পৃষ্ঠা:প্ৰচণ্ড.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নতুন চৰকাৰ গঠন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলায়। অৱশ্যে এই কথাই মাওবাদীসকলক উৎসাহিত কৰা নাছিল। ২৫ এপ্ৰিলত প্ৰচণ্ড আৰু বাবুৰাম ভট্টৰায়ে যুটীয়াভাৱে স্বাক্ষৰ কৰা এটা বিবৃতিত অভিযোগ কৰে যে প্ৰতিনিধি সদনক অবৈধভাৱে গঠন কৰিবলৈ ৰজা জ্ঞানেন্দ্ৰই চেষ্টা চলাইছে। তেওঁলোকে লগতে অভিযোগ কৰে যে এই কাৰ্যই সংসদীয় ব্যৱস্থাটোক উপহাস কৰিছে। বিবৃতিটোত লগতে কোৱা হয়—

‘সংসদ পুনৰ সক্ৰিয়কৰণৰ ক্ষেত্ৰত, আমাৰ (মাওবাদী) সৈতে আলোচনা
নকৰাকৈয়ে সাতদলীয় মৰ্চাই একপক্ষীয়ভাৱে আগবঢ়োৱা সমৰ্থনে ১২
দফীয়া চুক্তিৰ মূল উদ্দেশ্যটোকেই কুঠাৰাঘাত কৰিব। ৰজাৰ পৰা
উপহাৰ হিচাপে পোৱা সংসদ এখনে সাংবিধানিক পৰিষদ গঠন কৰিবৰ
বাবে নিঃচৰ্তভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিব বুলি জনসাধাৰণে
কিয় বিশ্বাস কৰিব?’

 সাতদলীয় মৰ্চাৰ সিদ্ধান্তক এটা সাংঘাতিক ৰাজনৈতিক ভুল বুলি অভিহিত কৰি প্ৰচণ্ডই কয় যে ৰাজনৈতিক দলসমূহৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ বাবে প্ৰতিবাদ অব্যাহত ৰখাটো দৰকাৰী। মাওবাদীসকলে ৰাজধানীৰ জনজীৱন বিঘ্নিত কৰিবলৈ তিনিসপ্তাহজোৰা পৰিবহণ ধৰ্মঘট কৰিব বুলিও ভাবুকি দিয়ে। অৱশ্যে যথাসম্ভৱ শীঘ্ৰে সাংবিধানিক পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিব বুলি সাতদলীয় মৰ্চাই প্ৰদান কৰা প্ৰতিশ্ৰুতিত এপ্ৰিলৰ ২৬ তাৰিখে মাওবাদীসকলে তিনিমাহৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰে। এই ঘোষণাই ২৮ এপ্ৰিলত প্ৰতিনিধি সদন পুনৰ গঠনৰ বাবে বাট মুকলি কৰি দিয়ে আৰু কৈৰালাই প্ৰধান মন্ত্ৰী হিচাপে ৰজাৰ ওচৰত শপত গ্ৰহণ কৰে।

 প্ৰাৰম্ভিক অৱস্থাত কৈৰালাই হাতত লোৱা কেতবোৰ পদক্ষেপৰ পৰিপ্ৰেক্ষিতত মাওবাদীসকলে সাতদলীয় মৰ্চাক আস্থাত ল’বলৈ যথেষ্ট যুক্তি বিচাৰি পাইছিল। মাওবাদীসকলৰ লগত আলোচনা অনুষ্ঠিত কৰিবৰ বাবে কৈৰালা নেতৃত্বাধীন চৰকাৰখনে কৃষ্ণপ্ৰসাদ চিটাউলা, প্ৰদীপ গ্যায়ালী আৰু ৰমেশ দত্ত লাথাকক লৈ দল গঠন কৰি দিছিল।

 ইয়াৰ আগতে মাওবাদীসকলে কৃষ্ণ বাহাদুৰ মাহাৰা, দেৱ গুৰুং আৰু দীননাথ মিশ্ৰৰে গঠিত এটা তিনিজনীয়া আলোচনাকাৰী দলৰ কথা ঘোষণা কৰিছিল আৰু প্ৰথমলানি আলোচনাত যুদ্ধবিৰতিৰ কালছোৱাত পালন কৰিবলগীয়া নীতি-নিয়ম ঠিক কৰা হৈছিল।

 ১৮ মে'ত নতুনকৈ ক্ষমতাসীন হোৱা সংসদে নেপালী সেনাৰ সৰ্বাধিনায়ক পদৰ পৰা ৰজা জ্ঞানেন্দ্ৰক আঁতৰাইছিল আৰু তেওঁক মাত্ৰ আলংকাৰিক কৰ্তৃপক্ষ (চেৰিমনিয়েল অথ’ৰিটী) কৰি ৰাখিছিল। ৰাজ উপসৰ্গটো আঁতৰাই দিয়াৰ লগে লগে ইয়াৰ নাম নেপাল চৰকাৰ, নেপাল এয়াৰলাইনছ আৰু নেপাল সেনালৈ ৰূপান্তৰিত হৈছিল।

১৩২