পৃষ্ঠা:প্ৰচণ্ড.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰণ সিঙে খানালক সাক্ষাৎ কৰি আলোচনা কৰিছিল। আনহাতে ২০ এপ্ৰিলত চৰকাৰীপক্ষই কালাংকিত নিৰস্ত্ৰ জনতাৰ ওপৰত গুলীবৰ্ষণ কৰি কমেও তিনিজন লোকক নিহত কৰে। পূৰ্ণ ৰাজতন্ত্ৰৰ সমাপ্তিৰ প্ৰাক্-অধ্যায় হিচাপে ‘কালাংকিৰ গুলীবৰ্ষণ’ পৰিগণিত হয়।

 নতুন দিল্লীলৈ কৰণ সিঙৰ প্ৰত্যাৱৰ্তনৰ পাছত, ২১ এপ্ৰিলত ৰজা জ্ঞানেন্দ্ৰই ঘোষণাপত্ৰৰ জৰিয়তে জনগণক ৰাজনৈতিক ক্ষমতা ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে আৰু সমাগত নিৰ্বাচনৰ কথা ঘোষণা কৰে। সাতদলীয় মৰ্চাক নেপালৰ নতুন প্ৰধান মন্ত্ৰীক মনোনয়ন কৰিবৰ বাবেও তেওঁ আহ্বান জনায়।

 ৰজাৰ এই ঘোষণাৰ পাছ মুহূৰ্ততে ভাৰতবৰ্ষকে ধৰি ভালেকেইখন ৰাষ্ট্ৰই নেপালী জনগণক তেওঁলোকৰ সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অন্তৰ্গত বহিঃপৰিক্ৰমণ প্ৰচাৰ গোটে জাৰি কৰা বিবৃতিটোত কোৱা হয়—

‘বহুদলীয় গণতন্ত্ৰ আৰু জনগণৰ গণতান্ত্ৰিক স্বাধীনতাৰ বাবে চলোৱা
জন আন্দোলনক নেতৃত্ব প্ৰদান কৰা সাতদলীয় মৰ্চাই গঠন কৰা
চৰকাৰক সকলো কাৰ্যকৰী ক্ষমতা হস্তান্তৰ কৰিবৰ বাবে ৰজা জ্ঞানেন্দ্ৰই
গ্ৰহণ কৰা সিদ্ধান্তক ভাৰতবৰ্ষই স্বাগতম জনাইছে।’

 কিন্তু পাছদিনা, প্ৰায় পাঁচলাখ লোকে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজধানী চহৰখনৰ ৰিং ৰোড (আৱৰ্তিত পথ)ৰ ফালে আগবাঢ়ে আৰু ৰাজনৈতিক দলসমূহে ৰজা জ্ঞানেন্দ্ৰই আগবঢ়োৱা প্ৰস্তাৱ নাকচ কৰে। অপসাৰিত প্ৰতিনিধি সদন তৎকালেই পুনৰ প্ৰতিষ্ঠাৰ বাবে জনগণে দাবী জনায়। প্ৰতিবাদকাৰীসকলে নিৰাপত্তাৰক্ষীৰ সকলো বাধা ভাঙি পেলায় আৰু চাৰিওদিশৰ পৰা মূল চহৰখনত প্ৰৱেশ কৰে। তেওঁলোকে আনকি ৰাজপ্ৰাসাদত প্ৰৱেশ কৰিবলৈও উদ্যত হয়। অৱশ্যে, হঠাৎ অহা ধাৰাসাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত অধিক ধ্বংসাত্মক কাৰ্য সংঘটিত হোৱাৰ আগতেই জনসাধাৰণে পৃষ্ঠভংগ দিয়ে।

 ২৩ এপ্ৰিলত এটা গুজব প্ৰচাৰ হয় যে দুদিনৰ পাছত ২০ লাখ লোকে নাৰায়ণহিতিৰ ৰাজপ্ৰাসাদ ধ্বংস কৰি পেলাব। ইতিপূৰ্বেই ২২জন লোক নিহত আৰু শিশুকে ধৰি ৪০০০ লোক গুৰুতৰভাৱে আহত হোৱাৰ পৰিপ্ৰেক্ষিতত এই প্ৰচাৰে ৰজা জ্ঞানেন্দ্ৰ আৰু তেওঁৰ পৰামৰ্শদাতাসকলৰ নৈতিক মনোবল ভাঙি দিয়ে। ইতিমধ্যে ভালেসংখ্যক আন্তৰ্জাতিক মানৱ অধিকাৰ সংগঠনেও গণতন্ত্ৰকামী প্ৰতিবাদকাৰীসকলক বল প্ৰয়োগেৰে দমন কৰা কাৰ্যক ব্যাপক ৰূপত মানৱ অধিকাৰ খৰ্ব কৰা বুলি কটু সমালোচনা কৰে।

 উপায়ান্তৰ হৈ ৰজা জ্ঞানেন্দ্ৰই ২৪ এপ্ৰিলৰ দিনা পুৱা ১১.৩০ বজাত অন্য এক ঘোষণাৰ জৰিয়তে সকলো কাৰ্যকৰী ক্ষমতা পৰিত্যাগ কৰে আৰু অপসাৰিত প্ৰতিনিধি সদন পুনৰ গঠন কৰে। এই ঘোষণাত ৰাজনৈতিক দলসমূহ উৎফুল্লিত হৈ উঠে আৰু

১৩১