পৃষ্ঠা:প্ৰচণ্ড.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বহুতো অস্ত্ৰ-শস্ত্ৰকে ধৰি অন্যান্য সামগ্ৰী লুট কৰি নিয়ে। পশ্চিমবংগৰ সীমাতে লাগি থকা পূব নেপাল অঞ্চলত মাওবাদীসকলে সংঘটিত কৰা এইটো প্ৰথম সামৰিক অভিযান। সেই সময়ত প্ৰচণ্ডই শিলিগুড়িত থাকি প্ৰত্যক্ষভাৱে এই অভিযানৰ নেতৃত্ব দিছিল।

 কিন্তু মাও বিদ্ৰোহীসকলৰ গণযুদ্ধৰ আটাইতকৈ ডাঙৰ সশস্ত্ৰ আক্ৰমণটো সংঘটিত হৈছিল সেই বছৰৰেই ২৩ ছেপ্টেম্বৰত। সিদিনা তেওঁলোকে দ’লপা জিলাৰ দুনাই আৰক্ষী চকীৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ চলায়। এই চহৰখন থুলিভেৰী নদীৰ পাৰত অৱস্থিত। মাও বিদ্ৰোহীসকলে প্ৰথমে মুখ্য আৰক্ষী চকীত আক্ৰমণ চলাই চৈধ্যজন পুলিচ বিষয়াক গুলীয়াই হত্যা কৰে। এই আক্ৰমণত বহুতো পুলিচ কৰ্মী আহত হয়। দেশ-বিদেশৰ সংবাদ মাধ্যমে নেপালী আৰক্ষীৰ বিৰুদ্ধে মাওবাদীসকলে কৰা এয়া এক ভয়াৱহ আক্ৰমণ বুলি অভিহিত কৰিছিল। কাঠমাণ্ডুৰ পৰা প্ৰেৰণ কৰা বি বি চি ৰিপ’ৰ্টত কোৱা হৈছিল—

‘চাৰি বছৰৰ আগতে অভিযান আৰম্ভ কৰা মাওবাদী বিদ্ৰোহীৰ এয়া
আটাইতকৈ ভয়াৱহ আক্ৰমণ। কৰ্তৃপক্ষই কোৱামতে হাতত অস্ত্ৰ আৰু
গ্ৰেনেডেৰে সুসজ্জিত বিদ্ৰোহীয়ে দুৰ্গম দ’লপা জিলাৰ দুনাই আৰক্ষী
চকীত আক্ৰমণ সংঘটিত কৰিছে।’

 ইতিমধ্যে মাওবাদীসকলে জিলাৰ মুখ্য কাৰ্যালয়সমূহক সম্পূৰ্ণৰূপে নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছিল। এনে পৰিস্থিতিত চৰকাৰখন অসহায় আৰু দিশহাৰা হৈ পৰিছিল। চৰকাৰে মাও বিদ্ৰোহীসকলৰ বিৰুদ্ধে দমনমূলক কাৰ্যসূচী হাতত ল'ম বুলি ঘোষণা কৰাৰ এসপ্তাহৰ ভিতৰত এই আক্ৰমণ সংঘটিত হৈছিল। জিলা পুলিচ কাৰ্যালয়ৰ তিনিটা অট্টালিকাকে ধৰি জে’ল আৰু দুখন দলং এই আক্ৰমণত ধ্বংস হৈছিল। লগতে বিদ্ৰোহীসকলে নেপাল বেংক লিমিটেডৰ পৰা ছয় মিলিয়ন টকা লুট কৰি নিয়াৰ উপৰি বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ লুট কৰি নিয়ে। তেওঁলোকে কৰ বিভাগৰ বহুতো প্ৰয়োজনীয় নথিপত্ৰ জ্বলাই দিয়ে আৰু দুনাই কাৰাগাৰৰ পৰা ১৯জন সহযোদ্ধাক মুকলি কৰি দিয়ে।

 দুনাই আৰক্ষী চকীৰ আক্ৰমণটো স্বাভাৱিকতেই সু-সংঘবদ্ধ আৰু সু-পৰিকল্পিত আছিল। মাওবাদীসকলে এই আক্ৰমণৰ দ্বাৰা সৰ্বসাধাৰণৰ জীৱন আৰু সা-সম্পত্তিৰ ক্ষতিসাধনৰ পৰা নিজকে সম্পূৰ্ণৰূপে বিৰত ৰাখিছিল৷ তেওঁলোক এইক্ষেত্ৰত অতি সচেতন আছিল। ফলত ঘন জনবসতিপূৰ্ণ ঠাইত অৱস্থিত আৰক্ষী চকীখন আক্ৰমণ কৰি জে'লৰ পৰা কয়েদী পলায়ন কৰোৱাৰ সময়তো এজনো সৰ্বসাধাৰণ জনতাৰ প্ৰাণহানি হোৱা নাছিল। আক্ৰমণটো সংঘটিত হোৱাৰ পাছমুহূৰ্ততে ৰয়েল নেপাল

৬৩