পৃষ্ঠা:প্ৰচণ্ড.pdf/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেওখুৰী ভেলীৰ পূব-পশ্চিম ঘাইপথৰ সমীপৰ লামাজি বজাৰত নেপালী কংগ্ৰেছৰ সদস্য আৰু চি পি এন (মাওবাদী) সদস্যৰ মাজত সংঘটিত হোৱা সংঘাতত সাতজন মাওবাদী কৰ্মীয়ে পুলিচৰ গুলীত প্ৰাণ আহুতি দিয়ে।

 সেই একেদিনাই মাওবাদী আৰু ইউ এম এলৰ কেডাৰে মাহেলকুনাৰ আৰক্ষী চকী ঘেৰাও কৰিবলৈ যোৱাৰ ফলত পুলিচৰ গুলীত চুৰখেটত অন্য এজন মাওবাদী কেডাৰৰ মৃত্যু ঘটে। ইয়াৰ আগতেও ৰ'লপাত অচিনাকি আততায়ীৰ হাতত দুজন মাওবাদী সদস্যই প্ৰাণ হেৰুৱাইছিল। নিৰ্বাচনটোৰ আগমুহূৰ্তত ইমানবোৰ হানি হোৱা সত্ত্বেও অধ্যক্ষ প্রচণ্ডই তেওঁৰ দলীয় কেডাৰ আৰু জনসাধাৰণক সংযম ৰক্ষা কৰি ১০ এপ্রিল তাৰিখে অনুষ্ঠিত হ'বলগীয়া নির্বাচনটো সফল কৰি তুলিবলৈ আহ্বান জনায়। যিহেতু নেপালৰ শান্তি প্রক্রিয়াটোক আগবঢ়াই নিবলৈ এনে কৰাটো অত্যন্ত জৰুৰী আছিল ৷

 সমগ্র নির্বাচনী প্রক্রিয়াটোক সুচাৰুৰূপে আগবঢ়াই নিয়াটো নেপালৰ মুখ্য নির্বাচনী আয়ুক্ত ভোজৰাজ পোখৰেলৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল৷ নিৰ্বাচনৰ কাৰণে তেওঁ নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰি ২৪ ঘণ্টাৰ বাবে সমগ্ৰ দেশতে যান-বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছিল। মুক্ত আৰু নিৰপেক্ষ নির্বাচন অনুষ্ঠিত কৰাৰ কাৰণে ১,৫০,০০০ হেজাৰতকৈ অধিক নিৰাপত্তাৰক্ষী আৰু অস্থায়ী পুলিচ কৰ্মীক নিয়োগ কৰা হৈছিল।

 নিৰ্বাচনৰ দিনাখন সকলোকে আনন্দমনেৰে ৰাজধানী চহৰৰ ৰৌদ্রোজ্জ্বল মুকলি আকাশৰ তলত নির্বাচনী কেন্দ্ৰৰ বাহিৰত ৰাতিপুৱাৰে পৰা শাৰী পাতি থকা দেখা গৈছিল। সন্ধিয়া সময়ত ভোটগ্রহণ কার্য সমাপ্ত হয়। প্রায় ৬০ শতাংশ বৈধ ভোটাৰে বেলট পেপাৰত তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে। নিৰ্বাচনৰ দিনাখন কোনোধৰণৰ সাংঘাতিক হিংসাত্মক ঘটনা সংঘটিত নহ’ল। আন্তঃৰাষ্ট্ৰীয় নির্বাচনী পৰ্যৱেক্ষকসকলে নির্বাচন মুক্ত আৰু নিৰপেক্ষ বুলি ঘোষণা কৰিলে। ৮০০তকৈও অধিক নির্বাচনী পর্যৱেক্ষকে নির্বাচন পর্যৱেক্ষণ কৰিবলৈ নেপালত আহি উপস্থিত হৈছিলহি।

 নির্বাচন অনুষ্ঠিত হোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰতে তিনিটা বৃহৎ আন্তঃৰাষ্ট্ৰীয় নির্বাচন পৰ্যৱেক্ষণ গোট ক্ৰমে— এছিয়ান নেটৱৰ্ক ফ’ৰ ফ্রি ইলেকশ্যন, ইউৰোপিয়ান ইউনিয়ন অৱজাৰভেশ্যন মিছন আৰু কাটাৰ চেণ্টাৰে নিৰ্বাচন মুক্ত আৰু নিকা বুলি আনুষ্ঠানিকভাৱে প্রমাণপত্র দিয়ে। নির্বাচন আয়োগৰ দৰে মাওবাদী নেতৃত্বৰ কাৰণেও বিশেষকৈ অধ্যক্ষ প্ৰচণ্ডৰ কাৰণে সংবিধান সভাৰ নিৰ্বাচন শান্তিপূর্ণভাৱে সামৰণি পৰাটো এক ডাঙৰ স্বস্তি আছিল। নিৰ্বাচনৰ আগমুহূৰ্তত বিদ্রোহী সংগঠনৰ পৰা গৈ ৰাজনৈতিক দলত পৰিণত হোৱা সংগঠনটোক আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ে যথেষ্ট সংশয়ৰ দৃষ্টিৰে চাইছিল।

১৫৭