পৃষ্ঠা:প্ৰচণ্ড.pdf/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
কণ্টকময় পথেৰে
সংবিধান সভাৰ নিৰ্বাচনলৈ

 দুর্ভাগ্যবশতঃ দীৰ্ঘদিনৰ মূৰত পুনৰুজ্জীৱিত কৰা নিৰ্বাচন আয়োগে হঠাৎ জুন মাহৰ ২০ তাৰিখে সংবিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হোৱাত আয়োগৰ যথেষ্ট সময়ৰ নাটনি হয়। নির্বাচন সংক্রান্তীয় বহু কাম তেতিয়াও অসম্পূৰ্ণ হৈয়ে আছিল। তদুপৰি এইক্ষেত্ৰত ভালেমান আনুষ্ঠানিকতাও পালন কৰিবলগীয়া আছিল। সেয়ে অনুষ্ঠিত হ'বলগীয়া গুৰুত্বপূৰ্ণ নির্বাচনটোৰ তাৰিখ পিছুৱাই দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ’ল । মাওবাদী আৰু সাতদলীয় মৰ্চাৰ মাজত অনুষ্ঠিত এক উচ্চপৰ্যায়ৰ বৈঠকত মাওবাদী বিদ্রোহীসকলে সংবিধান সভাৰ নিৰ্বাচনৰ তাৰিখ পিছুৱাই দিয়া কাৰ্যত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে। তেওঁলোকৰ মতে নিৰ্বাচনৰ তাৰিখ পিছুৱাই দিয়া মানেই হ’ল শান্তি প্ৰক্ৰিয়াৰ চৰ্তাৱলী ভংগ কৰা।

 মাওবাদী বিদ্ৰোহীসকলৰ অসন্তুষ্টি প্রকাশক বাৰ্তাটোৱে মাওবাদী আৰু শাসকীয় দল, বিশেষকৈ নেপালী কংগ্ৰেছৰ মাজৰ সম্পৰ্ক তিক্ততাপূৰ্ণ কৰি তুলিছিল। আগষ্ট

১৪৬