৰ আটাইতকৈ কঠিন আৰু অনিশ্চিত ভৱিষ্যৎ এটাৰ সন্মুখীন হৈছিল।

 পুষ্প কমলৰ পত্নী সীতাই বিবাহিত জীৱনৰ প্ৰথম বাৰ বছৰ কাল ভীমসেন নগৰৰ ঘৰত শাহু-শহুৰৰ পৰিচৰ্যা, ল’ৰা-ছোৱালীকেইটাক ডাঙৰ-দীঘল কৰা আদিকে ধৰি ৰন্ধা-বঢ়া আদি কামতে নিজকে ব্যস্ত ৰাখিছিল। কেতিয়াবা ঘৰলৈ অহা বা বাহিৰত লগ পোৱা কমিউনিষ্ট দলৰ নেতাৰ সৈতে সাক্ষাৎ হোৱাত বাদে তেওঁ কমিউনিষ্ট ৰাজনীতিৰ অন্য কামত অংশগ্ৰহণ কৰা নাছিল।

৩৫