পৃষ্ঠা:প্ৰচণ্ড.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মূল হোতা আৰু এজন অতি গুৰুত্বপূৰ্ণ ৰাজনৈতিক সংস্কাৰক।

 সাম্যবাদী বিদ্ৰোহী হিচাপে প্ৰচণ্ডৰ স্থান তেওঁৰ গুৰু মাও জে ডঙৰ কাষতে। মাওৰ দৰে তেওঁ মাৰ্ক্সৰ শ্ৰেণী সংগ্ৰাম আৰু লেনিনৰ সাম্ৰাজ্যবাদবিৰোধী নীতি তথা দৰ্শনৰ দ্বাৰা অনুপ্ৰাণিত হৈয়ে সাম্যবাদত দীক্ষিত হ’ব বিচাৰিছিল আৰু হিমালয়ৰ পাদদেশৰ দেশখনৰ অন্যায় আৰু অসমতাৰ বিৰুদ্ধে আৰম্ভ কৰা বিৰামহীন সংগ্ৰামত নিজকে উৎসৰ্গিত কৰিছিল। মাওবাদী বিদ্ৰোহৰ মূল কাৰণ হ’ল প্ৰশাসনিক অদক্ষতা, সামন্তবাদ আৰু অনগ্ৰসৰতা। দশকজোৰা এই গণযুদ্ধত ১৩,০০০ৰো অধিক লোকৰ মৃত্যু হৈছিল। এই গেৰিলা যুদ্ধ আৰম্ভ হৈছিল মাথোঁ দুটা বন্দুক আৰু এক ডজন সশস্ত্ৰ বিদ্ৰোহীৰে, কিন্তু কেইবছৰমানৰ ভিতৰতে এই বিদ্ৰোহ পাহাৰীয়া দেশখনৰ চৌপাশে বিয়পি পৰিছিল। দেশখনৰ ৮০ শতাংশ অঞ্চলেই নিজৰ নিয়ন্ত্ৰণলৈ নিবলৈ মাওবাদী বিদ্ৰোহীসকল সক্ষম হৈছিল।

 ইমান কম সময়ৰ ভিতৰতে উদং ভৰিৰে নেপালৰ আওপুৰণি সাম্যবাদীসকলে এনে বৃহৎ সফলতা লাভ কৰা কথাটো বিশ্ববাসীয়ে বিশ্বাস কৰিবলৈ টান পাইছিল। জনযুদ্ধৰ সময়ত প্ৰচণ্ডৰ মূৰৰ দাম ঘোষণা কৰা হৈছিল। ইণ্টাৰপ’লে তেওঁক বন্দী কৰিবলৈ পাঁচ বছৰজুৰি বিচাৰি ফুৰিছিল। নেপাল চৰকাৰে তেওঁক জীৱন্তে বা মৃত অৱস্থাত ধৰি দিয়াৰ বাবদ পাঁচ নিযুত টকা পুৰস্কাৰ ঘোষণা কৰিছিল। কিন্তু মাওবাদী প্ৰধানজনে তেওঁক বিচাৰি ফুৰা নিৰাপত্তাৰক্ষী তথা চোৰাংচোৱাসকলক বিভ্ৰান্ত কৰিছিল। প্ৰচণ্ডক ধৰাৰ বাবে নিৰাপত্তা সংস্থাসমূহৰ নেপালত অভিযান চলোৱাটো একপ্ৰকাৰ অসম্ভৱ হৈ পৰিছিল। কাৰণ তেওঁ আচলতে দেখিবলৈ কেনেকুৱা সেই সম্পৰ্কে কাৰো অকণো ধাৰণা নাছিল। আৰক্ষীৰ ফাইলত প্ৰচণ্ডৰ একমাত্ৰ যিখন ফটো আছিল সেইখন ইতিমধ্যে যথেষ্ট পুৰণি হৈছিল।

 কিত্ত মাওবাদী প্ৰধানজনৰ অৰণ্যৰ পৰা ক্ষমতাৰ দোঘৰালৈ অহাৰ এই দীঘলীয়া পৰিক্ৰমা একেবাৰে মসৃণ নাছিল। বৰং প্ৰতিটো পদক্ষেপতেই আছিল হেঙাৰ। প্ৰচণ্ডৰ বিস্ময়কৰ আত্মগোপনৰ ২৫ বছৰৰ গোটেই সময়ছোৱাই হৈছে সাহস, ত্যাগ আৰু ধৈৰ্যৰ এক অকথিত কাহিনী।

 ৰাজনৈতিক ভাষ্যকাৰসকলে প্ৰচণ্ডই সাতদলীয় ৰাজনৈতিক দলৰ লগত হাত মিলোৱা কথাটো সদায় সন্দেহৰ দৃষ্টিৰে চাই আহিছে (বিশেষকৈ ২০০৫ চনৰ ২২ নৱেম্বৰত ১২ দফীয়া ঐতিহাসিক চুক্তিত স্বাক্ষৰ কৰাৰ পাছত), কিয়নো নেপালৰ বহুদলীয় গণতান্ত্ৰিক গাঁথনিটোৰ লগত কট্টৰ মাওবাদী আদৰ্শৰ মিল নাই। কিন্তু তাৰ পাছতো, আনকি লেনিন তেওঁৰ আদৰ্শ ব্যক্তি হোৱা সত্ত্বেও তেওঁ নেপালৰ প্ৰথম নিৰ্বাচিত প্ৰধান মন্ত্ৰী বিশ্বেশ্বৰ প্ৰসাদ কৈৰালাক প্ৰশংসা কৰে। অকল সেয়াই নহয়, মহাত্মা গান্ধী আৰু

১৪