পৃষ্ঠা:প্ৰচণ্ড.pdf/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্রতিষ্ঠা কৰাৰ স্বাৰ্থত তেওঁলোকৰ হেজাৰজন যোদ্ধাই প্রাণ আহুতি দিছে। ৯ ছেপ্টেম্বৰত প্রচণ্ডই অন্তৰ্ৱৰ্তী চৰকাৰ ত্যাগ কৰাৰ ভাবুকি দি কয় যে যদিহে তেওঁলোকৰ দাবীবোৰ সংবিধান সভাৰ নিৰ্বাচনৰ আগতে পূৰণ কৰা নহয়, তেন্তে ১৮ ছেপ্টেম্বৰৰ পৰা তেওঁলোকে সমগ্ৰ দেশজুৰি আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব। এই ৰাজনৈতিক সংকটৰ মাজতে ভাৰতীয় বৈদেশিক সচিব শিৱ শংকৰ মেননে ১৫ ছেপ্টেম্বৰৰ দিনা কাঠমাণ্ডু ভ্রমণলৈ যায়। কাঠমাণ্ডুত তেওঁ নেপালৰ জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলৰ লগতে মাওবাদী নেতা প্রচণ্ডক লগ কৰিছিল। তাৰ ঠিক পিছদিনাই প্ৰচণ্ডই দাবী কৰে যে সময়সূচী মতে অৰ্থাৎ নৱেম্বৰ মাহৰ ২২ তাৰিখেই নেপালৰ সংবিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাটো সম্ভৱ বুলি নতুন দিল্লীয়েও বিশ্বাস কৰে। কিন্তু দেখা গ'ল যে মাওবাদী নেতাসকলে কৰা তেওঁলোকৰ দুটা গুৰুত্বপূৰ্ণ দাবী নেপাল চৰকাৰে পূৰ্ণ নকৰিলে। তেওঁলোকৰ প্ৰধান দাবী দুটা আছিল যে নেপালক এখন প্রজাতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হ’ব আৰু সম্পূৰ্ণ এক সমানুপাতিক নির্বাচন পদ্ধতি গ্রহণ কৰা হ’ব। দাবী দুটা পূৰণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত মেননৰ বিবৃতিৰ মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰতে আটাইকেইজন মাওবাদী মন্ত্ৰীয়ে অন্তৱৰ্তী চৰকাৰৰ পৰা পদত্যাগ কৰে।

 মাওবাদী নেতাসকলে পদত্যাগ কৰাৰ লগে লগেই সৰ্বসাধাৰণ মানুহৰ মনত বিপদ সংকেত বাজি উঠিল। শান্তি প্রক্রিয়াটো ইমানখিনি অগ্রগতি লাভ কৰাৰ পাছত এতিয়া পুনৰ শান্তি প্ৰক্ৰিয়াটো ব্যাহত হ’ব বুলি জনসাধাৰণৰ মাজত আশংকা ঘনীভূত হ’ল। মাওবাদী নেতাসকল আৰু তেওঁলোকৰ সহযোগীসকলে প্ৰয়োজনীয় স্বাক্ষৰ আৰু সমর্থন সংগ্ৰহ কৰি অন্তৱৰ্তী চৰকাৰৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়। উপায়ান্তৰ হৈ ১৫ দিনৰ ভিতৰতে অধ্যাদেশ জাৰি কৰি সংসদৰ বিশেষ ৱেশন আহ্বান কৰিবলৈ বাধ্য হয় প্রধান মন্ত্ৰী কৈৰালা।

 মাওবাদী নেতাসকলৰ হেঁচাত পৰি চৰকাৰে অক্টোবৰৰ ১১ তাৰিখে সংসদৰ বিশেষ অধিৱেশনত মিলিত হয়। অন্তৱৰ্তী সংসদৰ বিশেষ অধিৱেশনৰ প্ৰথম বৈঠকত মাওবাদী নেতাসকলে তিনিটা গুৰুত্বপূৰ্ণ ৰাজহুৱা বিষয় উত্থাপন কৰে। এই প্ৰস্তাৱকেইটা হ’ল— নেপালক এখন প্ৰজাতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা, পূৰ্ণ সমানুপাতিক নির্বাচন পদ্ধতি অৱলম্বন আৰু সংবিধান সভাৰ নিৰ্বাচনৰ নতুন তাৰিখ নিৰূপণৰ কাৰণে অন্তৰ্ৱৰ্তী সংবিধানৰ সংশোধন কৰা। ইফালে, নেপালী কংগ্ৰেছে মাওবাদীসকলৰ দাবীৰ বিৰুদ্ধে ভোটদান কৰাৰ কথাহে ঘোষণা কৰে। নৱেম্বৰ মাহৰ চাৰি তাৰিখে অন্তৰ্ৱৰ্তী সংসদৰ বিশেষ অধিৱেশনত মাওবাদীৰ দুটা প্ৰস্তাৱ — নেপালক এখন যুক্তৰাষ্ট্ৰীয় প্রজাতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা আৰু সংবিধান সভাৰ নিৰ্বাচনৰ কাৰণে পূৰ্ণ সমানুপাতিক নির্বাচন পদ্ধতি গ্ৰহণৰ দাবী গৃহীত হয়।

১৪৮