পৃষ্ঠা:প্ৰচণ্ড.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এখন চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিত অস্ত্ৰ সম্পৰ্কীয়, অন্তৱৰ্তী সাংসদ, অন্তৱৰ্তী চৰকাৰ, সংবিধান সভাৰ নিৰ্বাচন আৰু ৰাষ্ট্ৰৰ পুনৰ গঠন আদি বিষয়বোৰ অন্তৰ্ভুক্ত আছিল। এই চুক্তিখনত সম্পাদন কৰিবলগীয়া গুৰুত্বপূৰ্ণ কামবোৰ সন্দৰ্ভত নির্দিষ্ট সময়সীমা বান্ধি দিয়া হৈছিল।

 মাওবাদী নেতা প্রচণ্ডৰ ৰাজধানী চহৰ কাঠমাণ্ডুত অন্যান্য ৰাজনৈতিক নেতাসকলৰ দৰে নিজা কোনো বাসগৃহ নাছিল। ফলস্বৰূপে কৈৰালা নেতৃত্বাধীন চৰকাৰখনৰ লগত কাঠমাণ্ডুত আলোচনা চলি থকা সময়ত তেওঁ হোটেল বা অতিথিশালাত থাকি কাম- কাজ পৰিচালনা কৰিবলগীয়া হৈছিল৷ তদুপৰি কাঠমাণ্ডুত তেওঁৰ নিৰাপত্তাৰ বিষয়টো ভাবিবলগীয়া হৈছিল। সেয়ে তেওঁ প্ৰায়ভাগ সময় ভকতপুৰতে কটাইছিল।

 অৱশেষত কেইবালানিও দীঘলীয়া বৈঠকৰ অন্তত সাতদলীয় মৰ্চাৰ নেতাসকল আৰু মাওবাদী নেতাসকলে আলোচনাৰ খচৰা প্ৰস্তুত কৰিবলৈ সক্ষম হয় আৰু নৱেম্বৰৰ ২১ তাৰিখে ঐতিহাসিক সামগ্রিক শান্তি চুক্তিখনত স্বাক্ষৰ কৰে৷

 এই শান্তি চুক্তিখন এই কাৰণেই ঐতিহাসিক যে কাঠমাণ্ডুৰ বীৰেন্দ্ৰ আন্তঃৰাষ্ট্ৰীয়

ঐতিহাসিক শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ মুহূৰ্তত প্ৰচণ্ড আৰু প্ৰধান মন্ত্ৰী গিৰিজা প্ৰসাদ কৈৰালা

অভিৱৰ্তন কেন্দ্ৰত ইয়াক স্বাক্ষৰিত কৰাৰ পাছতেই মাওবাদী বিদ্রোহীসকলে আনুষ্ঠানিকভাৱে তেওঁলোকৰ গণযুদ্ধৰ অৱসান ঘটোৱাৰ কথা ঘোষণা কৰিছিল।

 শান্তি চুক্তিখনৰ নিয়ম অনুসৰি মাওবাদী বিদ্রোহীসকলৰ আশ্ৰয়ৰ বাবে সাতটা শিবিৰ আৰু ২১টা ছেটেলাইট কেম্প স্থাপনৰ সিদ্ধান্ত লোৱা হয়। প্রচণ্ডই লগতে

১৪২